‘চৈৰাট’ - চলচ্চিত্ৰৰ জৈৱিকতা আৰু সামাজিক বাস্তৱতা- (ননি টেৰণ)

চিনেমা এখন যেতিয়া সফল হয় বা প্ৰশংসিত হয় ,বক্স অফিচত ই যি জোৱাৰ আনে তাৰ সৈতে চিনেমা এখনৰ জৈৱিকতা বা চিনেমা এখন জৈৱিকভাৱে দৰ্শকৰ মাজত grow কৰাটো অলপ বেলেগ কথা ৷ বহু সফল ,উচ্চ মানৰ চলচ্চিত্ৰই আমি চাবলৈ পাইছো কিন্তু তাৰ মাজত কিছুমান চলচ্চিত্ৰ বিৰল কেৱল জৈৱিকভাৱে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে, তাত হয়তো বহু সময়ত যুক্তি আদিও প্ৰযোজ্য নহয় ৷ "জয় সন্তোষী মা", “বেদেৰ মেয়ে জ্যোত্স্না" আদি এনেধৰণৰ চিনেমা যি জন সন্মোহনৰ সৃষ্টি কৰিব পাৰে ৷ আৰু কিছুমান চলচ্চিত্ৰৰ বৌদ্ধিক, মানৱিকভাৱেও এটা জৈৱিক গ্ৰহণযোগ্যতা আহে ৷ ‘চৈৰাট’ তেনেধৰণৰ চলচ্চিত্ৰ ৷

10

এই বছৰত মহাৰাষ্ট্ৰত এখন চলচ্চিত্ৰ প্ৰবল সাফল্যৰে চলি আছে আৰু ই এক নতুন দিগন্তৰ সূচনা কৰিছে বহু ক্ষেত্ৰত ৷ বক্স অফিচ সাফল্যতো এই চিনেমাখনে ৰেকৰ্ড কৰিছে, সকলো থিয়েটাৰতেই হাউছফুল ৷
মাৰাঠী ভাষাত ‘চৈৰাট’ মানে হ’ল সম্পূৰ্ণৰূপে বন্য। মই নিজে চলচ্চিত্ৰৰ এজন Orthodoxধৰ্মী দৰ্শক যদিও কিছু কথা এই চলচ্চিত্ৰখনৰ বিষয়ে অৱগত কৰিব বিচাৰিছো, কাৰণ কিছু দিশ এই চলচ্চিত্ৰখনৰ সঁচাকৈয়ে উৎকৃষ্ট আৰু মাৰাঠী চিনেমা এই সময়ত বহু innovation আৰু উৎকৃষ্টতাৰ সমাহাৰ৷ ৰোমিঅ’-জুলিয়েটৰপৰা লাইলা-মজনু তথা ভাৰতীয় বলিউডৰ চিনেমাসমূহত অলেখ কিশোৰ প্ৰেমৰ কাহিনীৰ পয়োভৰ আৰু চিত্ৰায়ণ দেখা যায় ৷ ‘চৈৰাট’ তেনে এক কিশোৰ প্ৰেমৰ কাহিনীয়েই, কিন্তু গাঁথনিগতভাৱে ‘চৈৰাট’য়ে বেলেগ পথ লৈছে আৰু উপস্থাপনা একেবাৰে সাৱলীল তথা বাস্তৱধৰ্মী ৷ এক কিশোৰ প্ৰেমৰ কাহিনী caste conflictঅৰ পটভূমিত ৷ ইয়াৰ বিশ্বাসযোগ্য উপস্থাপনৰ ফলত ই মাৰাঠী জাতীয় conscienceঅক প্ৰবল ধাক্কা দিব পাৰিছে ৷

12

‘চৈৰাট’ৰ পৰিচালক নাগৰাজ মনজুলে ভাৰতীয় চিনেমা জগতত এজন নতুন প্ৰতিভা ৷ তেওঁক মোৰ ইৰানৰ মহচিন মখমলবাফৰ দৰে জীৱনৰ অভিজ্ঞতাৰপৰা উঠি অহা পৰিচালকৰ দৰে লাগে, যাৰ চিনেমাত সেই নিজ জীৱনৰ অভিজ্ঞতাৰপৰা অহা rawness, আনুভূতিক প্ৰাবল্য আদি অনূভূত হয় ৷ মনজুলে এজন মাৰাঠী সাহিত্যিক৷ স্বীকৃতিপ্ৰাপ্ত কবিও ৷ এজন প্ৰগতিশীল চিনেমা পৰিচালক হিচাপে তেওঁৰ কবিতা, চিনেমায়ো পোনপটীয়াভাৱে সামাজিক অস্পৃশ্যতা তথা মাৰাঠী সমাজৰ অন্যান্য দিশসমূহ চুই যায় ৷ নাগৰাজ মনজুলে নিজেও তেনে এক দলিত পৰিয়ালৰপৰা অহা তথা নানা সামাজিক অন্যায়ৰ অভিজ্ঞতাপুষ্ট পৰিচালক ৷ কিন্তু এজন কবি হোৱা বাবেও তেওঁৰ ৰাজনীতি ঠেক নহয়, ই বহু পৰিমাণে মানৱীয় আৰু সংবেদনশীল ৷

13

‘চৈৰাট’ মই দুবাৰ চালো, প্ৰথমবাৰ চিনেমাখন, দ্বিতীয়বাৰ ইয়াৰ ভাষা, অভিনয় আৰু দৰ্শকৰ প্ৰতিক্ৰিয়া ৷ ‘চৈৰাট’ত অভিনয় অতি সাৱলীল আৰু raw, ই পোনপটীয়াকৈ দৰ্শকক চুব পাৰে ৷ Perfect timingঅৰ যোগেদি ঘটোৱা হাস্যৰস, লগতে ব্যঙ্গ আদিৰে ভৰপূৰ বিভিন্ন non-actorঅৰ অতি বিশ্বাসযোগ্য অভিনয়ে ‘চৈৰাট’ক এক বিৰল অভিজ্ঞতা কৰি তুলিছে, যি সহজাত মাৰাঠী চলচ্চিত্ৰৰপৰা পৃথক ৷ ইয়াৰ উপৰিও ভাষাৰ ব্যৱহাৰ আশ্বৰ্যজনক ৷ ‘চৈৰাট’ত মহাৰাষ্ট্রৰ চোলাপুৰ জিলাৰ স্থানীয় ভাষাক ব্যৱহাৰ কৰা হৈছে ৷ (মই নিজেও আগতে শুনা নাই ৷ মোৰ অফিচৰ চোলাপুৰৰ কলিগেও তেনে ভাষাত নকয়, তেওঁলোকে মান্য মাৰাঠী মূলসুঁতিৰ ভাষাত কয় ৷) ইয়াৰ উপৰিও, মূল non-actor অভিনেতাখিনি চোলাপুৰ অঞ্চলৰপৰাই লোৱা হৈছে ৷ ৰিংকু ৰাজগুৰু বুলি পোন্ধৰ বছৰীয়া এগৰাকী চোলাপুৰৰ non-actor নৱম শ্ৰেণীৰ ছাত্ৰীয়ে মূল নায়িকা চৰিত্ৰটো (অৰ্চনা উৰফে আৰচি) কৰিছে ৷ তেওঁৰ অভিনয় ইতিমধ্যে প্ৰশংসিত হৈছে আৰু এই বছৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত বিশেষভাৱে অভিনয়ত পুৰস্কৃত হৈছে ৷ আকাশ ঠোচাৰ বুলি কিশোৰ অভিনেতাজনৰ নায়কজনৰ চৰিত্ৰটোও (প্ৰচান্ত উৰফে প্ৰাচা) সাৱলীল, sensitive আৰু raw ৷ ইয়াৰ উপৰিও নায়কৰ বন্ধু ৰূপত অৱতীৰ্ণ হোৱা "লেঙেৰা" আৰু "চেলিম" চৰিত্ৰ দুটাও প্ৰচন্ড শক্তিশালী নিজৰ ভূমিকাসমূহ পালন কৰাত ৷ তেওঁলোক এনেদৰে বিশ্বাসযোগ্য যে দৰ্শকে নিজক তেওঁলোকৰপৰা পৃথক কৰিব নোৱাৰে ৷ বোধহয় বলিউডীয় দূৰৈৰ মোহৰ স্বপ্নতকৈ এই বাস্তৱ বেছি ওচৰৰ ৷

noni6

আৰচি হ’ল চোলাপুৰৰ বিটাৰ গাঁৱৰ এজন প্ৰতিপত্তিশীল উচ্চবৰ্ণ লোকৰ জীয়াৰী ৷ তেওঁলোকৰ কুঁহিয়াৰকে ধৰি আন বহুতো খেতি-বাতি আছে ৷ আৰচি অলপ বেলেগধৰণৰ ছোৱালী৷ প্ৰগতিশীল মনোভাবৰ আৰু যাক কোৱা হয় badass, tomboyধৰণৰ ৷ ৰিংকু ৰাজগুৰুৰ চেহেৰা তথাকথিত "বগী" নায়িকাৰ দৰে নোহোৱাত ‘চৈৰাট’ ৰিলিজ হোৱাৰ আগতে পৰিচালকক বহু সমালোচনা কৰা হৈছিল ৷ কিন্তু ৰিংকু ৰাজগুৰুৱে সকলোৰে মুখ বন্ধ কৰি দিলে৷ তেওঁ এতিয়া চলচ্চিত্ৰখনৰ প্ৰধান সম্পদ ৷ এনেও "বগী" নায়িকাৰ প্রতি সচৰাচৰ ভাৰতৰ চলচ্চিত্ৰত মোহ আছে ৷ "ক’লী" হলে যেন নহ’বই ৷ দক্ষিণৰ মছলা চিনেমাততো পশ্চিমৰ বা লণ্ডনৰ "বগী" মেম আহি ভাৰতীয় গাঁৱলীয়া ছোৱালী হয়গৈ। এই ক্ষেত্ৰত পৰিচালক মনজুলেৰ স্থিতি অতি সবল ৷ ৰিংকু ৰাজগুৰুৰ অভিনয় অসাধাৰণ, তেওঁৰ প্ৰথম অভিনয়ৰদ্বাৰাই মোক আন এগৰাকী মাৰাঠী অভিনেত্ৰী স্মিতা পাটিললৈ মনত পেলাই দিয়ে ৷ সেই চোলাপুৰীয়া ভাষিক অনুষংগৰে, কলকিয়েল ভাষাটোৰ অতি নিষ্ঠাৰ, অনুপম মৰম লগা অভিনয় ৰিংকু ৰাজগুৰুৰ ৷ তেওঁ এইবুলিও কৈছে যে চিনেমাৰ শ্বুটিঙতকৈ মেডিয়াৰ সাক্ষাৎকাৰ বেছি কঠিন৷

আৰু প্ৰাচা হ’ল নিম্নবৰ্গৰ এজন মাছমৰীয়া ল’ৰা ৷ যি পঢ়া-শুনাত ভাল, ক্ৰিকেট খেলাত পাৰদৰ্শিতাৰ বাবে যাক বিটাৰ গাঁৱৰ ধনী বুলি কোৱা হয় ৷ প্ৰাচাৰ আৰচিৰ প্ৰতি গোপন মোহ আছে যদিও নিজৰ সীমাবদ্ধতাৰ বিষয়ে জানে ৷ দুয়ো একেখন কলেজলৈ আহিল, আৰু স্বাভাৱিক কিছু ঘটনাৰাজিৰপৰা দুয়ো প্ৰকৃতিৰ নিয়মৰ বাবে ওচৰ চাপি আহিল ৷

noni2

‘চৈৰাট’ চিনেমাখন বহু তৰপীয়া৷ ই বহু বিষয় চুই গৈছে৷ প্ৰথমাংশ দুয়োজনৰে সম্পৰ্ক কেনেকৈ বিকশিত হৈছে তাৰ ওপৰত ৷ এইখিনিতেই কওঁ নাগৰাজ মনজুলে কিয় এজন অসাধাৰণ পৰিযালক, কিয় ‘চৈৰাট’ আন মছলা কিশোৰ প্ৰেমৰ চিনেমাতকৈ বেলেগ ৷ নাগৰাজ মনজুলেই কিছু মূলসুঁতিৰ চিনেমাৰ ট্ৰিটমেন্টো ব্যৱহাৰ কৰিছে বাণিজ্যিক কথাটো লক্ষ্য ৰাখি ৷ যেনেকৈ চাৰিটা গানৰ উপস্থাপন, মাৰাঠী বিখ্যাত কম্প’জাৰ অজয় অতুল সংগীত পৰিচালনাত ৷ এই চাৰিটা গানেই চিনেমাখনৰ প্ৰথমাংশত আছে ৷ কিন্তু নায়ক-নায়িকাই lip synching নাই কৰা, মূলতঃ আৱহ হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ প্ৰথমাংশ ধেমালি-ধুমুলা, humour আদিৰে পাৰ হৈ যায়। দৰ্শকো জড়িত হয় ৷ কিন্তু দ্বিতীয়াংশত পৰিচালক নাগৰাজ মনজুলে অতি নিষ্ঠুৰ, যেন নিজৰ আচল ৰূপ দেখুৱালে৷ লাহে লাহে দৰ্শকক লৈ যায় নিৰ্মম বাস্তৱলৈ৷ অতি কৰুণ বাস্তৱ৷ যি সচৰাচৰ ৰোমান্টিক কৈশোৰ প্ৰেমৰ চিনেমাৰ দৰে নহয় ৷

noni4

চিনেমাখনৰ প্ৰথম দৃশ্যটোতেই পৰিচালক মনজুলে নিজেই ওলায় আৰু BPL (Bitergoan Premier League)ৰ ক্ৰিকেট কমেন্টৰি কৰি থাকে অতি ধেমেলীয়াভাৱে ৷ গোটেই চিনেমাখনত এনে বহু ৰস থকা দৃশ্য আছে৷ আনকি অতি বিপৰ্যয়, সংকটৰ সময়তো ৰসপ্ৰধান দৃশ্যসমূহে চলচ্চিত্ৰখন ধৰি ৰাখে৷
এটা দৃশ্যত আৰচি আৰু প্ৰাচা পলাই গৈ চেলিমৰ সমন্ধীয় এজনৰ ঘৰত ওলালগৈ ৷ তাত সমন্ধীয়জনৰ, লেঙেৰা আৰু চেলিমৰ মাজৰ যি কথা-বতৰা সেয়া অতি ৰস লগা ৷ সমন্ধীয়জনে কয়, "ইহত দুটাই প্ৰেম কৰিছে, কিন্তু তহঁত দুটাৰ কি হ’ল আকৌ লগত লেমঢৌ হ’বৰ বাবে ?" লেঙেৰা আৰু চেলিমে একো নকয় ৷ কিন্তু শ্বটটোৰ উপস্থাপন ৰস লগা ৷ প্ৰাচাই কয় তহঁত দুটা যাগৈ, আমি যাওঁ ৷ কৈ ওলাই যায় ৷
লেঙেৰাই কয় – চেলিম, তই যাগৈ ৷ মই ইহঁতৰ লগত যাওঁ৷ অলপ পিছত ছিন কাট হয় - আমি দেখো, চেলিমো সিহঁতৰ লগত আৰু গাড়ী ৰখাবলৈ চেষ্টা কৰি আছে ৷ বোধহয় এক মানৱীয় প্ৰমূল্য, বন্ধুত্বৰ সংজ্ঞাক পুনৰ প্ৰতিষ্ঠা কৰে এই দৃশ্যটোত৷ মুঠতে তেওঁলোকৰ অভিনয় অতি উচ্চ খাপৰ ৷
প্ৰাচাই যেতিয়া আৰচিক চিঠি এখন দিয়ে সৰু ল’ৰা এটাৰ মাধ্যমেদি, এই দৃশ্যটোত পৰিচালক মনজুলেই এক innovationঅৰ পৰিচয় দিছে ৷ nonstop বাঁওফালে পেনিঙৰদ্বাৰা বিভিন্ন শ্বটসমূহ যোৰা লগাইছে বা continuity দিছে৷ খুব সুন্দৰ শ্বট ডিভিজন, কিন্তু এডাল ফিটাৰ দৰে ৷ সৰু লৰাটোক ক্ৰিম থকা বিস্কুট দিয়ে, ল’ৰাটোৱে বিস্কুটটো নাখায়, ক্ৰিমখিনিহে খায়৷ গতিকে বিস্কুটটো দুফাল কৰি ক্ৰিমখিনি উলিয়াই দিব লগা হয় ৷ চিঠিখন কিয় ল’ব, কিয় ল’ব নালাগে বহুবোৰ অহা-যোৱাৰ পিছত সৰু ল’ৰাটোৱে আৰচিক প্ৰচন্ড ধমক দিয়ে frustrationঅত ৷ সেয়া আচলতে দৰ্শকৰো frustration ৷ আৰচি আৰু প্ৰাচা ভাবলেশহীন ৷ আৰু ধমক খাই মিচিকি হাঁহিৰে আৰচিৰ লাজ ৷ ইয়াৰ পিছত আকৌ উত্তৰ পৰ্ব ৷ সেয়াও আমোদজনক ৷ গতিকে দৰ্শক জৈৱিকভাৱে লাহে লাহে প্ৰভাৱান্বিত হয় ৷

"আমাৰ নৈৰ পাৰত এটা ধুনীয়া ঘৰ হ’ব. . . ", "মই কাম কৰিবলৈ ওলাই যাম …", "মই দুৱাৰমুখত তোৰ বাবে ৰৈ থাকিম. . . "। – আৰচি আৰু প্ৰাচাই জগতৰ আন কিশোৰৰ দৰেই স্বপ্নবিভোৰ হৈ এনেদৰে সপোন ৰচে ৷ পৰিচালক মনজুলেই অন্যান্য detailsঅৰ লগতে কিশোৰবিলাকৰ এই সময়টোৰো সঠিক পৰ্যবেক্ষণ ৰাখিছে, কাৰণ এইটো এটা বয়স বিদ্ৰোহী হোৱাৰ, পৃথিৱীখন নিজৰকৈ পোৱাৰ, স্বপ্নবিলাসী হোৱাৰ আৰু বোধহয় restless হোৱাৰো ৷ মাৰাঠীত ‘চৈৰাট’ মানেও হ’ল "বন্য"। সামাজিক ৰীতি আদি নমনা বনৰীয়া instinct ৷ বিশেষকৈ আৰচিৰ যোগেদি এই অনুষংগটো প্ৰতিফলিত কৰা হয় ৷
‘চৈৰাট’ৰ প্ৰথমাংশ যদি ধেমালি-ধুমুলা, ৰস, ব্যংগ, জমনি আদিৰে ভৰপূৰ আছিল, দ্বিতীয়াংশত ই সম্পূৰ্ণ বেলেগ ৰূপ ল’লে ৷ পৰিচালক মনজুলেই লাহে লাহে নিজৰ trademark treatment দেখুৱাব ল’লে, আৰু চিনেমাখনক কঠোৰ বাস্তৱলৈ লৈ আহিল, যাক কোৱা হয় reality bites ৷ আৰচি আৰু প্ৰাচাৰ প্ৰথম মনোমোহা চুমাৰ অভিযানটোৰ পিছত সিহঁতৰ সম্পৰ্ক জনাজাত হয় ৷ প্ৰাচা , লেঙেৰা আৰু চেলিমক প্ৰচন্ড মাৰপিট কৰা হয় আৰচিৰ বাপেকৰ আদেশত ৷ আৰু আৰচিৰো বিয়াৰ বন্দবস্ত কৰা হয় ৷ প্ৰাচাই নিজৰ অৱস্থিতি বুজি পায়৷ কিন্তু একো কৰিব নোৱাৰে, সি শোকত ভাগি পৰে ৷ আৰচিয়ে তেতিয়া নিজা সিদ্ধান্ত লয় তাইৰ নিজা স্বাধীনচিতীয়া মনোভাবৰ বাবে ৷ আৰচিয়ে অলপ আ-অলংকাৰ আৰু পইচা-পাতি লৈ প্ৰাচাৰ ওচৰলৈ গুচি আহে৷ প্ৰাচা, লেঙেৰা আৰু চেলিম হতভম্ব হয়, কি কৰিব ঠিক কৰিব নোৱাৰে৷ লেঙেৰাই পৰামৰ্শ দিয়ে যে দুয়োটা পুনে বা মুম্বাইলৈ গুচি যাব লাগে, তাত নিৰাপদ ৷
ইয়াৰ পিছত আৰচি আৰু প্ৰাচাক বিচাৰি সমগ্ৰ গাঁও তোলপাৰ লগোৱা হয় ৷ কুহিয়াৰনি খেতি জ্বলাই দিয়া হয় ৷ প্ৰাচাৰ পৰিয়ালটোক অপদস্থ কৰা হয় ৷ শেষত বিচাৰি উলিয়াই প্ৰাচা, লেঙেৰা আৰু চেলিমৰ ওপৰত ধৰ্ষণ আৰু অপহৰণৰ প্ৰচেষ্টা চলোৱা বুলি মামলা ৰুজু কৰা হয় ৷ স্থানীয় থানাত প্ৰাচাহঁতক লকআপত ৰখা হয় ৷ আৰচিয়ে এই বিষয়ে জানি পুনৰ বিদ্ৰোহী হৈ উঠে ৷ থানালৈ আহি উগ্ৰভাৱে তাইহে সিহঁতক অপহৰণ কৰিছে বুলি কৈ প্ৰাচাহঁতক মুক্ত কৰে ৷ প্ৰাচাহঁতক পুনৰ নিষ্ঠুৰভাৱে মাৰপিট কৰাত আৰচি ক্ৰুদ্ধ হৈ পৰে আৰু বাপেকৰ সহচৰৰ পিষ্টল লৈ এজনক ভৰিত গুলিয়াই দিয়ে৷ ইয়াৰ পিছতেই দুয়োটা ট্ৰেইনত উঠি পলায়ন কৰে নিঃসম্বল অৱস্থাত ৷ মাত্ৰ দুয়োটাই বিটাৰ গাঁৱৰপৰা আঁতৰি যাব খোজে৷
দ্বিতীয়াংশ আৰম্ভ হয় আৰু চিনেমাখনে গতি সলায় ৷ চলচ্চিত্ৰখনে ৰোমাণ্টিক বাস্তৱতাৰ বিপৰীতে ৰূঢ় বাস্তৱতাৰ ৰূপ লয়৷ অনাই-বনাই দুদিনমান ঘূৰি ফুৰাৰ পিছত সিহঁতৰ ওপৰত শাৰীৰিক আক্ৰমণো হয়৷ এগৰাকী বস্তিৰ সন্তানৰ সৈতে থকা অকলশৰীয়া মহিলাই অৱশেষত সিহঁতক আশ্ৰয় দিয়ে৷
আৰচি এক অকল্পনীয় বাস্তৱতাৰ মুখামুখি হয়, যি তাইৰ বাবে সম্পূৰ্ণ অপৰিচিত আছিল৷ তাই ৰাতিপুৱা প্রাতঃকাৰ্য কৰিবলৈ যাব নোৱৰা হয় দুৰ্গন্ধৰ বাবে ৷ মানুহগৰাকীয়ে সিহঁতক বস্তিতেই সৰু ৰুম এটা ঠিক কৰি দিয়ে ৷ এইখিনিতেই প্ৰাচা সৰৱ, তাৰ বাবে পৰিস্থিতি সিমান অপৰিচিত নহয়, সি সহজেই খাপ খাই পৰে৷ পৰিস্থিতি চাই সি দায়িত্ববোধসম্পন্ন হৈ পৰে ৷ সি ষ্ট’ভ, কেৰাচিন আদি আনিবলৈ যায় মানুহগৰাকীৰপৰা অলপ পইচা লৈ আৰু আৰচিক দোকানৰপৰা ৰান্ধিবৰ বাবে চাউল-দাইল আনিবলৈ দিয়ে ৷ পিছত দেখে আৰচিয়ে বস্তু আনিব জনা নাই ৷ ইমান কমকৈ অনাত বাকী পইচা কি কৰিল বুলি সোধাত আৰচিয়ে কয় যে তাই এখন poster কিনিলে ৷ posterখনত দেখা যায় – "নৈৰ পাৰত ধুনীয়া ঘৰ এটা" ৷ Ironyটো অনুভূত হয় দৰ্শকৰ মনত ৷ প্ৰাচাই সোধে, তাই একো বনাব নাজানে নেকি ৷ আৰচিয়ে unapologetically নাজানো বুলি কয় ৷ ইয়াৰ পাছত প্ৰাচাই হাঁহি মাৰি চাহো বনাব নাজানে নেকি বুলি সোধে, তাই কয়, নাজানে৷ ৰাতি যেতিয়া প্ৰাচাই ভাত ৰান্ধি আৰচিক খুৱাই দিবলৈ লয়, আৰচি তেতিয়া কান্দোনত ভাগি পৰে ৷ তাই সৈ কাঢ়ে যে তাইৰ ঘৰলৈ মনত পৰিছে, ঘৰলৈ যাব বিচাৰিছে আৰু বস্তিত তাই নোৱাৰে থাকিব ৷
লাহে লাহে আৰচিয়ে পৰিস্থিতি adapt কৰিবলৈ লয়৷ তাই ৰাতিপুৱা সমজুৱা toiletঅলৈ যায়, কাপোৰ দি বেৰ দিয়া সৰু বাথৰুমত গা ধোৱে আৰু মানুহগৰাকীৰ সহায় লৈ চ’ডা ফেক্টৰি এটাত শ্ৰমিক হিচাপে যোগদান কৰে ৷ প্ৰাচায়ো মানুহগৰাকীৰ দ’চা আদিৰ ফাষ্ট ফুডৰ ৰাস্তাৰ কাষৰ দোকানখনত সহায়ক হিচাপে কাম কৰিবলৈ লয় ৷
এই transitionটো ভাৰতবৰ্ষৰ সামাজিক অৰ্থনৈতিক পটভূমিত পৰিচালকৰ অৱলোকন ৷ মেট্ৰপলিটান চহৰসমূহৰ বস্তিসমূহ এক সামাজিক বাস্তৱ৷ সমস্ত শ্ৰমিক forceটো তাৰপৰাই আহে৷ বহু গাঁও-ভূঁই, সৰু চহৰ আদিৰপৰা, আদিবাসী, ভূমিহীন খেতিয়ক, নিবনুৱা যুৱক-যুৱতী, উদ্বাস্তু পৰিয়াল আদিৰে Exodus আদিৰ ফলত হোৱা এই বস্তিসমূহ জীৱন সংগ্ৰামৰ নিৰন্তৰ পৰিচয়ৰ বাহক৷ এই বস্তিসমূহেই জাতি, ধৰ্ম, বৰ্ণ আদিৰ ওপৰত জীৱন সংগ্ৰামক এক পৰিশীলিত ৰূপ দিয়ে ৷ যিকোনো এখন মেট্ৰপলিটান চহৰত প্ৰায় আধাতকৈ বেছি জনসংখ্যা এই শ্লামসমূহত বাস কৰে ৷ ই এটা phase৷ সামন্তীয় ধ্যান-ধাৰণাৰপৰা advance স্তৰত স্থান লাভ কৰা পৰ্যায় ৷ গতিকে আৰচি আৰু প্ৰাচাই এই শ্লাম অঞ্চলত জাতি-বৰ্ণ-ধৰ্ম সম্পৰ্কত কোনো দিগদাৰি নোপোৱাটো স্বাভাৱিক৷ জীৱন সংগ্ৰামত অৱতীৰ্ণ হ’লেও সেইটো ক্ষেত্ৰত দুয়োটা সুখী আৰু transitionটো সিহঁতে আন্তৰিকতাৰে মানি লৈছে, তাত খাপ খুৱাই ল’বলৈ চেষ্টা কৰিছে ৷
প্ৰতিদিনৰ সংগ্ৰামৰ লগে লগে আৰচি আৰু প্ৰাচাৰ জীৱনত আন আনুষংগিক কথাবোৰো প্ৰতিফলিত হয়, যি স্বাভাৱিক ৷ অভিমান, কাজিয়া-পেচাল, তৰ্ক আদিও হ’বলৈ লয় ৷ মহানগৰৰ মূল পথতো তৰ্কা-তৰ্কি হয়, প্ৰাচাৰ মন সন্দেহৰ আৱৰ্তত ঘূৰে ৷ আৰচিৰ কৰ্ম জীৱন, চাল-চলনত প্ৰাচা ঈৰ্ষান্বিত হৈ উঠে ৷ এবাৰ ৰেষ্টুৰেন্ট এখনত খাই থকা অৱস্থাত তৰ্ক হোৱাত প্ৰাচাই আৰচিক চৰিয়াই দিয়ে৷ ইয়াৰ পিছত আৰচি ভাগি পৰে আৰু প্ৰাচাক এৰি ঘৰলৈ যাত্ৰা কৰে৷ পিছত প্ৰাচাৰ অনুশোচনা হয় যদিও একো কৰিব নোৱাৰে ৷ কিন্তু দুয়োটাই সিহঁতৰ আনুভূতিক পৰস্পৰিক সম্পৰ্কটো গভীৰভাৱে আকৌ অনুভৱ কৰে বিচ্ছেদৰ পিছত ৷ আৰচি আধা ৰাষ্টাৰপৰা পুনৰ ঘূৰি আহে ৷ দুয়ো বিবাহ কৰাৰ সিদ্ধান্ত লয়৷ কাৰখানাৰ সহকৰ্মী শ্ৰমিক আৰু বস্তিৰ ওচৰ-চুবুৰীয়াৰ উপস্থিতিত দুয়ো ক’ৰ্টত বিবাহ কৰে ৷
‘চৈৰাট’ত সামাজিক বাস্তৱতাৰ পৰিসৰত মানৱিক সম্পৰ্কসমূহো কেনেকৈ পৰিস্থিতিৰ, ব্যৱস্থাৰদ্বাৰা নিয়ন্ত্ৰণ হয় তাকো পৰিচালকে detailsসহ ৰূপায়ণ কৰিব পাৰিছে৷ আৰু মানৱীয় সম্পৰ্কৰ কেতিয়াবা বিষাদজনক পৰিসমাপ্তি হয় তথা আকৌ কেতিয়াবা ই কিনেকৈ ভীষণ প্ৰতিকূল পৰিস্থিতিৰ মাজতো উজ্জীৱিত হয়। ‘চৈৰাট’ত ইয়াৰ চলচ্চিত্ৰীয়ভাৱে বাংময় ৰূপত ধৰি ৰখা হৈছে৷ আৰচি আৰু প্ৰাচাই যদি বিশ্বাসটো ধৰি ৰাখিবলৈ শিকিছে, আমি দেখো সামাজিকভাৱে প্ৰাচাৰ পৰিয়ালটোক বহিষ্কাৰ কৰা হৈছে ৷ আৰচি আৰু প্ৰাচাৰ বৰ্ণবাদী সমাজ-বিৰোধিতাৰ ফলশ্ৰুতি হিচাপে প্ৰাচাৰ ভনীয়েকৰ সামাজিক জীৱন ধংস হৈ গৈছে, তাইৰ বিবাহৰ বহু প্ৰস্তাৱ নাকচ হৈছে ৷ আৰচি আৰু দেউতাকৰ সম্পৰ্ক কৰুণ পৰিণতিলৈ গুচি গৈছে৷ এজন পিতৃ হিচাপে মানৱীয় সম্পৰ্কৰে নিজৰ জীৰ প্ৰতি অগাধ স্নেহৰ পিছতো সামাজিক কাঠামোটোৰ আলমত আৰচিক ত্যাজ্য পুত্ৰী কৰা হৈছে৷ এটা প্ৰতিক্ৰিয়াশীল ব্যৱস্থাই চৰম ট্ৰেজেডি লৈ আহিছে ironically ৷ কিন্তু আৰচিয়ে যেতিয়া সহকৰ্মীক ঘৰৰ বিষয়ে কৈ থাকে, তাই সকলোৰে কথা কোৱাৰ পিছত দেউতাকৰ বিষয়ে বিশেষকৈ কয়৷ তাই কয়, দেউতাকে তাইক কিমান ভাল পায় আৰু দেউতাক যে এজন খুউব ভাল মানুহ ৷ বিয়াৰ পিছত আৰচিয়ে ঘৰত মাকৰ সৈতে যোগাযোগ সাব্যস্ত কৰে ফোনৰ মাধ্যমেদি ৷ তাই মাকক সোধে, "দেউতা ভালে আছেনে ? খোৱা-বোৱা ভালদৰে কৰিছেনে ? " চকুপানীৰ সৈতে সোধে - দেউতাকে তাইক ক্ষমা কৰিবনে ৷ আৰচিৰ দেউতাককো দেখা যায় চেহেৰা-পাতিৰে বিধ্বস্ত ৰূপত ৷ আমি এক প্ৰতিক্ৰিয়াশীল সমাজ এখনৰ অন্তৰ্নিহিত অৱস্থাত মানৱীয় সম্পৰ্ক কেনেকৈ গ্ৰাস কৰি পেলোৱা হয় তাৰ অৱধাৰিত ৰূপ দেখা পাওঁ ৷
বিবাহৰ পিছত আমি দেখো, সময় পাৰ হৈ গৈছে৷ বহুবোৰ সুখ-দুখৰ আনন্দ, জীৱন সংগ্ৰামৰ পিছত আৰচি আৰু প্ৰাচাৰ জীৱনলৈ এটি সন্তানো আহিল৷ আমি দেখো আৰচিয়ে স্কুটি এখন চলাইছে আৰু প্ৰাচা পিছপিনে সন্তানটিক লৈ বহি গৈছে ৷ তেওঁলোকে এটা সৰু ফ্লেট বুক কৰিছে ৷ আৰচিৰ ফেক্টৰিত এটা ক্লাৰিকেল প’ষ্টলৈ উত্তীৰ্ণ হৈছে৷ প্ৰাচা মটৰ কাৰখানা এটাত শ্ৰমিক হিচাপে সোমাইছে৷
‘চৈৰাট’ চলচ্চিত্ৰখনে মহাৰাষ্ট্ৰত মাৰাঠী দৰ্শকসকলক ভিতৰি দুভাগত বিভক্ত কৰি পেলাইছে৷ সচৰাচৰ সৰ্বসাধাৰণ দৰ্শক তথা চলচ্চিত্ৰ ৰসিক আৰু তীব্ৰ দলিত চেতনাসহ দলিত দৰ্শক৷ ফলত ‘চৈৰাট’ এক ৰাজনৈতিক চলচ্চিত্ৰলৈয়ো পৰিবৰ্তিত হৈছে ৷ গতিকে বহু দৰ্শকক জৈৱিকভাৱে উদ্বেলিত কৰিবলৈ সক্ষম ৷ বিশেষকৈ আৰচিৰ বিদ্ৰোহ এক অন্য মাত্ৰাত গ্ৰহণ কৰা হৈছে৷ চিনেমাখনৰ Raw, কেঁচা ৰূপ, ভাষাৰ একাত্মতা আৰু বহুবোৰ কাৰকৰ বাবে ই দৰ্শকৰ, বিশেষকৈ মাৰাঠী দৰ্শকক চুই গৈছে, মন আন্দোলিত কৰিছে, এক সামাজিক বাস্তৱতাক তেওঁলোকৰ সন্মুখত থিয় কৰোৱা হৈছে ৷ মহাৰাষ্ট্ৰত এনেও দলিত আন্দোলনৰ দীৰ্ঘ পুৰণি ইতিহাস আছে ৷ সন্ত টুকাৰাম তথা সন্ত জ্ঞানেশ্বৰকে ধৰি জ্যোতিৰাও ফুলে, আম্বেদকাৰকে ধৰি আজিৰ বিভিন্ন দলিত সংগঠনৰ তেওঁলোকৰ ন্যায়ৰ বাবে সংগ্ৰাম উল্লেখযোগ্য ৷ ফলত এক ভূমিকা নিৰ্ধাৰণকাৰী এটা সামাজিক ন্যায়ৰ চেতনা সৰ্বত্র বিৰাজমান, আৰু ভিতৰৰপৰা উদ্ভূত হোৱা consciousnessও প্ৰতিষ্ঠিত হৈছে৷ হিন্দুত্ববাদী তথা বৰ্ণবাদী সংগঠনবোৰৰ লগে লগে এই দলিত সংগ্ৰামী সংগঠনসমূহো সম্পূৰ্ণ সক্ৰিয়৷ কিছু দিনৰ আগতে কানহাইয়া কুমাৰ আহোতে পুনেৰ মূল সাংস্কৃতিক ভৱন এটাত বহুত দলিত সংগঠনে কানহাইয়া কুমাৰৰ ভাষণ শুনিবলৈ আহি জাগা নাপাই বাহিৰতেই হাজাৰৰ অধিক জনতাই মনুবাদ মুৰ্দাবাদ, RSS মুৰ্দাবাদ শ্লোগান দি আছিল নিৰন্তৰভাৱে ৷ এই সময়ছোৱাত কোনো হিন্দুত্ববাদী উগ্ৰ সংগঠনৰ সাহস হোৱা নাছিল কানহাইয়া কুমাৰৰ ভাষণৰ ওপৰত হস্তক্ষেপ কৰিবলৈ ৷ কানহাইয়া কুমাৰ কিয় এক আস্থাৰ দৰে তেওঁলোকৰ মাজত, সেইটো বাঁওপন্থী দল, গ্ৰুপসমূহে বুজিবলৈ চেষ্টা কৰা উচিত ৷ কাৰণ কানহাইয়া কুমাৰে ৰোহিত ভেমুলাৰ ক্ষেত্ৰত আপোচবিহীনভাৱে থিয় হৈছে তথা ইয়াক ৰাষ্ট্ৰীয় পৰ্যায়ত এক গতি দিছে ৷ কিন্তু এইটো নিৰুৎসাহমূলক যে কোনো বাঁওপন্থী দল, যেনে, লাল নিচান লেনিনবাদী দলৰ কমৰেড এজনৰ লগত কথা পাতি বুজা গ’ল যে তেওঁলোকে caste ব্যৱস্থাটোক এতিয়াও গুৰুত্বপূৰ্ণভাৱে ল’ব খোজা নাই, ইয়াক negate কৰি দিছে, আনহাতে New Alternative Socialist আদিৰ দৰে বাঁওপন্থী সংগঠনে দলিত সংগঠনৰ সৈতে একেলগে কাম কৰাৰ সপক্ষে মত পোষণ কৰিছে যাতে তেওঁলোকক আস্থাত ল’ব পাৰি আৰু শ্ৰেণীসংগ্ৰামত integrate কৰিব পাৰি, এনে approachঅত ফল দিয়াও দেখা গৈছে ৷
আৰচি আৰু প্ৰাচা, তেওঁলোকৰ সংগ্ৰাম বহু দৰ্শকে নিজৰ বুলিয়েই ধৰি লৈছে আৰু ইয়াক নিজৰ মনঃস্থলত জৈৱিকভাৱে ধাৰণ কৰি লৈছে ৷ তেওঁলোকে চিনেমাৰ পৰ্দা তথা বাস্তৱৰ পাৰ্থক্য পাহৰি থিয়েটাৰতেই নাচিছে, মত প্ৰকাশ কৰিছে, তীব্ৰ মত প্ৰকাশ কৰিছে ইত্যাদি ৷

শেষৰ তিনি মিনিট
‘চৈৰাট’ৰ শেষৰ তিনি মিনিটেই এক প্ৰবল ধাক্কা যিটোৰ বাবে দৰ্শক সাজু নাথাকে, ই অকস্মাৎ অহা শ্বকৰ দৰে ৷ গতিকে সম্পূৰ্ণ নিস্তব্ধতাত লোৱা এই তিনি মিনিটৰ ছিনটোৱে দৰ্শকক জোকাৰি যায় আৰু এটা গধুৰ মন তথা গভীৰ প্ৰশ্ন লৈ দৰ্শক ঘৰমুৱা হয় ৷ ই মাৰাঠী জাতীয় সত্তাকো প্ৰবলভাৱে ধাক্কা দিয়ে৷ পৰিচালক মনজুলেই অতি সূক্ষ্মভাৱে এই ছিনটো গাঁথিছে আৰু দৰ্শকক লাহে লাহে অভিঘাটটোলৈ লৈ গৈছে ৷ আমি দেখো, আৰচিয়ে ঘৰৰ দুৱাৰমুখত ৰংগোলী আঁকি আছে (ই মাৰাঠী পৰম্পৰাত এক মংগলজনক কাৰ্য)৷ আমি ৰংগোলীৰ ওপৰত মানুহৰ ছাঁ দেখা পাওঁ৷ তাৰ পিছত কাৰোবাৰ ভৰি ৷ আৰচিয়ে ওপৰলৈ চাই দেখে, তাইৰ ভায়েক আহিছে৷ লগত তিনিজন আন মানুহ ৷ তাই তেওঁলোকক ভিতৰলৈ মাতে, বহিবলৈ দিয়ে, পানী দিয়ে ৷ ভায়েকে এটা টোপোলা দি কয় - মাকে তাইলৈ কিবা বস্তু দিছে ৷ তাই অলপ আচৰিত হয়, কিন্তু চকুৱে-মুখে আনন্দ প্ৰকাশ পায় মাকে দি পঠোৱা বস্তুবোৰ চাই ৷ তাইলৈ দি পঠোৱা শাৰী, নাতিটোৰ বাবে ছুৱেটাৰ, কাণৰ দুল ইত্যাদি ৷ তাইৰ ঘৰৰ বিষয়ে সোধে, বিশেষকৈ দেউতাকৰ বিষয়ে ৷ তাই চাহ বনাবলৈ লওঁতে প্ৰাচা আহি পায়হি৷ সিও আচৰিত হয়৷ আৰচিয়ে তাক চাহ দিবলৈ কয়৷ সি অস্বস্তিত পৰে ৷ আৰচিয়ে কয় – "মোৰ মানুহ এইখিনি, যা চাহ দি আহগৈ ৷ ভাল পাব তেওঁলোকে৷" আৰচিয়ে প’হা (এবিধ মাৰাঠী জনপ্রিয় খাদ্য) বনাবলৈ লয় ৷ প্ৰাচা আহে, প্ৰাচাক সাবটি আৰচিয়ে কয়, "চব ঠিক হৈ গ’ল এতিয়া ৷" আৰচিৰ চকুৱে-মুখে এক প্ৰশান্তিৰ ভাব ফুটি উঠে ৷ ৰিংকু ৰাজগুৰুৰ খুউব শক্তিশালী অভিনয় এই ক্ষেত্ৰত৷ সমগ্ৰ চিনেমাখনত অতি পূৰঠ অভিনয়ৰে এই non-actorগৰাকীয়ে চলচ্চিত্ৰখন সংপৃক্ত কৰি ৰাখিছে ৷

noni9

পিছৰ দৃশ্যত আমি দেখো, আৰচি-প্ৰাচাৰ সন্তানটোক ওচৰৰ মহিলা এগৰাকীয়ে দোকানলৈ লৈ গৈছিল৷ আৰচিহঁতৰ দুৱাৰমুখত সন্তানটিক এৰি দি ভিতৰলৈ যাবলৈ কৈ মানুহগৰাকী গুচি যায় ৷ শিশুটি থুনুক-থানাক খোজেৰে ভিতৰলৈ যায় ৷
পিছৰ দৃশ্যত
ভিতৰৰ মজিয়াত প্ৰাচা আৰু আৰচিৰ মৃতদেহ তেজেৰে লুটুৰি-পুটুৰি হৈ পৰি থকা দেখা যায় ৷ চোকা অস্ত্ৰৰে তেওঁলোকক কটা হৈছে ৷ শিশুটো কান্দি কান্দি ঘৰৰপৰা বাহিৰলৈ ওলাই যায় ৷ শিশুটিৰ ভৰিৰ খোজবোৰ চোতালত ৰৈ যায় ৷
সেই খোজৰ চাপবোৰ তেজৰ ৷
চলচ্চিত্ৰখন শেষ হয় ৷
বহুতো দৰ্শক পুনৰ বাৰে বাৰে চাবলৈ আহে, নাচে, হাঁহে, কিন্তু শেষৰ এই তিনি মিনিটৰ আগত হলৰপৰা ওলাই গুচি যায়, ইয়াক চাব নোৱাৰে ৷ আৰু বহু অনুৰোধ কৰা হৈছে পৰিচালকক শেষৰ দৃশ্যটো সলাই দিবৰ বাবে ৷ কোনো মাৰাঠী বৰ্ণহিন্দু সংগঠনে আপত্তিও কৰিছে চিনেমাখনৰ বিৰুদ্ধে ৷ কিন্তু এক দৃশ্যগত জৈৱিক-আত্মিক, মানৱীয় মূল্যবোধক জীপাল দিয়া সাৰ্বজনীনতাৰ বাবে ‘চৈৰাট’ মাৰাঠীসকলৰ আপোন হৈ পৰিছে এখন স্বপৰিক্ষণৰ আইনাৰ দৰে ৷ ইয়াতে ‘চৈৰাট’ সফল৷
কথা হ’ল, মই এই ‘চৈৰাট’ চাই থাকোতেও ভাবিছিলো অসমত কোনোবাই এখন জৈৱিক চিনেমা দিবনে ? কোনে বাৰু দিব এখন জৈৱিকভাৱে অসমৰ দৰ্শকৰ মাজত grow কৰিব পৰা চিনেমা ? অসমত এখনেই বোধহয় জৈৱিক চলচ্চিত্ৰ হৈছিল, সৰুতে শুনিছিলো, সেইখন হ’ল - "আজলী নবৌ" (কিছু মেল’ড্ৰামা সত্ত্বেও)৷ এতিয়ালৈকে নাই আৰু মই গভীৰ অপেক্ষাত, অসমৰ দৰ্শকৰ জড়তা ভাগক, আৰু দৰ্শকৰ জড়তা ভাঙিবলৈ ভাল এখন জৈৱিক চলচ্চিত্ৰ নিৰ্মাণ হওক ৷ হিলদল ভাঙি দৰ্শক থিয়েটাৰ হললৈ যাওক৷ চিনেমা এখনে অসমৰ দৰ্শকৰ মাজত জৈৱিকভাৱে grow কৰক ৷ কোনো এক rock show বা ফুটবল খেলত liveঅত পোনপটীয়াভাৱে stadiumঅত থাকি উপভোগ কৰাৰ যি আনন্দ সেয়া চিনেমাৰ ক্ষেত্ৰতো হওক৷ দৰ্শকৰ বিশ্বাস ঘূৰি আহক, প্ৰযোজক আৰু investorsঅৰ ভৰসা আহক অসমৰ চিনেমাৰ ওপৰত৷ ইতিমধ্যে বহুবোৰ কাৰকৰ বাবে এই বিশ্বাস ভংগ হৈছে৷ ‘চৈৰাট’ আচলতে এখন মহান খুব উচ্চ পৰ্যায়ৰ চলচ্চিত্ৰও নহয়, মেল’ড্ৰামা ইয়াতো আছে, বাণিজ্যিক উপকৰণ ব্যৱহাৰ কৰা হৈছে৷ কিন্তু তথাপিও ই এখন সফল চলচ্চিত্ৰ, এখন সামাজিক অন্যায় আদিকে ধৰি নানা মাত্ৰাত বহু বিষয় ধৰি ৰখা চলচ্চিত্ৰ ৷ বহুবোৰ দৃশ্য বাংময় আৰু মানৱীয় মূল্যবোধেৰে সংপৃক্ত ৷ আৰু অসমৰ চলচ্চিত্ৰ পৰিচালকসকলেই এইটো বিশ্বাস গঢ়ক যে প্ৰবল আত্মবিশ্বাস আৰু সততা, জীৱনৰ raw অভিজ্ঞতাৰদ্বাৰা চলচ্চিত্ৰ নিৰ্মাণ কৰিব পৰা যায় আৰু ইয়াৰ বাবে পৃথিৱীজুৰি দৰ্শক আছে৷ মই পিছে ধদুৱা মছলা চিনেমাসমূহৰ কথা নাই কোৱা, সেইবোৰ আৰ্ৱজনা মাথোঁ৷ ‘চৈৰাট’ ইতিমধ্যে বাৰ্লিন Film festivalঅকে আদি বহু সন্মানীয় film festivalঅলৈ নিমন্ত্ৰিত হৈছে আৰু মহাৰাষ্ট্ৰৰ বাহিৰেও দিল্লী, ইন্দোৰ, হায়দৰাবাদ, কলকাতা আদিত বাণিজ্যিক সফলতাৰে subtitleসহ চলি আছে ৷
আৰু আমি অলপ মাৰাঠী চিনেমা চালে বেয়া নহ’ব৷ সন্মানীয় বাৰ্লিন filmfestঅত এতিয়া মাৰাঠী চিনেমা নহ’লে নহয় ৷ মাৰাঠী নতুন পৰিচালক কিছুৱে মাৰাঠী চিনেমাক নতুন গতি দিছে৷ গতিকে মাৰাঠী চিনেমাসমূহত পোনপটীয়াভাৱে বলিউডীয় trend তথা influenceঅক নাকচ কৰি দিয়া দেখা গৈছে ৷ তেওঁলোকে মাৰাঠী মাটি-পানীৰ উঁহ বা উৎসলৈ new sensitiveএৰে ঘূৰি গৈছে আৰু তুলি আনিছে মণি-মুকুতা ৷
"The crisis consists precisely in the fact that the old is dying and the new cannot be born; in this interregnum a great variety of morbid symptoms appear. The old world is dying away, and the new world struggles to come forth: Now is the time of monsters." - Antonio Gramsci.

noni5

ওপৰৰ এই কথাখিনি ১৯৩০ চনত বিখ্যাত মাৰ্ক্সিষ্ট বিপ্লৱী তথা তাত্ত্বিক এন্টনিয়’ গ্ৰামশ্বিয়ে জে’লৰপৰা কৈছিল৷ তেতিয়া ইটালিত ফেচিষ্ট শাসন চলি আছে৷ ভাৰততো দেখা গৈছে এখন নতুন সমাজে উকমুকাইছে জনম ল’বলৈ৷ ইয়াৰ প্ৰস্তাৱনা আৰম্ভ হৈছে৷ তাৰ লক্ষণসমূহো এনেদৰে চলচ্চিত্ৰ আদিতো ধৰা পৰিছে৷

Share Button
Print Friendly, PDF & Email

No Comments : "‘চৈৰাট’ - চলচ্চিত্ৰৰ জৈৱিকতা আৰু সামাজিক বাস্তৱতা- (ননি টেৰণ)"

Leave a Comment

Your email address will not be published. Required fields are marked *