বিবিধ চিন্তা

ক্ৰিকেটৰ শেষ কবিতা-(অমিতাভ মহন্ত)

“Dhoni finishes off in style, it’s a magnificent strike into the crowd, India lifts the world cup after 28 years. The party has started in the dressing room. And it’s an Indian captain, who has been absolutely magnificent on the night of the finals.”

২ এপ্ৰিল, ২০১১৷ কমেন্ট্ৰী বক্সৰ পৰা ওলোৱা শব্দবোৰ তেতিয়া ৱাংখাড়ে ষ্টেডিয়ামৰ পৰা বিয়পি পৰিছে শ্ৰমিক, মালিক, মধ্যবিত্ত, উচ্চবিত্ত নিৰ্বিশেষে ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালত৷ এজন নিৰ্লিপ্ত মানুহে তেওঁৰ বাওঁ হাতত থকা সংহাৰী অস্ত্ৰপাত লাহে লাহে চক্ৰাকাৰে ঘুৰাবলৈ আৰম্ভ কৰিলে৷ বিপৰীত দিশৰ পৰা দৌৰি আহিল শেষলৈ যুদ্ধক্ষেত্ৰ নেৰা তেওঁৰেই এজন সহযোদ্ধাই৷ সেই যোদ্ধা যাৰ শৰীৰত ইতিমধ্যে বাঁহ লৈছে এক ভয়ঙ্কৰ ব্যাধিয়ে৷ আঠাইশ বছৰৰ অপেক্ষাৰ অন্তত আলিঙ্গনবদ্ধ দুই মহাবীৰ!

####

২০০২ চনত এক সেমেকা সন্ধিয়া৷ খড়গপুৰৰ গোলখুলিত “চিক্স এ চাইড্” টুৰ্ণামেণ্টৰ ফাইনেল লৈ উখল মাখল পৰিবেশ৷ ঘৰুৱা দল দুৰ্গা স্প’ৰ্টিং ক্লাৱে ছয় অভাৰত সংগ্ৰহ কৰিছে মাত্ৰ ত্ৰিশ ৰাণ৷ প্ৰতিপক্ষই বেট ধৰিবলৈ নমাৰ অলপ সময়ৰ পিছতেই আম্পায়াৰৰ এটা ভুল সিদ্ধান্তক লৈ প্ৰতিবাদ আৰম্ভ হ’ল৷ দুৰ্গা স্প’ৰ্টিং ক্লাৱে খেলপথাৰ এৰি অহাৰ সিদ্ধান্ত ল’লে৷ ঠিক তেতিয়াই দলৰ সিদ্ধান্তৰ বিপৰীতে থিয় দিলে চাউথ ইষ্টাৰ্ণ ৰেইলৱেত কৰ্মৰত সেই টিকেট কালেক্টৰজনে৷ পলায়নতকৈ যুঁজ দি হৰা বেছি ভাল৷ দল ৰাজী হ’ল৷ মেটচ্ ৰিজাল্ট টাই! টচ্ কৰি নিৰ্ণায়ক সিদ্ধান্ত লোৱা হ’ল৷ আম্পায়াৰৰ হাতৰ পৰা কইনটো বতাহত উৰি গৈ মাটিত পৰোতেই, খড়গপুৰৰ সেই ভুমিত জন্ম ল’লে শেষলৈ বিপক্ষৰ চকুত চকু থৈ যুদ্ধ কৰি যোৱা সেই গ্লেডিয়েটৰৰ৷ সেইদিনা সেই টিকেট কালেক্টৰক কান্ধত লৈ নচা সতীৰ্থবোৰে কল্পনাওঁ কৰা নাছিল, সেই তৰুণে পাঁচ বছৰ পিছত ভাৰতলৈ লৈ আহিব টি-২০ বিশ্বকাপ!

####

১১ জুলাই ২০১৩৷ চেলকন মবাইল ট্ৰাই নেচন চিৰিজ ফাইনেল৷ প্ৰতিপক্ষ শ্ৰীলঙ্কা৷ পঞ্চাশ অভাৰত ২০২ ৰানৰ লক্ষ্য লৈ ৪৭ অভাৰত ভাৰতৰ ৰাণ ১৮২-৯৷ মেথিউজৰ ব’লত বিনয় কুমাৰ আউট হোৱাৰ পিছত ফিল্ডত নামিল ইশান্ত শৰ্মা৷ ৪৮ অভাৰত আহিল মাত্ৰ ২ ৰাণ, ৪৯ আৰু দুই৷ শেষ অভাৰত আৰু ১৫ ৰাণ লাগে৷ উইকেটত গ্লেডিয়েটৰ৷ এৰাঙ্গাৰ প্ৰথমটো ব’ল, মিছ! নিশ্চিত পৰাজয়ৰ দিশে ভাৰত৷ শান্ত, অবিচল মুখখন দেখি কোনেওঁ কল্পনাওঁ কৰিব পৰা নাই কি হ’বলৈ গৈ আছে৷ ৬-৪-৬! সেই চিনাকী ভাৱলেশহীন মুখাৱয়, নিৰ্লিপ্ত ভংগীত তুলি ল’লে ষ্টাম্প৷ সাৱটি ধৰিলে বিৰাট, ৰাইনাহঁতে৷

####

চাউথ ইষ্টাৰ্ণ ৰেলৱেৰ ক্ৰিকেট টীমৰ কেপ্টেইন ৰবীন কুমাৰৰ বাজজ পালচাৰখন হাইৱেত চলিছে দ্ৰুতগতিত৷ পিলিয়ন চিটত ৰবীন৷ সদ্য সমাপ্ত মেচৰ মেন অফ দ্যা মেচ চালকৰ আসনত৷ মাত্ৰ অলপ সময় অাগতেই তেওঁ এটা অদ্ভূত কাণ্ড কৰি আহিছে৷ বংগৰ তেতিয়াৰ বিখ্যাত খেলুৱৈ শিৱসাগৰ সিঙৰ হাতেৰে মেন অফ দ্যা মেচ পুৰষ্কাৰ লোৱাৰ পিছত যেতিয়া আয়োজকে প্ৰতিক্ৰিয়া জানিবলৈ বিছাৰিলে তেতিয়া তেওঁ, ‘মাফ কিজিয়ে, মুঝে বোলনা নহি আতা’ বুলি কৈয়েই মঞ্চৰ পৰা নোহোৱা হৈ গ’ল৷ ৰবীনে কথা দিছিল, মেন অফ দ্যা মেটচ্ হ’লে বাইকখন চলাবলৈ দিব৷ বচ্, আৰু কি লাগে!

####

১০ জুলাই, ২০১৯। মাত্ৰ তিনিদিন আগতে মাহীয়ে জন্মদিন পালন কৰিছে৷ আজি মাহীৰ জীৱনৰ শেষ ৱৰ্ল্ডকাপ মেচ৷ এইবছৰ ১৮ জানুৱাৰীত মেলবৰ্ণত মেন অফ দ্যা চিৰিজ পোৱাৰ সময়তো তেওঁ জানিছিল যে তেওঁৰ অৱসৰ লোৱাক লৈ উঠিপৰি লাগিব একাংশ ভাৰতীয়, মিডিয়া, খেলৰ ৰাজনীতিক৷ কিন্তু নাজানিছিল যে বুঢ়া আঙুলিৰে তেজ বৈ থকাৰ পিছত বেট ধৰি যোৱাৰ পিছত বিফলতাৰ বাবে তেওঁৰ ইণ্টেনক লৈ কাঠগড়াত থিয় কৰোৱা হ’ব৷ আৰু নহ’বই বা কিয়! এওঁ যে তিনিটা ব’লত ষোল্ল ৰাণ কৰাৰ ক্ষমতা ৰাখে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰি ব’লত বাৰ ৰাণ লগা অৱস্থাত খেল জিকাই, দুটা বল ৰৈ যোৱাকৈ৷ যিজনে ০.০৮ চেকেণ্ডত ষ্টাম্পিং কৰাৰ ক্ষমতা ৰাখে৷ এই মানুহজনে যিমানদিন খেলি যাব, ভাৰতবাসীয়ে মিৰাকলৰ আশা কৰিয়েই যাব৷ শেষ বলটোলৈকে৷

ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফল অধিনায়কে আজি নিশ্চয় এক ধুমুহা লৈ বেটিং কৰিবলৈ নামিছিল৷ ৰাজপুতৰ গৰিমা লৈ জাডেজাই বিক্ৰম দেখুৱাই এটা সময়ত বিদায় ল’লে৷ তেতিয়াওঁ কৰ্ণাটকৰ গাঁৱৰ সেই ককাজনে ৰেডিঅ’ বন্ধ কৰা নাই, বিহাৰৰ সেই অন্ধ যুৱকে মাকক সুধি গৈছে, ‘ ধোনী নে চিক্সাৰ মাৰা না?’ ট্যুৰৰ পৰা ঘূৰি অহা তিনিজনে গাড়ী ৰখাই হটষ্টাৰ অন কৰি মুক হৈ বহি আছে৷

আৰু ঠিক সেই মুহুৰ্তত কাউণ্টডাউন আৰম্ভ হৈ গ’ল ক্ৰিকেট ইউনিভাৰ্ছৰ এণ্ডগেমৰ শেষ পৰ্য্যায়ৰ, য’ত অপেক্ষা কৰিছে এক ৰূঢ় বাস্তৱে৷ অৱসৰ!

এজন পাঁচ ফুট ন’ ইঞ্চিৰ যোদ্ধা! মিডিয়াৰ চকুত চকু থৈ তেওঁ মিচিকিয়াই হাঁহিব৷ হঠাৎ বিদায় জনাব এই ক্ৰিকেটৰ পৃথিৱীক৷

তাৰপাছত? এক দায়িত্বশীল পিতৃ, স্বামী৷ কেতিয়াবা হয়তো দেখা যাব এক দুৰ্গম পথত অকলশৰীয়া বাইক ৰাইডাৰৰ ৰূপত৷

মাহীৰ বন্ধু সত্যপ্ৰকাশৰ ভাষাত, “এবাৰ এই জগতৰপৰা বিদায় লোৱাৰ পিছত মাহী আৰু কেতিয়াওঁ কোনো ভুমিকাত ঘূৰি নাহে৷ এই বাইশ গজৰ আশেপাশেওঁ দেখা নাযাব মাহীক৷ এয়াই মাহী৷ মহেন্দ্ৰ সিং ধোনী৷”

ইন চ’ৰ্ট ‘ধোনী’৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *