দেশপ্ৰেমৰ কাৰখানা আৰু বনুৱাৰ জীৱন (গৌৰীশংকৰ ভূঞা)

নিজৰ দেশৰ প্ৰতি থকা আবেগিক সম্পৰ্কৰ এটা সৰু চিনাকী উদাহৰণেৰে আলোচনাৰ পাতনি মেলা হওক৷ ভাৰতীয় ক্ৰিকেট দলটোৰ লগত ওতপ্ৰোতভাৱে আমাৰ আবেগ জড়িত হৈ আছে৷ ইয়াত ‘আমি’ মানে ভাৰতীয় মধ্যবিত্ত শ্ৰেণীটোৰ কথা বুজোৱা হৈছে৷ কিয়নো সমাজৰ একেবাৰে দুৰ্বল অৰ্থনৈতিক শ্ৰেণীটো, মানে বনুৱা, শ্ৰমিক, গৃহহীন মানুহখিনিৰ বাবে এই আবেগৰ কোনো মূল্য নাই৷ ঠিক তেনেকৈ, একেবাৰে উচ্চ বিত্তৱান ধন-কুবেৰসকলৰ বাবেও এই ক্ৰিকেটীয় আবেগৰ স্বৰূপ মধ্যশ্ৰেণীৰ স্বৰূপতকৈ নিশ্চয় ভিন্ন৷ সেই শ্ৰেণীৰ বাবে এই আবেগৰ লগত জড়িত অৰ্থনৈতিক লাভালাভৰ অংকবোৰহে বেছি গুৰুত্বপূৰ্ণ৷ উদাহৰণস্বৰূপে, ইণ্ডিয়ান প্ৰিমিয়াৰ লিগ প্ৰতিযোগিতাত কোম্পানি তথা ধনকুবেৰসকলৰ স্থিতি মন কৰিব পাৰোঁ৷ ইয়াৰ লগে লগে মনত পেলাব পাৰোঁ বিভিন্ন মেচ-ফিক্সিঙৰ ইতিহাস, য’ত বিনিয়োগকৰ্তাসকলৰ দেশীয় পৰিচয়ে কোনো প্ৰভাৱ পেলাবলৈ সক্ষম নহয়৷ কিন্তু আমাৰ মধ্যবিত্তীয় শ্ৰেণীটোৰ বাবে ক্ৰিকেট খেল এখনৰ আবেগিক গুৰুত্ব অতি ব্যাপক৷ ভাৰতীয় দলে বিশ্বকাপ দাঙি ধৰিলে আমি আবেগবিহ্বল হৈ আনন্দৰ চকুপানী পৰ্যন্ত টোকো৷ আনহে নালাগে, ৯৮ বা ৯৯ ৰানত সংকটপূৰ্ণ মুহূৰ্তত শচীন টেণ্ডুলকাৰ আউট হোৱাৰ ফলশ্ৰুতিত হৃদ্-ক্ৰিয়া বন্ধ হৈ কোনো ক্ৰিকেটপ্ৰেমীৰ মৃত্যু হোৱাৰ খবৰো এসময়ত পেপাৰে-পত্ৰই পোৱা গৈছিল৷

নিজৰ দেশখনৰ প্ৰতি থকা ভালপোৱাৰ আত্মিক সম্পৰ্কই হৈছে এনে আবেগৰ মূল কাৰণ৷ আমি আমাৰ দেশখনক ভাল পাওঁ, সেয়ে আমি আমাৰ নিজৰ দেশৰ ক্ৰিকেট দলটোৰ লগত আবেগিকভাৱে বান্ধ খাই থকাটো অতি স্বাভাৱিক৷ ঠিক তেনেকৈ বেণ্ডপাৰ্টিৰ জনজননিত ৰাষ্ট্ৰীয় সংগীতৰ সুৰ বা নীলা আকাশৰ বেকগ্ৰাউণ্ডত ত্ৰিৰংগা উৰি থকাৰ দৃশ্যয়ো আমাক দেশপ্ৰেমৰ আবেগত বিঢৌত কৰি তোলে৷ পিছে, এইধৰণৰ আবেগৰ অন্তৰালত আমাৰ চকুত নপৰা কিছুমান আনুষংগিক উপাদানো আছে নেকি, যিবোৰ আমি ভাবিবলৈ চেষ্টা কৰিব নিবিচাৰোঁ? এই আবেগ স্বতঃস্ফূৰ্ত নে এটা অদৃশ্য ব্যৱস্থাৰদ্বাৰা নিয়ন্ত্ৰিত অথবা নিৰ্মিত?
প্ৰশ্নটো স্পষ্ট হ’বলৈ অন্য এটা উদাহৰণলৈ মন কৰা যাওক৷ দেশৰ সামগ্ৰিক পৰিচয় মানে দেশৰ জনজীৱনৰ ৰূপৰেখা৷ এই পৰিচয় নিশ্চয় অনিল আম্বানী বা ৰতন টাটাৰ জীৱনশৈলীয়ে প্ৰতিনিধিত্ব নকৰে৷ দেশৰ এই প্ৰাণ লুকাই থাকে হালোৱা-হজুৱা শ্ৰেণীটোৰ মাজত৷ দেশক লৈ ইমান আবেগিকভাৱে উদ্বেলিত আমিবোৰে এই শ্ৰেণীটোৰ দুৰ্দশাক দেশৰ দুৰ্দশা বুলি গণ্য কৰোঁ নে?
খৰাঙত মহাৰাষ্ট্ৰৰ পথাৰ শুকাইছে৷ খেতি-বাতি হোৱা নাই৷ বেংকৰ ধাৰ লৈ ধাৰ মাৰিবলৈ কোনো উপায় বিচাৰি পোৱা নাই খেতিয়কে৷ ইফালে ধাৰ শুজিব নোৱাৰিলে ভেটি-মাটি, পৰিয়াল উছন যায়৷ উপায়বিহীন খেতিয়ক৷ উপায়বিহীনৰ বাবে শেষ উপায় পলায়ন; জীৱনৰপৰা পলায়ন কৰি খেতিয়কে আত্মহত্যা কৰিছে৷ এনেকুৱা এজন-দুজন নহ্য়, শ-শ খেতিয়কৰ আত্মহত্যাৰ বাতৰি যেতিয়া আমি পাওঁ আমাৰ দুখ নিশ্চয় লাগে৷ কিন্তু তাতকৈ বেছি দুখ লাগে যেতিয়া কোনো আন্তঃৰাষ্ট্ৰীয় টুৰ্নামেণ্টৰ ছেমি ফাইনেল বা ফাইনেলত জিকিব লগীয়া খেলখনত ভাৰত হাৰি যায়৷ পিছে, কথাটো এনেকুৱাও নহয় যে খেতিয়কৰ আত্মহত্যাৰ নিচিনা নিকৰুণ ঘটনাক লৈ আমি আবেগিকভাৱে উদাসীন৷ কাৰণ, সেই দুৰ্দশাগ্ৰস্ত খেতিয়কৰ নিৰ্মম ছবিখন চিনেমাৰ পৰ্দাত দেখিলে কিন্তু আমিয়েই চকুপানীও টোকো৷ কথাবিলাক কিছু চিত্তাকৰ্ষক৷
এই পৰ্যবেক্ষণসমূহৰপৰা কেইটামান অৱশ্যম্ভাবী প্ৰশ্ন আমাৰ আগত থিয় দিয়ে৷ সেই প্ৰশ্নকেইটাৰ আলোচনা কৰায়েই এই লেখাৰ মূল উদ্দেশ্য৷ প্ৰশ্নকেইটা হ’ল :

১) দেশৰ পৰিচয় আমি ক’ত বিচাৰোঁ? দেশৰ জনজীৱন আৰু দেশৰ স্বাভিমান – এই দুই বিষয় লৈ আমি কনফিউজড নেকি?
২) আমাৰ দেশৰ প্ৰতি থকা আবেগৰ স্বৰূপ কি? এই আবেগ কোনবিলাক কথা লৈ দুখী আৰু কোনবিলাক কথা লৈ গৌৰৱান্বিত?
৩) কোনবোৰ কথাক লৈ আমি দুখী হ’ম বা গৌৰৱান্বিত হ’ম তাৰ বাছনি প্ৰক্ৰিয়া সঁচাকৈ স্বতঃস্ফূৰ্ত নে কোনো ব্যৱস্থাৰদ্বাৰা নিৰ্মিত তথা নিয়ন্ত্ৰিত?

এইখিনিতে এটা প্ৰাসংগিক কথা কৈ নথ’লে পূৰ্বধাৰণাৰে ভাৰাক্ৰান্ত পঢ়ুৱৈয়ে লেখাটোৰপৰা ভুল বাৰ্তা লোৱাৰ দুৰ্ভাবনা আছে৷ "যিখন দেশত খেতিয়ক-শ্ৰমিকৰ জীৱন সুস্থিৰ আৰু দুঃচিন্তামুক্ত নহয়, সেইখন দেশত লাখ-কোটি টকাৰে ক্ৰিকেট খেলৰ দৰে বিলাসিতা কৰাৰ কোনো অৰ্থ নাই" – এইধৰণৰ কথা এটা প্ৰতিষ্ঠা কৰাটো এই লেখাৰ উদ্দেশ্য নহয়৷ বৰং আমি মনে-প্ৰাণে বিশ্বাস কৰো যে জনজীৱন একস্তৰীয় নহয়৷ কেৱল আৰ্থিক নিৰাপত্তা প্ৰাপ্তিয়েই এক জনসমষ্টিৰ সৰ্বশেষ লক্ষ্য নহয়৷ ইয়াৰ লগে লগে লাগিব গীত-মাত, খেলা-ধূলা, খং-মৰমলৈকে এই সকলোবোৰ উপাদান৷ সেয়ে পুনৰ কওঁ, জনজীৱন একস্তৰীয় হ’ব নোৱাৰে৷ দৰাচলতে এই লেখাৰ উদ্দেশ্য হ’ল – যিবোৰ আবেগক আমি প্ৰমূল্য জ্ঞান কৰি প্ৰশ্নৰ ঊৰ্ধত স্থান দিওঁ, সেই আবেগ-অনুভূতিবোৰ আমাৰ অগোচৰে আমাৰেই ওপৰত আৰোপিত নেকি? ইয়াত আমি তেনে এক আবেগৰ উদাহৰণ হিচাপে স্বদেশৰ প্ৰতি থকা আবেগৰ প্ৰসংগ উত্থাপন কৰিছোঁ৷
মানৱসমাজত নৈতিকতা আৰু প্ৰমূল্য বুলি আচলতে এটা পৰম (absolute) ধাৰণা নায়েই৷ নৈতিকতা, মূল্যবোধ আৰু প্ৰমূল্যৰ ধাৰণা প্ৰকৃততে নিৰ্মাণ কৰা হয়৷ ইয়াৰ ভেটি সামাজিক পৰিবেশ৷ ৰাছেলৰ বিখ্যাত গ্ৰন্থ ‘বিবাহ আৰু নৈতিকতা’ত তেওঁ দেখুৱাইছে, যৌন নৈতিকতা কিদৰে ভিন ভিন সমাজত ভিন ভিন৷ আমাৰ সমাজত যিবোৰ কথা ব্যভিচাৰ, আন সমাজত সেয়া নৈতিক৷ কেৱল নৈতিকতাৰ ধাৰণা বুলিয়েই নহয়, আমাৰ মনত সংগোপনে সোমাই থকা আশা-আকাংক্ষাও আচলতে সামাজিক পৰিবেশৰেই প্ৰতিফলন৷ উদাহৰণস্বৰূপে, সাধাৰণতে এজনী ছোৱালীয়ে নিজতকৈ চাপৰ ল’ৰা এজনক প্ৰেমিক বা পতিৰ ৰূপত চাবলৈ ইচ্ছা নকৰে৷ ঠিক তেনেকৈ এজন ল’ৰায়ো সাধাৰণতে নিজতকৈ ওখ বা অধিক উপাৰ্জন কৰা ছোৱালী এজনীক প্ৰেয়সী বা পত্নীৰ ৰূপত গ্ৰহণ কৰিবলৈ স্বস্তি অনুভৱ নকৰে৷ মোটা অংকৰ দৰমহা পোৱা এজনী ছোৱালীক উপাৰ্জনহীন এজন ল’ৰালৈ মাক-দেউতাকে বিয়া দিব নিবিচাৰে৷
এইবিলাক অস্বস্তিৰ মূল কাৰণ হ’ল আমাৰ সমাজত পুৰুষৰ স্থান নাৰীতকৈ উচ্চ৷ এনে অৱস্থাত যদি কোনো নৰ-নাৰীৰ যুটি এনেকুৱা হয়, য’ত নাৰীগৰাকী আৰ্থিক বা শাৰীৰিকভাৱে পুৰুষজনতকৈ উচ্চ হয় – তেনেক্ষেত্ৰত আমাৰ পুৰুষতান্ত্ৰিক সামাজিক চেতনাই অস্বস্তি অনুভৱ কৰে৷ অৰ্থাৎ আমাৰ ব্যক্তিগত স্বস্তি-অস্বস্তি তথা সংগী নিৰ্বাচনৰ দৰে একেবাৰে ব্যক্তিগত বুলি ভবা কথাবোৰো সম্পূৰ্ণৰূপে আমাৰ নিজৰ নিয়ন্ত্ৰণাধীন নহয়৷ কি কথাত আমি স্বস্তি অনুভৱ কৰিম, কি কথাত নকৰিম, কি ধৰণৰ বাছনিৰে আমি জীৱন সংগী নিৰ্বাচন কৰিম – সেইবিলাক চিন্তাও বহু ক্ষেত্ৰত এটা ব্যৱস্থাৰদ্বাৰা ইতিপূৰ্বে নিৰ্মিত৷ সেয়ে আমি নিঃসন্দেহে ক’ব পাৰোঁ যে দেশপ্ৰেম বুলিলে আমি যি বুজো বা অনুভৱ কৰোঁ, সেই ধাৰণাটো‍ৰ স্বৰূপো অন্যান্য প্ৰপঞ্চবোৰৰ দৰেই কোনো এক ব্যৱস্থাৰদ্বাৰা নিৰ্মিত৷ পিছে, সেই ব্যৱস্থাটোনো কি?

এটা ধাৰণা যেতিয়া এক জনসমষ্টিৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা যায়, তেতিয়া সেই নিৰ্মাণত আটাইতকৈ গুৰুত্ব পায় নিৰ্মাণকৰ্তা শ্ৰেণীটোৰ স্বাৰ্থ‍‍ই৷ নিজৰ স্বাৰ্থৰ অনুকূলেহে কোনো শ্ৰেণীয়ে একোটা ধাৰণা নিৰ্মাণ কৰে৷ মন কৰা যাওক, ক্ৰিকেটীয় আবেগ-নিৰ্ভৰ দেশপ্ৰেমৰ ধাৰণাৰপৰা কোনটো শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত হৈছে? উত্তৰ স্পষ্ট আৰু পোনপটীয়া – বহুজাতিক কোম্পানি নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় বজাৰখনৰ স্বাৰ্থ৷
এতিয়া দেশপ্ৰেমৰ অ‍ইন এটা স্বৰূপৰ কথা ভবা যাওক; যিটো আমাৰ পৰিচিত নহয়৷
কোনো ৰাজ্যত শ-শ খেতিয়কে আত্মহত্যা কৰিছে৷ আমি সমগ্ৰ দেশবাসীৰ অন্তৰ এই বাতৰিয়ে কন্দুৱাই তুলিছে৷ চকুপানী মচি ৰাজপথলৈ ওলাই অহা দেশৰ জনগণে প্ৰবল গণ বিক্ষোভৰ মাজেৰে এক অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰক বাধ্য কৰিছে৷ কাৰণ জনগণ দেশপ্ৰেমিক, দেশৰ জনতাৰ প্ৰতি মৰ্মবোধেৰে সংপৃক্ত এই দেশপ্ৰেমী জনগণৰ হৃদয়৷ যদি আমাৰ দেশপ্ৰেমৰ স্বৰূপ এনেকুৱা হ’লহেঁতেন, তেন্তে কাৰ স্বাৰ্থ বিঘ্নিত হ’লহেঁতেন আৰু কাৰ স্বাৰ্থ সুৰক্ষিত হ’লহেঁতেন? উত্তৰ আকৌ স্পষ্ট আৰু পোনপটীয়া৷ সেয়া পাঠকক বুজাই দিয়াৰ প্ৰয়োজন নিশ্চয় নাই৷

আমাৰ দেশপ্ৰেমৰ স্বৰূপ কেনেকুৱা সেয়া আমি লেখাৰ আৰম্ভণিতে আলোচনা কৰিছোঁ৷ এইপৰ্যন্ত আলোচনাত আমি দেখিলোঁ, দেশপ্ৰেমৰ এই স্বৰূপ কাৰ স্বাৰ্থৰ অনুকূলে কাৰদ্বাৰা নিৰ্মাণ কৰা হৈছে৷ দেশৰ জনগণৰ সামগ্ৰিক জীৱন যাপনত উন্নত পথৰ সন্ধান দিয়াত এই আবেগ কিয় বিফল (কিয় এই ক্ষেত্ৰত বিফল হোৱাকৈ নিৰ্মাণ কৰা হৈছে), সেয়াও আমি দেখিলোঁ৷ পিছে এই নিৰ্মাণ প্ৰক্ৰিয়া যে ইচ্ছাকৃত সেয়া আমি কেনেকৈ পতিয়ন যাম? অৰ্থাৎ আমি স্বদেশক কিধৰণে ভাল পাম, স্বদেশ বোলা সত্তাটোৰ লগত আমাৰ আবেগিক সম্পৰ্ক কেনেকুৱা হ’ব; সেই কথাবোৰ যে আমাৰ ওপৰত এটা শ্ৰেণীয়ে নিজ মুনাফাৰ স্বাৰ্থত আৰোপ কৰিছে সেই কথা আমি কেনেকৈ মানি ল’ম? এই অনুভূতি স্বাভাৱিক নহয় নেকি?
লাজ, ভয়, প্ৰতিৰক্ষাৰ তাড়না ইত্যাদি স্বাভাৱিক জৈৱিক অনুভূতিবিলাকৰ লগত আমাৰ স্বদেশপ্ৰীতিৰ অনুভৱৰ এটা মৌলিক পাৰ্থক্য দেখা যায়৷ জৈৱিক অনুভূতিবিলাক জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰে, সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰজন্মৰপৰা প্ৰজন্মলৈ বহমান হৈ থাকে; পিছে আলোচ্য স্বদেশপ্ৰীতিৰ অনুভূতি শিশু অৱস্থাৰপৰা তিলে তিলে গঢ় লয়৷ এই গঢ় লোৱাৰ প্ৰক্ৰিয়াত সৰ্বাধিক ভূমিকা গ্ৰহণ কৰে জনপ্ৰিয় সংস্কৃতিৰ উপাদানবোৰ – অৰ্থাৎ গীত, চিনেমা, সাহিত্য আদিবোৰে৷ প্ৰশ্ন হয়, কি কি উপাদানে কেনেকৈ আমাৰ মনত আবেগৰ স্বৰূপ নিৰ্ধাৰণ কৰিব, তাৰ নিয়ন্ত্ৰণ আমাৰ হাতত আছে নে?
আগতেই কৈ আহিছোঁ যে জীৱন সংগী নিৰ্বাচনৰ একান্তই ব্যক্তিগত কথাবোৰো কিছুমান সামাজিক প্ৰমূল্যই বহুলাংশে নিয়ন্ত্ৰণ কৰে৷ এই ক্ষেত্ৰতো কথাটো প্ৰায় তেনেকুৱাই হয়৷ পিছে ইয়াত সামাজিক প্ৰমূল্যৰ সলনি শ্ৰেণীস্বাৰ্থৰ বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰে৷ চিনেমাৰ কথাই ধৰা যাওক৷ চিনেমা আমিয়েই চাম, কিন্তু কি বাৰ্তাৰ চিনেমা নিৰ্মাণ হ’ব সেয়া আমি নিৰ্ধাৰণ নকৰোঁ৷ টেলিভিছনত ১৫ আগষ্টৰ দিনা দেশপ্ৰেমমূলক চিনেমা হিচাপে কি চিনেমা প্ৰদৰ্শন হ’ব, সেয়াও আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত৷ আৰু আমাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ এই উপাদানবোৰেই হ’ল আমাৰ স্বদেশপ্ৰীতি আবেগৰ স্বৰূপ নিৰ্ধাৰণকাৰী উপাদান৷ এনেকৈয়ে আমাৰ স্বদেশপ্ৰীতিৰ আবেগ হৈ পৰে এক আৰোপিত প্ৰমূল্য৷
এই প্ৰমূল্যৰ স্বৰূপৰ এক আমোদজনক দিশ আগতে উনুকিয়াই অহা হৈছে৷ সেই দিশটোৰ নাতিদীৰ্ঘ আলোচনাৰে এই নিবন্ধৰ মোখনি মাৰোঁ৷ স্বদেশপ্ৰীতিৰ জনপ্ৰিয় যি চৰিত্ৰ, সি দেশৰ জনজীৱনৰ দুৰ্দশাক লৈ অলপো উত্কণ্ঠিত নহয়, বৰং উত্কণ্ঠিত দেশৰ স্বাভিমানক লৈ৷ বহু ক্ষেত্ৰত এই স্বদেশপ্ৰেম দেশীয় স্বাভিমানক লৈ ইমানেই উত্কণ্ঠিত হৈ পৰে যে ই দেশৰ জনজীৱনকে সমস্যাজৰ্জৰ কৰি তোলে৷ উদাহৰণ বিচাৰি বেছি দূৰলৈ যাবই নালাগে৷ যোৱা কিছু দিনৰপৰা হৈ থকা ৰাষ্ট্ৰীয়তাবাদী কাৰ্য-কলাপ, জে এন ইউ কাণ্ড, ক্ৰমে শিপোৱা মুছলমান-বিদ্বেষ ইত্যাদিয়েই ইয়াৰ প্ৰকৃষ্ট উদাহৰণ৷
কথাটো কিছু পৰিমাণে হাস্যকৰ৷ দেশক ভাল পোৱা মানে সেই ভালপোৱাই দেশৰ জনজীৱনৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব৷ কিন্তু বাস্তৱত কি হৈছে? জনজীৱন দিনে দিনে বিপন্ন হৈছে৷
বৰঞ্চ; আমাৰ দেশপ্ৰেমে সুৰক্ষিত কৰিছে সেই শ্ৰেণীৰ স্বাৰ্থ, যি একোখন ক্ৰিকেট খেলত কোটি কোটি টকাৰ ব্যৱসায় কৰে৷ সুৰক্ষিত কৰিছে সেই শ্ৰেণীৰ স্বাৰ্থ, যি মানুহক ভাগ ভাগ কৰি শাসন কৰে৷ হোৱাটো স্বাভাবিক, কাৰণ আমাৰ দেশপ্ৰেমৰ স্বৰূপ ইহঁতবোৰেই নিৰ্মাণ কৰে৷ কি চিনেমা চাম, কি গান শুনিম সেয়া নিয়ন্ত্ৰণ কৰা চাবিকাঠী ইহঁতবোৰৰ হাততেই৷
এনেকুৱা পৰিস্থিতিত আমি সদ্যহতে কি কৰিব পাৰোঁ? অন্ততঃ আমি স্বাধীন হ’বলৈ ইচ্ছা কৰিব পাৰোঁ৷ এই স্বাধীনতা নিজৰ আবেগৰ চৰিত্ৰ নিজেই গঠন কৰাৰ স্বাধীনতা; আমাৰ আবেগক লৈ কোনোবাই সুবিধা আদায় কৰিব পৰাৰ সুযোগ নিদিয়াৰ স্বাধীনতা৷

কথাবোৰ ইমান জটিল নহয়৷ ইমানখিনি চালি-জাৰি আমি সকলোৱেই চাব পাৰোঁ নিশ্চয়৷

Share Button
Print Friendly, PDF & Email

No Comments : "দেশপ্ৰেমৰ কাৰখানা আৰু বনুৱাৰ জীৱন (গৌৰীশংকৰ ভূঞা)"

Leave a Comment

Your email address will not be published. Required fields are marked *