পৰিবেশ-প্ৰকৃতি

বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ – (নৱজিৎ বৰ্মন)

 

বন্যপ্ৰাণী সুৰক্ষা আইনখন (Wild Life (protection) Act 1972) আমি বহুতেই নাজানো। সাধাৰণ মানুহখিনি বাদেই, প্ৰশাসনৰ মানুহখিনিয়ে সজাগ নহয়। কিন্তু কোনোবা সজাগ নোহোৱাৰ অৰ্থ এইটো নহয় যে আইনখন দুৰ্বল । তলত আইনখনৰ কিছু দিশ দাঙি ধৰাৰ চেষ্টা কৰা হ’ল।

 ■চিকাৰ■ এতিয়া আমাৰ মনত ভাব হ’ব আমি কেতিয়াও চিকাৰ কৰা নাই, বা চেষ্টা কৰা নাই – আমাৰ কি শাস্তি হ’ব। কিন্তু এই আইনখনৰ মতে চিকাৰ কৰা মানে – কোনো বন্যপ্ৰাণী বা আবদ্ধ প্ৰাণীক হত্যা কৰা, বিহ দিয়া, আৰু তেনে কৰিবলৈ লোৱা প্ৰচেষ্টা। কোনো বন্যপ্ৰাণীক আটক কৰা ফান্দ জালত পেলোৱা, জাল পতা , খেদা , টোপ দিয়া , আৰু তেনে কৰিবলৈ চেষ্টা কৰা যিকোনো কাৰ্য। এনে প্ৰাণীক আঘাত কৰা , নাশ , শৰীৰৰ যিকোনো অংশ সংগ্ৰহ কৰা বা চৰাই /সৰীসৃপৰ কণী-বাহ নষ্ট কৰা ।

◆হাথিয়াৰ (weapon) ◆ গুলি-বাৰুদ , ধনু-কাঁড় , আগ্নেয়াস্ত্র , বৰশী , চুৰি , জাল , বিহ , ফান্দ , সংজ্ঞাহীন কৰিব পৰা সামগ্ৰী , আঘাত বা হত্যা কৰিব পৰা যিকোনো সঁজুলি বা সামগ্ৰী।

 ■ এই আইনৰ মতে আপুনি ঘৰত কোনো বন্যপ্ৰাণী আবদ্ধ কৰি ৰাখিব নোৱাৰিব । কাৰণ আবদ্ধ কৰা মানেও চিকাৰ বুজাব । আৰু বন্যপ্ৰাণী মানে অকল গঁড়, হাতী, বাঘ নহয় । আপুনি ঘৰত পুহি ৰখা মইনা , ভাটৌ , শালিকাও বন্যপ্ৰাণী। অৰ্থাৎ এইবোৰ প্ৰাণী চিকাৰ/আবদ্ধ কৰা বাবে আপোনাৰ ১০ বছৰ জে’ল হ’ব পাৰে । সেয়েহে আপোনাৰ তাত বা আপুনি জনা কাৰোবাৰ তাত এনে কোনো প্ৰাণী আবদ্ধ হৈ আছে বন বিভাগক দিয়ক।

■ক্ষমতা প্ৰদান ■ প্ৰৱেশ , অনুসন্ধান , বন্দী আৰু আটক কৰা। বৰ্তমান প্ৰচলিত যিকোনো আইনত যি বিধিয়েই নাথাকক , বন্যপ্ৰাণী সংৰক্ষণ সঞ্চালক বা তেওঁৰদ্বাৰা প্ৰাধিকৃত যিকোনো বনবিষয়া , উপপৰিদৰ্শক ( sub inspector) বা তাৰ ঊৰ্ধ্বতন আৰক্ষী বিষয়াই এই আইনৰ বিৰুদ্ধে কোনো ব্যক্তিয়ে অপৰাধ কৰিছে বুলি বিশ্বাস কৰাৰ যুক্তিসংগত কাৰণ পালে , আটক কৰিব পাৰে, লগতে তেখেতৰ লগত থকা সামগ্ৰী , বাহন , হাথিয়াৰ জব্দ কৰিব পাৰে । ইয়াৰ লগতে আন আন আইনৰ ধাৰাসমূহো ইয়াৰ লগত যুক্ত হ’ব পাৰে। এইখিনি লিখাৰ উদ্দেশ্য হ’ল নজনাকে ঘৰত বন্দী কৰি ৰখা মানুহখিনিক সজাগ কৰা। আপুনি জানি-শুনি এটা অপৰাধ নকৰে বুলি আশা কৰিলোঁ । আৰু যদিহে আপোনাৰ তাত এনে বন্যপ্ৰাণী আছ ওচৰৰ বনবিষয়াক খবৰ কৰক। আপোনাৰ চিনাকি এজন অপৰাধী নহয় যেন।

 

Print Friendly, PDF & Email

One thought on “বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ – (নৱজিৎ বৰ্মন)

  • Parag hazarika

    নমস্কাৰ মই গহপুৰ সমষ্টি কলাবাৰী অঞ্চলৰ ।
    মোৰ ওচৰ এটা চৰকাৰী জালাশয়ত এটা পুখুৰী খান্দিব ওলাইছে ।যদি এই খনন কাৰ্য হয় তেনে তাত থকা বহু প্ৰজাতি চৰাই, মাছ,সাপ ধ্বংস হব গতিকে গতিকে এই কাম বন্ধ কৰক ।
    ধন্যবাদ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *