বৰ্ণবাদ বনাম বিহু - টুনুজ্যোতি গগৈ

অসমৰ প্ৰচাৰ মাধ্যমত শেহতীয়াভাৱে ‘ব্ৰাহ্মণ্যবাদ' শব্দটো সঘনাই উচ্চাৰিত আৰু উল্লেখিত হোৱাৰ ফলত সৰ্বসাধাৰণৰ মাজত এই শব্দটোক লৈ বিভিন্নধৰণৰ চৰ্চা পৰিলক্ষিত হৈছে৷ অজ্ঞতা আৰু অনুমানৰ ভেটিত হোৱা চৰ্চাবোৰ মূলতঃ এনেধৰণৰ –‘বিজেপি ক্ষমতালৈ আহিলে ব্ৰাহ্মণ্যবাদে অসমীয়া জাতিক ধ্বংসৰ গহ্বৰলৈ ঠেলি পঠিয়াব', ‘আগতে অসমত ‘ব্ৰাহ্মণ্যবাদ' বুলি কোনো শব্দই নাছিল, অখিল গগৈয়েহে এই শব্দটো প্ৰথম প্ৰচলন কৰিছে' ইত্যাদি৷ বহুতে আকৌ ‘ব্ৰাহ্মণ' আৰু ‘ব্ৰাহ্মণ্যবাদ' শব্দ দুটা একাকাৰ কৰি পেলাইছে৷ এই আপাহতে ‘ব্ৰাহ্মণ্যবাদ' মানেনো কি আৰু এই ব্ৰাহ্মণ্যবাদ ব্যৱস্থা অসমত কেতিয়াৰপৰা আৰু কেনেদৰে প্ৰচলিত হৈ আহিছে, সেই সম্পৰ্কে আলোচনাৰ প্ৰয়োজন আছে৷

ভাৰতীয় সমাজব্যৱস্থাৰ আদিতে আৰ্য বা আদিবাসী অনাৰ্যসকলৰ মাজত কোনো শ্ৰম বিভাজন নাছিল – প্ৰতিজন ব্যক্তিয়েই পূজাৰী, যুঁজাৰু আৰু শ্ৰমকাৰী আছিল৷ পাছলৈ ব্যক্তিৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিয়েই আৰ্য সমাজত শ্ৰম বিভাজনৰ সূচনা হ'ল৷ অৰ্থাৎ আদিবাসী অনাৰ্যসকলৰ সৈতে প্ৰতিনিয়ত যুদ্ধত লিপ্ত হৈ থাকিব লগা হোৱাত সকলো ব্যক্তিয়ে সকলোবোৰ কাম কৰিব নোৱৰা হৈ পৰিল৷ অধ্যয়নপ্ৰিয় আৰু সংস্কৃতিৱান ব্যক্তিসকলে যাগ-যজ্ঞত ব্যস্ত হৈ ব্ৰাহ্মণ সম্প্ৰদায়ৰূপে পৰিচিত হোৱাৰ বিপৰীতে দৈহিকভাৱে সবল আৰু পৰাক্ৰমী ব্যক্তিসকল যুঁজ-বাগৰত লিপ্ত হৈ ক্ষত্ৰিয় সম্প্ৰদায়ৰূপে পৰিচিত হ'ল আৰু তেওঁলোক যাগ-যজ্ঞৰপৰা আঁতৰি থাকিল৷ কৃষিকাৰ্য আৰু কুটিৰ শিল্পত জড়িত ব্যক্তিসকল বৈশ্য সম্প্ৰদায়ৰূপে পৰিচিত হোৱাৰ বিপৰীতে যুদ্ধত পৰাজিত অনাৰ্যসকল হৈ পৰিল শূদ্ৰ বা দাস শ্ৰেণীভূক্ত৷ এই শূদ্ৰ বা দাসসকলক সকলোধৰণৰ বৈদিক সংস্কাৰ আৰু সামাজিক অধিকাৰৰপৰা বঞ্চিত কৰি ৰখা হ'ল৷ সময়ৰ সোঁতত এই শ্ৰম বিভাজন জন্মগত হৈ পৰাত মানসিকভাৱে কিছু আগবঢ়া ব্ৰাহ্মণসকলে নিজকে শ্ৰেষ্ঠ বুলি দাবী কৰিবলৈ ধৰিলে৷ ব্ৰাহ্মণসকলৰ এই দাবীক ক্ষত্ৰিয়সকলে সহজে মানি ল'বলৈ টান পাইছিল বাবেই ব্ৰাহ্মণ-ক্ষত্ৰিয়ৰ মাজত সামৰিক তথা আধ্যাত্মিক সংঘাত ব্যাপক ৰূপত সংঘটিত হৈছিল৷ ঋষি পৰশুৰামে ক্ষত্ৰিয় নিধনৰ অভিযান চলোৱা, ৰজা কীৰ্তবীৰ্যাৰ্জুনে ব্ৰাহ্মণ নিধনৰ বাবে যুদ্ধ কৰা আদি ৰূপকথাই ব্ৰাহ্মণ-ক্ষত্ৰিয়ৰ মাজৰ সংঘাতকে সূচায়৷ ব্ৰাহ্মণ-ক্ষত্ৰিয়ৰ মাজৰ সংঘাতৰ প্ৰতিক্ৰিয়া তদানীন্তন ভাব জগততো প্ৰতিফলিত হৈছিল৷ ক্ষত্ৰিয়সকলৰ দাৰ্শনিক ভাবনাৰ বিকাশ ঘটিছিল উপনিষদৰ জৰিয়তে৷ উপনিষদে সজোৰে ঘোষণা কৰিছিল যে পৰম সত্যৰ কাষত বৈদিক কৰ্ম-কাণ্ডৰ কোনো স্থান নাই আৰু আত্মাৰ মুক্তিৰ বাবে ব্ৰাহ্মণসকলৰ সহায়ৰো প্ৰয়োজন নাই৷ লক্ষণীয় যে ক্ষত্ৰিয়সকলে ব্ৰাহ্মণৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ সময়ত বৈশ্য আৰু শূদ্ৰসকলে সামাজিক মুক্তিৰ সন্ধান কৰা নাছিল : বৰং নিজস্ব দৰ্শনক বেদান্ত আখ্যা দি বেদৰ আধিপত্যহে প্ৰচাৰ কৰিছিল৷

 লক্ষণীয় যে আৰ্য সমাজত ঋকবেদৰ যুগতে শ্ৰম বিভাজন সূচনা হ'লেও তেতিয়া সেই বিভাজন বহু পৰিমাণে নমনীয় আছিল আৰু তেনে বিভাজনৰ ক্ষেত্ৰত বৰ্ণ অৰ্থাৎ গাৰ ছালৰ বৰণে প্ৰাধান্য পাইছিল৷ (http://adaniel.tripod.com/india.htm) বুদ্ধি-বৃত্তিত আগবঢ়া গৌৰবৰ্ণীসকলে যথেষ্ট কায়িক পৰিশ্ৰম প্ৰয়োজন হোৱা কামবোৰ থলুৱা কৃষ্ণবৰ্ণী জনগোষ্ঠীৰ লোকসকলক বিভিন্ন মন্ত্ৰণাৰে কৰিবলৈ বাধ্য কৰাইছিল আৰু কালক্ৰমত তেনে মন্ত্ৰণা গভীৰ আৰু ব্যাপক হৈ পৰিছিল৷ শ্ৰম বিভাজনে এক স্তৰীকৃত ৰূপ লোৱাৰ পাছত ব্ৰাহ্মণৰ শ্ৰেষ্ঠত্ব সাব্যস্ত হোৱাৰ লগতে কায়িক শ্ৰমক হেয়জ্ঞান কৰি মানসিক শ্ৰম অৰ্থাৎ জ্ঞান-চৰ্চাৰ ধ্বজা উত্তোলিত হয়৷ উৎপাদন প্ৰক্ৰিয়াৰ ক্ৰমবিকাশৰ সমান্তৰালভাৱে উদ্বৃত্ত স্ৰষ্টা আৰু উদ্বৃত্ত উপভোক্তাৰ মাজত বিস্তৰ ব্যৱধানৰ সৃষ্টি হয়৷ সেইদৰে, চৰম বিচ্ছেদ সংঘটিত হয় কায়িক আৰু মানসিক শ্ৰমৰ মাজতো৷ শ্ৰেণীশোষণৰ এনে অমানুষিক ব্যৱস্থাটোৱেই ব্ৰাহ্মণ্যবাদ ৰূপে পৰিচিত হৈ আহিলেও আমাৰ এই আলোচনাত এতিয়াৰপৰা ব্ৰাহ্মণ্যবাদৰ সমাৰ্থক শব্দ বৰ্ণবাদহে ব্যৱহাৰ কৰা হ'ব৷ (শৰ্মা, কিশোৰী মোহন : মানৱতাৰ বধ্যভূমি বৰ্ণবাদী ভাৰতত এভুমুকি, ডিব্ৰুগড়, ১৯৮৬ চন৷ পৃ. ৩-৯)

প্ৰখ্যাত ইতিহাসবিদ ডঃ দামোদৰ ধৰ্মানন্দ কৌশাম্বীৰ মতে, বৰ্ণবাদৰ ভূমিকা প্ৰাৰম্ভণিতে প্ৰগতিশীলেই আছিল৷ ‘নতুন পুৰোহিত' শ্ৰেণীটোৱে আৰ্য আৰু অনাৰ্য জনগোষ্ঠীসমূহৰ সংমিশ্ৰণত গঠিত সমাজখনৰ বিকাশত বহু পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছিল৷ এই শ্ৰেণীটোৰ একমাত্ৰ লক্ষ্য আছিল জীৱিকাৰ সন্ধান কৰা৷ বেদৰ দীঘলীয়া আৰু কঠিন শিক্ষাই তেওঁলোকক জনজাতীয় সমাজৰ আগোচৰে ঐক্যবদ্ধ হ'বলৈ প্ৰেৰণা যোগাইছিল আৰু তেনে প্ৰেৰণাই জনজাতীয় বান্ধোন ক্ৰমশঃ শিথিল কৰি এখন নতুন সমাজ গঠনৰ ক্ষেত্ৰতো অৰিহণা যোগাইছিল৷ তেওঁলোকেই জনজাতীয় সমাজখনক খাদ্য সংগ্ৰহকাৰী সমাজৰ পৰিৱৰ্তে খাদ্য উৎপাদনকাৰী সমাজলৈ ৰূপান্তৰিত কৰিলে৷ (কৌশাম্বী, ডঃ দামোদৰ ধৰ্মানন্দ : ভাৰতৰ ইতিহাস, অসমীয়া অনুবাদ : ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, গুৱাহাটী, ১৯৮১ চন৷ পৃ. ১৪৯)

বৰ্ণবাদৰ এনে প্ৰগতিশীল ভূমিকা কম সময়ৰ ভিতৰতে প্ৰতিক্ৰিয়াশীল হৈ পৰিল৷ কেৱল সামাজিক উৎপাদনৰ স্বাৰ্থত আৰম্ভ হোৱা নমনীয় আৰু পাৰস্পৰিক পৰিৱৰ্তনীয় শ্ৰম বিভাজন হৈ পৰিল অলংঘনীয়, অপৰিৱৰ্তনীয় আৰু স্তৰবিন্যস্ত৷ এই প্ৰসংগত ডঃ হীৰেন গোহাঁইৰ এটি মন্তব্য প্ৰণিধানযোগ্য – ‘... ব্ৰাহ্মণ্যবাদ পিছলৈ জনসাধাৰণৰ বাবে এক নিষ্পেষণকাৰী শক্তি হৈ পৰিছিল৷ প্ৰথমৰেপৰা তাৰ লগত জড়িত আৰ্থিক শোষণ আৰু সামাজিক অৱদমনে পিছলৈ এক সৰ্বগ্ৰাহী ৰূপ লৈ জনসাধাৰণৰ মনত ক্ষোভ আৰু হতাশাৰ জন্ম দিছিল৷ বিশেষকৈ ব্যাপক ভূমিদান আৰু অন্যান্য উপায়ে সম্পত্তি অৰ্জন কৰি ব্ৰাহ্মণ্য ধাৰণা মতে শ্ৰেষ্ঠ জাতি বুলি বিবেচিত ব্ৰাহ্মণসকলে সমাজৰ ওপৰত বিশেষ প্ৰতিপত্তি চলাবলৈ সক্ষম হ'ল৷' (গোহাঁই, ডঃ হীৰেন : অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, গুৱাহাটী, ১৯৯১ চন৷ পৃ. ৪৪-৪৫) সন্দেহ নাই যে বৰ্ণবাদৰ কঠোৰ আৰু অমানুষিক অনুশাসনবোৰে শ্ৰেণী সংগ্ৰামৰ স্বাভাৱিক গতিক একেবাৰে ৰুদ্ধ কৰি তুলিব নোৱাৰিলেও প্ৰচণ্ড বাধাৰ সৃষ্টি কৰিলে৷

পাঁচ হেজাৰ বছৰীয়া প্ৰাচীন বুলি কোৱা ভাৰতীয় সভ্যতাৰ সবাতোকৈ ক্ষয়ংকৰী উপাদান বৰ্ণবাদে অসমভূমিত মধ্যযুগৰ আহোম আৰু কোচ ৰাজ প্ৰশাসনত পোখা মেলিছিল৷ বৰ্ণবাদে পোখা মেলাৰ পূৰ্বে সাতৰাজ সামৰি এক ৰাজ কৰা আহোম প্ৰশাসন ব্যৱস্থাত পাইক প্ৰথা বৰ্তি থাকিলেও বেদপন্থী আৰ্য সমাজত থকাৰ দৰে জাতিভেদ প্ৰথা বা শ্ৰম বিভাজনৰ অস্তিত্ব তেনেকৈ নাছিল৷ তিব্বত-বৰ্মী মংগোলীয় জনগোষ্ঠীসমূহৰ সকলো নৰ-নাৰীয়ে পৰিয়াল বা সমাজৰ উৎপাদন প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু উভয়ে সমানে কায়িক শ্ৰম কৰিছিল৷ পথাৰ-সমাৰত ব্যস্ত হৈ থকা ভিন্ন জনগোষ্ঠীৰ নৰ-নাৰীৰ প্ৰেম-প্ৰীতি, বিৰহ-বেদনা, শ্ৰম-অৱসাদৰ ছন্দে ছন্দে গীত-নৃত্যৰ সৃষ্টি হৈছিল আৰু সেইবোৰেই কালক্ৰমত কৃষি উৎসৱৰূপে পৰিগণিত হৈছিল৷ খেতিৰ বতৰতে পালিত সেই উৎসৱবোৰৰ কোনো উমৈহতীয়া সময়পঞ্জী বা ৰীতি-নীতি নাছিল, সিবোৰ সংশ্লিষ্ট জনগোষ্ঠীসমূহে বছৰ বছৰ ধৰি নিজৰ মাজত পালন কৰি আহিছিল৷

মূলতঃ উজনি অসমৰ ভিন্ন জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত হৈ অহা বসন্তকালীন কৃষি উৎসৱসমূহে আহোম ৰাজতন্ত্ৰৰ পৃষ্ঠপোষকতাত বিহু ৰূপে এক সামূহিক চৰিত্ৰ লাভ কৰিলে৷ এই প্ৰসংগত ডাঃ মাণিক চন্দ্ৰ চেতিয়াই লেখিছে যে চুক্লেংমুং (১৫৩৯-১৫৫২ চন) ৰজাৰ দিনত অসমৰ কছাৰী, চুতীয়া, মৰাণ, মটক, বৰাহী, মিচিং, দেউৰী, মিচিমি আদি জনগোষ্ঠীৰ পাইকসকলে চ'ত মাহৰ শেষৰপৰা ব'হাগৰ সাত দিন ৰাজকীয় কামলৈ নোযোৱাত আলি বন্ধা, পুখুৰী খন্দা, দ'ল-দেৱালয় নিৰ্মাণ আদিত বাধা পৰিছিল৷ ৰজাই পাইকসকল কামলৈ নহাৰ বিষয়ে খা-খবৰ কৰি গম পালে যে তেওঁলোকৰ গাত ‘পিহু' (‘পি' মানে পান কৰা আৰু ‘হু' মানে মনৰ দুখ-বেদনা) লাগিছে, সেয়ে সাত দিন তেওঁলোকে পিহুত ব্যস্ত থাকে৷ ৰজাই পিহুস্থলীলৈ গৈ দেখিলে যে পুৰুষসকলে কুলি, কেতেকী, ভোমোৰা, জিলিৰ সুললিত কলৰৱৰ মাজত ঢোল, পেঁপা, গগনা, টকা, বাঁহী, সুতুলি, তাল লৈ নাচি-বাগি আনন্দ বিভোৰ হৈ আছে৷ ৰজাই সেই দৃশ্য দেখি বৰ আনন্দ পালে আৰু তাতেই পিহুক ন-কৈ জন্ম দিব বুলি ঘোষণা কৰিলে৷ (‘বিহুৰ উৎপত্তি সম্পৰ্কে  জানেনে ?’, পাটকাই,  ১৪ জুলাই, ২০০৯ চন) আহোম স্বৰ্গদেৱ ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪ চন)ৰ দিনত ৰংঘৰ বাকৰিত বিহুৱে আনুষ্ঠানিকভাৱে সামাজিক মৰ্যাদাপ্ৰাপ্ত হোৱাৰ পাছৰপৰাই হাবি বা পথাৰৰ বিহু মানুহৰ চোতাল পালেহি৷

কৃষিজীৱী জনজাতীয় সমাজৰপৰা উদ্ভূত এই বিহুৰ সৈতে আৰ্যমূলীয় কোনো সমাজৰে কোনো সম্পৰ্ক নাছিল বাবেই বৰ্ণবাদী পৰম্পৰাৰে উঠি অহা আৰু ইংৰাজী শিক্ষাৰে শিক্ষিত নব্য অসমীয়া মধ্যশ্ৰেণীয়ে বিহুৰ প্ৰতি তীব্ৰ বিদ্বেষ প্ৰকাশ কৰিছিল৷ অথচ, অসমবাসীৰ মনত ভাষা-ভিত্তিক জাতীয় চেতনা সৃষ্টিত এই মধ্যশ্ৰেণীয়েই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷ মিছনাৰিসকলৰ সহযোগত আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আদিয়ে অসমীয়া ভাষাৰ হৃত মৰ্যাদা ফিৰাই আনিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল৷

ঊনবিংশ শতিকাত অসমত বৰ্ণবাদ প্ৰথা ইমান গভীৰলৈকে শিপাইছিল যে অষ্টম দৰিদ্ৰ এজনেও একে জাতৰ নহ'লে ভিক্ষা গ্ৰহণ নকৰিছিল৷ মৃতপ্ৰায় ৰোগীয়ে জাত যোৱাৰ ভয়তে ধৰ্মপ্ৰচাৰৰ উদ্দেশ্যে অহা খ্ৰীষ্টান মিছনাৰিসকলৰ দৰবো খোৱা নাছিল৷ সেইদৰে, বেদপন্থী আৰ্যমূলীয় সমাজত বাল্যবিবাহৰ দৰে কুপ্ৰথা প্ৰচলিত হৈ থকাৰ বিপৰীতে বিধৱা নাৰীৰ প্ৰতি পোষণ কৰা হৈছিল চৰম অমানৱীয় দৃষ্টিভংগী৷ তেনে এখন সমাজত মুকলিমূৰীয়া প্ৰেম-প্ৰীতি-বিৰহ-বেদনাৰ কথা ভাবিবই নোৱাৰি৷ অথচ, জনজাতীয় সমাজত গাভৰু ছোৱালীয়ে পুষ্পিতা হোৱাৰ পাছতো পথাৰে-সমাৰে ডেকাৰ সমানে সমানে মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিছিল৷ অবিবাহিতা নাৰীয়ে নিজৰ যৌন বাসনা বিহুনামৰ জৰিয়তে নিৰ্দ্বিধায় প্ৰকাশ কৰিছিল–

তোমাৰ তিনিখন আমাৰ তিনিখন

ছখনি কাপোৰৰ জাপ

তোমাৰ তিনিখন লোৱা বাছি বাছি

কুকুৰাই দিলেহি ডাক৷

জনজাতীয় সমাজত পৰিলক্ষিত নৰ-নাৰীৰ এনে মুক্ত বিচৰণ আৰু আচৰণক আৰ্যমূলীয় সমাজে সহজভাৱে ল'ব পৰা নাছিল৷ তেনেস্থলত সেই সমাজে জনজাতীয় সমাজৰপৰা উদ্ভূত বিহুক আদৰি লোৱাৰ প্ৰশ্নই নুঠে৷ সেয়ে বেদপন্থীসকলে বিহুক অসমৰপৰা নিষেধ আৰু নিঃশেষ কৰিবলৈ ঔপনিৱেশিক-সাম্ৰাজ্যবাদী ইংৰাজ শাসকসকলক কাকূতি-মিনতি কৰাৰ লগতে বিহু সম্পৰ্কে দৃষ্টিকটু মন্তব্য কৰি থৈ গৈছে৷

 ঊনবিংশ শতিকাৰ শিক্ষিত পুৰুষ হলিৰাম ঢেকীয়াল ফুকন (১৮০২-১৮৩২)-এ লোক উৎসৱ বিহুক গ্ৰামাঞ্চলত বসবাস কৰা ইতৰ শ্ৰেণীৰ লম্পট স্ত্ৰী-পুৰুষৰ যৌনাচাৰ বুলিহে আখ্যা দিছিল৷ লক্ষণীয় যে ঢেকীয়াল ফুকনৰ দৰে এচাম ব্ৰিটিছ অনুগত অসমীয়া আমোলা-বিষয়াই নিজা মাতৃভাষা বৰ্জন কৰি বঙালী ভাষাক বুকুৰ আপোন কৰি লৈছিল৷ তেওঁ বঙালী ভাষাত প্ৰকাশিত ‘আসাম বুৰঞ্জী' (১৮২৯ খৃঃ)ত বিহু সম্পৰ্কে লেখিছে – ‘সাধারণ লোকের স্ত্ৰীলোক ও লম্পট পুরুষসকল একত্ৰ হইয়া অত্যন্ত জুগুপ্সিত নৃত্য-গীত করিয়া থাকে৷ পল্লীগ্ৰামে সৰ্ব্বপেক্ষা এই পৰ্ব্ব অধিক কিন্তু এই কুরীতি কামরূপে নাই সৌমারে অধিক৷' ‘অসম হাবি গুচি ফুলবাৰী' হওক বুলি আশা কৰা আনন্দৰাম ঢেকীয়াল ফুকনৰো বিহুৰ প্ৰতি ভাল ভাব নাছিল৷ তেওঁ লেখিছিল – ‘এই অসম দেসৰ অনেক ঠাইত বচৰি বিহুত জিসকল বিভিচাৰ ক্ৰিয়া কৰে তাক সকলে জানে৷ এই কুৰিতি আন কোনো দেসত নাই আৰু সি অসমৰ এক মহা কলংক হৈচে৷ সদালোকসকলে কি এই কুচিত কথাত একে বেলিএ চকু মুদিলে? বিহুৰ অকৰমৰ কথাত কাৰ চিতে বিসম নেপাব? হে দেসস্থ বৰ লোকসকল তোমালোকে এই কুকৰম একে বেলিয়ে গুচাবৰ পুৰুসাৰ্থ কৰা৷'

আনন্দৰাম ঢেকীয়াল ফুকন (১৮২৯-১৮৫৯)ৰ জীৱনীকাৰ গুণাভিৰাম বৰুৱা (১৮৩৮-১৮৯৮)ই কৈছে যে ঢেকীয়াল ফুকনে অশ্লীলতা বৰ বেয়া পাইছিল৷ তেওঁ নগাঁৱৰ বিভিন্ন অঞ্চলত বিহু নিষিদ্ধ কৰাৰ লগতে ই অপকাৰী ৰীতি বুলি ৰাইজক বুজাইছিল৷ ঢেকিয়াল ফুকনৰ সুৰত সুৰ মিলাই বৰুৱাই মন্তব্য কৰিছিল – ‘চৈত্ৰৰ বিহুত সংক্ৰান্তিৰপৰা সাতদিন কোনো ঠাইৰ ইতৰ লোকসকলে স্ত্ৰী-পুৰুষে কোনো প্ৰকাশ্য স্থানলৈ গৈ নৃত্য-গীত কৰে৷ সি সময়ত অবাচ্য আৰু অশ্লীল গীত গোৱা আৰু নিল্লৰ্জ ভাৱভংগী দেখুৱা হয়৷' অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই অন্য ক্ষেত্ৰত তেওঁৰ বিপ্লৱী চেতনাৰ পৰিচয় দিলেও বিহুক কাহানিও সাংস্কৃতিকভাৱে সহজে ল'ব পৰা নাছিল৷ ভট্টাচাৰ্যই লেখিছিল – ‘বিহুৰ ছবিটো আঁকি এবাৰ চকুৰ আগত উলিয়ালে কেনে নাক কটাৰ সমান লাজ ধৰে, শিক্ষিত ডেকাসকল এবাৰ ভাবি চোৱাচোন৷ বিদেশীবিলাকে বিহু দেখি আমাক বৰ নিন্দা কৰে৷....স্কুলৰ ছাত্ৰবিলাকক বিহুৱে বৰ অনিষ্ট কৰিছে৷ শিক্ষিত ভাইসকল বিহুৰ সলনি উপকাৰী ধেমালি এটা সমুৱাই বিহুক সোনকালে আঁতৰাবৰ চেষ্টা কৰা৷' ভট্টাচাৰ্যই বিহুৰ নিলাজ গীত-মাতবোৰে অসমীয়া সতীসকলক ভ্ৰষ্ট কৰিব বুলিও উদ্বিগ্নতা প্ৰকাশ কৰিছিল৷

সত্ৰ-সংস্কৃতিৰ সন্তান, সাহিত্যিক ৰত্নেশ্বৰ মহন্তই ‘গাৰোবৃতান্ত’ ৰচনাত গাৰোসকলক ‘অসভ্য, বৰ্বৰ' আখ্যা দি কৈছিল – ‘এই অসভ্য গাৰোহঁতে বিহুত যি উৎসৱ কৰে, আমাৰ সভ্যবিলাকৰ উৎসৱতকৈ সি বহুত গুণে ভাল৷ আমাৰ সভ্য ৰুচিৰে ভায়েকে ভনীয়েকক ঢোল কোবাই নচোৱাকে ভাল দেখে, ভায়েকৰ আগত ভনীয়েকে নিলাজ গীত গোৱাকো শলাগে, সৰ্বসাধাৰণৰ আগত বিহু হাটত বিহুগীত গাই উৎকট বিকটৰূপে চিয়ঁৰি চিয়ঁৰি টকা কোবাই অশ্বিল অঙ্গি-ভঙ্গি কৰি নচাকো অনেক ভদ্ৰ সন্তানে হাবিয়াস কৰি চাবলৈ যায়, কিন্তু অসভ্য পব্বৰ্তীয়া হানাহঁতৰ এনে নহয়৷' (শইকীয়া, নগেন (পুনঃ সম্পা.), আসাম বন্ধু, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৮৪ চন)

‘‘Anglo-Assamese’' অভিধান প্ৰণেতা বুদ্ধীন্দ্ৰনাথ দিলিহিয়াল ভট্টাচাৰ্যই ইংলেণ্ডৰ The National Guardian (২৪ আগষ্ট, ১৮৯৮ চন) কাকতত প্ৰকাশিত `The Assamese Bihoo` শীৰ্ষক নিবন্ধটোত বিহুৰ বিৰুদ্ধে এনেদৰে নিৰ্মম মন্তব্য কৰিছিল– '...When the dancing wakes high, the dancers, both men and women, become frenzied and behave very indecently. Some time it is amusing as well as sorrowful to hear that some of these girl have eloped and other abducted from these groups amid wailing and head breaking....This notorious Bihoo greatly demoralizes the Assamese, especially the lower classes, where grown up girls are free in their movement as long as they live with their parents.' এই নিবন্ধটোৰ জৰিয়তে ভট্টাচাৰ্যই বিহুক নিষিদ্ধ কৰিবৰ বাবে ব্ৰিটিছ চৰকাৰক অনুৰোধ কৰিছিল৷

সন্দেহ নাই, আহোম ৰাজত্বৰ বেলি মাৰ যোৱাৰ পাছত অৰ্থাৎ ১৮২৬ চনত ব্ৰিটিছ কোম্পানিৰ শাসন আৰম্ভ হোৱাৰ কেইবছৰমানৰ ভিতৰতে আৰ্যমূলীয় সমাজৰপৰা মধ্যবিত্ত শ্ৰেণীলৈ উন্নীত হোৱা নব্য শিক্ষিত অসমীয়াসকলৰ মাজত বিহুৰ লগতে জনজাতীয় সংস্কৃতিৰ অন্যান্য উপাদানৰ প্ৰতি পূৰ্বৰেপৰা থকা ঘৃণা-বিদ্বেষ অধিক বৃদ্ধি পাইছিল৷ কোম্পানিৰ শাসনে বাণিজ্যিক পণ্য সৰবৰাহৰ স্বাৰ্থত অসমৰ যোগাযোগ আৰু পৰিবহণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ সূচনা কৰিছিল – নৈত গুমগুমাইছিল কোম্পানিৰ জাহাজ, ভৈয়ামত উকিয়াই উকিয়াই চলিছিল কেৰেলুৱা ৰে'ল আদি৷ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিয়ে কঢ়িয়াই অনা এনে চমকপ্ৰদ পৰিৱৰ্তনে উদীয়মান অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ মনত পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতি বিস্ময়মিশ্ৰিত অনুৰাগ আৰু শ্ৰদ্ধা বঢ়াই তুলিছিল৷ তেওঁলোকৰ দৃষ্টিভংগী হৈ পৰিছিল এনেকুৱা – ব্ৰিটিছ বা ইংলেণ্ডৰ সকলো ভাল, থলুৱা জনগোষ্ঠী বা অসমৰ সকলো বেয়া৷

এইসকল ব্ৰিটিছ-অনুগত বিদ্বান লোকে বিহু সম্পৰ্কে দুৰ্ভাগ্যজনক আৰু অসমৰ সমাজজীৱনৰ বাবে ক্ষতিকাৰক মন্তব্য কৰাৰ বিপৰীতে এচাম বিদ্যোৎসাহীয়ে অৱলম্বন কৰিছিল মধ্যম পন্থা৷ তেওঁলোকে বিহুক সম্পূৰ্ণ মৰ্যাদা নিদিলেও ইয়াক অনাদৰ নকৰি আদৰি লোৱাৰ সপক্ষে মত পোষণ কৰিলে৷ এইচামৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা অন্যতম আছিল৷ বেজবৰুৱাৰ ৰচনাৱলীত অসমৰ সম্প্ৰদায় বিশেষৰ প্ৰতি কেতবোৰ উন্নাসিক মন্তব্য পৰিলক্ষিত হ'লেও তেওঁ অসমৰ গণজীৱনৰ হিয়াৰ উমেৰে লালিত-পালিত, লোকসংস্কৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু আস্থা পোষণ কৰিছিল৷ বেজবৰুৱাৰ ধৰ্ম-বৰ্ণ-মত নিৰপেক্ষ এনে উদাৰ দৃষ্টিভংগীৰ আঁৰৰ কাৰণ প্ৰধানতঃ দুটা আছিল৷ প্ৰথম, তেওঁৰ জন্ম হৈছিল শংকৰ-মাধৱে সৃষ্টি কৰি থৈ যোৱা এক সাত্ত্বিক বৈষ্ণৱ পৰিৱেশত৷ দ্বিতীয়, পশ্চিম বংগৰ প্ৰখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰীৰ লগত হোৱা তেওঁৰ পৰিণয়ে তেওঁক ব্ৰাহ্মধৰ্মৰ লগত ভালদৰে পৰিচয় কৰাই দিছিল, যি পৰিচয়ৰ পোহৰত অসমীয়া সমাজ-জীৱনত গুৰুৰূপে স্বীকৃত শংকৰদেৱক আৰু অধিক উজ্জ্বল পোহৰত দাঙি ধৰাৰ প্ৰেৰণা তেওঁ অনুভৱ কৰিলে৷ (শইকীয়া, নগেন : ‘অবিস্মৰণীয় বেজবৰুৱা’, গ্ৰন্থম, ১৫ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা, ২০১৩ চন, পৃ. ২)

বেজবৰুৱাই ‘বৰুৱাৰ বিহু', ‘বিহু', ‘বৰবৰুৱাৰ গাত চ'ত বিহু' আদি ৰচনা লেখি বিহুক জনপ্ৰিয়কৰণ আৰু মৰ্যাদাপ্ৰদানৰ ক্ষেত্ৰত উদ্যোগ লৈছিল৷ তেওঁৰ বাঁহী আলোচনীৰ ২০শ বছৰৰ ৮ম সংখ্যাত ১৮৫৩ শকত প্ৰকাশিত ‘বিহু' ৰচনাখনিৰ কাহিনীভাগত বৰবৰুৱাৰ দুই সতিনীয়েকৰ বৰ্ণনা পোৱা যায়৷ বৰবৰুৱাৰ দুই পত্নীৰ বিহুৰ প্ৰতি ভিন্ন আৰু বিপৰীতধৰ্মী দৃষ্টিভংগী আছে৷ প্ৰথম পত্নী পানেশৈৰ বিহুৰ প্ৰতি থকা দৃষ্টিভংগী আত্মকেন্দ্ৰিক একমুখী আৰু ঋণাত্মক৷ তেওঁ বৰবৰুৱাক কৈছে – ‘অসমীয়া বিহুটো বৰ বেয়া৷ বিহুটো মানে, আমতলত টকা কোবাই, ঢোল বজাই বিহু মৰাটোৰ কথা মই কৈছোঁ৷ গীতবোৰো সিহঁতে কিবা নিলাজ গায়৷ আপুনি কিন্তু তেনে বিহুলৈ নেযাব দেই৷ বিহুৰ দিনা ঘৰতে ময়ে অকলে যি পাৰোঁ সান্দহ-চিৰা এমুঠি খুন্দি দিম, এডোখৰ দুডোখৰ পিঠা ভাজি দিম, তাকে খাব৷ নিজহাতে সূতা কাটি গামোচা এখন বৈয়ে থৈছোঁ, তাকে মূৰত মাৰিব৷' বৰপত্নীৰ এনে দৃষ্টিভংগী সমাজমুখিতাৰ পৰিচায়ক নহ'লেও সামাজিক দিশৰ (বৰ্ণহিন্দু শিক্ষিত সমাজৰ?) প্ৰকাশ বুলিব পাৰি৷

সৰুজনী পত্নীৰ বিহুৰ প্ৰতি থকা মনোভাব বৰজনীতকৈ পৃথক৷ সৰু পত্নীৰ বিহুৰ প্ৰতি থকা ধাৰণাই সমাজমুখী ধাৰণাকেই প্ৰকাশ কৰে৷ সৰুজনীয়ে বৰবৰুৱাক কয় – ‘মই কওঁ, আমাৰ বিহুটো যেনে আছে তেনেকুৱাই থাকক, চৰা-ঘৰীয়াটো চৰাঘৰীয়াই থাকক৷ মামৰে ধৰিলে, ঘঁহি-মচি মামৰ গুচাই দিলেই হ'ব৷ আমি যি আছো বুকু ফিন্দাই তেনে হৈয়েই থাকিম৷ লোকক দেখি লাজ পাবৰ সকাম কি? আমাৰ দৈন্যই আমাৰ সম্পত্তি৷ এই পৃথিৱীত কোনো একেবাৰেই খপা সোণ নহয়৷ সুখে-দুখে, শুধে-অশুধে আমি অসমীয়া অসমীয়াই৷'

বেজবৰুৱাৰ এই ৰচনাখনিৰ কাহিনীভাগ মুখ্যতঃ তিনিটা চৰিত্ৰ ক্ৰমে বৰবৰুৱা, বৰবৰুৱাৰ বৰপত্নী পানেশৈ আৰু বৰবৰুৱাৰ সৰুঘৈণীয়েকক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠিছে৷ বৰপত্নীয়ে বিহুৰ দিনা সমাজমুখী হ'ব নিবিচৰাৰ কথা বৰবৰুৱাই মানি লৈ এনেদৰে প্ৰত্যুত্তৰ দিছে – ‘আমাৰ ঘৰত আৰু আন আন ভাল মানুহৰ ঘৰতো কোনো পুৰুষতে কেতিয়াও এনে বিহুক লাই দিয়া নাই৷ ময়ো নিদিওঁ৷ তাৰ নাম শুনিলেই বুজি যে সি অশ্লীল, পঙ্কিল, পচিল, গেলিল আৰু দুৰ্গন্ধিল৷ তুমি কোনো চিন্তা নকৰিবা৷ মই তাৰ কাষলৈকে নেযাওঁ আৰু মোৰ চিনা-জনা আনকো যাবলৈ হাক দিম৷'

 বলিনাৰায়ণ বৰা, ৰজনীকান্ত বৰদলৈ, জ্যোতিপ্ৰসাদ আগৰৱালা আদিয়েও বিহুক নতুন দৃষ্টিভংগীৰে চাইছিল৷ বলিনাৰায়ণ বৰাই আসাম বন্ধুত লিখা ‘বিহু' প্ৰবন্ধত বৈজ্ঞানিক আৰু সামাজিক দিশ সামৰি তিনিওটা বিহুৰ বৈশিষ্ট্যবোৰৰ ভিত্তিত ‘ভোগালী', ৰঙালী' আৰু ‘কঙালী' বিহু বুলি নামকৰণ কৰিছিল৷ ‘অশ্লীল', ‘নিলাজ' আদি তুচ্ছাৰ্থ বৰ্জন কৰি বৰাই কৈছিল – ‘বৈজ্ঞানিক তথা সামাজিক যিভাৱে চোৱা সেইভাৱেই, ‘বিহু' চিন্তাৰ বিষয়৷ প্ৰাকৃতিৰে সৈতে উল্লসিত হই আমি ‘বিহু' প্ৰতিপালন কৰো৷ সকলো অনুষ্ঠানৰে প্ৰথম অৱস্থা সামান্য ভাল৷ ক্ৰমে কালৰ গতিত কোতোবিলাক অকামিলা কথা যোগ হই অনুষ্ঠানবোৰ দূষিত কৰে৷ এতেকে সমাজ সংস্কাৰকসকলে বিহুৰ সাৰ ভাগক ৰাখি অসাৰ ভাগ পৰিত্যাগ কৰিবলৈ যত্নৱান হোৱা উচিত৷'

অসমীয়া উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে বিহুক জীৱন শক্তিৰ এক সুন্দৰ প্ৰকাশ বুলি কৈ মিৰি জীয়ৰীৰ নায়িকাৰ মুখতো বিহুনাম তুলি দিছিল৷ বৰদলৈয়ে এই সম্পৰ্কত কৈছিল –  ‘...মিৰি জীয়ৰী'য়ে আজি-কালিৰ নব্য ধৰণেৰে বঙালা গান গাবলৈ নিশিকিলে৷ দুখ লাগিলে তাই আধা আধা ভঙা অসমীয়া মাতেৰেহে সামান্য বিহুনাম গাব জানে৷...সেই দেখি; আৰু ভাই৷ তুমি এইবিলাক গীত বিহু নামেৰে কলংকিত হ'লেও শুনিবলৈ ভাল পোৱা বুলি জানিহে ইয়াত কেইটামান বিহুনাম দিলো৷ কুৰুচি বুলি তুমি মোৰ দোষ নধৰিবা৷ গাভৰুৱে বেয়া বিহুনাম নাগায় আৰু গালেও মোৰ একো উপায় নাই৷'

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জ্ঞানদাভিৰাম বৰুৱাই তেওঁৰ পিতৃ গুণাভিৰাম বৰুৱাৰ তীব্ৰ বিহু-বিৰোধিতাৰ বিপৰীতে প্ৰশ্ন কৰিলে – এনে কোনো অসমীয়া আছে নেকি যে যি ‘বিহু' শব্দটো শুনিলেই বলিয়া নহৈ পাৰে? বিহু শব্দটোৱেই বুঢ়াক ডেকা নকৰেনে? পৰৱৰ্তী সময়ত অসম সাহিত্য সভাৰ সভাপতি ডিম্বেশ্বৰ নেওগ, অতুল চন্দ্ৰ হাজৰিকা, সূৰ্য কুমাৰ ভূঞা, নকুল চন্দ্ৰ ভূঞা আদিৰ অভিভাষণতো বিহুৰ সপক্ষে মন্তব্য পৰিলক্ষিত হয়৷ উল্লেখ্য যে নকুল চন্দ্ৰ ভূঞাই ২৯৪টা বিহুনাম সংগ্ৰহ কৰি 'হাগী নামৰ এখন সংকলন যুগুত কৰিছিল৷ ১৯২৪ চনত এই সংকলনখনি প্ৰকাশৰ লগে লগে বিপুল সমাদৰ লাভ কৰিছিল আৰু কেইবছৰমানৰ ভিতৰতে 'হাগীৰ তিনিটা সংস্কৰণ শেষ হৈছিল৷

জ্যোতিপ্ৰসাদ আগৰৱালাই বিহু নাম আৰু বিহু নাচক এক নতুন মাত্ৰা দিছিল৷ তেওঁ বিহু নামৰ সুৰ আৰু নাচ শোণিত কুঁৱৰীত নতুন সাজত ব্যৱহাৰ কৰি মঞ্চত তুলিছিল৷ জ্যোতিপ্ৰসাদে কৈছিল – ‘অসমীয়া বিহু উৎসৱত অসমীয়া উচ্চ সংস্কৃতিৰ লগতে থাকে জন সংস্কৃতিৰ পোহৰ৷ অসমীয়া বিহু উৎসৱ আচলতে এখন অসমীয়া সাংস্কৃতিক মেলা – য'ত উচ্চ সংস্কৃতি আৰু জন সংস্কৃতিৰ বছৰেকীয়া মিলন হয়৷ সেই কাৰণেই বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছৰেকীয়া সমাবেশ৷'

পাশ্চাত্য শিক্ষাৰে শিক্ষিত বিহুবিদ্বেষী বৰ্ণহিন্দু শ্ৰেণীটোৰ সকলোধৰণৰ ষড়যন্ত্ৰ, কুৎসা ৰটনা আৰু উন্নাসিকতাক আওকাণ কৰি কৃষিজীৱী ৰাইজৰ প্ৰাণৰ উৎসৱ বিহু আপোন মহিমাৰে জীয়াই থাকিল৷ বিহুৰ আদিৰসক অশ্লীল আখ্যা দি বিহুক বৰ্জন কৰিবলৈ আহ্বান জনোৱাসকলক ব্যংগ কৰি বিহুৱাসকলে গালে–

পৰথমে ইচৰে জগত সৰজিলে

তাৰ পাছত সৰজিলে জীৱ

সেইজন ইচৰে পীৰিতি কৰিলে

আমিনো নকৰিম কিয়?

মুকলি পথাৰত বিহুৱা ডেকা-গাভৰুৰ মিলা-মিচা বেদপন্থী নৈতিক আৰক্ষীসকলে নিষিদ্ধ কৰিবলৈ উঠি-পৰি লগাত মুক্তমনা বিহুৱাই বিহুনামৰ জৰিয়তেই সজোৰে প্ৰতিবাদ কৰিলে–

তোমালৈ চাওঁতে জপনা দেওঁতে

বিন্ধিলে অঘৈয়া হুলে

তোমাৰো মনে গ'লে মোৰো মনে গ'লে

কি কৰিব অজাতি কুলে?

সময়ে সময়ে বিভিন্ন প্ৰাকৃতিক-ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিক দুৰ্যোগ আৰু সংঘাতে অসমৰ সমাজজীৱনক জোকাৰি গৈছে৷ কিন্তু, এনে হেজাৰ দুৰ্যোগ আৰু সংঘাতেও বিহুৰ ঐতিহ্যক ম্লান কৰিব নোৱাৰিলে, বৰং বিহুৰ বল-বিক্ৰম পূৰ্বতকৈ বৃদ্ধিহে হ'ল৷ এই প্ৰসংগত হেমাংগ বিশ্বাসৰ এটি মন্তব্য প্ৰণিধানযোগ্য – ‘আহিল ধনতান্ত্ৰিক বৈষম্য৷ দাৰিদ্ৰ, শোষণ, অনাহাৰ, মেলেৰিয়া আৰু বেকাৰি৷ বিহুৰ আনন্দতো যেন ভেটা পৰিল৷

বিহুৱতী চৰায়ে কৰে বিহু বিহু

আমাৰ বিহু কাপোৰ নাই৷

বিহুৱতী চৰায়ে বিহুৰ গান গাইছে, কিন্তু মোৰ বিহুৰ কাপোৰ নাই৷ অথবা – ‘কেৰাণীও হ'ব নোৱাৰিলো, মহৰীও হ'ব নোৱাৰিলো, প্ৰিয়াক কেনেকৈ পাম?'... এই দাৰিদ্ৰ, ব্যাধি, অনাহাৰ আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ মাজতো অসমৰ গাঁৱৰ বলিষ্ঠ মানুহে তেওঁলোকৰ লৌকিক ঐতিহ্য বিহুৰ বৈশিষ্ট্যক বচাই ৰাখিছে৷ কাৰণ, বিহুৰ প্ৰাণশক্তি, দুৰন্ত আশাবাদে, জীৱনৰ প্ৰতি গভীৰ ভালপোৱাই তেওঁলোকৰ নিজৰেই জীৱনদৰ্শনক প্ৰতিফলিত কৰে৷’ (‘ৰঙালী বিহু’, অনু : ৰত্নেশ্বৰ মেধি, বিহুৱা (বেলতলা ব'হাগী উৎসৱ সমিতিৰ মুখপত্ৰ), সম্পাদক : মন্মথ বৈশ্য, ২০১১ চন)

লক্ষণীয় যে বিহুক নিষিদ্ধ বা নিঃশেষ কৰিবলৈ অপচেষ্টা চলাই চূড়ান্তভাৱে ব্যৰ্থ হোৱা বৰ্ণবাদৰ প্ৰবক্তাসকলে বিহুৰ বিকল্পৰূপে আৰু অসমৰ জাতীয় উৎসৱৰূপে বৈদিক আচাৰসৰ্বস্ব অনুষ্ঠান দুৰ্গা পূজাক প্ৰক্ষেপৰ অপচেষ্টাও কৰিছিল৷ বৰপেটীয়া চাহ বাগিচাৰ মালিক গংগাৰাম চৌধুৰীৰ পৃষ্ঠপোষকতাত ডিব্ৰুগড়ৰপৰা প্ৰকাশিত আসাম বান্ধৱ আলোচনীখন দুৰ্গা পূজা-পন্থীসকলৰ মুখপত্ৰলৈ পৰিণত হৈছিল৷ এই আলোচনীখনৰ পাততে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ প্ৰসংগত উজনি-নামনি দ্বন্দ্বৰ প্ৰতিফলন ঘটিছিল আৰু অসমীয়া ভাষাৰ ওপৰত উজনিৰ আধিপত্যৰ বিৰুদ্ধে আসাম বান্ধৱ সঠিকভাৱেই সোচ্চাৰ হৈ উঠিছিল৷ কিন্তু এই উপভাষিক দ্বন্দ্বই জাতীয় উৎসৱ সম্পৰ্কীয় অবাঞ্ছিত বিতৰ্কলৈ মোৰ সলাইছিল ৷ আলোচনী নামৰ আলোচনীখনে দুৰ্গা পূজাক অসমলৈ নতুন আমদানি বুলি মন্তব্য কৰাত আসাম বান্ধৱ-এ দুৰ্গা পূজাক বিহুতকৈয়ো পুৰণি বুলি আখ্যা দিছিল৷ আসাম বান্ধৱৰ যুক্তি আছিল যে দুৰ্গা পূজাক জাতি-বৰ্ণ, ধনী-দুখীয়া নিৰ্বিশেষে সকলো অসমীয়াই উদযাপন কৰে৷ আসাম বান্ধৱৰ এই যুক্তিক আলোচনীয়ে এনেদৰে প্ৰত্যাহ্বান জনাইছিল – ‘কোন সাহসত বান্ধৱে তেনেকৈ কয়? মহাপুৰুষীয়াসকলে দুৰ্গা পূজা নামানে৷ মুছলিমসকল দুৰ্গা পূজাতকৈ বিহুৰ প্ৰতি অধিক আগ্ৰহী, সত্যৰ খাতিৰত এই কথা বান্ধৱৰ সম্পাদকেও মানিব লাগিব৷' (সম্পাদকীয়, আলোচনী : অষ্টম বছৰ, নৱম সংখ্যা, ১৯৩৯ শক)

আসাম বান্ধৱৰ সম্পাদকে সেই সত্য মানি লওক বা নলওক, আলোচনীয়ে মন্তব্য কৰাৰ দৰেই বিহু জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ জাতীয় উৎসৱৰূপে পৰিগণিত হৈ থাকিল৷ বিহুৰ সাৰ্বজনীনতাৰ প্ৰসংগত হেমাংগ বিশ্বাসৰ আন এটি মন্তব্য উদ্ধৃত কৰিব পাৰি – ‘ধৰ্ম প্ৰভাৱমুক্ত ইহজাগতিকতা আৰু শ্ৰমশীল জীৱনৰ প্ৰতি অসীম মমতা–এয়াই হ'ল বিহুৰ দৰ্শন৷ আদিম প্ৰাক্ আৰ্য উৎসৱবোৰ, কৃষি সমাজৰ ঋতু উৎসৱবোৰ হিন্দু ধৰ্মৰ উৎসৱত পৰিণত হৈছে৷....কিন্তু ধৰ্মীয় আচাৰ-বিচাৰ, দেৱ-দেৱী, উপদেৱতা বা অপদেৱতাৰ প্ৰভাৱৰপৰা বিহু মুক্ত৷'

বৰ্ণবাদৰ প্ৰবক্তাসকলে বিহুক নিঃশেষ কৰাটো দূৰৈৰ কথা, বিহুৰ মৰ্যাদাও তিলমাত্ৰ লাঘৱ কৰিব নোৱৰাত, হিন্দুধৰ্মৰ বৈদিক আচাৰ-অনুষ্ঠানৰ ঘোৰ বিৰোধী বুদ্ধকেই বিষ্ণুৰ অৱতাৰৰূপে প্ৰক্ষেপ কৰাৰ দৰে, এইবাৰ অনাৰ্য জনজাতীয় সমাজৰপৰা উদ্ভূত বিহুক আৰ্যীকৰণৰ চেষ্টা চলালে৷ ঊনবিংশ শতিকাত বিহুক ‘অশ্লীল', ‘ইতৰজনৰ নিলাজ গীত-মাত' আদি আখ্যা দিয়া বৰ্ণহিন্দু শিক্ষিত চামৰ উত্তৰসূৰীসকলেই ‘বিহু' শব্দটো সংস্কৃত ‘বিষুৱণ', ‘বিষুৱ' বা ‘বিষু' শব্দৰপৰা, ‘মেজি' শব্দটো সংস্কৃত ‘মেধ্য' শব্দৰপৰা, ‘ভেলাঘৰ' শব্দটো ‘মেঘগৃহ' শব্দৰপৰা আহিছে বুলি পৰিকল্পিতভাৱে প্ৰচাৰ চলাবলৈ ধৰিলে৷ নিতুল চাংমাইৰ মতে, ‘শেহতীয়াভাৱে আন কেইজনমান পণ্ডিতে বিহুক ‘বেদ'ৰ লগত সাঙুৰি একাকাৰ কৰিব খুজিছে৷ ‘বিহু' শব্দটো আহিব পৰা সম্ভাব্য আন বৈজ্ঞানিক উৎসবোৰক একাষৰীয়া কৰি, জ্যোতিৰ্বিজ্ঞানৰ দোহাই দি ‘বিষুৱ'ক বিহুৰ লগত সাঙুৰি বৈজ্ঞানিকভাৱে (নে অবৈজ্ঞানিকভাৱে?) প্ৰমাণ কৰি দেখুৱাব খুজিছে যে প্ৰাচীন কালৰপৰাই বিহুত বৈদিক আৰ্যৰ প্ৰভাৱ আছে৷ তেনেদৰে বিহুনাম আৰু হুঁচৰিৰ পৰম্পৰা সামবেদৰ ‘বেয়গীত'ৰ লগত সম্পৰ্ক আছে বুলি ক'ব খোজে৷' (‘বিহুৰ বুৎপত্তিগত উৎস’, বিহুতলী, গুৱাহাটী বিহু সন্মিলনীৰ বাৰ্ষিক মুখপত্ৰ, ২০১৬ চন, পৃ. ৪৮)

বৰ্ণবাদী চিন্তা-চেতনাৰে পৰিচালিত এই গৱেষক-পণ্ডিতসকলে ‘বিহু' শব্দটো সংস্কৃত ‘বিষুৱণ' বা ‘বিষুৱ' বা ‘বিষু' শব্দৰপৰা আহিছে বুলি প্ৰকাশ কৰি অহা মতৰ সমৰ্থনত কেৱল বেদ বা হিন্দু শাস্ত্ৰকেইখনৰ কেইটিমান উদ্ধৃতিহে দিয়ে, কিন্তু কোনো যুক্তি আৰু তথ্যনিৰ্ভৰ বিজ্ঞানসন্মত প্ৰমাণ দাঙি ধৰিব নোৱাৰে৷ এই প্ৰসংগত ডঃ নগেন শইকীয়াই লেখিছে–‘সেই সময়ত ‘বিষু' শব্দৰ দৰে সংস্কৃতীয়া শব্দ এটাৰ ব্যৱহাৰৰ কোনো প্ৰশ্নই নুঠে৷ ... অসমলৈ প্ৰব্ৰজন কৰি অহা আলপাইন, ককেচাচ বা ডেড্ডিত নৃ-গোষ্ঠীৰ লোকসকলৰপৰাও খ্ৰীষ্টপূৰ্ব কালতে ‘বিষুব' বা ‘বিষু' শব্দ ব্যৱহৃত হোৱাৰো কোনো সম্ভাৱনা নাই৷' (অসমীয়া মানুহৰ ইতিহাস, কথা প্ৰকাশন , গুৱাহাটী) ব'হাগ বিহুক বড়োসকলে ‘বৈছাগু', দেউৰীসকলে ‘বিছু', ৰাভাসকলে ‘বৈখু', ডিমাছাসকলে ‘বুচু' আৰু টাইসকলে ‘পয়হু' বা ‘বৈহু' ৰূপে পালন কৰে বুলি উল্লেখ কৰি ডঃ শইকীয়াই এই সিদ্ধান্তত উপনীত হৈছে যে ‘বৈছাগু', ‘বিছু' বা ‘বুচু'ৰপৰা বিহু হোৱাতকৈ টাই শব্দ ‘পয়হু'ৰপৰা বিহু হোৱাৰ সম্ভাৱনা প্ৰবল৷ বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়ায়ো এনে সম্ভাৱনাই ব্যক্ত কৰিছে৷

ইপিনে, ডঃ লীলা গগৈয়ে ‘বিহু' শব্দটো ‘বৈহু' শব্দৰপৰা আহিছে বুলি মত প্ৰকাশ কৰিছে৷ টাই ভাষাত ‘বৈ' মানে পূজা বা উপাসনা আৰু ‘হু' মানে গৰু৷ টাই সংস্কৃতিৰ বিশিষ্ট গৱেষক ডঃ পদ্মেশ্বৰ গগৈ, ডঃ পুষ্প গগৈ, বৌউনথন গগৈ, ডঃ নোমল গগৈ আদিয়েও ‘বিহু' শব্দটো টাই ভাষাৰপৰা আহিছে বুলি অনেক যুক্তি দাঙি ধৰিছে৷ মৰাণ জনগোষ্ঠীৰ গৱেষকসকলে মৰাণসকলৰ ‘পিহু' শব্দৰপৰা বিহু আহিছে বুলি মত পোষণ কৰে৷ আনহাতে, মেদিনী মোহন চৌধুৰীয়ে বড়ো ভাষাত ‘বী' মানে খোজা আৰু ‘হো' মানে দিয়া অৰ্থাৎ বীহো বা বিহু মানে সামাজিক আদান-প্ৰদানৰ অনুষ্ঠান বুলি উল্লেখ কৰি যথাৰ্থভাৱেই মন্তব্য কৰিছে যে বিহু আৰ্য অনুষ্ঠান হোৱাহেঁতেন কামৰূপত বিহুৰ প্ৰভাৱ আটাইতকৈ বেছি হ'লেহঁতেন৷ য'ত নৱগ্ৰহ আছে, কামাখ্যা আছে, উমানন্দ, অশ্বক্লান্ত আদি আছে, তাত বিহু নাথাকি অসমৰ বাৰু ক'ত থাকিলেহেঁতেন? বিহুক আৰ্য অনুষ্ঠান বুলি যি এক ব্যুৎপত্তিগত অৰ্থ আৰোপ কৰা হয়, সেইটো মানি ল'ব লাগিলে বিহু তিনিটা নহৈ সূৰ্যৰ বিভিন্ন অৱস্থান অনুসৰি চাৰিটা হ'লহেঁতেন৷

সংস্কৃত ‘বিষুৱণ' বা ‘বিষুৱ' বা ‘বিষু'ৰপৰা যে ‘বিহু' শব্দ অহা নাই, সেয়া অসমৰ লোক-সংস্কৃতিৰ বস্তুনিষ্ঠ গৱেষক ডঃ নিৰ্মলপ্ৰভা বৰদলৈ, শশী শৰ্মা, ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আদিয়েও যুক্তিসহকাৰে প্ৰমাণ কৰিছে৷ শশী শৰ্মাৰ মতে, ‘আৰ্য ‘বিষুৱণ'ৰপৰা বিহু হোৱাহেঁতেন অন্ততঃ আৰ্যবসতিপ্ৰধান সমগ্ৰ উত্তৰ ভাৰতত বিহু উৎসৱ পালন কৰিলেহেঁতেন আৰু একাংশ আৰ্য নামধাৰী লোকে বিহুক ‘ইতৰ জনৰ নিলাজ নৃত্য-গীত' বুলি তুচ্ছ-তাচ্ছিল্য কৰাৰো কোনো যুক্তি নাথাকিলহেঁতেন৷' উল্লেখ্য যে ঐতৰেয় ব্ৰাহ্মণ আৰু অৰ্থব বেদৰ মতে ‘বিষুৱণ' শব্দই যাগ-যজ্ঞ কৰা এটা বিশেষ দিনকহে বুজায়৷ কিন্তু বিহুৰ সৈতে বৈদিক যাগ-যজ্ঞৰ সম্পৰ্ক কোনো দিনেই নাছিল৷ অৱশ্যে, পোন্ধৰ শতিকাত শংকৰদেৱে প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্মই বিহুৰ হুঁচৰিৰ অংশত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল৷ ইছমাইল হোছেইনৰ মতে – ‘হুঁচৰি নামত যিখিনি ধৰ্মীয় প্ৰভাৱ পৰিছে, সেইখিনি মূলতঃ শংকৰী ধৰ্ম আৰু সংস্কৃতিৰহে প্ৰভাৱ৷ তেনে প্ৰভাৱক একেমুখে আৰ্য প্ৰভাৱ বুলি কৈ দিয়াটো অন্যায়েই নহয়; বিহুৰ প্ৰকৃতিগত বৈশিষ্ট্য আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰক উলাই কৰাৰ এক নব্য চতুৰালি আৰু কৌশল৷'

মূলতঃ অষ্ট্ৰীয়-মংগোলীয় জনগোষ্ঠী অধ্যুষিত অসমভূমিত আৰ্যীকৰণৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তুলিবলৈ বৰ্ণবাদী বিদ্বৎমহলে বিভিন্নপ্ৰকাৰে চেষ্টা চলাইছিল৷ তেওঁলোকে থলুৱা জনগোষ্ঠীসমূহক হিন্দু সমাজৰ আওতালৈ অনাৰ লক্ষ্যৰে থলুৱা জনগোষ্ঠীসমূহৰ পূৰ্বপুৰুষক বিভিন্ন হিন্দু দেৱতাৰ সন্তান হিচাপে দেখুৱাই বিভিন্নধৰণৰ উদ্ভট কিম্বদন্তী প্ৰচাৰ কৰিছিল৷ এই বিদ্বৎমহলটোৱে বিহুক লৈও তেনেধৰণৰ কেতবোৰ কিম্বদন্তী সৃষ্টি কৰিছিল৷ দৃষ্টান্তস্বৰূপে সোণোৱাল কছাৰীৰ বিহু হুঁচৰি সৰ্ম্পকে সৃষ্টি কৰা কিম্বদন্তীটো উল্লেখ কৰিব পাৰি – ব্ৰক্ষ্মাৰ ঔৰসত অপ্সৰাৰ গৰ্ভত এটি ৰূপৱতী কন্যাৰ জন্ম হৈছিল৷ যৌৱনোদ্দীপ্ত কন্যাৰ ৰূপ-লাৱণ্যই ব্ৰহ্মাক আকৃষ্ট কৰিলে আৰু কাম বাসনা পৰিতৃপ্ত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে৷ ধৰ্মৰাজে এই ব্যভিচাৰৰ বিচাৰ কৰি যুৱতীগৰাকীকহে দোষী সাব্যস্ত কৰিলে৷ বসন্ত ঋতুত প্ৰকৃতিৰ বিনন্দীয়া ৰূপে মানুহৰ মনলৈ আনন্দ কঢ়িয়াই আনিলেও এই দুৰ্ভগীয়া যুৱতীগৰাকীৰ মনলৈ বসন্তই বিষাদ আৰু মলিনতাহে কঢ়িয়াই আনিলে৷ সুন্দৰী যুৱতীগৰাকীৰ তেনে অৱস্থা দেখি সৰগৰ দেৱতাসকলৰ দয়া উপজিল৷ দেৱতাসকল ভগৱান বিষ্ণুৰ ওচৰলৈ যোৱাত বিষ্ণুৱে তেওঁলোকক বাথৌৰ (মহাদেৱ) ওচৰলৈহে পঠিয়ালে৷ দেৱতাসকলে এজোপা বটবৃক্ষৰ তলত তপস্যাৰত মহাদেৱক অভাগিনী যুৱতীগৰাকীৰ বিপত্তিৰ কথা বিৱৰি ক'লেগৈ৷ তেতিয়া মহাদেৱে দেৱতাসকলক হুঁচৰি আৰু নৃত্য-গীতৰ শিক্ষা দিলে আৰু দেৱতাসকলেও হুঁচৰি আৰু নৃত্য-গীত পৰিৱেশন কৰি ব্ৰক্ষ্মাদি দেৱতাসকলক মোহিত কৰিলে৷ মহাদেৱৰ কৃপাত যুৱতীগৰাকী পুনঃসংস্থাপিত হ'ল আৰু তেওঁৰ আত্মপ্ৰত্যয় ঘূৰি আহিল৷ তেওঁ আনন্দতে নৃত্য কৰিবলৈ ধৰিলে আৰু দেৱতাসকলেও নানা বাদ্য লৈ নৃত্যৰ তাল ধৰিলে৷ এই নৃত্য-গীতত ধৰ্মৰজাৰো অন্তৰত অনুকম্পা জাগিল আৰু গাভৰুগৰাকীক পুনৰ স্বৰ্গত স্থান দিলে৷ সেয়ে মহাদেৱৰ প্ৰিয় শিষ্য সোণোৱাল কছাৰীসকলৰ মাজত এই হুঁচৰি চিৰকাল মৰ্ত্যত থাকি গ'ল৷ (Goswami, Dr. P. D. : Essays on the Folklore and Culture of North-East India, Spectrum Publications, Guwahati,1982)

শেহতীয়াভাৱে দেশৰ চুকে-কোণে হিন্দুত্ববাদী শক্তিসমূহ মূৰ দাঙি উঠাত বৰ্ণবাদে অসমৰ বাপতি সাহোন বিহুৰ প্ৰতি পুনৰ প্ৰত্যাহ্বান কঢ়িয়াই অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ বিহুৰ লোকাচাৰৰ সৈতে গো-পূজনৰ দৰে বৈদিক আচাৰ-অনুষ্ঠান সংযুক্ত হোৱাৰ বা বিহুৰ বিকল্পৰূপে বাসন্তী পূজাক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ অসমত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পালিত হৈ অহা আৰু অসমীয়া জাতিৰ আয়ুসৰেখা হিচাপে পৰিচিত হোৱা বিহুক বৰ্ণবাদৰ সম্ভাব্য অক্টোপাছ খামোচৰপৰা মুক্ত কৰি ৰাখিবৰ বাবে বিহুৰ উদ্ভৱকালৰ ইতিহাস নিৰ্মোহভাৱে অধ্যয়ন কৰিবই লাগিব৷

গভীৰ উদ্বেগ আৰু পৰিতাপৰ বিষয় যে ‘হিন্দুত্ব'ৰ দৰে এক ৰক্ষণশীল সাংস্কৃতিক চেতনাক কেৱল ক্ষমতাসীন ৰাষ্ট্ৰযন্ত্ৰই পৃষ্ঠপোষকতা কৰা নাই; সৰ্বসাধাৰণৰ সাংস্কৃতিক পশ্চাদগমন, বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ প্ৰতি অনীহা আদিয়ে ইয়াত সাৰ-পানী যোগাই গৈছে৷ কিন্তু, দেশৰ সংখ্যাগৰিষ্ঠ জনগণে বৰ্তমান জীৱন নিৰ্বাহৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে প্ৰতিবাদী অন্দোলন গঢ়ি তোলাৰ প্ৰশ্নত ‘হিন্দুত্ব'ৰ আৱৰণৰ বিৰুদ্ধে অসমৰ জাতীয় উৎসৱ বিহুৰ দৰে বিকল্প সংস্কৃতি নিৰ্মাণ কৰাটো প্ৰয়োজন হৈ পৰিছে৷ এনে প্ৰসংগতে ডঃ অমৰ্ত্য সেনে কৈছিল যে উত্তৰ-আধুনিক ইতিহাস চৰ্চাৰ বিজ্ঞান-বৈৰিতাৰ সৈতে সংযুক্ত হৈছে ঊনবিংশ শতিকাৰ উপনিৱেশবাদ-বিৰুদ্ধ প্ৰতিক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ দিশ, যি ভাৰতীয়ৰ আত্ম-পৰিচয় গঢ় দিয়াৰ ক্ষেত্ৰত যুক্তিনিষ্ঠ আলোচনাতকৈ আধ্যাত্মিকতাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে৷ ঊনবিংশ শতিকাৰ পটভূমিত তাৰ কিছু প্ৰাসংগিকতা থাকিলেও আজিৰ তাৰিখত এনেধৰণৰ নেতিবাচক দৰ্শনে সৰ্বসাধাৰণৰ আত্মপ্ৰত্যয় জগাই নোতোলে, বৰং আত্মপৰিচয়ৰ সংকটহে গভীৰ কৰি তুলিব৷ (On Interpreting India`s Past, Calcutta, 1996, P. 31) এই ব'হাগেই উল্লিখিত কথাবোৰ দ-কৈ ভাবি-গমি চোৱাৰ আৰু বৰ্ণবাদৰ বিৰুদ্ধে বিহুক অস্ত্ৰৰূপে লৈ এঘড়ী যুঁজ দিয়াৰ উপযুক্ত সময়৷

 

সমল গ্ৰন্থ আৰু আলোচনী :

১. কলিতা, ডঃ ৰমেশ চন্দ্ৰ : ‘ঊনবিংশ শতিকাৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ দৃষ্টিত বিহু’, অনুভূতি (আজিৰ দৈনিক বাতৰিৰ বসন্ত বিশেষ), ২০১১ চন৷

২. গগৈ, লীলা : বিহু এটি সমীক্ষা, গ্ৰন্থপীঠ, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, ১৯৮৭ চন৷

৩.গোহাঁই, ডঃ হীৰেন (সম্পা.) : জ্যোতিপ্ৰসাদ ৰচনাৱলী, সপ্তম সংস্কৰণ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৭ চন৷

৪. চাংমাই, নিতুল : ‘বিহুৰ ব্যুৎপত্তিগত উৎস’, বিহুতলী, গুৱাহাটী বিহু সন্মিলনীৰ বাৰ্ষিক মুখপত্ৰ, ২০১৬ চন৷

৫. নেওগ, মহেশ্বৰ (পুনঃ সম্পা.) : অৰুনোদই (১৮৪৬-১৮৫৪), অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৮৩ চন৷

৬. বৰদলৈ, ৰজনীকান্ত : মিৰি জীয়ৰী, সাহিত্য প্ৰকাশ, গুৱাহাটী৷

৭.      বৰপূজাৰী, ডঃ সূৰ্যকান্ত : ভাৰত বুৰঞ্জী (প্ৰথম খণ্ড), চতুৰ্থ সংস্কৰণ,  বিশ্ববিদ্যালয় প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০০১ চন৷

৮.      বৰপূজাৰী, ডঃ হেৰম্বকান্ত : আমেৰিকান মিছনেৰীসকল আৰু ঊনবিংশ শতিকাৰ অসম, অসম সাহিত্য সভা, যোৰহাট, ১৯৮৩ চন৷

৯. বেজবৰুৱা গ্ৰন্থাৱলী, সাহিত্য প্ৰকাশ, ৩য় খণ্ড, গুৱাহাটী,২০০৫ চন৷

১০. শইকীয়া, চন্দ্ৰ প্ৰসাদ (সম্পা.) : অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস, প্ৰথম প্ৰকাশ, অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া উদযাপন সমিতি,  ১৯৯৮ চন ৷

১১. হাজৰিকা, অতুল চন্দ্ৰ : ভাষণমালা, প্ৰথম সংস্কৰণ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৬০ চন৷

Share Button
Print Friendly, PDF & Email

No Comments : "বৰ্ণবাদ বনাম বিহু - টুনুজ্যোতি গগৈ"

Leave a Comment

Your email address will not be published. Required fields are marked *