বিজ্ঞান-প্ৰযুক্তি

কেনে হ’ব আমাৰ চিন্তাৰ তৰংগই যদি এটা যন্ত্ৰক নিয়ন্ত্ৰণ কৰিব পাৰে?-(ভাৰ্গৱ বৰঠাকুৰ)

একৈশ শতিকাৰ ভৱিষ্যতদৰ্শী সকলৰ অন্যতম এজন হৈছে ইল’ন মাস্ক (Elon Musk)৷ বৰ্তমান সময়ত মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ বাবে মাস্ক এটা চিনাকী নাম৷ কিন্তু এইবাৰ মহাকাশৰ গভীৰতালৈ নহয়,  এইবাৰ মানৱ মগজুৰ গভীৰতালৈ অধ্যয়ণ কৰা হে মাস্কৰ মূল উদেশ্য৷ কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু প্ৰয়োগকলৈ বিভিন্ন বিশেষজ্ঞৰ দ্বন্দমূলক ভৱিষ্যত বাণী শুনিবলৈ পোৱা যায়৷ ২০১৭ চনত ফেচবুক জন্মদাতা মাৰ্ক জোকাৰবাৰ্গ আৰু ইল’ন মাস্কৰ এই সন্দৰ্ভত বিপৰীত প্ৰতিক্ৰিয়া শুনিবলৈ পোৱা গৈছিল৷ মাস্ক আজিও নিজৰ স্থিতিত অটল৷ অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নত বিকাশে যে এটা সময়ত মানৱ সভ্যতালৈ ভাবুকিৰ সৃষ্টি কৰিব পাৰে সেই সম্পৰ্কে মাস্কে বিভিন্ন মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ ভৱিষ্যতে এই দ্ৰুতগতিত বিকাশ হ’বলগীয়া কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত মানুহৰ নিয়ন্ত্ৰণ থকাটো অত্যন্ত আৱশ্যক৷ ইল’ন মাস্কে ‘নিউৰালিংক’ (Neuralink) নামেৰে ঘোষণা কৰা প্ৰজেক্টটোৰ মূল উদেশ্য আচলতে এইটোৱেই! এই নিউৰালিংক প্ৰজেক্টটো কি আৰু কেনেকৈ ই কাম কৰিব আজি আমি এই বিষয়ে থুলমূলকৈ আলোচনা কৰিব চেষ্টা কৰিম৷

কল্পনা কৰক আমি যদি কম্পিউটাৰটো হাতেৰে নহয়, আমাৰ মগজুৰ চিন্তাৰেই পোনে পোনে নিয়ন্ত্ৰণ কৰিব পাৰো তেন্তে কি হ’ব? কেনেকুৱা হ’ব আমি যদি মেচিনবোৰক আমাৰ মগজুৰে নিয়ন্ত্ৰণ কৰিব পাৰো? কথাবোৰ অদ্ভূট যেন লাগিলেও, একৈশ শতিকাৰ বিজ্ঞানী-প্ৰযুক্তিবিদ সকলৰ বাবে এই কথাবোৰ কোনো আচৰিত হ’ব লগীয়া কথা হৈ থকা নাই৷বৰঞ্চ এই ধাৰণাবোৰ বাস্তৱত পৰিৱৰ্তণ হ’বলৈ গৈ আছে৷মানুহৰ মগজুতো ‘মাইক্ৰ’চিপ’ (micro chip) সংস্থাপনৰ বাবে বিভিন্ন গৱেষণা, চিন্তা চৰ্চা চলি আছে৷এনে কিছুমান ভিডিঅ’ গেমৰ আৱিষ্কাৰ হ’বলৈ গৈ আছে যি প্ৰতিজন মানুহৰ বিচাৰ-বিবেচনাবোৰ পঢ়ি সেইমতে ‘গেম প্লেন’-বোৰ সলনি কৰিব পাৰে! ইল’ন মাস্কে এই বিষয়ত কিছুমান শিহৰণকাৰী ভৱিষ্যতবাণী কৰিছে, যিবোৰ সাধাৰণতে হলিউডৰ কল্পবিজ্ঞানৰ ছবিবোৰত দেখা যায়৷ এনে কিছুমান চিন্তাধাৰাৰ ওপৰত গৱেষণা অব্যহত ৰখা ইল’ন মাস্কৰ সেই বিশেষ প্ৰজেক্টটোৰ নাম হৈছে নিউৰালিংক৷ ‘নিউৰালিংক’ নামৰ প্ৰজেক্টটোৰ যোগেদি মানৱ মগজুক কিছুমান বিশেষ অত্যাধুনিক প্ৰযুক্তিৰে কম্পিউটাৰৰ লগত সংযোগ কৰা হ’ব !

আমি যেতিয়া কিবা এটা অনুভৱ কৰো, চিন্তা কৰো অথবা শৰীৰৰ অংগবোৰক লৰচৰ কৰো তেতিয়া এই কামবোৰত আমাৰ মগজুৰ নিউৰন বোৰে সক্ৰিয় হৈ কিছুমান স্নায়ু-সংকেত অথবা স্নায়ুস্পন্দৰ সৃষ্টি কৰে৷মগজুৰ নিউৰনৰ আদেশ অনুযায়ী পেশীলৈ সঞ্চালিত সংকেতবোৰে আমাক কাম কৰায়, তেনেদৰে আমি কামবোৰ ভাবি লওঁ৷ এই স্নায়ু-সংকেতবোৰ বা স্নায়ুস্পন্দ বোৰ আকৌ বৈদ্যুতিক সংকেত৷বৰ্তমান বৈজ্ঞানিক সকলে এই স্নায়ু- সংকেতবোৰ বিশ্লেষণ কৰি এই সংকেতবোৰে কি ক’ব বিচাৰিছে তাকো বুজিবলৈ সক্ষম হৈছে৷ উদাহৰণস্বৰূপে এজন গৱেষকে বিশ্লেষণ কৰিব পাৰে ,আমাৰ চকুৱে যদি ৰঙা ৰং দেখিছে তেন্তে চকুৰ ‘অপ্টিক স্নায়ু ‘য়ে মগজুক কি ধৰণৰ সংকেত পঠাব৷  ঠিক সেই মতে ‘ৰিভাৰ্চ’  ইঞ্জিনিয়াৰিং-ৰ সহায়ত সেই সংকেতবোৰ পঢ়ি, মগজুৰ লগত যদি এটা কেমেৰাৰ সংযোগ কৰো,  তেন্তে কেমেৰাৰ লেন্সে আবদ্ধ কৰা ছবিবোৰ কম্পিউটাৰৰ সহায়ত বিশ্লেষণ কৰি এজন অন্ধ মানুহক দেখাব পৰা হ’ব যে কেমেৰাই কি দেখিছে! মগজুৰ নিউৰনৰ লগত কম্পিউটাৰৰ এনেধৰণৰ বিশেষ সংযোগ প্ৰযুক্তিক কোৱা হয় Brain computer interface(BCI) অথবা neural control interface(NCI)৷ নিউৰালিংক প্ৰজেক্টটোত এই BCI প্ৰযুক্তিটোক আৰু কি ধৰণে অধিক উন্নত কৰিব পৰা যায় তাৰ ওপৰেই গৱেষণা চলি আছে৷

নিউৰালিংক বা নিউৰেল কম্পিউটাৰৰ দ্বাৰা মানুহ এজন Cyborg হ’ব পাৰিব৷ Cyborg মানে হৈছে মানৱ শৰীৰত ইলেক্ট্ৰ’ড নাইবা আন প্ৰযুক্তিগত উপকৰণ ব্যৱহাৰ কৰি, সাধাৰণ মানুহতকৈ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পৰা এক বিশেষ আধুনিক উচ্চ প্ৰযুক্তি৷আৰু শৰীৰত ব্যৱহাৰ কৰা এই সৰু মেচিন বা প্ৰযুক্তিগত উপকৰণবোৰক ‘নিউৰেল লেচ’ (Neural lace) বুলি কোৱা হয় ৷ এই ‘নিউৰেল লেচ’ অথবা ‘নিউৰেল ইন্টাৰফেচ'(Neural interface) -বোৰে শৰীৰৰ সকলো নিউৰনৰ লগত একেলগে কাম কৰিব, যাৰ দ্বাৰা সাধাৰণ মানুহ এজনৰ মগজুৰ কাৰ্যক্ষমতা বহু গুণে বৃদ্ধি পাব৷ এই প্ৰযুক্তিৰ ওপৰত গৱেষণা কৰা বিশেষজ্ঞ সকলৰ মতে ‘নিউৰ’লেচ’ -এ আমাৰ ভৱিষ্যতৰ পৃথিৱীখনক সাংঘাতিক ধৰণে সলনি কৰিব পাৰিব৷ মানুহৰ মগজুটো যদি এনেকুৱা এটা যন্ত্ৰ হিচাপে চোৱা হয়, যি প্ৰথমে তথ্য সংগ্ৰহ কৰিব তাৰ পাছত সংসাধিত কৰিব আৰু শেষত তাৰ আউট পুট দিব, তেন্তে ইয়াৰ দুৰ্বল অংশটো হ’ব ইয়াৰ ‘প্ৰছেচিং’ বেগ! অৰ্থাৎ ইনপুট ৰ পৰা আউটপুট লাভ কৰাৰ মাজৰ সময়ৰ খিনি৷ ইল’ন মাস্কৰ মতে আমাৰ তথ্য সংগ্ৰহৰ ‘ইনপুট’ বহু শক্তিশালী কাৰণ আমাৰ মগজুৰ লগত এটা অতি শক্তিশালী ‘high speed visual interface’ (চকু) সংযুক্ত হৈ আছে৷ আমাৰ চকুৱে বহু তথ্য সংগ্ৰহ কৰিব পাৰে কিন্তু আমাৰ মগজুৱে যি আউট পুট দিয়ে সি ইনপুটৰ তুলনাত বহুখিনি ক’ম৷ অৰ্থাৎ ইয়াৰ ‘প্ৰচেছিং’ শক্তি বহু পৰিমাণে কম! মাস্কৰ মতে মগজু তথা ডিজিটেল বুদ্ধিমত্তাক যদি এটা “Symbiotic system” ত সংলগ্ন কৰিব পৰা তেন্তে এই সমাৰোপনৰ দ্বাৰা চিধাই মগজুৰ ‘চেৰিব্ৰেল কৰ্টেছ’ লৈ সংকেত প্ৰেৰণ কৰিব পৰা হ’ব৷ যাৰ দ্বাৰা মগজুৰ ‘প্ৰচেছিং’ শক্তি বহুগুণে বৃদ্ধি পাব৷ কিন্তু এই ‘নিউৰেল লেচ’ বোৰক মানৱ শৰীৰত কি দৰে স্থাপন কৰা হ’ব৷ যিহেতু কেৱল সিৰা আৰু ধমনীৰ জৰিয়তে ইয়াক মগজুৰ নিউৰনত সংস্থাপিত কৰিব পৰা হ’ব৷ ইয়াৰ বাবে দৰকাৰ হ’ব নেকি সঘন ‘চাৰ্জাৰী’?

মানৱ শৰীৰত ‘নিউৰেল লেছ’সমূহক সফলভাৱে কিদৰে সংস্থাপন কৰিব পৰা হ’ব এই বিষয়ে মাস্কৰ  ‘নিউৰালিংক’ কোম্পানীয়ে বিভিন্ন গৱেষণা অব্যহত ৰাখিছে৷ কোম্পানীৰ শেহতীয়া গৱেষণা মতে মানুহৰ ডিঙিৰ ধমনীত যদি অতি সূক্ষ্ম ইলেক্ট্ৰনিক চিপৰ বাহিৰৰ পৰা ইঞ্জেকচনৰ সহায়ত এৰি দিব পৰা হয়, তেন্তে ই ৰক্ত সঞ্চালনৰ দ্বাৰা মগজুলৈ পাবগৈ৷ এই প্ৰযুক্তিকলৈ কৰা গৱেষণাত আমেৰিকা আৰু চীনৰ গৱেষকসকলে বহু সফলতা লাভ কৰিছে৷ য’ত কেৱল মানুহৰ মগজুৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে মানুহৰ typing speed টো কম্পিউটাৰত গণনা কৰা হৈছিল৷ দেখা গৈছিল মানুহৰ মগজুত যি চিন্তা কৰা হৈছিল সেইটো পোনে পোনেই কম্পিউটাৰ স্ক্ৰীণতো টাইপ হৈ গৈছিল৷ অহা ন-দহ বছৰত মানসিক ভাৱে দুৰ্বল, অন্ধ তথা শাৰীৰিক বিকলাংগ সমূহৰ বাবে অতি সূক্ষ্ম ইলেক্ট্ৰনিক ‘চিপ’ বজাৰত মুকলি হৈ যাব৷ বিজ্ঞানীসকলৰ মতে ইয়াৰ অধিক উন্নত প্ৰযুক্তিৰে মানুহৰ স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগতে, ভৱিষ্যতে দুজন অন্ধ, বোবা মানুহৰ মাজৰ চিন্তা ধাৰাক আদান প্ৰদান কৰিব পৰা হ’ব৷ দূৰ দূৰণিৰ পৰাই কম্পিউটাৰটো নিয়ন্ত্ৰণ কৰিব পৰা হ’ব! মহাকাশ বিজ্ঞানৰ চমৎকাৰী অভিযানসমূহৰ ক্ষেত্ৰতো মাস্কৰ এই ‘নিউৰালিংক’ প্ৰযুক্তিয়ে নতুন দিগন্তৰ সূচনা কৰিব৷

বিশেষজ্ঞসকলৰ মতে এই BCI ৰ দ্বাৰা এজন মানুহৰ মগজুৰ সমগ্ৰ তথ্য ভাণ্ডাৰক আন ইলেক্ট্ৰনিক সঁজুলি অথবা ‘ক্লাউড’ (cloud)-ত আপলোড কৰিব পৰাকৈ সম্ভৱ হৈ উঠিব৷ BCI প্ৰয়োগ কৰি থকা দুজন মানুহে বেলেগ ঠাইত থাকিও নিজৰ ভাবৰ আদান প্ৰদান কৰিব পাৰিব৷ বিজ্ঞানীসকলে বহু সময়ৰ আগৰ পৰাই কম্পিউটাৰে মানৱ মগজুৰ বুদ্ধিমত্তাক বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে যদিও সম্পূৰ্ণৰূপে সফল হব পৰা নাই! কিন্তু মানৱ মগজু আৰু কম্পিউটাৰে যদি এটা ভাষাতেই ইনপুট ল’ব পাৰে তেন্তে সকলো সলনি হৈ যাব পাৰে৷হলিউড চিনেমা ‘মেট্ৰিক্স’ ৰ দৰে আমিও মগজুত নতুন তথ্য আপলোড কৰিব পাৰিম৷ বৰ্তমান এই পদ্ধতিৰ দ্বাৰা ‘পেৰালাইছিচ’ ৰোগত ভোগা মানুহ এজনৰ লগত ভাব আদান-প্ৰদানৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰা হৈছে৷ কিন্তু ইয়াৰ সফল প্ৰয়োগে ভৱিষ্যতৰ পৃথিৱীখন সলনি হৈ পৰিব৷ আমি মৰিলেও অমৰ হৈ ৰ’ম! মানুহৰ কায়িক দেহাটোৰ মৃত্যু হ’লেও এই প্ৰযুক্তিৰ সহায়ত আমাৰ মগজুৰ তথ্যপাতিক কম্পিউটাৰ আন ইলেক্ট্ৰনিক উপকৰণত আপলোড কৰি থ’ব পাৰিম৷ ইয়াৰ জৰিয়তে ‘ক্লনিং’ও কৰিব পৰা হ’ব৷ কম্পিউটাৰ বিজ্ঞানী Hans Moravec ৰ মতে মানুহ এজনৰ মগজুৰ সচেতনতাক (Consciousness) ধ্বংস নকৰাকৈ তাক ৰ’বটত সংস্থাপন কৰিব পৰা হ’ব৷ বিজ্ঞানীজনৰ মতে প্ৰথমে মানুহজনক শল্য চিকিৎসকৰ সহায়ত মগজুৰ প্ৰতিডাল নিউৰনৰ, প্ৰতিলিপি নিউৰন (transistor-ৰে গঠিত) বনাই ৰ’বটত সংস্থাপন কৰা হব৷ এডাল বিশেষ তাঁৰৰে এই transistorized নিউৰন বোৰক মানুহজনৰ মগজুৰ লগত সংযোগ কৰা হব৷ সময়ৰ লগে লগে , নিউৰন বোৰ মানুহজনৰ মগজুৰ পৰা আঁতৰি, ইয়াৰ প্ৰতিলিপি হিচাপে ৰবটটোত transistorized নিউৰনৰ গঠন হ’ব৷ কাৰণ মানুহজনৰ মগজটো ৰবটটোৰ মগজুটোৰ লগত সংযোগ হৈ আছে৷ যাৰ বাবে মানুহজনে কোনো সচেতনতাক হেৰুৱাব লগীয়া নহয় কিন্তু মগজুৰ নিউৰন বোৰ ৰ প্ৰতিলিপি transistor হিচাপে ৰবটটোত সৃষ্টি হৈ গৈ থাকিব৷ এটা সময়ত এশ বিলিয়ন নিউৰনৰ সম্পূৰ্ণ প্ৰতিলিপি transistor -ৰ সৃষ্টি হব ৰবটটোত৷ অৰ্থাৎ মানুহজনৰ মগজুটো আৰু নিউৰন বোৰৰ সম্পূৰ্ণ ঠাই ল’ব transistor য়ে ,আৰু এনে সময়তে ৰবটৰ কৃত্ৰিম মগজু আৰু মানুহজনৰ মগজুৰ মাজৰ কৃত্ৰিম সংযোগ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব৷ এই মুহূৰ্তত মানুহজনে উঠি চালে দেখিব যে তেওঁৰ মানৱ শৰীৰটো নিথৰ হৈ পৰি আছে৷ কিন্তু তেওঁৰ সকলো চিন্তা-সচেতনতা আৱদ্ধ হৈ ৰ’ল এটা ৰবটৰ ভিতৰত!

ইলন মাস্কৰ এই গৱেষণাৰ সফল প্ৰয়োগেৰে কৃত্ৰিম (ৰব‘টিক) হাত, ভৰি ইত্যাদি মানুহৰ স্নায়ুতন্ত্ৰৰ লগত সংযোগ কৰিব পৰা হ’ব কাৰণ ই মগজুত সংস্থাপন কৰা  ‘miniature chip’ ৰ সহায়ত সংকেত পঠাব পৰিব তথা সেই সংকেত বোৰ পঢ়িবও পাৰিব৷গতিকে বিকলাংগ সকলৰ বাবে এই প্ৰযুক্তিয়ে এক নতুন দিগন্তৰ সূচনা কৰিব! কম্পিউটাৰ তথা আমাৰ মগজুৱে যদি একেটা ভাষাতে তথ্যৰ আদান প্ৰদান কৰে তেন্তে আমাৰ আৱেগবোৰ কম্পিউটাৰৰ বাবে হ’ব ডাটা আৰু ইয়াক ব্যৱহাৰ কৰি আমাৰ ‘মুড’ৰ ওপৰত ই কাম কৰিব পাৰিব৷ যদি আমাৰ চিন্তাত ‘ডাটা কনভাৰ্ট’ হ’ব পাৰে তেন্তে সম্পূৰ্ণ ‘কমিউনিকেচন’ ব্যৱস্থাটোৱেই সলনি হ’ব৷মুখেৰে উচ্চাৰণ নকৰাকৈও এজন মানুহৰ চিন্তা তথা ভাবানুভুতিক আন এজনে বুজি পাব পাৰিব৷কম্পিউটাৰ গেম বোৰ যিমানেই জটিল নহওঁক কিয় কেইবা বাৰ ভালকৈ খেলাৰ পাছত আমনিদায়ক হয় আৰু আমি বেলেগ গেম বিচাৰিব লগীয়া হয়৷ কাৰণ বহুবাৰ খেলাৰ পাছত তাত আমাৰ বাবে নতুনত্ব বুলি একো নাথাকে৷কিন্তু নিউৰালিংক প্ৰযুক্তিৰ যদি প্ৰয়োগ কৰা হয়, তেন্তে এই গেমবোৰ কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ চিন্তা আৰু বুদ্ধিৰ ওমান লৈ নিজক সলনি কৰিব পাৰিব৷ কাৰণ আমাৰ চিন্তা আৰু উচ্চাকাংশাবোৰক ই ডাটা হিচাপে পঢ়িব পাৰিব ৷ গতিকে গেমৰ কৃত্ৰিম বুদ্ধিমত্তাই আগতেই ধৰা পেলাব যে আমি কি ভাবিছোঁ আৰু কি চাল খেলিব গৈ আছোঁ৷ এনেকুৱা গেম হয়তো আমাৰ বাবে সদায় ৰোমাঞ্চকৰ হৈ ৰ’ব৷

সম্ভাৱনাই বৰ্তমানৰ সৃষ্টি কৰে৷ ইল’ন মাস্কৰ যি চিন্তা সেইয়া হয়তো অনাগত সময়ত দিঠকত পৰিণত হ’ব৷ অৱশ্যে ‘নিউৰালিংক’ প্ৰজেক্টটোৰ সম্পৰ্কত বিভিন্ন বিকৰ্তও শুনিবলৈ পোৱা যায়৷ ভৱিষ্যতে ‘নিউৰালিংক’ প্ৰযুক্তিৰে মানুহৰ অপৰাধ মূলক কাম কাজ, ব্যক্তি স্বাধীনতা তথা নৈতিকতাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে নেকি? বৰ্তমান এই বিষয়ে মাস্কৰ কোম্পানীয়ে কোনো কথা স্পষ্ট কৰা নাই৷ যিহেতু এই সকলোবোৰ কথাৰ ওপৰত বৰ্তমানেও গৱেষণা চলি আছে‌।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *