গণতন্ত্র আৰু ভাৰতৰ অর্থনৈতিক ৰূপান্তৰ

(অনুবাদকৰ টোকা : 'কৃষক মুক্তি সংগ্রাম সমিতি'ৰ আন্দোলনৰ বিষয়ে বহুতো আলোচনা দেখিবলৈ পোৱা যায় কিন্তু কেনেধৰণৰ পৰির্তিত পৰিস্থিতিৰ পটভূমিত আন্দোলনটো গঢ় লৈ উঠিছে, এই বিষয়ে মন নকৰাৰ ফলত বেছিভাগ বিশ্লেষণেই আন্দোলনটোৰ তাৎপর্য, সম্ভাৱনীয়তা তথা প্রত্যাহবানসমূহ চিনাক্ত কৰাত ব্যর্থ হয়। পার্থ চেটার্জীৰ এই প্রন্ধটোত এনে পৰিবৰ্তিত পৰিস্থিতিৰ এক বিশ্লেষণ পোৱা যায়। অসমীয়া পাঠক উপকৃত হব বুলি তাৰ এটা অনুবাদ আগ বঢ়োৱা হল।

“ছাবলটার্ন ষ্টাডিজ”ৰ প্রথমটো খণ্ড প্রকাশিত হৈছিল ১৯৮২ চনত। বিভিন্ন নিম্ন শ্রেণীৰ, বিশেষকৈ কৃষকসকলৰ দৃষ্টিকোণেৰে ভাৰতীয় আধুনিকতাৰ সমালোচনামূলক পর্যালোচনা কৰিবলৈ চেষ্টা কৰা ৰণজিৎ গুহ নেতৃত্বাধীন এই গোটটোৰ ময়ো সম্পাদকীয় সদস্য আছিলোঁ। এয়া প্রায় ২৫ বছৰ আগৰ কথা। এই ২৫ বছৰীয়া সময়ছোৱাত উত্তৰ-ঔপনিবেশিক ভাৰতীয় পৰিস্থিতিৰ এক মৌলিক পৰিবর্তন দেখা পোৱা গৈছে। পুঁজি, পণ্য আৰু মানুহৰ গোলকীয় প্রবাহ নিয়ন্ত্রিত কৰা এক নতুন পৰিস্থিতিৰ জন্ম হৈছে – অনেক জটিল পৰিঘটনাৰ এই নব্য সংমিশ্রণক বহুতে গোলকীকৰণ বুলিও অভিহিত কৰিছে। ই ভাৰতীয় শাসক শ্রেণীসমূহৰ বাবে একে সময়তে বহুতো নিত্য-নতুন সুবিধা তথা প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে। ৬০ৰ দশকৰ বিপৰীতে, ঔপনিবেশিক শোষণ আৰু অনগ্রসৰতাৰে জর্জৰিত তৃতীয় বিশ্বৰ এক সামগ্রিক ধাৰণা বর্তমানৰ সময়ত পুৰণি হৈ পৰা যেন অনুভৱ হৈছে। এছিয়াৰ দেশসমূহৰ অর্থনৈতিক বিকাশৰ গতিপথ আফ্রিকাৰ অধিকাংশ দেশৰ গতিপথতকৈ আমূলভাৱে ভিন্ন হৈ পৰিছে। বর্তমানৰ সময়ত বিশ্বৰ সবাতোকৈ জনাকীর্ণ দুখন কৃষিমূলক দেশ, ভাৰত আৰু চীনৰ অভূতপূর্ব অর্থনৈতিক বিকাশে সামাজিক পৰিবর্তনৰ এক নতুন প্রক্রিয়া ত্বৰান্বিত কৰি তুলিছে যাৰ গতি আৰু ব্যাপ্তি হয়তো সমগ্র মানৱ ইতিহাসতে নজিৰবিহীন।

১. সাম্প্রতিক কালৰ কৃষক সমাজ 

এই প্রসংগতে ভাৰতীয় সমাজৰ ক্ষমতা-বিতৰণ, সিবিলাকৰ বুনিয়াদী গাঁথনিসমূহ তথা কৃষকৰ অৱস্থান সম্পর্কীয় প্রশ্নটোৰ পুনঃপৰীক্ষণ এক গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে। অৱশ্যে মই নাভাবোঁ যে পুঁজিবাদী ঔদ্যোগিক বিকাশৰ অৱধাৰিত ফলস্বৰূপে কৃষক সম্প্রদায়সমূহ ভাগি পৰিছে অথবা ই কৃষকসকলক শ্রমিকলৈ ৰূপান্তৰিত কৰি পেলাইছে। বিগত এশ পঞ্চাছ বছৰে বহুবাৰ এনে ভৱিষ্যতবাণী কৰি অহা হৈছে আৰু সিবিলাকৰ কোনো পুনৰাবৃত্তি কৰাৰ ইচ্ছা মোৰ নাই। বৰঞ্চ বর্তমান সময়ৰ ভাৰতীয় ঔদ্যোগিক বিকাশৰ স্বৰূপসমূহ লক্ষ্য কৰিলে দেখা যায় যে কৃষকৰ সুকীয়া অস্তিত্ব বর্তাই ৰখাৰ ক্ষেত্রত ভাৰতীয় শাসক শ্রেণী খুবেই সষ্টম। অৱশ্যেই কৃষকৰ এই অস্তিত্ব ৰক্ষা এক সম্পূর্ণভাৱে পৰিবৰ্তিত স্থিতিৰ অধীনতহে সম্ভৱপৰ হৈছে। নির্বাচনী গণতন্ত্রৰ বিশেষ পটভূমিত উত্তৰ-ঔপনিবেশিক ভাৰতীয় পুঁজিবাদৰ এই উদীয়মান ৰূপসমূহ বুজিবলৈ কেতবোৰ নতুন ধাৰণাৰ প্রয়োজন হ’ব।

সাম্প্রতিক সময়ত ভাৰতৰ বহুতো অঞ্চলত, বিশেষকৈ পশ্চিম বংগ আৰু উৰিষ্যাত উদ্যোগীকৰণৰ বাবে হোৱা বলপূর্বক ভূমি অধিগ্রহণৰ বিৰুদ্ধে উগ্র গণ-আক্রোশ দেখিবলৈ পোৱা গৈছে। বহুতো অন্যান্য ৰাজ্যত খাদ্য আৰু শাক-পাচলিৰ খুচুৰা বজাৰত কর্প’ৰেট পুঁজিৰ আগমনৰ বিৰুদ্ধেও গণ আন্দোলন গঢ় লৈ উঠিছে। বিশেষকৈ নন্দীগ্রামৰ ঘটনাৱলী এতিয়া বহুচর্চিত বিষয় হৈ পৰিছে। এই ঘটনাসমূহ ২৫ বছৰ পূর্বে ঘটা হ’লে হয়তো আমাৰ বিশ্লেষণৰ স্বৰূপ কিছু ভিন্ন হ’লহেঁতেন। সিবিলাকৰ মাজত আমি হয়তো কৃষক বিদ্রোহৰ ধ্রুপদী লক্ষণসমূহ দেখা পালোঁহেতেন। এনে বিদ্রোহসমূহৰ সৈতে আমি দীর্ঘ দিন ধৰি পৰিচিত; যথাঃ – স্থানীয় গ্রাম্য সম্প্রদায়ৰ সাংস্কৃতিক আৰু নৈতিক বান্ধোনেৰে একতাবদ্ধ এক কৃষক সমাজ, ক্ষুদ্র মাত্রাৰ খেতি-বাতি আৰু মাটিৰ ওপৰত নির্ভৰশীলতা, এক বাহ্যিক-সত্তাৰূপী ৰাষ্ট্রৰ এজেণ্ট অথবা নগৰস্থিত বাণিজ্যিক সংস্থাসমূহৰ আগ্রাসন তথা সিবিলাকৰ বিৰুদ্ধে হিংস্র আৰু অহিংস দুয়ো পদ্ধতিৰদ্বাৰা কৃষক সমাজৰ মৰণপণ যুঁজ। এই সম্পর্কে ইতিমধ্যেই প্রচুৰ নৃতাত্ত্বিক গৱেষণাপত্র প্রকাশিত হৈছে আৰু সিবিলাকে কৃষক সমাজৰ বিভিন্ন দিশ সম্পর্কে আলোকপাত কৰিছে। উদাহৰণস্বৰূপে, সাধাৰণতেই দেখা যায় যে কৃষক অর্থনীতিসমূহ বিভিন্ন বাহ্যিক সংস্থা, যেনে - ৰাষ্ট্র অথবা বিভিন্ন প্ৰভুত্বৱান শ্রেণী (মহাজন, বণিক, জমিদাৰ) আদিৰ ওপৰত নির্ভৰশীল। কিন্তু একে সময়তে, কৃষক সংস্কৃতিৰ এক বিশেষ স্বায়ত্ততাও দেখিবলৈ পোৱা যায় যাৰ ভিত্তি হৈছে স্থানীয় নৈতিক সম্প্রদায়ভিত্তিক একতা। কৃষক অর্থনীতিৰ নির্ভৰশীলতা আৰু কৃষক সংস্কৃতিৰ স্বায়ত্ততা – তথা সিবিলাকৰ স্বৰূপ সম্পর্কে প্রকাশিত এই বিভিন্ন গৱেষণাসমূহে আমাৰ বিশ্লেষণ বিশেষভাৱে উপকৃত কৰিব পাৰিলেহেঁতেন। সিবিলাকৰ লগতে ‘কৃষক সমাজ আৰু পুঁজিবাদৰ সম্বন্ধ’ সম্পর্কে এসময়ত গঢ় লৈ উঠা বিভিন্ন ৰাজনৈতিক বিতর্ক আৰু আলোচনায়ো আমাক সঠিক বিশ্লেষণৰ পথ দেখুৱাব পাৰিলেহেঁতেন। উদাহৰণস্বৰূপে – পশ্চিম ইউৰোপৰ প্রাৰম্ভিক মার্ক্সীয় বিশ্লেষণসমূহে পুঁজিৰ আদিম সঞ্চয়ন প্রক্রিয়াৰ মাজেৰে কৃষক সমাজৰ অৱধাৰিত পতনৰ ছবি একোখন দাঙি ধৰিছিল। ৰাছিয়াৰ বিশেষ পৰিস্থিতিত নেৰোডনিকসকলৰ বিৰুদ্ধে লেনিনৰ বিতর্কও এইক্ষেত্রত বিশেষভাৱে স্মৰণীয়। আনহাতে, চীন বিপ্লৱৰ ভিন্ন পৰিস্থিতিত মাও চে তুঙে কৃষকৰ এক নব্য ভূমিকা আৱিষ্কাৰ কৰিছিল। স্বাধীন ভাৰতত কৃষকৰ স্থিতি, ঔদ্যোগিক পুঁজিবাদ তথা ৰাষ্ট্রসন্ত্রাসৰ বিৰুদ্ধে কৃষকৰ ভূমিকা আৰু এই বিষয়ে গান্ধীৰ বিশ্বদৃষ্টি – বিদ্যায়তনিক মহলত এই সমস্ত বিষয়সমূহে আজিও তুমুল বিতর্কৰ সূত্রপাত ঘটাই আছে। কৃষক চেতনাৰ এক বিশেষ দ্বন্দ্ব - ‘এফালে কৃষক মানসত শাসক শ্রেণীসমূহৰ এলিট সংস্কৃতিৰ আধিপত্য আৰু সিবিলাকৰ বিৰুদ্ধে একে সময়তে কৃষকৰ যুগপৎ সংগ্রাম’ – এই সম্পর্কীয় গ্রামছীৰ বিশ্লেষণেও চিন্তাৰ বিশেষ খোৰাক যোগাই আহিছে। ১৯৮৩ চনত প্রকাশিত ৰণজিৎ গুহৰ Elementary Aspects of Peasant Insurgency শীর্ষক গ্রন্থখনি গ্রাম্য গণ বিক্ষোভ সম্পর্কীয় গৱেষণাৰ ক্ষেত্রখনিত মাইলৰ খুঁটিৰূপে পৰিগণিত হৈছে।

কিন্তু সাম্প্রতিক পৰিস্থিতিৰ বিশ্লেষণৰ ক্ষেত্রত এই সমস্ত লিখনিসমূহ অপ্রাসংগিক হৈ পৰিছে। এই সম্পর্কে মই কেইটিমান কাৰণ দর্শাবলৈ যত্ন কৰিম :

১। নির্বাচনী গণতন্ত্রৰ বিশেষ পটভূমিত বিগত তিনিটা দশকজুৰি উন্নয়নবাদী ৰাষ্ট্রৰ ভীষণ বিকাশ ঘটিছে আৰু শাসকীয় প্রযুক্তিসমূহ (governmental technologies) সমাজৰ প্রতিটো কোণলৈ প্রসাৰিত হৈছে। তাৰ ফলস্বৰূপে ৰাষ্ট্র এতিয়া কৃষক সমাজৰ বাবে কোনো বাহ্যিক সত্তা হৈ থকা নাই। শাসকীয় এজেন্সিসমূহে শিক্ষা, স্বাস্থ্য, খাদ্য, যাতায়াত, বাট-পথ, পানী, বিজুলী, খেতি-বাতিৰ সঁজুলি, জৰুৰীকালীন সেৱা আদি বহুতো কল্যাণকামী সেৱা প্রদানৰ যোগেৰে কৃষক জীৱনৰ প্রতিটো আভ্যন্তৰীণ কোণলৈ প্রসাৰ লাভ কৰিছে। কৃষক সমাজ এই সেৱাসমূহৰ ওপৰত কেৱল নির্ভৰশীল হোৱাই নহয়, লগতে তেওঁলোকে এই সেৱাসমূহৰ সঠিক আৰু বর্ধিত যোগান সুনিশ্চিত কৰাৰ বাবে হেঁচা প্রয়োগৰ বহুতো ন ন কৌশলো আয়ত্ত কৰি পেলাইছে। ৰাষ্ট্রৰ সংস্থাসমূহ বা অন্ততঃ (চৰকাৰী তথা বেচৰকাৰী) শাসকীয় এজেন্সিসমূহ কৃষক সম্প্রদায়ৰ আভ্যন্তৰীণ অংগ হিচাপে পৰিগণিত হৈছে।

২। পঞ্চাছৰ দশকৰপৰাই কৃষি-সম্পত্তি গাঁথনিৰ এক সংস্কাৰ প্রক্রিয়া আৰম্ভ হৈছিল। যদিও এই সংস্কাৰ প্রক্রিয়া অত্যন্ত লেহেমীয়া তথা হোঁহকা-পিছলা বিধৰ আছিল, তথাপিও ই ক্ষুদ্র খেতিয়কসকলৰ বাবে কিছু অনুকূল পৰিস্থিতি সৃষ্টি কৰাত সফল হৈছিল। বহু শতিকাৰ পাছত এই ক্ষুদ্র খেতিয়কসকলে গাঁৱৰ ভিতৰতে এক শোষণকাৰী শ্রেণীৰ উপস্থিতিৰপৰা মুক্তি পালে। ই এক নতুন পৰিস্থিতিৰ জন্ম দিলে যি সামন্তীয় অথবা অর্ধসামন্তীয় স্থিতিতকৈ পৃথক আছিল। ইয়েই কৃষক-ৰাজনীতিৰ পৰম্পৰাগত ৰণনীতিসমূহৰো সুদূৰপ্রসাৰী পৰিবর্তন সাধিলে।

৩। ঔপনিবেশিক তথা প্রাক-ঔপনিবেশিক কালৰ বিপৰীতে বর্তমান সময়ত চৰকাৰী আয়ৰ অংশ হিচাপে মাটি তথা কৃষি উৎপাদিত সামগ্রীৰ ওপৰত লগোৱা কৰৰ পৰিমাণ তেনেই নগণ্য আৰু গুৰুত্বহীন। কৃষক আৰু ৰাষ্ট্রৰ আন্তঃসম্পর্কৰ এই পৰিবর্তন বিশেষভাৱে তাৎপর্যপূর্ণ।

৪। চহৰ আৰু ঔদ্যোগিক অঞ্চলসমূহৰ দ্রুত বৃদ্ধিৰ লগে লগে কৃষকৰ নগৰমুখী প্রব্রজনৰ মূল কাৰক কেৱল কৃষকৰ দাৰিদ্র্য আৰু কৃষিভূমিৰপৰা বলপূর্বক উচ্ছেদকৰণেই হৈ থকা নাই। বৰঞ্চ, প্রায়েই দেখা যায় যে সুযোগ আৰু আকাংক্ষা পূৰণৰ প্রতিশ্রুতিৰে চহৰ অভিমুখী কৃষকৰ প্রব্রজন স্বেচ্ছামূলক হৈ পৰিছে।

৫। স্কুলীয়া শিক্ষা আৰু আধুনিক যোগাযোগ মিডিয়া, যেনে - টিভি, চিনেমা, বিজ্ঞাপন আদিৰ প্রসাৰৰ ফলস্বৰূপে কৃষক পৰিয়ালসমূহৰ যুৱ চামটোৰ মাজত চহৰাঞ্চলৰ প্রতি তীব্র আকর্ষণ গা কৰি উঠা দেখা যায়। এই যুৱ চামটোৱে কৃষক জীৱন পৰিত্যাগ কৰি যিকোনো মূল্যৰ বিনিময়ত চহৰাঞ্চললৈ প্রব্রজন কৰিব বিচাৰে। মুকলিমূৰীয়া চহৰীয়া জীৱন অর্থাৎ পৰিচয়হীনতা আৰু ঊৰ্ধ্বমুখী গতিশীলতাৰ সম্ভাৱনীয়তাৰ বিনিময়ত যিকোনো বিপদ, অনিশ্চয়তা আৰু কষ্ট সহ্য কৰিবলৈ এই যুৱচামটো সর্বদা প্রস্তুত। ভাৰতীয় প্রেক্ষাপটত এই পৰিঘটনা বিশেষভাৱে তাৎপর্যপূর্ণ কিয়নো ভাৰতৰ গ্রামাঞ্চলসমূহৰ বহুতো দৰিদ্র কৃষকে শ্রেণীগত প্রতিবন্ধকতাৰ লগতে জাত-পাত সম্পর্কীয় নানান বৈষম্যৰো সম্মুখীন হ’ব লগা হয়। এনে ক্ষেত্রত চহৰৰ পৰিচয়বিহীন জীৱন প্রায়েই মুক্তিদায়ী যেন বিবেচিত হয়। কৃষি শ্রমিকসকলৰ গৰিষ্ঠসংখ্যক অংশটোৱেই দলিত সম্প্রদায়সমূহৰ লোকেৰে গঠিত আৰু গ্রামাঞ্চলৰ পৰম্পৰাগত বশ্যতাৰ বিপৰীতে চহৰৰ অ-কৃষিজাত বৃত্তিসমূহ তেওঁলোকে এক বাঞ্ছনীয় ভৱিষ্যতৰ সোপানৰূপে গণ্য কৰে।

২. এক নতুন ধাৰণাগত কাঠামো

বর্তমান পৰিস্থিতিৰ নতুনত্ব সম্পর্কীয় মোৰ এই বিশ্লেষণত অতিশয়োক্তিৰ কিছু আভাস হয়তো থাকিব পাৰে। এয়া নিশ্চয়েই সত্য যে মই উল্লেখ কৰা পৰিবৰ্তনসমূহ হঠাতে সংঘটিত হোৱা ঘটনা নহয়। এক লেহেমীয়া প্রক্রিয়াৰ মাজেৰেহে এই পৰিবর্তনসমূহ সম্ভৱপৰ হৈছে। কিন্তু গুৰুত্বপূর্ণ প্রশ্নটো হৈছে যে কৃষক-জীৱনৰ এই নতুন বৈশিষ্ট্যসমূহৰ আৱির্ভাৱৰ ফলত আজিৰ সময়ত “উত্তৰ-উপনিবেশিক ভাৰতত কৃষকৰ স্থান” সম্পর্কীয় বিভিন্ন প্রচলিত তত্ত্বসমূহ প্রাসংগিক হৈ আছেনে? এই প্রসংগতে, কলিকতা বিশ্ববিদ্যালয়ৰ অর্থনীতিৰ অধ্যাপক কল্যাণ সান্যালে তেওঁৰ শেহতীয়া গ্রন্থ Rethinking Capitalist Developmentত এই তত্ত্বসমূহৰ এক মূল সংশোধন আগ বঢ়াবলৈ চেষ্টা কৰিছে। তেওঁৰ কেতবোৰ সূত্র বর্তমানৰ আলোচনাটিত বিশেষভাৱে সহায়ক হ’ব।

সান্যালৰ বিশ্লেষণত ব্যৱহৃত মূল ধাৰণাটো হৈছে “পুঁজিৰ আদিম সঞ্চয়ন” - ইয়াক মাজে সময়ে পুঁজিৰ মূল সঞ্চয়ন বা পুঁজিৰ মুখ্য সঞ্চয়ন বুলিও কোৱা হয়। মার্ক্সৰ মতে পুঁজিৰ আদিম সঞ্চয়ন হৈছে উৎপাদন সমলসমূহৰপৰা শ্রমিকৰ বিচ্ছেদকৰণ – আৰু সান্যালেও এই অর্থতেই ধাৰণাটোৰ ব্যৱহাৰ কৰিছে। এই সম্পর্কে কোনো সন্দেহ নাই যে পুঁজিবাদী উৎপাদনৰ আৱির্ভাৱৰ লগে লগে এই বিশেষ ঐতিহাসিক প্রক্রিয়া - অর্থাৎ পুঁজিৰ আদিম সঞ্চয়নৰ যোগেদিয়েই কৃষক সমাজসমূহ সংকটৰ দিশলৈ আগ বাঢ়ে। ‘ডাছ কেপিটেল’ৰ প্রথম খণ্ডৰ অন্তিম অধ্যায়কেইটাত মার্ক্সে বিশ্লেষণ কৰি দেখুৱাইছে যে কেনেদৰে আধুনিক পুঁজিবাদী ঔদ্যোগিক বিকাশৰ লগত কৃষক, কাৰিকৰ আদি প্রাথমিক উৎপাদনকাৰীসকলৰ হাতৰপৰা উৎপাদন সমলসমূহ কাঢ়ি লোৱাৰ এক সমান্তৰাল প্রক্রিয়া ঘনিষ্ঠভাৱে জড়িত হৈ থাকে। প্রাক-পুঁজিবাদী উৎপাদন প্রণালীসমূহৰ বিশেষ বৈশিষ্ট্য অর্থাৎ - উৎপাদক আৰু উৎপাদন সমলসমূহৰ ঐক্য - পুঁজিবাদৰ আগমনৰ লগে লগে ধ্বংস কৰি পেলোৱা হয়। ইয়াৰ ফলস্বৰূপে, উৎপাদন সমলসমূহৰপৰা বঞ্চিত এক বিশাল শ্রমিক গণসমষ্টি সৃষ্টি হয়। এই সম্পর্কে আৰু বহলাই কোৱাৰ প্রয়োজন নাই যে ৰাজনৈতিক-অর্থশাস্ত্রৰ স্তৰত শ্রমিক আৰু উৎপাদন সমলসমূহৰ এই ঐক্য প্রাক-পুঁজিবাদী গ্রাম্য সমাজত পৰিলক্ষিত হোৱা কৃষক সম্প্রদায়ৰ জৈৱিক ঐক্যৰে প্রতিৰূপ (counterpart)। এই জৈৱিক ঐক্যৰ বলতেই কৃষক আৰু গ্রাম্য কাৰিকৰসকলে এক স্থানীয় গ্রাম্য সম্প্রদায়ৰ ৰূপত ঘনিষ্ঠভাৱে সংহত হৈ থাকে। এয়া হৈছে কৃষক সমাজৰ চিনাকী নৃতাত্ত্বিক বিৱৰণ। ইয়েই হৈছে গ্রাম্য সমাজৰ ৰোমাণ্টিক বিৱৰণ অংকনত সদাব্যস্ত শত-সহস্র লেখক আৰু শিল্পীৰো প্রেৰণাৰ উৎস। পুঁজিৰ আদিম সঞ্চয়ন প্রক্রিয়াৰ মাজেৰে এই ঐক্যকে ধ্বংস কৰি পেলোৱা হয়, যাৰ ফলস্বৰূপে কৃষক সমাজসমূহলৈ বিৰাট সংকট নামি আহে।

কৃষক সমাজৰ এই সংকট সম্পর্কে বহু পূর্বেই অনেক বিশ্লেষণ বিকশিত কৰা হৈছিল; সিবিলাকে বিভিন্ন ধৰণৰ বিশ্লেষণ দাঙি ধৰিছিল। কোনো কোনো বিশ্লেষণৰ মতে এই সংকটৰ অৱধাৰিত ফল হৈছে কৃষক সমাজৰ সমূল পতন। আন কেতবোৰ বিশ্লেষণে আকৌ কৃষক-শ্রমিকৰ ঐক্য দাবী কৰি কেতবোৰ শ্লোগানৰো জন্ম দিছিল : “ভাবী সমাজবাদী সমাজ নির্মাণৰ বাবে কৃষক-শ্রমিক এক হওক!” কিন্তু এই সমস্ত বিশ্লেষণৰে সর্বগৃহীত এক বৈশিষ্ট্য হৈছে যে সিবিলাক সকলোৱেই সংক্রমণ (transition)ৰ ধাৰণা একোটা মানি লৈছিল। অর্থাৎ এই সমস্ত বিশ্লেষণৰ মতে পুঁজিবাদৰ বিকাশৰ পৰিস্থিতিত কৃষক সমাজসমূহ সদায়েই এক সংক্রমণশীল স্থিতিত বাস কৰিবলৈ বাধ্য। সামন্তবাদৰপৰা পুঁজিবাদলৈ, অথবা প্রাক-পুঁজিবাদী অনগ্রসৰতাৰপৰা সমাজবাদী আধুনিকতালৈ – সংক্রমণৰ যিকোনো আঁচনিৰ ক্ষেত্রতে এই কথা প্রযোজ্য।

এই সমস্ত বিশ্লেষণৰ বিপৰীতে সান্যালৰ মূল যুক্তি হৈছে যে গোলকীয় অর্থনীতিৰ অধীনত উত্তৰ-ঔপনিবেশিক বিকাশৰ বর্তমানৰ পৰিস্থিতিত সংক্রমণৰ এই ধাৰণাসমূহ প্রাসংগিক হৈ থকা নাই। যদিও ভাৰতৰ দৰে উত্তৰ-ঔপনিবেশিক দেশসমূহত পুঁজিবাদী বিকাশৰ লগে লগে পুঁজিৰ আদিম সঞ্চয়ন প্রক্রিয়াটোও ত্বৰাম্বিত হৈছে, তথাপিও এই প্রক্রিয়াই সৃষ্টি কৰা সামাজিক পৰিবর্তনসমূহ ‘সংক্রমণ’ৰ ধাৰণাৰ যোগেৰে বুজিব পৰা নাযাব। এয়া কেনেদৰে সম্ভৱপৰ?

এই সম্পর্কে বুজ ল’বলৈ হ’লে আমি যোৱা দুটা দশক ধৰি শাসকীয় প্রযুক্তি তথা সিবিলাকৰ ভূমিকা সম্পর্কীয় বিভিন্ন আলোচনাৰ প্রতি চকু দিব লাগিব। আজিৰ সময়ত এই কথা ক্রমাগতভাৱে মানি লোৱা যেন দেখা যায় যে যিকোনো প্রকাৰে সর্বসাধাৰণ মানুহৰ জীৱন ধাৰণৰ কেতবোৰ ন্যূনতম চর্ত পূৰণ কৰিবই লাগিব। যদিহে দেশীয় অথবা স্থানীয় চৰকাৰে সিবিলাক পূৰণ কৰিব নোৱাৰে, তেনেহ’লে কোনোবা সংস্থা - যেনে কোনো বহিঃৰাষ্ট্র, আন্তঃৰাষ্ট্রীয় এজেন্সি অথবা বেচৰকাৰী সংগঠনে সিবিলাকৰ যোগান ধৰিব। ফলত এফালে যদি বিকাশৰ - বিশেষকৈ পুঁজিবাদী বিকাশৰ এক প্রতিপত্তিশালী বাগধাৰাৰ দপদপনি চলিছে, একে সময়তে আনফালে আকৌ পুঁজিৰ আদিম সঞ্চয়নৰ ফলস্বৰূপে জীৱিকাৰ সমল হেৰুওৱা লোকসকলক ন্যূনতম ভৰণ পোষণ দিয়াৰ প্রয়োজনীয়তাও মানি লোৱা হৈছে। অর্থাৎ সান্যালৰ ভাষাত এফালে পুঁজিৰ আদিম সঞ্চয়নৰ প্রক্রিয়া দুর্বাদমে চলিছে, তাৰ সমান্তৰালভাৱে তাৰ প্রভাৱসমূহ কিছু দূৰৈলৈ আঁতৰ কৰাৰ অন্য এক প্রক্রিয়াও একে সময়তে সক্রিয় হৈছে।

কেতবোৰ উদাহৰণ

এই প্রক্রিয়াসমূহ সঠিককৈ বুজিবলৈ হ’লে কেতবোৰ উদাহৰণ দিয়াটো উচিত হ’ব। ঐতিহাসিকভাৱে, সকলো কৃষিমূলক দেশতে উদ্যোগীকৰণৰ প্রক্রিয়াই সৃষ্টি কৰা নগৰ বিকাশ আৰু ঔদ্যোগিক ভূমিগ্রহণ তথা কৃষকৰ শক্তিহীনতাৰ ফলস্বৰূপে খেতিয়কে মাটি হেৰুৱাবলগা হৈছে। সাধাৰণতে বজাৰৰ শক্তিসমূহেই কৃষকক মাটিৰপৰা উচ্ছেদ কৰাৰ ক্ষেত্রত যথেষ্ট যেন প্রমাণিত হৈছে, কিন্তু প্রায়েই এই ক্ষেত্রত ৰাজহ তথা আইনগত পদ্ধতিসমূহৰ গইনা লৈ ৰাষ্ট্রয়ো পোনপটীয়া বল প্রয়োগ কৰা দেখা যায়। ঔপনিবেশিক কালৰেপৰা ভাৰতীয় শাসনযন্ত্রই ৰাজহুৱা কামৰ নামত বিশেষাধিকাৰ (eminent domain) প্রয়োগ কৰি ভূমি অধিগ্রহণ কৰি আহিছে। এই ক্ষেত্রত ভুক্তভোগী কৃষকসকলক পুনর্বাসন আৰু বৈকল্পিক জীৱিকা প্রদান কৰাৰ প্রয়োজনীয়তাৰ কথাটো প্রায়েই মানি লোৱা নহৈছিল।

ঐতিহাসিকভাৱে চাবলৈ গ’লে দেখা যায় যে ১৮ তথা ১৯ শতিকাৰ ইউৰোপত পুঁজিৰ আদিম সঞ্চয়নে সৃষ্টি কৰা প্রভাৱসমূহ, বিশেষকৈ ই সৃষ্টি কৰা ‘উদ্বৃত্ত গণসমষ্টিসমূহ’ (surplus population) আমেৰিকা তথা আন আন ‘বসতিকাৰী-উপনিবেশ’সমূহলৈ স্থানান্তৰিত কৰিয়েই সমস্যাটোৰ ৰাজনৈতিক সমাধানৰ পথ উলিওৱা হৈছিল। পিছে আজিৰ ভাৰতৰ ক্ষেত্রত এনে কোনো পথ খোলা নাই। তদুপৰি উদ্যোগীকৰণৰ প্রাৰম্ভিক কালছোৱাৰ প্রযুক্তিৰ স্তৰ আজিৰ তুলনাত যথেষ্ট নিম্ন পর্যায়ৰ আছিল যাৰ ফলত ই এক বৃহৎসংখ্যক ঔদ্যোগিক শ্রমিকৰ চাহিদা সৃষ্টি কৰিছিল। পিছে আজিৰ কালৰ উদ্যোগীকৰণৰ চৰিত্র হৈছে মূলতঃ পুঁজি-নির্ভৰতা তথা উচ্চ প্রযুক্তি-সম্পন্নতা। অর্থাৎ পুঁজিৰ আদিম সঞ্চয়নৰ ভুক্তভোগী অধিকাংশ কৃষকেই নতুন কর্প’ৰেট খণ্ডসমূহত কর্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা অতিশয় ক্ষীণ। অর্থাৎ কোনো চৰকাৰী হস্তক্ষেপৰ অবিহনে মাটি হেৰুওৱা কৃষকসকলে জীৱিকাৰ সকলো সমল হেৰুৱাই পেলোৱাৰ সম্ভাৱনাই বেছি। বিশ্বৰ বর্তমানৰ মতাদর্শগত পৰিবেশত এনে কথা গ্রহণযোগ্য নহয়। তদুপৰি বলপূর্বক সশস্ত্র দমনৰ পন্থাৰে কৃষকৰ প্রতিৰোধ মষিমূৰ কৰাৰ প্রবৃত্তি বর্তমানৰ সময়ত সর্বনিন্দনীয় বুলিয়েই প্রতীয়মান হৈছে। এনে পৰিস্থিতিত উদ্যোগ অথবা নগৰ বিকাশৰ বাবে উচ্ছেদিত/বিস্থাপিত লোকসকলক যথোচিত পুনঃসংস্থাপন দিয়াৰ দাবীটোৱে বিশেষ স্বীকৃতি লাভ কৰিছে। অৱশ্যে তাৰ অর্থ এইটো নহয় যে পুঁজিৰ আদিম সঞ্চয়ন প্রক্রিয়া স্থবিৰ অথবা লেহেমীয়া হৈ পৰিছে। এয়া প্রায় অসম্ভৱ কিয়নো পুঁজিৰ আদিম সঞ্চয়ন হৈছে পুঁজিবাদী বিকাশৰ অৱশ্যম্ভাৱী সহচৰ। গতিকেই পুঁজিৰ আদিম সঞ্চয়নৰ প্রভাৱসমূহ প্রতিহত কৰাৰ বাবে প্রয়োজনীয় সম্পদ যোগাৰ কৰাটো শাসকীয় এজেন্সিসমূহৰ বাবে জৰুৰী হৈ পৰিছে যাতে এই প্রক্রিয়াত জীৱিকাৰ সমল হেৰুওৱা লোকসকলক কিছু বৈকল্পিক কর্মসংস্থান প্রদান কৰিব পৰা যায়।

এই কথা সর্ববিদিত যে উন্নয়নবাদী ৰাষ্ট্রই প্রায়েই কৃষক, কাৰিকৰ আৰু ক্ষুদ্র উৎপাদনকাৰীসকলৰদ্বাৰা গঠিত উৎপাদনৰ কেতবোৰ বিশেষ খণ্ডক বৃহৎ পুঁজিৰ প্রতিযোগিতাৰপৰা নিৰাপত্তা প্রদান কৰে (যেনে : খাদ্যশস্য, শাক-পাচলি আৰু হস্তশিল্পৰ খণ্ডসমূহত কর্প’ৰেট পুঁজিৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা)। অৱশ্যে কিছুমান মহলে এনে পদক্ষেপসমূহক পুঁজিৰ আদিম সঞ্চয়নৰ বিকাশৰ পথত অবাঞ্ছনীয় চৰকাৰী হস্তক্ষেপ বুলি গণ্য কৰে। সি যি কি নহওক, ভাৰতকে আদি কৰি বহুতো উন্নয়নশীল দেশৰ জীৱিকাহীন দৰিদ্র লোকসকলক চৰকাৰী তথা বেচৰকাৰী সংস্থাসমূহে সস্তা হাৰত ঋণ প্রদান কৰে যাতে তেওঁলোকে জীৱিকা নির্বাহৰ কোনো পথ মোকলাবলৈ সক্ষম হয়। এই ঋণসমূহ প্রদান কৰাৰ সময়ত প্রায়েই লাভাংশ অথবা ঋণ পৰিশোধৰ সম্ভাৱনীয়তা সম্পর্কীয় দিশসমূহ আওকাণ কৰা হয়; কিয়নো এই ঋণসমূহৰ উদ্দেশ্য লাভ বা পুঁজি সঞ্চয়ন নহয়, বৰঞ্চ দৰিদ্রজনক জীৱিকা প্রদান কৰাটোহে সিবিলাকৰ মূল লক্ষ্য। আন কথাত ক’বলৈ হ’লে, পুঁজিৰ আদিম সঞ্চয়নৰ প্রভাৱসমূহ প্রতিহত কৰাৰ বাবে এই ঋণসমূহ ব্যৱহাৰ কৰা হয়। সাম্প্রতিক সময়ত দাৰিদ্র্য নিয়ন্ত্রণৰ এই পদ্ধতিসমূহে গোলকীয় প্রসাৰ আৰু স্বীকৃতি লাভ কৰিছে। এই ক্ষেত্রত ন’বেল বঁটা বিজয়ী মহম্মদ য়ুনুছৰদ্বাৰা স্থাপিত বাংলাদেশৰ গ্রাম্য বেংক ব্যৱস্থাৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। আমি সকলোৱেই গ্রাম্য বেংকৰ সফলতাৰ এই বিৱৰণসমূহৰ সৈতে নিশ্চয়কৈ পৰিচিত যে কেনেদৰে এই গ্রাম্য বেংকিং ব্যৱস্থাৰ অধীনত গাঁৱলীয়া মহিলাসকলে বহুতো আত্মসহায়ক গোট গঢ়ি তুলিছে আৰু সৰুসুৰা কর্মসংস্থান সম্পর্কীয় কার্যৰ বাবে ঋণ লাভ কৰিছে। সম্প্রতি ভাৰতবর্ষতো এই জাতীয় বহুতো আঁচনিৰ আৰম্ভণি দেখা গৈছে।

তদুপৰি অন্যান্য দেশৰ লেখীয়াকৈ ভাৰততো শাসকীয় এজেন্সিসমূহে দাৰিদ্র্য বা অন্যান্য কাৰণবশতঃ যথোচিত উপার্জন কৰিবলৈ অক্ষম দুখীয়া লোকসকলক কেতবোৰ পোনপটীয়া সাহায্য দিয়ে। এই ক্ষেত্রত বিভিন্ন আঁচনি, যেনে, দাৰিদ্র্য দূৰীকৰণ সম্পর্কীয় আঁচনি, ৰাজহুৱা কামৰ যোগেৰে ১০০ দিনৰ কর্মসংস্থাপনৰ নিশ্চিতি দিয়া আঁচনি, ৰেহাই হাৰত বা বিনামূলীয়াকৈ খাদ্য যোগান ধৰা আঁচনি – ইত্যাদিৰ কথা উল্লেখ কৰিব পাৰি। চমুকৈ ক’বলৈ হ’লে, এই সকলোবোৰ পদক্ষেপক পুঁজিৰ আদিম সঞ্চয়নৰ প্রভাৱ প্রতিহতকৰণৰ বাবে লোৱা পদক্ষেপ বুলি ক’ব পাৰি।

এই ক্ষেত্রত এটা বিশেষ মন কৰিবলগীয়া কথা হৈছে যে প্রায়েই বজাৰৰ হস্তক্ষেপৰ যোগেদিহে এই আঁচনিসমূহ ক্রিয়ান্বিত কৰিব পাৰি। দেখা যায় যে দুই-এটা প্রান্তীয় অঞ্চলৰ ব্যতিক্রমে, কৃষক তথা হস্তশিল্প উৎপাদনৰ সকলো ক্ষেত্রকেই বর্তমানৰ সময়ত বজাৰ অর্থনীতিয়ে সাঙুৰি লৈছে। পৰম্পৰাগত কৃষক জীৱনৰ পৰিচিত ছবিখনৰ বিপৰীতে সম্পূর্ণ এক পৃথক স্থিতিহে বর্তমানৰ সময়ত দেখা পোৱা গৈছে। আজিৰ সময়ত কৃষকৰ ঘৰুৱা উৎপাদনৰ কোনো অংশকেই সম্পূর্ণভাৱে স্ব-উপভোগ বা স্থানীয় স্তৰত অনা-নগদ বিনিময়ৰ বাবে কৰা উৎপাদন বুলি অভিহিত কৰিব নোৱাৰি। বৰঞ্চ প্রায় সকলোধৰণৰ কৃষি তথা হস্তশিল্প উৎপাদনেই আজিৰ সময়ত বজাৰৰ সৈতে সাঙুৰ খাই পৰিছে আৰু সমান্তৰালভাৱে সকলোধৰণৰ উপভোগৰ সামগ্রীয়েই বজাৰৰপৰা আহৰণ কৰা পৰিলক্ষিত হৈছে। কৃষক ৰাজনীতিৰ শেহতীয়া স্থিতিৰ সৈতে এই পৰিবর্তনসমূহৰ কেতবোৰ গুৰুত্বপূর্ণ সম্পর্ক আছে।

শেহত আন এটা কথা উল্লেখ কৰাটো প্রয়োজনীয়। “জীৱিকা নির্বাহৰ প্রয়োজনসমূহ” বুলি ক’লে পোনেই কোনো জৈৱিক বা অনা-ঐতিহাসিকভাৱে নির্ধাৰিত নির্দিষ্ট পৰিমাণৰ বয়বস্তুৰ প্রতি আঙুলিয়াই দিব নোৱাৰি। বৰঞ্চ বিশেষ ঐতিহাসিক পৰিস্থিতি তথা সামাজিক পটভূমিয়েহে “সন্মানপূর্ণ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় মানদণ্ডসমূহ” নির্ধাৰিত কৰে। অর্থাৎ “জীৱিকা নির্বাহৰ প্রয়োজনসমূহ” গঠন কৰা উপাদানসমূহৰ মিশ্রণ সামাজিক স্থিতি, সাংস্কৃতিক পটভূমি তথা সময় অনুসৰি ভিন ভিন হ’ব পাৰে। উদাহৰণস্বৰূপে, শিশুৰ শিক্ষা বা স্বাস্থ্যসেৱাৰ ন্যূনতম মান স্থান-কাল অনুসৰি ভিন ভিন হয়। এইক্ষেত্রত জীৱিকা নির্বাহৰ ন্যূনতম মানসমূহ (অর্থাৎ যি অতিশয় শোচনীয় অৱস্থাও নহয় বা বিলাসবহুল জীৱনস্থিতিও নহয়) সাংস্কৃতিকভাৱে কেনেদৰে নির্ধাৰিত হৈছে – এই বিষয়ে মন কৰা ভাল।

৩. ৰাজনৈতিক ক্ষমতা-গাঁথনিৰ পৰিবর্তিত ৰূপ

এই পৰিবর্তনসমূহ বুজিবলৈ হ’লে সিবিলাকক এক বিশেষ গাঁথনিগত পৰিকাঠামো (structural framework)ৰ পটভূমিত বিচাৰ কৰি চাব লাগিব। “উত্তৰ উপনিবেশিক ভাৰতত ৰাজনৈতিক ক্ষমতা কিদৰে প্রয়োগ কৰা হয় তথা কিদৰে হাতত ৰখা হয়” এই বিষয়ে প্রথমতেই এক ৰূপৰেখা তৈয়াৰ কৰি লোৱা যাওক। ২৫ বছৰ পূর্বে ৰাষ্ট্র-শক্তিৰ গাঁথনিৰ চিনাক্তকৰণ প্রভুত্বশালী শ্রেণীসমূহৰ মিত্র-জোঁটৰ ৰূপত কৰা হৈছিল। অর্থনীতিবিদ প্রণৱ বর্ধনে ঔদ্যোগিক পুঁজিপতি, ধনী কৃষক তথা আমোলাহঁতক তিনিটা মূল প্রভুত্বৱান শ্রেণী হিচাপে চিনাক্ত কৰিছিল। তেওঁৰ মতে আপেক্ষিকভাৱে স্বায়ত্ত ৰাষ্ট্র শক্তিৰ নিৰীক্ষণৰ অধীনত এই তিনিওটা শ্রেণীয়ে একেলগে মিলি শাসন কৰে; অৱশ্যে সিবিলাকৰ মাজত মাজে-সময়ে খোৱা-কামোৰাও হৈ থাকে। ৰাজনীতিবিজ্ঞানী অচিন বিনায়কেও বর্ধনৰ এই মডেলটো মানি লৈছিল। অৱশ্যে তেওঁ মতপোষণ কৰিছিল যে কৃষিখণ্ডৰ প্রভুত্বৱান শ্রেণীটোৰ ৰাজনৈতিক শক্তি তাৰ আর্থিক শক্তিতকৈ অধিক। বিনায়কৰ মতে যদিও ভাৰতত ধ্রুপদী বুর্জোৱা বিপ্লৱ কেতিয়াও সংঘটিত নহ’ল, তথাপিও এই কথা অনস্বীকার্য যে দেশৰ ৰাজনৈতিক ব্যৱস্থাটো হৈছে মূলতঃ বুর্জোৱা গণতান্ত্রিক। প্রভুত্বশালী শ্রেণীসমূহৰ লগতে দেশৰ সাধাৰণ জনগণৰ বাবেও এই ব্যৱস্থাটোৰ যথেষ্টখিনি গ্রহণযোগ্যতা আছে। আশীৰ দশকত লেখা মেলা কৰা আন কেইবাজনো বুদ্ধিজীৱী, যেনে - আশুতোষ ৱার্ছনি, লয়ড ৰুডলফ, ছুজানা ৰুডলফ আদিয়েও মত পোষণ কৰিছিল যে শাসকীয় মিত্র-জোঁটটোৰ ভিতৰত ধনী কৃষকৰ ৰাজনৈতিক দপদপনি ক্রমশঃ বাঢ়িব ধৰিছে।

প্রভুত্বৱান শ্রেণীৰ মিত্র-জোঁট সম্পর্কীয় এই মডেলটোক আটাইতকৈ শক্তিশালী তাত্ত্বিক আধাৰ প্রদান কৰিলে সুদীপ্ত কবিৰাজে। তেওঁ গ্রামছীৰ “নিষ্ক্রিয় বিপ্লৱ” (passive revolution) শীর্ষক ধাৰণাটো ব্যৱহাৰ কৰি দেখুৱালে যে শ্রেণী-আধিপত্যৰ বিশিষ্ট ভাৰতীয় প্রক্রিয়াটোৰ এক নিজস্ব গতিশীলতা (dynamic) আছে। দ্বন্দ্বৰ সহজ বিকাশ ‘নিষ্ক্রিয় বিপ্লৱ’ৰ অধীনত অৱৰুদ্ধ হৈ পৰে। ৰাজনৈতিক ক্ষমতা তিনিওটা প্রভুত্বশালী শ্রেণীৰ মাজত ভগাই ল’ব লগা হয় কিয়নো অকলেই সমাজত আধিপত্য স্থাপন কৰিব পৰাকৈ কোনো এটা শ্রেণীৰে সক্ষমতা নাই। কিন্তু “ভগাই লোৱা”ৰ এই সমস্ত প্রক্রিয়াটোৱেই হৈছে জন্তুসদৃশ খোৱা-কামোৰাৰ প্রক্রিয়া। নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ তিনিওটা শ্রেণীৰ মাজতে উঠা-পৰা লাগে। কেতিয়াবা কোনোবাটো শ্রেণীৰ ক্ষমতা বৃদ্ধি হয়, কিন্তু তাৰ ঠিক পাছতে আন এটাই তাক পিছলৈ ঠেলি দিয়ে। ‘পুঁজিৰ নিষ্ক্রিয় বিপ্লৱ’ৰ এই ফ্রেমৱর্কটোৰ সহায়ত কবিৰাজে ঔদ্যোগিক পুঁজিপতি, গ্রাম্য শাসক গোষ্ঠী তথা আমোলা-মেনেজাৰতন্ত্রৰ উত্থান-পতনৰ এখনি সুন্দৰ ঐতিহাসিক চিত্র অংকন কৰিলে। ‘উত্তৰ-ঔপনিবেশিক ৰাষ্ট্রৰ আৱির্ভাৱ’ বিষয়ক কেতবোৰ প্রাৰম্ভিক লিখনিত মই নিজেও এই নিষ্ক্রিয় বিপ্লৱৰ ধাৰণাটো ব্যৱহাৰ কৰিছিলোঁ।

ভাৰতীয় নিষ্ক্রিয় বিপ্লৱৰ মূল বৈশিষ্ট্যসমূহ আছিল এনেধৰণৰ : বুর্জোৱা তথা ভূ-এলিটৰ বান্ধোনৰপৰা ৰাষ্ট্রৰ আপেক্ষিক স্বায়ত্ততা; নির্বাচিত ৰাজনৈতিক প্রতিনিধিৰদ্বাৰা ৰাষ্ট্রৰ নিৰীক্ষণ; এক স্থায়ী আমোলাতন্ত্র; স্বাধীন ন্যায়পালিকা; বহুদলীয় নির্বাচন ব্যৱস্থাৰ যোগেদি বিভিন্ন শ্রেণী-স্বার্থৰ সঞ্চালন; বিদেশী পুঁজিৰ প্রবেশ নিৰুৎসাহিত কৰাকৈ সংৰক্ষণবাদী নীতি, আমদানিৰ বিকল্প নীতি, গধুৰ উদ্যোগ, পৰিকাঠামো নির্মাণ, যাতায়াত, টেলি-সংযোগ, খনন, বেংকিং, জীৱন বীমা আদি খণ্ডত ৰাষ্ট্রৰ নেতৃত্বকাৰী ভূমিকা, লাইচেঞ্চ ব্যৱস্থাৰ যোগেদি চৰকাৰৰদ্বাৰা প্রাইভেট বস্তু-নির্মাণ খণ্ড (private manufacturing sector)ৰ নিয়ন্ত্রণ, কেন্দ্রীয় চৰকাৰৰ ওপৰত ঔদ্যোগিক পুঁজিপতিহঁতৰ আপেক্ষিকভাৱে অধিক প্রভাৱ, আৰু ৰাজ্যিক চৰকাৰসমূহৰ ওপৰত ভূ-এলিটহঁতৰ প্রভাৱ। চাবলৈ গলে ধ্রুপদী বুর্জোৱা গণতন্ত্রৰ সৈতে নিষ্ক্রিয় বিপ্লৱৰ কেতবোৰ পার্থক্য আছে। কিন্তু যিহেতু পশ্চিম ইউৰোপ তথা আমেৰিকাত স্থাপিত হোৱা বুর্জোৱা গণতন্ত্রকে কম-বেছি পৰিমাণে বুর্জোৱা বিপ্লৱৰ আদর্শস্বৰূপ বুলি ভবা হয়, সেয়েহে ভাৰতীয় নিষ্ক্রিয় বিপ্লৱ বিষয়ক আলোচনাসমূহতো সংক্রমণৰ কিছু ধাৰণা যুক্ত হৈ ৰোৱা যেন দেখা যায়। যেন প্রাক-ঔপনিবেশিকতাৰপৰা ঔপনিবেশিকতাবাদ – আৰু তাৰ পাছত ভৱিষ্যতৰ কোনো বিশুদ্ধ আধুনিকতালৈ নিষ্ক্রিয় বিপ্লৱে যাত্রা কৰিব। নব্বৈৰ দশকৰ পাছৰেপৰা যিসমূহ পৰিবর্তনৰ সূচনা হ’ল – সিবিলাকলৈ চালে মোৰ ধাৰণা হয় যে নিষ্ক্রিয় বিপ্লৱ শীর্ষক শ্রেণী আধিপত্যৰ এই ফ্রেমৱর্কটোৰ ৰূপান্তৰণ ঘটিল। লাইচেঞ্চ ব্যৱস্থাৰ বিলোপ সাধন, বিদেশী পুঁজি আৰু বিদেশী উপভোগ্য সামগ্রীৰ অধিক আগমন, টেলিসংযোগ, যাতায়াত, খনন, বেংকিং, জীৱন বীমা আদি খণ্ডসমূহত ব্যক্তিগত পুঁজিৰ প্রবেশ আদি ঘটনাসমূহে পুঁজিপতি শ্রেণীটোৰ গঠন (composition)টোকে সলনি কৰি পেলালে। লাইচেঞ্চ আৰু আমদানিৰ বিকল্প নীতিৰ সুযোগ লৈ দপদপাই ফুৰা পূর্বৰ কেইটিমান প্রাক্তন বণিক পৰিয়ালৰ “একাধিপত্য”ৰ বিপৰীতে ৯০ৰ দশকৰ পাছতেই ন ন বহুতো পুঁজিপতিয়ে অর্থনীতিৰ প্রায় সকলো স্তৰতে প্রবেশ কৰিবলৈ ল’লে। ই পুঁজিপতি শ্রেণীটোৰ ভিতৰত থকা আভ্যন্তৰীণ যাতায়াত যথেষ্টখিনি মোলায়েম কৰি পেলালে। আগেয়ে বিদেশীৰ স’তে প্রতিযোগিতাত নামিবলৈ ভয় কৰা ভাৰতীয় পুঁজিপতিহঁতৰ মাজত এতিয়া বেছ আত্মবিশ্বাস দেখা পোৱা গৈছে। সিহঁতে পুঁজি, পণ্য আৰু সেৱাৰ গোলকীয় প্রবাহৰপৰা পূর্ণমাত্রাই সুযোগ লোৱাৰ আশা কৰিছে। শেহতীয়াভাৱে আনকি পুঁজিৰ ৰপ্তানিও দেখা পোৱা গৈছে। এইক্ষেত্রত আটাইতকৈ নাটকীয় উদাহৰণটো হৈছে ভাৰতীয় তথ্য-প্রযুক্তিৰ ক্ষেত্রখনৰ উদয়। ঘৰুৱা বস্তু-নির্মাণ খণ্ড তথা সেৱা খণ্ডৰো বিশেষ প্রগতি হৈছে। সকলো মিলি বিগত বছৰকেইটাত ৮-৯ শতাংশ পর্যন্ত বার্ষিক বিকাশৰ হাৰ দেখা পোৱা গৈছে।

এই সমস্ত প্রক্রিয়াসমূহৰ ফলাফল হিচাপে ৰাজনৈতিক ক্ষেত্রখনত কিছুমান পৰিবর্তন দেখা পোৱা গৈছে। কেইটামান প্রাসংগিক উদাহৰণ দিয়া যাওক : প্রথমতেই, ভূ-এলিটহঁতৰ তুলনাত কর্প’ৰেট-পুঁজিপতি গোষ্ঠীটোৰ আপেক্ষিক শক্তি যথেষ্ট বৃদ্ধি পাইছে। কেনেধৰণৰ ৰাজনৈতিক পদ্ধতিৰদ্বাৰা সিহঁতে এই প্রতিপত্তি বৃদ্ধি কৰিছে, সেই সম্পর্কে গভীৰ আলোচনাৰ থল আছে। এটা কথা নিশ্চিত যে কোনো নির্বাচনী গণ অভিযানৰদ্বাৰা এইফেৰা কাম কৰা হোৱা নাই। সাধাৰণতে কিছুদিন আগলৈকে ভূ-এলিটহঁতেই এই নির্বাচনী পদ্ধতিটো প্রয়োগ কৰি আহিছিল। দ্বিতীয়তে, লাইচেঞ্চৰাজৰ বিলোপকৰণৰ পাছত দেশী-বিদেশী পুঁজিৰ বিনিয়োগ বিচাৰি বিভিন্ন ৰাজ্যিক চৰকাৰসমূহৰ মাজত প্রতিযোগিতা বৃদ্ধি হৈছে। ইয়াৰ ফলস্বৰূপে জাতীয় তথা আন্তর্জাতিক কর্প’ৰেট পুঁজিৰ স্বার্থৰ সৈতে ৰাজ্যিক স্তৰৰ ৰাজনৈতিক দল তথা নেতাৰ অভূতপূর্ব সম্পর্ক স্থাপন হৈছে। তৃতীয়তে, যদিও বিভিন্ন শ্রেণীৰ মাজত মধ্যস্থকৰণৰ মাধ্যম হিচাপে ৰাষ্ট্রৰ ভূমিকা অটুট আছে, তথাপিও বিভিন্ন প্রভুত্বশালী শ্রেণীৰ সমুখত ৰাষ্ট্রৰ পূর্বৰ স্বায়ত্ততাৰ পৰিবর্তন ঘটিছে। উন্নয়নশীল ৰাষ্ট্রই পূর্বতে সমাজৰ মাজভাগত স্বায়ত্তভাৱেই বিভিন্নধৰণৰ হস্তক্ষেপ কৰিছিল; সিবিলাকক ক্রিয়াশীল কৰাৰ ক্ষেত্রত আমোলাতান্ত্রিক-মেনেজাৰতন্ত্র বা সাধাৰণভাৱে ক’বলৈ গ’লে চহৰীয়া মধ্যবিত্ত শ্রেণীটোৰ বিশেষ ভূমিকা আছিল। পিছে বিগত দশককেইটাত এনে হস্তক্ষেপ তথা ভূমিকা হ্রাস হৈ পৰিছে। আজিৰ সময়ত চহৰীয়া মধ্যবিত্তই ৰাষ্ট্রযন্ত্রটোক দুর্নীতিপৰায়ণ, অদক্ষ তথা জনপ্রিয়তাবাদী বুলি ভবাৰ প্রৱণতা বৃদ্ধি পাইছে; আনহাতে, বিকাশ তথা দক্ষতাৰ প্রতি প্রতিশ্রুতিবদ্ধ শক্তি হিচাপে কর্প’ৰেট পুঁজিবাদী খণ্ডটোৰ সামাজিক গ্রহণযোগ্যতা তেওঁলোকৰ চকুত বৃদ্ধি পাইছে। এসময়ত নিষ্ক্রিয় বিপ্লৱৰ ইঞ্জিনস্বৰূপ উন্নয়নবাদী ৰাষ্ট্রযন্ত্রটোক গঠন তথা চালন কৰা চহৰীয়া মধ্যবিত্ত আজি বুর্জোৱাৰ নৈতিক তথা ৰাজনৈতিক প্রভাৱৰ অধীনত মোহগ্রস্ত।

পিছে সেইবুলি ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটো ধ্রুপদী বুর্জোৱা গণতন্ত্র সদৃশ হৈ পৰিছে বুলি ভবাটো ভুল হ’ব। ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটোৰ বিশেষ বৈশিষ্ট্য হৈছে - নাগৰিক সমাজ আৰু ৰাজনৈতিক সমাজৰ মাজত থকা এক গুৰুত্বপূর্ণ বিচ্ছেদ (split) । আজিৰ সময়ত ভাৰতীয় নাগৰিক সমাজখন মূলতঃ চহৰীয়া মধ্যবিত্ত শ্রেণীৰে গঠিত; ই বুর্জোৱা নাগৰিক সমাজৰ যিটো সাধাৰণ মডেল – সেই অনুসৰি গঠিত হ’বলৈ চেষ্টা কৰে। এই নাগৰিক সমাজখনেই হৈছে বুর্জোৱা আধিপত্যৰ মূল ক্ষেত্র। পিছে ভাৰতৰ দৰে দেশসমূহত কেৱল নাগৰিক সমাজখনেই সমস্ত ৰাজনৈতিক ক্ষেত্রখন গঠন নকৰে; তেনে হোৱা হ’লে পশ্চিমীয়া পুঁজিবাদী গণতন্ত্রসমূহৰ সৈতে ভাৰতৰ কোনো পার্থক্য নাথাকিলেহেঁতেন। নাগৰিক সমাজৰ বিপৰীতে গ্রামাঞ্চলৰ এক বৃহৎ অংশ তথা চহৰীয়া দৰিদ্র লোকেৰে গঠিত আন এখন সমাজো দেখা পোৱা যায় – যাক মই ৰাজনৈতিক সমাজ নামেৰে অভিহিত কৰিছোঁ। নাগৰিক সমাজৰ দৰেই ৰাজনৈতিক সমাজৰ সসস্যসকলো অন্ততঃ আনুষ্ঠানিকভাৱে দেশৰ নাগৰিক; ৰাজনৈতিক দৰদামৰ সঁজুলি হিচাপে তেওঁলোকেও ভোটদানৰ অধিকাৰসমূহ প্রয়োগ কৰিব পাৰে। কিন্তু ৰাষ্ট্রৰ বিভিন্ন অংগৰ স’তে তেওঁলোকে মধ্যবিত্তৰ বিপৰীতে এক সুকীয়া সম্পর্ক গঢ়ি তুলিছে; ৰাষ্ট্রৰ এজেন্সিসমূহেও তেওঁলোকৰ সৈতে প্রকৃত নাগৰিক যেন ব্যৱহাৰ নকৰে। সংবিধান অনুসৰি সংজ্ঞায়িত অধিকাৰ তথা আইনৰ কোনো স্থায়ী ফ্রেমৱর্কৰ বিপৰীতে প্রত্যক্ষ ৰাজনৈতিক আলোচনাৰ ফলাফল হিচাপে সৃষ্টি হোৱা কোনো অস্থায়ী, পৰিস্থিতি-নির্ভৰ ফ্রেমৱর্কৰ জৰিয়তেহে ৰাজনৈতিক সমাজৰ সদস্যসকলে নিজৰ দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰে; ঠিক তেনেদৰেই তেওঁলোকক শাসনো কৰা হয়। ৰাজনৈতিক সমাজখন বুর্জোৱা শ্রেণীৰ নৈতিক-ৰাজনৈতিক নেতৃত্বৰ অধীনলৈ এতিয়াও অহা নাই। অর্থাৎ ভাৰতীয় গণতান্ত্রিক ৰাজনীতিৰ এক বৃহৎ অংশ এতিয়াও বুর্জোৱাৰ আয়ত্তৰপৰা আঁতৰত। মোৰ যুক্তিটো হৈছে যে নিষ্ক্রিয় বিপ্লৱৰ ফ্রেমৱর্কটো আজিও ভাৰতৰ ক্ষেত্রত প্রযোজ্য। কিন্তু এই বিপ্লৱৰ গাঁথনি আৰু গতিৰ কেতবোৰ গুৰুত্বপূর্ণ পৰিবর্তন ঘটিছে। নাগৰিক সমাজৰ ক্ষেত্রখনত পুঁজিপতি শ্রেণীটোৱে নৈতিক-ৰাজনৈতিক আধিপত্য লাভ কৰিছে। মূলতঃ চহৰীয়া মধ্যবিত্তৰদ্বাৰাই এই নাগৰিক সমাজখন গঠিত হৈছে। নাগৰিক সমাজখনে ৰাজনৈতিক দলৰ কোনো নির্বাচনী অভিযান বা আন্দোলনৰ জৰিয়তে কেন্দ্রীয় তথা ৰাজ্যিক চৰকাৰসমূহৰ ওপৰত প্রভাৱ নেপেলায়; বৰং আমোলা-মেনেজাৰ শ্রেণীটোৰ জৰিয়তে, প্রিণ্ট তথা টেলিভিছন মিডিয়াৰ জৰিয়তে তথা ন্যায়পালিকা আৰু অন্যান্য স্বাধীন নিয়মন সংস্থাৰ জৰিয়তেহে ই চৰকাৰসমূহৰ ওপৰত বিশেষ প্রভাৱ বিস্তাৰ কৰে। দেশী-বিদেশী ব্যক্তিগত বিনিয়োগৰ জৰিয়তে তীব্র আর্থিক বিকাশ লাভ কৰাটোৱেই হৈছে আজিৰ দিনৰ সকলো মূল ৰাজনৈতিক দলৰ ঘোষিত লক্ষ্য। আনকি পশ্চিম বংগ তথা কেৰেলাত শাসন কৰা চি পি এম দলটোৱেও ক্রমবর্ধমানভাৱে এইক্ষেত্রত আন আন দলৰ লগতেই (তাত্ত্বিকভাৱে নহ’লেও কার্যকৰীভাবে) সুৰ মিলাইছে। ইয়াৰদ্বাৰাই বুজিব পাৰি যে ৰাষ্ট্রৰ সামগ্রিক গাঁথনিটোত পুঁজিপতি শ্রেণীটোৰ প্রভুত্ব ভালকৈয়ে স্থাপিত হৈছে। অর্থাৎ যিটো দল বা দলৰ সমষ্টিয়েই আজি শাসনলৈ নাহক লাগে – তীব্র আর্থিক বিকাশৰ প্রতি ৰাষ্ট্রৰ প্রতিশ্রুতি তথা দায়বদ্ধতা অদূৰ ভৱিষ্যতলৈ সুনিশ্চিত বুলি ক’ব পাৰি। ই নিষ্ক্রিয় বিপ্লৱৰ সফলতাকেই প্রমাণিত কৰিছে। পিছে একে সময়তে বিভিন্ন শাসকীয় এজেন্সিসমূহৰ জৰিয়তে ৰাষ্ট্রই ৰাজনৈতিক সমাজখনতো হস্তক্ষেপ কৰিবলৈ এৰা নাই। এই ক্ষেত্রখনত নির্বাচনী অভিযানৰ জৰিয়তে বিভিন্ন স্থানীয় প্রভুত্বশীল স্বার্থই ৰাজনৈতিক প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়; এনে স্থানীয় স্বার্থসমূহ ভূ-এলিট হ’ব পাৰে, স্থানীয় বেপাৰী হ’ব পাৰে, বা ক্ষুদ্র উৎপাদকো হ’ব পাৰে। নিষ্ক্রিয় বিপ্লৱৰ পুৰণা সূত্র অনুসৰি এই স্বার্থবোৰে কিছু দূৰৈলৈ ঔদ্যোগিক বুর্জোৱাৰ বিৰোধিতা কৰাৰ সম্ভাৱনা থাকে; পার্টি ব্যৱস্থা বা ৰাষ্ট্রৰ স্বায়ত্ত অংগসমূহৰ মাধ্যমৰ জৰিয়তে এনে সংঘাতৰ সাময়িক সমিধান উলিওৱা হয়; কোনো বুজাপৰাৰ ফর্মুলা বিকশিত কৰা হয়। পিছে আজিৰ দিনত ৰাষ্ট্রৰ সমস্ত গাঁথনিটোৰ ওপৰতেই বুর্জোৱাৰ প্রভুত্ব বিস্তাৰিত হৈছে। একে সময়তে ৰাজনৈতিক সমাজ আৰু নাগৰিক সমাজৰ ক্রিয়াপদ্ধতিসমূহক সংলগ্ন কৰা এক নতুন গতিশীল লজিকো অস্তিত্বলৈ আহিছে। পূর্বেই কোৱা হৈছে যে পুঁজিৰ আদিম সঞ্চয়নৰ প্রভাৱসমূহ কিছু দূৰৈলৈ প্রতিহত কৰাৰ প্রয়োজনীয়তাৰপৰাই এই লজিকৰ সৃষ্টি হৈছে। কেনেদৰে এই লজিকৰ আশীর্বাদত ৰাজনৈতিক সমাজ তথা নাগৰিক সমাজ – এই দুয়োকে সংলগ্ন কৰি নিষ্ক্রিয় বিপ্লৱৰ এক নতুন গাঁথনি নির্মিত হ’ব ধৰিছে এই বিষয়ে বুজিবলৈ পুনৰ কৃষক প্রশ্নটোলৈ ঘূৰি যাওঁ আহক।

৪. অনা-কর্পৰেট (Non-Corporate) পুঁজিৰ মেনেজমেণ্ট

ক্ষুদ্র কৃষক অর্থনীতিসমূহ বজাৰৰ সৈতে সংস্পৃক্ত হৈ পৰাৰ ফলত সিবিলাক আজিৰ দিনত সম্পূর্ণভাৱে পুঁজিৰ অধীন হৈ পৰিছে। কৃষকৰ উৎপাদন, কৃষিজাত পণ্যৰ বেপাৰ, ঋণৰ সহস্র নেটৱর্ক, যাতায়াতৰ নেটৱর্ক, সৰুসুৰা চহৰ তথা গ্রামাঞ্চলৰ ক্ষুদ্র পণ্য নির্মাণ খণ্ড তথা সেৱা প্রদান খণ্ড – এই আটাইবোৰ প্রক্রিয়াকে একেটা ব্যবস্থাৰে অংশবিশেষ হিচাপে গণ্য কৰিব পাৰি। এই প্রক্রিয়াবোৰেই অনানুষ্ঠানিক খণ্ডটো নির্মাণ কৰিছে। সাধাৰণতে অনানুষ্ঠানিক খণ্ডৰ ইউনিটসমূহক সিবিলাকৰ ক্ষুদ্র আকাৰ, সীমিতসংখ্যক শ্রমিক নিয়োজন, পঞ্জীয়ন-বহির্ভূত চৰিত্র ইত্যাদি বৈশিষ্ট্য অনুসৰি চিনাক্ত কৰিব পাৰি। বর্তমানৰ প্রবন্ধটোত আলোচনাৰ বাবে সুবিধা হোৱাকৈ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক খণ্ড দুটাক মই ক্রমে কর্প’ৰেট পুঁজি খণ্ড আৰু অনা-কর্প’ৰেট পুঁজিৰ খণ্ড – এইদৰে নামাকৰণ কৰিছোঁ।

কৃষক সমাজৰ বিভিন্ন সাম্প্রতিক বৈশিষ্ট্যসমূহক অনা-কর্প’ৰেট পুঁজিৰো বৈশিষ্ট্য বুলি ক’ব পাৰি। আজিৰ দিনত কৃষকৰ উৎপাদন কার্য বজাৰৰ বিভিন্ন গাঁথনিৰ সৈতে গভীৰভাৱে যুক্ত হৈ পৰিছে; পুঁজিৰ অপাৰেচনৰ ফলত সৃষ্টি হোৱা শক্তিসমূহৰদ্বাৰা কৃষকৰ বিনিয়োগ দৃঢ়ভাৱে প্রভাৱিত হৈছে। গ্রামাঞ্চল, সৰুসুৰা চহৰ, আনকি বৃহৎ চহৰসমূহতো দেখা পোৱা অনানুষ্ঠানিক ঔদ্যোগিক, বাণিজ্যিক তথা সেৱাভিত্তিক ইউনিটসমূহৰ সৈতে কৃষকৰ উৎপাদন গভীৰভাৱে যুক্ত হৈ পৰিছে। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পুঁজিৰ মাজত চাবলৈ গ’লে বহুতো পার্থক্যই চিনাক্ত কৰিব পাৰি। কিন্তু সদ্যহতে মই নিম্নলিখিত পার্থক্যৰ কথা ঘাইকৈ উল্লেখ কৰিব বিচাৰিছোঁ।

কর্প’ৰেট পুঁজিৰ মূল লজিক হৈছে পুঁজি সঞ্চয়ন, অর্থাৎ সর্বোচ্চ মুনাফা আহৰণ। আনহাতে, অনা-কর্প’ৰেট পুঁজিৰ মূল লজিক হৈছে – এই খণ্ডত ন্যস্ত হৈ থকা লোকসকলৰ বাবে জীৱিকা প্রদান। অৱশ্যে সেইবুলি অনা-কর্প’ৰেট খণ্ডত লাভৰ হিচাপ-নিকাচ একেবাৰে নাথাকে বুলি ক’ব নোৱাৰি। সি যি কি নহওক, সাম্প্রতিক সময়ৰ অনানুষ্ঠানিক খণ্ড তথা কৃষক সমাজৰ বৈশিষ্ট্যবোৰ বুজাৰ ক্ষেত্রত এই পার্থক্যটো বিশেষভাৱে সহায়ক হ’ব বুলিয়েই মই ভাবো। অনানুষ্ঠানিক খণ্ডৰপৰা কেইটামান উদাহৰণ দিয়া যাওক। ভাৰতীয় চহৰসমূহৰ বাটে-পথে গঢ় লৈ উঠা সৰুসুৰা গুমটি, ভ্রাম্যমাণ ঠেলাৱালা, পথৰ ক্ষুদ্র পণ্য বিক্রেতা আদিৰ পৰিঘটনাটোৰ সৈতে আমি নিশ্চিতভাৱে পৰিচিত। প্রায়েই এই গুমটি চলোৱা লোকসকলে পথৰ একাংশ দখল কৰি [চাহ-মিঠাই, তামোল-পাণ, বাতৰিকাকত আদিৰ] ব্যৱসায় কৰে। পৌৰ নিগমৰ আইন-কানুনলৈ মন কৰিলে সিবিলাকৰ ভিতৰত বেছিভাগেই হয়তো নিয়ম-বহির্ভূত বুলি ক’ব লাগিব। এই লোকসকলে পৌৰ সভাৰ বিভিন্ন সেৱা, যেনে - বিজুলী, পানী যোগান আদিৰো ব্যৱহাৰ কৰে। তেওঁলোকে কোনো কৰ আদায় নকৰে। পুলিচ, পৌৰ সভাৰ কর্তৃপক্ষ আদিৰ স’তে মোকাবিলা কৰিবলৈ তেওঁলোকে প্রায়েই কোনো সমূহীয়া সংস্থা নির্মাণ কৰে। বিভিন্ন ঋণদাতা অনুষ্ঠান, যেনে বেংক আদিৰ লোন পাবলৈও এই সংস্থাসমূহ ব্যৱহাৰ কৰা হয়। মন কৰিবলগীয়া যে কর্প’ৰেট ফার্মসমূহে উৎপাদন কৰা বহুতো পণ্য এই সৰুসুৰা গুমটিসমূহৰ জৰিয়তেই বিক্রয় কৰা হয়। প্রায়েই এনে সংস্থাসমূহৰ আকাৰ বৃহৎ হৈ পৰা দেখা যায় আৰু ব্যৱসায়ৰ এক লেখত ল’বলগীয়া অংশ তেওঁলোকে নিয়ন্ত্রণ কৰে। বজাৰৰ বিভিন্ন উখল-মাখলৰ হেঁচা তথা ব্যৱসায়ৰ বিভিন্ন খণ্ডত প্রযোজ্য লাভাংশৰ দৰৰ প্রভাৱ তেওঁলোকৰ ওপৰতো পৰে। কিন্তু প্রায়েই দেখা যায় যে সকলোৰে বাবে ন্যূনতম জীৱিকা সুনিশ্চিত কৰিবলৈ এই সংস্থাসমূহে নতুন খেলুৱৈৰ প্রবেশৰ ক্ষেত্রত বাধা প্রদান কৰে। কোনটো অঞ্চলত, কোনটো পথত কেইজন ব্যক্তিয়ে ব্যৱসায় কৰিব, সেয়া নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰা হয়। আনহাতে, ব্যৱসায় যদি ভালকৈ চলি আছে, তেনে পৰিস্থিতিত এই সৰুসুৰা দোকানীসকলে পুঁজিপতিৰ দৰে বর্ধিত হাৰত পুঁজি সঞ্চয়ন কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে সংস্থাৰ সদস্য সংখ্যা বৃদ্ধি কৰিবলৈ তথা নতুন খেলুৱৈক প্রবেশ কৰিবলৈ সুবিধা কৰি দিয়াও পৰিলক্ষিত হয়। আন এটা উদাহৰণ হৈছে ভাৰতীয় চহৰসমূহৰ যাতায়াত ব্যৱস্থা। বেছিভাগ ভাৰতীয় চহৰতেই ব্যক্তিগত টেম্পু, অটো, মিনিবাছ আদিৰ গৰাকীৰদ্বাৰা ট্রেন্সপ’র্ট ব্যৱস্থাটো চালিত হয়। সাধাৰণতেই সিবিলাকে লাইচেঞ্চ, সুৰক্ষা অধিনিয়ম, প্রদূষণ বিষয়ক নিয়ম আদিসমূহ উলংঘা কৰি চলে। নিয়ম উলংঘন নকৰিলে সিবিলাক আর্থিকভাৱে বাচি থকাই টান হৈ পৰিব। প্রতিজন অপাৰেটৰৰ ওচৰত এখন বা দুখনতকৈ অধিক গাড়ী সাধাৰণতেই নাথাকে। ট্রেন্সপ’র্ট কর্তৃপক্ষ তথা পুলিচৰ মুখামুখি হ’বলৈ তেওঁলোকেও নিজস্ব সংস্থা গঢ়ি তোলে। কর্তৃপক্ষৰ সৈতে টনা-আঁজোৰা, দৰদাম তথা আলোচনাৰ জৰিয়তে এই সংস্থাসমূহে যাত্রী ভাড়া, যাত্রা পথ, গাড়ীৰ সংখ্যা, নতুন খেলুৱৈৰ প্রবেশ আদি দিশসমূহ নিয়ন্ত্রণ কৰে। এইদৰেই কিছু ন্যূনতম উপার্জন সুনিশ্চিত কৰা হয় আৰু কোনো এজন অপাৰেটৰেই অত্যধিক লাভ অর্জন কৰিবলৈ সক্ষম নহয়। The Politics of the Governed শীর্ষক গ্রন্থখনত মই অন্যান্য বিভিন্ন গণসমষ্টি, যেনে পথৰ বেপাৰী, অবৈধভাৱে চৰকাৰী মাটিত জুপুৰী নির্মাণ কৰা লোক আদিৰ বিষয়ে আলোচনা কৰিছোঁ আৰু কিদৰে সিবিলাকক শাসকীয় এজেন্সিসমূহে নিয়মন কৰে, সেই বিষয়ে আলোকপাত কৰিছোঁ। এনে সমস্ত লোকৰ জীৱিকা বা বাসস্থান আইনৰ দাঁতিত অৱস্থিত। এওঁলোকেই ৰাজনৈতিক সমাজখন গঠন কৰে। ৰাজনৈতিক সমাজৰ লোকসকলৰ সৈতে ৰাষ্ট্রই নাগৰিক সমাজৰ অধিকাৰপ্রাপ্ত পূর্ণাংগ নাগৰিকসকলৰ দৰে ব্যৱহাৰ নকৰে। বৰং তেওঁলোকক কোনোবা নহয় কোনোবা নির্দিষ্ট গণসমষ্টিৰ লোক বুলি গণ্য কৰা হয় যাৰ কেতবোৰ নির্দিষ্ট বৈশিষ্ট্য আছে, যাৰ বাবে কেতবোৰ বিশেষ শাসকীয় পলিচি আছে। সাধাৰণতে এনে বহুবোৰ গণসমষ্টিৰ অস্তিত্বৰ অর্থই হৈছে যে তেওঁলোক বিভিন্ন ধৰণৰ আইন-বহির্ভূত কার্যকলাপত ব্যস্ত। সেয়েহে তেওঁলোকৰ সৈতে মোকাবিলা কৰোঁতে ৰাষ্ট্রই মানি লয় যে এয়া কোনো সাধাৰণ পৰিস্থিতিৰ বিপৰীতে এক ব্যতিক্রমী (exceptional) পৰিস্থিতি আৰু সেয়েহে সাধাৰণ নিয়ম-নীতিসমূহ তেওঁলোকৰ ক্ষেত্রত প্রযোজ্য নহয়। ফলস্বৰূপে বেআইনী জুপুৰীসমূহত পানী বা বিজুলী সংযোগ দিয়া যাব পাৰে, কিন্তু তেওঁলোকক সন্মানীয় মধ্যবিত্তীয় গ্রাহকসকলৰ দৰে সুনিশ্চিত সম্পত্তিৰ অধিকাৰ দিয়া নহয়। বিজুলী সংযোগ পালে বুলিয়েই তেওঁলোকে মাটিডোখৰ নিজা ব্যক্তিগত সম্পত্তি বুলি দাবী কৰিব নোৱাৰে। ঠিক তেনেদৰেই ৰাস্তাৰ সৰুসুৰা গুমটি, ভ্রাম্যমাণ ঠেলাৱালা, পাণ-তামোলৰ দোকানীসকলক কামকাজ চলাই নিবলৈ অনুমতি দিয়া যাব পাৰে, কিন্তু বৃহৎ দোকান, ষ্ট’ৰ, মল আদিৰ মালিকৰ বিপৰীতে তেওঁলোকক সুকীয়াকৈ চোৱা হয়। ষ্ট’ৰ, মল আদিৰ মালিকসকলক নিয়মীয়া আইন অনুসৰি নিয়মন কৰা হয়। অর্থাৎ ৰাজনৈতিক সমাজৰ নিৱাসীসকলৰ দাবী তথা জীৱন পৰিস্থিতি কেতিয়াও সুনিশ্চিত নহয়। তেওঁলোকে নিজা দাবীসমূহ কিমান সজোৰে উত্থাপন কৰিব পাৰিছে, কিমানখিনি হেঁচা তেওঁলোকে প্রয়োগ কৰিব পাৰিছে – তাৰ ওপৰতেই তেওঁলোকৰ স্থিতি অহৰহ নির্ভৰ কৰে। তেওঁলোকৰ স্বত্বসমূহ কেতিয়াও আইনী অধিকাৰলৈ পৰিণত নহয়।

ৰাজনৈতিক সমাজৰ এই বিশ্লেষণৰ সৈতে যদি আমি এতিয়া ‘পুঁজিৰ আদিম সঞ্চয়ন’ৰ প্রশ্নটো যুক্ত কৰি চাওঁ তেতিয়া নিম্নোক্তধৰণৰ ছবি এখন দেখিবলৈ পোৱা যাব : নাগৰিক সমাজ হৈছে এনে এক স্থান য’ত কর্প’ৰেট পুঁজি সম্পূর্ণভাৱে আধিপত্যশীল; আনহাতে ৰাজনৈতিক সমাজ হৈছে এনে এক স্থান য’ত অনা-কর্প’ৰেট পুঁজিৰ সৈতে আলোচনা তথা মোকাবিলা কৰা হয়। আগতেই কৈ অহা হৈছে যে নব্বৈৰ দশকৰপৰা কর্প’ৰেট পুঁজি অর্থাৎ বৃহৎ পুঁজিপতিহঁতে নাগৰিক সমাজত ক্রমবর্ধমানভাৱে আধিপত্য লাভ কৰি আহিছে। তাৰ ফলস্বৰূপেই পুঁজি সঞ্চয়নৰ লজিক – অর্থাৎ এই দাবী যে “জাতীয় অর্থনীতিৰ বিকাশ দৰ অতিশয় বৃদ্ধি কৰা হওক তথা কর্প’ৰেট পুঁজিকেই অগ্রাধিকাৰ দিয়া হওক” – ই নাগৰিক সমাজখনত অর্থাৎ চহৰীয়া মধ্যবিত্তীয় শ্রেণীসমূহৰ মাজত ব্যাপকভাৱে জনপ্রিয় হৈ পৰিছে। মধ্যবিত্তীয় শ্রেণীসমূহৰ শৈক্ষিক, প্রফেছনেল তথা সামাজিক আকাংক্ষাসমূহ আজি কর্প’ৰেট পুঁজিৰ ভাগ্যৰ সৈতে সংলিপ্ত হৈ পৰিছে। মধ্যবিত্তীয় নাগৰিকসকলৰ আইনী অধিকাৰসমূহৰ ৰক্ষণাৱেক্ষণ তথা ৰাজহুৱা স্থানসমূহত কঠোৰভাৱে আইনী ব্যৱস্থাসমূহৰ বাহালকৰণ - এনে দাবীসমূহ আজি নাগৰিক সমাজৰ মাজত অতিশয় সোচ্চাৰ হৈ পৰিছে। অনানুষ্ঠানিক খণ্ড তথা ৰাজনৈতিক সমাজৰ “শৃংখলাহীন” তথা খেলিমেলি ভৰা দুনিয়াখনৰ প্রতি এই চহৰীয়া মধ্যবিত্তসকলৰ বিৰক্তি অতিশয় স্পষ্ট ৰূপত দেখা পোৱা যায়। তেওঁলোকৰ মনত এই ধাৰণাটোৱে ক্রিয়া কৰে যে কেনেবাকৈ তীব্র আর্থিক বিকাশ দৰ লাভ কৰিব পাৰিলেই এই সমস্ত সমস্যা, দাৰিদ্র্য তথা অসমতাৰ অন্ত পৰিব।

৫. অনানুষ্ঠানিক খণ্ডৰ গাঁথনি 

অনানুষ্ঠানিক খণ্ডৰ গাঁথনি তথা তাৰ লজিক কর্প’ৰেট খণ্ডৰ দৰে নহয়। পুঁজি সঞ্চয়নৰ লজিকৰদ্বাৰা সি চালিত নহয়। কিন্তু সেইবুলি তাৰ কোনো সংগঠন নাই বুলি ভাবিলে ভুল কৰা হ’ব। ইতিমধ্যেই উল্লেখ কৰা হৈছে যে প্রায়েই ৰাজনৈতিক সমাজৰ নিবাসীসকলে বৃহৎ তথা শক্তিশালী সংগঠন গঢ়ি তোলে। আধুনিক বজাৰ তথা শাসকীয় স্থানসমূহত ক্রিয়াশীল হ’বলৈকে তেওঁলোকক সংগঠনৰ দৰকাৰ হয়। কৃষক তথা কাৰিকৰসকলৰ পৰম্পৰাগত সংগঠনসমূহ এইক্ষেত্রত যথেষ্ট নহয়। এই সংগঠনসমূহে একে সময়তে ৰাজনৈতিক তথা আর্থিক ভূমিকা পালন কৰে। ইতিমধ্যেই উল্লেখ কৰা হৈছে যে অনা-কর্প’ৰেট পুঁজিৰ লজিক – অর্থাৎ জীৱিকা প্রদানৰ লজিক - শাসকীয় এজেন্সি তথা বজাৰৰ মাজেদি ক্রিয়াশীল কৰিবলৈকে এনে সংগঠনসমূহৰ জন্ম হয়। যিসকলে এনে সংগঠনসমূহত নেতৃত্ব প্রদান কৰে, তেওঁলোক শ্রমিকো হ’ব পাৰে, মালিকো হ’ব পাৰে বা একে সময়তে দুয়োটা ভূমিকাও পালন কৰিব পাৰে। সংগঠনৰ এই নেতাসকলে ৰাজনৈতিক নেতা হিচাপেও ভূমুকি মাৰিব পাৰে। প্রায়েই এই নেতাসকল কোনো বৃহৎ নেতা বা ৰাজনৈতিক দলৰ সৈতে যুক্ত হৈ থাকে। অর্থাৎ এইবুলি ক’লে ভুল নহ’ব যে অনা-কর্প’ৰেট পুঁজিৰ মেনেজমেণ্ট কৰা এই নেতাসকলে এক ৰাজনৈতিক ভূমিকাও পালন কৰে। এনে ৰাজনৈতিক ভূমিকা সফলতাৰে ক্রিয়াশীল কৰিব পৰা বা নোৱৰাৰ ওপৰতেই বহুতো অনানুষ্ঠানিক খণ্ডৰ উৎপাদন ইউনিট তথা কৃষক উৎপাদনৰ ভৱিষ্যত নির্ভৰ কৰে। গণতন্ত্রৰ প্রক্রিয়াটোৰ মাজেদিয়েই এই ভূমিকা ক্রিয়াশীল কৰা হয়। এনে ৰাজনৈতিক ভূমিকা পালন কৰা সংগঠনসমূহ নিশ্চিতভাৱেই সৃষ্টিশীল হ’ব লাগিব; ভাৰতৰ সমবায় আন্দোলন বা সমাজবাদী আন্দোলনেও সিবিলাকৰ বাবে কোনো মডেল তৈয়াৰ কৰি থৈ যোৱা নাই।

অনা-কর্প’ৰেট খণ্ডৰ এই সংগঠনসমূহৰ বিশেষ বৈশিষ্ট্য হৈছে যে সিবিলাক ক্ষুদ্র হাৰৰ সম্পত্তিৰ প্রতি মোহগ্রস্ত। কিন্তু একে সময়তে সিবিলাকে কর্প’ৰেট খণ্ডৰ আগ্রাসনত সংকটগ্রস্ত নিজৰ জীৱিকাৰ অনিশ্চিত ভিত্তিখিনি ৰক্ষা কৰিবলৈ শক্তিশালী সংগঠন নির্মাণ কৰাত যথেষ্টখিনি পার্গতালি দর্শাইছে। অৱশ্যে এতিয়ালৈকে গ্রামাঞ্চলৰ কৃষকসকলৰ বিপৰীতে মূলতঃ চহৰাঞ্চলৰ অনানুষ্ঠানিক খণ্ডসমূহতহে এই সংগঠনসমূহ শক্তিশালী ৰূপত গঢ়ি উঠিছে বুলি ক’ব পাৰি। চহৰাঞ্চলৰ সংগঠনসমূহৰ বিপৰীতে গ্রামাঞ্চলৰ ক্ষুদ্র কৃষকসকলে এতিয়াও বজাৰৰ সৈতে খেলা কৰাত সিদ্ধহস্ততা লাভ কৰা নাই। এতিয়াও জীৱিকাৰ বিভিন্ন সমলৰ বাবে তেওঁলোক শাসকীয় এজেন্সিসমূহৰ ওচৰত প্রত্যক্ষভাৱে নির্ভৰশীল। কেনেদৰে কৃষিজাত পণ্যৰ বিক্রয়ৰ ক্ষেত্রত সংগঠিতভাৱে বজাৰখন ব্যৱহাৰ কৰিব পাৰি – এই প্রশ্নটোৰ কোনো ফলপ্রসূ উত্তৰ এতিয়াও ক্ষুদ্র কৃষকসকলে উলিয়াব পৰা নাই। উদ্যোগৰ বাবে কৃষিভূমিৰ অধিগ্রহণ বিষয়ক বিতর্ক তথা “কৃষক আত্মহত্যা”ৰ ঘটনাসমূহক এই প্রসংগতে বিচাৰ কৰি চোৱা উচিত। কৃষি উৎপাদনৰ ক্ষেত্রখনত যেনেধৰণৰ দ্রুত পৰিবর্তন হ’ব ধৰিছে, তাৰ কৰাল গ্রাসৰপৰা অনা-কর্প’ৰেট পুঁজি-নির্ভৰ গ্রামাঞ্চলৰ বৃহৎসংখ্যক শ্রমজীৱী ৰাইজক ৰক্ষা কৰিবলৈ হ’লে ভাৰতীয় গণতন্ত্রই অতি সোনকালেই কোনো নতুন সাংগঠনিক ৰূপ বিকশিত কৰিব লাগিব।

এইখিনিতে এটা কথা : অনা-কর্প’ৰেট পুঁজিৰ কথা কওঁতে মই সিবিলাকৰ সাধাৰণ বৈশিষ্ট্যৰ কথাহে উল্লেখ কৰিছোঁ। অনা-কর্প’ৰেট পুঁজিৰ মাজতে বিভিন্নধৰণৰ বৈচিত্র দেখা যাব পাৰে। অনা-কর্প’ৰেট একোটা উৎপাদন ইউনিটৰ সাধাৰণ বৈশিষ্ট্য হৈছে যে সি যথেষ্ট পৰিমাণৰ স্থায়ী পুঁজি তথা কেইবাজনো শ্রমিক নিয়োজন কৰিলেও তাৰ মূল উদ্দেশ্য হৈছে জীৱিকা আহৰণ কৰা। সঞ্চয়ন তাৰ মূল উদ্দেশ্য নহয়। প্রায়েই মালিকে নিজেই শ্রমিক হিচাপে কাম কৰে। কিন্তু সেইবুলি অনা-কর্প’ৰেট খণ্ডটোত কোনো সঞ্চয়ন প্রয়াসী মালিক নাই বুলি ক’লে ভুল হ’ব। অনানুষ্ঠানিকতাৰ নৰক পাৰ হৈ কর্প’ৰেট পুঁজিৰ ভূস্বর্গত প্রবেশ কৰিবলৈ আশা কৰা মালিক নিশ্চিতভাৱেই আছে। এক প্রৱণতা হিচাপে তাৰ উপস্থিতি উল্লেখ কৰি থোৱাটো প্রয়োজনীয়।

৬. কৃষক সংস্কৃতি আৰু ৰাজনীতি

কিছুদিন পূর্বে এটা ভাষণ প্রসংগত কৃষক জীৱনৰ এই পৰিবর্তিত বৈশিষ্ট্যসমূহৰ উদ্ধৃতি দি সমাজতত্ত্ববিদ দীপংকৰ গুপ্তাই ক’লে যে সাম্প্রতিক সময়ৰ গ্রাম্য সমাজখন বুজিবলৈ হ’লে এক নতুন তাত্ত্বিক কাঠামো বিকশিত কৰাৰ প্রয়োজনীয়তা আহি পৰিছে। গাঁৱত বসবাস কৰা লোকৰ মাজত আজি অনা-কৃষিজাত নিয়োগ তীব্রভাৱে বৃদ্ধি হৈছে। ভাৰতৰ প্রায় অর্ধেকসংখ্যক ৰাজ্যতে গ্রামাঞ্চলৰ ৪০ শতাংশতকৈও অধিক লোক অ-কৃষিজাত কামকাজত নিযুক্ত হৈ পৰা দেখা গৈছে। দিনক দিনে এই অনুপাত বাঢ়িব ধৰিছে। এক বৃহৎ পৰিমাণৰ গ্রাম্য শ্রমিক আছে যাৰ খেতি কৰিবলৈ নিজা মাটি নাই, কিন্তু কৃষিখণ্ডত শ্রমিক হিচাপে কাম কৰিবলৈও তেওঁলোকৰ ওচৰত পর্যাপ্ত নিয়োগ সুবিধা নাই। আনকি নিজা মাটি থকা কৃষক পৰিয়ালবোৰৰো কোনোবা নহয় কোনোবা এজন সদস্য অনা-কৃষিজাত খণ্ডত নিয়োজিত হৈ পৰা দেখা গৈছে। এফালৰপৰা চাবলৈ গ’লে ই বজাৰৰ হেঁচাৰদ্বাৰা আক্রান্ত ক্ষুদ্র কৃষক অর্থনীতিৰ দৈন্যকে সূচাইছে। উৎপাদনশীলতা বৃদ্ধি কৰিব নোৱৰাৰ ফলত ক্ষুদ্র কৃষকসকলৰ কৃষিকর্ম বহনক্ষমতাহীন (unviable) হৈ পৰিছে। এটা প্রজন্মৰপৰা আন এটা প্রজন্মলৈ মাটিসমূহ হস্তান্তৰ কৰোঁতে প্লটসমূহৰ আকাৰ ক্রমান্বয়ে বিভক্ত হৈ ক্ষুদ্র হৈ পৰিছে। পশ্চিম বংগৰ বিভিন্ন অঞ্চলত বিগত দুটা বছৰ ক্ষেত্র অধ্যয়ন কৰি মই মন কৰিছিলো যে মাটি-সম্পত্তি থকা কৃষক পৰিয়ালবোৰৰো উদীয়মান নৱ প্রজন্মটো কৃষিকর্মৰ প্রতি বিশেষ আগ্রহী নহয়। কৃষক হৈ জীৱন কটাবলৈ তেওঁলোকৰ অকণো মন নাই। তেওঁলোকৰ মতে ক্ষুদ্র কৃষিকর্মৰ কোনো ভৱিষ্যত নাই আৰু সেয়েহে চহৰতেই কষ্ট কৰি হ’লেও বৈকল্পিক নিয়োগ সন্ধান কৰাৰ প্রতি তেওঁলোক আগ্রহী। নক’লেও হ’ব যে বিদ্যালয়ৰ শিক্ষা পোৱা চামটোৰ মাজত এনে অনুভৱ অতিশয় তীব্র। মন কৰিবলগীয়া যে কেৱল আদিম সঞ্চয়নৰ ফলাফল হিচাপেই এনে অনুভৱ সৃষ্টি হোৱা নাই; মই কথা পতা বহুতো কৃষক পৰিয়ালৰে ওচৰত জীৱিকাৰ প্রাথমিক প্রয়োজনখিনি পূর্ণ কৰিব পৰাকৈ সমল আছিল। বৰং এনে মতামতৰদ্বাৰা গম পোৱা যায় যে তেওঁলোকে অনাগত সময়ছোৱাত বৃহৎ পুঁজিৰ আগ্রাসনৰ ফলত ক্ষুদ্র কৃষকৰ কৃষিকর্ম উচন হৈ পৰিৰ বুলি আশংকা কৰে। যদি অনাগত সময়ছোৱাত বেছিভাগ কৃষকেই এনে অনুভৱ কৰিবলৈ ধৰে, তেতিয়া কৃষক সংস্কৃতি বুজাৰ ক্ষেত্রত আমাৰ বর্তমানৰ কাঠামোসমূহো আমূলভাৱে সলনি কৰাটো প্রয়োজনীয় হৈ পৰিব। কৃষক সমাজ বিষয়ক পুৰণি ধাৰণা – অর্থাৎ এনে এখন সমাজ যাৰ মূল লজিক হৈছে নিজৰে বাৰম্বাৰ পুনঃউৎপাদন কৰি থকা, য’ত পৰিবর্তন অত্যন্ত মন্থৰ গতিৰে তথা অলপ অলপকৈহে সম্ভৱপৰ হয় – এনে সমস্ত ধাৰণা পৰিত্যাগ কৰিব লাগিব। এনে এচাম নতুন কৃষক দেখা গৈছে যাৰ মূল উদ্দেশ্যই হৈছে কৃষক জীৱন পৰিত্যাগ কৰা! এনে প্রৱণতাসমূহ লক্ষ্য কৰিয়েই দীপংকৰ গুপ্তাই “বিলুপ্তিমান গাঁও”ৰ কথা উল্লেখ কৰিছে : “কৃষি হৈছে এনে এক আর্থিক অৱশেষ যি আজি জীৱনত উধাব নোৱৰা বিষণ্ণ লোকসকলক কোনোমতে নিয়োজিত কৰে। এনে কর্মত আজি কোনো সন্তোষ নাই। গ্রাম্য অর্থনীতি আজি প্রাণহীন হৈ পৰিছে, গাঁওবোৰ আজিকালি তেজহীন সত্তালৈ পৰিণত হৈছে। কি ধনী কি দুখীয়া – সকলো লোকেই আজি গাঁও এৰি চহৰলৈহে যাব বিচাৰে...” [Gupta 2005: 757]। মই ভাবো প্রফেছৰ গুপ্তাৰ দৰে ইমান খৰতকীয়া সিদ্ধান্তত উপনীত হোৱাৰ দৰকাৰ নাই। তেওঁ প্রক্রিয়াটোৰ মাত্র এটা দিশহে লক্ষ্য কৰিছে যি পুঁজিৰ আদিম সঞ্চয়নৰ অৱধাৰিত ফল হিচাপেই সক্রিয় হৈছে। তেওঁ বিপৰীত দিশটো মন কৰা নাই – য’ত শাসকীয় পলিচিৰ জৰিয়তে আদিম সঞ্চয়নৰ প্রভাৱবোৰ প্রতিহত কৰিবলৈ চেষ্টা কৰা হৈছে। আচলতে এই বিপৰীত ক্ষেত্রখনতেই কৃষক আৰু ৰাষ্ট্রৰ আন্তঃসম্পর্ক আজি ন-কৈ গঢ়া হৈছে। ইতিমধ্যেই কোৱা হৈছে যে ৰাষ্ট্রৰ বিভিন্ন এজেন্সিসমূহ, বিশেষকৈ শাসকীয় এজেন্সিসমূহ আজি কৃষকৰ বাবে কোনো বাহ্যিক সত্তা হৈ থকা নাই। এই কথাষাৰৰ ভালেখিনি তাৎপর্য আছে। প্রথমতেই, যিহেতু আজিৰ দিনত দুখীয়া ৰাইজৰ বাবে ৰাষ্ট্রৰ বিভিন্ন কল্যাণকামী তথা বিকাশমূলক পদক্ষেপ প্রয়োজনীয় বুলি ধৰা হয়, সেয়েহে কৃষক ৰাইজেও সজোৰে সিবিলাকৰ দাবী উত্থাপন কৰে। শিক্ষা, স্বাস্থ্য, কৃষিৰ প্রাথমিক ইনপুট, জীৱন নির্বাহৰ বিভিন্ন সমল ইত্যাদিৰ দাবীত আন্দোলন কৰা হয়। সিবিলাক পূৰণ কৰাটো চৰকাৰৰ দায়িত্ব বুলি ভবা হয়। বিভিন্ন চৰকাৰী বিষয়া তথা ৰাজনৈতিক প্রতিনিধিসকলে এনে দাবীৰ সমুখীন হ’বলগা হয়। অর্থাৎ কৃষকসকলেও শাসকীয় ব্যৱস্থাটোৰ সৈতে খেলা কৰিবলৈ শিকিছে, ক’ত কেতিয়া হেঁচা দিলে বিভিন্ন দাবী পূৰণ হোৱাৰ আশা কৰিব পৰা যাব, সেয়া ভালকৈয়ে অনুধাৱন কৰিছে। ঠিক এইখিনিতেই গণতান্ত্রিক ৰাজনীতিৰ কার্যপদ্ধতিসমূহ তথা আনুষংগিক সংগঠন আৰু নেতাৰ ভূমিকা সক্রিয় হৈ পৰে। দ্বিতীয়তে, শাসকীয় এজেন্সিসমূহেও এনে দাবী পূৰণৰ বাবে বিভিন্ন লাভ-লোকচানৰ হিচাপ কৰে। সাধাৰণতেই হিতাধিকাৰীসকলক বিভিন্ন সামাজিক বৈশিষ্ট্য অনুসৰি ভিন ভিন গণসমষ্টিত বিভক্ত কৰি পেলোৱা হয়; ক্রমে হিতাধিকাৰী গণসমষ্টিসমূহ সংকোচিত তথা অধিক নির্দিষ্ট কৰি পেলোৱা হয়। এনে কৰাৰ উদ্দেশ্য হৈছে : যাতে সমগ্র জনগণেই হিতাধিকাৰীলৈ পৰিণত নহয়, যাতে সকলোৱেই একেলগে মিলি ৰাষ্ট্রৰ বিৰোধিতা নকৰে। মন কৰিবলগীয়া যে ঔদ্যোগিক ভূমি অধিগ্রহণ-বিৰোধী সাম্প্রতিক আন্দোলনসমূহত যদিও ‘কৃষকৰ একতা’ শীর্ষক পুৰণা শ্ল’গান দিয়া হৈছে, তথাপিও কিন্তু একাংশ কৃষক আন্দোলনৰ সৈতে নাথাকে। কিয়নো তেওঁলোক চৰকাৰী পলিচিৰদ্বাৰা লাভৱান হোৱাৰ আশা আছে। তৃতীয়তে, বিভিন্ন সুবিধা বিচৰা আৰু প্রদান কৰাৰ এই আলোচনা/টনা-আঁজোৰাৰ ফিল্ডখনত হিতাধিকাৰীসকলৰ মাজত প্রতিযোগিতামূলক স্পিৰিট সৃষ্টি হয়। এতিয়া কৃষকে কোনো ভূস্বামী, বেপাৰী বা প্রত্যক্ষ শোষকৰ বিপৰীতে ৰাষ্ট্রৰহে মুখামুখি হয়। শাসকীয় এজেন্সিসমূহৰপৰা কৃষকে বিভিন্ন সা-সুবিধা আশা কৰে; সিবিলাকৰ বিতৰণৰ ক্ষেত্রত সাধাৰণতেই বিভিন্ন ধৰণৰ অসমতা দেখিবলৈ পোৱা যায় : যেনে ধৰক গাঁৱতকৈ চহৰবাসীক, অমুক জাতিৰ বিপৰীতে তমুক জাতিক বা অমুক অঞ্চলৰ বিপৰীতে তমুক অঞ্চলক অধিক সা-সুবিধা দিয়া হল। কাজেই এনে অসমতা, বঞ্চনা আৰু বৈষম্যৰ বিৰুদ্ধে কৃষক সমাজে ৰাষ্ট্রৰ ওচৰত অভিযোগ কৰে। মন কৰক যে আগেয়ে কৃষকে ৰাষ্ট্রৰ শোষণৰ বিৰোধিতা কৰিছিল; পিছে এতিয়া ৰাষ্ট্রৰ বৈষম্যৰহে বিৰোধিতা কৰা হয়। ইয়েই কৃষক ৰাজনীতিৰ ক্ষেত্রখনক এক নতুন মাত্রা প্রদান কৰিছে। চতুর্থতে, পূর্বৰ ধ্রুপদী কৃষক বিদ্রোহসমূহৰ বিপৰীতে সাম্প্রতিক সময়ছোৱাত কৃষকৰদ্বাৰা হিংসা প্রয়োগৰো ভিন্নতা দেখিবলৈ পোৱা যায়। ৰনজিৎ গুহই দর্শাইছে যে ধ্রুপদী কৃষক বিদ্রোহসমূহত এফালে সম্প্রদায়ভিত্তিক দৃঢ় একতা আৰু আনফালে শোষকহঁতৰ শোষণৰ বিৰোধিতা – এই দুটা উপাদান দেখিবলৈ পোৱা গৈছিল। পিছে আজিৰ দিনত কৃষক আন্দোলনসমূহত সম্পূর্ণভাৱে জোখমাখ কৰি তথা পৰিকল্পনা অনুসৰি হিংসাৰ প্রয়োগ কৰা হয়। হিংসা প্রয়োগ হৈ পৰে এক প্রকাৰৰ কৌশলৰ দৰে যাৰ জৰিয়তে ৰাষ্ট্রৰ বিভিন্ন এজেন্সিসমূহৰ ওচৰত অভিযোগ কৰা হয় যাতে ৰাষ্ট্রই সেই অনুসৰি উপযুক্ত চৰকাৰী সা-সুবিধা প্রদান কৰে। চৰকাৰী বিষয়া, নেতা তথা সংবাদ মাধ্যমৰ দৃষ্টি আকর্ষণ কৰিবলৈ সৃষ্টিশীল সুপৰিকল্পিত কৌশল প্রয়োগ কৰা হয়। বিগত দুই-তিনিটা দশকৰ কৃষক ৰাজনীতিৰ এয়াই হৈছে আটাইতকৈ লেখত ল’বলগীয়া পৰিবর্তন। অৱশ্যে কৃষক অর্থনীতিৰ ক্ষেত্রত পৰিবর্তনবোৰ বৰ স্পষ্ট নহয়। যদিও ক্ষুদ্র কৃষক অর্থনীতিবোৰ বজাৰৰ সৈতে দৃঢ়ভাৱে যুক্ত হৈ পৰিছে, তথাপিও কিন্তু বজাৰৰ প্রতি কৃষকৰ সংশয় আঁতৰা নাই। বিশেষকৈ কর্প’ৰেট সংগঠনসমূহৰ প্রতি কৃষক এতিয়াও সন্দেহৱান। চৰকাৰী সুবিধাসমূহ দাবী কৰাৰ ক্ষেত্রত কৃষকে যেনেধৰণৰ নিপুণতা দর্শাইছে, বজাৰৰ অনিশ্চিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্রত কৃষকে তেনে সিদ্ধহস্ততা লাভ কৰিব পৰা নাই। বিগত বছৰকেইটাত শ শ কৃষকে আত্মহত্যা কৰিছে কিয়নো ধঁপাত, কপাহ আদি কৃষিজাত সামগ্রীৰ দাম ভবা অনুসৰি নোপোৱাৰ ফলত তেওঁলোক হঠাতে অত্যন্ত ধৰুৱা হৈ পৰিছে। কৃষকে অনুভৱ কৰে যে কৃষিজাত সামগ্রীসমূহৰ দাম কোনো অদৃশ্য শক্তিয়ে নিয়ন্ত্রণ কৰে যাৰ ওপৰত তেওঁলোকৰ কোনো কর্তৃত্ব নাই। চহৰাঞ্চলৰ বহুতো সৰুসুৰা অনানুষ্ঠানিক ফার্মে কর্প’ৰেট ফার্মসমূহৰ সৈতে মোকাবিলা কৰাত যথেষ্ট নৈপুণ্যৰ পৰিচয় দিছে; প্রায়েই দেখা যায় যে তেওঁলোকে কর্প’ৰেটসমূহক বিভিন্ন ইনপুট বিক্রী কৰে তথা কর্প’ৰেট উৎপাদিত সামগ্রী বিতৰণ কৰে। কিন্তু কৃষকসকলে এতিয়াও তেনেধৰণৰ সংগঠন গঢ়ি তুলিব পৰা নাই। ই হৈছে আজিৰ সময়ৰ অন্যতম প্রত্যাহবান। অনাগত সময়ছোৱাত কৃষকসকল কর্প’ৰেট তথা ৰাষ্ট্রৰ চাতুর্য্যভৰা কৌশলৰ ভুক্তভোগীয়েই হৈ থাকিব – নে চহৰাঞ্চলৰ অনানুষ্ঠানিক খণ্ডৰ দৰেই তেওঁলোকেও চৰকাৰী হস্তক্ষেপৰ ফিল্ডখন ব্যৱহাৰ কৰি কর্প’ৰেট পুঁজিৰ সৈতে মোকাবিলা কৰাৰ কৌশল আয়ত্ত কৰিব পাৰিব – সেয়া সময়েহে ক’ব। এইখিনিতে আৰু এটা কথা : ৰাজনৈতিক সমাজ মানেই কেৱল কোনো যন্ত্রসদৃশ লাভ-লোকচান, সা-সুবিধা তথা সেৱাৰ লেনদেন নহয়। ৰাজনৈতিক সমাজৰ ৰাজনীতি হৈছে অত্যন্ত গতিশীল। এফালে যদি ৰাষ্ট্রই সম্ভাব্য হিতাধিকাৰীসকলক বিভিন্নধৰণে শ্রেণীবিভাগ কৰি তেওঁলোকৰ প্রতিবাদী শক্তি দুর্বল কৰিবলৈ চেষ্টা কৰে, আনফালে ৰাজনৈতিক সমাজৰ সংগঠনসমূহে একতা আৰু জংগী প্রতিবাদৰ ভীষণভাৱে আবেগিক সম্পদসমূহ প্রয়োগ কৰিব পাৰে। ভাৰতৰ গণতান্ত্রিক ৰাজনীতিৰ স্বৰূপ সাধাৰণতেই অতিশয় উত্তেজনাময় হোৱা দেখা যায় আৰু প্রায়েই বৈষম্যৰ বিৰোধিতা কৰি দাবী পূৰণ কৰোৱাৰ বাবে হিংসাত্মক আন্দোলনৰ সহায় লোৱা হয়। শাসকীয় প্রযুক্তি তথা পৰিস্থিতিৰ অধীন হ’ল বুলিয়েই যে এই আন্দোলনসমূহে ভীষণ উত্তেজনা তথা আবেগপূর্ণ একতা সৃষ্টি কৰিব নোৱাৰিব, তেনে কোনো কথা নাই। শাসকীয় প্রযুক্তিসমূহে ৰাজনৈতিক সমাজৰ সংঘবদ্ধ ৰাজনৈতিক একচন সমাপ্ত কৰিব নোৱাৰে কিয়নো শাসকীয় কার্যকলাপে স্বয়ং জনগণৰ জীৱিকা তথা সামাজিক পৰিস্থিতি ভীষণভাৱে প্রভাৱিত কৰে। ভাৰতীয় গণতন্ত্রৰ অন্ততঃ ৰাজনৈতিক সমাজখনক কেতিয়াও প্রাণহীন বুলি ক’ব পৰা নাযায়। আমোদজনকভাৱে, যদিও ৰাজনৈতিক সমাজৰ বিভিন্ন গণসমষ্টিয়ে চৰকাৰী সা-সুবিধাৰ আশাতে বিভিন্ন দাবী উত্থাপন কৰে, তথাপিও কিন্তু তেনে দাবীসমূহক সচৰাচৰ সাধাৰণ পৰিস্থিতি, সাধাৰণ আইন-কানুনৰ অধীনত পূৰণ কৰিব নোৱাৰি। এইক্ষেত্রত প্রায়েই ব্যতিক্রম ঘোষণা কৰা হয়। উদাহৰণস্বৰূপে, অবৈধভাৱে দীর্ঘদিন ধৰি চৰকাৰী মাটিত বসবাস কৰা বা খেতি কৰা গণসমষ্টি একোটাক চৰকাৰে বিস্থাপন কৰাৰ সময়ত তেওঁলোকে বৈকল্পিক বাসস্থান/মাটিৰ দাবী কৰিব পাৰে; বা একেখিনি ঠাইতে পূর্বৰ দৰেই থাকিবলৈ দিবলৈ দাবী কৰিব পাৰে। ৰাস্তাত অবৈধভাৱে সামগ্রী বিক্রী কৰা ক্ষুদ্র বিক্রেতাজনৰ ক্ষেত্রতো একেই কথা ক’ব পাৰি। অর্থাৎ এনে দাবীৰদ্বাৰা এই লোকসকলে ৰাষ্ট্রক সাময়িকভাৱে নিয়মীয়া আইনৰপৰা আঁতৰি আহি ব্যতিক্রম ঘোষণা কৰিবলৈ আহবান কৰে। যিহেতু তেওঁলোকৰ পৰিস্থিতি হৈছে ব্যতিক্রমী, সেয়েহে সাধাৰণ নিয়ম-কানুন তেওঁলোকৰ ক্ষেত্রত প্রয়োগ কৰা নহওক। অৱশ্যে সেইবুলি তেওঁলোকে এনে দাবী নকৰে যে মাটিৰ ওপৰত থকা ব্যক্তিগত সম্পত্তিৰ ধাৰণাটোকেই আঁতৰাই দিয়া হওক, বা ব্যৱসায় নিয়মন কৰা সকলো নীতি-নিয়ম, লাইচেঞ্চ ব্যৱস্থা, বিক্রী কৰ আদি আঁতৰাই পেলোৱা হওক। অর্থাৎ সাধাৰণভাৱে পূর্বৰ নিয়মসমূহ বাহাল থাকক; কিন্তু তেওঁলোকৰ কেছসমূহ ব্যতিক্রমী কেছ হিচাপে গ্রহণ কৰা হওক। ৰাষ্ট্রই যেতিয়া এনে দাবীসমূহৰ ন্যায্যতা মানি লয়, তেতিয়া সাধাৰণ প্রশাসনিক নিয়ম পালন কৰা হৈছে বুলি ক’ব নোৱাৰি। বৰং এইবুলি ক’ব লাগিব যে ৰাষ্ট্রই এক ৰাজনৈতিক সিদ্ধান্ত লৈছে আৰু ব্যতিক্রম ঘোষণা কৰিছে। সেয়েহে ৰাজনৈতিক সমাজৰ দাবীসমূহৰ প্রতি চৰকাৰৰ সঁহাৰি কোনো প্রশাসনিক বিষয় মাত্র বুলি ধৰাৰ বিপৰীতে তাৰ ৰাজনৈতিক চৰিত্রটোৰ প্রতিও চকু দিয়া উচিত।

ৰাজনৈতিক সমাজৰ গণতান্ত্রিক অনুশীলনৰ আন এক বৈশিষ্ট্য সম্পর্কেও কিছু কথা উল্লেখ কৰি থোৱা উচিত। সেয়া হৈছে সংখ্যাৰ তাৎপর্য। ১৯ শতিকাত টুকভিলেই প্রথম উল্লেখ কৰাৰ সময়ৰেপৰা আজিপর্যন্ত যুক্তি দর্শোৱা হয় যে নির্বাচনী গণতন্ত্রই সংখ্যাগৰিষ্ঠৰ নিৰংকুশতন্ত্র গঠন কৰাত সহায় কৰে। পিছে ৰাজনৈতিক সমাজৰ আন্দোলনসমূহৰ বৈশিষ্ট্য হৈছে যে সিবিলাকে কোনো সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশাৰে আগ বঢ়াৰ বিপৰীতে যিমান আছে সিমানখিনি গণসমষ্টিকে ৰণনীতিগতভাৱে ব্যৱহাৰ কৰে। প্রায়েই দেখা যায় যে আপেক্ষিকভাৱে সৰু গণসমষ্টি একোটাই চমৎকাৰ ৰণকৌশল ব্যৱহাৰ কৰি (আনকি কেতিয়াবা হিংসা প্রয়োগ কৰি) সংশ্লিষ্ট মহলসমূহৰ দৃষ্টি আকর্ষণ কৰিবলৈ তথা শাসকীয় এজেন্সিসমূহৰ ওচৰত নিজৰ দাবীসমূহ উত্থাপন কৰিবলৈ সক্ষম হয়। বুর্জোৱা গণতন্ত্রৰ এক বিশেষ বিড়ম্বনা - এফালে সমতামূলক নাগৰিকত্ব আৰু সংখ্যাগৰিষ্ঠৰ শাসন তথা আনফালে সম্পত্তি আৰু বিশেষাধিকাৰৰ প্রতিপত্তি – এই বিষয়ে সমালোচনাৰ এক পুৰণা ধাৰা আছে। এইবুলি নিশ্চয়কৈ ক’ব পৰা যায় যে ৰাজনৈতিক সমাজে বুর্জোৱা গণতন্ত্রৰ এই পুৰণা সমালোচনাৰ ধাৰাটো আজিও অব্যাহত ৰাখিছে।

৭. প্রান্তীয় গণসমষ্টিসমূহ

কিন্তু ৰাজনৈতিক সমাজৰ গুপ্ত দিশটো হৈছে যে ইয়াৰ অধীনত আটাইতকৈ প্রান্তীয় গণসমষ্টিসমূহ – যাৰ ওচৰত নির্বাচনী গণতন্ত্রত কৌশলগতভাৱে প্রভাৱ পেলাব পৰাকৈ পর্যাপ্ত শক্তি নাই – প্রান্তীয় হৈয়েই ৰয়। ভাৰতৰ সকলো অঞ্চলতে এনেধৰণৰ প্রান্তীয় গণসমষ্টিৰ উপস্থিতি দেখিবলৈ পোৱা যায় যি ৰাজনৈতিক সমাজৰ কার্যবিধিসমূহ প্রয়োগ কৰিব পৰা নাই। কৃষক সমাজৰপৰাও তেওঁলোক এলাগী হৈ ৰয় – যেনে ধৰক কৃষিকর্মত অংশগ্রহণ নকৰা নিম্ন জাতিৰ লোকসকল বা এনে আদিবাসী জনগোষ্ঠীসমূহ যি কৃষিৰ বিপৰীতে জংগলৰপৰা সামগ্রী আহৰণ তথা পশুপালনৰ জৰিয়তেহে জীৱিকা আহৰণ কৰে। ৰাজনৈতিক সমাজ তথা নির্বাচনী গণতন্ত্রই এতিয়াও এই গণসমষ্টিসমূহক শাসকীয় এজেন্সিবোৰৰ সৈতে মোকাবিলা কৰিব পৰাকৈ পর্যাপ্ত মাধ্যম প্রদান কৰিব পৰা নাই। এই অর্থত এইসকল লোক ৰাজনৈতিক সমাজৰ বাহিৰত অৱস্থিত বুলি ক’ব পাৰি। বিংশ শতিকাৰ বিভিন্ন গণ আন্দোলনৰ বিপৰীতে ৰাজনৈতিক সমাজৰ সাম্প্রতিক আন্দোলনসমূহৰ বৈশিষ্ট্য হৈছে যে সিবিলাকৰ মাজত সংক্রমণ (transition) বিষয়ক কোনো দৃষ্টিভংগী দেখিবলৈ পোৱা নাযায়। জাতি, নৃগোষ্ঠী বা অন্যান্য কোনো ভিত্তিত গঢ়ি উঠা বৈষম্যৰ বিৰোধিতা কৰিলেও এসময়ৰ স্বাধীনতা সংগ্রাম তথা সমাজবাদী আন্দোলনৰ দৰে ৰাজনৈতিক ক্ষমতা গাঁথনিটোৰ আমূল পৰিবর্তন ঘটোৱাৰ প্রতি কোনো ভৱিষ্যত দৃষ্টি এই আন্দোলনবোৰৰ মাজত দেখিবলৈ পোৱা নাযায়। ৰাজনৈতিক সমাজৰ বিপৰীতে বুর্জোৱাৰ মাজতহে সংক্রমণৰ প্রবল হাবিয়াস দেখিবলৈ পোৱা গৈছে। নাগৰিক সমাজত আধিপত্যশীল তথা ৰাষ্ট্রৰ গাঁথনিত প্রভুত্বশীল এই বুর্জোৱাই জড় অর্থনীতিৰপৰা তীব্র বিকাশলৈ, অনগ্রসৰতা তথা দাৰিদ্র্যৰপৰা আধুনিকতা আৰু বৈভৱলৈ, তৃতীয় বিশ্বৰ গুৰুত্বহীনতাৰপৰা বিশ্ব শক্তিৰ স্থানলৈ দেশখনৰ সংক্রমণ ঘটোৱাৰ প্রবল আকাংক্ষা প্রকাশ কৰিছে। নিষ্ক্রিয় বিপ্লৱৰ বিশিষ্ট শ্রেণী গাঁথনিটোলৈ মন কৰিলে এনে আশ্বর্যকৰ পৰিঘটনাৰ কাৰণ সহজতেই বুজি পোৱা যাব : বুর্জোৱাই ইতিমধ্যে ভূ-এলিটহঁতক দ্বিতীয় স্থানলৈ নিক্ষেপ কৰিছে তথা আমোলা-মেনেজাৰ তন্ত্রটোক নিজৰ পক্ষলৈ আনিছে। ইয়াৰদ্বাৰাই পুঁজিপতি শ্রেণীটোৱে এজেণ্ডা নির্মাণ কৰাৰ ক্ষমতা লাভ কৰিছে। অন্যান্য শক্তিসমূহে খুব বেছি এই এজেণ্ডাৰ প্রতি সঁহাৰি জনাব বা বিৰোধিতাহে প্রকাশ কৰিব পাৰিব; তেওঁলোকে নিজেই এজেণ্ডা নির্মাণ কৰিব নোৱাৰে। আজিৰ দিনত নাগৰিক সমাজৰ সৈতে ৰাজনৈতিক সমাজৰ সংযোগ স্থাপন কৰি ৰাষ্ট্র ব্যৱস্থাটোৰ সামগ্রিক একতা গঢ়ি তোলা হৈছে। আদিম সঞ্চয়নৰ প্রভাৱসমূহ প্রতিহত কৰাৰ বিভিন্ন প্রচেষ্টাৰদ্বাৰাই এই সংযোগ স্থাপন কৰা হৈছে। কর্প’ৰেট পুঁজিৰ তীব্র বিকাশৰ বাবে ই এক ৰাজনৈতিক পূর্বচর্ত নির্মাণ কৰিছে। ইয়াৰ লগে লগেই ৰাষ্ট্র তথা তাৰ আনুষংগিক বিভিন্ন নির্বাচনী গণতান্ত্রিক ক্রিয়াপদ্ধতিসমূহ তীব্র টনা-আঁজোৰা তথা আলোচনাৰ পথাৰলৈ পর্যবসিত হৈছে, য’ত “সঞ্চয়ন অর্থনীতি”ৰপৰা দৰিদ্রজনক জীৱিকা প্রদানৰ উদ্দেশ্যেৰে গঠিত বিভিন্ন কল্যাণকামী আঁচনিসমূহলৈ সম্পদ হস্তান্তৰণৰ বিভিন্ন ৰাজনৈতিক দাবীৰ সমাবেশ ঘটিছে আৰু সিবিলাকৰ সৈতে ৰাজস্ব তথা অন্যান্য মাধ্যমৰ যোগেৰে মোকাবিলা কৰাৰ চেষ্টা কৰা হৈছে। ৰাষ্ট্র তথা আমোলাতন্ত্রৰ স্বায়ত্ততা আজিৰ সময়ত তথাকথিত “সামাজিক ক্ষেত্র”লৈ বিভিন্ন উপায় তথা ৰূপত সম্পদ স্থানান্তৰণৰ ক্ষমতাৰ ওপৰত নির্ভৰ কৰিছে। সমস্ত মতাদর্শগত পার্থক্য – যেনে বাঁও আৰু সোঁৰ পৰম্পৰাগত পার্থক্য - আজি সামাজিক ক্ষেত্রসমূহত কিমান পৰিমাণে আৰু কি ৰূপত সম্পদ খৰছ কৰা হ’ব – এই প্রশ্নটোলৈকে পর্যবসিত হৈছে। কিন্তু পুঁজিৰ প্রভুত্বৰ আঁৰত যেনেদৰে নাগৰিক তথা ৰাজনৈতিক সমাজক সংলগ্ন কৰা এক নতুন গতিশীল লজিকৰ সৃষ্টি হৈছে – তাক সোঁ-বাঁওৰ এনে পার্থক্যই প্রত্যাহবান জনাব পৰা নাই।

মোৰ যুক্তিখিনি আকৌ এবাৰ যুকিয়াই চোৱা যাওক। ভাৰতীয় অর্থনীতিৰ তীব্র বিকাশৰ লগে লগে নাগৰিক সমাজৰ ওপৰত কর্প’ৰেট পুঁজিৰ আধিপত্য অনাগত সময়খিনিত হয়তো আৰু বৃদ্ধি পাব। ঠিক তেনেদৰেই পুঁজিৰ আদিম সঞ্চয়নো তীব্র হ’ব। আন কথাত, অধিকতকৈ অধিক কৃষক, কাৰিকৰ তথা পেটি উৎপাদকে উৎপাদনৰ সমল হেৰুৱাব। কিন্তু এনে সৰহসংখ্যক ভুক্তভোগীকে অর্থনীতিৰ নতুন বিকশমান খণ্ডসমূহত নিয়োজিত কৰাটো সম্ভৱপৰ নহ’ব। কর্প’ৰেট পুঁজিয়ে প্রভুত্ব বিস্তাৰ কৰা খণ্ডসমূহত এইসকল লোক প্রয়োজনহীন বুলিয়েই প্রমাণিত হ’ব। কিন্তু নির্বাচনী গণতন্ত্রাধীন নিষ্ক্রিয় বিপ্লৱৰ পৰিস্থিতিত এনে ফলাফল অগ্রহণীয় হৈ পৰে। চৰকাৰে এইসকল লোকক জীৱিকাৰ কোনো সমল প্রদান নকৰাকৈ মৰিবলৈ ঠেলি দিয়াটো নিন্দনীয় বুলিয়েই বিবেচনা কৰা হয়। তেনে স্থিতিত এই ভুক্তভোগীসকল “বিপদ সৃষ্টি কৰা শ্রেণী”লৈ পর্যবসিত হোৱাৰ সম্ভাৱনা সৃষ্টি হয়। গতিকেই আদিম সঞ্চয়নৰ প্রভাৱসমূহ প্রতিহত কৰাৰ বাবে বিভিন্ন চৰকাৰী পলিচি সৃষ্টি কৰা হয় আৰু আগলৈও কৰা হ’ব। ঠিক এইখন ফিল্ডতে কৃষক সমাজে ৰাষ্ট্র তথা পুঁজিৰ স’তে নিজ সম্পর্ক পুনঃসংজ্ঞায়িত কৰিবলৈ আগ বাঢ়িছে। এতিয়ালৈকে দেখা গৈছে যে গণতান্ত্রিক ৰাজনীতিৰ কার্যপদ্ধতিসমূহৰ মাধ্যমেৰে কৃষকে ৰাষ্ট্রৰপৰা সা-সুবিধা পাবলৈ বহুতো নতুন অনুশীলন বিকশিত কৰিছে। কিন্তু পুঁজিৰ সৈতে মোকাবিলা তথা আলোচনা কৰাত তেওঁলোকে তেনে নৈপুণ্য এতিয়ালৈকে দেখুৱাব পৰা নাই। অনা-কর্প’ৰেট পুঁজিৰ ৰূপত কৃষকৰ কাৰুকার্যই ভৱিষ্যতে কেনে ৰূপ ল’ব, কিমান দূৰৈলৈ পুঁজিৰ চার্কিটৰ অধীনতেই তেওঁলোকে জীৱিকাৰ সমল সুনিশ্চিত কৰিবলৈ সক্ষম হ’ব – এইবোৰ প্রশ্নৰ ওপৰতেই ভাৰতীয় কৃষক সমাজৰ ভৱিষ্যত নির্ভৰ কৰিছে। মোৰ বোধেৰে ২১ শতিকাৰ ভাৰততো কৃষকৰ অস্তিত্ব নিশ্চিতভাৱেই থাকিব, কিন্তু সেয়া এক ভিন্ন স্থিতিতহে সম্ভৱপৰ হ’ব; কৃষকে গাঁৱৰ ভিতৰতে অনা-কৃষিজাত খণ্ড এটা অন্তর্ভুক্ত কৰি ল’ব লাগিব। গাঁও, সৰু চহৰ তথা নগৰসমূহৰ মাজত সাংস্কৃতিক অনুশীলনৰ ক্ষেত্রতো ন তথা পুৰণিৰ বিভিন্ন সংমিশ্রণ তথা ধাৰাবাহিকতা দেখা পোৱা যাব। অৱশ্যেই লাহে লাহে নগৰীয়া উপাদানসমূহে প্রাধান্য লাভ কৰিব।

কর্প’ৰেট তথা অনা-কর্প’ৰেট পুঁজিৰ পার্থক্যৰ অনুৰূপভাৱে নাগৰিক সমাজ তথা ৰাজনৈতিক সমাজৰ পার্থক্যও গঢ়ি উঠিছে। ইয়াৰ ফলত কেতবোৰ অশুভ ফলাফলো সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এছিয়াৰ কেইবাখনো দেশত ইতিমধ্যেই জনপ্রিয়, দুর্নীতিগ্ৰস্ত তথা বিশৃংখল চৰকাৰৰ বিৰুদ্ধে “প্রকৃত নাগৰিক”সকলৰ আন্দোলন গঢ় লৈ উঠিছে। ২০০৬ চনত সেনাবাহিনীয়ে থাইলেণ্ডৰ জনপ্রিয় চৰকাৰ এখন উৎখাত কৰি সামৰিক শাসন প্রতিষ্ঠা কৰে। চহৰীয়া মধ্যবিত্তীয় নাগৰিকসকলৰ মাজত এই কার্যৰ প্রতি যথেষ্ট সমর্থন দেখা পোৱা গ’ল। গ্রামাঞ্চলৰ দুখীয়া লোকসকলৰ সমর্থন লাভ কৰিবলৈ চৰকাৰে বিভিন্ন জনপ্রিয় আঁচনিত প্রচুৰ ধন খৰছ কৰাক লৈ ইতিমধ্যেই মধ্যবিত্তসকল বিতুষ্ট হৈ আছিল। তেওঁলোকে এনে কার্যসূচীসমূহক চৰকাৰী ধনৰ অপচয় বুলিয়েই গণ্য কৰিছিল। ২০০৭ চনত বাংলাদেশতো চৰকাৰ বর্খাস্ত কৰি সেনাবাহিনীয়ে ক্ষমতা দখল কৰে। অনির্দিষ্ট কালৰ বাবে নির্বাচন নাকচ কৰা হ’ল আৰু কোৱা হ’ল যে সামৰিক শাসকসকলে সামগ্রিক ব্যৱস্থাটো “দুর্নীতিৱান” ৰাজনীতিবিদৰপৰা মুক্ত কৰিব। বাংলাদেশৰ চহৰীয়া মধ্যবিত্তয়ো এনে ঘোষণাক স্বাগতম জনালে। ভাৰতৰ ক্ষেত্রত দেখা যায় যে চহৰীয়া মধ্যবিত্তৰ এক বৃহৎ অংশই নিজকে ৰাজনৈতিক কার্যকলাপৰপৰা আঁতৰাই আনিছে। সকলো ৰাজনৈতিক দলৰে জনপ্রিয়তাবাদী নীতি তথা দুর্নীতিৰ বিৰুদ্ধে চহৰাঞ্চলত ভীষণ অভিযোগ শুনা পোৱা যায়। কোৱা হয় – কেৱল ভোট লাভ কৰিবলৈকে এই দলবোৰে বিভিন্ন জনপ্রিয় আঁচনি প্রণয়ন কৰে; ফলত সিবিলাকে আর্থিক বিকাশৰ অনুকূল পৰিস্থিতি নির্মাণ কৰাৰ বিপৰীতে কাম কৰে। অর্থাৎ সিবিলাকৰ ফলতেই দেশৰ আর্থিক বিকাশ ৰুদ্ধ হৈ পৰিছে! এইধৰণৰ অভিযোগে আচলতে চহৰীয়া মধ্যবিত্তৰ ওপৰত কর্প’ৰেট পুঁজিৰ লজিকে কিমান দূৰৈলৈকে আধিপত্য স্থাপন কৰিছে – তাৰেই ইংগিত দিয়ে। কিন্তু বাস্তৱ সত্য এয়ে যে ভাৰতৰ বহুলাংশ জনগণেই নাগৰিক সমাজৰ সুব্যৱস্থিত আওতাৰ বাহিৰত বাস কৰে। ৰাজনৈতিক সমাজত বাস কৰা এইসকল সংখ্যাগৰিষ্ঠ লোকক খাদ্য, কাপোৰ আৰু কামৰ কোনো যোগাৰ কৰি নিদিলে তেওঁলোক নাগৰিক সমাজৰ দীর্ঘকালীন শান্তি তথা সমৃদ্ধিৰ বাবেই ভাবুকিস্বৰূপ হৈ পৰিব। এয়া হৈছে এক কঠিন তথা গতিশীল ৰাজনৈতিক প্রক্রিয়া যাৰ ওপৰতেই ভাৰতীয় নিষ্ক্রিয় বিপ্লৱৰ ভৱিষ্যত নির্ভৰ কৰিছে।

মূল : পার্থ চেটার্জী

লেখক পৰিচিতি : পার্থ চেটার্জী কলম্বিয়া বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপক।
(‘ইকনমিক এণ্ড পলিটিকেল ৱিকলি’ৰ ১৯ এপ্রিল, ২০০৮ সংখ্যাত প্রকাশিত)

অনুবাদ : ময়ূৰ চেতিয়া

Share Button
Print Friendly, PDF & Email

No Comments : "গণতন্ত্র আৰু ভাৰতৰ অর্থনৈতিক ৰূপান্তৰ"

Leave a Comment

Your email address will not be published. Required fields are marked *