বিবিধ চিন্তা

সত্যৰ অন্বেষণত ‘মুক্ত চিন্তা’ৰ সঁজাতী দলৰ চৰ-চাপৰি ভ্ৰমণ- (আশ্ৰাফুল হুচেইন)

বিভিন্ন প্ৰচাৰ মাধ্যমসমূহত অসমৰ চৰ-চাপৰিৰ লোক সম্পৰ্কে বিভিন্ন সন্দেহ, বাদানুবাদ আদি চলি থকাৰ সময়তে এই সম্পৰ্কে ধাৰণা ল’বলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ এটি সঁজাতী দলে ১০ জুলাইত বৰপেটাৰ বহৰি অঞ্চলৰ কেইবাটাও ভিতৰুৱা চৰ-চাপৰি ভ্ৰমণ কৰে। জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইট ফে’চবুকৰ এটি যুক্তিবাদী গোট ‘মুক্ত চিন্তা’ৰ মঞ্চত লেখক আবিদ আজাদে উত্থাপন কৰা এটি প্ৰস্তাৱমৰ্মে সত্যৰ অন্বেষণত লুইতৰ পাৰে পাৰে অধ্যয়নলৈ যায় উক্ত দলটো। উজনি-নামনিৰ বিভিন্ন জিলাৰ প্ৰতিনিধিৰে গঠিত দলটোত লেখক, সাংবাদিক, গৱেষক, প্ৰবক্তা, অধিবক্তা, শিক্ষক, শিশু অধিকাৰ কৰ্মী, চৰকাৰী আমোলা, বিশ্ববিদ্যালয়ৰ ছাত্ৰ আদিৰ উপৰিও অন্যান্য পেছাদাৰী একাংশ যুক্তিবাদীও আছিল। সঁজাতী দলটো আবিদ আজাদ, ইৰাণী শইকীয়া, আহমেদ জেকী, দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা, আৰহান ইনামূল, নন্দিতা তালুকদাৰ, ৰেহনা চুলতানা, দিগন্ত চহৰীয়া, জিম আলম, জুমি বসুমতাৰী শৰ্মা, চুলতান ছালেহ আহমেদ, গৌৰী শংকৰ ভূঞা, আশিম মেহৰাজ, সুশান্ত শৰ্মা, পৰিশ্মিতা নাথ, আব্দুছ ছামাদ খান, বীৰেন বৰ্মন আদিৰে গঠিত আছিল। গুৱাহাটীৰপৰা যাত্ৰা কৰি দলটোৱে বহৰিত উপস্থিত হৈ যুৱ লেখক আশ্ৰাফুল হুছেইন আৰু তেওঁৰ সহযোগীসকল ক্ৰমে নাছিৰ উদ্দিন খান, ৰিজাউল হুছেইন, আকিল আহমেদ ছালিম, জহৰুল ইছলাম, শ্বামিম আক্তাৰ আদিৰ সহযোগত কাকধোৱা-গণকপাৰা ৰিজাৰ্ভ, লক্ষীপুৰ চৰ, মহিশখুঁটি চৰ আদি অঞ্চল ভ্ৰমণ কৰে। গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা দক্ষিণ-পূব বৰপেটাৰ কেইবাখনো গাঁৱৰ প্ৰায় ৪৭০টা পৰিয়ালক ২০০৭ চনত ধাৰাবাহিক আন্দোলন-প্ৰতিবাদ আদিৰ বিনিময়ত চৰকাৰে সংস্থাপিত কৰিছিল কাকধোৱা-গণকপাৰা ৰিজাৰ্ভত। কেৱল ১২.৫ লেছা মাটি দিয়েই যেন সকলো দ্বায়িত্ব সামৰিছিল চৰকাৰখনে। কাৰণ ইয়াৰে সকলো পৰিয়ালেই বছৰৰ প্ৰায় ৯ মাহেই কটাব লাগে জলবন্দী জীৱন। যাৰ ফলত পানীত বুৰ গৈ থকা ৰিজাৰ্ভখনৰ বাসিন্দাসকলে নাৱৰ ওপৰতেই নিৰ্ভৰশীল হ’বলগীয়া হয়। বৃহৎ জনসংখ্যাৰ বসতিস্থলখনত সঁজাতী দলটোৱে যাতায়াতৰ লগতে শিক্ষানুষ্ঠান, স্বাস্থ্যকেন্দ্ৰ আদিৰ যথেষ্ট অভাৱ থকা বুলি প্ৰকাশ কৰে। ইপিনে ব্ৰহ্মপুত্ৰৰ নদীপথেৰে ইঞ্জিন চালিত নাৱেৰে যাত্ৰা কৰি দলটোৱে লক্ষীপুৰ চৰ আৰু মহিশখুঁটি চৰো ভ্ৰমণ কৰে। 13661864_1027630353971860_5168161997613432043_oভ্ৰমণত চৰৰ দুৰ্বিষহ জনজীৱন আৰু ইয়াৰ মাজতে বিদেশীৰ নামত হাৰাশাস্তি, শিক্ষানুষ্ঠান, স্বাস্থ্যকেন্দ্ৰ আদিৰ অভাৱ, যাতায়াত-যোগাযোগ, বিদ্যুত যোগান আদিত চৰকাৰী হেমাহি, ভূমিনীতি, স্বাস্থ্যনীতি, শিক্ষানীতি আদিৰ ব্যৰ্থতাৰ বুজ লয়। দলটোৱে চৰাঞ্চলত শিক্ষাৰ পোহৰ বিস্তাৰৰ বাবে ভাসমান নৌকা বিদ্যালয়, স্বাস্থ্যৰ বাবে মজবুত আৰু কাৰ্যক্ষম নৌকা স্বাস্থ্যকেন্দ্ৰ, পোহৰৰ বাবে ঘৰে ঘৰে ছ’লাৰ লাইট আদিৰ পোষকতা কৰে। ইপিনে দুৰ্গম অঞ্চলৰপৰা চহৰলৈ নৌকা আৰু কেইবাটাও গাড়ী সলনি কৰি অশিক্ষিত লোকে আদালতত নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ থকাৰ কথা লক্ষ্য কৰি নিকটৱৰ্তী অঞ্চলতে ট্ৰিবিউনেল স্থাপন কৰিলে এই সমস্যা সমাধানৰ দিশত ক্ষিপ্ৰতাৰে আগ বাঢ়িব পাৰিব বুলিও লক্ষ্য কৰে। অন্যহাতে, সকলো তথ্য-পাতি থকাৰ পাছতো কাৰ ষড়যন্ত্ৰৰ বলি হৈ এই লোকসকল বিদেশীৰ নামত হাৰাশাস্তি খাই থাকিবলগা হৈ আছে সেয়া যথেষ্ট চিন্তনীয় আৰু ৰোধ কৰিবলগীয়া বিষয় বুলিও উদ্বেগেৰে প্ৰকাশ কৰে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *