বদ্ৰীনাথৰ পৰা ৰিঅ'লৈ: মনীষৰ স্বপ্নৰ দৌৰ - (প্ৰতিভূ দত্ত)

এলাৰ্মৰ কৰ্কশ ধাতৱ শব্দত মনীষ সিং ৰাৱাটৰ টোপনি ভাগি গ’ল ৷ ঘড়ীত সময় তেতিয়া পুৱা চাৰি বাজিছে ৷ উত্তৰাখন্ডৰ বদ্ৰীনাথৰ এখন সৰু হোটেলৰ কৰ্মচাৰী মনীষৰ বাকী সহকৰ্মীসকল খুব সম্ভৱ আৰু দুঘন্টামান পাছতহে সাৰ পাব ৷ মনীষে হোটেললৈ আগতীয়াকৈ যাবৰ কাৰণে ইমান পুৱা শোৱাপাটী এৰা নাই ৷ তেওঁৰ উদ্দেশ্য বেলেগ !

চকৱে-মুখে পানী ছটিয়াই, জোতাৰ ফিটা টানকৈ মাৰি মনীষ বাহিৰলৈ ওলাই গ’ল ৷ মনীষে কঁকাল বেঁকা কৰি কৰি যেতিয়া বেছ আচহুৱাভাৱে মন্দিৰ নগৰী বদ্ৰীনাথৰ আলিবাটে আলিবাটে খোজ কাঢ়ি ঘূৰি ফুৰে, তেতিয়া সেই দৃশ্য প্ৰত্যক্ষ কৰা প্ৰায় প্ৰতিজন লোকেই হাঁহি ৰখাব নোৱৰা হয় ৷ বহুজনে মনীষৰ সেই আচহুৱা খোজৰ ভিডিঅ’ কৰি হোৱাটছআপত বন্ধু-বান্ধৱলৈ ‘ফৰৱাৰ্ড’ কৰি দিয়ে, হাঁহিৰ খোৰাক যোগাবলৈ ৷
পাছে মনীষৰ খোজ দেখি আমোদ পোৱা বদ্ৰীনাথৰ সেই বাসিন্দাসকলৰ দৰেই আমাৰো বহুতেই চাগৈ গমেই নাপালো মনীষ ৰাৱাটনো আচলতে কোন !
মনীষ ৰাৱাট উত্তৰাখণ্ডৰ চামলি জিলাৰ ছাত্তাৰ নামৰ গাঁওখনৰ এজন গৃহহীন বনুৱা ৷ তাৰ বাহিৰেও তেওঁৰ আন এটা পৰিচয় আছে ৷ এইবাৰৰ ২০১৬ ৰিঅ’ অলিম্পিকত সকলোৰে অলক্ষিতে, অগোচৰে এথেলেটিকছত ভাৰতৰ মান ৰক্ষা কৰি আহিলে ৷
সাংবাদিকৰ সৈতে কথা পাতোতে তেওঁ কৈছিল, “ছাৰজী, গাঁৱলৈ ঘূৰি গৈ কেনেকৈ মুখ দেখুৱাম? সকলোকে কৈ আহিছিলো মেডেল লৈ আহিম৷ নোৱাৰিলো ! মাত্ৰ ১০ ছেকেণ্ড ! মাত্ৰ ১০ ছেকেণ্ডৰ কাৰণে মেডেল নহ’লগৈ !’’
তেওঁ কৈ গ’ল, ‘‘আপোনালোকে জানেই, ভাৰতত ৰে’চ ৱাকিঙৰ খবৰ কোনেও নাৰাখে ৷ এইটোৱেই সুযোগ আছিল ৷ এতিয়া আকৌ চাৰি বছৰ অপেক্ষা কৰিব লাগিব ৷’’
The waiter who never gave up

ৰে’চ ৱাকিঙৰ খবৰ ৰখাসকলে জানে এই খেলৰ নিয়ম – প্ৰতিক্ষণতে দুয়োটা ভৰিৰ অন্ততঃ এটাই মাটি স্পৰ্শ কৰি থাকিব লাগিব ৷ যদি তেনে নহয় তেতিয়া খেলুৱৈজনে দৌৰি থকা বুলি ধৰা হ’ব আৰু তেতিয়া প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষিত হোৱাৰ সম্ভাৱনা থাকে ৷ ২০ কিল’মিটাৰৰ ৰেচ ৱাকিঙৰ বাবে দীৰ্ঘ দূৰত্বৰ যিকোনো দৌৰত প্ৰয়োজনীয় হোৱা শাৰীৰিক ক্ষমতা, টেকনিক আদিৰ প্ৰয়োজন ৷
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক আলেকজেণ্ডাৰ আৰ্টছেবাছভেবে তেখেতৰ মতামত ব্যক্ত কৰি কৈছে, ‘‘মই অন্তৰেৰে বিশ্বাস কৰো, যদি ভাৰতৰ ক্ৰীড়াৰ সৈতে জড়িত অধিকাৰীসকলে ৰেচ ৱাকিঙক গুৰুত্বসহকাৰে লয় তেনেহ’লে ভাৰতে এই খেলত বহুত কিবাকিবি কৰিব পাৰিব ৷ মনীষলৈকে চাওক ৷ তেওঁ কোনোধৰণৰ সুবিধা নোপোৱাকৈয়ে অলিম্পিকলৈ প্ৰস্তুতি চলালে ৷ তেওঁক কোনেও চিনিও নাপায় ৷ অথচ তেওঁ আজি বিশ্বৰ প্ৰথম ১০জন ৰেচ ৱাকাৰৰ মাজৰ এজন ৷ মই নাজানো, এইখন দেশৰ খেলৰ সৈতে জড়িত অধিকাৰীসকলে কি ভাবে !’’
ৰিঅ’ত ২৫ বছৰীয়া মনীষে ২০ কিল’মিটাৰ ৰে’চ ৱাকিঙত ১৩ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷
১৩ নম্বৰ স্থান আৰু ইমান দীঘল লিখনি ?
মনীষৰ সময় আছিল ১:২১:২১ আৰু সেয়া ব্ৰঞ্জ মেডেলৰপৰা ১ মিনিটতকৈও কম ব্যৱধানৰ সময় আছিল ৷
মনীষে সেই প্ৰতিযোগিতাত বিশ্বৰ কেইবাজনো আগশাৰীৰ খেলুৱৈক অনায়সে পৰাভূত কৰিছিল ৷ তাৰ ভিতৰত আছিল ২০১২ চনৰ লণ্ডন অলিম্পিকছৰ ৰূপৰ পদক বিজয়ী গুৱাটেমালাৰ এৰিক বাৰাণ্ডো ৷
ব্ৰঞ্জৰ পদক পোৱাজনে মনীষতকৈ আচলতে ৩৭ ছেকেণ্ড কম সময় লৈছিল ৷ ৩৭ ছেকেণ্ড ?? বাপৰে ! ইমান সময় ?? ২০ কিল’মিটাৰৰ প্ৰতিযোগিতাত ৩৭ ছেকেণ্ড তেনেই কম সময় ব্যৱধান ৷
মনীষৰ খবৰ আমি বৰকৈ নাৰাখিলো ৷ হকি, শ্বুটিং, মল্লযুঁজ, বক্সিং, বেডমিন্টনতে আমি ব্যস্ত হৈ থাকিলো ৷
অকণমান মনীষৰ কথা

মনীষৰ ভাষাৰে, ‘‘মই আমাৰ গাঁৱৰ চৰকাৰী বিদ্যালয়ত পঢ়িছিলো ৷ আমাৰ বিদ্যালয়ত পঢ়া-শুনাৰ ওপৰত ইমান গুৰুত্ব নাছিল ৷ গতিকে আমি বেছিভাগ সময় খেলতেই দিছিলো ৷’’
‘‘মই অষ্টম নে নৱম শ্ৰেণীলৈ ৰে’চ ৱাকিঙৰ বিষয়ে নাজানিছিলো ৷ মোৰ ঘৰৰপৰা স্কুল পাবলৈ সাত কিল’মিটাৰ খোজ কাঢ়িব লাগে ৷ দিনটোত মই সাতে সাতে চৌদ্ধ কিল’মিটাৰ খোজ কাঢ়িব লাগে ৷ উত্তৰাখণ্ডী মানুহৰ বাবে খোজ কঢ়াটো এটা সহজ কথা ৷’’
মনীষ সিং ৰাৱাটে প্ৰতিযোগিতাত ভাগ ল’বলৈ আৰম্ভ কৰাৰ সময়ত উত্তৰাখণ্ডত তেওঁক লৈ মাথোঁ তিনিজন খেলুৱৈয়ে এই ৰে’চ ৱাকিঙত ভাগ লৈছিল ৷
মনীষে কৈ গ’ল, ‘‘মই কথাটো জানো ৷ ৰে’চ ৱাকিঙৰ খোজটো দেখিবলৈ বহুৱালি যেন লাগে ৷ কিন্তু সেয়াই হৈছে এই খেলৰ নিয়ম ৷ মই যেতিয়া ৰে’চ ৱাকিং আৰম্ভ কৰিছিলো গাঁৱত বহুতেই হাঁহিছিল ৷’’
তেওঁ কৈ গ’ল, ‘‘মই দশম শ্ৰেণীত থাকোতে দেউতা ঢুকাইছিল ৷ আমাৰ সেই সময়ত উপাৰ্জন আছিল ১,৫০০ টকা ৷ সেই টকাতেই গোটেই মাহটো পাৰ কৰিবলগা হৈছিল ৷ গতিকে খেলৰ বাবে অনুশীলন কৰাৰ কথা কল্পনাও কৰিব নোৱাৰিছিলো ৷ ঘৰৰ জোৰা মাৰিবলৈ মই খেতি পথাৰত কাম কৰিছিলো, হোটেলত বাচন ধুইছিলো, আলিবাট নিৰ্মাণৰ বনুৱাৰ কাম কৰিছিলো আৰু ট্ৰেক্টৰ চলাইছিলো ৷ যি ধন পাইছিলো তাৰেই ঘৰ চলাইছিলো আৰু লগতে মোৰ অনুশীলনত খৰছ কৰিছিলো ৷’’
ভাবিলে আচৰিত লাগে ১,৫০০ টকা মাহেকীয়া উপাৰ্জনেৰে অলিম্পিকৰ সপোন পূৰ কৰা এথলিট এজনে দেশৰ নাম উজলাই আহিলে আৰু আমি বহুতে গমকে নাপালো ৷
মনীষ সিং ৰাৱাটে আনুষ্ঠানিক শিক্ষা শেষ কৰিব নোৱাৰিলে ৷ গতিকে তেওঁ খেলৰ জৰিয়তে এটা চাকৰিৰ আশা কৰি পুলিচ বিভাগত চাকৰি এটাৰ বাবে আবেদন জনাবলৈ চেষ্টা কৰিছিল ৷ পিছে কিবা কাৰণত তেওঁৰ আবেদন অগ্ৰাহ্য হ’ল ৷ কাৰণটো জ্ঞাত নহয় যদিও উল্লেখ কৰিব পাৰি যে যি সময়ত তেওঁ আবেদন জনাব খুজিছিল সেই সময়ত তেওঁ ৰাষ্ট্ৰীয় চেম্পিয়ন আছিল ৷
হতাশাত মনীষে খেল বাদ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ প্ৰশিক্ষকৰ ওচৰলৈ গৈ সকলো কথা জনালে ৷
‘‘১৫০০ টকাত এটা পৰিয়াল, খেলা সম্ভৱ নহয় ৷’’
প্ৰশিক্ষকে মনীষ সিং ৰাৱাটক সিদ্ধান্ত পৰিহাৰ কৰোৱাবলৈ সক্ষম হ’ল ৷
‘‘সেই সময়ত মই ১ ঘন্টা ৩৫ মিনিটমান টাইমিং মাৰি আছিলো ৷ এতিয়া মই ১ ঘন্টা ২০ মিনিটমানৰ টাইমিং লৈ আছো ৷ কোচে মোক সেইদিনা মান্তি নকৰোৱা হ’লে মই ৰে’চ ৱাকিং বাদেই দিলো হয় !’’
মনীষে তেওঁৰ খেলুৱৈ জীৱন আৰম্ভ কৰোতে মাহে ২৫ ডলাৰমানত জীৱন নিৰ্বাহ কৰিছিল ৷ একে সময়তে আমেৰিকাত একোজন একাডেমি এথলিটৰ ওপৰত গড় খৰছ আছিল ১০,২০০ ডলাৰ ৷ পশ্চিমৰ দেশত এথলিটে ছিন্থেটিক ট্ৰেকত অভ্যাস কৰে, মনীষ সিং ৰাৱাটে হিমালয়ৰ পাদদেশত অভ্যাস কৰিছিল ৷ পশ্চিমৰ এথলিটে বিজ্ঞানসন্মত অত্যাধুনিক এৰোডাইনামিক জোতা পিন্ধি দৌৰে, মনীষে মন্দিৰ নগৰী বদ্ৰীনাথৰ বজাৰত উপলব্ধ সেনাৰ ‘ছেকেণ্ড হেণ্ড’ জোতাৰে অভ্যাস কৰে ৷
এটা সৰু সংযোজন

মনীষ সিং ৰাৱাটে ৰিঅ’ত ১৩ নং স্থান লাভ কৰোতে অকল মাথোঁ ২০১২ চনৰ ৰূপৰ পদক বিজয়ীজনকে পৰাভূত কৰা নাছিল ৷ সেই প্ৰতিযোগিতাত তেওঁ চাৰিজন পূৰ্বৰ বিশ্ব চেম্পিয়ন, তিনিজন এছিয়ান চেম্পিয়ন, দুজন ইউৰোপিয়ান চেম্পিয়ন তথা দুজন পূৰ্বৰ অলিম্পিক পদক বিজেতাকো পৰাভূত কৰিছিল ৷

Share Button
Print Friendly, PDF & Email

No Comments : "বদ্ৰীনাথৰ পৰা ৰিঅ'লৈ: মনীষৰ স্বপ্নৰ দৌৰ - (প্ৰতিভূ দত্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *