‘বৈকল্পিক ৰাজনীতিৰ সন্ধানত’ : জাতীয়তাবাদৰ নিৰ্মোহ পৰ্যবেক্ষণেৰে সমৃদ্ধ এখন ব্যতিক্ৰম গ্ৰন্থ কিশোৰ কুমাৰ কলিতা

অসমৰ নৱপ্ৰজন্মৰ যিকেইজন ৰাজনৈতিক বিশ্লেষক তথা সমালোচকৰ লিখনশৈলী আৰু বিশ্লেষণে এক নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ ভিতৰত জিতেন বেজবৰুৱা অন্যতম। বেজবৰুৱাৰ ‘বৈকল্পিক ৰাজনীতিৰ সন্ধানত’ (প্ৰকাশ কাল : নৱেম্বৰ, ২০১৭) শীৰ্ষক গ্ৰন্থখনে অসমীয়া ৰাজনৈতিক, সামাজিক সমালোচনা তথা ব্যাখ্যাৰ ক্ষেত্ৰখনক নতুন ধৰণেৰে সমৃদ্ধ কৰিছে বুলি ক’ব পাৰি। ডিব্ৰুগড়ৰ ‘মুক্ত চিন্তা প্ৰকাশন’ৰদ্বাৰা প্ৰকাশিত এই গ্ৰন্থখন বেজবৰুৱাৰ মুঠ ১৯টা ভিন্নধৰ্মী প্ৰবন্ধ (আৰু এলানি বিতৰ্ক)ৰ সংকলন। এই আটাইবোৰ প্ৰবন্ধৰে মূল বিষয়বস্তু হ’ল জাতীয়তাবাদ। জাতীয়তাবাদৰ স্বৰূপ উদ্ঘাটন তথা তাৰ সাংস্কৃতিক ৰাজনীতিৰ বিভিন্ন দিশ বিশ্লেষণৰ উদ্দেশ্য আগত ৰাখি লেখকে সাম্প্ৰদায়িকতাবাদ, বৰ্ণবাদ, পুৰুষতন্ত্ৰ, যৌনতা, গান আদি বিষয়ত নিজৰ সূক্ষ্ম পৰ্যবেক্ষণ নিৰ্মোহভাৱে ব্যক্ত কৰিছে।

গ্ৰন্থখনৰ পাতনিতে লেখকে নিজৰ ৰাজনৈতিক ধ্যান-ধাৰণাৰ বিষয়ে পাঠকৰ আগত এক স্পষ্ট দৃষ্টিভংগী দাঙি ধৰিছে। তেওঁ কৈছে – “মোৰ বোধেৰে সমাজত বাস কৰা প্ৰাণী হিচাপে কোনো মানুহৰ পক্ষেই অৰাজনৈতিক বা ৰাজনীতিমুক্ত হোৱাটো সম্ভৱ নহয়। কেৱল ইতৰ প্ৰাণীৰ বাবেহে হয়তো সেইটো সম্ভৱ। প্ৰতিখন সমাজতে বিভিন্নধৰণৰ সামাজিক প্ৰতিষ্ঠানসমূহ, সংস্কৃতি-পৰম্পৰা, জীৱন-আচৰণ তথা চিন্তাধাৰাৰ মাজত বহুতো ক্ষমতাৰ গাঁথনি প্ৰোথিত হৈ থাকে। সামাজিক জীৱনৰ এই অংগসমূহে একে সময়তে ক্ষমতাৰ গাঁথনিসমূহক ধাৰণো কৰি থাকে আৰু সিবোৰৰ পুনৰুৎপাদনো কৰি থাকে। ... এনেদৰেই সমাজত চলি থকা শোষণ আৰু অৱদমনসমূহে স্বাভাৱিকীকৃত ৰূপ লাভ কৰে। গতিকে তাৰ মাজত জীয়াই থকা মানুহৰ বাবে ৰাজনীতি উশাহ-নিশাহৰ দৰেই অপৰিহাৰ্য বস্তু। হয় তেওঁ (কেতিয়াবা সচেতনভাৱে, সৰহ ক্ষেত্ৰতেই অৱচেতনভাৱে) ক্ষমতাৰ সকলো গাঁথনি নিৰ্বিবাদে মানি লৈ চুপে-চাপে জীয়াই থাকিব পাৰে, নতুবা সিবিলাকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে। প্ৰতিজন মানুহেই ইয়াৰ ভিতৰত যিকোনো এটা কৰিবই লাগিব, আৰু ইয়াৰ দুয়োটাই হ’ল ৰাজনীতি।” (পৃ. ঘ) ‘বিকল্প ৰাজনীতিৰ প্ৰসংগত’ শীৰ্ষক প্ৰবন্ধত লেখক বেজবৰুৱাই দ্বিধাহীনভাৱে কৈছে যে সম্প্ৰতি অসমত বিকল্প ৰাজনীতিৰ কথা বিভিন্ন মহলত সঘনে উচ্চাৰিত হৈছে যদিও কোনেও এক কংক্ৰিট বিকল্পৰ প্ৰস্তাৱ দাঙি ধৰিব পৰা নাই। বিৰোধী দলসমূহে লগ লাগি যিমানেই বিকল্পৰ কথা নকওক লাগিলে, যিমানেই যোগ-বিয়োগ, পূৰণ-হৰণ নকৰক লাগিলে, তাৰপৰা যে বিকল্প ৰাজনীতি জন্ম হোৱাটো সম্ভৱ নহয়, তাক লেখকে দৃঢ়তাৰে কৈছে। বিকল্পৰ নিৰ্বাচনী বুজা-পৰা আৰু বাস্তৱত বিকল্প ৰাজনীতিৰ জন্ম দিয়াটো যে দুটা সুকীয়া প্ৰত্যাহ্বান, তাক ব্যাখ্যা কৰি লেখক বেজবৰুৱাই হিন্দু জাতীয়তাবাদ-কেন্দ্ৰিক ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বগ্ৰাসী আগ্ৰাসনৰ বিৰুদ্ধে কেনেদৰে এক বিকল্প ৰাজনীতিৰ জন্ম দিব পৰা যায়, সেই সন্দৰ্ভত মত ব্যক্ত কৰিছে এনেদৰে – “এইটো স্বীকাৰ কৰিব লাগিব যে হিন্দু জাতীয়তাবাদ হ’ল এক গণ আন্দোলন (হ’ব পাৰে সি গণতন্ত্ৰ-বিৰোধী) আৰু গণ আন্দোলনৰ স্তৰত মতাদৰ্শগতভাৱে তাক পৰাস্ত কৰিব পাৰিব লাগিব। হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদৰ বিৰুদ্ধে এক বহল গণসংগ্ৰামৰ জন্ম দিব লাগিব, যিটোৱে জনসাধাৰণৰ ক্ষোভক সংগঠিত আৰু ঘনীভূত ৰূপ দি এক ৰাজনৈতিক উদ্দেশ্যৰ দিশে আগ বঢ়াই নিব পাৰিব। এই সংগ্ৰামখন নিশ্চয়কৈ এখন সমাজবাদী সংগ্ৰাম হ’ব।” (পৃ. ১৫০)

অসমীয়া গানৰ পাঠ (text) সন্দৰ্ভত বিস্তাৰিত আলোচনা খুব কমেই হয়। যি যৎকিঞ্চিৎ আলোচনা হয়, সেইবোৰত অনুপস্থিত থাকে ৰাজনৈতিক, সামাজিক বা আৰ্থিক প্ৰেক্ষাপট। গ্ৰন্থখনৰ ‘সাম্প্ৰতিক অসমীয়া গান : দুটামান পৰ্যবেক্ষণ’ শীৰ্ষক প্ৰবন্ধটো এক অমূল্য সংযোজন বুলি ভাবিব পাৰি। অসমীয়া আধুনিক গানসমূহক মূলতঃ উভতি যোৱাৰ গান বুলি অভিহিত কৰি লেখকে এই গানবোৰত সদায় এক নৈতিক ফ্ৰেমৱৰ্ক আৰোপ কৰা হয় বুলি কৈছে। এই নৈতিক ফ্ৰেমৱৰ্কত ৰাখি চহৰক অংকন কৰা হয়, য’ত ওপৰৰ পিনে থাকে গাঁও আৰু তলৰ পিনে চহৰ। সংকীৰ্ণ প্ৰথাবদ্ধ সমাজৰপৰা মূৰ দাঙি উঠা ভাৰতীয় জাতিৰ বাবে ছেকুলাৰ ৰাজহুৱা সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তাৰ মাজতে জাতীয়তাবাদৰ নিৰংকুশ আধিপত্য বৰ্তাই ৰখা প্ৰক্ৰিয়াটো অব্যাহত আছে বুলি লেখকে কৈছে। প্ৰবন্ধটোৰ এঠাইত আছে – “ধৰ্মীয় ঐতিহ্য আৰু আধুনিকতাৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা এই দুই ভাবধাৰাই দুই কূল ৰক্ষা কৰিছিল। ইয়াৰে মাতৃ হিচাপে জাতিৰ ধাৰণাটোৱে জাতি আৰু মাতৃক একাকাৰ কৰি মাতৃৰ ধাৰণাটোকো এক পৱিত্ৰতাৰ জ্যোতিৰ্মণ্ডলেৰে আৱৰি পেলাইছিল। ... মাতৃৰ কোলালৈ উভতি যোৱাৰ অৰ্থ – জাতিটোৰ হৃদিস্থলত প্ৰবেশ কৰা, জন্মভূমিৰ কেঁচা মাটিৰ লগত একাত্ম হোৱা। আমি ক’ব খোজো যে অসমীয়া আধুনিক গানৰ মূল প্ৰৱণতাটোৱেই হ’ল এই মাতৃৰ কোলালৈ উভতি যোৱাৰ প্ৰৱণতা। এই উভতনিৰ বিভিন্ন আৰু বিচিত্ৰ ৰূপ আমি দেখিবলৈ পাওঁ।” (পৃ. ৩৭) শেহতীয়া অসমীয়া দুটিমান গানত উভতি নহাৰ প্ৰৱণতাও দৃশ্যমান হৈছে বুলি লেখকে কৈছে। অসমীয়া প্ৰায়বোৰ গানত সদায়েই নাৰীবিদ্বেষী পুৰুষজাতিক বৈশিষ্ট্যবোৰ ফুটি উঠাৰ কথা কৈ লেখকে অসমীয়া মানুহৰ জনজাতীয় সমাজখনৰ প্ৰতি থকা অৱমাননাসূচক দৃষ্টিভংগীও যে গানৰ কথাবোৰত প্ৰকাশ ঘটে তাক সুন্দৰকৈ ব্যাখ্যা কৰিছে।

অসমীয়া প্ৰবন্ধ সাহিত্যত এই গ্ৰন্থখনে যথাযথ মৰ্যাদা লাভ কৰিব বুলি আশা কৰিলো।

Share Button
Print Friendly, PDF & Email

No Comments : "‘বৈকল্পিক ৰাজনীতিৰ সন্ধানত’ : জাতীয়তাবাদৰ নিৰ্মোহ পৰ্যবেক্ষণেৰে সমৃদ্ধ এখন ব্যতিক্ৰম গ্ৰন্থ কিশোৰ কুমাৰ কলিতা"

Leave a Comment

Your email address will not be published. Required fields are marked *