অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (দ্বিতীয় সংখ্যা)

চিনেমাত প্ৰান্তীয় মানুহৰ জীৱন : ছিছাকো, ছোকোনো আৰু কিছু কথা -(প্ৰশান্ত কুমাৰ দাস)

যোৱা প্ৰায় কুৰিটা বছৰে আহ্‌কাৰহমানে ছিছাকো আছে ফ্ৰান্সত। এগৰাকী ফৰাচী নাগৰিকৰূপে তাতে তেওঁৰ স্থায়ী বসবাস। পিছে তেওঁৰ জন্ম আফ্ৰিকাত, এটি কৃষ্ণাংগ পৰিয়ালত। এজন সন্মানীয় ফৰাচী ইউৰোপীয় নাগৰিক হৈয়ো তেওঁ পাহৰা নাই নিজৰ শিপা, তেওঁ পাহৰা নাই যে আচলতে তেওঁ বিদেশী ঔপনিবেশিক শাসকৰ দ্বাৰা শোষিত-অত্যাচাৰিত এটা জাতিৰহে সন্তান। সেইবাবে ইউৰোপৰ ফুলে-ফলে জাতিষ্কাৰ ভোগ্য ঠাইখনত বাস কৰিও বাৰে বাৰে মনটো উৰি যায় আফ্ৰিকাৰ প্ৰিয় ভূখণ্ডলৈ। দুখ-যন্ত্ৰণাৰে পিষ্ট হ’লেওতো সেয়া তেওঁৰে মাতৃভূমি। অভাৱ-অকাল-মহামাৰী, যুদ্ধ-সন্ত্ৰাস, অশিক্ষা – যিয়েই নহওক কিয় তাৰ মাজতেই তেওঁৰ আত্ম-পৰিচয়, নিজৰ জাতি, নিজৰ মাতৃভূমিৰ প্ৰতি থকা দুৰ্বাৰ আকৰ্ষণ আৰু শ্ৰদ্ধা-ভালপোৱাই তেওঁক বাৰে বাৰে কঢ়িয়াই লৈ আহে আফ্ৰিকালৈ। হাতত কেমেৰাটো থাকে, সেই কেমেৰাৰ বৰ্গাকাৰ ফ্ৰেমৰ মাজেৰে গভীৰ আকুলতাৰে চায় দেশখনৰ বুকুলৈ – চায় ইয়াৰ বিশ্ববিচ্ছিন্ন দাৰিদ্ৰ-জৰ্জৰ গাঁওবোৰলৈ, চায় নিশ্চিহ্ন হ’ব খোজা অৰণ্যলৈ, চায় মৰুভূমিৰ নিৰ্মমতালৈ আৰু চায় ৰোগ-ক্ষুধা, শোষণ-দুৰ্নীতি, যুদ্ধ-সন্ত্ৰাস, ধৰ্মান্ধতাৰে জৰ্জৰিত ক’লা মানুহবোৰলৈ। কেমেৰাৰ ফ্ৰেমত ছিছাকোৱে দেখে কেৱল শ্লেতকায় ঔপনিবেশিক অত্যাচাৰী শাসকে এৰি থৈ যোৱা এখন অৰ্ধমৃত কৃষ্ণাংগ সমাজ।

সুবিশাল আফ্ৰিকা মহাদেশত সাম্প্ৰতিক কালত যিসকল অতি প্ৰতিভাশালী চিনেমা নিৰ্মাতা পৰিচালক আছে তাৰ মাজত এজন আহ্‌কাৰমানে ছিছাকো। এগৰাকী চলচ্চিত্ৰ শিল্পী হিচাপে ছিছাকোই কেৱল আফ্ৰিকাকহে যে প্ৰতিনিধিত্ব কৰিছে বুলি কোৱাটো ভুল, তেওঁ প্ৰতিনিধিত্ব কৰিছে ইউৰোপকো, তেওঁ প্ৰতিনিধিত্ব কৰিছে সমগ্ৰ চলচ্চিত্ৰ বিশ্বকো।

বিগত প্ৰায় কুৰিটা বছৰে ছিছাকো সক্ৰিয়ভাৱে জড়িত হৈ আছে চিনেমাৰ ক্ষেত্ৰখনত। তেওঁৰ চিনেমা ইউৰোপীয় বিশ্বচেতনাৰে সমৃদ্ধ, কিন্তু তেওঁৰ বিষয় কেৱল আফ্ৰিকাৰ প্ৰান্তীয় মানুহৰ জীৱন। ছিছাকোৱে সংখ্যাত বৰ বেছি চিনেমা নিৰ্মাণ কৰা নাই, মাত্ৰ কেইখনমান চিনেমাৰ জৰিয়তেই তেওঁ নিজৰ অনন্য বিশ্ব প্ৰতিভাৰ প্ৰমাণ দিছে। প্ৰমাণ দিছে তেওঁৰ সমাজ চেতনাৰো। লগতে তেওঁৰ এই চিনেমাসমূহৰ জৰিয়তে বিশ্ববাসীৰ ওচৰত তুলি ধৰিছে সাম্প্ৰতিক আফ্ৰিকীয় সত্য। দাৰিদ্ৰ-জৰ্জৰ একালৰ এই ঔপনিবেশিক মহাদেশখনত, তাৰ দুৰ্গম প্ৰান্তৰত বাস কৰা সৰ্বসাধাৰণ মানুহে কিদৰে বিচ্ছিন্ন দুঃসহ জীৱন অতিবাহিত কৰিছে, বাৰে বাৰে এই ছবিখন ফুটি উঠিছে ছিছাকোৰ চিনেমাত। তেওঁৰ চিনেমা চাই বিশ্বই আফ্ৰিকীয় জীৱনটোক আৰু নতুনকৈ বুজাৰ অৱকাশ পাইছে। ছিছাকোৰ The Forgotten Hillside (1997), Life on Earth (1998), Waiting for Happiness (2002) আৰু শেহতীয়াকৈ Timbuktu (2014) হৈ পৰিছে আফ্ৰিকাৰ দুৰ্গত সমাজজীৱনৰ প্ৰামাণিক দলিল। তেওঁৰ প্ৰতিখন চিনেমাই বিশ্ব দৰ্শকৰ দ্বাৰা প্ৰশংসিত-সমাদৃত। ক্যাঁৰ দৰে স্বনামধন্য চলচিত্ৰ উৎসৱত সন্মানিত পুৰস্কৃত হৈছে। ২০১৬ চনত Timbuktuৱে বিদেশী ভাষাৰ শিতানত অস্কাৰ বঁটাৰ বাবে চূড়ান্ত বাছনিলৈ আহিছিল। কম বাজেটত এই ছবিখনে বিশ্বজুৰি উপাৰ্জনো কৰিছে দেধাৰ।

ছিছাকোৰ প্ৰসংগ এই বাবেই অৱতাৰণা কৰা হ’ল, যাতে চিনেমাই বিশ্বৰ প্ৰান্তীয় মানুহৰ জীৱনটোক কিদৰে সহায় কৰিব পাৰে তাক বুজিব পৰা যায়। আজিৰ পৃথিৱীখনৰ সমস্যাবোৰ কেৱল নিৰ্দিষ্ট এটা ভূখণ্ড বা নিৰ্দিষ্ট এখন দেশৰ হৈ নাথাকে। এখন দেশৰ এটা গুৰুতৰ সমস্যাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰে। পৃথিৱীখনৰ অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে একত্ৰীকৰণ বা গোলকীকৰণ হৈ পৰাৰ পাছত আমি কাৰো প্ৰতি কোনো উদাসীন হৈ থাকিব নোৱাৰো। অৰ্থাৎ বিশৰ প্ৰতিটো প্ৰান্তৰ সমস্যাজৰ্জৰিত মানুহৰ প্ৰতি আমি দায়বদ্ধ। গতিকে যেতিয়াই এনে বিভিন্ন প্ৰান্তৰ মানুহৰ কথা পোহৰলৈ অনা হয় তেতিয়াই সেইসকল মানুহৰ দুখ-দুৰ্দশা নিৰাময়ৰ পথ খোল খাই যায়, সহায়-সহযোগিতাৰ হাত আগ বাঢ়ি আহে। চিনেমাই এই ক্ষেত্ৰত দুৰ্গত আৰু সহায়কাৰীৰ মাজত যোগসূত্ৰ স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ছিছাকোৰ চিনেমাই এনে ভূমিকা গ্ৰহণ কৰাত সফল হৈছে। মন কৰিব লগীয়া যে ছিছাকো মাটি ফুটি ওলাই অহা পৰিচালক নাছিল। দাৰিদ্ৰজৰ্জৰ থলীত তেওঁৰ জন্ম, প্ৰতিপাল হৈছে টাৰিয়াটোনাত মস্কোত তেওঁ চিনেমাৰ শিক্ষা ল’বলৈ আহি ’৯১ চনৰ পৰা স্থায়ীভাৱে বাস কৰিছে ফ্ৰান্সত। ফ্ৰান্সত আছে তেওঁ কাম কৰাৰ সুযোগ পাবলৈ, প্ৰতিষ্ঠা পাবলৈ – কিন্তু তেওঁৰ কৰ্মক্ষেত্ৰ আফ্ৰিকা। ‘দ্য ফৰগেটন হিলছাইড’ চিনেমাখন কৰিবলৈ লওঁতে তেওঁৰ হাতত পইছা নাছিল, অৰ্থাভাৱৰ সন্মুখীন হৈছিল ‘লাইফ অন দ্য আৰ্থ’ নিৰ্মাণৰ ক্ষেত্ৰতো। কিন্তু তেওঁৰ সমাজ আৰু চিনেমাৰ প্ৰতি থকা গভীৰ উৎসাহ আৰু দায়বদ্ধতাৰ বাবে প্ৰতিবাৰেই তেওঁক সহায় কৰিবলৈ আগ বাঢ়ি আহিছিল ফ্ৰান্সৰ প্ৰযোজক সংস্থাই। তেওঁৰ চিনেমাৰ বাজেট বৰ বেছি নহয়। কোনো চাকচিক্য, কোনো আড়ম্বৰ নোহোৱাকৈয়ে প্ৰাকৃতিক লোকেচনত দৃশ্যগ্ৰহণ কৰি নিৰ্মাণ কৰি আহিছে ছবিবোৰ। কোনো বিখ্যাত পেছাদাৰী কলা-কুশলী নাই। ‘লাইফ অন দ্য আৰ্থ’ত তেওঁ নিজেই চৰিত্ৰ ৰূপায়ণ কৰিছে। এটা সৰু টিম লৈ কাম কৰিছে আফ্ৰিকাৰ ভিতৰুৱা গাঁৱত।

প্ৰশ্নটো হ’ল এইটো যে ইউৰোপত থাকি ইউৰোপীয় সমাজজীৱনৰ অংশীদাৰ হৈ, ইউৰোপীয় শিল্পচেতনাৰে সমৃদ্ধ হৈও ছিছাকোৱে সুদুৰ আফ্ৰিকীয় জীৱনক কিয় বাৰে বাৰে চিনেমাত তুলি ধৰিব বিচাৰে? উত্তৰত তেওঁ এঠাইত কৈছে –‘ইউৰোপীয় পটভূমিকাত ইউৰোপীয় সমাজ আৰু জীৱনক প্ৰকাশ কৰিবলৈ অনেক নিৰ্মাতা আছে, কিন্তু আফ্ৰিকাক তুলি ধৰিবলৈ আছে মাত্ৰ এমুঠি। দেশখনৰ ঘন অৰণ্য বা দুৰ্গম মৰুভূমিৰ সোঁমাজত অৱস্থান কৰা মানুহবোৰে যি বিচ্ছিন্নতা অনুভৱ কৰে, সেই বিচ্ছিন্নতাৰ অনুভৱ সমগ্ৰ আফ্ৰিকীয় জীৱনতে বিৰাজ কৰিছে। তাকে তুলি ধৰিবলৈ এজন আফ্ৰিকীয় মানুহ হিচাপে মোৰ দায়িত্ব।”

ছিছাকোৰ এই দায়িত্ববোধে আমাক যে চিনেমাৰ ৰূপত শিল্পকে উপহাৰ দিছে এনে নহয়, আমি আফ্ৰিকাৰ দুখী-দুৰ্গত মানুহক ওচৰৰ পৰা অনুভৱ কৰাৰ সুযোগ পাইছো। তেওঁলোকৰ প্ৰতি সমমৰ্মিতা অনুভৱ কৰিছো। এয়াই হৈছে চিনেমাৰ মাহাত্ম্য, এয়াই হৈছে চিনেমাৰ সাৰ্থকতা। ‘লাইফ অন দ্য আৰ্থ’ত আমি দেখিছো ছোকোলো নামৰ আফ্ৰিকাৰ গাঁওখনত কিদৰে এই একবিংশ শতিকাৰ প্ৰাকক্ষণতো মানুহে বিচ্ছিন্ন আৰু তুচ্ছ নিৰুত্তাপ জীৱন কটাইছে। তেওঁলোকৰ ওচৰত আধুনিক উপকৰণ বুলিবলৈ একোৱেই নাই। ৰেডিঅ’ৰ আৱাজ, টেলিফোনৰ কণ্ঠ – এইবোৰো গঞা কৃষ্ণাংগৰ বাবে আজব আশ্চৰ্যকৰ বস্তু। তেনেদৰে Timbuktuত বালিৰ মৰুময় ভূমিত অঘৰী গো-পালক মানুহৰ জীৱন সংগ্ৰাম মূৰ্তিমান হৈ উঠিছে। সেই শুকান বালিভূমিত প্ৰকৃতিৰ প্ৰতিকূলতাৰ মাজত ধৰ্মীয় অনুশাসন, পুৰুষতান্ত্ৰিক নিষ্ঠুৰতা আৰু ইছলামিক মৌলবাদী সন্ত্ৰাসে বিপৰ্যস্ত কৰি তুলিছে মানুহৰ জীৱন – সেয়া মৰ্মস্পৰ্শী ৰূপত প্ৰকাশ পাইছে Timbuktuত।

আফ্ৰিকা যে চলচ্চিত্ৰৰ পটভূমি বা বিষয় হৈ পৰা নাই এনে নহয়, কিন্তু সৰহভাগ তেনে ‘বিখ্যাত’ চিনেমা নিৰ্মিত হৈছে ইউৰোপীয় বা হলিউডী নিৰ্মাতাৰ দ্বাৰা, তেওঁলোকৰ দৃষ্টিতে। এনে নিৰ্মাতাসকলে আফ্ৰিকাত আফ্ৰিকাৰ জীৱন বিচৰাতকৈ শ্বেতাংগ মানুহৰ জীৱনটোহে বিচাৰি ফুৰিছে অধিক। হলিউডৰ ছবি নিৰ্মাতাইতো আফ্ৰিকাক ৰূপকথাৰ দেশত পৰিণত কৰিছে। গতিকে এনে পৰিস্থিতিত ছিছাকোৰ দৰে স্বগোষ্ঠীয় আফ্ৰিকান নিৰ্মাতাৰ আৱশ্যক অপৰিহাৰ্য হৈ পৰিছিল। নিজৰ মানুহৰ বিষয়ে নিজে নক’লে ভালকৈ ক’ব পৰা ওলাব কোন? অশিক্ষা দৰিদ্ৰতাৰে আৱৰা আফ্ৰিকাত যদি চলচ্চিত্ৰ নিৰ্মাতাই এই দায়বদ্ধতা দেখুৱাব পাৰে আমাৰ ভাৰতবৰ্ষৰ মানুহে নোৱাৰিব কিয়? কিয় আমি সেই আশা নকৰিম?

আমি জানো যে ভাৰতত আছে এক বিশাল চলচ্চিত্ৰ উদ্যোগ। আৰু আছে বৃহৎ বজাৰ। প্ৰতিবছৰে ভাৰতত হাজাৰৰো অধিক ছবি নিৰ্মাণ কৰা হয়। ইয়াৰে প্ৰায় আধাই অকল মুম্বাইত, বলিউডত। বলিউডৰ বিনোদনমূলক হিন্দী ছবিৰ সমান্তৰালভাৱে আছে দক্ষিণ ভাৰতত দক্ষিণ ভাৰতীয় আঞ্চলিক ভাষাৰ আন এক বৃহৎ চিনেমাৰ উদ্যোগ। কিন্তু এইবোৰ চিনেমাই ভাৰতীয় সমাজ আৰু মানুহৰ জীৱনৰ সত্যক মনোৰঞ্জনমূলক ফেণ্টাছিত পৰিণত কৰি তুলিছে। এইবোৰ হৈছে বলিউডী বাণিজ্যিক চিনেমাৰ ভাৰতীয় থলুৱা সংস্কৰণ। মাত্ৰ নগণ্য এটা সংখ্যাৰ চিনেমাতহে প্ৰতিবিম্বিত হৈছে ভাৰতীয় সমাজজীৱনৰ বাস্তৱ স্বৰূপ। ৰাজনৈতিক শোষণ-দমন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সাম্প্ৰদায়িকতা, গোষ্ঠী-সংঘৰ্ষ, অন্ধবিশ্বাস, কু-সংস্কাৰ, অভাৱ-দৰিদ্ৰতা, কৰ্মহীনতা, পোহৰৰ চমকনিৰ দৰে হয়তো আচল ছবিখন কাচিৎ ফুটি উঠিছে চিনেমাত। ভাৰতীয় সমাজৰ এনে বিৰূপ ব্যৱস্থা আৰু ইয়াত বৰ্তি থকা বৈষম্য-ভাৰসাম্যহীনতা-অস্থিৰতাৰ বিৰুদ্ধে যুঁজ দিবলৈ চিনেমাক স্বয়ং এক শক্তি হিচাপে ব্যৱহাৰ কৰিবলৈ অনুভৱী নিৰ্মাতাৰ অভাৱ। কেইটামান দশক আগলৈ এনে প্ৰয়াস  যি যৎসামান্য দেখা গৈছিল, এতিয়া বলিউডত তেনে নিৰ্মাতাৰ বাবে কোনো স্থান নাই।

কিন্তু বলিউডত সেই সুযোগ-সুবিধা নাপালে বুলিয়েই আমি জানো আশা এৰি দিয়া উচিত হ’ব? বলিউডৰ বাহিৰত অৱস্থান কৰি লৈ চিনেমাৰ গুণগ্ৰাহীসকলে ‘চিনেমা শিল্প’ক সামাজিক ৰূপায়ন্তৰণৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব। শিল্পক যদি বৌদ্ধিক জ্ঞান-অন্বেষা আৰু social reformationৰ উপকৰণ কৰি তুলিব পৰা নাযায়, তেন্তে সেই শিল্পৰ গ্ৰহণযোগ্যতা হৈ পৰে ক্ষণস্থায়ী। যি সমাজ আৰু মানুহৰ প্ৰতি দায়বদ্ধ আৰু যি চিনেমা নিৰ্মিতিৰ মানত জীৱনৰ সাৰ্থকতা বিচাৰিব খোজে তেওঁলোকে অৱশ্যেই চিনেমাক ৰাজনৈতিক অস্ত্ৰৰূপে কল্পনা কৰিবই লাগিব। দেশৰ প্ৰান্তীয় মানুহৰ জীৱনটোক তুলি ধৰিব লাগিব, শাসকৰ শোষণ-প্ৰৱঞ্চনা আৰু সামাজিক অৱস্থাৰ ছবিখন উদঙাই দিব লাগিব বৃহত্তৰ মানৱ সমাজৰ ওচৰত।

Print Friendly, PDF & Email

2 thoughts on “চিনেমাত প্ৰান্তীয় মানুহৰ জীৱন : ছিছাকো, ছোকোনো আৰু কিছু কথা -(প্ৰশান্ত কুমাৰ দাস)

  • Robson barua

    বহুতো নতুন কথা জানিব পাৰিলো। ধন্যবাদ প্ৰশান্ত দা।

    Reply
  • Tutumani Das

    প্ৰশান্ত দা মই টুটুমনি দাস। অসম বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষিকা ছাত্ৰী। আপোনাৰ মোবাইল নম্বৰটো পাম নেকি?‌ সম্ভব হ’লে [email protected] পঠাই দিব।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *