বুর্জোৱা ৰাষ্ট্র, সংসদীয় গণতন্ত্র আৰু সংগ্রামী ৰণনীতি (ময়ূৰ চেতিয়া)

আমাৰ মুলুকৰ প্রগতিশীল সংগ্রামী দলবোৰৰ মাজত প্রায়েই পুঁজিবাদ-বিৰোধিতাৰ সলনি চৰকাৰ-বিৰোধিতাহে অধিক দেখিবলৈ পোৱা যায়। উপস্থিত বুর্জোৱা চৰকাৰ একোখনৰ বিৰুদ্ধে জনগণক সংগঠিত কৰাটো তুলনামূলকভাৱে সহজ : ভাত, মাটি, কাপোৰ আদিৰ দাবীত জনগণক একত্রিত কৰি চৰকাৰবিৰোধী ধর্ণা আয়োজন কৰিব পৰাটো যিকোনো সংগ্রামী দলৰেই ঈপ্সিত লক্ষ্য। সিবিলাকৰ প্রয়োজনো নিশ্চয় নুই কৰিব পৰা নাযায়। কিন্তু কথা হৈছে যে পুঁজিবাদবিৰোধী সংগ্রাম এখন আগুৱাই নিবলৈ হ’লে সংগ্রামী দল একোটাই শেষপর্যন্ত চৰকাৰৰ সলনি পুঁজিবাদী ব্যৱস্থাটোকহে মূলতঃ লক্ষ্য কৰি ল’ব লাগিব তথা সেই অনুসৰি সংগ্রামী ৰণনীতি নির্মাণ কৰিব লাগিব।

এই মুলুকৰ সংগ্রামীসকলে প্রেক্টিকেল অভিজ্ঞতাৰপৰাই জানে যে পুৰণি সময়ৰ লেখীয়াকৈ সশস্ত্র সংগ্রামৰদ্বাৰা ভাৰতীয় ব্যৱস্থাটোক মষিমূৰ কৰাটো অতিশয় দুৰুহ কাম। পিছে তাৰ কোনো সন্তোষজনক বিকল্পও তেওঁলোকে বিচাৰি পোৱা নাই। যিহেতু চৰকাৰবিৰোধী কার্যসূচী আয়োজন কৰাতেই তেওঁলোক সিদ্ধহস্ত, সেয়েহে এসময়ত গৈ ৰাইজ তথা স্বয়ং সংগ্রামী দলটোৰ একাংশই নেতৃত্বক দাবী কৰে যে এইবাৰ দলটোৱে উপস্থিত চৰকাৰখনৰ বিপৰীতে এখন কল্যাণমূলক চৰকাৰ নির্মাণৰ উদ্দেশ্যৰে নির্বাচনত অংশগ্রহণ কৰা উচিত। দলৰ পুৰণি অভিজ্ঞ নেতাসকলে অনুভৱ কৰে যে বুর্জোৱা ব্যৱস্থাৰ অধীনত সংগ্রামী দল একোটাই সংসদীয় ৰাজনীতিতেই মনোনিবেশ কৰিলে দলটো পথভ্রষ্ট হোৱাৰ আশংকা থাকে আৰু সেয়েহে এনে পদক্ষেপৰ সম্ভাৱনা তেওঁলোকে নাকচ কৰে। কিন্তু বুর্জোৱা গণতান্ত্রিক নির্বাচনত সংগ্রামীসকলে কিয় অংশগ্রহণ কৰিব নালাগে তথা তাৰ কি বিকল্প আছে – এনে প্রশ্নবোৰৰ কোনো সন্তোষজনক উত্তৰ দিবলৈও তেওঁলোক ব্যর্থ হয়। শেহত গৈ “বুর্জোৱা গণতন্ত্র হৈছে গাহৰিৰ গঁৰাল” – এইজাতীয় বাগাড়ম্বৰৰদ্বাৰাই তাত্ত্বিক প্রশ্নবোৰৰ পালমৰা উত্তৰ দিয়া হয়। বহুতো সংগ্রামী নিৰুৎসাহিত হৈ পৰে; তেওঁলোকৰ মনত এনে ভাব হয় : “আমি কি সদায়েই কেৱল আন্দোলনেই কৰি থাকিম নেকি?” সংগ্রামী দলটোৰ মাজত ভাঙোন সৃষ্টি হয়। ইফালে সংগ্রামী দলটোৱে দীর্ঘদিন ধৰি চলাই অহা চৰকাৰবিৰোধী গণ আন্দোলনবোৰৰ সুফল আন কোনোবা বুর্জোৱা দলে গ্রহণ কৰে। চৰকাৰখনৰ গণবিৰোধী নীতিবোৰৰ বিৰুদ্ধে সংগ্রামী দলটোৱেই ইমানদিনে আন্দোলন চলাই আছিল, চৰকাৰখনৰ জনপ্রিয়তা তেওঁলোকেই জনচক্ষুৰ সন্মুখত হ্রাস কৰিছিল, অথচ ইয়াৰ সমস্ত সুফল এতিয়া আন কোনোবা বুর্জোৱা দলেহে লাভ কৰিলে!

এয়া হৈছে সাম্প্রতিক বিপ্লৱী আন্দোলনৰ এখন পৰিচিত চিত্র। বিভিন্ন দেশ তথা অঞ্চলত তাৰ পুনৰাবৃত্তি দেখিবলৈ পোৱা যায়। এনে ট্রেজেডিৰ কোনো উত্তৰ বিচাৰিবলৈ হ’লে তত্ত্বগত প্রশ্নবোৰৰ পুনঃপৰীক্ষণ কৰাৰ বাহিৰে আন কোনো উপায় নাই।

এই লেখনিটোত বুর্জোৱা গণতন্ত্রৰ বৈশিষ্ট্য সম্পর্কে কিছু কথা আলোচনা কৰা হৈছে তথা বুর্জোৱা গণতন্ত্রৰ অধীনত প্রগতিশীল সংগ্রামী দল একোটাই কেনেধৰণৰ ৰণকৌশল বিকশিত কৰিব পাৰে – এই বিষয়ক কিছু সংকেত দিবলৈ চেষ্টা কৰা হৈছে। যিমান দূৰ পাৰি প্রচলিত বাঁও-বাগাড়ম্বৰ আমি ত্যাগ কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ মূল যুক্তি হৈছে যে সঁচাকৈয়ে আজিৰ দিনত সশস্ত্র সংগ্রাম প্রায় দুৰুহ হৈ পৰিছে আৰু বুর্জোৱা গণতন্ত্রৰ অধীনত প্রগতিশীল চৰকাৰ গঠনৰ জৰিয়তেই সংগ্রাম আগ বঢ়োৱাটো প্রয়োজনীয় হৈ পৰিছে। পিছে একে সময়তে আমি বুর্জোৱা গণতন্ত্রৰ কেতবোৰ সীমাবদ্ধতাও চিনাক্ত কৰিছোঁ আৰু কেনেদৰে সিবিলাকৰ সীমা চেৰাই যাব পৰা যায়, এই বিষয়েও কিছু কথা আলোচনা কৰিছোঁ। এনে কৰাটো জৰুৰী, কিয়নো অন্যথায় বুর্জোৱা গণতন্ত্র সম্পর্কে বহুতৰে মনত কেতবোৰ অবাঞ্ছিত প্রত্যাশাৰো সৃষ্টি হয় আৰু ইয়েই পাছলৈ সংশোধনবাদৰো জন্ম দিয়ে। এটা বাক্যত ক’বলৈ গ’লে, আমাৰ বক্তব্য হৈছে – শ্রমজীৱী জনগণৰ স্ব-নিয়ন্ত্রণৰ ৰাজনৈতিক সংগ্রামখন আর্থিক ভিত্তিক সংগঠিত কৰি ল’ব নোৱাৰিলে পুঁজিবাদবিৰোধী সংগ্রামখনো বিজয়ী হ’ব নোৱাৰে।

বুর্জোৱা গণতন্ত্র বিষয়ক আলোচনাসমূহত প্রায়েই এক প্রকাৰৰ সঁজুলিবাদ (instrumentalism) তথা তথ্যবাদ (empiricism) পৰিলক্ষিত হয়। কোৱা হয় যে পুঁজিবাদৰ অধীনত গণতন্ত্র এইকাৰণেই সীমাবদ্ধ কিয়নো কোনো দলে চৰকাৰ গঠন কৰিবলৈ হ’লে পুঁজিপতিৰ আর্থিক সহযোগৰ প্রয়োজন হয়। একাংশই আনকি ইয়াৰ বাবে বুর্জোৱা গণতন্ত্রক ভুৱা গণতন্ত্র বুলিও ক’ব খোজে। আন একাংশ বিশ্লেষকে দর্শায় যে কেনেদৰে আজিৰ সময়ত স্বয়ং পুঁজিপতিসকলো মন্ত্রী-বিধায়ক হিচাপে নির্বাচিত হৈছে আৰু ইয়েই উপস্থিত গণতন্ত্রৰ বুর্জোৱা চৰিত্রটো প্রমাণিত কৰিছে। নির্বাচন খেলিবলৈ আজিৰ দিনত ভীষণ টকাৰ প্রয়োজন হয় আৰু ইয়েই বর্তমানৰ গণতান্ত্রিক ব্যৱস্থাটোৰ সীমাবদ্ধতাসমূহ আঙুলিয়াই দিছে।

এনে সমস্ত বিশ্লেষণ তথা তথ্যৰ সৈতে আমাৰ কোনো মূল বিৰোধিতা নাই। সাধাৰণ জনগণৰ মাজত বাঁও মতাদর্শ তথা সমালোচনা প্রচাৰ কৰাৰ বাবে এনেধৰণৰ বিশ্লেষণৰ নিশ্চয় প্রয়োজনীয়তা আছে। কিন্তু গভীৰ বিশ্লেষণ কৰিবলৈ হ’লে এনে তথ্যবাদী তথা সঁজুলিবাদী বিশ্লেষণৰ পৰিধি পাৰ হৈ গাঁথনিগত বিশ্লেষণৰ ক্ষেত্রখনত আমি ভৰি দিব লাগিব। বাঁও আন্দোলনৰ ভৱিষ্যতৰ বাবেই এনে গভীৰ গাঁথনিগত বিশ্লেষণ আজিৰ দিনত প্রয়োজনীয় হৈ পৰিছে। আমাৰ কথা কথা হৈছে যে বুর্জোৱা গণতন্ত্র বিষয়ক সততে উল্লেখিত এনে সমস্ত উপাদানসমূহ অনুপস্থিত হ’লেও বর্তমান গণতন্ত্রৰ বুর্জোৱা চৰিত্রটোৰ কোনো মূল পৰিবর্তন নঘটে। বুর্জোৱা গণতন্ত্রৰ পৰিধি পাৰ হৈ যোৱাটো ইমান সহজ কথা নহয়। উদাহৰণস্বৰূপে, আজিৰ বিশ্বৰ বিভিন্ন দেশত অনেক বাঁওদলে নিজস্ব নির্বাচনী পুঁজি, সংবাদ মাধ্যম ইত্যাদিবোৰ বিকশিত কৰি লৈছে; বাঁও চৰকাৰো বাৰম্বাৰ নির্মাণ কৰিছে; বহুতো দেশৰ সংসদত পুঁজিপতিৰ উপস্থিতি তেনেই কম; বৰং সিবিলাকত শ্রমিক-মূলৰ প্রতিনিধিহে অধিক দেখিবলৈ পোৱা যায়। তথাপিও কিন্তু এই দেশবোৰৰ বুর্জোৱা গণতান্ত্রিক চৰিত্র বিলুপ্ত হৈ যোৱা নাই। বুর্জোৱা গণতন্ত্রৰ সীমা চেৰাই যাবলৈ হ’লে আন আন কেতবোৰ পদক্ষেপ হাতত ল’ব লাগিব।

১) পুঁজিবাদী ব্যৱস্থাৰ অধীনতেই কিয় গণতন্ত্র সম্ভৱপৰ হল?

পুঁজিবাদী অর্থনীতিৰ অধীনত শ্রমিকসকল আইনী দৃষ্টিৰে নিজৰ শ্রম-শক্তি বেচিবলৈ স্বাধীন। শ্রমিকে নিজ শ্রম-শক্তি বেচে আৰু বিনিময়ত মজুৰি লাভ কৰে। অর্থাৎ সমস্ত প্রক্রিয়াটোত সমান মূল্যৰ বস্তুৰেই আদান-প্রদান হোৱা যেন ভাব হয় শ্রমিকে এটা বস্তু (শ্রম-শক্তি ) প্রদান কৰিছে আৰু বিনিময়ত আন এটা বস্তু (মজুৰি) লাভ কৰিছে অর্থাৎ শোষণৰ প্রক্রিয়াটো ইয়াত স্পষ্ট নহয়। তদুপৰি আপাত দৃষ্টিত পুঁজিপতিজন প্রয়োজনীয় যেনেই অনুভৱ হয় – কিয়নো তেঁৱেই পইছা-পাতি যোগাৰ কৰি উদ্যোগটো স্থাপন কৰিছে। পুঁজিপতি নহ’লে কোনে উদ্যোগ স্থাপন কৰিলেহেঁতেন? কোনে চাকৰি সৃষ্টি কৰিলেহেঁতেন? পুঁজিপতিজনে শ্রমিকক কাম কৰিবলৈ জবৰদস্তি কৰা নাই। শ্রমিকে নিজেহে পুঁজিপতিৰ ওচৰলৈ কাম বিচাৰি আহিছে। মন নগ’লে শ্রমিকজনে চাকৰি পৰিত্যাগ কৰিবও পাৰে! অৱশ্যে চাকৰি পৰিত্যাগ কৰাৰ অর্থই হৈছে ভোকত খাবলৈ নেপাই মৰা।

পিছে প্রাক-পুঁজিবাদী ব্যৱস্থাসমূহত – যেনে ধৰক, সামন্তীয় অর্থনীতি একোখনত কৃষকে নিজৰ মাটিত কাম কৰাৰ উপৰিও জমিদাৰৰ মাটিত গেবাৰি খাটিবলগা হয়। লগতে তেওঁ নিজৰ মাটিত উৎপাদিত হোৱা শস্যৰ একাংশও জমিদাৰক দিবলগা হয়। সমস্ত প্রক্রিয়াটোত জমিদাৰে শোষণ কৰাৰ কথাটো স্পষ্ট হৈ পৰে। কিয়নো কৃষকে বুজিব পাৰে যে জমিদাৰ নহ’লেও কৃষিকর্ম সুন্দৰকৈ চলি থাকিব। সমস্ত উৎপাদনৰ প্রক্রিয়াটোত জমিদাৰৰ কোনো ভূমিকা নাই। ইয়াত আইনীভাৱে কোনো সমমূল্যৰ বস্তুৰ আদান-প্রদান হোৱা নাই। কেৱল সামাজিক-ৰাজনৈতিক শক্তিৰ বলতেই ৰখীয়া-পৰীয়া প্রয়োগ কৰি জমিদাৰে কৃষকৰ শস্যৰ একাংশ কাঢ়ি নিছে। কৃষকে জমিদাৰৰ ওচৰলৈ যোৱা নাই; উদ্বৃত্তৰ সন্ধানত জমিদাৰহে কৃষকৰ ওচৰলৈ আহিছে। অর্থাৎ জমিদাৰক খেদি দিব পাৰিলে কৃষকসকলে বঢ়িয়াচে অকলেই জীয়াই থাকিব পাৰিব।

তাত্ত্বিক ভাষাত – পুঁজিবাদ আৰু সামন্তবাদৰ মাজত দেখা পোৱা এই পার্থক্যৰ আঁৰৰ কাৰণটো হৈছে - বেলেগ বেলেগ যুগত উৎপাদন সমল আৰু প্রত্যক্ষ উৎপাদকৰ মাজত স্থাপিত হোৱা সম্পর্কৰ ভিন ভিন ৰূপ । পুঁজিবাদৰ অধীনত  প্রত্যক্ষ উৎপাদকসকল উৎপাদন সমলৰ স্বামীত্বৰপৰা বঞ্চিত হয়; আনহাতে প্রাক্ পুঁজিবাদী ব্যৱস্থা – যেনে সামন্তবাদৰ অধীনত - উৎপাদন সমলৰ ওপৰত প্রত্যক্ষ উৎপাদকৰ স্বামীত্ব  থাকে।

সামন্তবাদৰ অধীনত প্রত্যক্ষ উৎপাদকসকল উৎপাদন সমলৰ স্বামী হোৱাৰ বাবেই শোষণৰ প্রক্রিয়াটো চলাই নিবলৈ জমিদাৰে অনা-অর্থনৈতিক (extra-economic) অর্থাৎ ৰাজনৈতিকভাৱে জোৰ-জুলুম কৰিব লগা হয়। অন্যথায় কৃষকে নিজৰ মাটিত খেতি কৰিয়েই নিজকে পোহ-পাল দিব; জমিদাৰৰ ঘৰত বা মাটিত কাম কৰিবলৈ তেওঁলোকে অস্বীকাৰ কৰিব। আন কথাত, সামন্তবাদৰ অধীনত জমিদাৰজন একে সময়তে আর্থিক মালিক হোৱাৰ লগতে ৰাজনৈতিক, ন্যায়িক তথা সামৰিক মালিকো হ’ব লগা হয়। সেয়েহে এনে কোনো জমিদাৰ দেখা পোৱা নাযায় যাৰ নিজৰ ৰখীয়া-পৰীয়া নাথাকে। কিন্তু পুঁজিবাদী ব্যৱস্থাটোৰ অধীনত অর্থনৈতিক মালিক (পুঁজিপতি) আৰু ৰাজনৈতিক মালিক (ৰাজনেতা) ভিন ভিন হ’ব পাৰে। শ্রমিকৰ উদ্বৃত্ত হৰণ কৰিবলৈ পুঁজিপতিৰ ওচৰত কোনো গুণ্ডা বাহিনী থাকিবই লাগিব বুলি কোনো কথা নাই। যিহেতু শ্রমিকৰ নিজা কোনো উৎপাদন সমল নাথাকে, সেয়েহে জীৱিকাৰ টানত পৰিয়েই শ্রমিকসকল পুঁজিপতিৰ ওপৰলৈ কাম বিচাৰি ঢপলিয়াই আহিব লগা হয়। পুঁজিপতিয়ে কাম কৰিবলৈ শ্রমিকক বাধ্য কৰিব নেলাগে; বজাৰৰ অদৃশ্য হেঁচাই শ্রমিকক পুঁজিপতিৰ ওচৰত কাম কৰিবলৈ বাধ্য কৰে।

কথাখিনি তাত্ত্বিক ভাষাত এনেকৈয়ো ক’ব পাৰি : পুঁজিবাদৰ আর্থিক আধাৰটোৰ বিশিষ্ট চৰিত্রৰ বাবেই পোনপ্রথমবাৰ বাবে পুঁজিবাদৰ অধীনতেই ৰাজনৈতিক ক্ষেত্রখনৰ সমান্তৰালভাৱে ‘আর্থিক ক্ষেত্র’ নামৰ এখন নতুন স্বায়ত্ত (autonomous) ক্ষেত্রৰ জন্ম হয়। ইয়াৰ আগলৈকে ৰাজনৈতিক ক্ষেত্রখনক আর্থিক ক্ষেত্রৰপৰা পৃথক কৰিব পৰা নগৈছিল। আর্থিক শোষণ কৰিবলৈ হ’লে আর্থিক প্রভুসকল একে সময়তে ৰাজনৈতিক প্রভুও হ’ব লগা হৈছিল। কিন্তু পুঁজিবাদৰ অধীনত শাসক শ্রেণীয়ে এই প্রয়োজনৰপৰা মুক্তি লাভ কৰিলে।

ই হৈছে পুঁজিবাদ দীর্ঘস্থায়ী হোৱাৰ অন্যতম কাৰণ। দৈনন্দিন পুঁজিবাদী অর্থনীতিখন চলাই নিবলৈ ৰাজনৈতিক প্রভুসকলে (ৰাজনেতাই) সর্বদা হস্তক্ষেপ কৰাৰ প্রয়োজন নাই। সেইফেৰা কাম আর্থিক প্রভুসকলে (পুঁজিপতিসকলে) নিজেই কৰিব পাৰে। চৰকাৰে মাজে-মধ্যেহে হস্তক্ষেপ কৰে। জনগণৰ খং উঠিলেও সেয়া প্রকৃত প্রভুৰ (অর্থাৎ পুঁজিপতিৰ) বিপৰীতে ৰাজনৈতিক প্রভুৰ বিৰুদ্ধেহে চালিত হয়। এবাৰ কংগ্রেছ, তাৰ পাছত বিজেপি; বা এবাৰ ৰিপাব্লিকান দল, আনবাৰ ডেমক্রেট। এনেকৈয়ে পুঁজিবাদী অর্থনীতিখন বঢ়িয়াচে চলি থাকে!

এই একেটা কাৰণতেই পুঁজিবাদৰ অধীনত ক্ষমতাৰ বিকেন্দ্রীকৰণো সম্ভৱপৰ হৈ উঠিল। বিধানপালিকা (সংসদ), ন্যায়পালিকা (আদালত) তথা কার্যপালিকা (আমোলাতন্ত্র)ৰ মাজত ক্ষমতাৰ বিতৰণ সম্ভৱপৰ হৈ উঠিল। জনগণে কোনো ৰাজনৈতিক দলক ভোট দি বিজয়ী কৰাব, চৰকাৰে নিজৰ নীতিসমূহ কার্যপালিকাৰ জৰিয়তে ৰূপায়ণ কৰিব তথা চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিলে ন্যায়পালিকাই  তাত হস্তক্ষেপ কৰিব। অর্থাৎ গণতন্ত্রৰ বাবে ভাবুকি স্বৰূপ হৈ উঠাকৈ কাৰোৱে হাতত ক্ষমতাৰ কেন্দ্রীভূতকৰণ নঘটিব। এয়াই হৈছে গণতন্ত্র বিষয়ক উদাৰবাদী তত্ত্বৰো মূল কথা।

আচলতে পুঁজিবাদৰ অধীনত অর্থনীতিৰ ক্ষেত্রখন ইমানেই স্বায়ত্ত হৈ পৰে যে ৰাজনৈতিক ক্ষেত্রখনত সমাজবাদী দল-সংগঠন নির্বাচিত হৈ আহিলেও অর্থনীতিৰ চৰিত্রৰ কোনো গুণগত পৰিবর্তন নহয়। সেয়েহে পুঁজিবাদৰ অধীনতেই পোনপ্রথমবাৰ বাবে ৰাজনৈতিক গণতন্ত্র স্থাপিত হ’ল। তাৰ আগেয়ে সেয়া অসম্ভৱ আছিল।

২) সমাজবাদীসকলৰদ্বাৰা বুর্জোৱা গণতন্ত্রৰ সমালোচনা আৰু পুঁজিবাদৰ বিকল্প :

পুঁজিবাদী ব্যৱস্থাৰ সমালোচনা কৰি মার্ক্স প্রভৃতি সমাজবাদীসকলে ক’লে যে এনেকৈ ৰাজনৈতিক ক্ষেত্রখনত গণতন্ত্র স্থাপিত হ’লেও আর্থিক ক্ষেত্রখনত গণতন্ত্র স্থাপিত হোৱা নাই। অর্থাৎ ৰাজনৈতিকভাৱে প্রতিজন ব্যক্তিৰে হাতত একোটাকৈ ভোট আছে; কিন্তু আর্থিকভাৱে কেৱল টাটা-বিৰলাৰ ওচৰতেই সকলো ভোট আছে, কিয়নো টাটা-বিৰলাৰ ওচৰতেই উৎপাদনৰ সকলো সমল (উদ্যোগ আদি) আছে। সেয়েহে আর্থিক ক্ষেত্রতো গণতন্ত্র স্থাপন কৰিব লাগিব। আর্থিক ক্ষেত্রতো ব্যক্তিয়ে প্রতি একোটাকৈ ভোট থাকিব লাগিব। এই আর্থিক গণতন্ত্রই হৈছে সমাজবাদ। উৎপাদনৰ সকলো সমল ব্যক্তিবিশেষৰ নিজা সম্পত্তি হোৱাৰ বিপৰীতে সমস্ত সমাজখনৰ হ’ব লাগিব।

এইখিনিতে প্রশ্ন উঠিল : এই আর্থিক গণতন্ত্র সম্ভৱপৰ কৰা যায় কেনেকৈ? চিধা ভাষাত ক’বলৈ গ’লে – পুঁজিপতিৰ হাতৰপৰা সকলো উৎপাদনৰ সমল কাঢ়ি ল’ব লাগিব আৰু শ্রমিক সমবায়, কৃষক সমবায় আদি নির্মাণ কৰাৰ যোগেদি সিবিলাকৰ সামাজিকীকৰণ কৰা হ’ব। পিছে পুঁজিবাদৰ অধীনত ‘সম্পত্তিৰ অধিকাৰ’ বোলা বস্তু এটা থাকে। সেয়েহে আর্থিক গণতন্ত্র সম্ভৱপৰ কৰিবলৈ হ’লে প্রথমে শ্রমজীৱী জনগণে বলপূর্বক ৰাষ্ট্রৰ ক্ষমতা নিজৰ হাতলৈ আনিব লাগিব আৰু দেশৰ সংবিধান সলনি কৰিব লাগিব। তাৰ পাছতহে পুঁজিপতিৰপৰা উৎপাদনৰ সমল কাঢ়ি ল’ব পৰা যাব। এয়াই হৈছে বিপ্লৱ। বিপ্লৱৰ পাছৰ ব্যৱস্থাটোৰ নাম হ’ব সমাজবাদ, য’ত এইবাৰ ৰাজনৈতিক গণতন্ত্রৰ লগতে আর্থিক বা সামাজিক গণতন্ত্রও স্থাপন কৰা হ’ব; উৎপাদন সমলৰ ওপৰত পুঁজিপতিৰ মালিকানা বেআইনী ঘোষণা কৰা হ’ব। শ্রমশক্তিৰ পণ্য চৰিত্র নাশ কৰা হ’ব। বিভিন্ন শ্রমিক দলে দেশৰ নির্বাচনত অংশগ্রহণ কৰিব আৰু সমাজবাদৰ নিজস্ব পৰিকল্পনা আগ বঢ়াই শ্রমজীৱী জনগণৰ ভোট হাছিল কৰিবলৈ চেষ্টা কৰিব।

৩) বুর্জোৱা গণতন্ত্রৰ মাজত বাঁও চৰকাৰৰ সীমাদ্ধতা :

তাত্ত্বিক ভাষাত কথাখিনি সহজ হ’লেও পিছে বাস্তৱত তাক ক্রিয়ান্বিত কৰাটো বৰ সহজ কথা নহয়। বিশেষকৈ আজিৰ যুগত সামৰিক পদ্ধতিৰে ক্ষমতা দখল কৰাটো প্রায় অসম্ভৱ বুলিয়েই ক’ব পাৰি। বিংশ শতিকাৰ বিপ্লৱসমূহত দেখা যায় যে বিপ্লৱৰ বহু পূর্বেই ৰাষ্ট্রযন্ত্রটো ভাগি-ছিগি গৈছিল (উদাহৰণ : প্রথম বিশ্বযুদ্ধৰ সময়ত ৰুছ)। কিছুমান দেশত আকৌ কেন্দ্রীয় ৰাষ্ট্রযন্ত্রৰ কোনো চিনচাবেই নাছিল; স্বয়ং কমিউনিষ্ট পার্টিয়ে একোটা নতুন ৰাষ্ট্রযন্ত্র নির্মাণ কৰিব লগাত পৰিছিল (উদাহৰণ : চীন)। বেছিভাগ দেশতেই শত্রু আছিল কোনো ৰজা-মহাৰজা (উদাহৰণ : ৰুছ), ঔপনিবেশিক শাসক (উদাহৰণ : ভিয়েটনাম, উত্তৰ কোৰিয়া) বা নিৰংকুশ শাসক (উদাহৰণ : কিউবা)। কাজেই সিবিলাকৰ বিৰূদ্ধে জনগণক সংগঠিত কৰাটো আপেক্ষিকভাৱে সহজ আছিল। ভাত, মাটি, শান্তি, জাতীয় স্বাধীনতা আদি সহজ শ্ল’গানৰ ভিত্তিত বিপ্লৱ সম্ভৱপৰ হৈছিল।

পিছে আজিৰ দিনত বেছিভাগ দেশতেই বুর্জোৱা গণতন্ত্র স্থাপন হৈছে। বেছিভাগ দেশৰে ৰাষ্ট্রযন্ত্রবোৰৰো আধুনিকীকৰণ হৈছে। কাজেই সিবিলাক সহজতে ভাগি পৰাৰ সম্ভাৱনা তেনেই কম। প্রথম বিশ্বযুদ্ধই ৰুছ বিপ্লৱৰ জন্ম দিছিল; দ্বিতীয় বিশ্বযুদ্ধই জন্ম দিছিল চীন বিপ্লৱৰ। পিছে আজিৰ দিনত বিশ্বযুদ্ধৰ সম্ভাৱনা কম আৰু সেয়েহে ৰাষ্ট্রযন্ত্রবোৰো সংকটত পৰাৰ সম্ভাৱনা ক্ষীণ। [মনত ৰখা ভাল : চৰকাৰ সংকটত পৰা আৰু স্বয়ং ৰাষ্ট্রযন্ত্রটো সংকটত পৰা – এই দুয়োৰে মাজত কিছু তফাৎ আছে।] পুঁজিবাদী অর্থনীতিও যিহেতু এই দেশসমূহত বিকশিত হৈছে – গতিকে সিবিলাকত জনগণৰ বাবে শত্রুৰ চিনাক্তকৰণ কৰাটোও যথেষ্ট কঠিন হৈ পৰিছে। ভাৰতীয় পৰিস্থিতিৰ ফালে চালে দেখা যায় – পূর্বৰ জমিদাৰ-ভূস্বামীসকলৰ মাটি ইতিমধ্যেই বিভিন্ন কাৰণবশতঃ হ্রাস হৈ পৰিছে। অর্থাৎ স্থানীয় শত্রুৰ বিৰুদ্ধে কৃষকক সংগঠিত কৰাও ক্রমশঃ টান হৈ পৰিছে। এনে স্থিতিত ১২ লাখ ভাৰতীয় সেনাবাহিনীৰ স’তে কোনো সংগ্রামী দলেই মুখামুখি যুদ্ধত বিজয়ী হোৱাৰ আশা কম। সেয়েহে গণতান্ত্রিক পদ্ধতিৰে চৰকাৰ গঠন কৰিয়েই সংগ্রামীসকল আগ বাঢ়িব লাগিব আৰু সেনাবাহিনী ৰিক্রুটমেণ্ট কৰা অঞ্চলসমূহত বিভিন্ন ইছ্যুভিত্তিক গণঅভিযান চলাই সেনাবাহিনীক neutralize কৰিব লাগিব। অৱশ্যে এই প্রশ্নটো বহু পাছতহে আহিব। সাধাৰণতেই চৰকাৰ গঠন কৰাৰ পাছতেই বাঁও দল একোটা বিভিন্ন সমস্যাৰ সন্মুখীন হয়। সংগ্রামৰ পাছৰ পর্যায়লৈ সাধাৰণতেই বিপ্লৱীসকল আগ বাঢ়িবলৈ ব্যর্থ হয়।

কথাটো হৈছে এনেকুৱা : কোনো গণ আন্দোলন আদিৰ মাজেৰে কোনো এটা বিশেষ ৰাজনৈতিক দলৰ চৰকাৰ একোখনক পতিত কৰাটো তুলনামূলকভাৱে সহজ। পিছে যেতিয়ালৈকে জনগণৰ মূল শত্রু অর্থাৎ আর্থিক প্রভু পুঁজিপতিহঁতৰ বিৰুদ্ধে, পুঁজিবাদৰ বিৰুদ্ধে জনগণক সংগঠিত কৰিব নোৱাৰি, তেতিয়ালৈকে সমাজবাদ নির্মাণৰ সপোনো বাস্তৱায়িত নোৱাৰে এটা উদাহৰণ দিয়া যাওক :

ধৰক, উপস্থিত চৰকাৰখনৰ দুর্নীতি আদিৰ দোহাই দি বাঁও দল এটাই গণ অভিযান চলালে আৰু খেতি মাটি, বাসস্থান, সুলভ শিক্ষা, সুলভ স্বাস্থ্যসেৱা, শ্রমিক অধিকাৰ, মজুৰি বৃদ্ধি আদিৰ প্রতিশ্রুতি দি তেওঁলোকে বুর্জোৱা ব্যৱস্থাটোৰ অধীনতে চৰকাৰ গঠন কৰিলে। পিছে বাঁও দলটো শাসনলৈ আহিলেই দেশখনত ‘বিজনেছ কনফিডেন্স’ কমিবলৈ ধৰে। ইয়াৰে প্রথম পদক্ষেপ হিচাপে স্পেকুলেটৰসকলে দেশখনৰ  টকাৰ মান আন্তর্জাতিক বজাৰত নিম্নগামী হ’ব বুলি অনুমান কৰি জুৱা খেলিবলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণ হৈছে – বাঁও চৰকাৰ একোখনে সাধাৰণতেই মুদ্রাস্ফীতিমূলক নীতি কেতবোৰ পালন কৰিব বুলি অনুমান কৰা হয়।

এয়া কেৱল স্পেকুলেটৰসকলৰ খেয়ালী মনৰ চিন্তা নহয়। আচলতে দুখীয়াৰ হাতলৈ আয়ৰ পুনঃবিতৰণ, চিকিৎসা, শিক্ষা আদি বিভিন্ন সামাজিক সেৱাৰ সুলভকৰণ তথা উন্নতকৰণ আদি কার্যৰ জৰিয়তে প্রত্যক্ষ বা অপ্রত্যক্ষভাৱে পুঁজিপতিৰ লাভৰ ধন  শ্রমিক শ্রেণীৰ হাতলৈ স্থানান্তৰিত হ’বলৈ আৰম্ভ কৰে। হ্রস্বকালীন পর্যায়ত পণ্যৰ দাম বৃদ্ধি কৰি পুঁজিপতিসকলে এই লোকচান কমাবলৈ চেষ্টা কৰে; অর্থাৎ লাভৰ স্তৰ যাতে কমি নাযায়, এই কথাটো তেওঁলোকে সুনিশ্চিত কৰিবলৈ চেষ্টা কৰে। আন কথাত, এনে পৰিস্থিতিত মুদ্রাস্ফীতি হৈছে শ্রমজীৱী জনগণৰ কল্যাণৰ বাবে চৰকাৰে লোৱা নীতিসমূহৰ প্রতি বজাৰে জনোৱা প্রত্যাহ্বানমূলক সঁহাৰি।

দেশৰ টকাৰ ওপৰত স্পেকুলেটৰসকলৰ এই আক্রমণৰ মোকাবিলা কৰিবলৈ  বাঁও চৰকাৰখনে দুটা কাম কৰিব পাৰে : ১) তেওঁলোকে দেশী-বিদেশী বিজনেছ সম্প্রদায়সমূহক বুজাবলৈ চেষ্টা কৰিব পাৰে যে গতানুগতিক গোড়া আর্থিক [পৰম্পৰা?] পালন কৰি যোৱাৰ প্রতি তেওঁলোক প্রতিশ্রুতিবদ্ধ। অথবা ২) তেওঁলোকে কল্যাণমূলক সংস্কাৰ প্রক্রিয়াটোক অধিক দৃঢ়তাৰে আগুৱাই লৈ যাব পাৰে।

দ্বিতীয়টো পথ ল’লে চৰকাৰখনে এইবাৰ অধিক মুদ্রাস্ফীতিৰ হাৰ তথা এক আন্তর্জাতিক মুদ্রা সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব।

আন্তর্জাতিক মুদ্রা সংকট কেইবাটাও কাৰণত সৃষ্টি হ’ব পাৰে। ইয়াৰে এটা কাৰণ – অর্থাৎ দেশৰ টকাৰ ওপৰত স্পেকুলেটৰসকলৰ আক্রমণৰ কথা ইতিমধ্যেই উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও দেশীয় মুদ্রাস্ফীতিৰ ফলত আন্তর্জাতিক বাণিজ্য অর্থাৎ লেনা-দেনাৰ ক্ষেত্রখনত দেশখন প্রতিকূল অৱস্থাৰ সন্মুখীন হয়; পূর্বৰ বিপৰীতে অধিক মূল্য ভৰি বিদেশৰপৰা সামগ্রী ক্রয় কৰিব লগা হয় [কিয়নো মুদ্রাস্ফীতিৰ ফলত দেশৰ টকাৰ মান যে নিম্নগামী/সস্তা হৈ পৰে]। দেশখনৰ বেলেঞ্চ অব পেমেণ্টৰ অৱস্থা শোচনীয় হৈ পৰে। ইতিমধ্যেই মুদ্রাস্ফীতি আৰু চৰকাৰৰ ওপৰত বিশ্বাস হেৰুওৱাৰ ফলত দেশী-বিদেশী পুঁজিৰ বহিৰ্গমন আৰম্ভ হয় আৰু এনে পৰিস্থিতিত শোচনীয় দেশখনক নগদ বাকী দিবলৈ কোনো বৈদেশিক সংস্থাই ইচ্ছা প্রকাশ নকৰে।

দেশীয় টকাৰ ওপৰত স্পেকুলেটৰসকলৰ প্রাৰম্ভিক আক্রমণ কিছু দূৰৈলৈ সহ্য কৰিব পাৰি। কিন্তু আন্তর্জাতিক মুদ্রা সংকট সৃষ্টি হ’লে চৰকাৰখনে কেতবোৰ আমূল সিদ্ধান্ত হাতত ল’বই লাগিব। চৰকাৰখনে নিজৰ সংস্কাৰকামী ইচ্ছা এইখিনিতে স্থগিত কৰিব পাৰে আৰু কোনো “দায়িত্বশীল প্রশাসন”ৰ হাতলৈ নিজৰ ক্ষমতা স্থানান্তৰ কৰিব পাৰে! অর্থাৎ ইয়াতে কল্যাণমূলক চৰকাৰৰ আধ্যা পৰিব পাৰে! অন্যথায় অর্থনীতিখন আন্তর্জাতিক বজাৰৰ কুপ্রভাৱৰপৰা ৰক্ষা কৰিবলৈ ই দাম নিয়ন্ত্রণ, আমদানি নিয়ন্ত্রণ তথা এক্সচেঞ্জ নিয়ন্ত্রণ আদি কেতবোৰ পদক্ষেপ হাতত ল’ব লাগিব।

বজাৰখন নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে লোৱা এই প্রচেষ্টাৰ ফলত এইবাৰ আন এলানি ঘটনাৱলী সৃষ্টি হ’ব। বজাৰ নিয়ন্ত্রণৰ এই নীতিসমূহে ব্যক্তিৰ স্তৰত পুঁজিপতি একোজনৰ বাবে কেতবোৰ ভাবুকি সৃষ্টি কৰে।

১) দাম নিয়ন্ত্রণৰ অর্থ হৈছে পূর্বৰ বিপৰীতে এতিয়া পুঁজিপতিজনে নিজৰ পণ্যৰ দাম ইচ্ছা অনুসৰি হ্রাস বা বৃদ্ধি কৰিব নোৱাৰিব। লাভৰ স্তৰ নির্ণয় কৰা এক মূল কার্যপদ্ধতি হিচাপে দাম নিয়ন্ত্রণৰ ওপৰত সাধাৰণতেই পুঁজিপতি একোজনে কিছু নিয়ন্ত্রণ ৰাখিবলৈ বাঞ্ছা কৰে। পিছে এতিয়া পুঁজিপতি একোজনে সেই নিয়ন্ত্রণ হেৰুৱাই পেলাব।

২) আমদানি নিয়ন্ত্রণৰ অর্থ হৈছে – এতিয়া পুঁজিপতি একোজনে তেওঁৰ ব্যৱসায়ৰ বাবে অতিকৈ জৰুৰী কেতবোৰ সামগ্রী হয়তো আমদানি কৰিব নোৱাৰিব।

৩) এক্সচেঞ্জ নিয়ন্ত্রণৰ অর্থ হৈছে এইবাৰ কর্প’ৰেট ফার্ম তথা ধনী ব্যক্তিসকলে তেওঁলোকৰ সম্পদসমূহ বিদেশৰ কোনো নিম্নকৰমূলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিব নোৱাৰিব। দ্রুত গতিৰে মুদ্রাস্ফীতিৰ সন্মুখীন হোৱা দেশীয় টকাৰ ৰূপত তেওঁলোকৰ সম্পদসমূহ ৰখাৰ অর্থই হৈছে সিবিলাকৰ মূল্য নিম্নমুখী হোৱা। অর্থাৎ ধনিকসকলৰ একাংশ সম্পদ মুদ্রাস্ফীতিৰ জুইত জাহ যাব।

এই সমস্ত পদক্ষেপসমূহে চৰকাৰৰ ওপৰত ‘বিজনেছৰ বিশ্বাস’ আৰু কমাই আনিব। ফলত দ্রুতগতিৰে অর্থনীতিত পুঁজিৰ বিনিয়োগো কমি আহিব। নিম্নগামী বিনিয়োগৰ ফলত নিবনুৱা সমস্যা ভয়ংকৰ গতিৰে বৃদ্ধি হ’ব আৰু জৰুৰী বিভিন্ন পণ্যৰ অনাটনে দেখা দিব। অর্থনীতিৰ সংকোচনৰ ফলত চৰকাৰৰ আয়ো হ্রাস পাব আৰু জনকল্যাণমূলক আঁচনিসমূহত ব্যয় কৰিব পৰাকৈ চৰকাৰৰ ক্ষমতা হ্রাস হফলত চৰকাৰখনৰ জনপ্রিয়তাও ভয়ংকৰ গতিৰে নিম্নগামী হ

এনেস্থলত চৰকাৰখনে হয় ছাৰেণ্ডাৰ কৰিব লাগিব – নতুবা ইয়াতকৈও অধিক ৰেডিকেল পদক্ষেপ হাতত ল’বলৈ সাজু থাকিব লাগিব। হয় সকলো নিয়ন্ত্রণ ত্যাগ কৰি পুঁজিপতিৰ প্রিয় গোড়া আর্থিক নীতি গ্রহণ কৰিব লাগিব – নতুবা অর্থনীতিখনৰ সামাজিকীকৰণ কৰাৰ দিশেৰে গতি কৰিব লাগিব।

চৰকাৰে এইখিনিতে কিছু নতুন পদক্ষেপ ল’ব পাৰে। পণ্যৰ অনাটন কমাবলৈ সংশ্লিষ্ট ব্যক্তিগত উদ্যোগবোৰ নিজৰ হাতলৈ আনিব পাৰে, বিত্তীয় ঘাটিৰ ওপৰত ভিত্তি কৰি কেইনছীয় পদ্ধতিৰে নিয়োগ সৃষ্টিকাৰী কেতবোৰ চৰকাৰী আঁচনি হাতত ল’ব পাৰে তথা শ্রমিকৰ অকুপাই তথা সমবায় স্থাপনেৰে এক নতুন অর্থনীতি গঢ়াৰ প্রতি মন দিব পাৰে।

পিছে সাধাৰণতেই এনে ৰেডিকেল কার্যসূচী হাতত লব পৰাকৈ কুহুমীয়া বিধৰ বাঁও দল একোটাৰ পূর্ব-প্রস্তুতি নাথাকে। মুখত সমাজবাদৰ নাম ললেও বাঁও দলটোৱে জনগণক পূর্বৰেপৰা এনে প্রতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ প্রস্তুত কৰি নাৰাখে। অর্থাৎ চৰকাৰে এনে ৰেডিকেল নীতি লব পৰাকৈ  কোনো সবল ৰাজনৈতিক ভিত্তি সাধাৰণতেই বাঁওদলটোৰ নাথাকে। তদুপৰি ইতিমধ্যেই উপস্থিত ৰাষ্ট্রযন্ত্রটোৰ ৰাজনৈতিক সংস্কৃতিৰ স’তে বাঁওদলটোৰ নেতাসকল ইমানেই ঘনিষ্ঠ হৈ পৰে যে স্থিতাৱস্থাৰ বিপৰীতে কোনো আমূল নীতি ল’ব পৰাকৈ তেওঁলোকৰ আগ্রহ, ক্ষমতা আৰু সৃষ্টিশীলতা – এটাও বাকী নাথাকে।

ইয়াৰ ফলাফল সাধাৰণতেই ট্রেজিক হয়। হয় চৰকাৰখনে এইবাৰ গোড়া আর্থিক নীতি গ্রহণ কৰি সকলো বিপ্লৱী পৰিকল্পনা ত্যাগ কৰিব, নতুবা স্থিতাৱস্থাৰ মাজতেই পৰিত্রাণৰ কোনো উপায় বিচাৰিব। মন কৰক : ইতিমধ্যেই বয়-বস্তুৰ জুই-ছাই দাম, নিত্য ব্যৱহার্য সামগ্রীৰ নাটনি, নিয়োগ সংকোচন আদিৰ ফলত চৰকাৰখনে জনগণৰ গ্রহণযোগ্যতা হেৰুৱাবলৈ আৰম্ভ কৰিছে।  শেহত গৈ জনপ্রিয়তা হ্রাস হৈ অহা চৰকাৰখন অনাগত নির্বাচনটোত বিপুলভাৱে পৰাজিত হ’ব।

আন কথাত, জনগণৰ দাবীবোৰ পূর্ণ কৰাৰ প্রতিশ্রুতি দিয়েই বাঁও দল একোটা ক্ষমতালৈ আহে আৰু পুঁজি বিক্ষোভৰ ফলত এই দাবীবোৰ পূর্ণ কৰিব নোৱাৰিয়েই চৰকাৰখন জনৰোষত পৰে!! প্রবন্ধটোৰ অনাগত অংশত আমি আলোচনা কৰিম যে কেনেদৰে বাঁওদল একোটাই নিজকে এনে পৰিস্থিতিৰপৰা উদ্ধাৰ কৰাৰ চেষ্টা কৰিব পাৰে।

৪) ঐতিহাসিক ব্যতিক্রম :

বুর্জোৱা ব্যৱস্থাৰ অন্তর্গত বাঁও চৰকাৰ একোখনৰ দশা সদায়েই এনে হ’ব বুলি ক’ব নোৱাৰি। কেতবোৰ বিশেষ পৰিস্থিতিত বুর্জোৱাহঁতে বাঁওপন্থীসকলৰ শাসন মানি ল’ব পাৰে। উদাহৰণস্বৰূপে, ১৯৪৫-৭০ সময়ছোৱাত পশ্চিম ইউৰোপৰ বেছিভাগ দেশতেই কোনোবা নহয় কোনোবা সংস্কাৰকামী সমাজবাদী দলে শাসন কৰিছিল। এই দলবোৰক কোনোপধ্যেই বিপ্লৱী দল বুলি ক’ব নোৱাৰিলেও সিবিলাকে উপস্থিত ব্যৱস্থাটোৰ ভিতৰতে কেতবোৰ কল্যাণমূলক আঁচনি হাতত লৈছিল (যেনে সুলভ শিক্ষা, সুলভ স্বাস্থ্যসেৱা, নিবনুৱা ভাট্টাৰ ব্যৱস্থা, কেতবোৰ উদ্যোগৰ চৰকাৰীকৰণ আদি)। বুর্জোৱাহঁতে এনে পদক্ষেপসমূহ ভাল নাপায়, কিয়নো সিহঁতে সকলো ক্ষেত্রতে ব্যক্তিগত বিনিয়োগ কৰি মুনাফা কমোৱাৰ ধাণ্ডাত থাকে। শিক্ষা ব্যৱস্থাটো চৰকাৰী হোৱাৰ অর্থই হৈছে যে এখন লাভজনক ক্ষেত্রত বিনিয়োগ কৰাৰপৰা সিহঁত বঞ্চিত হ’ল! নিবনুৱা ভাট্টা দিয়াৰ অর্থই হৈছে যে এনেস্থলত শ্রমিকৰ সংগ্রামী ক্ষমতা বৃদ্ধি পায় [উপার্জনৰ কোনো বিকল্প নথকা শ্রমিকে দীর্ঘদিনলৈ ফেক্টৰি ধর্মঘট কৰিব নোৱাৰে]। পিছে সেই সময়ত ছোভিয়েট ইউনিয়নৰ ভূতে সমগ্র ইউৰোপখনকে পেপুৱা লগাই থৈছিল। গতিকেই বুর্জোৱাহঁতে এনে জনপ্রিয় নীতিসমূহ মানি ল’বলৈ বাধ্য হৈছিল। নহ’লে কিজানিবা পশ্চিম ইউৰোপীয় দেশবোৰতো সমাজবাদী বিপ্লৱ সংঘটিত হয়! পিছে সত্তৰৰ দশকত কমিউনিজমৰ ভূতটো শাম কটাত সিহঁতে পুনৰ উৎপাত কৰা আৰম্ভ কৰিলে। বুর্জোৱাৰ উৎপাতত ইখনৰ পাছত সিখন দেশত সংস্কাৰকামী সমাজবাদী দলবোৰৰ পতন ঘটিল।

ৰাজনীতিবিজ্ঞানী এলেন মেইকচিঞ্চ ৱুডে উল্লেখ কৰিছে যে আজিৰ দিনত পুঁজিয়ে এক ব্যাপক আন্তর্জাতিক চৰিত্র লাভ কৰিছে; কোনো দেশৰ স্বার্থৰ সৈতে পুঁজিৰ স্বার্থ জড়িত হৈ থকা পৰিস্থিতি আজি আৰু নাই। উন্নত বিকশিত দেশ একোখনতো আজি বাঁও চৰকাৰ  গঠন হ’লে আমি উল্লেখ কৰাৰ দৰেই পুঁজিয়ে চৰকাৰখনক ব্লেক মেইলিং কৰা আৰম্ভ কৰে। অর্থাৎ পুঁজিবাদৰ স’তে সমুখ সমৰত থিয় হ’বলৈ আশা নকৰা, সকলো ৰূপৰ পুঁজিবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্রস্তুতি নচলোৱা বাঁও দল তথা চৰকাৰ এখনে কেতিয়াও বিজয় লাভ কৰিব নোৱাৰে।

৫) সংসদসর্বস্বতাৰ বিকল্প :

এতিয়ালৈকে আমি দেখিলো যে বাঁও চৰকাৰ একোখন কিমান দিন তিস্তি থাকিব পাৰিব, সেয়া বুর্জোৱাৰ ইচ্ছা-অনিচ্ছাৰ ওপৰতেই বহুখিনি নির্ভৰ কৰে। বিনিয়োগ বিক্ষোভ হৈছে বুর্জোৱাহঁতৰ এপাত মোক্ষম অস্ত্র। যিসকল বাঁওপন্থীয়ে বুর্জোৱাক দমন কৰাৰ উপায় উলিয়াব নোৱাৰে, তেওঁলোকৰ পতন ঘটাটো নিশ্চিত।

সেয়েহে সংস্কাৰকামী সমাজবাদীসকলৰ বিপৰীতে বিপ্লৱী কমিউনিষ্টসকলে কয় যে সমাজ পৰিবর্তন কৰিবলৈ হ’লে বুর্জোৱাৰ আর্থিক আৰু সামাজিক শক্তি/ৰাজহাড় ভাঙি পেলাব লাগিব। পিছে সেয়া তেতিয়াহে সম্ভৱপৰ হ’ব যেতিয়া বুর্জোৱাবিৰোধী চেতনা জনগণৰ মনত প্রবল হ’ব। ৰাইজৰ মনত এই চেতনাটো আহিব লাগিব যে অর্থনীতিখন চলাবলৈ আমাক কোনো বুর্জোৱাৰ দৰকাৰ নাই; শ্রমজীৱী জনগণে নিজেই অর্থনীতিখন চলাই নিব পাৰিব অন্যথায় মুদ্রাস্ফীতি, বয়বস্তুৰ জুই-ছাই দাম, কল্যাণমূলক আঁচনিত ব্যয় সংকোচন তথা নিয়োগ সংকোচন দেখি জনগণে স্বয়ং বাঁও চৰকাৰখনকেই ওফৰাই পেলাব। কর্প’ৰেট পুঁজি বিনিয়োগৰ যোগেদি নতুন নিয়োগ সৃষ্টি কৰাৰ প্রতিশ্রুতিৰে, ভাল দিন অনাৰ প্রতিশ্রুতিৰে কোনো সোঁ-পন্থী বুর্জোৱা দলেই অনাগত সময়ছোৱাত শাসনলৈ আহিব।

অর্থাৎ বাঁওপন্থীসকলে কেৱল গণসমর্থন লাভ কৰিলেই যথেষ্ নহয় কোনো বুর্জোৱা চৰকাৰ – আনকি ৰাষ্ট্রযন্ত্রৰ বিৰুদ্ধে জনগণক একত্রিত কৰিব পৰাটোও যথেষ্ নহয় চৰকাৰ গঠন কৰাটোও যথেষ্ নহয় বৰঞ্চ যথেষ্ তেতিয়াহে যেতিয়া দলটোৱে ৰাইজক বুর্জোৱাবিৰোধী শ্লোগান/চেতনাৰে একত্রিত কৰিব পাৰিব বুর্জোৱাবিৰোধী চেতনা বিকশিত নকৰাকৈ কেৱল ভাত-কাপোৰ, বাসস্থান আদিৰ প্রতিশ্রুতি দি চৰকাৰ গঠন কৰিলে শেহত দলটো নিজেই বিপদত পৰিব মুদ্রাস্ফীতি, বয়-বস্তুৰ দাম বৃদ্ধি তথা কল্যাণমূলক আঁচনিত ব্যয় সংকোচনৰ বিৰদ্ধে ধর্ণা দি স্বয়ং ৰাইজেই চৰকাৰখনৰ পতন ঘটাব!

চেতনা বিকশিত কৰা মানে আমি জনগণক মার্ক্সবাদৰ শিকোৱাৰ কথা কোৱা নাই জনগণৰ চেতনা সংগ্রামৰ মাজেদিয়েই বিকশিত হয় পিছে সকলো সংগ্রামে বিপ্লৱী চেতনা অর্থাৎ পুঁজিবিৰোধী চেতনা বিকশিত নকৰে পুঁজিবিৰোধী চেতনা বিকশিত কৰিবলৈ লে উৎপাদনৰ ক্ষেত্রখনত ভৰি দিব লাগিব এই কথাটো প্রমাণ কৰিব লাগিব যে শ্রমজীৱী জনগণৰ জীৱিকাৰ বাবে পুঁজিপতিৰ কোনো প্রয়োজন নাই। জনগণে নিজেই চৰকাৰীকৰণ তথা সমবায় নির্মাৰ যোগেৰে অর্থনীতিখন চলাব পাৰে।

কথাষাৰ ইমান সহজ নহয়। ভাত, কাপোৰ, বাসস্থানৰ সপোন দেখুৱাই যেতিয়া বাঁওপন্থী দল একোটাই চৰকাৰ গঠন কৰে, আৰু যেতিয়া পুঁজিপতিৰ বিনিয়োগ বিক্ষোভৰ ফলত অর্থনীতিখন সংকোচিত হৈ পৰে, মদ্রাস্ফীতিয়ে দেখা দিয়ে তথা চৰকাৰখনে বিভিন্ন কল্যাণমূলক আঁচনিত টকা লগাব নোৱৰা হৈ পৰে – তেতিয়া জনগণৰ ক্রোধ কোনো পুঁজিপতিৰ সলনি চৰকাৰখনৰ প্রতিহে ধাৱমান হয়। এনে স্থিতিত পূর্বপ্রস্তুতি কৰি নোথোৱা বাঁও দল একোটা বিপদত পৰাটো নিশ্চিত।

পূর্বপ্রস্তুতি মানে আমি কি বুজাব খুজিছোঁ? পূর্বপ্রস্তুতিৰ অর্থ হৈছে – জনগণৰ চেতনা উচ্চ পর্যায়ৰ কৰি তোলা। এই কামফেৰা চৰকাৰ গঠনৰ বহু পূর্বেই কৰি থ’ব লাগিব। এনেৰিবলৈ সক্ষম হ’লেহে পাছত যেতিয়া চৰকাৰখনে কল্যাণমূলক আঁচনিত টকা বিনিয়োগ কৰিব নোৱাৰিব, মুদ্রাস্ফীতি বৃদ্ধি হ’ব, পণ্যৰ নাটনি হ’ব,  তেতিয়া অৱস্থা কাহিল হৈ পৰা জনগণে তাৰ প্রকৃত কাৰণ বুজিবলৈ সক্ষম হ’ব পাৰিব আৰু পুঁজিবিৰোধী সংগ্রামখন আৰু অধিক দৃঢ়তাৰে চলাই নিব পাৰিব। যি যি পুঁজিপতিয়ে চৰকাৰী নিয়ম-কানুন, নিয়ন্ত্রণ আদি মানিবলৈ অস্বীকাৰ কৰিব, তেওঁলোকৰ উৎপাদন সমল শ্রমিক বাহিনীয়ে অকুপাই কৰিব তথা নিজেই এই উদ্যোগসমূহ চালনা কৰিব। নিত্য ব্যৱহার্য সামগ্রীৰ নাটনি হোৱা অৱস্থাত শ্রমিক সমবায়বোৰে ছলিডাৰিটিৰ স্বার্থত কম দামতে জনগণক সামগ্রী প্রদান কৰিব।

এনে বহু উদাহৰণ ইতিহাসৰ পাতত বিচাৰি পোৱা যায়। স্পেনিছ গৃহযুদ্ধৰ সময়ত শ্রমিকসকলেই ৰে’ল বিভাগটো নিয়ন্ত্রণ কৰিছিল আৰু দেশী-বিদেশী সংগ্রামীসকলক সস্তাতে ট্রেইন ভ্রমণৰ সুবিধা কৰি দিছিল। চিলিৰ এলেণ্ডে চৰকাৰৰ সময়ত ট্রাক মালিকসকলৰ বিক্ষোভৰ মোকাবিলা কৰিবলৈ গৈ শ্রমজীৱী জনগণে নিজেই ট্রাক পৰিচালনাৰ সমবায় নির্মাণৰ চেষ্টা কৰিছিল।

আমাৰ কথা হৈছে যে ৰেডিকেল বাঁওপন্থী চৰকাৰ একোখন শাসনলৈ অহাৰ সময়ত সাময়িকভাৱে কষ্ট ভোগ কৰিব পৰাকৈ পার্টিয়ে জনগণক পূর্বৰেপৰা প্রস্তুত কৰি ৰাখিব লাগিব। বিনিয়োগ বিক্ষোভৰ মোকাবিলা কৰিবলৈ এখন সমান্তৰাল অর্থনীতি নির্মাণৰ কাম পূর্বৰেপৰা আৰম্ভ কৰিব লাগিব। এই ক্ষেত্রত বিভিন্ন সমবায় নির্মাণৰ প্রচেষ্টাৰ যোগেৰেই পুঁজিবাদবিৰোধী সংগ্রামখন তথা জনগণৰ  পুঁজিবিৰোধী চেতনা বৃদ্ধি কৰিব পৰা যাব (অন্যান্য পদক্ষেপৰ কথাও অৱশ্যে আমি নুই কৰা নাই)। যি পার্টিয়ে সমান্তৰাল অর্থনীতি নির্মাণৰ কাম চৰকাৰ গঠন কৰাৰ বহু পূর্বৰপৰাই কৰি নথয়, সেই পার্টিৰ চৰকাৰ নিশ্চিতভাৱে বিপদত পৰিব।

বাঁওপন্থী দল একোটাই চৰকাৰ গঠন কৰাৰ পাছতহে আচলতে মূল ৰাজনৈতিক শ্রেণী সংগ্রামখন আৰম্ভ হয়। পিছে আর্থিক আধাৰৰ ভিত্তিতহে এই ৰাজনৈতিক সংগ্রামখন জিনিব পৰা যাব। ৰেডিকেল চৰকাৰখনৰ অধীনত পুঁজিপতিৰ বিনিয়োগ বিক্ষোভ, মুদ্রাস্ফীতি, নিত্য প্রয়োজনীয় সম্পদৰ নাটনি আদি সমস্যাৰ সফল সমাধান কেৱল এক পেৰেলেল/সমান্তৰাল অর্থনীতি নির্মাণৰ যোগেদিহে পাব পৰা যাব। যি শ্রমিক শ্রেণীয়ে ইতিমধ্যেই সমবায়ৰ যোগেদি নিজেই অর্থনীতিখন চলাবলৈ প্রশিক্ষণ লাভ কৰা নাই, তেনে শ্রমিক শ্রেণী তথা তাৰ পার্টিৰদ্বাৰা নিয়ন্ত্রিত চৰকাৰ অৱশেষত পৰাজিত হ’বলৈ বাধ্য।

কথাখিনি এখন কাবাডি খেলৰ সৈতে তুলনা কৰিব পৰা যায় : চৰকাৰখনে জনগণৰ স্বার্থত কোনো পদক্ষেপ ল’ব; তাৰ বিৰুদ্ধে পুঁজিপতিসকলেও কোনো উপায় অৱলম্বন কৰিব। পুঁজিপতিৰ অসহযোগ ভংগ কৰিবলৈ এইবাৰ চৰকাৰৰ সমর্থনত জনগণে আন কিছু পদক্ষেপ ল’ব। পুনৰ পুঁজিপতিৰপৰা আন কোনো পদক্ষেপ আহিব। এই যুদ্ধখন তেতিয়ালৈকে চলি থাকিব যেতিয়া এখন বৈকল্পিক অর্থনীতিৰ নির্মাণ সম্পূর্ণ হৈ নুঠিব। যি বাঁও দলে বৈকল্পিক অর্থনীতি নির্মাণৰ যুঁজত জয়ী হ’ব নোৱাৰে, তেওঁলোক ৰাজনৈতিক সংগ্রামতো জয়ী হ’ব নোৱাৰে।

ভাৰতৰ বিশেষ পৰিস্থিতিৰ প্রতি লক্ষ্য কৰিলে দেখা যায় যে এতিয়াও অর্থনীতিৰ এক বুজন অংশ তথা উৎপাদন সমলৰ এক লেখত ল’বলগীয়া অংশ কর্প’ৰেট পুঁজিৰ হাতত পৰাগৈ নাই। ইয়েই বাঁওপন্থীসকলৰ বাবে এক সুবর্ণ সুযোগ সৃষ্টি কৰিছে। অনানুষ্ঠানিক খণ্ডটোৰ ফালে চালে দেখা যায় যে মুঠ দেশীয় শ্রমশক্তিৰ ৯০ শতাংশই এই খণ্ডটোত কাম কৰে তথা মুঠ ঘৰুৱা উৎপাদনৰ প্রায় ৪০ শতাংশ এই খণ্ডটোৱে উৎপাদন কৰে। এই খণ্ডটো মূলতঃ ক্ষুদ্র পণ্য উৎপাদকৰদ্বাৰা নির্মিত। অসমান বিনিময়কে আদি কৰি বজাৰৰ বিভিন্ন পদ্ধতিৰদ্বাৰা এই ক্ষুদ্র পণ্য উৎপাদকসকল কর্প’ৰেট পুঁজিৰদ্বাৰা শোষিত হয়। এই খণ্ডটো যদি কেনেবাকৈ শ্রমিক সমবায় নির্মাণৰ যোগেদি পুনঃগঠিত কৰিব পৰা যায়, ভৱিষ্যতে কোনো বাঁও চৰকাৰ নির্মাণ হ’লে এই খণ্ডটোৱে চৰকাৰক বিশেষভাৱে সহায় কৰিব পাৰিব। মুদ্রাস্ফীতিৰ পৰিবেশত সমবায়বোৰে সস্তাতে পণ্য যোগান ধৰিব, সমবায়বোৰত প্রশিক্ষিত শ্রমিকসকলে অবাধ্য কর্প’ৰেট কোম্পানিবোৰো অকুপাই কৰিবলৈ সাহস কৰিব পাৰিব।

বৃহৎ উদ্যোগসমূহত অৱশ্যে এতিয়াই সমবায় স্থাপন কৰিব নোৱাৰি। গোলকীয় পণ্য শৃংখলৰ সৈতে ভাৰতীয় অর্থনীতিখন সংপৃক্ত হৈ পৰাৰ ফলত এতিয়া বিভিন্ন উদ্যোগত গোলকীয় শ্রমিক ঐক্য (solidarity) গঢ়ি তোলাৰো প্রয়োজনীয়তা আছে। অর্থাৎ শ্রমিক বিক্ষোভৰ প্রাসংগিকতা এতিয়াও হেৰাই যোৱা নাই। মূল কথাটো হৈছে শ্রমিকৰ আত্ম-নিয়ন্ত্রণৰ অধিকাৰ। বিভিন্ন ৰূপত এই আত্ম-নিয়ন্ত্রণৰ সংগ্রামখন আগুৱাই নিব লাগিব; সমবায় নির্মাণ, সমবায় নির্মাণৰ পোষকতা তাৰেই অংশবিশেষ হ’ব লাগিব। ভাৰতৰ কিংবদন্তীস্বৰূপ শ্রমিক নেতা শংকৰ গুহ নিয়োগীৰ ভাষাত, ই হ’ব লাগিব “সংগ্রাম আৰু নির্মাণ”ৰ যাত্রা। [এটি আকর্ষণীয় সমবায় মডেলৰ বাবে  এই প্রবন্ধটো চাওক : ‘মন্দ্রাগন সমবায় নিগম’ : বিকাশৰ বৈকল্পিক মডেল? http://oxantoprohor.blogspot.in/2014/09/blog-post.html ]

এইখিনিতে ভেনেজুৱালা দেশখনৰপৰা কিছু কথা শিকিব পাৰি। আজি বহুদিনৰেপৰা দেশখনত এটি সমবায় আন্দোলন চলি আহিছে। মাজতে ৰাষ্ট্রপতি হুগো ছাভেজেও পুঁজিপতিৰ হাতোৰাৰপৰা দেশখনক মুক্ত কৰিবলৈ সমবায় নির্মাণৰ পোষকতা কৰিছিল। পিছে সমবায় নির্মাণ কৰোঁতে হুৰমুৰকৈ আগুওৱাৰ ফলত, তলৰ জনগণৰ সক্রিয় অংশগ্রহণৰ বিপৰীতে ওপৰৰ আমোলা/পার্টি নেতাৰ নির্দেশৰদ্বাৰাই ততাতৈয়াকৈ সমবায় নির্মাণৰ চেষ্টা কৰাৰ ফলত আন্দোলনটোৱে আশানুৰূপ ফল লাভ নকৰিলে। এই ক্ষেত্রত কেৱল ৰাজনৈতিক উৎসাহ থাকিলেই নহ’ব; আর্থিক দিশসমূহকো হিচাপত ল’ব লাগিব। ভেনেজুৱেলাৰ সমবায় আন্দোলনৰ এজন পুৰণা পর্যবেক্ষক দাদা মহেশ্বৰনন্দই লিখিছে যে যিসমূহ সমবায় ভাবি-চিন্তি দীর্ঘদিনীয়া পৰিকল্পনা তথা গণসহযোগেৰে গঠন কৰা হৈছিল, সিবিলাক এতিয়াও আছে। পিছে হুৰমুৰকৈ নির্মাণ কৰা বেছিভাগ সমবায়েই লোকচান ভৰি বন্ধ হৈ গৈছে। [দ্রষ্টব্যঃ The Silent Success Of Cooperatives In The Bolivarian Revolution http://venezuelanalysis.com/analysis/11034।]

দীর্ঘ পৰিকল্পনাৰদ্বাৰা সমবায় আন্দোলন এটি গঢ় দিব পাৰিলে ই পুঁজিবিৰোধী সংগ্রামখনক নিশ্চিতভাৱে সহায় কৰিব। ই জনগণক বুজাবলৈ সক্ষম হ’ব যে “হয়; কোনো পুঁজিপতি নাথাকিলেও আমি নিজেই অর্থনীতিখন চলাব পাৰিম!” বর্তমানৰ বহুতো সংগ্রামৰ ক্ষেত্রতো ই সহায়ক হ’ব। উদাহৰণস্বৰূপে, আমাৰ অসমতে যদি কৃষকৰ সমবায় স্থাপন কৰি সস্তাতে শাক-পাচলি বিক্রী কৰাৰ ব্যৱস্থা কৰিব পৰা যায়, ভৱিষ্যতে খুচুৰা বেপাৰত কর্প’ৰেট খণ্ডৰ আগমনৰ বিৰোধিতা কৰাৰ ক্ষেত্রত ই বিশেষভাৱে সহায়ক হ’ব। কৃষক সমবায়বোৰে চৰকাৰৰপৰা যাতায়াতৰ সুবিধা, শীতল গৃহ (cold storage) আদিৰ দাবীও কৰিব পাৰিব। উৎপাদিকা শক্তিও বৃদ্ধি হ’ব তথা নতুন উৎপাদন সম্পর্কয়ো গঢ় ল’ব। মধ্যভোগীক গালি দি কর্প’ৰেট পুঁজিৰ আগমনৰ অভিসন্ধিও ব্যর্থ হ’ব।

এই কথাষাৰ বাৰম্বাৰ কোৱা দৰকাৰ যে বিপ্লৱ সফল বলৈ লে দেশখন, অর্থনীতিখন নিজে চলাব পৰাকৈ জনগণ ইচ্ছুক, প্রশিক্ষিত তথা চেতনশীল লাগিব তেহে পুঁজিপতিয়ে বিনিয়োগ বিক্ষোভ কৰিলেই জনগণে উৎপাদন সমলসমূহ নিজৰ হাতলৈ আনি ভালকৈ চলাব পাৰিব অন্যথা বাঁওপন্থী চৰকাৰখনেও পুঁজি বিনিয়োগ কৰিবলৈ বুর্জোৱাহঁতৰ ওচৰত হাত পাতিব লাগিব; নিজৰ সকলো ৰেডিকেল শ্লোগান বাদ দিব লাগিব ইয়াৰ পৰিণাম সাধাৰণতেই বাঁও দল একোটাৰ বাবে বিষম হয়। বিভিন্ন দেশত আমি তাৰ উদাহৰণ দেখিছোঁ। ভেনেজুৱেলাতো সদ্যহতে দেখা গৈছে যে বুর্জোৱাহঁতে ছাভেজৰ উত্তৰাধিকাৰী নিকলাছ মাডুৰ’ৰ বাঁওপন্থী চৰকাৰখন ধ্বংস কৰিবলৈ উঠি-পৰি লাগিছে; উৎপাদনৰ ক্ষেত্রখনত শ্রমজীৱী জনগণক সংগঠিত কৰিব নোৱৰাৰ ফলত চৰকাৰখনো নিঃসহায় হৈ পৰিছে। এসময়ত তেল বিক্রী কৰিয়েই দেশখনে বিভিন্ন কল্যাণমূলক আঁচনি হাতত লৈছিল। ফলত সমবায় নির্মাণ নকৰাকৈয়ো কোনোমতে চলিব পৰা গৈছিল। পিছে এতিয়া আন্তর্জাতিক বজাৰত তেলৰ দাম কম হৈ অহাৰ ফলত সমস্যাই দেখা দিছে।

সেয়েহে বাঁওপন্থীসকলে ৰাষ্ট্রক কেৱলধাত্রী ৰাষ্ট্র” (nanny state) হিচাপে প্রক্ষেপ কৰা অনুচিত : বোলেৰাষ্ট্রই দুখীয়া ৰাইজক এইটো সুবিধা দিব, সেইটো সেৱা দিবইত্যাদি ইত্যাদি কেৱল এনেকৈ জনগণক সংগঠিত কৰিলে শ্রমিকৰ আত্ম-নিয়ন্ত্রণৰ সংগ্রামখন স্বাধীনচিতীয়া হোৱাৰ বিপৰীতে ৰাষ্ট্রৰ ওপৰতহে নির্ভৰশীল হৈ পৰে জনগণেও আশা কৰিবলৈ আৰম্ভ কৰে যে – “হয়; বদমাছ এই কংগ্রেছ/বিজেপি দলটোৱেই এতিয়া অমুক/তমুক প্রধানমন্ত্রী আৰু জনগণৰ সকলো অভিযোগ দূৰ কৰিবঅর্থাৎ এনে পৰিস্থিতিত জনগণে নিজৰ ক্ষমতা উপলব্ধি কৰাৰ বিপৰীতে কোনোবা উদ্ধাৰক/মুক্তিদাতা এজনৰ বাবে অপেক্ষা কৰে পুঁজিবিৰোধী চেতনাৰ কথাটো লুকাই পৰে ফলত নতুন বাঁওপন্থী চৰকাৰখনেও কোনো ৰেডিকেল পদক্ষেপ হাতত নোৱাৰে

৬) গাঁথনিগত বিশ্লেষণ বনাম সঁজুলিবাদী বিশ্লেষণ :

পাঠকে হয়তো মন কৰিছে যে এতিয়ালৈকে আমি বুর্জোৱা সংবাদ মাধ্যমৰ পক্ষপাতদুষ্টতা, বাঁও চৰকাৰ ওফৰাবলৈ আমেৰিকাই কৰা ষড়যন্ত্র, দেশীয় বুর্জোৱাৰ ৰাজনৈতিক অভিসন্ধি আদি তথ্যসমূহৰ কথা এবাৰলৈও উল্লেখ কৰা নাই। অর্থাৎ সিবিলাক সক্রিয় নহ’লেও পুঁজিবাদী অর্থনীতিৰ কেতবোৰ গাঁথনিগত চৰিত্রৰ বাবেই এই ব্যৱস্থাত পৰিসীমাৰপৰা বাহিৰলৈ যোৱাটো সহজ নহয়। এই প্রসংগতে সেয়েহে আমি বাৰম্বাৰ সমবায় স্থাপনৰ কথাটো উল্লেখ কৰিছোঁ। চৰকাৰ-বিৰোধিতাৰ পৰিবর্তে আমি পুঁজিবাদ-বিৰোধিতাৰ ওপৰতহে অধিক জোৰ দিছোঁ; বিশুদ্ধ ৰাজনীতিৰ বিপৰীতে তাৰ আর্থিক আধাৰটোৰ কথা পোহৰলৈ আনিছোঁ।

অৱশ্যে আমাৰ বক্তব্যখিনিক সম্পূর্ণভাৱে ৰাজনৈতিক ভাষাতো পৰিবেশন কৰিব পৰা যায়। মার্ক্সে লিখি থৈ গৈছে যে সমাজবাদৰ অর্থ হৈছে শ্রমিক শ্রেণীৰ আত্মনিয়ন্ত্রণৰ যাত্রা। অর্থাৎ শ্রমিক শ্রেণীয়ে নিজৰ মুক্তি নিজেই মাতি আনিব লাগিব; আন কোনোৱে তেওঁলোকক নেতৃত্ব দিব নোৱাৰে। আমি মাথোঁ লগতে এই কথাখিনি যোগ কৰিছোঁ যে অন্যান্য পদক্ষেপৰ লগতে আর্থিকভাৱে সমবায় স্থাপনৰ জৰিয়তেও শ্রমিক শ্রেণীয়ে নিজৰ ৰাজনৈতিক স্ব-মুক্তিৰ দিশেৰে যাত্রা কৰিব পাৰিব। ইয়াত বিপ্লৱী পার্টিৰ ভূমিকা আমি নস্যাৎ কৰা নাই। বৰং আমি কৈছোঁ যে পার্টিয়ে এনে সমবায় স্থাপনৰ জৰিয়তে বিপ্লৱ তথা সমাজবাদ স্থাপনৰ দিশেৰে অগ্রসৰ হ’ব পাৰিব।

৭) সমবায় : এক সংস্কাৰবাদী বিভ্রান্তি?

সমবায়ৰ কথা ক’লেই বহুতো সংগ্রামীয়ে তাক সংস্কাৰবাদ বুলি অভিহিত কৰে। তেওঁলোকৰ মতে আর্থিক সংগ্রামৰ বিপৰীতে ৰাজনৈতিক সংগ্রামখনহে মূল কথা। সর্বহাৰাৰ হাতলৈ ৰাজনৈতিক ক্ষমতা আহিলেই আর্থিক প্রশ্নবোৰৰো সমাধা কৰিব পৰা যাব। সেয়েহে আজিৰ দিনত সংগ্রামী ৰণকৌশলৰদ্বাৰা ৰাষ্ট্রক শ’লঠেকত পেলোৱাটোহে মূল কথা। লেনিনেও তেওঁৰ জীৱনকালত সমবায় স্থাপনৰ সংগ্রামবোৰক সংস্কাৰবাদ বুলি অভিহিত কৰি থৈ যোৱা নাইনে? মূলতঃ ৰাষ্ট্রবিৰোধী সংগ্রামখনকেই তেওঁ মূল সংগ্রাম বুলি ঘোষণা কৰি থৈছে। তদুপৰি ৰাজনৈতিক সংগ্রাম নকৰাকৈ কেৱল সমবায় স্থাপনৰ আর্থিক কার্যকলাপত ব্যস্ত থাকিলে সর্বহাৰাৰ ৰাজনৈতিক চেতনা বৃদ্ধি কৰাৰ সলনি স্তিমিত কৰি পেলোৱাহে হ’ব।

এনে সমালোচনা সম্পূর্ণভাৱে বিভ্রান্তিমূলক। প্রথম কথা – সমবায় স্থাপনৰ দৰেই সংগ্রামীসকলৰ প্রিয় ট্রেড ইউনিয়ন আন্দোলন বা ভূমিসংস্কাৰৰ দাবীও হৈছে মূলতঃ আর্থিক দাবী। ৰাজনৈতিক উপাদানবোৰ যুক্ত নকৰিলে এনে সমস্ত দাবীয়েই নিস্তেজ পৰিবলৈ বাধ্য। দ্বিতীয়তে, ৰাষ্ট্রক্ষমতা দখলৰ ৰণনীতিৰ অংগ হিচাপেই আমি সমবায় নির্মাণৰ কথা কৈছোঁ; ইয়াৰ অবিহনে ৰাষ্ট্রক্ষমতা দখল কৰা তথা তাক ৰক্ষা কৰাটো সম্ভৱপৰ নহয়। তৃতীয়তে, আজিৰ দিনত ভাৰতৰ ৯০ শতাংশতকৈও অধিক শ্রমজীৱী লোকে অনানুষ্ঠানিক খণ্ডটোত কাম কৰে। মুঠ জাতীয় উৎপাদনৰ ৪০ শতাংশতকৈও অধিক অংশ অনানুষ্ঠানিক খণ্ডটোৰপৰা আহে। অর্থাৎ এই খণ্ডটোৰ অৱস্থা তেনেই পৰি মৰা বিধৰ নহয়। এই খণ্ডটোৰ আন এক বৈশিষ্ট্য হৈছে – ইয়াত মালিক আৰু শ্রমিকৰ প্রভেদ প্রায়েই ধৰিব নোৱাৰি। এনে সমস্ত উপাদানবোৰৰ প্রতি লক্ষ্য কৰিলে বস্তুগতভাৱে সমবায় গঠনেই হ’ব পাৰে এই খণ্ডটোৰ বিশিষ্ট সংগ্রামী ৰণনীতি। চতুর্থতে, উপস্থিত চৰকাৰ একোখন কমিউনিষ্টৰ মূল শত্রু নহয়; মূল শত্রু হৈছে পুঁজিবাদহে। পুঁজিবাদবিৰোধী সংগ্রামখনৰ অংশ হিচাপেহে বাঁওদল একোটাই ক্ষমতা দখল কৰাৰ প্রশ্নটো আহে। গতিকে সদায়েই চৰকাৰক শ’লঠেকত পেলাবলৈ চেষ্টা কৰি থকাৰ সলনি দীর্ঘকালীন দৃষ্টিৰে কেনেদৰে পৰিবর্তিত পৰিস্থিতিত এক বৈকল্পিক আর্থিক ব্যৱস্থা গঢ় দিব পৰা যায় এই বিষয়েহে ভবা-চিন্তা কৰাটো দৰকাৰী। অন্যথায় চৰকাৰ সলনি হৈ বাঁও দল একোটা শাসনলৈ আহিলেও আমূল পৰিবর্তন কেতিয়াও সম্ভৱপৰ নহয়। পঞ্চমতে, ৰুছ দেশৰ বিপৰীতে আজিৰ ভাৰতত জনগণৰ সকলো দোষ-কষ্টৰ বাবে কোনো ৰজাক দোষাৰোপ কৰিব পৰা নাযায়। মন কৰক : পূর্বেই আমি লিখিছিলো যে পুঁজিবাদৰ অধীনত অর্থনৈতিক ক্ষেত্রখন ৰাজনৈতিক ক্ষেত্রৰপৰা স্বায়ত্ত হৈ পৰে কংগ্রেছ দলে জনপ্রিয়তা হেৰুৱালে বিজেপি শাসনলৈ আহে। ফলত সংগ্রামবোৰে কেতিয়াবা চৰকাৰবিৰোধী অর্থাৎ বিশুদ্ধ ৰাজনৈতিক ৰূপ ধাৰণ কৰিলেও সিবিলাকে সাধাৰণতেই আর্থিক ক্ষেত্রখনত লুকাই থকা মূল শত্রু অর্থাৎ পুঁজিবাদক চিনাক্ত কৰিব নোৱাৰে। গতিকেই আজিৰ দিনত সংগ্রামৰ পন্থা বহুখিনি ভিন হ’বলৈ বাধ্য। মন কৰা ভাল - বিপ্লৱৰ পাছত লেনিনেও সমবায় নির্মাণৰ ওপৰতেই অধিক জোৰ দিছিল। শ্রমিক-নিয়ন্ত্রিত যথেষ্টসংখ্যক সমবায়  নির্মাণ কৰিব নোৱৰাৰ বাবেই এসময়ত গৈ ছোভিয়েট ইউনিয়ন আমোলাতন্ত্রৰ সমস্যাত ভুগিছিল। সমবায় নির্মাণে নিশ্চয়েই সকলো প্রশ্নৰ সমাধান কৰিব নোৱাৰে, কিন্তু ভাৰতৰ বিশেষ পৰিস্থিতিত ৰাজনৈতিক সংগ্রামখনৰ বাবেই তাৰ বিশেষ প্রয়োজন আছে।

Share Button
Print Friendly, PDF & Email

No Comments : "বুর্জোৱা ৰাষ্ট্র, সংসদীয় গণতন্ত্র আৰু সংগ্রামী ৰণনীতি (ময়ূৰ চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *