বিবিধ চিন্তা

কেমেৰাৰ আঁৰত অসমীয়া নাৰী-(মনজিতা শইকীয়া)

কৰ্মজীৱনত মানুহক এটা পৰিচয়ৰ প্ৰয়োজন হয়। আমি সকলোৱে কাম কৰো যদিও সেই আকাংক্ষিত পৰিচয় সকলোৰে প্ৰাপ্তি নহয়। অসমীয়া কথাছবি জগততো খুব কমসংখ্যক পৰিচালক অভিনেতা-অভিনেত্ৰীয়ে কালৰ বুকুত চাপ ৰাখিবলৈ সক্ষম হৈছে। ১৯৩৫ চনত ‘জয়মতী’ নিৰ্মাণেৰে অসমীয়া চিনেমাৰ বাট মুকলি কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। সেই ছবিত সেই সময়ৰ সমাজ ব্যৱস্থাৰ পৰা আঁতৰি আহি আইদেউ সন্দিকৈয়ে অভিনয় কৰি ইতিহাস ৰচনা কৰিলে। ইয়াৰ পাছত প্ৰায় ৪৯ বছৰ পাৰ হ’ল । তেতিয়ালৈকে অসমীয়া নাৰী কেমেৰাৰ আঁৰলৈ অহা নাছিল। কিন্তু ১৯৮৪ চনত এগৰাকী অসমীয়া মহিলাই কেমেৰাৰ পাছফালে সাহসেৰে থিয় দিলে। তেৱেঁই হ’ল স্বৰ্গীয়া সুপ্ৰভা দেৱী। ১৯৮৪ চনত “নয়নমণি” নামৰ বোলছবিখন পৰিচালনা কৰি সুপ্ৰভা দেৱীয়ে এক মাইলৰ খুঁটি পুতিলে। ছবিখনে বৰ বেছি সফলতা লাভ কৰিব নোৱাৰিলে যদিও সুপ্ৰভা দেৱীয়ে প্ৰথম মহিলা পৰিচালিকা হিচাপে এক পৰিচয় লাভ কৰিলে। এইগৰাকী নাৰীয়ে ১৯৮৬ চনত ‘সৰৱজান’ নামৰ আন এখন ছবিও পৰিচালনা কৰে। তেখেতে স্বামী দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ সৈতে “তৰামাই”,”মৰমী”,”ৰাংঢালী” আদি কেইবাখনো চিনেমা প্ৰযোজনা কৰাৰ লগতে গুৱাহাটী দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিক আৰু তথ্যচিত্ৰ প্ৰযোজনা কৰিছিল।

সুপ্ৰভা দেৱীয়ে দেখুৱাই যোৱা বাটেদি কেইটামান বছৰৰ পাছত আগ বাঢ়ি আহিল কুন্তলা ডেকা। তেখেতে ১৯৮৯ চনত নিৰ্মাণ কৰি উলিয়ালে ৪২ৰ শ্বহীদ কনকলতা বৰুৱাৰ জীৱনৰ আধাৰত “কনকলতা” নামৰ বোলছবিখন।

সুপ্ৰভা দেৱী আৰু কুন্তলা ডেকাই আৰম্ভ কৰা যাত্ৰা যদিওবা বৰ সুখকৰ নাছিল তথাপিও সেই বাটেৰে আগুৱাই গৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসমৰ তৃতীয়গৰাকী মহিলা পৰিচালক সান্ত্বনা বৰদলৈ। পেছাত এগৰাকী চিকিৎসক বৰদলৈয়ে ১৯৯৬ চনত মামণি ৰয়ছম গোস্বামীৰ “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা” উপন্যাসৰ কাহিনীভাগক লৈ পৰিচালনা কৰে “অদাহ্য” নামৰ কথাছবিখন। এই ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা, অৰবিন্দন বঁটা, এছিয়ান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ মহিলা পৰিচালক হিচাপে ডাঃ বৰদলৈ Silver Peacock বঁটাৰে সন্মানিত হয়। যদিও পৰিচালকে নাৰীবাদী দৃষ্টিকোণেৰে নিৰ্মাণ কৰা ছবিখনে মানুহৰ অন্তৰ চুই গৈছিল। ছবিখন দেশে-বিদেশে প্ৰদৰ্শন হৈছিল। এইখৰাকী পৰিচালকৰ পৰিচালনাতে ২০১৭ চনত “মাজৰাতি কেতেকী” নামৰ চিনেমাখনে শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱতো বহুলভাৱে সমাদৃত হয়।

অসমৰ চতুৰ্থগৰাকী মহিলা পৰিচালকক সকলোৱে জানে। তেওঁ হ’ল মঞ্জু বৰা। চলচ্চিত্ৰ পৰিচালনাৰ বাবে তেওঁ ভালেসংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। মঞ্জু বৰাই কেইবাখনো বোলছবি পৰিচালনা কৰি সুনাম কঢ়িয়াই আনিছে। তেওঁৰ প্ৰথম পৰিচালিত ছবি “বৈভৱ”এ ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিচাৰক মণ্ডলীৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয়। বৈভৱৰ বাবেই তেওঁ চেন্নাইত ১৯৯৯ শ্ৰেষ্ঠ নৱতম পৰিচালকৰ বঁটা লাভ কৰে । পৰৱৰ্তী কালত মঞ্জু বৰাই “অন্য এক যাত্ৰা”,”আকাশীতৰাৰ কথাৰে”, “লাজ”,’জয়মতী”,”আই ক’ত নাই” আদি কেইবাখনো চলচ্চিত্ৰ পৰিচালনা কৰে। ৫১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “আকাশীতৰাৰ কথাৰে” বোলছবিৰ বাবে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে। ইয়াৰোপৰি তেওঁ বড়ো আৰু মিচিং ভাষাতো চলচ্চিত্ৰ পৰিচালনা কৰি ৰাষ্ট্ৰীয় বঁটা আঁজুৰি আনিবলৈ সক্ষম হৈছে।

সেই তাহানিৰ ৮০ দশকত সুপ্ৰভা দেৱীয়ে আৰম্ভ যাত্ৰাত শেহতীয়া কৈ সংযোজন হ’ল ৰীমা দাসৰ নাম। ১৯৩৫ চনত জ্যোতিপ্ৰসাদে আৰম্ভ কৰা অসমীয়া চিনেমাৰ বৰ্ণিল অধ্যায়ত সংলগ্ন হ’ল ৰীমা দাসৰ “ভিলেজ ৰকষ্টাৰ্ছ” নামৰ কথাছবিখন। চিনেমাৰ সৰ্বশ্ৰেষ্ঠ স্বীকৃতি অস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম অসমীয়া ছবি। এই ছবিখন কাঁ চলচ্চিত্ৰ মহোৎসৱ, টৰণ্টো চলচ্চিত্ৰ মহোৎসৱ, কেৰেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদি বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ সন্মান বুটলিবলৈ সক্ষম হৈছে। ৬৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে চাৰিটা শিতানত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। বোলছবি নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা এইগৰাকী অসমীয়া মহিলা পৰিচালকে অসাধ্য সাধন কৰি দেখুৱালে। অসমীয়া চিনেমাৰ ইতিহাসত ৰীমা দাস জিলিকি ৰ’ব চিৰকাল। সুপ্ৰভা দেৱীৰ পৰা ৰীমা দাসলৈ এক সুদীৰ্ঘ পৰিক্ৰমা। সময়ে সুপ্ৰভা দেৱীক পাহৰাই পেলাইছে, কিন্তু এই মুহূৰ্তত তেওঁৰ নাম ল’বই লাগিব। নতুন প্ৰজন্মই অন্ততঃ জানিব লাগিব ৰীমা দাস আগুৱাই যোৱা বাটটোৰ বাটকটীয়া গৰাকীৰ বিষয়ে।

সাম্প্ৰতিক সময়ত অসমীয়া নাৰীসকলো অনেক ক্ষেত্ৰতে উজ্জ্বলি উঠিছে। এই সময়ে কঢ়িয়াই আনক শুভবাৰ্তা । আৰু বহুতো ৰীমা দাস ওলাই আহক এই ক্ষেত্ৰলৈ আৰু সমৃদ্ধ কৰি তোলক অসমীয়া চিনেমা জগত।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *