চাৰ্লি চেপলিনৰ ‘দি গ্ৰেট ডিক্টেটৰ’ (১৯৪০)ৰপৰা - (অনুবাদ : ভবেন্দ্ৰ কুমাৰ কলিতা)

 

মই দুঃখিত। মই কোনো সম্ৰাট হ’ব নোখোজো। সেয়া মোৰ কাম নহয়। মই কাৰোবাক শাসন বা মোৰ অধীন কৰিব নিবিচাৰোঁ । যদি সম্ভৱ হয় মই বিচাৰো সকলোৰে লগত সহযোগিতা কৰিবলৈ - সেইজন ইহুদি কিম্বা অন্য কোনো, ক’লা কিম্বা বগা। আচলতে আমি সকলোৱে বিচাৰো, এজনে আনজনৰ লগত সহযোগিতা কৰিবলৈ; মানৱ জাতি সেইধৰণেই সৃষ্ট। আমি জীয়াই থাকিব বিচাৰো এজনে আনজনক আনন্দত ৰাখি, আনক কষ্ট দি নহয়। আমি নিবিচাৰো এজনে আনজনক ঘৃণা আৰু অপমানিত কৰিবলৈ।

এই ধৰিত্ৰীত সকলোৰে বাবেই পৰ্যাপ্ত ঠাই আছে। এই ধৰণী বিপুল ঐশ্বৰ্যৰে ভৰপূৰ আৰু সকলোকে লালন-পালন কৰিবলৈ সক্ষম। জীয়াই থকাটো হ’ব পাৰে স্বাধীন আৰু সুন্দৰ। কিন্তু আমি পথ হেৰুৱাই পেলাইছো। লোভে মানুহৰ আত্মাক বিষাক্ত কৰি তুলিছে। পৃথিৱীখনক ঘৃণাৰ চাদৰেৰে ঢাকি পেলাইছে। আমাক টানি নিছে দৈন্য আৰু ৰক্তপাতৰ দিশলৈ।

আমি গতি অৰ্জন কৰিছো, কিন্তু বান্ধি পেলাইছো আমাৰ মনক। যন্ত্ৰই আমাক প্ৰাচুৰ্যৰে ওপচাই দিও পেলাই ৰাখিছে অভাৱৰ মাজত। আমাৰ জ্ঞানে আমাক কৰি তুলিছে হতাশাবাদী। চাতুৰ্যই কৰি তুলিছে কঠিন আৰু ৰূঢ়। আমি বহুত বেছি ভাবো, অথচ অনুভৱ কৰো খুউব কম।

যন্ত্ৰতকৈও বেছি প্ৰয়োজন আমাৰ মানৱতা। চতুৰতাতকৈও বেছি প্ৰয়োজন আমাৰ মমতা আৰু ভদ্ৰতা। এই গুণবোৰ অবিহনে জীৱন হৈ উঠিব হিংস্ৰ আৰু হেৰাই যাব সকলোবোৰ।

উৰাজাহাজ আৰু ৰেডিঅ’ই আমাক সকলোকে অতি ওচৰলৈ লৈ আহিছে। এই আৱিষ্কাৰবোৰে চিঞৰি চিঞৰি কৈছে মানুহৰ প্ৰেমৰ কথা, ভাতৃত্ববোধৰ কথা, মানুহৰ একতাৰ কথা। আনকি এই মুহূৰ্ততো মোৰ কণ্ঠস্বৰ গৈ পাইছে পৃথিৱীৰ লক্ষ লক্ষ মানুহৰ ওচৰলৈ। লক্ষ লক্ষ হতাশাগ্ৰস্ত পুৰুষ, নাৰী আৰু শিশুৰ ওচৰলৈ, যিসকল এনে এক ব্যৱস্থাৰ বলি, য'ত মানুহে এজন নিৰ্দোষ মানুহক নিৰ্যাতন আৰু বন্দী কৰে। যিসকলে মোৰ কথা শুনিবলৈ পাইছে, তেওলোকক কওঁ – " নিৰাশ নহ’বা"। যি দুৰ্যোগ আমি সহিবলগীয়া হৈছে, সেইটো লোভৰ পৰিণতিৰ বাহিৰে আন একো নহয়। যিসকলে মানৱ জাতিৰ উন্নতিত ভয় খায়, সেইসকলৰ বিষাক্ত মনৰ কামৰ বাহিৰে আন একো নহয়। মানুহৰ মনৰ ঘৃণা এটা সময়ত নাইকিয়া হৈ যাব, এই স্বৈৰতান্ত্ৰিক শাসক নিপাত যাব আৰু মানুহৰপৰা যি ক্ষমতা সি কাঢ়ি নিছিল সেয়া উভতি যাব সাধাৰণ মানুহৰ হাতলৈ। ফলত যিমান দিনলৈ মানুহৰ মৃত্যু হ’ব সিমান দিনলৈ স্বাধীনতাৰ কেতিয়াও বিনাশ নহ’ব।

সৈনিকসকল, নৰপশুসকলৰ হাতত তোমালোকে নিজক তুলি নিদিবা। সেইসকল মানুহৰ হাতত, যিসকলে তোমাক ইতিকিং কৰে, ক্ৰীতদাস কৰে, নিয়ন্ত্ৰণ কৰে তোমাৰ জীৱন, তোমাক হুকুম জাৰি কৰে কি কৰিব লাগিব, কি ভাবিব লাগিব, কি অনুভৱ কৰিব লাগিব; যিসকলে তোমাক লঠিয়ায়, চৰিয়াই ঘূৰি ফুৰে, বাছ-বিচাৰ কৰি খুৱায়, জীৱ-জন্তুৰ দৰে তোমাক গণ্য কৰে, খৰচৰ বহীত থকা বস্তুৰ দৰে ব্যৱহাৰ কৰে। তোমালোকে নিজকে তুলি নিদিবা সেই অপ্ৰকৃতিস্থ মানুহৰ হাতত, যন্ত্ৰমানৱৰ হাতত, যাৰ মগজ যান্ত্ৰিক আৰু হৃদয়ো যান্ত্ৰিক। তোমালোক যন্ত্ৰ নোহোৱা, তোমালোক জন্তু-জানোৱাৰো নোহোৱা, তোমালোক মানুহ। তোমালোকৰ হৃদয়তো আছে মানুহৰ প্ৰতি ভালপোৱা । তোমালোকেতো কাকো ঘৃণা নকৰা । ঘৃণা কৰে কেৱল ভালপোৱাৰপৰা বঞ্চিত আৰু অপ্ৰকৃতিস্থসকলে। সৈনিকসকল, দাসত্বৰ বাবে যুদ্ধ নকৰিবা, যুদ্ধ কৰা স্বাধীনতাৰ বাবে। ছেন্ট লুকৰ সপ্তদশ অধ্যায়ত লিখা আছে – "ঈশ্বৰৰ সাম্ৰাজ্য আছে মানুহৰ ভিতৰতে।” কেৱল এটা মানুহৰ ভিতৰত নহয়, কেৱল এচাম মানুহৰ ভিতৰত নহয়, বৰং সকলোৰে ভিতৰত, তোমাৰ ভিতৰতো। তোমালোক মানুহবোৰৰেই আছে ক্ষমতা, যন্ত্ৰ বনোৱাৰ ক্ষমতা, সুখ সৃষ্টি কৰাৰ ক্ষমতা । তোমালোকৰেই আছে এই জীৱনটোক মুক্ত আৰু সুন্দৰ কৰাৰ ক্ষমতা, জীৱনটোক এক অসাধাৰণ অভিযান বনোৱাৰ ক্ষমতা ।

তেন্তে আহা, গণতন্ত্ৰৰ খাটিৰতেই আমি সেই ক্ষমতাটোক ব্যৱহাৰ কৰোঁ, আহা আমি সকলোৱে ঐক্যবদ্ধ হওঁ, আহা আমি এখন নতুন পৃথিৱী গঢ়াৰ বাবে যুঁজ কৰো; এখন সুন্দৰ পৃথিৱী, যিয়ে মানুহক দিব কামৰ সুযোগ, শিশুসকলক দিব উজ্জ্বল ভৱিষ্যত আৰু বৃদ্ধসকলক দিব নিৰাপত্তা । এইবোৰ প্ৰতিশ্ৰুতি দিয়েই সেই পশুবোৰ আৰোহণ কৰিছিল ক্ষমতাৰ শিখৰত। কিন্তু সিহঁতে মিছা কথা কৈছিল । সিহঁতে কেতিয়াও সেই প্ৰতিশ্ৰুতি পালন কৰা নাই। কেতিয়াও নকৰেও। স্বৈৰাচাৰীসকলে কেৱল নিজক মুক্ত কৰিছে আৰু ক্ৰীতদাস সজাইছে জনগণক। এতিয়া আহা আমি একেলগে সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে সংগ্ৰাম কৰো। আহা একেলগে সংগ্ৰাম কৰো, পৃথিৱীখনক মুক্ত কৰিবলৈ । সকলো জাতীয় সীমা, সকলো লোভ, সকলো ঘৃণা আৰু অসহনশীলতাৰ অন্ত পেলাবলৈ । আহা একেলগে যুঁজ কৰো, একেই লক্ষ্যৰ এখন পৃথিৱী গঢ়িবলৈ, এনে এক পৃথিৱী য’ত বিজ্ঞান আৰু উন্নয়নে মানুহক লৈ যায় সুখী জীৱনৰ দিশলৈ।

সৈনিকসকল, গণতন্ত্ৰৰ নামত আগ বাঢ়ি আহা। আহা, আমি সকলোটি ঐক্যবদ্ধ হওঁ।

Share Button
Print Friendly, PDF & Email

No Comments : "চাৰ্লি চেপলিনৰ ‘দি গ্ৰেট ডিক্টেটৰ’ (১৯৪০)ৰপৰা - (অনুবাদ : ভবেন্দ্ৰ কুমাৰ কলিতা)"

Leave a Comment

Your email address will not be published. Required fields are marked *