বিশ্ব বাণিজ্য সংস্থা আৰু কৃষি-ভৰ্তুকী (প্ৰভাত পাটনায়ক)

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপত ব্যাপক হাৰত কৃষিখণ্ডত ভৰ্তুকী (subsidy) দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমান ভৰ্তুকী হিচাপে প্ৰদান কৰা মুঠ চৰকাৰী ধনৰাখিৰ পৰিমাণ দেশখনৰ কৃষিখণ্ডৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ প্ৰায় ৫০ শতাংশ ৷ ইউৰোপৰ বিভিন্ন দেশতো বৰ্তমান তেনে এখন ছবিয়েই বিৰাজমান৷ অন্যহাতে, ভাৰতবৰ্ষৰ চৰকাৰে কৃষি-ভৰ্তুকী হিচাপে আজিকোপতি প্ৰদান কৰি অহা মুঠ চৰকাৰী ধনৰাশিৰ পৰিমাণ কৃষিখণ্ডৰপৰা উপলব্ধ জিডিপিৰ ১০ শতাংশতকৈও কম, যদিওবা এই পৰিসংখ্যা বৰ্তমান সামান্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তেনেহ'লে কৃষিখণ্ডলৈ ভৰ্তুকীক লৈ ভাৰতবৰ্ষত চৰকাৰ আৰু বিশ্ব বাণিজ্য সংস্থা (WTO)ৰ মাজত মতবিৰোধ বা সমস্যাৰ সৃষ্টি হৈছে নেকি?

বৈষম্যমূলক দৃষ্টি

শেহতীয়াকৈ WTOয়ে কৃষিখণ্ডৰ ভৰ্তুকীক দুইভাগত বিভক্ত কৰিছে - প্ৰথমটো হ'ল বজাৰ-প্ৰভাৱিত ভৰ্তুকী আৰু দ্বিতীয়টো হ'ল বজাৰ-অপ্ৰভাৱিত ভৰ্তুকী। WTOৱে এই প্ৰথমবিধ ভৰ্তুকী বা "market-distorfity" যাতে ১০ শতাংশৰ অতিক্ৰম নকৰে, তাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছে ৷ যদিও আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰদান কৰা মুঠ কৃষি-ভৰ্তুকীৰ পৰিমাণ দেশখনৰ কৃষিখণ্ডৰপৰা উপলব্ধ ডিজিপিৰ প্ৰায় ৫০ শতাংশই হ'ল উপৰোক্ত দ্বিতীয়বিধ ভৰ্তুকী বা "green box subsidy"ৰ অন্তৰ্ভুক্ত ৷ অৰ্থাৎ "market distortiny" ভৰ্তুকীৰ ক্ষেত্ৰত WTOৱে যি ১০ শতাংশৰ ঊৰ্ধসীমা ধাৰ্য কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই তাক অতিক্ৰম কৰা নাই অৰ্থাৎ মানি লৈছে ৷ অন্যহাতে, ভাৰতবৰ্ষত প্ৰধান কৰা ভৰ্তুকীৰ অংশৰ প্ৰায়খিনিয়েই হ'ল "market distortiny" শিতানত অন্তৰ্ভুক্ত ৷ তাৰ অৰ্থ, ভাৰতবৰ্ষত চৰকাৰেও এই নিম্নমানৰ ভৰ্তুকী প্ৰদানৰ জৰিয়তে WTOৰ স্বাৰ্থকহে একান্ত বাধ্য ছাত্ৰৰ দৰে ইমানদিনে পূৰণ কৰি আহিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায়ভাগ ভৰ্তুকীয়েই মূলতঃ নগদ হস্তান্তৰৰ জৰিয়তে প্ৰদান কৰা হয়, আৰু এইসমূহক "non-market-distortiny" হিচাপে গণ্য কৰা হয় ৷ অন্যহাতে আমাৰ দেশত এই ভৰ্তুকীৰ ধনৰাখি লাভজনক মূল্য (Remunerative price) বা সুলভ মূল্যৰ কেঁচা সামগ্ৰী হিচাপেহে কৃষকক প্ৰদান কৰা হয় ৷ যিহেতু ইয়াৰ লগত মুক্ত বজাৰ মূল্য (free market price) জড়িত হৈ পৰে, গতিকে WTOৰ স'তে এই ভৰ্তুকীসমূহ "market ditorhim" শিতানত অন্তৰ্ভুক্ত ৷

প্ৰকৃততে উন্নত পুঁজিবাদী দেশসমূহে WTOক প্ৰভাৱিত কৰাৰ মাজেদি নিজৰ স্বাৰ্থতে এই “market distortiny" আৰু "non merket-distortiny" নামেৰে দুটা ভাগৰ সৃষ্টি কৰিছে আৰু সমগ্ৰ পৃথিৱীতে এই নীতি জাপি দিব বিচাৰিছে, অথচ এই বিভক্তকৰণ বিভিন্ন কাৰণত অবাস্তৱ তথা অবিবেকী বুলিও ক'ব পাৰি ৷ প্ৰথমে ইয়াৰ কোনো তত্ত্বগত ভিত্তি নাই, এই ঠাইত মুক্ত বজাৰ মূল্যৰ ধাৰণাটো এটা কাল্পনিক ধাৰণাৰ লেখীয়াহে ৷ কোনো এটা পণ্যৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত বিভিন্ন দিশ বা কাৰক জড়িত হৈ পৰে ৷ তাৰে কেইটামানক distorting (বিৰূপিত বা প্ৰভাৱশালী) আৰু আন কিছুমানক non-distorting (অ-প্ৰভাৱশালী)  হিচাপে বিভক্ত কৰাটো কিমানদূৰ যুক্তিসংগত তাক ভাবি চোৱা প্ৰয়োজন ৷ উদাহৰণস্বৰূপে, কোনো এটা কৃষিপণ্যৰ বিজ্ঞাপনৰ বাবদ হোৱা খৰচৰ ধনৰাশিক market distorting হিচাপে গণ্য কৰা হ'বনে? তেনেদৰে ফাটকা (speculation) আৰু কৃষক এজনৰ খাদ্যসামগ্ৰী ৷ জমা কৰি ৰাখিব পৰা সামৰ্থ্যক market distorting শিতানত অন্তৰ্ভুক্ত কৰিব পাৰিনে? এই প্ৰতিটো কাৰকেই মুক্ত বজাৰ মূল্যক প্ৰভাৱিত কৰে, অথচ ইয়াৰ কোনোটোৱেই WTOৰ নিৰ্দেশিকামতে market distorting শিতানত অম্তৰ্ভুক্ত কৰা হোৱা নাই ৷ সাধাৰণতে এজন কৃষকে কিমানখিনি উৎপাদিত সামগ্ৰী ভঁৰালত জমা ৰাখিব পাৰিব সেই কথা নিৰ্ভৰ কৰিব তেওঁৰ আৰ্থিক অৱস্থাটোৰ ওপৰত ৷ এই ব্যৱস্থাই এজন কৃষকক আৰ্থিক স্বচ্ছলতা প্ৰদান কৰাত অৰিহণা যোগায়৷ কিন্তু ভাৰতৰ দৰে নগদ হস্তান্তৰ ব্যৱস্থা নথকা দেশসমূহত কি হ'ব? তদুপৰি আমাৰ দেশত এনে এটা ব্যৱস্থা আৰম্ভ কৰাটো কিমানদূৰ বাস্তৱসন্মত? ভাৰতৰ দৰে দেশসমূহত সাধাৰণতে চৰকাৰ কৃষকৰ ভঁৰালত জমা ৰখা খাদ্যসামগ্ৰীসমূহ এটা নিৰ্ধাৰিত মূলত কিনি লোৱা দেখা যায়, কিন্তু এই ব্যৱস্থাক market distorting শিতানতহে ৰখা হৈছে, অথচ নগদ হস্তান্তৰৰ ব্যৱস্থাটোক non market distorting শিতানত ৰখা হৈছে ৷ এই কথাসমূহে প্ৰমাণ কৰে যে এই বিভক্তিকৰণৰ তত্ত্বগত ভিত্তিটো খুবেই দুৰ্বল আৰু উন্নত ৰাষ্ট্ৰসমূহে WTOৰ নিৰ্দেশিকাত ইয়াৰ অন্তৰ্ভুক্তিৰ জৰিয়তে নিজৰ স্বাৰ্থহে পূৰণ কৰিব বিচাৰিছে ৷

দ্বিতীয়তে তৎসত্ত্বেও আমি যদি মানি লওঁ যে এই বিভক্তিকৰণৰ কিছু হ'লেও প্ৰাসংগিকতা আছে, তেনেহ’লেও এই non market distortiny শিতানটো কৃষিখণ্ডত একেবাৰেই প্ৰযোজ্য নহয় ৷ এই কথা সৰ্বজনবিদিত, আনকি প্ৰতিজন অৰ্থনীতিবিদেও মানি লৈছে যে কৃষিখণ্ডত ব্যাপকভাৱে কৃষিসামগ্ৰীসমূহৰ মূল্যৰ তাৰতম্য ঘটে ৷ এনে হোৱাৰ কাৰণ মূলত তিনিটা - প্ৰথম কাৰণটো হ'ল, ইয়াত পণ্য প্ৰৱাহ (output flow) নিয়ন্ত্ৰণ কৰিব নোৱাৰি ৷ কৃষিখণ্ডৰ পণ্যৰ (output) মূল্য কোনো এছোৱা সময়ত ব্যাপকভাৱে উঠা-নমা কৰে ৷ এই মূল্য নিৰ্ভৰ কৰে কোনো এটা শস্য কিমান পৰিমাণত খেতি কৰা হ'ব বা উৎপাদন হ'ব, অৰ্থাৎ শস্যৰ মূঠ পৰিমাণ কিমান হ'ব তাৰ ওপৰত৷ এই মুঠ পৰিমাণটো নিৰ্ধাৰিত হয় পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত গ্ৰহণ কৰা সিদ্ধান্তৰ ওপৰত ৷  উৎপাদন প্ৰযুক্তি বা প্ৰাকৃতিক কাৰকসমূহে এই ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰে আৰু স্বাভাৱিকতেই এইসমূহৰ পৰিবৰ্তনে পণ্যৰ যোগানৰ ক্ষেত্ৰত হোৱা মূল্যৰ তাৰতম্য কিছু হ্ৰাস কৰিলেও সেয়া হয়, আংশিকভাৱেহে ৷ দ্বিতীয়তে, কৃষিপণ্যৰ ক্ষেত্ৰত চাহিদা হ'ল সাধাৰণতে মূল্য অস্থিতিস্থাপক (price inelastic)। তাৰ অৰ্থ হ'ল যোগানৰ ক্ষেত্ৰত হোৱা সামান্য ঘাটি বা ৰাহিৰ বাবেই দ্ৰব্যমূল্যৰ সাংঘাতিক হেৰফেৰ ঘটিব পাৰে ৷ তদুপৰি, তৃতীয়তে, উপৰোক্ত কাৰণসমূহৰ বাবেই ফাটকাই কৃষিৰ দ্ৰব্যমূল্য নিৰূপণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে আৰু নব্য উদাৰবাদৰ প্ৰৱক্তাসকলে দাবী কৰা ধৰণে মূল্যৰ সুস্থিৰতা অনাৰ পৰিৱৰ্তে দ্ৰব্যমূল্যৰ তাৰতম্যৰ হাৰ ত্বৰান্বিতহে হয় ৷

এই অৱস্থাৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপৰ অভাৱৰ ফলত বজাৰৰ যোগান অত্যধিক বৃদ্ধি হ'লে উৎপাদন কাৰ্যত জড়িতসকল বাৰুকৈয়ে সংকটৰ সন্মুখিন হয় ৷ তেনেদৰে অত্যধিক চাহিদাই গ্ৰাহকসকলক সমস্যাত পেলায় ৷ তেনেস্থলত ফাটকা কাৰবাৰৰ লগত জড়িতসকলৰদ্বাৰা মুক্ত বজাৰত চলি থকা মূল্যৰ তাৰতম্য ৰোধ কৰাৰ চিন্তা কৰাটো অবাস্তৱ ৷ দুৰ্ভিক্ষ কি বস্তু তাৰ অভিজ্ঞতা নথকা বা ১৯৪৩ চনৰ বংগত হোৱা দুৰ্ভিক্ষৰ ভয়াৱহতা সম্পৰ্কে অনুমান কৰিব নোৱৰাজনেহে এই কথা হয়তো বিশ্বাস নকৰিব পাৰে ৷ এহাতে কৃষকৰ আত্মহত্যা আৰু আনহাতে দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিক যদি বাধা দিব লাগে তেনেহ'লে ৰাষ্ট্ৰই কৃষিৰ বজাৰখনৰ ওপৰত হস্তক্ষেপ কৰাটো নিতান্তই জৰুৰী ৷ অন্য অৰ্থত "market distortion"ৰ প্ৰয়োগ আমাৰ দৰে সমাজত খুবেই গুৰুত্বপূৰ্ণ ৷

তৃতীয়তে নগদ ধনৰ হস্তান্তৰ (cash transfer)ৰ জৰিয়তে মুক্ত বজাৰৰ হানিকাৰক ফলাফলসমূহ প্ৰতিৰোধ কৰাৰ চিন্তা কৰাটো আমাৰ দৰে দেশত বাস্তৱসন্মত নহয় ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত এই পদ্ধতিৰ মাজেদিয়েই মূলতঃ কৃষকৰ ভৰ্তুকী প্ৰদান কৰা হয় ৷ কিন্তু উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ নিয়োগৰ মাত্ৰ ১.১ শতাংশ লোকহে কৃষিকাৰ্যত জড়িত (২০১২ৰ তথ্যমতে), ইয়াৰ অৰ্থ হ'ল মাত্ৰ চাৰি লাখ পৰিয়ালেহে কৃষিকাৰ্যৰ জৰিয়তে তাত জীৱিকা নিৰ্বাহ কৰি আছে ৷ অৰ্থাৎ, এই নগদ হস্তান্তৰ অতি বেছি চাৰি লাখ পৰিয়ালকহে কৰিবলগীয়া হয় ৷ তদুপৰি, এই হস্তান্তৰৰ সিংহভাগ মূলতঃ কৰা হয় বৃহৎ ফাৰ্ম আৰু কৃষি ব্যৱসায়সমূহকহে ৷ গতিকে এই প্ৰক্ৰিয়াত কোনো জটিলতাৰ সৃষ্টি নহয় ৷ কিন্তু ভাৰতবৰ্ষত কৃষিৰ লগত জড়িত মূঠ পৰিয়ালৰ সংখ্যা প্ৰায় ১২ কৌটি ৷ গতিকে, নগদ হস্তান্তৰৰ মাজেদি এই বৃহৎসংখ্যক পৰিয়ালক কৃষি ভুৰ্তুকী প্ৰদান কৰাৰ চিন্তা কৰাটো গৰিহণাযোগ্য আৰু অবান্তৰ ৷ তেনেদৰে সংকট বা দুৰ্ভিক্ষৰ বিভীষিকাৰ অভিজ্ঞতা নোহোৱাকৈ কৌটি কৌটি গ্ৰাহকক নগদ হস্তান্তৰৰ মাজেৰে সহায় কৰিম বুলি ভবাটোও ভুল ৷ কোনোবাই যদি ভাবে এনে ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকে বজাৰত উপলব্ধ সকলো বস্তু তাৰ মূল্যমতে স্বইচ্ছাৰে ক্ৰয় কৰিব পাৰিব, তেতিয়াহ'লে সেয়াও হ'ব সমানেই মূৰ্খামিহে ৷ আজিৰ এই সংকটকালীন পৰিস্থিতিত আমাৰ দৰে দেশত কৃষক আৰু গ্ৰাহকক সকাহ দিয়াৰ বাবে পণ্য সামগ্ৰীৰ বজাৰ মূল্যত চৰকাৰৰ হস্তক্ষেপেই সময়োপয়োগী পদক্ষেপ হ'ব যাৰ লাভ কৌটি কৌটি জনগণে তাৎক্ষণিকভাৱে পাবলৈ সক্ষম হ'ব ৷

কিন্তু কথা হ'ল উন্নত ৰাষ্ট্ৰসমূহে ভাৰতৰ কৃষক বা গ্ৰাহকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কেতিয়াও পদক্ষেপ গ্ৰহণ নকৰে ৷ বৰঞ্চ নিজ দেশৰ কৃষি ব্যৱসায়সমূহৰ স্বাৰ্থৰক্ষাৰ নিমিত্তে তেওঁলোকক সুৰক্ষা আৰু সুযোগ প্ৰদানৰ প্ৰতিহে তেওঁলোক আগ্ৰহী ৷ তেনেস্থলত ভাৰতৰ খেতিয়কসকলক আৰ্থিকভাৱে দুৰ্বল কৰা তথা কৃষিখণ্ডত কৰ্প’ৰেটৰ প্ৰৱেশ (যেনে corprate farmingৰ জৰিয়তে) সুচল কৰাটোৱেই তেওঁলোকৰ মুখ্য উদ্দেশ্য ৷ কিন্তু প্ৰশ্ন হ'ল, ভাৰত চৰকাৰে জনগণৰ বিপদ মাতি অনা এনে এখন বৈষম্যমূলক চুক্তি মানি লৈছে কিয়?

এই চুক্তি মানি লোৱাৰ ক্ষেত্ৰত আমাৰ দেশৰ সংসদৰ ভূমিকাৰ কথা আমি পাহৰিলে নহ'ব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত যিকোনো এখন বৈদেশিক চুক্তি গৃহীত হ'বলৈ প্ৰথম কাৰ্যনিৰ্বাহক (executive)য়ে স্বাক্ষৰ কৰিব লাগে ৷ পৰৱৰ্তী পৰ্যায়ত দেশখনৰ নিৰ্বাচিত দুইখন সংসদে তাত অনুমোদন জনালেহে সেই চুক্তিখন কাৰ্যকৰী হ'ব ৷ কিন্তু, আৰম্ভণিৰেপৰাই ভাৰতবৰ্ষত কাৰ্যনিৰ্বাহকসকলে বৈদেশিক চুক্তি এখন গৃহীত কৰাৰ মূল দায়িত্বভাৰ নিজৰ ওপৰতে ন্যস্ত কৰি লৈছে, তেওঁলোকে কেৱলমাত্ৰ বিধানমণ্ডলৰ ওচৰত 'fait accompli' হিচাপেহে তাক গ্ৰহণৰ বাবে প্ৰেৰণ কৰে (গ্ৰহণ নকৰাৰ অধিকাৰ বিধানমণ্ডলৰ নাথাকে)। সংবিধানে এই প্ৰক্ৰিয়াক বৈধতা প্ৰদান কৰিলেও এই ক্ষেত্ৰত যথেষ্ট অস্পষ্টতা ৰৈ গৈছে ৷ ন্যায়াধীশ পি বি ছাৱন্তকে ধৰি বহু গণ্যমান্য নিৰ্বাচকে মত পোষণ কৰিছে যে ভাৰতবৰ্ষৰ সংবিধানত সালসলনিৰ মাজেদি বৈদেশিক চুক্তিসমূহ গৃহীত কৰাৰ ক্ষেত্ৰত বিধানমণ্ডলক এৰাই চলি (by-pass) চৰকাৰে কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থত নব্য উদাৰবাদী নীতিসমূহ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে, অন্যহাতে মেট্ৰ'প'লিটান পুঁজিত হাত উজান দিয়াৰ বিপৰীতে চৰকাৰে জনগণৰ স্বাৰ্থক জলাঞ্জলি দিছে ৷

দেশক বিক্ৰী কৰিব ওলোৱা নীতিক প্ৰতিৰোধ কৰক

বৰ্তমান জোঁৰ পুৰি হাত পালেহি ৷ খাদ্য-সুৰক্ষা বিধেয়কখনে ইতিমধ্যে সংসদত অনুমোদন লাভ কৰিছে ৷ সকলোকে নহ'লেও অন্ততঃ এই বিধেয়কখনে ৬৭ শতাংশ জনসংখ্যাক সামৰি ল'ব ৷ তাৰ অৰ্থ হ'ল এক নিৰ্দিষ্ট হিচাপত আৰু মূল্যত চৰকাৰে খাদ্যশস্য ক্ৰয় কৰিব লাগিব ৷ তাৰ ফলত 'market distortiny' ভৰ্তুকীৰ ক্ষেত্ৰত WTOৰদ্বাৰা নিৰ্ধাৰিত ১০ শতাংশৰ ঊৰ্ধসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে যথেষ্ট ৷ বালিত অনুষ্ঠিত হ'বলগীয়া WTOৰ আগন্তুক বৈঠকৰ প্ৰাকক্ষণত ভাৰতৰ নেতৃত্বত ৪৬খন উন্নয়নশীল দেশে (জি-৩৩) নিজ নিজ দেশসমূহৰ জনসাধাৰণক খাদ্য-সুৰক্ষা প্ৰদানৰ স্বাৰ্থতে WTOৱে বান্ধি দিয়া এই ১০ শতাংশৰ ঊৰ্ধসীমাৰপৰা তেওঁলোকক ৰেহাই দিয়াৰ প্ৰস্তাৱ আগ বঢ়াইছে ৷ কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ বা ইউৰোপিয়ান ইউনিয়নে এই প্ৰস্তাৱ মানি নোলোৱাৰ সম্ভাৱনাই অধিক ৷ তেওঁলোক নিজা দেশৰ ধনী কৃষক-ব্যৱসায়িক গোষ্ঠীসমূহক ব্যাপক হাৰত ভৰ্তুকী প্ৰদান কৰে যদিও তৃত্বীয় বিশ্বৰ কৌটি কৌটি গৰীব জনগণৰ পৰিত্ৰাণৰ বাবে ন্যূনতম দায়িত্বশীল ভূমিকাও পালন নকৰে ৷

WTOৰ পদলেহনকাৰী দেশসমূহে এই আলোচনা অহা চাৰি বছৰলৈ পিছুৱাই দিয়াৰ চিন্তা-চৰ্চাহে কৰি আছে ৷ আগন্তুক চাৰি বছৰলৈ যাতে কোনো এখন দেশে অন্য এখন দেশলৈ ১০ শতাংশৰ সীমা অতিক্ৰম কৰা বুলি অভিযোগৰ আঙুলি টোঁৱায় তাক সুনিশ্চিত কৰিবলৈহে তেওঁলোকে যো-জা চলাইছে ৷ ইয়াক "peace clause" বুলিও নামাংকিত কৰি প্ৰচাৰ চলোৱা হৈছে ৷ তেনেহ'লে আগন্তুক চাৰি বছৰলৈ উন্নত দেশবিলাকে যথেষ্ট পৰিমাণে লাভান্বিত নহ'ব ৷ গতিকে উন্নত দেশসমূহে এই বুজাপৰালৈ অহাৰ ঘটনাটোক এনেদৰেও বিশ্লেষণ কৰিব পাৰি –তেওঁলোকৰ মতে "আমি তোমালোকক (উন্নয়নশীল দেশসমূহ) WTO-নিৰ্দেশিকাক অৱজ্ঞা কৰি হ'লেও আগন্তুক চাৰি বছৰলৈ খাদ্য-সুৰক্ষাৰ ক্ষেত্ৰত পৰিকাঠামো তৈয়াৰ কৰি লোৱাৰ অনুমতি বা সুযোগ দিছোঁ, কিন্তু চাৰি বছৰৰ পিছত উক্ত প্ৰক্ৰিয়াৰ অন্ত পেলাব লাগিব আৰু এই ১০ শতাংশৰ ঊৰ্ধসীমাটো মানি ল'বই লাগিব ৷" আমাৰ দেশৰ চৰকাৰসমূহে ইমানদিনে পুঁজিবাদৰ প্ৰৱক্তা দেশসমূহৰ ওচৰত আঁঠু গ্ৰহণ কৰাৰ নীতিকে লৈ আহিছে ৷ তেওঁলোকো দেশৰ জনগণৰ স্বাৰ্থত বিসৰ্জন দি কৰ্প’ৰেট ব্যৱসায়িক শ্ৰেণীটোক ৰঙা দলিচা পাৰি দিবলৈ সদা প্ৰস্তুত ৷ গতিকে, আমাৰ চৰকাৰেও উন্নত পুঁজিবাদী ৰাষ্ট্ৰসমূহে আগ বঢ়োৱা এই বুজা-পৰাৰ সূত্ৰটো মানি লোৱাৰ সম্ভাৱনাই অধিক ৷ এই বৈঠকখন শেষ হোৱালৈ নিৰ্বাচনসমূহৰো অন্ত পৰিব আৰু খাদ্য সুৰক্ষা আইনখন দুৰ্বল কৰা বা উঠাই ল'লেও চৰকাৰৰ বেছি চিন্তিত হোৱাৰ কাৰণ নাথাকিব ৷ অন্যহাতে, নব্য উদাৰবাদী প্ৰভুসকলেও যিহেতু এই খাদ্য সুৰক্ষা আইনখন যিকোনো পৰিস্থিতিতে বিৰোধ কৰিবলৈও সদায় প্ৰস্তুত তেনেস্থলত তেওঁলোকৰ বাবেও কোনো সমস্যাৰ সৃষ্টি নহ'ব ৷

আমাৰ দেশৰ সংসদে দেশক বিক্ৰী কৰিবলৈ ওলোৱা এই পদক্ষেপক প্ৰতিৰোধ কৰিবই লাগিব ৷ ভাৰত চৰকাৰে যাতে এই "peace clause" নামৰ বুজাপৰা চুক্তিখন যিকোনো পৰিস্থিতিতে মানি নলয় তাৰ বাবে ভাৰতৰ সংসদে উচিত হস্তক্ষেপ কৰাটো সময়ৰ আহ্বান ৷ আৰু লগতে সংসদে সিদ্ধান্ত লোৱা উচিত যদিহে WOTৱে ১০ শতাংশৰ সীমাটো জাপি দিবলৈ হেঁচা দিয়ে, তেনেহ’লে ভাৰতে WTO ত্যাগ কৰিবলৈ বাধ্য হ'ব ৷ এই মুহূৰ্তত ভাৰতবৰ্ষৰ কৌটি কৌটি ভোকাতুৰ আৰু পুষ্টিহীন মানুহক আৰ্থিক স্বচ্ছলতা প্ৰদানৰ লগতে বিভিন্ন বিষয়ত সংসদে নিজৰ কৰ্তৃত্ব আৰু ক্ষমতা প্ৰমাণ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ হৈ উঠিছে ৷ তেতিয়াহে গণতন্ত্ৰৰ ওপৰত ৰাইজৰ বিশ্বাস অটুট থাকিব ৷

(অনুবাদক নাম প্রকাশত অনিচ্ছুক)

Share Button
Print Friendly, PDF & Email

No Comments : "বিশ্ব বাণিজ্য সংস্থা আৰু কৃষি-ভৰ্তুকী (প্ৰভাত পাটনায়ক)"

Leave a Comment

Your email address will not be published. Required fields are marked *