ধৰ্ম - (ড০ জয়ন্ত কুমাৰ শৰ্মা)

এই লেখাটোত অতি সহজভাৱে ধৰ্ম সম্পৰ্কে আলোচনা কৰা হৈছে। ইয়াত কোনো জটিল পাণ্ডিত্যপূৰ্ণ কথা আগ বঢ়াবলৈ চেষ্টা কৰা হোৱা নাই।

–জ্ঞানৰ অন্বেষণৰ পদ্ধতি হিচাপে বহু আগৰেপৰা ধৰ্ম, দৰ্শন আৰু বিজ্ঞান ব্যৱহাৰ কৰা হৈ আহিছে। ধৰ্মই বিশ্বাসৰদ্বাৰা, দৰ্শনে চিন্তাৰদ্বাৰা আৰু বিজ্ঞানে পৰীক্ষাৰদ্বাৰা সদায় জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰে।

–বিভিন্ন প্ৰাকৃতিক পৰিঘটনাৰপৰা মানুহৰ অন্তৰত সৃষ্টি হোৱা বিস্ময় আৰু ভয়েই ধৰ্মৰ উৎস। পৰৱৰ্তী কালত এই পৰিঘটনাসমূহৰ কাৰ্যকাৰণ সম্বন্ধসমূহৰ বিষয়েও মানুহে চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰে আৰু ইয়েই সেইবোৰৰ কাৰক হিচাপে বিভিন্ন ধৰ্মৰ দেৱ-দেৱী আদিৰ উৎপত্তিৰ কাৰণ বুলি অনুমান কৰিব পাৰি। উদাহৰণস্বৰূপে, চন্দ্ৰ, সূৰ্য আদিক দেৱতা, বৰষুণৰ অধিপতি বৰুণ, বিজুলী-ধেৰেকণিৰ অধিপতি ইন্দ্ৰ হিচাপে কল্পনা কৰা ইত্যাদিলৈ আঙুলিয়াব পাৰি। কম-বেছি পৰিমাণে সকলো আনুষ্ঠানিক ধৰ্মতে এই ধাৰণাসমূহ একেই।

–চিন্তা কৰিব পৰা যি ক্ষমতাই মানুহক আন জীৱ-জন্তুৰপৰা পৃথক কৰিছিল সিয়েই ধৰ্মৰো সৃষ্টি কৰিছিল। সেই হিচাপে সভ্যতাৰ আৰম্ভণিয়েই ধৰ্মৰো আৰম্ভণি বুলি অনুমান কৰিব পাৰি। গতিকে ধৰ্মও সভ্যতাৰেই অংগ। সভ্যতাৰ বিকাশ হোৱাৰ লগে লগে ধৰ্মৰো বিকাশ হৈছিল। অৱশ্যে বেছিভাগ ধৰ্মতে এনেদৰে ধাৰণা কৰা হয়, যেনিবা সেই ধৰ্ম সৃষ্টিৰ আৰম্ভণিৰপৰা একেই আছে। বিভিন্ন ধৰ্মৰ ভিন ভিন ধৰ্মগ্ৰন্থসমূহৰ ওপৰত অগাধ বিশ্বাস আৰু ভক্তিয়েই ইয়াৰ প্ৰধান কাৰণ বুলি অনুমান কৰিব পাৰি।

–বিজ্ঞানৰ বিকাশৰ লগে লগে ওপৰত উল্লেখ কৰা পৰিঘটনাসমূহৰ কাৰ্যকাৰণ সম্বন্ধ মানুহে জনা হৈ আহিছে, কিন্তু এতিয়াও সেইবোৰৰ কাৰণ হিচাপে বহুতো লোকে ধৰ্মীয় সংস্কাৰসমূহৰ ওপৰত বিশ্বাস এৰিব পৰা নাই। দৰাচলতে যুগ যুগ ধৰি মানুহৰ অন্তৰৰ গভীৰত প্ৰোথিত হৈ থকা এনেবোৰ সংস্কাৰ বাদ দি নতুন জ্ঞান গ্ৰহণ কৰিবলৈ পৰিবেশ আৰু সাহসৰ প্ৰয়োজন। আমাৰ ভাৰতবৰ্ষত ধৰ্ম, ধৰ্মগ্ৰন্থ আৰু ধৰ্মীয় ক্ৰিয়াকলাপৰ আধিক্যৰ হেতু এনে এটি পৰিবেশ গঢ়ি উঠা নাই। বিভিন্ন কুসংস্কাৰ, নিৰক্ষৰতা, অৰ্থনৈতিকভাৱে দুৰ্বল জনগণ, সামাজিক ৰীতি-নীতি, ৰাজনীতি আদিয়েও ইয়াত ইন্ধন যোগাইছে।

