‘বকুল’ : হেৰোৱা সুবাস বিচাৰি (বৰ্ণালী বৰুৱা দাস)

ৰীমা বৰাৰ সুন্দৰ সুৰুচিপূৰ্ণ ছবি ‘বকুল’ চালো‌। এনেকুৱা এখন ছবি মাত্ৰ এবাৰ চাই, তাকো যথেষ্ট দিন আগতেই চাই কিবা এটা লিখিবলৈ প্ৰয়াস কৰাটো আচলতে এটা ধৃষ্টতা‌। তথাপি স্মৃতিক সাৰথি কৰি তেনে ধৃষ্টতা এটাকেই কৰিবলৈ লৈছো‌। আশা কৰোঁ, এখন ভাল চিনেমা চাবলৈ দৰ্শকসকল উদ্বুদ্ধ হ’ব আৰু লগতে ছবিখন চাই মই উল্লেখ কৰিবলৈ থাকি যোৱা কথাবোৰ সংযোগ কৰি ছবিখনৰ আলোচনাটোকো পূৰ্ণাংগ ৰূপ দিয়াত সহায় কৰিব‌।

থূলমূলকৈ চিনেমাখনৰ কাহিনীটো :

কেইবাবছৰো বাহিৰত থকাৰ পাছত ৰক্তিম নিজৰ সৰু চহৰখনলৈ ঘূৰি আহিছে‌, আৰু আহি প্ৰত্যক্ষ কৰিছে কিছুমান পৰিবৰ্তন‌। চিনাকি চহৰখন যেন অচিনাকি হৈ পৰিছে‌।

চিনেমাখনত বকুল নামৰ তিনিটা চৰিত্ৰ আছে‌। এজন ৰক্তিমৰ গানৰ শিক্ষক জয় আলিৰ পুত্ৰ বকুল, যি জীৱন সংগ্ৰামত হাৰ নামানি উদয়াস্ত পৰিশ্ৰম কৰে‌। ৰিক্সা চলায়, পাচলি বিক্ৰী কৰে, আৰু অৱশেষত উদ্বিগ্ন মাতৃৰ উৎকণ্ঠাক সত্য প্ৰতিপন্ন কৰি প্ৰাণ হেৰুৱায় দুৰ্বৃত্তৰ হাতত‌। দ্বিতীয় বকুল এগৰাকী সমাজৰদ্বাৰা প্ৰতাৰিত নাৰী, যি সেই প্ৰতাৰণাত হাৰ নামানি জীৱন সংগ্ৰাম চলাই নিয়ে উদয়াস্ত পৰিশ্ৰম কৰি‌। তৃতীয়জন বকুল এজন অকলশৰীয়া বৃদ্ধ মাছমৰীয়া, যি সশস্ত্ৰ সংগ্ৰামৰ পথত ভৰি দিয়া পুত্ৰৰ বাবে বাট চাই থাকি জীৱন অতিবাহিত কৰে‌। ক’ৰবাত অচিনাক্ত মৃতদেহ উদ্ধাৰ হ’লেই তেওঁ ঢপলিয়াই যায় পুত্ৰৰ মৃত্যু নিশ্চিত কৰিবলৈ‌। আৰু অৱশেষত পুত্ৰৰ এজন সংগ্ৰামী সতীৰ্থই তেওঁক পুত্ৰৰ মৃত্যুৰ খবৰ দিয়েহি‌। তেওঁৰ নিসংগতাক আৰু নিৰ্মম কৰি তোলে পোহনীয়া মেকুৰীটোৰ প্ৰতি তেওঁৰ হেপাহ‌ আৰু আন্তৰিকতাই‌। তথাপি হাৰ নামানি তেওঁও জীৱন চলাই নিয়ে।

উদাৰীকৰণৰ বোকোচাতেই উঠি অহা ধৰ্মীয় সাম্প্ৰদায়িক মনোভাবৰ বলি হয় বকুলৰ দেউতাক জয় আলি‌। সেইজন জয় আলি যি ৰক্তিমক নিভাঁজ সুৰেৰে গাবলৈ শিকাইছিল “বহুদিন বকুলৰ গোন্ধ পোৱা নাই”, যি নিজৰ পুতেকৰ নামো দিছিল, বকুল‌। পিছে সেই বকুলো পদে পদে লুণ্ঠিত হৈ জীৱন কটাব লগা হয়। আৰু অৱশেষত মৃতদেহ হৈ উদ্ধাৰ হয় নদীৰ পাৰত‌। সেই ঘটনাৰ সাক্ষী দিয়াৰ বেলিকাও দেখা যায় প্ৰত্যক্ষদৰ্শীৰ পলায়নবাদী মনোভাব‌। একমাত্ৰ সমাজৰ চকুত বদনামী পৰিচয়েৰে জীয়াই থকা এগৰাকী নাৰী, এই ছবিৰ দ্বিতীয় বকুল, আগ বাঢ়ি আহে সাহসেৰে সেই ঘটনাৰ সাক্ষী দিবলৈ‌।

 

চিনেমাখনৰ চৰিত্ৰসমূহ :

চিনেমাখনৰ মূল চৰিত্ৰ এখন সৰু চহৰ‌।

কথাটো আচহুৱা যেন লাগিব পাৰে‌। কিন্তু কেতিয়াবা বহু চিত্ৰ নিৰ্মাতাৰেই কাহিনীৰ অংশ গ্ৰহণকাৰীৰূপে এটা নিৰ্জীৱ বস্তুৰ প্ৰয়োজন হয়‌। উদাহৰণ, সত্যজিত ৰায়ৰ ‘কাঞ্চনজংঘা’ৰ পৰ্বতটো, ‘অৰণ্যেৰ দিন ৰাত্ৰি’ৰ হাবিখন, ‘নায়ক’ৰ ৰে’লখন ইত্যাদি‌। সেই পৰ্বত, হাবি আৰু ৰে’লখনে চিনেমাকেইখনৰ চৰিত্ৰবোৰক যেন চিনেমাৰ ঠিক সেইখিনি কাহিনীক আগুৱাই নিবলৈ সুবিধা কৰি দিয়ে‌। অসমীয়া চিনেমাৰ ভিতৰত ভবেন্দ্ৰনাথ শইকীয়াৰ ‘ইতিহাস’ৰ কুঁৱাটোৰ কথাও ক’ব পাৰি‌। কুঁৱাটো পৰিষ্কাৰ কৰিবৰ সময়ত তাৰপৰা উদ্ধাৰ হোৱা নিৰ্জীৱ বস্তুবোৰেই মানুহৰ মূল্যবোধৰ পৰিবৰ্তনৰ এটা শক্তিশালী চিত্ৰকল্পৰূপে দৰ্শকৰ চকুৰ আগত প্ৰতিভাত হয়‌।

একেদৰে ‘বকুল’ ছবিখনৰো মূল চৰিত্ৰ এখন সৰু চহৰ। মূলতঃ মুক্তায়নৰ বতাহেই চহৰখনৰ বুকুলৈ কঢ়িয়াই আনিছে কিছুমান অৱধাৰিত মূল্যবোধৰ পৰিবৰ্তন‌। ৰক্তিম নামৰ বহু দিন বাহিৰত থাকি ঘূৰি অহা ডেকা এজনৰ হাতত ধৰি দৰ্শক আগ বাঢ়ে সেই পৰিবৰ্তনবোৰৰ গতি-প্ৰকৃতি নিৰৱে চাই চাই‌। ৰক্তিমক চিনেমাখনৰ সূত্ৰধাৰ বুলিও ক’ব পাৰি‌, যি দৰ্শকক প্ৰতিটো চৰিত্ৰ চিনাকি কৰি দিয়ে। চৰিত্ৰসমূহৰ স্বৰূপ উপলব্ধি কৰি সেইসমূহৰ লগত আৱেগিক আত্মীয়তাবোধত বান্ধ খাবলৈও ৰক্তিমেই দৰ্শকক সহায় কৰে।

৫ বছৰৰ পাছত ৰক্তিম নিজা চহৰখনলৈ ঘূৰি আহিছে‌। আৰু আহি বিচাৰি ফুৰিছে এৰি থৈ যোৱা চহৰখনৰ হেৰোৱা সুবাস‌। হেৰোৱা ফুলৰ সুবাস বিচাৰি ঘূৰি ফুৰোঁতে ৰক্তিমৰ মনত যেন ৰৈ ৰৈ বাজি আছে সৰুতে শিকা সেই গানটো – “বহুদিন ‘বকুল’ৰ গোন্ধ পোৱা নাই”‌।

এইদৰেই ৰক্তিমে ৰোমন্থন কৰিছে পুৰণি প্ৰেম, বন্ধুত্ব, শৈশৱ‌। বিচাৰিবলৈ চেষ্টা কৰিছে, এই যে আকাশলংঘী শ্বপিং মলটো হ’ল, তাত আগতে বাৰু কি আছিল? এই যে চিনাকী মাছমৰীয়াজনৰ খাঙতো দূৰণিৰ ৰৌ-বাহু সোমালহি, ওচৰৰ নদীখনৰ পুঠি-খলিহনাবোৰ আছেগৈনে? এই যে, ‘এইখিনিতে এজোপা বকুল আছিল’ বুলি কৈছে, তাতো যেন গঢ় নোলোৱা পুৰণি প্ৰেমৰ সম্পৰ্কটোকেই পুনৰ উপলব্ধি কৰাৰ চেষ্টা এটাই অব্যাহত আছে!

ছবিখনৰ তিনিও ‘বকুল’ৰ ভিতৰত সকলোতকৈ মনোগ্ৰাহীকৈ উপস্থাপন কৰা হৈছে মাছমৰীয়াজনক‌। পুত্ৰৰ প্ৰতি যিমানেই বাহ্যিক নিৰাৱেগ প্ৰকাশ নকৰক লাগিলে, কিমান আকুল আৱেগেৰে তেওঁ পুত্ৰৰ আগমনৰ প্ৰতীক্ষাত থাকে সেইটো দৰ্শকক বুজাই দিয়াৰ প্ৰয়োজন নহয়‌। ৰেডিঅ’ত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা বাতৰিৰ লগে লগে ওপঙি উঠা মৰা মাছৰ দৃশ্য, মৃতদেহৰ খবৰ লৈ ঘূৰি আহোঁতে নদীৰ পাৰত দেখা শাৰী শাৰী বিসৰ্জন দিয়া মূৰ্তিৰ দৃশ্য আদি সুনিপুণভাৱে উপস্থাপন কৰি চৰিত্ৰটোৰ মনৰ আশা-নিৰাশা আৰু উৎকণ্ঠাকে যেন প্ৰকাশ কৰা হৈছে‌। অৱশ্যে মাছমৰীয়াজনৰ মুখত দিয়া কিছুমান কিতাপী ভাষাৰ অপৰিপক্ব মধ্যবিত্তীয় সংলাপে চৰিত্ৰটোক কিছুক্ষেত্ৰত কৃত্ৰিম নকৰা নহয়‌। গতিকে অভিনেতা হিচাপে সম্ভাবনা থকা সত্ত্বেও স্বতঃস্ফূৰ্ততাৰ অভাৱে দৰ্শকক কিছু আমনি দিব‌।

গানৰ শিক্ষক জয় আলিৰ পুত্ৰ বকুলৰ চৰিত্ৰটো দৰ্শকৰ সন্মুখলৈ বৰকৈ নাহিলেই‌। সেইবাবেই আন দুজন বকুলৰ দৰে চৰিত্ৰটোৱে দৰ্শকৰ স’তে আত্মিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিলে‌। তাতকৈ ভাহি অহা মাতটোৰে জয় আলিৰ স’তেহে দৰ্শকৰ বান্ধোন অধিক সুদৃঢ়‌। এইখিনিতে আন এটা দৃশ্যত এটা সৰু ল’ৰাই  ‘আমাৰে সখীয়া আকুল বিয়াকুলে’ গীতটো পৰিবেশন কৰাৰ কথা এটা কৈ থ’ব পৰা যায়‌। ৰক্তিমৰ পূৰ্বৰ প্ৰেমাস্পদ, যাৰ স’তে সম্পৰ্কটো গঢ়া নহ’লগৈ, আৰু অৱস্থাৰ পাকচক্ৰত যি এগৰাকী অবিবাহিতা নাচ-গানৰ শিক্ষয়িত্ৰীৰূপে থিয় দিলে, তেওঁৰে এজন ছাত্ৰই গীতটো মঞ্চত পৰিবেশন কৰে‌। নতুনকৈ যেন ৰক্তিমে উপলব্ধি কৰে, এই যে সৰু ল’ৰাটোৱে গানটো গাইছে, “চুমা পৰশনত জুতি পাই সখীয়াৰ গাতে উৱাদিহে নাই”, সি কি গাইছে সি নিজে জানো বুজিছে? প্ৰশ্নটো যেন ৰক্তিমৰ নিজলৈকেও ঘূৰি আহিছে‌। সেই যে জয় আলিৰ ওচৰত বাৰে বাৰে তালিম লৈছিল –

“বকুলৰ কথা ক’লে বহুতো চিনাকি মুখ

চকুৰ আগেদি ভাহি যায়

বহুতো পাহৰা গান

বহু মান অভিমান

বকুলেই দিয়ে সোঁৱৰাই‌।”

তেতিয়া জানো ৰক্তিকে বুজিছিল এদিন নিজেই সেই বকুলৰ সুবাস বিচাৰি এনেকৈ হাহাকাৰ কৰিব লাগিব, টানি আনিব লাগিব পুৰণি হাৰমনিয়ামটো আৰু তাত বুলাব লাগিব তাৰ পূৰঠ-অক্ষম হাত!

চিনেমাখনৰ প্ৰতিবাদী নাৰী চৰিত্ৰকেইটাৰ স্বৰূপ :

‘বকুল’ত তিনিটা প্ৰতিবাদী নাৰী চৰিত্ৰ আছে‌। সমাজক বুঢ়া আঙুলি দেখুৱাই অবিবাহিত অৱস্থাত সন্তান জন্ম দি ‘মেহনত কৰি খোৱা’ বকুল‌, বকুলৰ আইতাক, আৰু ৰক্তিমৰ স’তে বিয়া ঠিক হোৱা যুৱতী এগৰাকী‌।

তাৰ ভিতৰত বকুলেই আটাইতকৈ সপ্ৰতিভ‌। সৰুৰেপৰাই তাই প্ৰতিবাদ কৰিবলৈ শিকিছে‌। সমাজৰ ভণ্ড ভদ্ৰলোকৰ মুখত থু পেলাবলৈ তাই যেনেকৈ কুণ্ঠাবোধ নকৰে, আনৰ চাৰিত্ৰিক দিশক লৈ বুবু-বাবা কৰি ভাল পোৱা ভদ্ৰমহিলাকো মোক্ষম বাক্যবাণেৰে জব্দ কৰিব তাই জানে‌। পাংচাৰ হোৱা চাইকেলৰ চকাটোত সোধোৱা গোৰটোৱেই যেন প্ৰকট কৰে তাই জীৱনক কেনেদৰে গ্ৰহণ কৰিছে‌। মাল আনিবলৈ যোৱা দোকানত দেখা ৰঙা ফোঁটৰ পেকেটবোৰে, যাত্ৰাপথত দেখা পানী তুলিবলৈ যোৱা আয়তীৰ দলটোৱে হয়তো এক মুহূৰ্তৰ বাবে তাইক বিচলিত কৰে‌। কিন্তু তাই থমকি নৰয়‌। পাংচাৰ হোৱা চকাটোত পাম দি তাই আকৌ চলাই নিব খোজে জীৱন‌। চকাটোৰ দৰেই‌।

বকুলৰ আইতাক, যি বকুলক গৰ্ভস্থ সন্তান জন্ম দিয়াৰ সাহস জোগায়‌ এক শক্তিশালী সংলাপেৰে, “সন্তানটো জন্ম দিলে সমাজে এঘৰীয়া কৰিব, আৰু মাৰি পেলালে আদৰি ল’ব? কেনেকুৱা সমাজ সেইখন?” আৰু সেইবাবেই প্ৰতিবাদী বকুলৰ বাবে আইতাকেই ভগৱান‌। চিনেমাখনৰ এই চৰিত্ৰটো এটা সৰু কিন্তু শক্তিশালী চৰিত্ৰ‌।

তৃতীয়টো প্ৰতিবাদী নাৰী চৰিত্ৰও এক সুকীয়া বৈশিষ্ট্যৰে গঢ়া‌। একেবাৰে কম সময়ৰ বাবে পৰ্দাত ভূমুকি মাৰি এই চৰিত্ৰটোৱে নাৰী অধিকাৰৰ এক বিশেষ বক্তব্যৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰে‌। বিয়া হৈ, সংসাৰ কৰি, আইতা-মাকহঁতৰ দৰে সমাজে আৰোপ কৰা নাৰীত্বৰ বোজা ল’বলৈ তাই নাৰাজ‌। কেৰিয়াৰ-সচেতন ছোৱালীজনীয়ে সেয়ে খোলাখুলিকৈয়ে ৰক্তিমক কথাটো কৈছে‌। কিন্তু এটা কথা মন কৰিবলগীয়া‌। প্ৰত্যক্ষ প্ৰতিবাদ কৰি অদৰকাৰী ঝামেলা চপাই লোৱাৰো তাই পক্ষপাতী নহয়‌। আধুনিক তীব্ৰ ব্যক্তিবাদী মানসিকতাইহে যেন তাইক সমাজে বান্ধি দিয়া নিয়মৰ বিপৰীতে যাবলৈ প্ৰেৰণা যোগাইছে‌। আইতাক, মাকৰ জীৱনটো দেখি নাৰীৰ বঞ্চনাৰ প্ৰতি তাই যিমান সজাগ, সমাজৰ বাকীবোৰ দিশৰ প্ৰতি যেন তাই সিমানেই উদাসীন। ৰক্তিমৰ স’তে ৰেষ্টুৰেন্টত বহি থাকোঁতে বাহিৰত ৰিক্সাচালক বকুলক কোনোবাই অপদস্থ কৰোঁতে ৰক্তিম উঠি যাব খোজাত তাই বাধা দিয়ে‌, “এইবোৰ ইয়াত হৈয়েই থাকে”‌।

অভিনয়ৰ ক্ষেত্ৰত সকলোৰে অভিনয় যথাযথ বুলিব পাৰি‌। যিকণ জড়তা অনুভব কৰা যায়, সেইকণ হয়তো চিত্ৰনাট্য আৰু সংলাপ ৰচনাৰ ত্ৰুটিৰ ফল‌। উদাহৰণস্বৰূপে ৰক্তিমৰ বন্ধু এজনৰ সংলাপ এটাৰ কথা ক’ব পাৰি‌। তাত অভিনেতাজনৰ মুখত স্বাভাৱিকভাৱে ওলাই অহা অশ্লীল শব্দ এটাও দিয়া হৈছে‌। পিছে সেই অনুসৰি বাকীখিনি সংলাপৰ ভাষা তেনেই কৃত্ৰিম বা নাটকীয়‌। মাছমৰীয়াজনৰ মুখতো তেনেকুৱা কৃত্ৰিম কিতাপী ভাষা দিয়াৰ কথা আগতে উল্লেখ কৰা হৈছে‌।

দুঃস্বপ্নৰ দৃশ্যকেইটাৰ কেমেৰাৰ কাম ভাল হৈছে‌। ৰক্তিমৰ দুঃস্বপ্নত বকুলৰ মাকৰ লেম্প লৈ বকুলক চিঞৰি থকাৰ দৃশ্য আৰু আনফালে ৰিক্সাৰ পেডেলত ঘূৰি থকা বকুলৰ ভৰিৰ ছাঁ‌। এই দৃশ্যৰ স’তে সংলগ্ন হৈ আছে বকুলৰ মৃত্যু‌। আনহাতে, আনটো দুঃস্বপ্ন সংলগ্ন হৈ আছে মাছমৰীয়াজনৰ পুত্ৰৰ মৃত্যৰ স’তে‌। পুত্ৰৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছত মাছমৰীয়াজনে দেখা সেই দুঃস্বপ্নত বিস্তীৰ্ণ মৰুত নিঃসংগ মাছমৰীয়াজন আৰু সোণপাহী নামৰ মেকুৰীটো‌। মেকুৰীটোৰ ৰক্তাক্ত দেহ‌।

সামৰণিত এটা কথাই ক’ব পাৰি ‘বকুল’ অসমীয়া চলচ্চিত্ৰ জগতত এক সফল প্ৰচেষ্টা‌। এনেকুৱা প্ৰচেষ্টা অব্যাহত থাকিলে আমি আগলৈ আৰু ধুনীয়া ছবি চাবলৈ পাম বুলি আশা কৰিব পাৰোঁ‌।

 

Share Button
Print Friendly, PDF & Email

No Comments : "‘বকুল’ : হেৰোৱা সুবাস বিচাৰি (বৰ্ণালী বৰুৱা দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *