ধৰ্মৰ আলোচনা আৰু আলোচকৰ ধৰ্ম (পৰাগ দাহাল)

স্বাভাৱিক পৰিৱেশ এটাত বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিৰ সমান্তৰালকৈ ধাৰ্মিকতা কমি যাব লাগে‌। য়ুৰোপৰ উন্নত দেশবোৰত খ্ৰীষ্টান (আচলতে প্ৰাক্তন খ্ৰীষ্টান) মানুহৰ মাজত সেই প্ৰক্ৰিয়া আৰম্ভ হৈছেই‌। বিজ্ঞান-প্ৰযুক্তিৰ ব্যৱহাৰ ভাৰত উপমহাদেশতো বৰ কম নহয়‌। কিন্তু ইয়াত সেই স্বাভাৱিক প্ৰক্ৰিয়াটো দেখা পোৱা নাযায়, বৰং বহু সময়ত ওভতনি গতিহে দেখা যায়‌। এয়া কোৱাই বাহুল্য যে এইক্ষেত্ৰত সংগঠিত সাম্প্ৰদায়িক-মৌলবাদী শক্তিবোৰৰ প্ৰণালীবদ্ধ সচেতন প্ৰচেষ্টা নিহিত আছে‌। কিন্তু তেনে প্ৰচেষ্টাই সফলতা পায় কিয় সেয়াহে বিচাৰ্য বিষয়‌। এই অস্বাভাৱিক সাংস্কৃতিক পৰিঘটনাৰ আঁৰত কোনো অস্বাভাৱিক অৰ্থনৈতিক কাৰকে ক্ৰিয়া কৰিছে নেকি সেয়া ভাবি চাবলগীয়া‌।

ওভতনি গতিৰ এটা চিন হ'ল ধৰ্মাচৰণৰ প্ৰকোপ বৃদ্ধি‌। দৃষ্টান্তস্বৰূপে হিন্দুপ্ৰধান গাঁওবোৰত ভাগৱত পাঠ অনুষ্ঠান, পালনাম আদিৰ সংখ্যা আৰু মুছলমানপ্ৰধান গাঁওবোৰত তবলিগৰ জনপ্ৰিয়তাৰ কথা ক’ব পাৰি‌। এইবোৰ আগেয়ে যে নহৈছিল তেনে নহয়, কিন্তু যোৱা দুটামান দশকত বৰ্ধিত প্ৰযুক্তিনিৰ্ভৰতাই এইবোৰৰ বাৰংবাৰতা কমাওক ছাৰি বঢ়াইছেহে, সিও অতিকৈ দ্ৰুত হাৰত‌। এইবোৰত সাধাৰণতে তীব্ৰ পৰধৰ্ম-বিদ্বেষ প্ৰচাৰ কৰা নহয়, শ্ৰমবিভাজন নীতি অনুসৰি সেয়া এইবোৰৰ কাম নহয়‌। তাৰ পৰিবৰ্তে নিজ ধৰ্মৰ শ্ৰেষ্ঠতাক লৈ মানুহৰ মনত থকা স্বাভাৱিক বিশ্বাসৰ খোপনি দৃঢ় কৰা আৰু সামাজিক পৰিৱেশৰ লগতে দৈনন্দিন জীৱনকো ধৰ্মকেন্দ্ৰিক কৰি তোলাহে এইবোৰৰ কাম‌। কথাটো ক্ৰিকেট খেলৰ আগে আগে খেলুৱৈসকলক প্ৰশিক্ষকে 'পুছ্-আপ' কৰোৱাৰ লেখীয়া‌।
ইয়াৰ পিছৰ পৰ্যায়টো হ'ল ধৰ্মৰ প্ৰশ্নত অতি-সংবেদনশীলতা, যাৰ বক্তব্য হ'ল : 'মোৰ ধৰ্ম সকলো প্ৰশ্নৰ ঊৰ্ধত, গতিকে তাক লৈ কোনো আলোচনা হ'ব নোৱাৰে, মোৰ ধৰ্মাচৰণক লৈ কাৰো মাত মতাৰ অধিকাৰ নাই; মোৰ ধৰ্মৰ সৈতে জড়িত নিতান্তই সামান্য কথা এটা লৈ কোনোবাই ইতিবাচক মনোভাবেৰে মন্তব্য কৰিলেও সেয়া হ’ব মোৰ ধৰ্মীয় অনুভূতিৰ ওপৰত আঘাত।' তেনেই সহজে, সামান্য উদ্দীপনাতে এই 'মোৰ ধৰ্ম'টো গৈ 'আমাৰ ধৰ্ম'লৈ আৰু অতি-সংবেদনশীলতা গৈ সাম্প্ৰদায়িকতালৈ ৰূপান্তৰিত হয়‌। প্ৰতিক্ৰিয়া আলোচকক তিৰস্কাৰ কৰাৰপৰা আক্ৰমণ কৰালৈ ঘটিব পাৰে‌।
ধৰ্মৰ প্ৰশ্নত অতি-সংবেদনশীলতাৰ 'উত্তৰণ' ঘটি সি কিমান সহজে নগ্ন সাম্প্ৰদায়িকতাত পৰিণত হয় সেয়া গম পোৱা যায় যেতিয়া আলোচকজন আলোচিত ধৰ্মৰ অনুগামী নহয়‌।
উদাহৰণস্বৰূপে ধৰক, আলি-হুছেইন-আহমেদ উপাধিধাৰী এজনে ক'লে যে হিন্দু ধৰ্মত প্ৰচলিত জন্মভিত্তিক অস্পৃশ্যতা প্ৰথাটো নিষ্ঠুৰ আৰু অমানৱীয় নাইবা শৰ্মা-দাস-কলিতা উপাধিধাৰী এজনে ক'লে যে বেহেস্তত পুণ্যাত্মাসকলক সত্তৰজনী হুৰীয়ে 'সেৱা' কৰাৰ ইছলাম বৰ্ণিত ধাৰণাটো কুৰুচিপূৰ্ণ আৰু নাৰীৰ প্ৰতি অৱমাননাকৰ‌। প্ৰতিক্ৰিয়াবোৰ কেনে হয় সেয়া সকলোৱে জানো – লাগে আলোচকজন ব্যক্তিগতভাৱে নাস্তিকেই হওক (সেই দিশৰপৰা আমাৰ এই লেখাটোও বিপদমুক্ত নহয় !!)‌।
অৱশ্যে উক্ত প্ৰতিক্ৰিয়াবোৰৰ আঁৰত থকা আন এটা কাৰণৰ কথা নক’লে অন্যায় হ’ব‌। পৰধৰ্মক হেয় প্ৰতিপন্ন কৰি নিজ ধৰ্মৰ শ্ৰেষ্ঠত্ব জাহিৰ কৰাৰ বাবে সাম্প্ৰদায়িক-মৌলবাদী শক্তিবোৰেও এনে সমালোচনা কৰিব পাৰে‌। কিন্তু সেই দৃষ্টিভংগীৰে কৰা সমালোচনা আৰু বৈজ্ঞানিক সমালোচনাৰ পাৰ্থক্য বুজি পোৱাটো বৰ টান নহয় বুলি আমি ভাবোঁ‌।
যি কি নহওক, ধৰ্মৰ সমালোচনা নকৰাকৈ বিজ্ঞান আন্দোলন আগ বাঢ়িব নোৱাৰে‌। মানুহৰ প্ৰমূল্য, জীৱনবীক্ষা, ৰুচিবোধক বিজ্ঞানমুখী কৰাৰ প্ৰয়াসেই যদি বিজ্ঞান আন্দোলনৰ প্ৰধান কাম হয় তেন্তে সি সদায় ধৰ্মৰ সৈতে সংঘাত এৰাই চলিব নোৱাৰে, কাৰণ এই ক্ষেত্ৰত তাৰ প্ৰধান প্ৰতিদ্বন্দ্বী হ'ল ধৰ্ম, যাৰ সৈতে বিজ্ঞানৰ এই মৌলিক, দাৰ্শনিক স্তৰতে বৈপৰীত্য আছে‌। আকৌ ধৰ্মৰ সমালোচনা কৰিবলৈ যাওঁতে কাৰো ধৰ্মীয় অনুভূতিক ক'তো অকণো আঘাত নকৰাকৈ থাকিব পাৰিলে উত্তম হয় যদিও আনকি স্বাভাৱিক পৰিৱেশ এটাতো সি অতি টান‌। আমাৰ বৰ্তমান পৰিৱেশততো সি প্ৰায় অসম্ভৱ‌। অথচ বিজ্ঞান আন্দোলনক যদি এটা সাৰ্বজনীন ৰূপ দিব লাগে তেন্তে তাৰ বক্তব্যৰ অভিলক্ষিত শ্ৰোতাৰ অধিকাংশ হৈছে ধৰ্মভীৰু জনতা, যাৰ উক্ত অনুভূতি থাকেই, সম্প্ৰতি অলপ বেছিকৈয়ে থকা হৈছে‌।
এনে অৱস্থাত বিজ্ঞান আন্দোলনৰ কৰ্মীয়ে দাৰ্শনিক ক্ষেত্ৰত আপোচহীনতা আৰু ব্যৱহাৰিক ক্ষেত্ৰত কাৰ্যকৰিতাৰ মাজত কেনেকৈ সমন্বয় ৰক্ষা কৰিব সেয়া এক পৃথক আলোচনাৰ বিষয় হ'ব পাৰে‌। আমাৰ ফালৰপৰা দুটা প্ৰস্তাৱ :
১) ধৰ্মৰ সমালোচনাত ধৰ্মৰ যিবোৰ দিশক উদাহৰণ হিচাপে অনা হয় সেইবোৰৰ বাছনিত সাৱধানতা‌। ঘাইকৈ সেইবোৰ কথাতে মনোনিৱেশ কৰা ভাল যিবোৰ দেখদেখকৈ অন্যায়, ভুল আৰু পৰিহাৰ্য।
২) আলোচকৰ নিজা পৰিচয়ৰ বিষয়ে সচেতনতা‌। 'পৰধৰ্ম'ৰ বিষয়ে আলোচনা কৰিবলগীয়া হ'লে দুগুণ সাৱধানতা অৱলম্বন কৰিব লাগে‌। এনে হোৱাটো মুঠেই বাঞ্ছনীয় নহয়, কিন্তু আমাৰ প্ৰস্তাৱটো ব্যৱহাৰিকতাৰ দিশৰপৰাহে দিয়া হৈছে‌।

 

Share Button
Print Friendly, PDF & Email

No Comments : "ধৰ্মৰ আলোচনা আৰু আলোচকৰ ধৰ্ম (পৰাগ দাহাল)"

Leave a Comment

Your email address will not be published. Required fields are marked *