–এটা কথা দেখা যায় যে আনুষ্ঠানিক ধৰ্মৰ লগত জড়িত দেৱ-দেৱী বা তেওঁলোকৰ সমাজখন তদানীন্তন মানৱ সমাজৰ অনুকৰণত গঢ়ি উঠিছে। মুখ্যতঃ আহাৰ সংগ্ৰহকাৰী বা পশু পালনকাৰী সমাজ এখন ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত হৈ থাকে আৰু এনে অৱস্থাত পৰিঘটনাসমূহৰ অধিপতি হিচাপে দেৱ-দেৱীৰ সমাজখনো সুসংবদ্ধ নাছিল। সেই কাৰণে ঋগ্বেদৰ আৰম্ভণিতে বিভিন্ন দেৱতাসকলৰ ধাৰণাহে পোৱা যায়, কিন্তু এইসকলৰ অধিপতি কোনো ডাঙৰ দেৱতাৰ ধাৰণা পোৱা নাযায়। কিন্তু কৃষিপদ্ধতি আৱিষ্কাৰৰ লগে লগে একোখন ডাঙৰ মানৱ সমাজ গঢ়ি উঠিবলৈ আৰম্ভ কৰিলে। সুসংবদ্ধ শাসন পদ্ধতি, শাসক আদিৰ সৃষ্টি হ’ল। ইয়াৰ সমান্তৰালভাৱে দেৱ-দেৱীৰ সমাজখনতো পৰিৱৰ্তন আহিল, সকলো দেৱ-দেৱীৰ ঊৰ্ধ্বত এজন সৰ্বশক্তিমান ভগৱান বা ঈশ্বৰৰ অস্তিত্বৰ প্ৰয়োজনীয়তা আহি পৰিল। প্ৰাচীনতম সনাতন বা হিন্দুধৰ্মত ঈশ্বৰৰ লগতে পূৰ্বৰ দেৱ-দেৱীৰ অস্তিত্ব যদিও বজাই থাকিল, তুলনামূলকভাৱে আধুনিক আন আনুষ্ঠানিক ধৰ্মবোৰৰ ক্ষেত্ৰত এই সমাজখন বহুখিনি সৰলীকৃত। আধুনিকতম আনুষ্ঠানিক ধৰ্ম ইছলাম ধৰ্মৰ ক্ষেত্ৰততো বাৰে বাৰে আল্লা এজনেই বুলি কৈ থকা হৈছে।

–এইখিনিতে এটা মন কৰিবলগীয়া কথা এই যে সমাজ বিকাশৰ সমান্তৰালভাৱে সংঘটিত হোৱা ধৰ্মৰ বিকাশতো শাসক শ্ৰেণীৰ লোকসকলে পুৰোহিত শ্ৰেণীৰ লোকসকলৰ সহযোগত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, আৰু এই বিকাশ বহু ক্ষেত্ৰত নিজৰ স্বাৰ্থৰ পক্ষে পৰিচালনা কৰিছিল।

–বিশ্লেষণ কৰিলে দেখা যায় যে সকলো আনুষ্ঠানিক ধৰ্মৰে মুখ্যতঃ তিনিটা ভাগ থাকে - আধ্যাত্মিকতা, ক্ৰিয়াকাণ্ড আৰু নীতিকথা। মানুহ আৰু ঈশ্বৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনাই হ’ল আধ্যাত্মিকতা। যদিও আৰম্ভণিতে ই যথেষ্ট সহজ-সৰল আছিল, মানুহৰ চিন্তা-চৰ্চা বা সভ্যতাৰ উন্নতিৰ লগে লগে আধ্যাত্মিকতাই এক জটিল ৰূপ পৰিগ্ৰহণ কৰিছে। ফলত এই সম্পৰ্ক ৰক্ষা কৰিবলৈ এক বিশেষজ্ঞ পুৰোহিত, মৌলবী বা যাজক শ্ৰেণীৰ লোকৰ প্ৰয়োজন হৈছে।

–দ্বিতীয়তে, ধৰ্ম অনুসৰি এই সমাজত জীৱন নিৰ্বাহ কৰিবলৈ মানুহক বিভিন্ন বস্তু প্ৰদান কৰাৰ বাবে মানৱ জাতি আৰম্ভণিতে বিভিন্ন দেৱ-দেৱীৰ প্ৰতি আৰু পাছলৈ ভগৱানৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। এই কৃতজ্ঞতা দেৱ-দেৱী বা ভগৱানক বিশেষৰূপে জনাবলৈ পূজা-সেৱা, প্ৰাৰ্থনা, নামাজ আদি বিভিন্ন ক্ৰিয়াকাণ্ডৰো সৃষ্টি হল। এই ক্ৰিয়াকাণ্ডসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত উপৰিউক্ত পুৰোহিত শ্ৰেণীৰ ভূমিকাও আহি পৰিল। সমাজ আৰু ধৰ্ম সৰল হৈ থকা কালত ক্ৰিয়াকাণ্ডসমূহো সৰল আছিল। কিন্ত সমাজ আৰু ধৰ্মই জটিল ৰূপ পৰিগ্ৰহণ কৰাৰ লগে লগে এই ক্ৰিয়াকাণ্ডসমূহেও জটিল ৰূপ লৈছে।

–তৃতীয়তে, চাবলৈ গ’লে ধৰ্মৰ লগত নীতিকথাৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই। যিকোনো ধৰ্মবিশ্বাসী বা ধৰ্ম-অবিশ্বাসী একোখন সমাজৰো সামগ্ৰিক সুখৰ বাবে নীতিকথাৰ বা নৈতিকতাৰ প্ৰয়োজন। গৰিষ্ঠসংখ্যক জনগণৰ সৰ্বোচ্চ সুখেই যদি সমাজৰ অভীষ্ট আৰু লক্ষ্য হয় মানুহক নৈতিকতা লাগিবই, তাৰ বাবে কোনো প্ৰমাণবিহীন ধৰ্মীয় বিশ্বাসৰ প্ৰয়োজনীয়তা নাই। কিন্তু গৰিষ্ঠসংখ্যক জনগণৰ সৰ্বোচ্চ সুখেই সমাজৰ অভীষ্ট আৰু লক্ষ্য হয় নে নহয় সেই সম্পৰ্কে বিতৰ্কৰ অৱকাশ নোহোৱা নহয়। আনহাতে, সকলো সমাজতে মানুহৰ কাৰ্যাৱলীয়ে ইয়েই সমাজৰ অভীষ্ট আৰু লক্ষ্য বুলি প্ৰতীয়মান কৰে। এনে ক্ষেত্ৰত ঈশ্বৰবিহীন সমাজ এখনতো নৈতিকতাৰ প্ৰয়োজন হ’ব।

–দৰাচলতে বিশ্ববিশ্ৰুত বিজ্ঞানী আইনষ্টাইনে Ideas and Opinionsত কোৱা "কি হোৱা উচিত" ধৰ্মৰ বাকী অংশই নহয়, মাত্ৰ এই নৈতিকতাইহে নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ ঈশ্বৰবিহীন সমাজ এখনতো "কি হোৱা উচিত" বা প্ৰকাৰান্তে "কি কৰা উচিত" নৈতিকতাৰদ্বাৰাই বুজিব পৰা যাব। গতিকে যদিও নৈতিকতা দেখাত ধৰ্মৰ অপৰিহাৰ্য অংশ নহয় যেন লাগে, বোধহয় অতীতৰেপৰা ঈশ্বৰ আৰু নৈতিকতা দুয়োটায়ে সমাজৰ ভালেই কৰে - এই সিদ্ধান্তৰপৰাই নৈতিকতা ধৰ্মৰ লগত সাঙোৰ খাই পৰিল।

–ক’ব খোজোঁ যে নৈতিকতা অংশ বাদ দিলে বৰ্তমান সমাজত ধৰ্মৰ কোনো প্ৰয়োজন নাই। যদিও সকলো প্ৰাকৃতিক পৰিঘটনাৰে কাৰ্যকাৰণ সম্বন্ধ আৱিষ্কাৰ কৰাটো বৰ্তমানে সম্ভৱ হোৱা নাই, তথাপি লাহে লাহে বিজ্ঞানে বহুখিনি ৰহস্য ভেদ কৰি আহিবলৈ সক্ষম হৈছে। অৱশ্যে বহু কথা জানিবলৈকো বাকী আছে। জ্ঞানৰ অন্বেষণৰ আহিলা হিচাপে ধৰ্মতকৈ বিজ্ঞানৰ সুবিধা বেছি। কাৰণ ধৰ্ম বিশ্বাসনিৰ্ভৰ, কিন্তু বিজ্ঞান প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰমাণনিৰ্ভৰ। বহুতে আকৌ আধুনিক যুগত আনুষ্ঠানিক ধৰ্ম এটাত বিশ্বাস নাৰাখি সমগ্ৰ বিশ্বৰে পৰিচালক হিচাপে এক ৰহস্যময় সত্তা বা শক্তিত বিশ্বাস ৰাখে। যিহেতু ইয়ো প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰমাণনিৰ্ভৰ নহয়, বিজ্ঞানে বৰ্তমানলৈকে ইয়াৰ অস্তিত্ব মানি নলয়। মুঠ কথা, বিজ্ঞানে সামগ্ৰিক জ্ঞানৰ সলনি বস্তুসমূহেনো কেনেদৰে ক্ৰিয়া কৰে তাতহে গুৰুত্ব আৰোপ কৰে।

–সৰ্বশেষত দেখা যায় যে বৰ্তমান মানৱ সমাজত ধৰ্মই একো ভাল কাম কৰা নাই। তাৰ তুলনাত ধৰ্মহীন পশুৰ সমাজত একো অসুবিধা হোৱা নাই। বৰঞ্চ বিভিন্ন ধৰ্মৰ লোকৰ মাজত অসূয়া-অসম্প্ৰীতি বৃদ্ধিহে পাইছে। ৰাজনৈতিক লাভালাভৰ বাবে বহুতে ইয়াত উৎসাহ যোগোৱাহে দেখা গৈছে। ধৰ্মৰ নৈতিকতা অংশটো বহু মানুহে প্ৰায় বিসৰ্জন দিছে। বৰঞ্চ ধৰ্ম বা ঈশ্বৰত কোনো বিশ্বাস নৰখা atheistসকলৰ বেছিভাগেহে নৈতিকতাক ধৰি ৰাখিছে। তথাপি ধৰ্ম কেৱল ব্যক্তিগত পৰ্যায়তে থাকিলে সিমান অসুবিধা নাছিল। কিন্তু ই এক বৃহৎ সামাজিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈ বিভিন্ন ধৰ্মৰ মাজত সংঘাত বৃদ্ধি কৰিছে।

–আশাৰ কথা এয়ে যে বিশ্বত কোনো ধৰ্মতে বিশ্বাস নৰখা ব্যক্তিৰ সংখ্যা লাহে লাহে বৃদ্ধি পাইছে। Internetঅৰপৰা পোৱা এক হিচাপ অনুসৰি ই 1950 চনত 2%ৰপৰা 2010ত 16%লৈ বৃদ্ধি পাইছে। উন্নত দেশসমূহত আনুষ্ঠানিক ধৰ্মবিশ্বাস যথেষ্ট হ্ৰাস পাইছে। যদিও আমাৰ দৰে দেশত নিজৰ ধৰ্মসচেতনতা বৃদ্ধিৰ লগে লগে ইয়াৰ প্ৰদৰ্শনকামিতাও বৃদ্ধি পাইছে, ই সাময়িক বুলি ভাবোঁ। বৰঞ্চ ধৰ্মবিশ্বাসহীন যুক্তিবাদীসকলহে লাহে লাহে অধিক সচেতনভাৱে সংঘবদ্ধ হ’ব ধৰিছে। ইয়াৰ প্ৰভাৱ নিশ্চয়কৈ ইতিবাচক হ’ব।

Share Button
Print Friendly, PDF & Email

No Comments : "ধৰ্ম - (ড০ জয়ন্ত কুমাৰ শৰ্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *