বৰ্ণবাদ, হিন্দু জাতীয়তাবাদ আৰু অন্যান্য কিছু কথা (জিতেন বেজবৰুৱা)

কেন্দ্ৰত শাসনাসীন হিন্দু জাতীয়তাবাদী চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ প্ৰাতিষ্ঠানিক হত্যাকাণ্ডই প্ৰথমে দেশজুৰি আলোড়ন তোলাৰ সময়ছোৱাত অসমৰ প্ৰভাৱশালী উদাৰ জাতীয়তাবাদী তথা বাঁও-গণতান্ত্ৰিক কোনো শিবিৰতে বিশেষ আৰু আশানুৰূপ প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাছিল, কিছুসংখ্যক ব্যক্তিৰ কথা বাদ দিলে। এই কথাৰ সত্যতা প্ৰত্যাপনৰ বাবে সেই সময়ৰ বাতৰিকাকতৰ প্ৰবন্ধ-পাতি, ফেচবুকৰ টাইমলাইন আৰু সমূহীয়া আলোচনা আদিৰ এক পৰ্যালোচনা কৰিব পৰা যায়। জে এন ইউৰ ঘটনাৰ পাছত এতিয়া পৰিস্থিতিৰ গুণগত পৰিবৰ্তন দেখা গৈছে। (আমি এতিয়া লিখি আছো ২৬-০২-২০১৬ তাৰিখে।) সি যি নহওক, ৰোহিত ভেমুলা-কেন্দ্ৰিক ঘটনাৰপৰা জে এন ইউৰ ঘটনালৈকে – এইসমূহ হ’ল মূলতঃ সংঘ পৰিবাৰৰ নেতৃত্বত ঘটা প্ৰাতিষ্ঠানিক গৈৰিকীকৰণ প্ৰক্ৰিয়া তথা তৎজনিত বিৰোধ-সংঘাতৰ কিছুমান চূড়ান্ত মুহূৰ্ত মাত্ৰ। এটা কথা ঠিক যে জে এন ইউৰ ঘটনাৰাজিৰ মাজেৰে অধিক স্পষ্ট আৰু জংগী ৰূপত ভাৰতীয় ৰাজনীতিৰ এই বিৰোধ-সংঘাতসমূহ মূৰ্ত হৈ উঠিছে, যাৰ ফলস্বৰূপে ইয়াৰ আলোড়ন তথা আবেদন বিশ্বব্যাপি পৰিলক্ষিত হৈছে। কিন্তু আমি আজি যিটো উত্তেজনাৰে জে এন ইউৰ ঘটনাৰাজিৰ উত্থান-পতনসমূহ পৰ্যবেক্ষণ কৰি আছো আৰু তাৰ আৱেগিক অংশীদাৰ হৈছো, ৰোহিত ভেমুলাৰ ঘটনাৰাজিৰ ক্ষেত্ৰত বহুলাংশে তাৰ অভাৱ ঘটা নাছিলনে বাৰু? এনে সচেতন নীৰৱতাৰ অৰ্থ আৰু কাৰণ কি? এই নীৰৱতাক সচেতন বুলি এইবাবেই কৈছো যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত তেতিয়াও (আৰু তেতিয়াৰপৰা জে এন ইউৰ ঘটনাৰ পাছলৈকে – ধাৰাবাহিকভাৱে) হিন্দু জাতীয়তাবাদৰ আগ্ৰাসন তথা তৎসংলগ্ন প্ৰশ্নসমূহক কেন্দ্ৰ কৰি বহুল আলোচনা তথা প্ৰতিবাদ চলি আছিল। প্ৰশ্ন হ’ল, আমাৰ গণতান্ত্ৰিক চেতনা বস্তুটো প্ৰশ্নাতীত আৰু নিশ্ছিদ্ৰ নে? নে তাৰ মাজতো কিবা পক্ষপাতিতা তথা স্ববিৰোধ অন্তৰ্নিহিত হৈ থাকিব পাৰে? আমি ভাবো যে ৰোহিত ভেমুলাৰ ঘটনাৰ প্ৰতি আমাৰ উক্ত নীৰৱতাৰ প্ৰধান কাৰণ হ’ল বৰ্ণবাদৰ প্ৰতি থকা তীব্ৰ বিৰাগ। বৰ্ণবাদ হ’ল এক এলাৰ্জিৰ নিচিনা বস্তু – আমি সকলোৱে তাক বেয়া পাওঁ, ঘৃণা কৰো। বৰ্ণবাদ বুলি যে কিবা এটাৰ অস্তিত্ব আছে সেইটো স্বীকাৰ কৰিবলৈও আমি অসুবিধা পাওঁ – কেনেবাকৈ তাৰ কথা ক’বলগা হ’লেই আমি তাড়াতাড়ি শ্ৰেণীৰ কথা উলিয়াওঁ। (আনকি যিসকলে যথাৰ্থতে শ্ৰেণীত বিশ্বাস নকৰে, তেওঁলোকৰো বহুতে এইটো কৰে।) সেইবাবে আনকি যিসকলে বৰ্ণবাদৰ কথা কয় বা লিখে সেইসকলক লৈও আমি অস্বস্তি অনুভৱ কৰো। কাৰণ বৰ্ণবাদক ঘৃণা কৰিব পৰাকৈ আমাৰ সামাজিক বিশেষাধিকাৰ আছে। অসমৰে জনজাতীয় লোক এজনে বা চাহ বনুৱা আদিবাসী এজনে বা অভিবাসী মুছলমান এজনে তেনে সাহস কৰিব নোৱাৰে – কাৰণ তেওঁলোক তাৰ ভুক্তভোগী। (Casteism আৰু Racismঅৰ মাজৰ পাৰ্থক্য তথা সাদৃশ্য-সম্পৰ্কৰ বিষয়ে পাছত কেতিয়াবা আলোচনা কৰিম।) ভাৰতৰ নিম্নবৰ্ণ-দলিতসকলেও নোৱাৰে। নিম্নবৰ্ণ-দলিতসকলক আমি বেয়া পাওঁ, কাৰণ তেওঁলোকে সংকীৰ্ণ আৰু বিভাজনমুখী বৰ্ণবাদী ৰাজনীতি কৰে। উচ্চবৰ্ণসকলেতো সেইটো নকৰে, তেওঁলোকে দেশ আৰু জাতিৰ ৰক্ষাৰ বাবেহে আত্মনিয়োগ কৰে! ঠিক যেনেদৰে বাকীসকলে উদাৰ মানৱতাৰ গুণগান কৰাৰ বিপৰীতে নাৰীবাদীসকলে কেৱল নাৰীৰ স্বাৰ্থক লৈ সংকীৰ্ণ ৰাজনীতি কৰে! কথা হ’ল, নৈৰ্ব্যক্তিকতা আৰু বিমূৰ্ততাৰ দৰে স্বৰ্গীয় গুণসমূহ সমাজৰ আধিপত্যশীল গোষ্ঠীসমূহৰহে সম্পদ। শোষিত-নিপীড়িতসকলে সেইবিলাক নাজানে – তেওঁলোকে চিধাচিধি নিজৰ শোষণৰ কথাহে ক’ব জানে। বৰ্ণবাদৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। কিন্তু এই কথাটো যদি আমি হৃদয়ংগম কৰিব পৰা নাই, তেন্তে নিশ্চয়কৈ আমাৰ আধুনিক তথা গণতান্ত্ৰিক চেতনাৰ মাজতে কিবা কেৰোণ আছে। তেন্তে সেই কেৰোণসমূহ কেনেধৰণৰ যাৰ বাবে আমি বৰ্ণবাদৰ প্ৰতি এক সচেতন উদাসীনতা বৰ্তাই ৰাখিব বিচাৰো? আমি ভাবো যে ফেছিবাদ-বিৰোধী গণতান্ত্ৰিক আন্দোলনৰ জোৱাৰ উঠা বৰ্তমানৰ মুহূৰ্তটোত এইটো এটা অতিকে জৰুৰী প্ৰশ্ন।

এইটো এটা শুভ লক্ষণ যে হিন্দুত্ব ফেছিবাদৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদৰ এক জোৱাৰ উঠা পৰিলক্ষিত হৈছে। কিন্তু এই প্ৰতিবাদসমূহে সংগঠিত আৰু সবল সংগ্ৰামৰ ৰূপ পৰিগ্ৰহ কৰিবলৈ হ’লে প্ৰথমে তাৰ মাজত তাত্ত্বিক প্ৰশ্নসমূহৰ মীমাংসা হ’ব লাগিব। গতিকে শত্ৰু শিবিৰৰ প্ৰতি যিমান চকু দিয়া দৰকাৰ, তাতকৈ অধিক চকু দিয়া দৰকাৰ নিজৰ অভ্যন্তৰৰ প্ৰতি। এতিয়া বিভিন্ন ৰঙৰ, বিভিন্ন উদ্দেশ্যৰ বিভিন্ন শক্তিয়ে প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰিছে – কিন্তু কিছু সময়ৰ পাছতেই যেতিয়া আকাশ মুকলি হ’ব, তাৰ সৰহখিনিয়েই প্ৰতিবাদী মিছিলৰপৰা বাহিৰ ওলাই যাব। শেষপৰ্যন্ত গণতান্ত্ৰিক আৰু প্ৰগতিশীল শক্তিসমূহেই সংগ্ৰাম আগুৱাই নিব লাগিব। এটা কথা ঠিক যে সাময়িক প্ৰয়োজনৰ দিশৰপৰা বিভিন্ন শিবিৰৰ এনেধৰণৰ শিথিল সমাবেশো অতিকে দৰকাৰী – স্ফুলিংগসদৃশ এনে হেঁচাই বিশেষকৈ ফেছিবাদী শক্তিৰ উগ্ৰতা হ্ৰাস তথা পশ্চাদপসৰণত সাময়িকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আনহাতে, উদাৰ গণতন্ত্ৰৰ প্ৰমূল্য তথা ভাষাৰ প্ৰয়োগ এনে প্ৰেক্ষাপটত ৰণকৌশলৰ দিশৰপৰা অতিকে জৰুৰী। স্বাধীনতা সংগ্ৰামৰ উদাৰ নীতি-আদৰ্শৰাজিৰ পুনৰুত্থাপনো হয়তো লাগতিয়াল হ’ব পাৰে। কেৱল ৰণকৌশলৰ দিশৰপৰাই নহয়, উদাৰ গণতন্ত্ৰ হ’ল সাম্প্ৰতিক প্ৰতিকূল সময়ত হয়তো একমাত্ৰ যুদ্ধক্ষেত্ৰ – য’ৰপৰা ফেছিবাদী শক্তিসমূহৰ বিৰুদ্ধে প্ৰতিৰোধ বেষ্টনী গঢ়ি তুলিব পাৰি আৰু নিজৰ মতাদৰ্শগত অস্ত্ৰৰাজিত শাণ দিব পাৰি। কিন্তু তৎসত্ত্বেও শেষপৰ্যন্ত উদাৰ গণতন্ত্ৰৰ খোলাৰপৰা বাহিৰ ওলাইহে মৌলিক প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিব লাগিব। সি যি নহওক, সম্প্ৰতি ফেছিবাদৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠা প্ৰতিবাদসমূহৰ পৰিপ্ৰেক্ষিতত আমি তাত্ত্বিক-ৰণনীতিগত দিশত দুটামান যাদৃচ্ছিক পৰ্যবেক্ষণ দাঙি ধৰিবলৈ যত্ন কৰিছো।

প্ৰথমতে, জনপ্ৰিয় পৰিসৰ তথা জনপ্ৰিয় সংস্কৃতিৰ তাৎপৰ্য অনুধাৱন কৰাটো আমাৰ বোধেৰে দৰকাৰী কথা। বিশ্বায়নৰ পৰৱৰ্তী কালছোৱাত জনপ্ৰিয় পৰিসৰটোৰ গুৰুত্ব আৰু সমগ্ৰ সমাজজীৱনৰ ওপৰত তাৰ প্ৰভাৱ বহুগুণে বৃদ্ধি পাইছে। আনহাতে, সাম্প্ৰদায়িক শক্তিসমূহ এই সম্পৰ্কে খুবেই সচেতন, আৰু সেইসমূহে ইতিমধ্যে ইয়াৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। জনপ্ৰিয় কল্পনাৰ ওপৰত সুদৃঢ়ভাৱে খোপনি পুতি বহিছে জাতীয়তাবাদৰ একধৰণৰ সৰলীকৃত প্ৰতীকীবাদ – ইয়াক কেনেকৈ মোকাবিলা কৰা যায় সেয়া নিঃসন্দেহে এক জটিল প্ৰশ্ন। নিছক বিদ্যায়তনিক আলোচনাৰে সেইটো সম্ভৱ নহয়। আনহাতে, সেই প্ৰতীকীবাদৰ পোনপটীয়া প্ৰতীকী প্ৰত্যুত্তৰ দিবলৈ যোৱাটোও হঠকাৰী চিন্তাৰ পৰিচায়ক – সাম্প্ৰদায়িক শক্তিসমূহে সেইটোকে বিচাৰি ফুৰে। – অৰুণ শ্বৌৰীয়ে এষাৰ ভাল কথাই কৈছিল, বিজেপি হ’ল ‘কংগ্ৰেছ প্লাছ কাউ’ (কংগ্ৰেছ আৰু গৰুৰ যোগফল)। গতিকে কেৱল গৰুজনী খেদি গ’লেই নহ’ব। গতিকে, দ্বিতীয়তে, এই দলসমূহে প্ৰতিনিধিত্ব কৰা অৰ্থনৈতিক নীতি তথা তাৰ আঁৰত থকা শোষণমূলক অৰ্থনৈতিক ব্যৱস্থাকো প্ৰশ্ন কৰিব লাগিব। ক’বলৈ গ’লে, বৰ্তমানৰ চৰকাৰখনে দুইধৰণৰ মৌলবাদক প্ৰতিনিধিত্ব কৰিছে এক সমন্বিত ৰূপত : আন্তৰ্জাতিক পুঁজিৰ লজিকৰদ্বাৰা পৰিচালিত বজাৰ মৌলবাদ আৰু হিন্দু জাতীয়তাবাদ। গতিকে হিন্দু জাতীয়তাবাদৰ সমালোচনাই অৱধাৰিতভাৱেই আন্তৰ্জাতিক পুঁজিৰ প্ৰসংগটো আৰু এই দুয়োটাৰ মাজৰ অংগাংগী সম্পৰ্কৰ প্ৰসংগটো টানি আনিব, যাৰ ভাৰতীয় ইতিহাস অন্ততঃ যোৱা শতিকাৰ নব্বৈৰ দশকৰপৰা খুঁচৰি চাব লাগিব। তৃতীয়তে, হিন্দু জাতীয়তাবাদ বা সাম্প্ৰদায়িকতাবাদক আমি কিছুমান দল-সংগঠনৰ ৰাজনৈতিক-সাংস্কৃতিক কাৰ্যসূচী আৰু উগ্ৰতাপূৰ্ণ কাৰ্যকলাপৰ ৰূপতেই বুজিম, নে তাৰ প্ৰাতিষ্ঠানিক ৰূপটোলৈ চকু দিম? এই যে আমি চৰকাৰৰ কিছুমান প্ৰচেষ্টা আৰু কিছুমান সংগঠনৰ উগ্ৰতাপূৰ্ণ কাম-কাজক ফেছিবাদী বুলি অভিহিত কৰিছো – সেয়া হঠাতে হোৱা ঘটনা নে? বা, এইসমূহ ঘটনা অবিহনে হিন্দু জাতীয়তাবাদ টিকি থাকিব নোৱাৰে নেকি? আমি দল-সংগঠনসমূহতকৈ হিন্দু জাতীয়তাবাদৰ প্ৰাতিষ্ঠানিক ৰূপটোৰ ওপৰত গুৰুত্বাৰোপ কৰা দৰকাৰ – যাক ক’ব পাৰি একপ্ৰকাৰ প্ৰাতিষ্ঠানিক সাম্প্ৰদায়িকতাবাদ। এই প্ৰাতিষ্ঠানিক ৰূপটো বৰ্তি আছে সমাজ, ৰাষ্ট্ৰব্যৱস্থাৰ বিভিন্ন অংগ (যেনে – ন্যায়ালয়, পুলিচ প্ৰশাসন আদি), ৰাজহুৱা পৰিসৰ আদিৰ ওপৰত মতাদৰ্শগত আধিপত্যৰ জৰিয়তে। এই আধিপত্যৰ দীঘলীয়া ইতিহাস আছে, সেই ইতিহাস আলোচনালৈ অহা দৰকাৰ। দল-সংগঠন আৰু সিবিলাকৰ কাৰ্যকলাপৰ ওপৰত দিয়া অত্যধিক গুৰুত্বই বহু সময়ত অস্বস্তিৰ সৃষ্টি কৰে – সংখ্যাগুৰু সম্প্ৰদায়ৰ দল-সংগঠন আৰু সংখ্যালঘুৰ দল-সংগঠন, উভয়ৰ ওপৰতে সমান গুৰুত্ব দিবলগা হয় আৰু দুইটাৰ মাজত ভাৰসাম্য ৰাখিবলৈ কেতিয়াবা কেতিয়াবা দিগদাৰ হয়। সেইবাবে সংখ্যাগুৰু সাম্প্ৰদায়িকতাবাদীসকলে ছেকুলাৰবাদীসকলক সংখ্যালঘুৰ তোষক বুলি অভিহিত কৰিবলৈ অধিক সুবিধা পায়। তাৰ ফলস্বৰূপে সংখ্যাগুৰু সাম্প্ৰদায়িকতাবাদ আৰু সংখ্যালঘু সাম্প্ৰদায়িকতাবাদৰ মাজৰ মৌলিক পাৰ্থক্য অদৃশ্য হৈ পৰে। সাম্প্ৰদায়িকতাবাদৰ প্ৰাতিষ্ঠানিক ৰূপটোৰ অনুসন্ধান কৰিবলৈ হ’লে আমি আৰু অধিক মৌলিক প্ৰশ্ন উত্থাপন কৰিব লাগিব। চতুৰ্থতে, স্বয়ং জাতীয়তাবাদ আৰু জাতি-ৰাষ্ট্ৰক প্ৰশ্নৰ আওতালৈ আনিব লাগিব। ফেছিবাদৰ বিৰুদ্ধে যে আমি ছেকুলাৰ গণতন্ত্ৰৰ ৰক্ষা কৰাৰ কথা কৈছো, সেয়া কেনেধৰণৰ ছেকুলাৰবাদ, কেনেধৰণৰ গণতন্ত্ৰ? এই ধাৰণা আৰু ব্যৱস্থাসমূহ সঁচাকৈয়ে সাম্প্ৰদায়িকতাবাদৰ প্ৰতি বিৰোধমূলক নে? নে এইসমূহৰ মাজতে এনে কিছুমান অন্তৰ্নিহিত দুৰ্বলতা আছে যিবোৰৰ যোগেদি সাম্প্ৰদায়িকতাবাদী শক্তিয়ে এইসমূহক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে? যোৱা শতিকাৰ সত্তৰৰ দশকৰপৰা ভাৰতত উন্নয়নবাদী-আধুনিকীকৰণপন্থী ছেকুলাৰ জাতীয়তাবাদৰ মডেলটোৰ ক্ৰমাৱক্ষয় ঘটাৰ সমান্তৰালভাৱে হিন্দু জাতীয়তাবাদে মূৰ দাঙি উঠিবলৈ ধৰে। সোঁপন্থী হিন্দু শক্তিসমূহে তেনে সময়তে এক আগ্ৰাসী হিন্দু প্ৰতিমূৰ্তিৰ ৰূপত ভাৰতীয় জাতি-ৰাষ্ট্ৰক পুনৰাৱিষ্কাৰ কৰি পেলালে, হয়তো ঠিক এদিন নেহৰুৱে কৰাৰ নিচিনাকৈ। কিন্তু এই শক্তিসমূহে ছেকুলাৰ ৰাষ্ট্ৰৰ নীতিৰ বিৰুদ্ধে থিয় দিয়াৰ সম্ভাৱনা নাই। সিবিলাকে ছেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ ভিতৰত নিজৰ স্থান গজগজীয়া কৰি লৈছে : ৰাষ্ট্ৰৰ মতাদৰ্শগত অস্ত্ৰসমূহ আৰু আইনী উপায়সমূহ ব্যৱহাৰ কৰি সংখ্যালঘু গোষ্ঠীসমূহক নিৰ্যাতন আৰু ভীতিগ্ৰস্ত কৰাহে সিবিলাকৰ উদ্দেশ্য। উদাহৰণস্বৰূপে ইউনিফৰ্ম চিভিল ক’ডৰ কথা ক’ব পাৰি। আশীৰ দশকত নাৰীবাদীসকলে যিটো উৎসাহেৰে আৰু প্ৰত্যয়েৰে এই ক’ডৰ পোষকতা কৰিছিল আজি সেইটো নকৰে, কিয়নো আজি সি হিন্দু জাতীয়তাবাদীৰ হাতত সংখ্যালঘুক ভাবুকি দিয়াৰ এক অস্ত্ৰত পৰিণত হৈছে। গতিকে জাতীয়তাবাদ আৰু জাতি-ৰাষ্ট্ৰক প্ৰশ্নৰ কাঠগৰাত থিয় নকৰাকৈ কেৱল ছেকুলাৰ গণতন্ত্ৰৰ কথা দোহাৰি হিন্দু জাতীয়তাবাদৰ সম্পূৰ্ণ স্বৰূপ উপলব্ধি কৰিব নোৱাৰি।

আমাৰ ভাব হয় যে এনে প্ৰেক্ষাপটত প্ৰতিষ্ঠিত বাঁও-গণতান্ত্ৰিক শক্তিসমূহে তাত্ত্বিক আত্মসমালোচনাৰ জৰিয়তে নিজৰ সীমাবদ্ধতাসমূহ অতিক্ৰম কৰাটো অতিকে জৰুৰী হৈ পৰিছে। ঘাইকৈ পৰিবৰ্তিত পৰিস্থিতিৰ সঠিক তত্ত্বায়নৰ ক্ষেত্ৰত ব্যৰ্থতা তথা পূৰ্বৰ যান্ত্ৰিক-অৰ্থনীতিবাদী ভাবধাৰাসমূহৰ অলস পুনৰাবৃত্তিৰ ওপৰতে নিৰ্ভৰ কৰাৰ বাবে এই শক্তিসমূহে শেহতীয়া সময়ছোৱাত বিফলতা তথা সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। কিছু পৰিমাণে নতুন তত্ত্বগত চিন্তা আৰু প্ৰেক্টিচৰ বিকাশ ঘটিছে ঘাইকৈ বৈচিত্ৰ্যপূৰ্ণ নব্য বাঁও গোষ্ঠীসমূহৰ মাজত। কিন্তু এইসমূহ নব্য কণ্ঠই দাঙি ধৰা প্ৰশ্নসমূহ প্ৰতিষ্ঠিত বাঁও-গণতান্ত্ৰিক শক্তিসমূহে আত্মস্থ কৰিব পাৰিছে যেন নালাগে। সেয়ে প্ৰতিষ্ঠিত শক্তিসমূহৰ মৌলিক আৰু তন্ন তন্ন আত্মসমালোচনাৰ প্ৰয়োজন আছে বুলি আমি ভাবো। এনে পৰিপ্ৰেক্ষিতত আৰু হিন্দু জাতীয়তাবাদৰ আগ্ৰাসনৰ পটভূমিত আমি বৰ্ণবাদৰ প্ৰশ্নটো উত্থাপন কৰিব খুজিছো। বৰ্ণবাদৰ সৈতে অংগাংগীভাৱে যুক্ত পুৰুষতন্ত্ৰ তথা নাৰীবাদী আন্দোলনৰ প্ৰশ্নটোও প্ৰসংগক্ৰমে আহি পৰিব। আমি ভাবো যে শ্ৰেণীকেন্দ্ৰিক সংগ্ৰামৰ সৈতে বৰ্ণবাদ-বিৰোধী নিম্নবৰ্ণ-নিম্নবৰ্গৰ সংগ্ৰাম আৰু পুৰুষতন্ত্ৰ-বিৰোধী নাৰীবাদী সংগ্ৰামক সম অধিকাৰ আৰু সম মৰ্যাদাসহ চামিল কৰাৰ বাবে তাত্ত্বিক বাট মুকলি কৰাটো সময়ৰ এক আহ্বান। কেৱল ৰোহিত ভেমুলাৰ নাম উচ্চাৰণ বা আম্বেদকাৰৰ স্মৰণৰ জৰিয়তে তেনে বাট মুকলি হ’ব বুলি আমাৰ ভাব নহয়। সি যি নহওক, বৰ্ণবাদৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত বাঁও শক্তিসমূহৰ ইতিহাস হ’ল মতান্ধ অৱজ্ঞাৰ ইতিহাস। মণ্ডল-ঘটনাৱলীৰ পাছৰপৰা ভাৰতৰ ৰাজনীতি আৰু ৰাজহুৱা পৰিসৰত বৰ্ণবাদে এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে কাম কৰি আহিছে। ইয়াৰ উল্লেখযোগ্য অৱদান হ’ল ৰাজনৈতিকভাৱে আত্মসচেতন নিম্নবৰ্ণ-দলিত আত্মসত্তাটোৰ নিৰ্মাণ আৰু তাৰ ভিত্তিত আধিপত্যশীল বৰ্ণবাদী-জাতীয়তাবাদী বাগধাৰাৰ সমালোচনা। কিন্তু তৎসত্ত্বেও বাঁও শিবিৰত এই পৰিবৰ্তনে আশানুৰূপ প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই যেন লাগে। এটা কথা ঠিক যে শেহতীয়াভাৱে বাঁও শিবিৰ বৰ্ণবাদৰ ক্ষেত্ৰত বহুখিনি মনোযোগী হৈছে আৰু নিম্নবৰ্ণসকলৰ সংগ্ৰামৰ নেতৃত্ব লোৱাও দেখিবলৈ পোৱা গৈছে। কিন্তু তাত্ত্বিক ক্ষেত্ৰত তাক কেনেকৈ মোকাবিলা কৰা হ’ব সেই সম্পৰ্কে স্পষ্ট চিন্তা-চৰ্চা আমি দেখিবলৈ পোৱা নাই। আমি দেখাত দুটা ঘাই দিশৰপৰা বৰ্ণবাদৰ প্ৰশ্নটোৱে এই শিবিৰক সমৃদ্ধ কৰি তুলিব পাৰে। প্ৰথম, বৰ্ণবাদ-বিৰোধী সংগ্ৰামে দাঙি ধৰা হিন্দু জাতীয়তাবাদৰ আভ্যন্তৰীণ সমালোচনা। এই সমালোচনা সুতীক্ষ্ণ আৰু অব্যৰ্থ – কাৰণ যিটো একশৈলিক হিন্দু পৰিচিতিৰ ভিত্তিত হিন্দু জাতীয়তাবাদ টিকি থাকে সেই পৰিচিতিটোক ই ভিতৰৰপৰা আক্ৰমণ কৰে, ই প্ৰতিপন্ন কৰে যে তেনে এটা একক পৰিচিতিৰ নিৰ্মাণ প্ৰকৃততে অসম্ভৱ। হিন্দু জাতীয়তাবাদে এই সমস্যাৰ কথা ভালদৰে জানে বাবেই নিম্নবৰ্ণ-দলিতসকলক হিন্দু বেষ্টনীৰ মাজত আৰু নিজৰ মতাদৰ্শগত আধিপত্যৰ আওতাত ৰাখিবৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখে। আম্বেদকাৰক আত্মসাৎ কৰাৰ বাবে চলোৱা চেষ্টা তাৰে এটা অংগ। (আমাৰ ‘আম্বেদকাৰৰ প্ৰাসংগিকতা’ লেখা দ্ৰষ্টব্য।) শেহতীয়াভাৱে দেখিবলৈ পোৱা ‘ঘৰ ৱাপছি’ আদি কাৰ্যসূচীও প্ৰকৃততে অন্য ৰূপত সেই চেষ্টাৰে নামান্তৰ মাত্ৰ – দেখাত সাম্প্ৰদায়িক যেন লাগিলেও এই কাৰ্যসূচীৰ প্ৰকৃত মৰ্ম হয়তো বৰ্ণবাদীহে। গতিকে স্বাধিকাৰ-সচেতন নিম্নবৰ্ণ-দলিত পৰিচিতিৰ আত্মঘোষণা হ’ল বৰ্ণবাদী হিন্দু জাতীয়তাবাদৰ বাবে সবাতোকৈ ডাঙৰ এক প্ৰত্যাহ্বান। দ্বিতীয়তে, ভাৰতীয় সমাজত পুৰুষতন্ত্ৰক নিটোল ৰূপ প্ৰদান কৰিছে আৰু তাত্ত্বিক আধাৰ যোগান ধৰিছে বৰ্ণবাদে, যাক নাৰীবাদী চিন্তাবিদসকলে ব্ৰাহ্মণ্যবাদী পুৰুষতন্ত্ৰ নাম দিছে। (আমাৰ ‘বৰ্ণবাদ আৰু পুৰুষতন্ত্ৰ’ লেখা দ্ৰষ্টব্য।) গতিকে পুৰুষতন্ত্ৰৰ স্বৰূপ উন্মোচন তথা নাৰীমুক্তিৰ সংগ্ৰামত বৰ্ণবাদৰ মৌলিক গুৰুত্ব আছে। বাধ্যতামূলক বিষমলৈংগিক যৌনতাৰ ওপৰত আধাৰিত বৰ্ণবাদী পৰিয়াল ব্যৱস্থাই নিজক বৰ্তাই ৰাখে এক জটিল যৌন ৰাজনীতিৰ মাধ্যমেৰে – যি ৰাজনীতিৰ ভুক্তভোগী হয় নাৰীসমাজ, আৰু লগতে বিষমলৈংগিক যৌনতাৰ আওতাৰ বাহিৰৰ গোষ্ঠীসমূহ। (আমাৰ ‘সমকামিতা আৰু তৎসংলগ্ন দুটামান প্ৰশ্ন’ লেখা দ্ৰষ্টব্য।) গতিকে যৌনতাৰ ৰাজনৈতিক তাৎপৰ্য অনুধাৱন কৰাটো অতিকে দৰকাৰী। কোৱা বাহুল্য যে ব্ৰাহ্মণ্যবাদী পুৰুষতন্ত্ৰৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা যায় হিন্দু জাতীয়তাবাদৰ মাজত। নাৰী আৰু বিষমলৈংগিক যৌনতাৰ আওতাৰ বাহিৰৰ গোষ্ঠীসমূহৰ বিৰুদ্ধে শাৰীৰিক তথা নৈতিক হিংসা হিন্দু জাতীয়তাবাদৰ যৌন ৰাজনীতিৰ কেন্দ্ৰীয় চৰিত্ৰ। উদাহৰণস্বৰূপে, হিজৰাসকলৰ বিৰুদ্ধে এই বাগধাৰাৰ মাজত নৈতিক আৰু বাচনিক হিংসাৰ অহৰহ প্ৰয়োগ দেখিবলৈ পোৱা যায় – নিজৰ আগ্ৰাসী আৰু হিংস্ৰ হিন্দু পুৰুষসত্তাটোৰ বিপৰীতে নৰম বা শান্তিবাদী সকলো সত্তাক তথা শত্ৰু শিবিৰক ইয়াত প্ৰায়ে হিজৰাৰ ৰূপত চিহ্নিত কৰা হয়। গতিকে বাহ্মণ্যবাদী পুৰুষতন্ত্ৰৰ ওপৰত নাৰীবাদী আক্ৰমণ হ’ল হিন্দু জাতীয়তাবাদৰ বাবে এক মাৰাত্মক আঘাত। এইখিনিতে আমি এটা যাদৃচ্ছিক ধাৰণাৰ মাধ্যমেৰে এই পুৰুষতন্ত্ৰৰ মনোজগতখনৰ উমান ল’ব পাৰো – সেইটো হ’ল কলিযুগৰ ধাৰণা। কলিযুগ মানে কি? ই হ’ল ব্ৰাহ্মণ্যবাদী পুৰুষতন্ত্ৰই কল্পনা কৰা এক ডিছটোপিয়া – য’ত পৰিয়ালবোৰ ভাগি যাব, নাৰীয়ে পুৰুষৰ ওপৰত অত্যাচাৰ চলাব, দলিত-নিম্নবৰ্ণসকলে উচ্চবৰ্ণক নস্যাৎ কৰি ওভতগোৰে নাচিব, ইত্যাদি ইত্যাদি। গতিকে কলিযুগৰ ধাৰণাটো হ’ল ব্ৰাহ্মণ্যবাদী পুৰুষতন্ত্ৰৰ বাবে এক আতংকৰ নামান্তৰ। নাৰী আৰু নিম্নবৰ্ণ-দলিতৰ ৰাজনৈতিক উত্থানে হিন্দু জাতীয়তাবাদৰ বাবে কলিযুগৰ সেই আতংককে কঢ়িয়াই অনা নাইনে?

কিন্তু বৰ্ণবাদৰ প্ৰতি প্ৰতিষ্ঠিত বাঁও শিবিৰৰ উদাসীনতাৰ তত্ত্বগত কেৰোণসমূহ ক’ত? ভাৰতৰ স্বাধীনতা লাভৰ পাছত উন্নয়নবাদী আৰু আধুনিকীকৰণপন্থী শাসক গোষ্ঠীয়ে উন্নয়ন, সমাজবাদ আৰু ছেকুলাৰবাদৰ ওপৰত ভিত্তি কৰি নতুন ভাৰতীয় জাতিটো গঢ়ি তুলিবলৈ বিচাৰিছিল। জাতি-ৰাষ্ট্ৰৰ কেন্দ্ৰত্বত বিশ্বাসী এই নেহৰুবাদী জাতীয়তাবাদে আধুনিকতা আৰু উদাৰ গণতন্ত্ৰৰ প্ৰমূল্যৰ আধাৰত এনে এখন জাতীয় সমাজ নিৰ্মাণ কৰিব বিচাৰিছিল যিখন হ’ব মুক্ত আৰু সমানাধিকাৰপ্ৰাপ্ত নাগৰিকৰ সমাবেশস্বৰূপ, আৰু যিখন হ’ব – ‘শ্ৰেণী, বৰ্ণ, সম্প্ৰদায়, লিংগৰ ঊৰ্ধ্বত’। চূড়ান্ত বৈষম্যপূৰ্ণ আৰু পদানুক্ৰমবদ্ধ ভাৰতীয় সমাজত নাগৰিকৰ ধাৰণাটোৰ জৰিয়তে এনেকৈয়ে ‘শ্ৰেণী, বৰ্ণ, সম্প্ৰদায়, লিংগৰ ঊৰ্ধ্বত’ এক ইউটোপিয়াৰ নিৰ্মাণ কৰা হৈছিল য’ত শোষিত-নিম্নবৰ্গীয় পৰিচিতিসমূহ স্বয়ংক্ৰিয়ভাৱে অদৃশ্য হৈ পৰিছিল। এনে সমাজত কোনো ব্যক্তি আধুনিক হোৱাৰ অৰ্থ হ’ল নিজৰ বৰ্ণগত বা শ্ৰেণীগত পৰিচিতিক অতিক্ৰম কৰা। গতিকে আদৰ্শনীয় নাগৰিক সত্তাটো হৈ পৰিছিল অন্তৰ্নিহিতভাৱেই মধ্যবিত্ত, উচ্চবৰ্ণ আৰু পুৰুষ। বৰ্ণ-পৰিচিতি হৈ পৰিছিল একমাত্ৰ নিম্নবৰ্ণ-দলিতসকলৰ চিহ্ন। আনহাতে, ৰাষ্ট্ৰৰ উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণৰ উদ্দেশ্য বৰ্ণ-পৰিচিতি ব্যৱহৃত হৈছিল নিম্নবৰ্ণসকলক বৰ্গীকৰণ আৰু শ্ৰেণীবিন্যাস কৰিবৰ বাবে (অ’ বি চি, এছ চি, এছ টি) – ইয়াৰ জৰিয়তে সমতাৰ প্ৰতি থকা ৰাষ্ট্ৰৰ দায়বদ্ধতাকে প্ৰতিপন্ন কৰিব খোজা হৈছিল। কিন্তু ছেকুলাৰ জাতীয়তাবাদে সংজ্ঞাগতভাৱেই বৰ্ণ পৰিচিতি আৰু মতাদৰ্শক ক্ষতিকৰ, আৰু জাতি-ৰাষ্ট্ৰ আৰু নাগৰিক সত্তাটোৰ সৈতে বিসংগতিপূৰ্ণ হিচাপে প্ৰতিষ্ঠা কৰিছিল। ভাৰতৰ বাঁও শিবিৰেও ছেকুলাৰবাদ আৰু আধুনিকতাৰ এই ধাৰণা গ্ৰহণ কৰিছিল। গতিকে ইয়াৰ মাজত অন্তৰ্নিহিত হৈ থকা ধৰ্ম আৰু বৰ্ণ আদি প্ৰাক্-পুঁজিবাদী সামাজিক গাঁথনিসমূহৰ প্ৰতি সহজাত ঘৃণাও আত্মস্থ কৰিছিল। (এই অংশটোত আমি দেবযানী গাংগুলীৰ ‘Caste, Colonialism and Counter-Modernity: Notes on a postcolonial hermeneutics of caste’ গ্ৰন্থৰ কিছু সহায় লৈছো।) ছেকুলাৰ আধুনিকতাৰ স্বপ্নদ্ৰষ্টা বাঁওপন্থীসকলে বৰ্ণবাদক স্বাভাৱিকতেই তত্ত্বায়ন কৰিছিল – পশ্চাদপদ আৰু অন্ধবিশ্বাসমূলক ৰূপত। এই ক্ষেত্ৰত দ্বিতীয়টো তাত্ত্বিক আধাৰ হ’ল ভিত্তি আৰু উপৰিসৌধৰ ধাৰণা। বৰ্ণবাদক বিনাপ্ৰশ্নে চিহ্নিত কৰা হৈছিল উপৰিসৌধৰ অংশ হিচাপে। শ্ৰেণীৰ প্ৰাথমিকতা আৰু একাধিপত্যৰ পৰিপ্ৰেক্ষিতত বৰ্ণগত বা লৈংগিক পৰিচিতিক গুৰুত্ব দিয়াটো তত্ত্বগতভাৱে দুঃসাধ্য আৰু অস্বস্তিকৰ। এইটো যে কেৱল বাঁওপন্থীসকলৰ ক্ষেত্ৰতে ঘটিছিল তেনে নহয়, স্বয়ং আম্বেদকাৰেই ভিত্তি আৰু উপৰিসৌধৰ সহজ বিভাজন মানি লৈছিল। তেওঁ অৰ্থনৈতিক সম্পৰ্কসমূহক ভিত্তিভূমি বুলি আৰু ধৰ্মীয়-সামাজিক-ৰাজনৈতিক প্ৰতিষ্ঠানসমূহৰ সমূহীয়া ৰূপটোক উক্ত ভূমিৰ ওপৰত নিৰ্মিত গৃহ বুলি অভিহিত কৰিছিল। তেওঁ মাত্ৰ কৈছিল যে ভিত্তিভূমিৰ সমানেই গৃহটোও বাস্তৱ, আৰু সেই ভূমিৰ পৰিবৰ্তন ঘটাব খুজিলে প্ৰথমে গৃহটোকে ভাঙিব লাগিব। (উক্ত গ্ৰন্থ, পৃ. ৯১) এনে যান্ত্ৰিক ধাৰণাৰ ফলস্বৰূপে আম্বেদকাৰে বৰ্ণবাদৰ বস্তুগত আধাৰটোৰ তত্ত্বায়ন কৰাত বিফল হৈছিল। গতিকে বৰ্ণবাদ হৈ পৰিছিল চেতনা আৰু মতাদৰ্শৰ বস্তু। শ্ৰেণী আৰু বৰ্ণৰ এই দ্বৈত ধাৰণাই পৰৱৰ্তী কালত আম্বেদকাৰবাদী আন্দোলনতো দ্বিবিভাজন আনিছিল – দলিত পেন্থাৰ আন্দোলনৰ এটা অংশই পোষকতা কৰিছিল শ্ৰেণী সংগ্ৰামৰ, আৰু আনটো অংশই বৌদ্ধধৰ্মীয় প্ৰমূল্যৰ মাজত দলিতসকলৰ বাবে এক নতুন ঠাই মুকলি কৰি হিন্দু ব্ৰাহ্মণ্যবাদী দমনৰ বিৰুদ্ধে সাংস্কৃতিক প্ৰতিৰোধৰ পোষকতা কৰিছিল। সি যি নহওক, বৰ্ণবাদৰ প্ৰতি বাঁও শিবিৰৰ বিৰাগৰ ঘাই কাৰণ হ’ল এই ভিত্তি আৰু উপৰিসৌধৰ ধাৰণাৰ যান্ত্ৰিক প্ৰয়োগ। গতিকে বৰ্ণবাদ সম্পৰ্কে নতুন চিন্তাৰ বিকাশ ঘটিবলৈ হ’লে এফালে ছেকুলাৰ আধুনিকতা আৰু আনফালে ভিত্তি-উপৰিসৌধৰ ধাৰণাৰ মৌলিক পুনৰালোচনা হোৱাৰ দৰকাৰ। এটা কথা ঠিক যে উত্তৰ-উপনিবেশিকতাবাদী সমালোচনাৰ মাজত সমস্যাটোৰ সন্তোষজনক আৰু শেষ উত্তৰ পোৱা যাব বুলি আমাৰ ভাব নহয়। মাৰ্ক্সীয় চিন্তাৰ মাজতেই তাৰ বাবে জেগা উলিয়াব লাগিব। এই ক্ষেত্ৰত নব্য বাঁও কণ্ঠসমূহৰ সমস্যা আৰু সম্ভাৱনাসমূহৰো আলোচনা হোৱাটো দৰকাৰী।

(অসমাপ্ত)
(ৰচনাকাল : ২৬-০২-২০১৬)

 

Share Button
Print Friendly, PDF & Email

No Comments : "বৰ্ণবাদ, হিন্দু জাতীয়তাবাদ আৰু অন্যান্য কিছু কথা (জিতেন বেজবৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *