গল্প-কবিতা

ব’হাগ-(পল্লৱ হাজৰিকা)

লোহিত ৰক্ত কণিকাৰ অভাৱত গাঁওবোৰৰ লিউকেমিয়া

কেম’থেৰাপিৰ ৰঞ্জন ৰশ্মিত গৰুৰ ডিঙিত নোলমিল

তৰালিৰ পঘা

এই যে ধোঁৱাচাঙৰ তাঁতশালত

মাকোৰ উচুপনি

সেয়াতো নতুন কথা হৈ থকা নাই

মঘাই বৰুৱাৰ পোন্ধৰ মাৰ্চত নিমাত চৈধ্য অঁৰা

সেয়াতো নতুন কথা হৈ থকা নাই

আমি কথাচহকী কবিয়ে

কবিতাত ৰগৰ তুলিছোঁ

প্ৰতীক আৰু ব্যঞ্জনাত কি নিখুঁত কাৰুকাৰ্য

ৰ’দ আৰু বৰষুণে লাও নাখায় বেঙেনা নাখায়

দিনে দিনে বাঢ়ি নাযায়

বৰ বৰ গৰুৰ বীৰ্যত শুক্ৰকীটৰ নাটনি

এতিয়া আৰু কোনে  ক’ত ভাঙিব

গচকত যঁতৰ৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *