চিনেমা বোলা বস্তুটো অসমীয়া মানুহৰ কাৰণে নহয় (কাণখোৱাৰ চুপতি) (সমুদ্র কাজল শইকীয়া)

চিনেমা সম্পৰ্কীয় কথা-বতৰাৰ আড্ডাত, বিশেষকৈ অসমীয়া চিনেমা সম্পৰ্কে কথা উঠিলেই আমি প্ৰায়ে এইষাৰ কথা কওঁ - চিনেমা বোলা বস্তুটো অসমীয়া মানুহৰ কাৰণে নহয়। আৰু কথাষাৰ হাজাৰবাৰ ক’ম। অসমীয়া মানুহ বুলিলে কোনখিনি মানুহক বুজোৱা হৈছে সেয়া স্থানান্তৰত ব্যাখ্যা কৰা হ’ব। কথাষাৰত বৰ বেছি আপত্তি থাকিব নালাগে। কাৰণ সকলো মানুহৰ বাবে সকলো বস্তু যেনেকৈ নহয়, সকলো জাতিৰ বাবে সকলো বস্তু হ’বই লাগিব বুলিও কোনো কথা নাই। ৰাজস্থানী ভাষাৰ নিজা লিপিয়েই নাই। বঙালীসকল কলা-সংস্কৃতিত আগবঢ়া হ’লেও আমাৰ বিহু-নাচৰ দৰে সৰ্বব্যাপী নৃত্য পৰম্পৰা তেওঁলোকৰ নাই। তাতে কি হ’ল? তেওঁলোক পিছ পৰি ৰ’ল নেকি? নাই পৰা।

কোনোবাই যদি চিনেমা নিৰ্মাণ কাৰ্যটোত জড়িত জটিলতা, অৰ্থব্যয় অথবা অন্যান্য কাৰিকৰী অসুবিধাৰ বাবে এইষাৰ কথা কৈছোঁ বুলি ভাবিছে তেনেহ’লে ভুল ভাবিছে। কাৰোবাৰ যদি চলচ্চিত্ৰ নিৰ্মাতা হোৱাৰ সপোন আছে তেন্তে তেওঁৰ সপোন পূৰণৰ বাবে অসমেই আটাইতকৈ সুচল আৰু উপযুক্ত দেশ। অসমত চিনেমা নিৰ্মাতা হৈ উঠাটো সহজ। পৃথিৱীৰ সকলো ঠাইতকৈ অসমতে সহজতে আৰু সোনকালে বিশিষ্ট চলচ্চিত্ৰ  নিৰ্মাতা হৈ উঠিব পাৰি। এটা উদাহৰণ দিওঁ। ধৰক, আজি আমি ষ্টিৱেন স্পিলবাৰ্গ এজন বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা বুলি কওঁ। এতিয়া তেওঁৰ কৰ্মৰাজিলৈ চাওক - ৩৫খনমান পৰিচালনা, আঠখনমান লিখিছে, ৩০খনমান প্ৰযোজনা কৰিছে, ৬০খনমান টিভি ছিৰিয়েল। কোনোবাই হয়তো ৫০ৰপৰা ডেৰশলৈকে চিনেমাৰ পৰিচালনা, চিত্ৰনাট্য, এডিটিং, কলা-নিৰ্দেশনা … মুঠতে কিবাকিবি কৰিছে আৰু তাৰ পিছত আজি প্ৰতিষ্ঠিত হৈছেহি এজন চিনেমা-নিৰ্মাতা হিচাপে। কিন্তু যদি আপুনি অসমীয়া, আপুনি ইমান সংগ্ৰাম কৰিবই নালাগে। আপুনি যদি এখনো চিনেমা কেনেবাকৈ কৰিছে, আপুনি এজন বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা। তাৰ পিছত গোটই জীৱন ধৰি আপুনি গামোচা গোটাই ফুৰিব পাৰে। কিবা ভুল ক’লোঁ নেকি? দহখনতকৈ বেছি চিনেমা নিৰ্মাণ কৰা কোনোবা অসমীয়া শাকত দিবলৈকো কেনিবা চুকে-কোণে আছে নেকি বাৰু? বাৰু বাদ দিয়ক। সংখ্যাটো হেনো ডাঙৰ কথা নহয়। এতিয়া আহক আচল কথাখিনি পাতোঁ।

*
চিনেমা পলিটিকেলি ইনকাৰেক্ট বস্তু

চিনেমা নিৰ্মাণৰ আধাৰটোৱেই পলিটিকেলি ইনকাৰেক্ট। সকলো শিল্পৰেই একে কথা। চিনেমা আৰু ভিডিঅ’ৰ ক্ষেত্ৰত ই আৰু বেছি তীব্ৰ। আমি যিহেতু ভাল মানুহ আৰু পলিটিকেলি কাৰেক্ট হৈ থাকিব খোজোঁ, সেয়ে চিনেমা আমাৰ বাবে হ’বই নোৱাৰে। এই মাত্ৰ টিভিত দুটামান প্ৰ’ম’ দেখা পালোঁ। বেডমিণ্টন খেলুৱৈয়ে ছাটলটো মাৰি গাড়ীৰ উইণ্ড শ্বিল্ড ভাঙি দিছে। পলিটিকেলি ইনকাৰেক্ট, ভায়োলেন্স খেলাৰ ইপ্সিত নহয়। গাড়ী এখন আহি আছে, আন এখন গাড়ী কেঁকুৰি এটাত কৌশলেৰে অতিক্ৰমণ কৰি গ’ল। ভাবিলোঁ – ৱাও, কিমান ড্ৰামাটিক! কিন্তু পলিটিকেলি ইনকাৰেক্ট, ট্ৰেফিক বিধান উলংঘন হৈছে। চেজিং ছিকুৱেন্স। হিৰ’ই ভিলেইনক খেদি খেদি গৈ আছে। বাটৰ কাষৰ চব্জিৱালাৰ থেলা বাগৰি পৰিছে, বাগৰি পৰিছে পাচিয়ে পাচিয়ে বিলাহী। পলিটিকেলি ইনকাৰেক্ট, এহাতে খাদ্যবস্তুৰ অপচয়, আনহাতে এজন ভিলেইনক খেদাৰ নামত আন নিৰীহৰ অনিষ্ট সাধন। কোনো কাৰণতেই সমৰ্থনযোগ্য ঘটনা এটা হ’ব নোৱাৰে। কিন্তু সেইখিনিতেই সোমাই থাকে নাটকীয়তা, আৰু চিনেমেটিক চৰিত্ৰ। হয়, আপুনি যদি ভাল মানুহ, সমাজৰ বাবে ভাল চিন্তা কৰা মানুহ তেনেহ’লে চিনেমা নিৰ্মাণ কৰাটো এটা অপৰাধেই হ’ব। সকলো ফালৰপৰাই অপৰাধ। আনফালে, সীমান্তত দেশৰ জোৱানসকলে দিনে-নিশাই জাৰ-জহ একাকাৰ কৰি পহৰা দি আছে আৰু আপুনি ইয়াত চিনেমা চিনেমা কৰি আছে - সেই ফালৰপৰাও অপৰাধ। মুঠতে অপৰাধ। কাৰণ অসম ভূমি ভাল মানুহৰ ঠাই। মৰেল পুলিচৰ ঠাই। কোনজন পুৰুষ চলচ্চিত্ৰ পৰিচালকৰ কোন মহিলাৰ লগত আহ-যাহ সেয়া আমাৰ নখ দৰ্পণত। কোন অভিনেত্ৰীয়ে কিমান ইঞ্চিৰ কাপোৰ পিন্ধিলে সেয়া আমি আতচী কাচ লৈ চাই আছোঁ। কাৰণ আমাৰ সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰা আমিয়েই ৰক্ষা কৰিব লাগিব। আমি নকৰিলে কোনে কৰিব?

আমি ভাল মানুহ। আমি সামাজিকভাৱে দায়বদ্ধ। আমি পৰিয়ালৰ কথা ভাবো। চিনেমাত কোনোবা ৰাস্তাৰ কাষৰ গুমটি এটাৰ কাষত কেৰম আৰু জুৱা খেলি ল’ৰা এটাৰ চৰিত্ৰ এটাই চিনেমাত ‘কেলা’ বুলি কৈ দিলে কি হ’ব? আমি পৰিয়ালৰ লগত সেইখন চিনেমা কেনেকৈ চাম? তেনে চিনেমাই নতুন পুৰুষক কেনে শিক্ষা দিব? চিনেমাই সমাজক শিক্ষা দিয়াৰ ঠিকাটো লৈ থোৱা নাই জানো? তাতে আকৌ এইখন শংকৰ-আজানৰ দেশ।

*
ৰেটিনেল পেৰেলাইচিছ

আমি জাতিগতভাৱে, নৃগোষ্ঠীগতভাৱে, ভৌগোলিকভাৱে, ৰেটিনেলি পেৰেলাইজড। অথবা চাক্ষুষভাৱে পক্ষাঘাতগ্ৰস্ত। চকুৰ সন্মুখত দৃশ্যনিৰ্মাণ এটা দেখি আমি ঠাৱৰ কৰিব নোৱাৰোঁ সেইটো ভাল নে বেয়া। আনকি কোনোবাই বেয়া দৃশ্যৰূপ এটা বেয়া বুলি বুজাই দিলেও ধৰিব নোৱাৰোঁ সেইটো কিয় বেয়া। অসম পৰ্যটন বিভাগৰ ল’গোটোনো কিয় বেয়া? দুহেজাৰটকীয়া নোটখননো কিয় বেয়া? অলপতে বেয়া বুলি কওঁতে দুজনমানে যুক্তি দিলে - নোটখন দেখিবলৈ ভালেই হওক বেয়াই হওক তাতে কি হ’ল। তাৰ যিটো কাম সেইটোতো সি কৰিবই। বাৰু মানি ল’লোঁ - অকাট্য যুক্তি যিহেতু। তেনেহ’লে আপুনি ইস্ত্ৰি কৰা কাপোৰ কিয় পিন্ধে? ঘৰত ৰং কিয় কৰে? ড্ৰয়িং ৰুমত ফুলদানিটো কিয় ৰাখে? জোতা-মোজাৰ পৰা, চোলা-পেণ্টৰ ৰঙকে সাঙুৰি চুলিলৈকে ৰং কিয় সানে? দেখিবলৈ কেনেকুৱা হৈছে বা হোৱা উচিত সেইটো যিহেতু একো ডাঙৰ কথা নহয়েই। বাৰু মানি ল’লোঁ। কিন্তু চিনেমা? সেইটোটো সম্পূৰ্ণৰূপেই এটা দৃশ্যগত বস্তু, চাক্ষুষ অভিজ্ঞতাৰে উপভোগ কৰিবলগীয়া বস্তু! সেই ক্ষেত্ৰত কি হ’ব? ৰ’ব। এইখিনিতো সমাধান ওলাল। চলচ্চিত্ৰ  বুলি নকৈ কথাছবি বুলি কৈ থওক। লেঠাই শেষ। কথাহে আৰু। কথাখিনিও আকৌ কেনেকৈ কোৱা হৈছে সেইফালে মন নিদিব। কি কৈছে আৰু কোনে কৈছে সেইটো গম পালেই হ’ল। আন একো চাবৰ প্ৰয়োজন নাই। এনেকৈ লেঠা শেষ কৰি থোৱাটোৱেই যদি উজু বাট হয়, তেনেহ’লে আমাক বাপ্পেকে চিনেমাই নালাগে যাহ। লেঠা একেবাৰেই শেষ।

*
বাস্তৱতা

আমিবোৰ বাস্তৱবাদী। আনৰিয়েল বস্তু আমি ভাল নাপাওঁ। (আলোচনী আৰু কিতাপৰ বেটুপাতত কোনোবাই অঁকা পোৰ্ট্ৰেইট এটাতকৈ ছোৱালী এজনীৰ ফটো এখন লগাই দিলেই আমি ভাল নাপাওঁ জানো?) আমাক যুক্তি লাগে আৰু সমাজবাস্তৱতাও লাগে। সমাজৰ ভাল হোৱা কথা দেখুৱাব লাগিব। ভাল কথা। কিন্তু ৰ’ব। যদি চিনেমা বাস্তৱেই হ’ব লাগে তেনেহ’লে মানুহ এজনৰ সত্তৰ বছৰীয়া জীৱন এটাক ডেৰ ঘণ্টা-দুঘণ্টাতে কেনেকৈ বাস্তৱসন্মতভাৱে দেখুৱাব? সত্তৰ বছৰ দীঘল চিনেমা এখন বনাব লাগিব তেনেহ’লে। গতিকে চিনেমা আমাৰ বাবে হ’বই নোৱাৰে। তথাপি কষ্ট-মষ্ট কৰি যিমান পাৰে ৰিয়েল কৰিবলৈ চেষ্টা কৰা হয় আৰু। যেনে, ধৰক কাহিনী এটা কেনেবাকৈ বুজাই দিব পৰাটোৱেই শেষ কথা হৈ থাকিব। চিত্ৰনাট্যত বেছি ইফাল-সিফাল কৰা নচলিব। মানুহ এজনৰ জন্ম আগতে আৰু মৃত্যু পিছতেই হ’ব লাগিব। আগতে মৃত্যু দেখুৱাই পিছত জন্ম দেখুৱালে নচলিব। সেইটো অবাস্তৱ। মানুহ এজন মৰিলে পৰিয়ালবৰ্গই ৰাউচি জুৰি কন্দা দেখুৱাবই লাগিব। গাঁৱৰ ছোৱালীজনী ভাল আৰু চহৰৰজনী বেয়া বুলিয়েই দেখুৱাব লাগিব। নহ’লে সেয়াও বাস্তৱসন্মত নহ’ব। কিন্তু যিহেতু চিনেমা আচলতে নিৰ্মিত বাস্তৱ, সেই বাস্তৱতা খুব সহজতেই ইফাল-সিফাল হৈ যাব পাৰে। এই ধৰক টেৰেণ্টিনোৰ দৰে হিটলাৰক চিনেমা-হলত গুলী কৰি মৰা হৈছিল বুলি যদি কোনোবাই অসমত দেখুৱায় তেতিয়া কি হ’ব? ৰাম ৰাম, ইতিহাসৰ বিকৃতকৰণ হৈ যাব দেখোন। আব্ৰাহাম লিংকনক ভেম্পায়াৰ হাণ্টাৰ … কৃষ্ণ কৃষ্ণ! ইতিহাসৰ বিকৃতকৰণ হ’ব। দেশ ৰসাতলে যাব। (অৱশ্যে কাৰেং ঘৰত গেৰুৱা নিচান উৰাটো বৰ ডাঙৰ কথা নহয় বাৰু, তাত ইতিহাস বা সংস্কৃতিৰ বিশেষ একো নাহে নাযায়।) কিন্তু গায়িকাই চাদৰ-মেখেলাৰ ঠাইত চুৰিদাৰ পিন্ধি মঞ্চত উঠিলেই য’ত সংস্কৃতি জহন্নামে যায় তাত এইবোৰ কথা পতাটোও পাপ। মুঠতে চিনেমা যিহেতু সুতে-মূলে এটা বাস্তৱতাবিৰোধী বস্তু - সেইটো বস্তু আমাক নহ’লেও হ’ব।

কথা আৰু আছে। কিন্তু যিটো বস্তু আমাৰ কাৰণে নহয়েই, যিটো আমাক নালাগেই, তাক লৈ কথাৰ মহলা মাৰিওনো কি লাভ? চাহ খাওঁ আহক।

 

Share Button
Print Friendly, PDF & Email

No Comments : "চিনেমা বোলা বস্তুটো অসমীয়া মানুহৰ কাৰণে নহয় (কাণখোৱাৰ চুপতি) (সমুদ্র কাজল শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *