বিবিধ চিন্তা

এটি Collaborative Art Performanceঅৰ চমু বৰ্ণনা : “Sleep with a REASON” (অনুপম শইকীয়া)

 

সেইদিনা আছিল হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সৰোজিনী নাইডু স্কুল অফ আৰ্ট এণ্ড কমিনিউকেশ্বন, চাৰুকলা বিভাগৰ M. F. A. Final Display 2016অৰ অন্তিম দিন, ৩ মে’ ২০১৬ । এই বৰ্ষতেই, আমি চাৰুকলা বিভাগৰ একাংশই সক্ৰিয়ভাৱে বিশ্ববিদ্যালয়ৰ ৰোহিত ভেমুলাৰ আত্মহত্যাক কেন্দ্ৰ কৰি উঠা আন্দোলন আৰু প্ৰতিবাদত অংশগ্ৰহণ কৰি আহিছোহঁক। যেতিয়া এই আত্মহত্যাৰ বিষয়টো জাতীয় ও আন্তৰ্জাতিক আলোচনা-সমালোচনাৰ কেন্দ্ৰ হৈ পৰিছিল তেতিয়া এই বাহিৰৰ ৰাজনীতিৰ ক্ষেত্ৰখনত আমি কলা জিজ্ঞাসু হিচাপে আমাৰ ভূমিকাৰ ওপৰত এটি প্ৰশ্নও থাকি যায় ।
সেই শেষ দিনটোত ৰাতিপুৱা আমি জানিবলৈ পালো যে ৰোহিত ভেমুলাৰ আত্মহত্যাৰ দোষী তথা হত্যাকাৰী উপাচাৰ্য আপ্পা ৰাও প্ৰদৰ্শনী চাবলৈ আহিব । আমি তেৰাৰ সন্মুখত শিল্পকৰ্ম দেখুৱাবলৈ অনিচ্ছুক । এই উদেশ্যে চূড়ান্ত বৰ্ষৰ ছাত্ৰী অনুপমা এলিয়াছে অতি ক্ষোভেৰে তেওৰ শিল্পকৰ্মসমূহ ঢাকি পেলালে । পল্লৱে হত্যাকাৰীৰ উপস্থিতিৰ প্ৰতিবাদত নিজৰ কেনভাছ ওলোটা কৰি দিলে যাতে কেনভাছৰ পিছ অংশহে দেখা পায় । আমি সিদ্ধান্ত কৰিলো যে আমি প্ৰদৰ্শনীৰ হলঘৰত তেৰাৰ উপস্থিতিক উপহাস কৰিবলৈ শুই পৰিম । সেয়ে মই হলঘৰৰ সোঁমাজত brown tapএৰে এটি বৰ্গক্ষেত্ৰ বনালো আৰু এটি গুলাপী বেগৰ ভিতৰত মোৰ মুণ্ডটি সুমুৱাই শুই পৰিলো, যাতে মই একো শুনা নাপাওঁ, গন্ধ নাপাওঁ, দেখা নাপাওঁ, উশাহ নাপাওঁ – অৰ্থাৎ তেৰাৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰো । অনুপমাই ক্ষমতাৰ কোনো শব্দ শুনা নাপাবৰ বাবে নিজ হাতেৰে কাণ দুখন ঢাকি দিয়ে, তাৰোপৰি তাই আমাৰ প্ৰদৰ্শনীত তেৰাৰ কোনোধৰণৰ হস্তক্ষেপ নিবিচাৰে । পল্লৱে তেৰাৰ উপস্থিতিক উপহাস কৰিবলৈ নিজৰ ছেণ্ডেলৰ ওপৰত শুই পৰিল । আন এজন চূড়ান্ত বৰ্ষৰ ছাত্ৰ চিৰঞ্জিৱীয়ে ঠিক সেই সময়তে হল ঘৰত সোমাইছিল আৰু পৰিস্থিতিৰ বুজ নোলোৱকৈয়ে আমাৰ লগত ঢলি পৰিছিল। তেওঁৰ অবুজন অংগী-ভংগীয়ে পৰিবেশটো অৱশ্যে হাস্যকৰ কৰি তুলিছিল ।
(this collaborative Art Performance by Anupam Saikia, Anupama Aliass, Pallov Saikia)

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *