দেৱতা, বিশ্বাস আৰু আধুনিক মানুহ (অজিত শইকীয়া)

প্ৰাচীন কালত মানুহে ভাৱিছিল, দেৱতাসকল অপাৰ ক্ষমতাৰ অধিকাৰী। দেৱতাই এনে আচৰিত কাম কৰিব পাৰে যে, মানুহে সেইবোৰ কল্পনাও কৰিব নোৱাৰে। পিচে দেৱতাক মানুহে দেখা নাই। নাইদেখা তেওঁলোকৰ অদ্ভুত কৰ্ম-কাণ্ড। দেৱতাৰ নানা কাহিনী গোটেই পৃথিৱীতে প্ৰচলিত আছে যদিও, বাস্তৱত সেইবোৰৰ অস্তিত্বৰ বিষয়ে একো প্ৰমাণ পোৱা হোৱা নাই। অথচ উক্ত কাহিনীবোৰত বৰ্ণিত কথাবোৰ অধিক সংখ্যক মানুহে আজিও বিশ্বাস কৰে।
দেৱতাসকল প্ৰকৃততে কেনেকুৱা, তেওঁলোকে কি কৰে, প্ৰথমে সেইবিষয়ে অলপ উল্লেখ কৰা হ'ল : প্ৰাচীন পৃথিবীৰ সভ্যতাসমূহৰ দিনৰ পৰা পৃথক পৃথক দেৱ-দেৱীৰ আখ্যান আৰু বিশ্বাসৰ কথা জনা যায়। সুমেৰীয়সকলৰ এনিক, ইনান্না, এনলিল আদি দেৱতাৰ নাম পোৱা যায়। এনিক আৰু ইনান্না মানুহৰ সৃষ্টিকৰ্তা। মাটিৰ পুতলাত প্ৰাণসঞ্চাৰ কৰি হেনো মানুহৰ জন্ম দিছিল। আচৰিত কথা যে , উক্ত দুই দেৱতাৰ বিবাদৰ ফলত বিকলাংগ মানুহৰ জন্ম হোৱা বুলি প্ৰবাদ আছে।

বেবীলনীয় সভ্যতাৰ মাৰ্দুক নামৰ দেৱতাৰ কাহিনী মতে, মাৰ্দুকে সমুদ্ৰৰ অধিপতি দানবীক যুদ্ধত পৰাস্ত কৰি দুচেও কৰিছিল। দানবীৰ দেহৰ খণ্ড দুটাৰ পৰা আকৌ আকাশ আৰু পৃথিবীৰ সৃষ্টি হোৱাৰ কথা প্ৰচলিত আছে।

আফ্ৰিকাৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত বিচিত্ৰ প্ৰকাৰৰ দেৱ-দেৱীৰ বিশ্বাস চলি আহিছে। কোনো কোনো দেৱ-দেৱী যদি পশু-পক্ষীৰ আকৃতিৰ অন্য কোনো দেৱ-দেৱী আকৌ পশু-পক্ষী আৰু মানুহৰ সন্মিলিত ৰূপৰ। মিচৰৰ প্ৰধান দেৱতা হোৰাচৰ দেহঅংশ মানুহৰ আৰু মূৰটো শক্তিশালী সেনচৰাইৰ। তদুপৰি, দেৱতা ক্ৰমে খুনম আনুকিচৰ মুখ মহ আৰু শিয়ালৰ দৰে। খুনমে মাটিৰে নিৰ্মিত মানুহৰ মূৰ্তিত প্ৰাণ সঞ্চাৰেৰে মানুহৰ জন্ম দিছিল। কোনোবা দেৱতাৰ কৃপাত সাগৰৰ পৰা পোনে পোনে মানুহৰ উৎপত্তিৰ কাহিনী আছে। ভাৰতবৰ্ষৰ দেৱ-দেৱীসকলৰ বিষয়ে অজস্ৰ কাহিনী আছেই। সুন্দৰ-সুঠাম মানৱ আকৃতিৰ দেৱতাৰ উপৰি বিভিন্ন পশু-পক্ষী আৰু মানুহৰ মিলিত ৰূপ, বিমূৰ্ত ৰূপ আদিৰ যেন শেষ নাই।
পৃথিবীৰ বিভিন্ন প্ৰান্তৰ দেৱ-দেৱীৰ কাহিনী আৰু তেওঁলোকৰ কাৰ্যকলাপৰ মাজত কোনো কোনো ক্ষেত্ৰত মিল দেখা গ'লেও, অন্য বহু কাহিনীত অমিল দেখা যায়। উদাহৰণস্বৰূপে জীৱ, পৃথিৱী আৰু ইয়াৰ সাগৰ, নদ-নদী, বায়ু, আকাশ, মহাকাশ আদিৰ সৃষ্টিৰ পৃথক পৃথক কাহিনীবোৰৰ কোনটো সত্য , কোনটো অসত্য তাৰ চিন্তাই মানুহক বিভ্ৰান্ত কৰে ।

পণ্ডিতসকলৰ মতে প্ৰাচীনকালৰ একাংশ নেত্ৰীস্থানীয় মানুহে সাধাৰণ মানুহৰ মাজত দেৱ-দেৱীৰ গুণ-গৰিমা প্ৰচাৰ কৰিছিল। মানুহৰ মাজত দেৱ-দেৱীৰ প্ৰতি সৃষ্টি হোৱা বিশ্বাস আৰু ভয়ে, দেৱ-দেৱীৰ ওচৰত মানুহক বশ হৈ থাকিবলৈ শিকালে।

সম্প্ৰতি উচ্চশিক্ষিত একাংশই মানুহৰ জীৱনক সঠিক পথেৰে আগুৱাই নিয়াৰ উদ্দেশ্যে, মানুহক কল্পনাৰ ওপৰত প্ৰতিষ্ঠিত দেৱ-দেৱীৰ বিশ্বাস ত্যাগ কৰাৰ আহ্বান জনোৱা দেখা যায় । বিষয়টো নিশ্চয়কৈ ভাবি চাবলগীয়া ।

দেৱতাৰ আচৰিত কামবোৰ মানুহে দেখা নাই। আজিৰ দিনত মানুহেহে বিস্ময়কৰ কামবোৰ কৰিছে। উদাহৰণ হিচাপে আমি চাব পাৰো :

* পৃথিবীৰ মাধ্যাকৰ্ষণ শক্তি , মহাবিশ্বৰ মহাকৰ্ষণ শক্তি , দৃশ্যমান বস্তুৰ গতি বিষয়ৰ সূত্ৰ , বগা পোহৰৰ অন্তৰ্নিহিত বৰ্ণালীৰ বিষয়ে বিজ্ঞানী নিউটনেহে প্ৰথম পৰীক্ষামূলকভাৱে বাখ্যা কৰিছিল।

* পৃথিবী মহাবিশ্বৰ কেন্দ্ৰত অৱস্থিত বুলি প্ৰাচীন কালৰ পণ্ডিতবৰ্গই ভাৱিছিল। এই বিভ্ৰান্তি তেওঁলোকৰেই আছিল। আধুনিক যুগত জ্যোৰ্তি-পদাৰ্থবিজ্ঞানীসকলেহে আচল সত্য মানুহক বুজাই দিলে, পৃথিবী মহাবিশ্বৰ কেন্দ্ৰত নহয়। আমাৰ পৃথিবীখন মহাবিশ্বৰ এচুকত থকা হাতীপটি তাৰকাৰাজ্যৰ অন্তৰ্গৰ এক আওহতীয়া স্থানহে অৱস্থিত। বিশাল মহাবিশ্বৰ তুলনাত পৃথিবীখন প্ৰায় গুৰুত্বহীন এটা যেন ধূলিকণা মাত্ৰ। কেৱল মানুহৰ বাবেহে পৃথিবী গুৰুত্বপূৰ্ণ ।

* পৃথিবীৰ জীৱবোৰ কেনেকৈ বাচি আছে মানুহে দেৱতাৰ পৰা জানিব পৰা নাই। বিজ্ঞানেহে মানুহক এই বিষয়ে আচল বতৰা দিছে। বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ স্তৰ আয়নস্ফিয়েৰে মহাকাশৰ মাৰাত্মক 'অতিবেঙুনীৰশ্মি' পৃথিবীলৈ অহাত বাধা দি জীৱকুলক ৰক্ষা কৰিছে। তদুপৰি, অন্যান্য কিছুমান কাৰণতো পৃথিবীত জীৱ বাচি থকাটো সম্ভৱ হৈছে।

* বিজুলী, বজ্ৰপাত, ধুমুহা, সমুদ্ৰৰ ভয়ঙ্কৰ ৰূপবোৰৰ আঁৰত একোজন দেৱতাৰ ইচ্ছাশক্তি আছে বুলি ভাবি থকা মানুহে, আজিৰ দিনত বুদ্ধিমান বিজ্ঞানীৰ জৰিয়তে সঁচা কথাবোৰ জানিবলৈ সমৰ্থ হৈছে। প্ৰকৃতিৰ এই আচৰিত ৰূপবোৰৰ কাৰণ হৈছে সূৰ্য্ উত্তাপৰ ফলত বায়ু, পানী, মাটিৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। ভূ-আন্দোলন বাবে হয় ভূমিকম্প। পুৰণি বিশ্বাসমতে আকাশত দেৱতাই সৃষ্টি কৰা বিজুলী আধুনিক যুগত বিভিন্ন উপায়েৰে মানুহে উৎপাদন কৰিবলৈ শিকিলে। আকাশত বিজুলীৰ চমকণিৰ কাৰণো মানুহে জানে। বিজুলী সৃষ্টিত দেৱতাৰ হাত আছে জানোঁ?

* খৃষ্টপূৰ্ব চাৰিহেজাৰমান বছৰৰ আগতে জীৱবোৰ পৃথকে পৃথকে কোনোবা দেৱতাই সৃষ্টি কৰা প্ৰৱাদটো সঁচানে? এই কথা বিজ্ঞানে সুন্দৰকৈ বাখ্যা কৰিছে। জীৱবিজ্ঞানে দেখুৱাইছে, পৃথিবীত জীৱ আৱিৰ্ভাৱৰ ঘটনা প্ৰায় ডেৰ-দুইশ কোটি বছৰ পুৰণি। এতিয়ালৈ বত্ৰিশ কোটি বছৰ আগৰ জীৱাশ্ম বিজ্ঞানীয়ে উদ্ধাৰ কৰিছে। অন্যহাতে দেৱতাৰ ধাৰণাটো দহৰ পৰা বিশ হাজাৰমান বছহে পুৰণি। জীৱ সৃষ্টি এক প্ৰামাণিক বিৱৰ্তন প্রক্ৰিয়া। বিৱৰ্তনৰ এই ধাৰণা প্ৰাচীন যুগত নাছিলেই। জৈৱ বিৱৰ্তনৰ জ্ঞান দেৱতাৰ সলনি মানুহে নিজৰ বুদ্ধিৰ বলতহে লাভ কৰিছে।

সকলো জীৱৰ চেহেৰা চৰিত্ৰ কিয় পৃথক পৃথক হ'ল তাৰ কাৰণো হেনো দেৱতাৰ ইচ্ছা। জীৱৰ চৰিত্ৰ কিয় আৰু কেনেকৈ দেৱতাই পৃথক পৃথক কৰিলে সেই বিষয়ে দেৱতাৰ কাহিনীৰ পৰা অনুসন্ধিৎসু মানুহে আশানুৰূপ উত্তৰ পোৱা নাই। আধুনিক যুগত মানুহেহে গৱেষণাৰ জৰিয়তে সঠিক তথ্যৰ সন্ধান লাভ কৰিছে। জীৱৰ চেহেৰা চৰিত্ৰ তাৰ দেহৰ ভিতৰতে থাকে। একোবিধ জীৱৰ দেহৰ কোষত থকা অতি ক্ষুদ্ৰ জিন নামৰ কণিকা বিধতে সেই জীৱৰ সমস্ত চৰিত্ৰ লুকাই থাকে। সময়ৰ লগে লগে জিনৰো পৰিৱৰ্তন হয়।

এইদৰে জীৱৰ চৰিত্ৰৰো সাল-সলনি হয়। গতিকে দেৱতাৰ সৃষ্ট উপায়েৰে নহয়, আচল সত্য মানুহে নিজৰ প্ৰতিভাৰ বলত জানিবলৈ সমৰ্থ হৈছে। যদিওবা জগত সম্বন্ধে আৰু বহু কথা খৰচিমাৰি জানিবলৈ এতিয়াও বাকী আছে। প্ৰাচীনকালৰপৰাই দেৱতাৰ বিশ্বাসে মানুহক খুব প্ৰভাৱিত কৰি আহিছে। অন্যহাতে প্ৰাচীন সভ্যতাসমূহৰ দিনৰ পৰা মানুহে বিজ্ঞানৰো চৰ্চ্চা অব্যাহত ৰাখিছে। আধুনিক যুগত বিজ্ঞানৰ চৰম উন্নতিয়ে প্ৰাচীন বিশ্বাসবোৰক কিছু দুৰ্বল নকৰাকৈ থকা নাই। আজিৰ দিনত মানুহে জীৱৰ উপৰিও ব্ৰহ্মাণ্ড আৰু ইয়াৰ বস্তু-পদাৰ্থ সমূহ তথা বিভিন্ন প্ৰকাৰৰ শক্তিৰ বিষয়েও খুব বিস্তৃত ৰূপত জানিবলৈ সক্ষম হৈছে। আটাইতকৈ জটিল বিষয় ব্ৰহ্মাণ্ডৰ সৃষ্টি প্রক্ৰিয়াও মানুহে প্ৰায় শুদ্ধকৈ জানিব পাৰিছে নিজৰ প্ৰতিভাৰ বলত। ওপৰত উল্লেখ কৰা ধৰণৰ আৰু অনেক উদাহৰণেৰে দেখুৱাব পাৰি যে, বিশ্বৰ অতি জটিল ৰহস্যবোৰ মানুহে ভেদ কৰাটো সম্ভৱ। বাস্তৱিকতে কেৱল মানুহে বিস্ময়কৰ কামবোৰ কৰিছে। দেৱতাৰ কথা-কহিনীয়ে মানুহক কিঞ্চিত আনন্দ দান কৰে সঁচা। উক্ত কাহিনীবোৰ একেবাৰে বাদ দিব নোৱাৰি। প্ৰাচীন কাহিনীবোৰ অধ্যয়ন কৰি, তাৰপৰা ল'বলগীয়া কিছু শিক্ষনীয় দিশকো নুই কৰিব নোৱাৰি। ইয়াৰ অৰ্থ এইটো নহয় যে, দেৱতাৰ ৰূপ আৰু অলৌকিক কামবোৰ বৰ্ণনা কৰামতেই চিৰসত্য। মানুহৰ শৰীৰৰ একাংশ অন্য জীৱ-জন্তুৰদৰে হোৱা (হোৰাচৰ দৰে) অথবা দুহাতৰ ঠাইত বহুহাতৰ মানৱৰূপী দেৱতাৰ অস্তিত্ব বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা সমৰ্থন কৰাটো সম্ভৱ নহয়। সেইদৰে বৈজ্ঞানিক দৃষ্টিৰে মাটিৰ পুতলাতো জীৱন দিব নোৱাৰি। ইয়াৰউপৰি দেখা যায়, স্বৰ্গৰ অস্তিত্ব বৰ্তমান যুগত অসংখ্য লোকে বিশ্বাস নকৰে। স্বৰ্গ থকা হলে আকাশত নিশ্চয় বিচাৰি পোৱা গ'লহেতেন। থকাহলে বুদ্ধিমান মানুহে দেৱতাৰো সন্ধান নোপোৱাকৈ নেথাকিলহেতেন। দেৱতা বিশ্বাসীসকলে দেৱতাক দেখা নাই, ক'ত থাকে নেজানে। কোৱা হয়, দেৱতা ক'ত থাকে মানুহে জানিবই নোৱাৰে। কিন্তু মানুহে জানিব নোৱাৰে বুলি কোনে কেনেকৈ জানিলে বাৰু? এই প্ৰশ্নৰ পৰিষ্কাৰ উত্তৰ পোৱা নেযায়।

দেৱতা বা সেইধৰণৰ প্ৰাচীন বিশ্বাসবিলাক জোৰ কৰি মানুহৰ মনৰ পৰা কোনেও নাইকিয়া কৰিব নোৱাৰে আৰু এনে কৰা উচিতো নহয়। কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা। উল্লেখযোগ্য যে, মানুহে মানুহৰ লগত সদায় সু-সম্পৰ্ক ৰক্ষা কৰি চলিব লাগে। পৰস্পৰৰ মাজত লাগে বন্ধুত্বপূৰ্ণ সহযোগিতা। তেতিয়া মানুহৰ লগত বিভিন্ন বিষয়ৰ আলোচনা আগবঢ়াই নিয়াত সুবিধা হয়। ইয়াৰ মাজতে অন্ধবিশ্বাস লৈ থকাসকলৰ কথা-বাৰ্তা, আচৰণ নিৰীক্ষণ কৰি, তেওঁলোকৰ মনত যুক্তিসংগত চিন্তাৰ উন্মেষ ঘটোৱা সম্ভৱ হ'ব পাৰে। এইদৰে মানুহক যুক্তিবাদৰ পক্ষত থিয় কৰাব পাৰিলে চিন্তাজগতলৈ আশানুৰূপ পৰিৱৰ্তন নিশ্চয় আহিব। প্ৰাচীন কাহিনী আৰু আধুনিক যুগৰ বৈজ্ঞানিক আৱিষ্কাৰবোৰ মনোযোগেৰে অধ্যয়ন কৰি আমি সঠিক সিদ্ধান্তৰে আগবাঢ়িব পাৰোঁ । অনুসন্ধিৎসু মানুহে লোৱা সঠিক সিদ্ধান্তৰ দ্বাৰা মানুহেই মানুহক সৰ্বকালৰ শ্ৰেষ্ঠতাৰ শাৰীত অধিষ্ঠিত কৰিছে আৰু কৰি যাব।

Share Button
Print Friendly, PDF & Email

No Comments : "দেৱতা, বিশ্বাস আৰু আধুনিক মানুহ (অজিত শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *