চুনীহঁতৰ সপোন-(অমিতাভ মহন্ত)

(আগকথা- প্ৰথমতেই কৈ থওঁ, এই লেখাটোৰ তথ্যবোৰহে সংগ্ৰহ কৰা৷ বাকী চৰিত্ৰবোৰৰ মাজত হোৱা কথা বাৰ্তাবোৰত কল্পনাৰ ৰহণ সনা হৈছে৷ অফিচৰ কামত প্ৰায়েই কলকতালৈ গৈ থকা হয়৷ কলকতা মানেই কলেজ ষ্ট্ৰীট্৷ গ'লেই স্বপনদাৰ দোকানত এপাক মৰা হয়৷ খেলৰ বিষয়ে কিবা বিশেষ কিতাপ পালেই স্বপনদাই মোৰ বাবে ৰাখি থয়৷ তেৱেই এদিন চিনাকী কৰাই দিছিল বিমোচন দা আৰু সুমিত দাৰ সৈতে৷ আড্ডা বহিছিল খেলৰ, ফুটবলৰ, এছিয়াডৰ৷ মোৰ বাবে ফুটবল মানে আছিল ৰবাৰ্ট বেজ্জিঅ' আৰু তাৰ পৰৱৰ্তী যুগ৷ বিমোচনদাহঁতে মোক লৈ গ'ল চুনী, পিকে, জাৰ্নেলহঁতৰ যুগলৈ৷ ভাৰতীয় ফুটবলৰ সেই সোণালী যুগৰ কথা ক'বলৈ লৈ তেওঁলোকৰ গৰ্ব সেইদিনা অনুভৱ কৰিছিলোঁ৷ তেওঁলোকৰ পৰা সেইদিনা লৈ আহিছিলোঁ ভাৰতীয় ফুটবলৰ সপোন সপোন লগা কিছু মূহুৰ্ত৷ পৰৱৰ্তী পৰ্য্যায়ত গুগল, পুৰণি কিতাপ খুচৰিলোঁ৷ স্বপনদাই পিছত এনে এজন ব্যক্তিৰ সৈতে কথা পতাই দিলে যিয়ে এই খেলুৱৈ সকলক ওচৰৰ পৰা পাইছিল৷ এই সকলোকে সাৰথি কৰি কিবা অলপ লিখিবলৈ চেষ্টা কৰিছো৷ এছিয়াডত ভাৰতীয় ফুটবল দল এতিয়ালৈ দুবাৰ চেম্পিয়ন হৈছে৷ প্ৰথমবাৰ দিল্লীত আৰু দ্বিতীয়বাৰ জাকাৰ্টাত৷ এয়া হৈছে জাকাৰ্টাত ভাৰতৰ শেষ এছিয়াড জয়ৰ কাহিনী৷)

 

- টোপনি অহা নাই?
- নাই অ'৷
- কাইলৈ কি হ'ব ধৰিবই পৰা নাই৷ এই ৰাতিখনো টোপনি নাই৷ কাইলৈ কেনেকৈ খেলিম একো ধৰিবই পৰা নাই৷
- এবাৰ বাহিৰৰ পৰা হাৱা খাই আহো ব'ল৷ কেইটা বাজিছেনো?
- আঢ়ৈটা৷

হোটেলৰ ৰূমৰ পৰা বাহিৰলৈ ওলাই আহিল চুনী আৰু প্ৰদীপ৷ বাহিৰলৈ আহি দুয়ো অবাক৷ গছ এদালৰ তলত বহি নিম্নস্বৰত আড্ডা দিছে ইউচুফ আৰু জাৰ্নেলে৷

- অই! তহঁত দুটা এই ৰাতি ইয়াত?
- টোপনি অহা নাই কেপ্টেইন৷ সেইবাবেই জাৰ্নেল ভাইৰ লগত এনেই অলপ… বলৰামো আছে ইয়াতে৷
- ক'ত?
- সৌৱা৷

চুনী লাহে লাহে গৈ বলৰামৰ পিছত গৈ থিয় দিলে৷
- কি বলৰামবাবু, টেনচন?

বলৰামে মুখত আঙুলি দি চুনীক চুপ হ'বলৈ ইঙ্গিত দি দুৰলৈ আঙুলিয়াই দিলে৷ দুৰত কোনোবা এজনে চিগাৰেট হুপিছে৷ মাজে মাজে চিগাৰেটটো উজ্বল হৈছে, মাজে মাজে স্তিমিত৷

- ৰহিম চাব৷
ইতিমধ্যে আহি থিয় প্ৰদীপে অস্ফুট স্বৰত ক'লে৷
- ব'লচোন৷

ভাৰতীয় ফুটবল দলৰ উজাগৰী সদস্যৰ দল আগুৱাই গ'ল কোচৰ ওচৰলৈ৷
- চাৰ!

তন্ময় হৈ কিবা ভাবি আছিল ৰহিম চাহাবে৷ চুনীৰ মাতত তেওঁ সচকিত হৈ উঠিল৷

- গোটেইবোৰ ইয়াত যে? কি ঘটনা? কাইলৈ ফাইনেল৷ চিৰিয়াচনেচ্ বুলি কিবা আছেনে নাই?

কন্ঠত কৃত্ৰিম কঠোৰতা আনিবলৈ যত্ন কৰিলে চৈয়দ আব্দুল ৰহিমে৷

জাৰ্নেল আগুৱাই গ'ল৷
- আপুনিওঁটো শোৱা নাই ছাৰ৷

সলজ্জ হাঁহি এটা মাৰিলে ৰহিম চাহাবে৷
- ক্যা কৰে, চালা নিন্দ হি নহী আ ৰহা৷ লগতা হ্যে ফিৰ চে মোহাব্বত হো গয়া হ্যে৷

পৰিবেশটো পাতল হৈ পৰিল৷ কৰবাৰ পৰা ৰামবাহাদুৰো আহি ওলাল৷
- কাইলৈ কি হ'ব কোচ্?

কিছুক্ষণৰ নীৰৱতা৷
- কি হ'ব? তহঁতক কিবা এটা খুজিব পাৰো?

সকলোৱে মুৰ তুলি ইজনে সিজনলৈ চালে৷

- কাইলৈ তহঁতে মোক গ'ল্ড মেডেলটো আনি দে৷ প্লিজ্৷ জানই তহঁতে মোৰ হাতত সময় কম৷

ক'বলৈ একো নাছিল কাৰো৷ লাং কেনচাৰত আক্ৰান্ত ৰহিম চাহাবৰ হাতত সঁচাকৈ বহুত বেছি সময় নাই৷

###

 

 

- কি হ'ব কব নোৱাৰিছো৷ গোটেই দেশখন দেখোন আমাৰ বিপক্ষে৷
- হয় অ'৷ এই টেনচনত হকী টীমটো পাকিস্থানৰ লগত হাৰি থাকিল৷ ইন্দোনেচিয়াৰ সকলোঁ মানুহ কিয় এনেদৰে এন্টি ইণ্ডিয়ান হৈ গৈছে বুজিবই পৰা নাই৷
- চৰকাৰী মামলা ভাই৷ তোৰ মোৰ হাতত নাই৷ খেলিমলি চলি আছিল কিবা কাশ্মীৰ ইছ্যু লৈ৷ আমাৰ কোনোবাই এই লৈ এন্টি ইন্দোনেচিয়ান কমেন্ট মাৰি দিছে৷ বছ্! ইয়াৰ মানুহ গৰম৷ পাৰিলে ইন্দিয়ানক ফাঁচীয়েই দি দিব৷ কালি হোটেলৰ পৰা ওলাই মৰিবলৈ লৈছিলোঁ৷
- তই বাহিৰ ওলাইছিলি? মানা কৰি থৈছে দেখোন৷
- ভুল হৈ গ'ল৷ বাছখনৰ পৰা 'ইন্দিয়া' ষ্টিকাৰটো গুছাই দিওঁতেই বুজা উচিত আছিল, খেলিমেলি ডাঙৰেই৷
- মাত্ৰ সেয়াইনে? জাৰ্নেলক পাগুৰি খুলিবলৈয়ো কোৱা হৈছে, কোনেওঁ যাতে চিনি নাপায়৷
ভুল মোৰেই৷ ৰাস্তাৰ সিটো পাৰে কাবাবৰ দোকানকেইখন দেখি…
- তেনেহ'লে বেয়া হোৱা নাই দে৷ মোক এৰি খাবলৈ গৈছিলি তই৷
- ধেই, তোক এৰি মই খাম নেকি? শুনচোন কি হ'ল৷
- কি?
- কাবাব কিনি উভটিছো৷ হঠাৎ সন্মুখত দেখো এক বিৰাট সমদল৷ প্ৰায় সকলোৰে হাতত প্লে-কাৰ্ড৷ গোটেইবোৰ ভাৰত বিৰোধী শ্লোগান৷
- তাৰপাছত?
- মই ৰাস্তা পাৰ হ'বলৈ চেষ্টা কৰি আছো৷ পৰা নাই৷ হঠাৎ মন কৰিলোঁ এজনে মোৰ ফালে আঙুলিয়াই লগৰ কেইজনক কিবাকিবি কৈ আছে৷ দেখি মোৰ উশাহ প্ৰায় বন্ধ৷
- কি কৈছ?
- এইফালে মোৰ ফাটি আছে৷ তথাপি একদম নৰমেল এক্সপ্ৰেছন দিবলৈ চেষ্টা কৰি আছো৷ এটা এটাকৈ কাবাববোৰ মুখৰ ভিতৰলৈ চালান দিছো আৰু গিলিছো৷ তিনিজনমান মানুহ মোৰ ওচৰলৈ আহি সুধিয়েই দিলে নহয়, "ইউ ইন্দিয়ান, নো?"
- তই কি কলি?
- ক'লো কোনেমতে, "ফ্ৰম পাকিস্থান, আক্ৰামুল্লা খান৷ এছিয়াড্ লেইটলিফ্টিং৷"
- সিহঁতে বিশ্বাস কৰিলে?
- ফৰচুনেটলী৷
- আৰু কাবাবখিনি?
- বিশ্বাস কৰ ভাই৷ তোৰ বাবে তিনি পিচ্ আছিল৷ টেনচনতেই…
- চু**৷

অট্টহাস্যত ফাটি পৰিল দুয়ো৷ তাৰপিছত ক্ষণিক নিস্তব্ধতা৷ চুনীয়েই নীৰৱতা ভঙ্গ কৰিলে৷
- বল, কোচে মাতিছিল৷ তোক এনেই এটা কথা কৈ থওঁ, আজি ষ্টেডিয়ামৰ দৰ্শক বাদ দে, গোটেই পৃথিৱী আমাৰ বিৰুদ্ধে গ'লেওঁ সেই কোৰিয়ান কেইটাক জিকিব নিদিওঁ৷

 

###

ৰহিম চাহাব ৰুমতেই বহি আছিল৷
- সময় নষ্ট কৰি লাভ নাই৷ ফাইনেল ইলেভেনটো ঠিক কৰো৷ গোলকীপাৰ হ'ব পিটাৰ থঙ্গৰাজ৷
চুনী- প্ৰদীপ দুয়ো স্তম্ভিত৷
- পিটাৰ? সি দেখোন সিদিনা হস্পিটেলৰ পৰা ৰিলিজ লৈ আহিলহে৷ এতিয়াওঁ দুৰ্বল৷ তাৰোপৰি তাৰ ঠাইত প্ৰদ্যোতে ইমান ভাল খেলি আছে৷ এইফালে গ্ৰুপৰ খেলত সি কোৰিয়াৰ বিৰুদ্ধে দুই গ'ল হজম কৰি থৈছে৷ পুৰা ডিমৰেলাইজড্ হৈ থাকিব৷
- মই এইবোৰ নাজানো? হাই কমিচনৰ পৰা চিক্ৰেট্ অৰ্ডাৰ আহিছে৷ দুবছৰ আগতে পিটাৰে ইয়াতেই দুৰ্দান্ত খেলি গৈছে৷ পিটাৰৰ ইয়াতে ভাল ফেন বেচ এটা আছে৷ এই পৰিবেশত পিটাৰেই বেষ্ট অপচন্৷

প্রদীপে কিবা এটা ক'বলৈ ওলাইছিল৷ চুনীয়ে ইঙ্গিতেৰে ৰখাই দিলে৷
- আমিটো তিনি দুই পাঁচ ফৰ্মেচনতেই খেলিম?
- অ', একেই থাকিব৷ পিছে এইবাৰ অৰুময় ফৰৱাৰ্ডত নেখেলে৷ জাৰ্নেলক ফৰৱাৰ্ডত খেলাম৷
- জার্নেল? সি দেখোন ডিফেণ্ডাৰ?
- হয় নেকি? মই গমেই পোৱা নাছিলোঁ৷

ৰহিম চাহাবক কন্ঠত ব্যঙ্গ ফুটি উঠিছিল৷ পি কেই পৰিস্থিতি চম্ভালি ল'লে৷
- বঢ়িয়া ষ্ট্ৰেটেজী৷ কোৰিয়ানবোৰ চেদেলি ভেদেলি হৈ যাব৷
- তেন্তে এয়া ফাইনেল৷ ফৰৱাৰ্ডত চুনী, প্ৰদীপ, বলৰাম, ইউচুফ আৰু জাৰ্নেল৷ হাফবেকত প্ৰশান্ত সিনহা আৰু ফ্ৰেংকো৷ বেকত চন্দ্ৰশেখৰ, ত্ৰিলোক সিং আৰু অৰুণ ঘোষ৷

বাহিৰলৈ ওলাই আহি চুনীয়ে টীম ঘোষণা কৰিলে৷ নিজৰ নাম নেদেখি কান্দোনত ভাগি পৰিল গ'লকীপাৰ প্ৰদ্যোত৷ গোটেই টুৰ্নামেন্টত ইমান চমকপ্ৰদ পাৰফৰ্মেন্স দি অৱশেষত ফাইনেলত বাহিৰ? পিটাৰে আহি প্ৰদ্যোতক সাৱটি ধৰিলে৷
- নাকান্দিবি৷ মই ৰহিম চাৰৰ লগত কথা পাতো৷ তয়েই খেলিবি৷

চুনীয়ে মাজত মাত মাতিলে৷ সকলোকে ঘটনাটো বুজাই কোৱা হ'ল৷ ১০০% সহমত নহলেওঁ শেষত সকলোৱেই প্ৰদ্যোতক দলৰ পৰা বাদ দিয়াটো মানি ল'লে৷
চকুপানী মচি প্ৰদ্যোতে মাত দিলে,
- কোচে ঠিকেই কৈছে৷ পিটাৰেই খেলা ভাল হ'ব৷

চুনীয়ে প্ৰদ্যোতৰ পিঠিত থাপৰ এটা মাৰি প্ৰদীপৰ ফালে চালে৷
- সময় বেছি নাই৷ গোটেইবোৰে মিলি ষ্ট্ৰেটেজীখিনি সাঁজু কৰাহে কথা৷ চাজেচন্ ফ্ৰম অল আৰ এনকাৰেজড্৷

ইউচুফ প্ৰথমে আগুৱাই আহিল৷
- কেপ্টেইন৷ প্ৰথম দহ মিনিটমান অলপ ডিফেন্সিভ খেলা ভাল হ'ব৷ তাৰপিছত…
প্ৰদীপ আগুৱাই আহিল৷
- মই কিবা এটা কওঁ?
- তোক মানা কৰিলে যেন নোকোৱাকৈ থাকিবিহে৷

চুনীৰ কথাত সকলোৰে মুখত হাঁহি বিৰিঙিল৷

- মই ভাবো আমি প্ৰথমৰ পৰাই অল আউট্ এটেক্ কৰো৷
- কি কৈছে দাদা৷ যোৱাবাৰ কোৰিয়াৰ লগত দুগলত হাৰিছো৷ এইবোৰ কৰিবলৈ গ'লে হিতে বিপৰীত হ'ব৷

অৰুণ ঘোষৰ কথাত বাকীবোৰেওঁ সন্মতি দিলে৷ প্ৰদীপে বুজাবলৈ চেষ্টা কৰিলে৷
- সেইবাবেই কৈছো৷ কোৰিয়ানবোৰে সপোনতো ভবা নাই যে আমি এনেকৈ খেলিম৷ সিহঁতৰ স্বাভাৱিক খেল নষ্ট কৰিবলৈ ইয়াতকৈ ভাল উপায় নাই৷

চুনীয়ে লাহেকৈ মাত দিলে৷
- ঠিকেই কৈছ যেন লাগিছে৷
- মোৰ আৰু এটা কথা ক'বলৈ আছে৷
- কি?
- আমাৰ মেইন ষ্ট্ৰাইকাৰ হ'ব জাৰ্নেল৷
- জাৰ্নেল?
- অ' জাৰ্নেল৷ য'তেই ব'ল পাম তাৰে পৰাই জাৰ্নেল আৰু মই পাঞ্চ মাৰিম৷ সময় নষ্ট কৰাৰ কাৰবাৰ নাই৷
- জো হুকুম মেৰে আকা!

কৈয়েই চুনী কোচৰ ওচৰলৈ গ'ল৷ মুখত চিগাৰেট লৈ চিন্তিত মনে ৰহিম চাহাব বহি আছিল৷

- চুনী, কি ভাবিছ৷
- প্ৰদীপৰ লগত কথা হৈছিল৷ সি অল্ আউট্ এটেকৰ কথা কৈছে৷
- সি কৈছে? চাব্বাছ্৷ ময়ো সেয়াই ভাবি আছিলোঁ৷ মই আৰু এটা কথা ভাবিছো৷ জাৰ্নেল আমাৰ মেইন ষ্ট্ৰাইকাৰ হ'ব৷
- আচৰিত! প্ৰদীপেওঁ তাকেই কৈছে৷
- কি? মই ঠিকেই কৈছিলোঁ৷ ই প্ৰদীপ পুৰা কোচ্ মেটেৰিয়েল৷ চাবি পিছলৈ গৈ সি ভাল কোচ হ'ব পাৰিব৷ আৰু শুন৷
- কি?
- আজি তোৰ দিন হ'ব লাগিব৷ তই যে বিগ্ মেটচ্ প্লেয়াৰ দেখুৱাই দিয়াৰ দিন আহি পৰিছে৷

চুনীয়ে মুৰ দুপিয়ালে৷ বিগ্ মেটচ্ প্লেয়াৰ! সি আজি ভাল খেলিবই লাগিব৷ কাজিয়া কৰি মেলি সি এইবাৰ কেপ্টেইন হৈছে৷ বিফল হ'লে তাৰ সমালোচনাৰে শেষ কৰি দিয়া মানুহ ভাৰতত ৰৈ আছে৷

জাকাৰ্টা নেচনেল্ ষ্টেডিয়াম৷ এছিয়াড্ ফাইনেল, ৪/৯/১৯৬২। গোটেই ষ্টেডিয়ামত 'কোৰিয়া-কোৰিয়া' চিঞৰ৷ গোটেই ইন্দোনেছিয়া আজি ভাৰতৰ বিৰুদ্ধে৷ সকলোৱে ভাৰতৰ পৰাজয় বিছাৰিছে, লজ্জাজনক পৰাজয়৷

কোৰিয়ান টীমে ঠিৰাং কৰি ৰাখিছিল প্ৰথমৰ পৰাই আক্ৰমণ কৰিব৷ তাৰোপৰি আজি ডিফেন্সত দিগদাৰ দিবলৈ সেই পাগুৰীৱালা পাঞ্জাবীটো নাই৷ আগৰ খেলখনত বেটাৰ মুৰ ফাটিছে৷ গতিকেই কোৰিয়ান টীমৰ টেনচন কমি আছে৷

খেল আৰম্ভ৷ আৰম্ভণিতেই ওলোটা পুৰাণ৷ মাত্ৰ তিনিটা পাছতেই ভাৰত কোৰিয়াৰ পেনাল্টী বক্সৰ বাহিৰত৷ নতুন ফৰৱাৰ্ডজনে এপলকো নোৰাৱাকৈ গ'ললৈ শ্বট্ ল'লে৷
বুৰুম!! বাৰপোষ্ট কঁপাই ব'ল চিটিকি পৰিল৷

কোৰিয়ান ডিফেণ্ডাৰ কেপ্টেইনৰ কাষলৈ দৌৰি আহিল৷
- কেপ্টেইন৷ এইটো ফৰৱাৰ্ড ইণ্ডিয়াই কৰপৰা ধৰি আনিছে! ওখ পাখ, মজবুত৷ ইমানদিনে এইজনক কিয় বা খেলোৱা নাছিল! আজি আহিয়েই ফালি দিছে৷

কেপ্টেইন জকজকাই উঠিল৷
- ভালকৈ চা৷ এইটো পাঞ্জাৱীটো৷ আজি পাগুৰি খুলি আহিছে!

ডিফেণ্ডাৰে অবাক হৈ জাৰ্নেললৈ চাই ৰ'ল৷

বিপক্ষৰ ব'ল কাঢ়ি লৈ ইউচুফে বেক পাছ দিলে চুনীক৷ চুনীয়ে দ্ৰুতবেগত দুজন মিডফিল্ডাৰক পাৰ কৰি বলৰামলৈ বল আগুৱাই দিলে, বলৰামে জাৰ্নেলক৷ জাৰ্নেলৰ জোৰদাৰ শ্বট্৷ গলপষ্টৰ সামান্য বাহিৰেৰে বল পাৰ হৈ গ'ল৷

কোৰিয়ান দল হতচকিত হৈ পৰিছে৷ এনেকুৱা কিবা হ'ব বুলি তেওঁলোকে মুঠেওঁ আশা কৰা নাছিল৷ ফৰোৱাৰ্ডৰ পঞ্চ পাণ্ডৱক তেওঁলোকে কোনোমতে চম্ভালিব পৰা নাই৷

বিশেষকৈ চুনীক।

ইমান তীব্ৰবেগী ড্ৰিবলিং তেওঁলোকে আগতে কেতিয়াওঁ দেখা নাই৷ তাৰোপৰি দেখিলেই সন্মোহিত হৈ যোৱা দৌৰৰ ভঙ্গী৷ প্ৰচণ্ড স্পীড্, বল এবাৰ সো ভৰিত- এবাৰ বাওঁ ভৰিত, শৰীৰৰ ওপৰচোৱাত এটা মৃদু ম'ভমেন্ট্৷ যেন সেউজীয়া পথাৰৰ মাজেৰে আগুৱাইছে এক কিং কোব্ৰা৷

চুনীৰ এটা অদ্ভুত বিশেষত্ব হল যে বল লৈ ইমান জোৰত দৌৰিলেওঁ এবাৰো মুৰ তল কৰি বলটোৰ পিনে নাচায়৷ আৰু লগতে মুখত ভাঁহি থাকে এক মৃদু তাচ্ছিল্যৰ হাঁহি৷ চুনীৰ যোগ্য সহযোগী হ'ল প্ৰদীপ… ওৰফে পি কে৷ চুনীৰ হিচাপত পিকেৰ শৰীৰ গধুৰ, কিন্তু পথাৰত দৌৰাৰ বেগ সমানেই৷ কিছুক্ষেত্ৰত বেছি বুলিহে ক'ব পাৰি৷ পিকেৰ বিশেষত্ব হ'ল তীব্ৰগতিৰ দৌৰৰ মাজতে হঠাৎ ৰৈ গৈ গুলীৰ গতিত লোৱা শ্বট্৷ দুই বন্ধুৰ যুগলবন্দীত কোৰিয়ান হতবাক, মন্ত্ৰমুগ্ধ৷ গোটেইকেইজন ফৰৱাৰ্ডেই ভয়ঙ্কৰ ফৰ্মত৷

সোতৰ মিনিট, বিশ ছেকেণ্ড৷ কোৰিয়ান ফৰৱাৰ্ডৰপৰা বল কাঢ়ি নিলে অৰুণে৷ ফ্ৰেংকোলৈ বল আগুৱাই দিলে, সুন্দৰ পাছ৷ ফ্ৰেংকোৱে দীঘলীয়া শ্বট ল'লে বলৰামৰ ভৰিলৈ৷ কিন্তু বল গৈ পৰিল কোৰিয়ান ডিফেন্ডাৰৰ ভৰিত৷ কিবা শ্বট্ লোৱাৰ আগতেই চুনীয়ে বল কাঢ়ি লৈ তীব্ৰ বেগত আগুৱালে৷ তাৰপাছত তিনিজন ডিফেন্ডাৰক অনায়াসে অতিক্ৰমী গললৈ শ্বট্ ল'বলৈ সাঁজু হ'ল চুনী৷ হঠাৎ এটা স্মুথ পুছ প্ৰদীপলৈ, সহজেই গ'ল কৰি দিলে প্ৰদীপে৷

গোটেই ষ্টেডিয়ামত মৰিশালীৰ নীৰৱতা৷ কোনেওঁ বিশ্বাসেই কৰিব পৰা নাই, ভাৰতেওঁ এনেকৈ খেলিব পাৰে৷ লাহে লাহে কোৰিয়ান গলে ধৈৰ্য্য হেৰাবলৈ ধৰিলে, ফাউল কৰাত নামি পৰিল তেওঁলোক৷ পেনাল্টী বক্সৰ বাহিৰত চুনীক লেং মাৰি দিলে এজনে৷ ফ্ৰী কিক!

ফ্ৰী কিক বিশেষজ্ঞ ফ্ৰেংকো আগুৱাই আহিল৷ বহু দুৰৰ পৰা ধেনুভিৰীয়া শ্বট লোৱাত নাম আছে ফ্ৰেংকোৰ৷ কিন্তু সেইদিনা নিজৰ ট্ৰেডমাৰ্ক শ্বট্ নললে ফ্ৰেংকোৱে৷ লাহেকৈ বলটো ঠেলি দিলে জাৰ্নেললৈ৷ বুৰুম! জাৰ্নেলৰ বাওঁভৰিৰ শক্তিশালী শ্বট্৷ ভাৰত ২: কোৰিয়া ০৷

হাফটাইম৷

কোচে তিনি ডিফেন্ডাৰ ক্ৰমে চন্দ্ৰশেখৰ, ত্ৰিলোক সিং আৰু অৰুণ ঘোষক মাতি পঠিয়ালে৷

- ৱেল ডান বয়জ্৷ কিন্তু মনত ৰাখিবা, এইবাৰ বিপক্ষই প্ৰচুৰ ফাউল কৰা আৰম্ভ কৰিব৷ মনে কৈছে তোমালোককে মেইন টাৰগেট্ কৰিব৷ সাৱধানে খেলিবা৷

ঘূৰি লৈ কোচে আকৌ মাত দিলে৷
- বাকী তোমালোকে কি ভাবিছা?

বলৰামে লগে লগে মাত দিলে,
- ভাবিবলৈ একো নাই৷ এটেকিং মোড্ চলি থাকিব৷
- গুড্৷ অলপো ঢিলা নিদিবা৷

দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হ'ল। প্ৰথমৰ পৰাই কোৰিয়ান টীমে ফাউল কৰিবলৈ আৰম্ভ কৰিলে৷ খেলত আজি ভাৰতক পিছ পেলোৱা অসম্ভৱ, কোৰিয়ান টীমে এয়া অনুভৱ কৰি পাৱাৰ গেইমত মন দিলে৷ মাৰধৰ কৰি ভাৰতীয় দলৰ দুজনমান খেলুৱৈ কমাব নোৱাৰিলে আজি জয় অসম্ভৱ৷ উল্লেখযোগ্য যে সেই সময়ত পৰিবৰ্ত খেলুৱৈক পথাৰত নমোৱা ব্যৱস্থাৰ প্ৰচলন নাছিল৷ খেল আৰম্ভ হোৱাৰ পোন্ধৰ মিনিটৰ ভিতৰতেই অৰুণ ঘোষ ৰক্তাক্ত হৈ পৰিল৷ অৰুণৰ বাওঁ কাণ আৰু সোঁফালৰ গাল ফাটি গৈছিল৷ প্ৰশান্ত সিনহাওঁ আঘাতপ্ৰাপ্ত হৈ পৰিল৷ ৰেফাৰীয়ে দৃষ্টিকটূভাৱে কোৰিয়াৰ পক্ষ লৈছে৷ তাৰোপৰি গোটেই ষ্টেডিয়াম ভাৰতৰ বিপক্ষে৷ তাৰ মাজতে ভাৰতৰ প্ৰতিজন খেলুৱৈয়ে জান প্ৰাণ দি খেলিছে৷ মগজু ঠাণ্ডা ৰাখিব পাৰিলেই আজি বিজয় নিশ্চিত, এয়া ভাৰতীয় দলে বুজি উঠিছিল৷

তেতিয়াই লাগিল নহয় গণ্ডগোল৷ বাওঁফালৰ উইঙত চুনীয়ে বল পালে৷ তাৰপিছত চুনীৰ টিপিকেল কোব্ৰা মুভমেন্ট৷ বল ওপৰলৈ মৰাৰ দৰে ভাওঁ ধৰি লাহেকৈ পেনাল্টী বক্সৰ সোঁফালে থকা পিকেক পাছ দি দিলে৷ পাছটো ইমানেই নিয়ন্ত্ৰিত আছিল যে দুজন কোৰিয়ান ডিফেন্ডাৰে আপ্ৰাণ চেষ্টা কৰিওঁ বলটো ঢুকি নাপালে, অথচ বল গৈ পৰিল পিকেৰ কিকিং ফুটৰ ঠিক সন্মুখত৷ এনে অৱস্থাত গ'ল দিয়া পিকেৰ বাবে ভাতৰ লগত পানী খোৱাৰ দৰে কথা৷ দেহৰ সৰ্বশক্তি প্ৰয়োগ কৰি পিকেই গললৈ শ্বট্ ল'লে, কিন্তু গ'ল নহ'ল৷ কাৰণ? পিছফালৰ পৰা অহা এক কোৰিয়ান ডিফেন্ডাৰে পিকেৰ আনখন ভৰিত লঠিয়াই পিকেক বগৰাই দিলে৷

ৰেফাৰীয়ে ফাউল নিদিলে৷
কোৰিয়ান টীম তাতো সন্তুষ্ট নহ'ল৷ পৰা থকা পিকেক অন্য এজন খেলুৱৈ আহি আৰু এক লাঠ দিলে৷ তথাপি ৰেফাৰীয়ে ফাউল নিদিলে৷ পিকে খঙত জ্বলি উঠিল, খেদি গ'ল কোৰিয়ান ডিফেন্ডাৰক৷ চুনীয়ে দেখিলে সৰ্বনাশ! এতিয়া এনেকৈ কাজিয়া লাগিবলৈ গৈ এতিয়া ৰেড কাৰ্ড হজম কৰিব লাগিলে বিপদ হ'ব৷ পিছে পিছে খেদি গৈ কোনোমতে পিকেক বুজাই বঢ়াইহে ৰক্ষা৷

আকৌ খেল আৰম্ভ হ'ল৷ সময় লাহে লাহে কমি আহিছে৷ এইবাৰ ভাৰতীয় দলে শূণ্যত বল উৰোৱাবলৈ আৰম্ভ কৰিলে৷ তাতেওঁ এটা প্ৰায় গ'ল হৈছিলেই৷ পিটাৰ থঙ্গৰাজে মৰা এটা লং শ্বট্ কোৰিয়ান পেনাল্টী বক্সত গৈ পৰিল৷ বল গৈ প্ৰায় গ'লপোষ্ট পাইছিলেই৷ গলকীপাৰে কোনোমতে সেইবাৰলৈ দলক ৰক্ষা কৰিলে৷

নিস্প্ৰভ হৈ পৰিছিল কোৰিয়ান বাহিনী৷ একেবাৰে শেষৰ ফালে তেওঁলোকে এটা গ'ল শোধ কৰিবলৈ সক্ষম হলেওঁ সেয়া যথেষ্ট নাছিল৷ প্ৰায় ছয় মিনিট অতিৰিক্ত খেল চলাৰ পিছত ফাইনেল হুইচেল বাজি উঠিল৷

ভাৰত ২, দক্ষিণ কোৰিয়া ১৷

সমগ্ৰ খেলপথাৰত পিন ড্ৰপ চাইলেঞ্চ৷

পথাৰৰ এটা কোণৰ পৰা দুই বন্ধুৱে দেখিলে জাৰ্নেলৰ কোলাত উঠি ৰহিম চাহাবে প্ৰায় কান্দি আছে৷

- তই আজি বঢ়িয়া খেলিছ৷ কেপ্টেইনৰ খেল এয়াহে৷
- তোৰ গ'লটো বঢ়িয়া হৈছিল৷ একেবাৰে স্মুথ৷
- ধেই! মইটো মাত্ৰ বলটো চুই দিছো৷ প্লেমেকাৰ গোটেইটো তয়েই৷ তোক এনেকৈ খেলা মই আগতে কেতিয়াওঁ দেখা নাই৷ ছেমিফাইনেলখনো তই বঢ়িয়া খেলিছ৷ কিন্তু তোৰ আজিৰ খেল লাজৱাব৷
- আজি সকলোৱে জান প্ৰাণ দি খেলিছে অ'৷ অৰুণক লৈহে মোৰ চিন্তা হৈছে৷ তাক সোনকালে হস্পিতেললৈ নিব লাগিব৷
- ধুৰ, কৰ হস্পিতেল৷ সৌৱা চা ফূৰ্তিত জপিয়াব লাগিছে৷
- ময়ো এটা গ'ল দিব পাৰিব লাগিছিল অ' পিকে৷
- আৰে, তই এনে কৰিছ কিয়? গ'ল দিয়া নাই বুলি মন বেয়া কৰিবলৈ কি হ'ল৷ আজিৰ খেলৰ তয়েই হিৰ'৷ বাৰু এটা কথা সোধো তোক?
- কি কথা?
- টুৰ্ণামেন্টৰ আগে আগে তই হেনো খুব হাল্লা কৰিছিলি? তোক কেপ্টেইন নাপাতিলে নেখেলো বুলি কৈ আহিছিলি৷ হয় নেকি?
- হয়৷
- তই সেইটো বেয়া কাম কৰিছ৷ সকলোৱে তোক স্বাৰ্থপৰ বুলি ভাবিছে৷
- জানো৷ আচলতে মই আৰু বেছিদিন ফুটবল নেখেলোঁ৷ ভাৰতৰ হৈ এইখনেই মোৰ শেষ ডাঙৰ খেল৷
- নেখেলো মানে? পাগল নেকি? তোৰ ৰিটায়াৰমেন্টৰ বয়স হৈছে নেকি?
- মই কেৰিয়াৰৰ টপত থাকোতেই আতৰিব খুজিছো৷ মই বেলেগ খেল খেলিম৷ আৰু ভালকৈ খেলিম৷
- বেলেগ খেল, মানে?
- আৰে এইবাৰ ক্ৰিকেট খেলিম৷ বেঙ্গল ৰঞ্জী টীমত চাঞ্চ পাইছো৷

ইতিমধ্যে জাৰ্নেলহঁতে দৌৰি আহি দুয়োকে ডাঙি ধৰিলে৷ জাৰ্নেলৰ কান্ধত চুনী৷ আতৰ হৈ যোৱা চুনীৰ ফালে চকু দি পিকে অস্ফুট স্বৰত বিৰবিৰালে,

- পাগল কৰবাৰ!

Share Button
Print Friendly, PDF & Email

No Comments : "চুনীহঁতৰ সপোন-(অমিতাভ মহন্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *