অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (দ্বিতীয় সংখ্যা)

বলি প্ৰথা আধুনিক সমাজৰ বাবে কেঞ্চাৰ সদৃশ-(ভাৰ্গৱ বৰঠাকুৰ)

আমাৰ ঘৰৰ কাষতে কেইবাখনো চাহ বাগিচাৰ দুৰ্গা পূজা অনুষ্ঠিত হয়৷ মা-দেউতাৰ লগত সৰুতে ওচৰৰ দুই-এখন পূজাস্থলীলৈ গৈছিলোঁ যদিও নৱম-দশম শ্ৰেণীৰ পৰা সেইবোৰলৈ যোৱাৰ আসক্তি একেবাৰেই কমি আহিছিল৷ ইয়াৰ মূলতে আছিল দুৰ্গাপূজাৰ বলি-বিধান৷ পূজাৰ বন্ধ বুলি ক’লেই বহুদিনৰ মূৰত লগৰ সমনীয়া, মিতিৰ কুটুমক লগ কৰাৰ বাহিৰে পূজা বুলি ক’লে বিশেষ কোনো আসক্তি নাই৷  পূজাস্থলীত সৰুতে দেখা বলিৰ কিছুমান দৃশ্যই আজিও গাৰ নোম শিহৰাই তোলে৷ এটা অসহায় জীৱৰ ওপৰত তিনি-চাৰিজন মানুহৰ যিধৰণৰ বীৰত্ব প্ৰদৰ্শন, দেখি এনে লাগে তেওঁলোকৰ মানৱীয়তা দেৱীৰ ওচৰত যেন বন্ধকতহে ৰাখিছে! নিৰ্দয়ভাৱে ঢাকৰ তালত জীৱ এটাৰ মূৰটো কাটি শৰীৰটো দূৰলৈ দলিয়াই দিয়া হৈছে আৰু বলি শালৰ চাৰিওফালে জুম বান্ধি ৰৈ থকা মানুহবোৰে তাৰ মজ্জা লৈ আছে৷ কোনোবাই আকৌ বলিৰ তেজৰ ফোঁট ল’বলৈ হেতা-ওপৰা লগাইছে৷ বলি চাবলৈ লগত অনা ভক্তৰ সৰু ল’ৰা-ছোৱালীবোৰে যেন নিৰ্মম জীৱ হত্যাৰ শিক্ষা পূজাস্থলীতেই পাইছে! যেন তথাকথিত আধুনিক সমাজৰ চৰম ধৰ্মীয় উন্মাদনা! এনে দৃশ্যবোৰ দেখিয়ে পূজাৰ প্ৰতি কোনোধৰণৰ ভক্তি অথবা আসক্তি নাইকিয়া হৈ পৰিছিল৷ মানুহ কিমান ধৰ্মীয় উন্মাদনাত বন্দী হ’লে এটা অসহায় পশুৰ তেজেৰে স্বাৰ্থসিদ্ধিৰ ভিক্ষা খুজিব পাৰে?

ধৰ্মৰ ভিত্তি হৈছে মানুহৰ প্ৰয়োজনীয়তা৷গতিকে ধৰ্মই মানুহক ৰক্ষণাবেক্ষণ দিব লাগিব আৰু প্ৰয়োজনীয় প্ৰতিটো বস্তু লাভ কৰাত সহায় কৰিব লাগিব৷ ইয়াৰ আধাৰলৈয়ে বিভিন্ন ধৰ্মত বিভিন্ন ধৰ্মীয় পদ্ধতিৰ সৃষ্টি হৈছিল৷ বলি-বিধানো তেনে এক ধৰ্মীয় পদ্ধতিৰ অংশ৷ কিন্তু খাদ্যৰ বাবে জীৱ হত্যা আৰু পৰম্পৰাৰ নামত স্বাৰ্থসিদ্ধিৰ বাবে কৰা জীৱ হত্যাৰ মাজত পাৰ্থক্য আছে ৷প্ৰথমটো প্ৰকৃতিৰ নিয়ম আৰু দ্বিতীয়টো ধৰ্মীয় স্বাৰ্থসিদ্ধিৰ শ্বৰ্টকাট ৷ এবিধ জীৱ খাদ্যৰ বাবে আন এবিধৰ ওপৰত নিৰ্ভৰশীল হোৱাটো এটা প্ৰাকৃতিক নিয়ম ৷ প্ৰকৃতিত তিনি প্ৰকাৰৰ প্ৰাণী আমি দেখিবলৈ পাওঁ ৷ এবিধ হ’ল তৃণভোজী (Herbivore), এবিধ মাংস ভোজী (Carnivore), আৰু আনবিধ সৰ্বভোজী (Omnivore) ৷ হৰিণা আদি তৃণভোজীবোৰ নথকাহেঁতেন পৃথিৱীখন হাবি বননিৰে ভৰি পৰিলহেঁতেন ৷ ঠিক সেইদৰে মাংসভোজী প্ৰাণীবোৰ নথকাহেঁতেন তৃণভোজীৰ সংখ্যা বাঢ়ি পৃথিৱীখন মৰুময় হ’লহেঁতেন ৷ গতিকে এই ‘খাদ্য শৃংখল'(Food chain)  প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে অতি প্ৰয়োজন ৷ সেইফালৰ পৰা ‘মাছ বুলি নাখাই জিজি বুলি খাব বিচৰাসকলে অৰ্থাৎ নিৰামিষভোজী হৈ দেৱীৰ প্ৰসাদ বুলি মাংস খাব বিচৰাসকলে বলি প্ৰথাক প্ৰাকৃতিকভাৱে প্ৰয়োজনীয় (Natural necessity) বুলি কোৱাটোত ভুল নাই৷ কিন্তু নিজৰ বা পৰিয়ালৰ ভাগ্য সুপ্ৰসন্ন কৰাৰ বাবে নিৰীহ প্ৰাণী এটাক ৰাজহুৱাকৈ হত্যা কৰাটো সমৰ্থনযোগ্য নহয়৷ তদুপৰি ‘অমুক ধৰ্মই ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি অমুক কৰি আছে, আমাৰ ধৰ্মই কিয় নকৰিব?’-সততে দেখিবলৈ পোৱা এনেধৰণৰ ধৰ্মীয় প্ৰতিযোগিতামূলক মানসিকতাই মানুহক যুক্তি-অযুক্তিৰ বাছ-বিচাৰ তথা মানৱীয় প্ৰমূল্যবোধৰ চিন্তাধাৰাৰ পৰা সহজে আঁতৰাই অনা দেখা যায়৷ মুঠতে যি ধৰ্মই নহওক কিয় ধৰ্মৰ নামত ৰাজহুৱাকৈ জীৱ হত্যা কৰাটো কেতিয়াও সমৰ্থনযোগ্য নহয়৷

ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ কিছুমান অনুশীলনে যেন আমাৰ মানসিকতাক আকৌ মধ্য যুগলৈহে লৈ গৈছে৷ দুৰ্গা পূজা অহাৰ লগে লগে বলি-বিধান সম্পৰ্কত বিভিন্ন জনৰ মাজত মতানৈক্যৰ সৃষ্টি হয়৷  ঠিক সেইদৰে কোৰবানিৰ সময়তো একেই মতানৈক্য! এটা চামে বলি বিধানৰ দৰে স্বাৰ্থসিদ্ধিৰ কৌশলবোৰক বিৰোধিতা কৰে, আন এটা চামে আকৌ পৰম্পৰাৰ দোহাই দি পুৰণি অযুক্তিকৰ নীতি-নিয়মবোৰ বজাই ৰাখিব বিচাৰে৷ শাস্ত্ৰৰ কথাৰে বা পৰম্পৰাৰ দোহাই দি বলি-বিধানৰ দৰে কুসংস্কাৰসমূহ সমাজত বৰ্তি ৰাখিব বিচৰাসকল আচলতে এক প্ৰকাৰৰ ধাৰ্মিক সুবিধাবাদী৷ যিবোৰে বিভিন্ন অলৌকিক কথাৰে মানুহক ধৰ্ম আৰু ঈশ্বৰ বিশ্বাসৰ আফিং খুৱাই মানুহৰ যুক্তিবাদী মনবোৰক ধংস কৰিব বিচাৰে৷ তেতিয়াহে তেওঁলোকে ধৰ্মৰ বেপাৰ সমূহ বিনাদ্বিধাই চলাই যাব পাৰিব! সোঁ-পন্হী ৰাজনৈতিক দলসমূহেও সেই একেই কাম কৰে অথবা সেই সুবিধাবাদী মানুহখিনিক পূৰ্ণ সমৰ্থন কৰে,তেতিয়াহে মানুহৰ ধৰ্মীয় আৱেগক তেওঁলোকে ৰাজনীতিত ব্যৱহাৰ কৰিব পাৰিব! তদুপৰি ভয় আৰু অভীষ্ট লাভৰ বাসনাই এচাম সাধক বা ভক্তৰ মনস্তাত্ত্বিক দিশক বিশেষভাৱে জোকাৰণি তোলে ৷ যাৰ বাবেই তেওঁলোকৰ দুৰ্বল মনত বিভিন্ন প্ৰশ্নৰ উদয় হয় ৷ তেওঁলোকে ভাবে, অতীতৰ পৰা চলি অহা পৰম্পৰা এটাক নামানিলে কিবা অপায় ,অমংগল হ’ব নেকি?  এই ভয়, সংশয়বোৰৰ বাবেই মানুহে বহুক্ষেত্ৰত বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী চিন্তাকো ধোঁৱা-চাঙত তুলিবলৈ কুন্ঠাবোধ নকৰে!

পশু বলি, নৰ-বলি, ক্ৰূৰতা, ৰক্তপাত আদি ধৰ্মৰ নামত নিজৰ আৰু আনৰ ওপৰত কৰা স্নায়ু উত্তেজনা সৃষ্টিকাৰী শাৰীৰিক নিৰ্যাতনৰ দৰে অন্ধবিশ্বাসসমূহ বিভিন্ন দেশৰ দেৱ-দেৱীৰ সন্তুষ্টি অথবা ৰোষ নিবৃত্তিৰ ধৰ্মাচৰণ প্ৰক্ৰিয়া আছিল৷ কিন্তু সময়ৰ লগে লগে যুক্তিবাদ আৰু বিজ্ঞানমনস্ক চিন্তাৰ প্ৰসাৰে উন্নত দেশবোৰত ইয়াৰ সংস্কাৰ ঘটাবলৈ বেছি দিন নালাগিল৷ কিন্তু আজিও আমাৰ দেশত এখন সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা যায়৷ বৰ্তমান সময়ত এনেধৰণৰ অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে কোৱাজনক হিন্দু সভ্যতা আৰু সংস্কৃতিৰ শত্ৰু ৰূপেহে চোৱা হয়৷ উদাহৰণস্বৰূপে বিশিষ্ট সংগীতজ্ঞ জুবিন গাৰ্গৰ কথাই যদি চোৱা হয়, জুবিন গাৰ্গে কামাখ্যাত গৈ বলিৰ বিৰোধিতা কৰোতে তেওঁক ৰক্ষণশীল সমাজে বহুতো গালি-গালাজ,সমালোচনা কৰা দেখা গৈছিল৷ তথাপিও জুবিন গাৰ্গৰ স্থিতি কিন্তু স্পষ্ট আছিল৷ জুবিন গাৰ্গৰ দৰে স্বনামধন্য শিল্পী এজনে নিজৰ জনপ্ৰিয়তাৰ খাতিৰত সুবিধাবাদী হৈ থকা নাই- জাত-পাত,বলি-বিধান আদিৰ দৰে অন্ধবিশ্বাস-কুসংস্কাৰসমূহৰ বিৰুদ্ধে বিভিন্ন সময়ত যি জনসচেতনতাৰ সৃষ্টি কৰিছে,তাত আমাৰ সদায়ে পূৰ্ণ সমৰ্থন আছে৷

অসমত বলি প্ৰথাৰ প্ৰথম আৰম্ভণিহোৱা জনা যায় শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত৷ এই মন্দিৰতেই প্ৰাচীন অসমৰ নৰ-বলিৰো আৰম্ভণি হৈছিল৷ দেউৰীসকলে ইয়াত পূজা কৰিছিল৷ দেউৰীসকল আছিল চুতীয়াসকলৰ পূজাৰী ৷প্ৰায় 1523 খ্ৰীষ্টাব্দত শদিয়া আহোম ৰাজ্যত চামিল হোৱাৰ পাছত আহোম ৰজাৰ ৰাজ স্বীকৃতিতে সেই মন্দিৰত নৰ বলি চলিছিল ৷ স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজ ক্ষমতাৰে এই নৰ বলিৰ প্ৰথা আঁতৰাব বিচাৰিছিল৷ পৰৱৰ্তী সময়ত ব্ৰিটিছ শাসন কালত লৰ্ড বেন্টিংকৰ আইনৰ দ্বাৰা নৰ বলিৰ দৰে বহুতো ভাৰতীয় সমাজৰ অন্ধবিশ্বাসজনিত কুসংস্কাৰ বন্ধ কৰা হ’ল ৷ কিন্তু মনৰ মাজত যেন আজিও সাধকে অভীষ্ট সাধনাৰ বাবে নৰ বলি মনে-প্ৰাণে স্বীকাৰ কৰে বাবে তাৰ সলনি কোমোৰা বা ম’হ বলি অথবা নৰৰ প্ৰতীকী বলি হিচাপে দিয়া দেখা যায়৷ কালিকা-পুৰাণ, যোগিনী-তন্ত্ৰৰ দৰে গ্ৰন্থত বলিৰ মাহাত্ম্য প্ৰকাশ কৰি বিভিন্ন ধৰণৰ প্ৰাণীৰ তেজেৰে কিদৰে স্বাৰ্থসিদ্ধি কৰিব পাৰি ,তাৰ বিভিন্ন ‘শ্বৰ্ত কাট’সমূহৰ বিষয়ে আলোচনা কৰা হৈছে৷ ধৰ্মৰ নামত নিজে কৰা কামবোৰৰ সপক্ষে যুক্তি দিবলৈ শাস্ত্ৰবোৰত হয়তো এনেকুৱা বহুতো সমল আছে৷ ইয়াৰ বাবেই ধৰ্মীয় পৰম্পৰাৰ দোহাই দিয়া সমাজৰ ৰক্ষণশীলসকলে এনেবোৰ ক্ষেত্ৰত প্ৰাচীন শাস্ত্ৰৰ কথাৰে মানুহক পতিয়ন নিয়াবৰ চেষ্টা কৰে৷ সাধাৰণভাৱে বুজাব নোৱাৰিলে বিজ্ঞানৰ এপ্ৰ’ন পিন্ধাই এনেধৰণৰ অন্ধবিশ্বাসসমূহতে বৈজ্ঞানিক যুক্তি আৱিষ্কাৰ কৰাও দেখা যায়৷ কিন্তু প্ৰাচীন শাস্ত্ৰত বলিৰ সম্পৰ্কে কি কৈছে, কি লিখিছে সেইবোৰৰ আলোচনালৈ নগৈ, একবিংশ শতিকাৰ আধুনিক মানুহ হিচাপে আমাৰ চিন্তাধাৰাত কিদৰে যুক্তিবাদী চিন্তা-চৰ্চা তথা বৈজ্ঞানিক মানসিকতাৰ উৎকৰ্ষ সাধন কৰিব পাৰি তাৰ ওপৰত আলোচনা হোৱাটোহে দৰকাৰ৷ শাস্ত্ৰৰ যিবোৰ কথা বা কৰ্ম বৰ্তমান সময়ৰ বাবে অপ্ৰাসংগিক বা অযুক্তিকৰ তেনেবোৰ কথা এৰাই চলিব পাৰিব লাগিব ৷এখন সুস্থ আধুনিক সমাজৰ বাবে আমাক কিছুমান সুস্থ পৰম্পৰাৰহে প্ৰয়োজন৷

ঈশ্বৰ, আল্লা,গডক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰ্মত বিভিন্ন ধৰ্মাচৰণ পদ্ধতিৰ উদ্ভৱ হৈছিল৷ বিভিন্ন ধৰ্মত ঈশ্বৰৰ বৈশিষ্ট্যসমূহতো পাৰ্থক্য দেখা যায়৷ ধৰ্মই ঈশ্বৰ সম্পৰ্কত ইমানেই বিপৰীতধৰ্মী বৈশিষ্ট্যৰ কথা কৈছে যে অৱধাৰিতভাৱেই বহু মানুহৰ বাবে ইয়াৰ অস্তিত্বতো প্ৰশ্নবোধক চিহ্ন আহি গৈছে৷ গতিকে বৰ্তমান সময়ত ঈশ্বৰৰ অস্তিত্ব বহু মানুহৰ বাবে এটা থৰক-বৰক বিশ্বাসতহে পৰিণত হৈছে৷ ঠিক, বিজ্ঞানৰ সেই ইথাৰৰ ধাৰণাটোৰ দৰেই!অৰ্থাৎ আধুনিক কালত ইথাৰৰ কাল্পনিক অস্তিত্ব আৰু শেষত ইয়াৰ ধাৰণা বাতিল হোৱাৰ দৰে কথা৷ পদাৰ্থ আৰু শক্তিৰ পৰিবহণৰ বাবে মহাশূন্যত এটা মাধ্যম লাগে, যিটোক ভবা হৈছিল ইথাৰ বুলি৷ পিছে ইথাৰৰ সহায়েৰে বৈজ্ঞানিক প্ৰপঞ্চ ব্যাখ্যা কৰিবলৈ যাওঁতে কিছুমান ক্ষেত্ৰত দেখা গ’ল যে ইথাৰ হ’ব লাগিব তেনেই পাতল বস্তু, আন কিছুমান ঘটনা ব্যাখ্যা কৰোতে ধৰি ল’বলগা হ’ল যে ইথাৰ যথেষ্ট ঘন বস্তু৷এনে বিপৰীতধৰ্মী বৈশিষ্ট্যই যথেষ্ট অসুবিধাত পেলালে আৰু শেষত থিৰাং কৰা হ’ল যে ইথাৰৰ দৰে কোনো বস্তুৱেই নাই৷ যদিও আজিৰ তাৰিখত বহু মানুহ ঈশ্বৰৰ অস্তিত্বৰ প্ৰতি সন্ধীহান অৱস্থাত, তথাপিও বহুতে সামাজিক ভয়,মানসিক সান্ত্বনা তথা ভৱিষ্যতৰ প্ৰতি থকা ভয়-সংশয়ৰ বাবেই বলি-বিধানৰ দৰে ঈশ্বৰকেন্দ্ৰিক ধৰ্মাচৰণ কিছুমানক এৰিব নোখোজে৷

শিৰোনামাত বলি প্ৰথাক কেঞ্চাৰ বেমাৰৰ লগত তুলনা কৰা হৈছে৷ কাৰণ কেঞ্চাৰে যিদৰে এগৰাকী ৰোগীক আভ্যন্তৰীণ যন্ত্ৰণা দি থাকে যদিও তাৎক্ষণিক মৃত্যুত নেপেলায় ঠিক সেইদৰে বলি প্ৰথাও আধুনিক সমাজৰ বাবে কেঞ্চাৰ সদৃশ৷ বলি প্ৰথাক হাজাৰ বছৰীয়া পৰম্পৰাৰ ৰক্ষাৰ অনুশীলন বুলি ওপৰে ওপৰে চাবলৈ গ’লে কোনো অসুস্থ পৰম্পৰা যেন নালাগে৷ কিন্তু নিৰপেক্ষ তথা বস্তুবাদী দৃষ্টিৰে যদি ইয়াৰ আভ্যন্তৰীণ দিশসমূহ চাওঁ তেন্তে দেখা পাম,এনেবোৰ পৰম্পৰা অথবা উদ্ভট বিশ্বাসে কিদৰে মানুহৰ আত্মপ্ৰত্যয়(self confidence) কমাই আনে,বস্তুনিষ্ঠ হোৱাত বাধা জন্মায় তথা কোনো সামাজিক সমস্যাৰ কাৰণ অনুসন্ধানৰ বেলিকাও ই মানুহক বস্তুনিষ্ঠ হ’বলৈ উদগনি বা শিক্ষা নিদিয়ে৷ ইয়াৰ বিপৰীতে মধ্যযুগীয় কিছুমান চিন্তা-ধাৰাক পুনৰ উজ্জীৱিত কৰাতহে সহায় কৰে,যি আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ সমাজখনৰ বাবে সদায়ে হেঙাৰ স্বৰূপ হৈ আহিছে৷ ৰীতি-নীতি, লোকবিশ্বাস আৰু পৰম্পৰাই যিদৰে এটা জাতিৰ ধব্বজাবাহক হিচাপে থিয় দিয়ে, বলি-বিধান, কোৰবানি আদিৰ দৰে ৰীতি-নীতি আৰু লোকবিশ্বাসে কিন্তু কালক্ৰমত জাতিটোৰ সংকীৰ্ণ মানসিকতাৰহে পৰিচয় হৈ পৰে৷ গতিকে সমাজৰ পৰা এনেধৰণৰ কেঞ্চাৰ ৰূপী লোকবিশ্বাস অথবা পৰম্পৰাসমূহ আঁতৰ কৰাত আমি সকলোৱে আগভাগ লওঁ আহক৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *