বিজ্ঞান-প্ৰযুক্তি

চন্দ্ৰ : শক্তিৰ উৎস (ভার্গৱ বৰঠাকুৰ)

শক্তিৰ আহৰণ আৰু উৎপাদনৰ নানান দিশ আছে। আধুনিক মানৱ সভ্যতাৰ অগ্ৰগতিৰ প্রভাৱ তেনে দিশসমূহতো পৰিছে অতি গভীৰভাৱে৷ শক্তিৰ আহৰণ আৰু উৎপাদনৰ লগতে আহি পৰে পৰিৱেশ আৰু আৰ্থ-সামাজিক দিশৰ বহু কথা৷ বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে এইসমূহ দিশৰ ওপৰতো সমান্তৰালকৈ নতুন নতুন গৱেষণা অব্যাহত আছে৷ শক্তি আহৰণৰ উৎস হিচাপে জলবিদ্যুৎ প্ৰকল্প, তাপবিদ্যুৎ প্ৰকল্প, পাৰমাণৱিক শক্তি প্ৰকল্প, সৌৰশক্তি প্ৰকল্প ইত্যাদি বহু মাধ্যমৰ জৰিয়তে মানৱজাতিৰ চাহিদা পূৰণ হৈ আছে যদিও কাৰিকৰী আৰু পৰিৱেশ সম্পৰ্কীয় বহু দিশত ইয়াৰ সীমাবদ্ধতা নথকা নহয়৷ বিশেষকৈ গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগোৱা প্ৰদূষকসমূহৰ বহু সমস্যাই বিশ্ববাসীক অধিক উদ্বিগ্ন কৰি তুলিছে, যাৰ ফলশ্ৰুতিতেই পেৰিছ জলবায়ু চুক্তিত বহুকেইখন দেশে স্বাক্ষৰ কৰি পৰিৱেশ সম্পৰ্কীয় মহাসংকটৰপৰা পৰিত্ৰাণ পাবৰ বাবে ঐক্যমতত উপনীত হৈছে৷ সেই অনুসৰি পৰিৱেশ-অনুকূল অপৰম্পৰাগত নৱীকৰণীয় বিকল্প শক্তিৰ উৎসৰ সন্ধানত বিজ্ঞানী-অভিযন্তাসকলৰ গৱেষণা অব্যাহত আছে৷ বৰ্তমান বিজ্ঞানী-অভিযন্তাসকলৰ এই সন্ধান কেৱল পৃথিৱীতেই সীমাবদ্ধ থকা নাই৷ চন্দ্ৰৰ বুকুতো এনে “ক্লিন এণ্ড গ্ৰিন এনাৰ্জি”-ৰ প্ৰচুৰ উৎস থকাটো নিশ্চিত হৈছে ৷

চন্দ্ৰক লৈ বিজ্ঞানীসকল ইমান উৎফুল্লিত হোৱাৰ প্ৰধান কাৰণ হৈছে এবিধ বিশেষ গেছৰ আইছ’ট’প৷ নাম হিলিয়াম-৩। হিলিয়াম-৩ হৈছে হিলিয়ামৰ এবিধ বিশেষ ‘আইছ’ট’প’ (একেটা মৌলৰে পাৰমাণৱিক সংখ্যা একে, কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ হ’লে তাক আইছ’ট’প বোলে)৷ হিলিয়াম-৩ আইছ’ট’পটো পাতল, সুস্থিৰ কিন্তু তেজস্ক্ৰিয় নহয়৷ ১৯৩৪ চনত অষ্ট্ৰেলিয়াৰ এজন নিউক্লিয় পদাৰ্থবিদে হিলিয়াম-৩ আইছ’ট’পটোৰ উপস্থিতি সম্পৰ্কে প্ৰথম জ্ঞাত হৈছিল৷ এই বিশেষ প্ৰকাৰৰ হিলিয়াম আইছ’ট’পটোত নিউট্ৰনৰ সংখ্যা মাত্ৰ এটা আৰু প্ৰ’টনৰ সংখ্যা দুটা৷ পৃথিৱীত ইয়াৰ উপস্থিতি একেবাৰে নগণ্য৷ সূৰ্যত নিউক্লিয়াৰ ফিউজনৰ বাবে উৎপন্ন হোৱা আধানযুক্ত কণিকাসমূহৰ (যাক ‘Solar wind’ বোলে) লগত হিলিয়াম-৩ মিহলি হৈ থাকে৷ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ বাধাৰ বাবে এই ‘Solar wind’ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব নোৱাৰে, কিন্তু চন্দ্ৰত পৃথিৱীৰ দৰে Solar windক বাধা দিব পৰা কোনো চুম্বকীয় ক্ষেত্ৰ নাই। গতিকে চন্দ্ৰৰ পৃষ্ঠই solar windৰ লগত মিহলি হিলিয়াম-৩ক সহজেই শোষণ কৰি ৰাখিব পাৰে৷ সেয়েহে বিজ্ঞানীসকলে চন্দ্ৰত হিলিয়াম-৩ৰ উপস্থিতিৰ কথাত নিশ্চিত হৈছে৷ এই বিষয়ত গৱেষণা কৰি থকা বিজ্ঞানীসকলৰ মতে চন্দ্ৰ পৃষ্ঠত প্ৰায় ১,১০০,০০০ মেট্ৰিক টন হিলিয়াম-৩ শোষিত হৈ আছে৷ উন্নত প্ৰযুক্তিৰদ্বাৰা ইয়াক যদি কেনেবাকৈ পৃথিৱীলৈ আনিব পৰা যায় তেন্তে ইয়াক ‘নিউক্লিয়াৰ ইন্ধন’ৰূপে বহু হাজাৰ বছৰলৈ ক্ৰমবৰ্ধমান শক্তিৰ জোৰা মাৰিবলৈ ব্যৱহাৰ কৰিব পৰা যাব৷ সেই হিচাপ মতে দুখন সম্পূৰ্ণৰূপে ভৰ্তি মহাকাশযানৰ প্ৰায় ৪০ টন হিলিয়াম-৩য়ে অমেৰিকা যুক্তৰাষ্ট্ৰক এবছৰতকৈ অধিক সময়ৰ বাবে শক্তিৰ যোগান ধৰিব পাৰিব।

বৰ্তমান বিদ্যুৎশক্তিৰ বাবে ব্যৱহৃত “নিউক্লিয়াৰ ৰিয়েক্টৰ”বোৰত নিয়ন্ত্ৰিত শৃংখল বিক্ৰিয়াৰদ্বাৰা ‘নিউক্লিয় বিখণ্ডন’ (nuclear fission)-ৰে উচ্চ তাপশক্তিৰ উৎপন্ন কৰা হয়৷  সেই তাপে বিশেষভাৱে সংৰক্ষিত পানীক বাষ্পলৈ (steam) ৰূপান্তৰ কৰে আৰু শেষত এই বাষ্পক টাৰ্বাইনত সম্প্ৰসাৰণ হ’বলৈ দি বিদ্যুৎশক্তিলৈ ৰূপান্তৰ কৰা হয়৷ এইধৰণৰ ‘নিউক্লিয়েৰ ৰিয়েক্টৰ’বোৰত সাধাৰণতে ইউৰেনিয়াম আৰু প্লট’নিয়ামৰ বিশেষ কিছুমান গধুৰ ‘আইছ’ট’প’ৰ নিউক্লিয়াছটোক নিউট্ৰ’ন কণাৰ আঘাতৰদ্বাৰা বিস্ফোৰণ ঘটাই পাতল পাৰমাণৱিক ভৰৰ মৌল সৃষ্টি কৰোৱাৰ লগতে উচ্চ তাপশক্তিৰো উৎপন্ন কৰা হয়৷ কিন্তু এই বিখণ্ডন প্ৰক্ৰিয়াত বহু পৰিমাণে তেজষ্ক্ৰিয় ৰশ্মিও নিৰ্গত হয়৷ সেইবাবে এনেধৰণৰ ‘ৰিয়েক্টৰ’ত বহুতো কাৰিকৰী সতৰ্কতা অৱলম্বন কৰিবলগীয়া হয়৷ কিন্তু চন্দ্ৰৰ হিলিয়াম-৩-ক লৈ বিজ্ঞানী-অভিযন্তাসকল উৎসাহী হোৱাৰ মূল কথাটো হ’ল হিলিয়াম-৩ এটা সুস্থিৰ আইছ’ট’প, য’ৰপৰা কোনোধৰণৰ তেজষ্ক্ৰিয় আৱৰ্জনা অথবা গ্ৰিন হাউছ গেছ উৎপন্ন নহয়৷ এই হিলিয়াম-৩-ৰপৰা শক্তি উৎপাদন প্ৰক্রিয়াটোক কাৰিকৰীভাৱে নিয়ন্ত্ৰণত কৰিবলৈও যথেষ্ট সুচল৷ কিন্তু এই হিলিয়াম-৩-ক ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন হ’ব ‘নিউক্লিয়াৰ সংযোজন’ (Nuclear fusion) প্ৰক্ৰিয়াৰ৷

‘নিউক্লিয়াৰ বিখণ্ডন’ আৰু ‘নিউক্লিয়াৰ সংযোজন’ – এই দুয়োটা প্ৰক্ৰিয়াৰদ্বাৰাই শক্তি উৎপাদন কৰিব পৰা হয় যদিও দুয়োটা প্ৰক্ৰিয়াৰে বহু পাৰ্থক্য আছে৷ “নিউক্লিয়াৰ ফিউজন” প্ৰক্ৰিয়াত সাধাৰণতে কম পাৰমাণৱিক ভৰৰ পৰমাণুৰ নিউক্লিয়াছ সংযোজন কৰি গধুৰ নিউক্লিয়াছৰ পৰমাণু সৃষ্টি কৰা হয়৷ আনহাতে নিউক্লিয়াৰ সংযোজন প্ৰক্ৰিয়াত উদ্ভৱ হোৱা শক্তি বিখণ্ডন প্ৰক্ৰিয়াৰ তুলনাত বহুগুণে বেছি। তদুপৰি সংযোজনত সৃষ্টি হোৱা উপজাত দ্ৰব্যসমূহ প্ৰদূষণমুক্ত আৰু উদ্ভিদ বা প্ৰাণীক অপকাৰ নকৰাকৈ সহজ কাৰিকৰী কৌশলেৰে ৰাখিব পাৰি৷ গতিকে বিজ্ঞানী-অভিযন্তাসকল হিলিয়াম-৩ৰ প্ৰতি আকৰ্ষিত হোৱা আৰু ইয়াক নিউক্লিয়াৰ সংযোজন প্ৰক্ৰিয়াৰ ইন্ধন হিচাপে বাছনি কৰাটোত আচৰিত হ’বলগীয়া নাই৷

হাইড্ৰ’জেন গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সূৰ্যৰ দৰে মহাবিশ্বৰ সকলোবোৰ নক্ষত্ৰ (তৰা)-ত এই ‘নিউক্লিয়াৰ ফিউজন’ প্ৰক্ৰিয়াৰদ্বাৰা অত্যধিক তাপ আৰু পোহৰ শক্তিৰ উৎপন্ন হয়৷ নক্ষত্ৰবোৰৰ মাধ্যাকৰ্ষণ শক্তিয়ে অত্যধিক চাপত হাইড্ৰ’জেন পৰমাণুক (হাইড্ৰ’জেনৰ বিভিন্ন আইছ’ট’পক) সংযোজিত কৰি হিলিয়াম আৰু প্ৰচুৰ তাপ শক্তিৰ উৎপন্ন কৰে৷ কিন্তু প্ৰকৃতিৰ এই অদ্ভুত শক্তিক পৃথিৱীৰ পৰীক্ষাগাৰত কাৰিকৰীভাৱে উৎপন্ন কৰাটো খুব কঠিন কাম৷ প্ৰায় চল্লিছ বছৰৰপৰা ‘নিউক্লিয়াৰ ফিউজন’ ৰিয়েক্টৰৰ বিষয়ে বহু গৱেষণা অব্যাহত ৰখা বিজ্ঞানী-অভিযন্তাসকলে শেহতীয়াকৈ বহুখিনি সফলতা অৰ্জন কৰিছে৷ আমেৰিকাৰ ‘নেচনেল ইগ্নিচন ফেচিলিটি’ৰ Inertial confinement fusion (ICF) আৰু ব্ৰিটিছ কোম্পানি Tokamak এনাৰ্জিয়ে নিৰ্মাণ কৰা ST40 নামৰ ৰিয়েক্টৰ দুটা এই গৱেষণাৰ শেহতীয়া সফল উদাহৰণ৷ Tokamak এনাৰ্জিৰ বিজ্ঞানীসকলৰ মতে সূৰ্যতকৈ সাতগুণ অধিক তাপৰ সৃষ্টি কৰিব পৰাকৈ ডিজাইন কৰা “ST40” ৰিয়েক্টৰটোৱে ২০১৮ চনৰ ভিতৰত প্লাজমা গেছক প্ৰায় ১০০ মিলিয়ন ডিগ্ৰীলৈ তপত কৰিব পৰা হ’ব বুলি জনাইছে৷

চন্দ্ৰৰ এই শক্তিৰ উৎসক পৃথিৱীলৈ আনিবলৈ বহুকেইখন দেশৰ মহাকাশ সংস্থাই আগভাগ লৈছে৷ তাৰ ভিতৰত অন্যতম আগৰণুৱা দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীন৷ ঠিক সেইদৰে দেশসমূহৰ ব্যক্তিগত খণ্ডৰ কোম্পানিসমূহৰ মাজতো অত্যাধুনিক ৰ’বটিক যান নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা অব্যাহত আছে৷ এই লুনাৰ অভিযানটোৰ কৌশলমতে পৃথিৱীৰপৰা পঠাবলগীয়া ৰ’বটিক যানসমূহে প্ৰায় ৬০০ ডিগ্ৰী উষ্ণতাত চন্দ্ৰৰ ধূলিময় পৃষ্ঠত খনন চলাই হিলিয়াম-৩ মিহলি ধূলি, শিলক পৃথিৱীলৈ কঢ়িয়াই আনিব৷ বিজ্ঞানীসকলৰ মতে হিলিয়াম-৩-ৰ লগতে পৃথিৱী-পৃষ্ঠত সহজলভ্য নোহোৱা বহুকেইটা গুৰুত্বপূৰ্ণ ধাতুও চন্দ্ৰৰ খননৰদ্বাৰা পোৱা যাব৷ আমেৰিকাৰ Astrobotic, Moon express, ৰাছিয়াৰ Energia (Corporation)ৰ দৰে বহুকেইটা প্ৰভাৱশালী ব্যক্তিগত খণ্ডৰ কোম্পানিয়েও ৰব’টিক যান নিৰ্মাণৰ কামত লাগি আছে৷ আনহাতে, ৰাছিয়াই অহা ২০২০ চনৰ ভিতৰত চন্দ্ৰৰ বুকুত স্থায়ীভাৱে থাকি খনন কাৰ্য চলোৱাৰ কথাও প্ৰকাশ কৰিছে৷ উল্লেখযোগ্য যে অহা ২০৩০ চনৰ ভিতৰত আমাৰ দেশৰ মহাকাশ গৱেষণা কেন্দ্ৰয়ো হিলিয়াম-৩ খনন সম্পৰ্কে আগ্ৰহ প্ৰকাশ কৰিছে ৷

লুনাৰ অভিযান বা হিলিয়াম-৩ খননৰ ক্ষেত্ৰত চীনৰ কথাবোৰ অলপ সুকীয়া৷ চীনৰ এই লুনাৰ পৰিকল্পনা আন আন দেশতকৈ বহুখিনি আগ বাঢ়ি আছে৷ আনহাতে, চন্দ্ৰক লৈ চীনৰ যি গোপন কৌশল, বৰ্তমান সি এক শীতল যুদ্ধত পৰিণত হৈছে৷ ২০০৭ৰপৰা ২০১৭ চনলৈ Chang’e1, Chang’e 2, Chang’e 3 নামেৰে তিনিটা লুনাৰ ৰব’টিক মিছন সফল হোৱাৰ পাছত চীনৰ এইবাৰ নতুন লুনাৰ মিছন Chang’e 4 আৰু Chang’e 5 ৷ চীনৰ প্ৰথমটো ‘লুনাৰ ছেম্পল ৰিটাৰ্ন’ (Lunar sample-return) মিছন Chang’e 5-ক চাৰিটা ভাগত ভগোৱা হৈছে – Orbiter, lander, ascender আৰু Earth-reentery module৷ পৰিকল্পনা অনুসৰি ৰ’বটিক যানখনে Orbiting, Landing আৰু Returning – এই তিনিটা বিশেষ কৌশলেৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি Lander আৰু ascender একেলগ হৈ ৰ’ব’টিক বাহুৰদ্বাৰা খনন চলাই, সংগৃহীত চন্দ্ৰপৃষ্ঠৰ ধূলি, শিলক earth-reentry কেপছুলৰদ্বাৰা পৃথিৱীলৈ পঠোৱা হ’ব৷ আকৌ চন্দ্ৰৰ অন্ধকাৰ অংশৰ প্ৰাকৃতিক পৰিৱেশ আৰু পৃষ্ঠৰ অধ্যয়নৰ বাবে ২০১৮ চনত ‘Chang’e 4′ নামৰ এখন ৰ’বটিক মহাকাশযান আৰু মানৱযান পঠোৱাৰো যো-জা চলি আছে৷ উল্লেখযোগ্য যে কাৰিকৰী বিজুতিৰ বাবে Chang’e 4 আৰু Chang’e 5 মহাকাশ অভিযান দুটাৰ কাৰ্যসূচী কিছু পিছুৱাই দিয়া হৈছে যদিও অভিযান দুটাৰ সফল পৰীক্ষণে প্ৰমাণ কৰিছে যে চীনৰ পৰৱৰ্তী লুনাৰ অভিযানক কোনো শক্তিয়ে পিছ পেলাব নোৱাৰে। আন দেশসমূহক চেৰ পেলাই বিশ্বৰ এখন সৰ্বশক্তিমান ৰাষ্ট্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ চীনৰ সপোন এই Chang’e 4 আৰু Chang’e 5 লুনাৰ অভিযানৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল৷ চীনা লুনাৰ মিছনৰ মুখ্য বিজ্ঞানী Ouyang Ziyuanৰ মতে, “The moon is ‘so rich’ in Hellium-3, that this could solve humanity’s energy demand for arround 10,000 years at least.” গতিকে বিজ্ঞান-প্ৰযুক্তিৰ এই প্ৰতিযোগিতাখনত চীনৰ চকুক ধূলি দি কোনখন দেশে সৰ্বপ্ৰথম হিলিয়াম-৩ আহৰণ কৰিব সক্ষম হ’ব সেয়া সময়েহে ক’ব ৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *