বিষয় নাইচ কা - (সপোনজ্যোতি ঠাকুৰ)

 

মোৰ ঘৰ দেৰগাঁৱত। জিলা গোলাঘাট। মোক যদি কোনোবাই সোধে, 'আমি এই সময়ত আটাইতকৈ কিহৰ অভাৱ অনুভৱ কৰি আছো', একে আষাৰে ক'ম, 'নাইচ কাৰ'। নাইচ কা এজন কেৱল ব্যক্তিয়েই নহয়, নাইচ কা এটা conceptঅৰ নাম আমাৰ বাবে। কথাটো কিয় কৈছো, অলপ ব্যাখ্যাৰ প্ৰয়োজন।

অলপতে এজন বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ লগ পালো। ছাত্ৰজন অতিশয় চোকা পঢ়া-শুনাত। চোকা মানুহবিলাকলৈ মোৰ এটা স্বাভাৱিক সমীহ আছে। ছাত্ৰজন বেছ সপ্ৰতিভ। কথা-বতৰা পাতিবলৈ ভাল। লগত দেউতাকো আছে। দেউতাকে কথাই কথাই ক'লে যে ল'ৰাজনে বিভিন্ন বিষয়ৰ কিতাপ-পত্ৰ ইতিমধ্যে পঢ়িছে। অসমীয়া আৰু ইংৰাজী ভাষাৰ বিভিন্ন কিতাপ পঢ়ি ল'ৰাজনে আনন্দ পায় আৰু নতুন সংগ্ৰহৰ প্ৰতি আগ্ৰহী। তদুপৰি তেওঁ পঢ়িবৰ বাবে আধুনিকতম সঁজুলিও ব্যৱহাৰ কৰে। কথাবোৰ শুনি বৰ ভাল লাগিল। লাহে লাহে মই লক্ষ্য কৰিলো যে ল'ৰাজন খুব সন্তুষ্ট। দেশৰ ৰাজনৈতিক-অৰ্থনৈতিক ব্যৱস্থাবিলাকত অতি সন্তুষ্ট। দেশৰ মানুহবিলাকৰহে দোষ তেওঁ অনুভৱ কৰিবলৈ ধৰিলে। বহুতো তথ্য দি তেওঁ মোৰ ওচৰত সাব্যস্ত কৰিবলৈ ধৰিলে যে দেশখন খুব ভাল চলিছে আৰু এনেকৈ চলিবলৈ ধৰিলে ভাৰত যে ছুপাৰ পাৱাৰ হ'বই তাত সন্দেহ নাই। মাত্ৰ চীন আৰু পাকিস্তানৰপৰাহে আমাৰ অলপ অসুবিধা। আৰু সেই সময়তে মোৰ মনত পৰিছে নাইচ কাক। আমি যেতিয়া নাইচ কা (জেহিৰুল হুছেইন)ক লগ পাইছিলো তেতিয়া আমি সৰু আছিলো।

আমাৰ কৈশোৰ আৰু যৌৱনৰ আৰম্ভণি সময়খিনিত আমি শুনি পেলাইছিলো বেলেগ প্ৰজাতিৰ কথা। আমাৰ দেশলৈ যিবোৰ চৰকাৰ আহে সেই চৰকাৰবোৰে যদি কিবা নীতি-নিয়ম সাজে, নতুন আইন-কানুন সাজে সেই সকলোবোৰে এটা বিশেষ শ্ৰেণীৰ স্বাৰ্থকহে সুৰক্ষা দিয়ে। ভাৰতবৰ্ষৰ কোটি কোটি সাধাৰণ মানুহৰ জীৱন-জীৱিকাক লৈ দেশৰ চৰকাৰে কেতিয়াও কোনো আঁচনি গ্ৰহণ নকৰে। এনে কোনো আইন প্ৰণয়ন নকৰে যিখনৰদ্বাৰা ভাৰতৰ এমুঠিমান ধনিক শ্ৰেণীৰ স্বাৰ্থত ব্যাঘাত জন্মে। দেখাত ভাল যেন লগা আইনবিলাকৰ এনে সুৰুঙা থাকে যে সকলো ধনী মানুহ নিৰাপদ। তদুপৰি আইন ব্যৱস্থাটো এনে ব্যয়বহুল আৰু মেৰ-পেঁচেৰে ভৰা যে সাধাৰণ মানুহে আইনৰ সহায় লৈ ন্যায় পোৱা কঠিন আৰু অসম্ভৱপ্ৰায়।

এনেধৰণৰ কথা-বতৰা শুনি শুনি আমি জগতখন চিনি পাবলৈ শিকিছিলো। এটা দৃষ্টিভংগী গঢ় লৈ উঠিছিল। সাধাৰণ মানুহ নামৰ এটা ধাৰণা সৃষ্টি হৈছিল, যিটোৰ জাত-পাত-ধৰ্ম নাছিল। নাইচ কাহঁতৰ এই কথাবোৰ লাহে লাহে ঘোৰ সত্য বুলি মোৰ সন্মুখত প্ৰতিষ্ঠা হ'বলৈ ধৰিছিল, যেতিয়া এটাৰ পাছত এটাকৈ দাগী অপৰাধী দেশৰ শাসনৰ গাদীত বহিবলৈ সক্ষম হৈছিল আৰু এসময়ত কেৱল অপৰাধীৰ সংখ্যাগৰিষ্ঠতাৰে দেশৰ শাসন ব্যৱস্থা চলিবলৈ আৰম্ভ কৰিলে। আমাৰ সন্মুখত এনে এটা সত্যৰ পথ পৰিস্ফুট কৰি তোলা মানুহবিলাকৰ এজন নাইচ কা। ব্যক্তিগতভাৱে নাইচ কা আমাৰ অভিভাৱক-তুল্য। কিছুমান কাম কেতিয়াও কৰিব নোৱাৰিলো, কাৰণ নাইচ কাহঁত আছে, গম পালে বেয়া পাব। কিন্তু মই লগ পোৱা মেধাসম্পন্ন সেই ছাত্ৰজনৰ তেনে কোনো নাইচ কা আছেনে নাই মই নাজানো। হয়তো নাই। নহ'লে তেওঁক ইমান সন্তুষ্ট দেখা নগ'লহেঁতেন!

মানুহৰ জীৱনশৈলী, চিন্তা-চেতনা সলাই দিবলৈ সক্ষম জেহিৰুল হুচেইন পেছাত শিক্ষক। অতি উত্তম শিক্ষক। তদুপৰি তেখেতৰ আটোমটোকাৰি সত্তাটো হ'ল এজন সৃষ্টিশীল লেখকৰ সত্তা। সেই লেখকৰ সত্তাটোক আকৌ 'ভেটি' প্ৰদান কৰিছে সাধাৰণ মানুহৰ প্ৰতি থকা ভালপোৱাই। নাইচ কাই সাধাৰণ মানুহক ভাল পাবলৈ শিকায়, ধনিক শ্ৰেণীক ঘৃণা কৰিবলৈ নিশিকায়। তেওঁৰ ভালপোৱাৰদ্বাৰা পৰিচালিত, ঘৃণাৰদ্বাৰা নহয়। এয়া নাইচ কাৰ সত্তা। নাইচ কাৰ বিষয়ে আলোচনা হওঁতে, নাইচ কাৰ সাহিত্য বা সমাজচিন্তাৰ বিষয়ে আলোচনা হওঁতে এইদৰেই চাব লাগিব। নাইচ কাৰ যি প্ৰতিভা আৰু সক্ষমতা, সেই প্ৰতিভা আৰু সক্ষমতাৰে নাইচ কা অলপ চেষ্টাতে 'বিশেষ' মানুহলৈ ৰূপান্তৰিত হ'ব পাৰিলেহেঁতেন। ষ্টাৰ বা চেলিব্ৰেটি হৈ যাব পাৰিলেহেঁতেন। কিন্তু নহ'ল। নাইচ কা সাধাৰণ মানুহ হৈ থাকি গ'ল। নিজকে বিশেষ বুলি ভাবিবলৈ বা পৰিচিত হ'বলৈ নিদিলে। এই ক্ষেত্ৰত মোৰ লগত হোৱা দুটা সৰু ঘটনা মুখামুখিৰপৰা বৰ্ণনা কৰিব খুজিছো।

নাইচ কাৰ যুগমীয়া গল্প 'সৰুধেমালি বৰধেমালি' ‘নতুন পদাতিক’ নামৰ আলোচনীখনত ছপা হৈ ওলাল ১৯৯৯ চনত। মই গল্পটো পঢ়ি নাট্যৰূপ দিলো। এজাক গাঁৱলীয়া শিশুক লৈ মই নাটকখন কৰিলো দুহেজাৰ চনৰ ফেব্ৰুৱাৰি মাহত। নাইচ কা চাবলৈ আহিল। গোলাঘাটৰ এদল নাট্যানুৰাগীও আহিল মোৰ নাটক চাবলৈ। নাটক এখন গল্প নহয় যে বৰ্ণনাৰে ভৰাই তুলিব পাৰি। নাটকৰ নিজা ভাষা আছে। সেই মৰ্মে মই গল্পটোত কিছু সংযোজন-বিযোজন ঘটাইছিলো। নাটকখন চাই নাইচ কাই ক'লে, 'হেৰা গল্পটো মোৰ পুনৰ লিখিবলৈ মন গৈছে।' কথাটো গোপনে কেৱল মোৰ উপস্থিতিত কোৱা নাই, বহুজনৰ সন্মুখত।

দ্বিতীয় ঘটনাটো ঘটিছিল তেখেতৰ ঘৰত। ‘জনমভূমি’ৰ পূজা সংখ্যাত নাইচ কা আৰু মোৰ গল্প ছপা হৈছিল। নাইচ কাই আলোচনা কৰিছে মোৰ গল্পটো। চাহ নে ভাত খাই আছিলো নাইচ কাৰ ডাইনিং টেবুলত এই ক্ষণত মনত পৰা নাই। উপস্থিত আছিল অন্য এজন নাইচ কাৰ সুহৃদ। হঠাৎ নাইচ কাই কৈ পেলালে, “তোমাৰ গল্পটো মোৰ গল্পতটোতকৈ বহু ওপৰত।” মোৰ কোৱা নহ'ল আৰু নাইচ কাৰ কথাত। মোৰ গল্পটো কেতিয়াও নাইচ কাৰ গল্পতকৈ বহু ওপৰত নহয়। কিন্তু নাইচ কাই ক'লে। ক'ব পাৰিলে। ক'ব পৰাজন নাইচ কা।

দুয়োটা ঘটনাটৰপৰা মই বুজি পোৱা নাইচ কাজন বেছি প্ৰস্ফুটিত হৈ উঠে। তেখেত শ্ৰেষ্ঠ, তেখেতেই সকলো, তেখেতৰপৰাই সকলো আৰম্ভ হৈছে, এনে ধাৰণাৰপৰা তেখেত মুক্ত। মোৰ দৰে তেনেই মামুলি ল'ৰা এটাক সহজেই সকলোৰে আগত ভাল বুলি কৈ তেখেতে নিজক নিৰ্বিশেষ কৰি তোলে। নিজক সাধাৰণ কৰি তোলে। কলা, নাটক শিল্প সকলো সমাজমুখী। গ্লেমাৰমুখী নহয়। সেই ধাৰণা আমি নাইচ কাৰপৰা অৰ্জন কৰিব লগীয়া। নাইচ কাই নিজক নিৰ্বিশেষৰূপে ৰাখি আমাৰ সন্মুখত বিশেষৰূপে থাকি গ'ল। আজি আমি তেওঁক মৰ্যাদাসহকাৰে মনত পেলাবলগীয়া কাৰণটো সেইটো। আমাৰ ভাগ্য যে আমি নাইচ কাৰ দৰে মানুহৰ সংগ লাভ কৰিছিলো।

নাইচ কাই এক পৰিমণ্ডল সৃষ্টি কৰি লৈছিল। তাত মানুহে জীৱন আৰু সমাজ সম্পৰ্কে অনুভৱ কৰিব পাৰিছিল। যিকোনো কঠিন সময়ত আমি নাইচ কাৰ ওচৰলৈ গৈ নিজকে পুনৰ প্ৰস্তুত কৰিব পাৰিছিলো। বৰ্তমান অভাৱ সেই নাইচ কাজনৰ। ব্যক্তিগতভাৱে মোৰ অভাৱ যদিও মই ভাবোঁ ব্যক্তিকেন্দ্ৰিকতাত নিমজ্জিত বৰ্তমানৰ গোটেই সমাজখনতে নাইচ কাৰ দৰে ব্যক্তিত্বৰ বৰ অভাৱ। সকলো কামতে নিজক জিলিকাই ৰখা ব্যৱসায়িক প্ৰৱণতাৰ বিপৰীতে নাইচ কা এক বিৰল ব্যতিক্ৰম। আমি নাইচ কাক তেনেকৈ মনত ৰখা উচিত। তেনেকৈ পৰিচয় কৰাই দিয়া উচিত। তেনেকৈ সংৰক্ষণ কৰা উচিত। সমাজ এতিয়া সংকটৰ মাজেদি পাৰ হৈছে। এনে সময়ত বিকাশৰ সন্ধান কৰিলে নাইচ কাই পথ দেখুৱাব পাৰে।

Share Button
Print Friendly, PDF & Email

No Comments : "বিষয় নাইচ কা - (সপোনজ্যোতি ঠাকুৰ)"

Leave a Comment

Your email address will not be published. Required fields are marked *