দেৱকান্ত সন্দিকৈৰ "জীৱনটো আমি মাথোঁ এবাৰেই পাওঁ"-(ভাস্কৰ ভূঞা)

একবিংশ শতিকাৰ অসমীয়া সাহিত্যত যিকেইজন মুষ্টিমেয় সাহিত্যিক, লেখকে যুক্তিনিষ্ঠ আৰু বিজ্ঞানসন্মতভাৱে সমাজ-সভ্যতাৰ গুৰুত্বপূর্ণ বিষয় সম্পর্কে যথাযথ আৰু নিৰপেক্ষ বিশ্লেষণ কৰি সমাজখনক অন্ধতাৰ পৰা ইতিবাচক দিশে ধাৱমান কৰাৰ চেষ্টা কৰি আহিছে; তেওঁলোকৰ ভিতৰত এজন উল্লেখযােগ্য গদ্যলেখক হৈছে দেৱকান্ত সন্দিকৈ। সমান্তৰালভাৱে দেৱকান্ত সন্দিকৈৰ একক আৰু পৃথক পৰিচয় হৈছে— ধর্ম, অন্ধবিশ্বাস, পৰম্পৰা, গোড়ামি আদিৰ বিৰুদ্ধে তেওঁৰ কলম অতি তীক্ষ্ণ, তেওঁ যি আদর্শ আৰু দৃষ্টিভঙ্গীৰে সাহিত্য সৃষ্টি কৰিছে; সেয়া অসমীয়া সাহিত্যত তেওঁৰ স্বকীয়তা। সন্দিকৈয়ে তীক্ষ্ণ ভাষাৰে আৰু বিজ্ঞানসন্মতভাৱে ধৰ্ম আৰু ধৰ্মৰ সৈতে সাঙোৰ খাই থকা পৰম্পৰা, গোড়ামি, অন্ধবিশ্বাস আদিৰ বিপক্ষে মাত মাতি সমাজখনত বৈজ্ঞানিক মানসিকতা গঠনৰ বাবেই অহর্নিশে কাম কৰি আহিছে।

অৱশ্যে প্রথমেই উল্লেখ কৰি লোৱা ভাল হ'ব, সচৰাচৰ গোড়া পৰম্পৰাত আচ্ছন্ন, ধর্মভীৰু লোকৰ বাবে দেৱকান্ত সন্দিকৈৰ লেখা বুজি পোৱাটো বা বুজি মানি লোৱাটো সহজতে সম্ভৱ নহয়। নতুন দৃষ্টিভংগী আৰু প্রগতিশীল চিন্তা-চৰ্চাক আঁকোৱালি ল'ব নোখোজা লোকৰ বাবে সন্দিকৈৰ লেখা পঢ়াৰ সুখকৰ অভিজ্ঞতা নহয় বুলিয়েই ক'ব পাৰি। কাকত, আলোচনীত নিয়মীয়াকৈ প্রবন্ধ লিখাৰ সমান্তৰালভাৱে সন্দিকৈয়ে বর্তমানলৈকে দহখনতকৈও অধিক প্রবন্ধ সংকলন প্রকাশ কৰি উলিয়াইছে। ইয়াৰে প্ৰতিখন সংকলনতে সন্দিকৈৰ কলমৰ ধাৰ অতি চোকা। সমাজৰ প্রতিটো দিশেই তেওঁৰ পর্যালোচনাত নতুনত্ব লাভ কৰিছে। আলোচিত প্রতিটো বিষয়েই পঢ়ুৱৈৰ মন-মননত নতুন চিন্তা-চেতনাৰ সম্ভেদ দিব পাৰে। দেৱকান্ত সন্দিকৈৰ ২০১২ চনত প্ৰকাশ হোৱা তেনে এখন গুৰুত্বপূর্ণ প্রবন্ধ সংকলন হ'ল— ‘জীৱনটো আমি মাথোঁ এবাৰেই পাওঁ”‌। গ্রন্থখনত সন্দিকৈয়ে মুঠ ৬৪ খন ৰচনা লিখিছে। ইয়াৰে প্রতিখন ৰচনাতে সন্দিকৈয়ে সমাজ-সভ্যতা, সংস্কৃতি, ৰাজনীতি, অর্থনীতি, ধর্ম, পৰম্পৰা, গোড়ামিৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, শিক্ষা, ব্যৱসায়-বাণিজ্যলৈকে সমসাময়িক প্রায় প্রতিটো দিশতে নিজৰ অধ্যয়ন, অভিজ্ঞতা আৰু ইতিবাচক চিন্তা-চেতনাৰে নতুন নতুন বিষয়ৰ পর্যালোচনা কৰিছে। বিষয় এটাৰ উপস্থাপন শৈলীৰ নতুনত্ব, উদাহৰণৰ যথার্থতা, বর্ণনাশৈলীৰ সৰলতা আৰু চিন্তাৰ খোৰাক সৃষ্টিত দেৱকান্ত সন্দিকৈৰ প্রতিখন গ্রন্থই অনুপম। তেওঁৰ জীৱন সম্পর্কীয় দৃষ্টিভংগী আৰু মূল্যবোধৰ শিক্ষাও আমাৰ সমসাময়িক সমাজখনৰ বাবে অতি প্রয়ােজনীয়। তেওঁ যিধৰণে কথাবােৰ ক'ব খোজে, সমাজখন চলাটো বিচাৰে, বৈজ্ঞানিক মানসিকতাৰে পুষ্ট প্রতিজন মানুহৰ বাবেই সেয়া ইতিবাচক বিষয়। অন্ধ পৰম্পৰা আৰু গোড়া নিয়ম ভাঙি নতুনকৈ আৰু নিজাকৈ কাম কৰিব খোজা যুৱ প্ৰজন্মৰ বাবে আৰু প্রগতিশীল মন-মননেৰে নিজকে সমৃদ্ধ কৰাৰ লগতে সমাজ শুদ্ধিকৰণত অংশ ল'ব খোজাসকলৰ বাবে দেৱকান্ত সন্দিকৈৰ কিতাপবোৰ পথ পদর্শকৰ দৰে। তেওঁৰ চিন্তা-চেতনাৰে সমৃদ্ধ হৈ এখন ‘মানৱতাৰ পৃথিৱী’ গঠনত সকলোৱে আগভাগ ল'ব পাৰে।

গ্ৰন্থখনত মুঠ তিনিটা খণ্ড আছে। ইয়াৰে প্রথম খণ্ডত আছে— অন্ধবিশ্বাস, ধর্ম আৰু আধ্যাত্মিকতা সমন্ধে। উল্লেখ্য যে সন্দিকৈ মানুহজন নিৰীশ্বৰবাদী। তেওঁৰ ৰচনাত সেয়েহে ঈশ্বৰ সম্বন্ধে ইতিবাচক দিশৰ আলোচনা পোৱা নাযায়। ঈশ্বৰ বিশ্বাসে যে মানুহক মানৱতাবাদৰ জ্ঞান নিদিয়ে, সেই সম্পর্কে সন্দিকৈ নিশ্চিত। গতিকে তেওঁ ঈশ্বৰৰ ধাৰণা নিঃশেষ কৰি তাৰ ঠাইত মানৱতাবাদক প্রতিষ্ঠা কৰিব বিচাৰে। তেওঁৰ স্পষ্ট কথা — ‘ধর্ম মানৱতাৰ শত্রু।' নামঘৰ, মন্দিৰবোৰকো সেয়েহে তেওঁ অন্ধবিশ্বাস, কু-সংস্কাৰৰ ভঁৰাল বুলি অভিহিত কৰিছে। এইদৰে অভিহিত কৰাৰ অন্তৰালত তেওঁ যিবোৰ যুক্তিৰ প্ৰয়োগ ঘটাইছে, সেয়া খণ্ডন কৰাটো কিন্তু কঠিন।

‘আধ্যাত্মিকতাবাদৰ ব্যৱহাৰিক অর্থ কি’ শীৰ্ষক ৰচনাত লিখকে আধ্যাত্মিকতা আৰু ব্যৱহাৰিক জ্ঞানৰ মাজত থকা পার্থক্য সম্পর্কে বিশ্লেষণ কৰিছে। সেইদৰে আধ্যাত্মিকতাই যে মানুহক সৎ আৰু মানৱতাবাদী হ'বলৈ নিশিকায় বা শিকাব নোৱাৰে, সেই সম্পর্কেও তেওঁ যুক্তিনিষ্ঠ বিশ্লেষণ আগ বঢ়াইছে। ধৰ্মৰ বিৰুদ্ধাচৰণ কৰিব লাগে বাবেই সন্দিকৈয়ে ধৰ্মৰ নেতিবাচক কথা কোৱা নাই, বৰঞ্চ তেওঁ বাস্তৱ সমাজখনৰ উদাহৰণ আৰু ধৰ্মৰ প্রকৃত কদর্য স্বৰূপ উদঘাটন কৰি সেই উদ্ঘাটনৰ দ্বাৰা মানুহৰ মন-মননক নৈতিকতাৰ শিক্ষা আৰু মানৱতাৰ শিক্ষা দিবলৈ চেষ্টা কৰিছে। ধর্ম যে সত্যৰ সৈতে মুখামুখি হ'ব নোখোজা আৰু সুবিধাবাদী মানুহৰ একো একোখন ওৰণি, সেই কথা সন্দিকৈয়ে স্পষ্টকৈ উল্লেখ কৰিছে।

‘ব্ৰাহ্মণ্যবাদৰ পৰা মুক্তি পোৱাৰ বাস্তৱিক উপায়' শীর্ষক ৰচনাত লেখকে ব্ৰাহ্মণ্যবাদৰ চিন্তা-চেতনাৰ অন্তৰালত লুকাই থকা জাতিভেদ প্ৰথাৰ কদর্য দিশ আৰু ধনৱন্ত শ্রেণীৰ কপট, ভণ্ডামিৰ বিষয়ে লিখা হৈছে। নগেন শইকীয়া আৰু ময়ূৰ বৰাৰ প্রসংগ আনি লেখকে উদাহৰণৰ সৈতে দেখুৱাই দিছে যে সমাজত ব্ৰাহ্মণ্যবাদৰ শিপাডাল গভীৰলৈ শিপাই আছে। সেইদৰে লেখকে লেখাটোৰ শেষৰ ফালে এই আশাও কৰিছে যে অসমীয়া মানুহেই প্রথম ধৰ্মক বাদ দি মানৱতা, বিজ্ঞান আৰু যুক্তিৰ দ্বাৰাই পৰিচালিত হোৱা সমাজ এখন গঢ়ি তোলক।

‘নাই ক'তো ঈশ্বৰৰ অস্তিত্ব আছে মাথোঁ প্রকৃতি' শীর্ষক লেখাত জীৱজগতৰ কার্য-কাৰণৰ প্ৰতিটো বিষয়ৰ অন্তৰালৰ মূল শক্তি যে ঈশ্বৰ নহয়, বৰঞ্চ প্রকৃতিহে, সেই কথা লেখকে যুক্তিনিষ্ঠভাৱে আৰু বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি দেখুৱাইছে। প্রদত্ত ৰচনাতে তেওঁ ঈশ্বৰ নথকাৰ কেইবাটাও প্রমাণ আৰু তথ্য দাঙি ধৰিছে। ঈশ্বৰ কেৱল একাংশ ঠগ, প্রবঞ্চকৰ জীৱিকাৰ মূলধন আৰু ধৰ্ম হৈছে এক ব্যবসায়।

‘ধৰ্ম আৰু চিটফাগু’ শীর্ষক ৰচনাত মাজুলীৰ এখন সত্ৰৰ সত্ৰাধিকাৰৰ মনত ঈশ্বৰহীনতাৰ ধাৰণাটো জন্ম হোৱাৰ কথা তেওঁ সবিস্তাৰে উল্লেখ কৰিছে। লগতে তেওঁ এই কথাও উল্লেখ কৰিছে যে— 'এজন ধর্মগুৰুৰ হৃদয়ত ধৰ্মৰ অসাৰতা তথা ঈশ্বৰৰ অস্তীত্বহীনতাৰ উপলব্ধি জাগি উঠাটো এখন ধর্মহীন মানৱতাপূর্ণ সমাজ কল্পনা কৰাসকলৰ বাবে বৰ উৎসাহজনক কথা।’

তদুপৰি প্ৰথম খণ্ডটোৰ বাকীকেইখন ৰচনাত লেখকে ধর্ম বিষয়ক বিভিন্ন দৃষ্টিকোণ আৰু পর্যালোচনাৰে ইয়াৰ অন্তসসাৰশূন্যতা প্রমাণ কৰিছে। ধর্ম ঈশ্বৰক বিশ্বাস কৰি ভাগ্যক ধিয়াই বহি থকাতকৈ নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল হ'বলৈহে সন্দিকৈয়ে আহ্বান জনাইছে। লগতে তেওঁ উল্লেখ কৰিছে যে ঈশ্বৰবিশ্বাসে আত্মবিশ্বাস নবঢ়ায়, বৰঞ্চ ধর্মান্ধতাৰ সৃষ্টি কৰি গোড়া ৰীতি-নীতিৰহে সৃষ্টি কৰে।

গ্ৰন্থখনৰ দ্বিতীয় খণ্ডটোৰ নামকৰণ কৰিছে ‘সানমিহলি চিন্তা’ নামেৰে। এই খণ্ডটোত লেখকে জীৱনৰ বিভিন্ন মুহূৰ্তৰ স্মৰণীয় ঘটনা, সমাজজীৱনৰ গুৰুত্বপূর্ণ বিষয়, সমসাময়িক ৰাজনৈতিক, অর্থনৈতিক পৰিস্থিতি আদিৰ বিষয়ে লিখিছে। এই খণ্ডৰ প্ৰতিখন ৰচনাতে লুকাই আছে সন্দিকৈৰ দেশ, ৰাজ্যখনৰ প্ৰতি থকা প্রেম, আন্তৰিকতা আৰু দায়বদ্ধতা । তেওঁ নিজৰ লেখাৰ মাজেৰে এটা মন আৰু বিজ্ঞানসন্মত পথৰ শুভাৰম্ভ কৰিছে, যি বাটেৰে সমাজখন বাট বুলিলে সকলোৰেই মঙ্গল হ'ব বুলি তেওঁ ভাবে। আৰু আমিও এই চিন্তাৰ সৈতে সহমত পোষণ কৰো যে হয়, ধর্মতকৈ সমাজত মানৱতাবাদৰহে প্রয়োজন অধিক।

সন্দিকৈৰ এই খণ্ডটোত ৰাজনৈতিক চিন্তা-চেতনাৰ পূর্ণ প্রতিফলন দেখা যায়। তেওঁ জাতি-জনজাতিবোৰৰ স্বাভিমান, অধিকাৰক লৈয়ো চিন্তিত। সেইদৰে তেওঁ চৰকাৰৰ কৰ্মৰাজিৰ ইতিবাচক, নেতিবাচক মূল্যায়নো গ্ৰন্থখনত স্পষ্টকৈ কৰিছে। জনসাধাৰণৰ চৰিত্ৰ আৰু কাম-কাজৰ বিষয়েও তেওঁৰ সমালোচনাৰ ধাৰ অতি তীক্ষ্ণ। তেওঁ ‘সাধাৰণ' আৰু 'বিশেষ' শীর্ষক ৰচনাত কৈছে যে— 'আইন নথকাটো আমাৰ সমস্যা নহয়, আইন পালন নকৰাটো বা আইন মানিব নোখোজোটোহে আমাৰ দেশৰ আটাইতকৈ ডাঙৰ সমস্যা‌।

'ৰঙালী বিহুৰ পৰিৱৰ্তন' শীর্ষক ৰচনাত সন্দিকৈয়ে আন এটি ইতিবাচক চিন্তাৰ পোষকতা কৰিছে। চহৰ আৰু আধুনিকতাই অসমীয়া বিহু সংস্কৃতিক বিকৃত কৰিছে বুলি সততে সমালোচনা আৰু বিতৰ্ক কৰাসকলৰ বিৰুদ্ধে সন্দিকৈয়ে এই লেখাৰ জৰিয়তে প্রতিবাদ কৰিছে। সন্দিকৈৰ ভাষাত, এটা জাতিৰ সংস্কৃতিক সেই জাতিৰ তথাকথিত ঐতিহ্য তথা পৰম্পৰাই অনবৰতে পিছফালৰ পৰা ধৰি টানি থাকিলে সি আৰু সংস্কৃতি হৈ নাথাকে— সি হ'ব বদ্ধ জলাশয়। ‘ৰাস্তা-পদূলিৰ কথা' শীর্ষক ৰচনাত অসমৰ আলি-পদূলিৰ দুৰৱস্থা আৰু চৰকাৰৰ অমনোযোগিতাৰ কথা প্রকাশ কৰিছে। গ্রাম্য পর্যায়ত ৰাস্তা-পদূলিৰ অৱস্থা যে সাম্প্রতিক সময়তো তথৈবচ, চৰকাৰে যে বছৰে বছৰে মনৰ নামত জনতাৰ টকা পানীত পেলাই আহিছে, নিজৰ পকেট গৰম কৰিছে, সেই কথা সন্দিকৈয়ে ভয়-আশঙ্কা নোহোৱাকৈ স্পষ্ট ভাষাৰে বর্ণনা কৰিছে। সেইদৰে ‘অসমীয়া সাহিত্যৰ সভাকাণ্ড' শীর্ষক ৰচনাত অসম সাহিত্য সভাৰ বহু ভিন্ন সমস্যাৰাজিৰ বিষয়ে বিশ্লেষণ কৰিছে। সেইদৰে সাহিত্যৰ সভাত ৰাজনৈতিক নেতাৰ পয়োভৰৰ কথা উল্লেখ কৰি একেজন সভাপতি, সম্পাদকে কিদৰে সাহিত্য সভাক জাতীয় অনুষ্ঠানৰ পৰা ব্যক্তিগত অনুষ্ঠানলৈ পৰিণত কৰিছে, তাৰ বিৱৰণ পোৱা যায়। সন্দিকৈয়ে সেয়েহে এই বচনাৰ শেষৰ ফালে কৈছে— “শুনিবলৈ পোৱা মতে ৰাজনীতিলৈ ভাল মানুহ নোযোৱাৰ দৰে সাহিত্য সভালৈও হেনো ভাল সাহিত্যিক যাবলৈ ইচ্ছা নকৰা হ'ল। সাহিত্য সভা হেনো এতিয়া নানা জোখৰ কলংকিত ব্যক্তিৰ মিলনস্থলত পৰিণত হ'ল।

সাহিত্যিকৰ পেঞ্চন সন্দৰ্ভত সন্দিকৈয়ে বহুতো অপ্রিয় সত্য উদঘাটন কৰি সাহিত্যিক পেঞ্চনৰ বাবে সাহিত্যিকৰ খোৱা-কামোৰা আৰু অসৎ পদ্ধতিৰ মাজেৰেই যে এই নিৰ্বাচনী প্রক্রিয়া হৈ আহিছে, সেই কথা উল্লেখ কৰিছে। হীৰেন গোহাঁইৰ দৰে ব্যক্তিয়ে পেঞ্চনৰ বাবে আবেদন নকৰাকৈ যদি পেঞ্চন পাব পাৰে, তেন্তে একে প্ৰক্ৰিয়াৰেইনো আনসকল সাহিত্যিকে কিয় নিজৰ যোগ্যতাৰ ভিত্তিত সাহিত্যিক পেঞ্চন পাব নোৱাৰে বুলি সন্দিকৈয়ে কৰা নিৰপেক্ষ বিশ্লেষণ মন কৰিবলগীয়া।

'মহানগৰীয়া কৃত্ৰিম বানপানী, লেহেমীয়া অসম' নামৰ ৰচনাত সন্দিকৈয়ে গুৱাহাটীৰ কৃত্ৰিম, বানপানী সম্পৰ্কত বিশ্লেষণ আগ বঢ়াইছে। বানপানীৰ কাৰণ আৰু জনসাধাৰণৰ সমস্যাৰ লগতে জনসাধাৰণৰ ভুলৰ বাবেও যে অনাহক বনপানী সমস্যা সৃষ্টি হৈছে, সেই কথা তেওঁ উল্লেখ কৰিছে। আধুনিক বিলাসিতা আৰু বিজ্ঞানসম্মত জ্ঞানৰ অভাৱেই এই বানপানী সমস্যাৰ অন্যতম কাৰণ। সেইদৰে চৰকাৰৰ উপযুক্ত আঁচনিৰ অভাৱো বানপানী সমস্যাৰ মূল কাৰণ। ‘ঘৰগোনা' অসমীয়াৰ প্ৰতিটো কামেই যে সময়তকৈ পাছপৰা; যি এলেহুৱা স্বভাৱৰ বাবে লাচিতে মোমায়েকক কাটিছিল, সেই প্ৰসংগৰ অৱতাৰণা কৰি বৰ্তমান সময়ত যে অসমীয়াৰ মাজলৈ কিছু পৰিৱৰ্তন আহিছে বা সভ্যতাৰ লগে লগে যে অসমীয়া সমাজো আগ বাঢ়ি যাবলৈ সক্ষম হৈছে, সেই কথা সন্দিকৈয়ে উল্লেখ কৰিছে।

“ৰেগিং সন্ত্রাস' শীর্ষক ৰচনাত লেখকে এটি ভয়াবহ অপৰাধ আৰু ব্যাধি হিচাপে ৰেগিঙৰ বিপক্ষে মাত মাতিছে। ৰেগিং কৰাটো বিকৃত মানসিকতাৰ গৰাকী বুলিহে লেখকে উল্লেখ কৰিছে। সেইদৰে বৈজ্ঞানিক মানসিকতাৰ অভাৱেহে এইধৰণৰ বিকৃত কাম-কাজ কৰিবলৈ ছাত্র সমাজক অনুপ্ৰেৰণা যোগায় বুলি লেখকে উল্লেখ কৰিছে।

লেখকে শেহতীয়াকৈ মুক্তি লাভ কৰা হিন্দী চলচ্চিত্র ‘অ’ মাই গড’ৰ কথাও বিস্তাৰিতভাৱে ‘কথা-অপৰাধ, অ’ মাই গড' শীর্ষক ৰচনাত উল্লেখ কৰিছে। এই চলচ্চিত্ৰখনে সমাজৰ ধৰ্মীয় কার্যকলাপৰ প্ৰকৃত অৱস্থাটো দেখুৱাবলৈ সক্ষম হৈছে। য’ত ধর্ম আছে, ত’ত সত্তা নাই, য'ত সত্তা আছে, ত’ত ধৰ্মৰ প্ৰয়োজন নাই বুলি লেখকে মহৎ বাণীৰ দৰে মননশীল মন্তব্য কৰি সমাজত ধৰ্মৰ অন্তঃসাৰশূন্যতা প্রমাণ কৰাৰ চেষ্টা কৰিছে।

তৃতীয় খণ্ডত লেখকে দুটা বিষয় সন্দৰ্ভত আলোকপাত কৰিছে। ‘মোৰ মনৰ ভিতৰৰ ভূপেন হাজৰিকাজন' শীর্ষক ৰচনাত লেখকে অসমীয়া সমাজ জীৱনত ভূপেন হাজৰিকাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সম্পর্কে উল্লেখ কৰিছে আৰু ভূপেন হাজৰিকাৰ গীতবোৰ ‘ভূপেন সংগীত' নহৈ কিয় 'ভূপেন্দ্র সংগীত’ কৰা হ'ল বুলি যুক্তি দৰ্শাইছে। এনেদৰে থাকিলে পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাৰ প্রকৃত নাম ভূপেন নে ভূপেন্দ্ৰ আছিল, তাকে লৈ মতানৈক্য সৃষ্টি হ'ব বুলি সন্দিকৈয়ে শংকা প্রকাশ কৰিছে‌। ‘ডাক্তৰ’ শীৰ্ষক ৰচনাত সন্দিকৈয়ে নিজৰে সৰুতে ডাক্তৰ হোৱাৰ সপোন দেখাৰ কথা উল্লেখ কৰি পৰবৰ্তী সময়ত তেওঁৰ জীৱনত কেইজনমান ডাক্তৰে কিদৰে প্ৰভাৱ পেলালে, সেই কথা উল্লেখ কৰিছে। এই দুটা লেখাত লেখকজনৰ সামাজিক দায়বদ্ধতাতকৈ ব্যক্তিগত চিন্তা-চৰ্চাৰ অনুৰণনহে দেখা যায়।

পৰিশেষত ক'ব পাৰি যে সন্দিকৈৰ এই গ্ৰন্থখনে অসমীয়া মানুহক নিজৰ স্বাভিমান, অধিকাৰ, প্রাপ্য স্বাধীনতা আদিৰ বিষয়ে সজাগ কৰাৰ লগতে অন্ধবিশ্বাস, কু সংস্কাৰৰ পৰা আঁতৰাই বৈজ্ঞানিক মানসিকতাৰে পৰিপুষ্ট হোৱাত নিশ্চিতভাবে সহায় কৰিব। আৰু বৈজ্ঞানিক মানসিকতাৰে সমৃদ্ধ হ'লেহে সমাজ এখন নিৰোগী, নিজঞ্জালে বৰ্তি থাকিব পাৰিব। গ্ৰন্থখনে পাঠকৰ ব্যক্তিগত জীৱনত থকা বিশৃংখল চিন্তা-চৰ্চাক নিঃশেষ কৰি জীৱনটো শৃংখলিত কৰাত সহায় কৰিব। ৰচনাবোৰৰ মাজে মাজে থকা বিদ্রূপাত্মক লেখনি আৰু ব্যঙ্গই জনসাধাৰণক নিজকে বিশ্লেষণ কৰাৰো সুবিধা দিব। বনলতা প্রকাশনে প্রকাশ কৰা গ্ৰন্থখনৰ মূল্য ১৬০ টকা।

Share Button
Print Friendly, PDF & Email

No Comments : "দেৱকান্ত সন্দিকৈৰ "জীৱনটো আমি মাথোঁ এবাৰেই পাওঁ"-(ভাস্কৰ ভূঞা)"

Leave a Comment

Your email address will not be published. Required fields are marked *