অতিথি সম্পাদকৰ চ'ৰাতৃতীয় সংখ্যা (দ্বিতীয় বছৰ)

ধেৎ কেনাই! – (শান্তনু ৰৌমূৰীয়া)

সমীৰ : আকাশ, আৰু কিমান দেৰি ৰ’ব লাগিব অ’?
আকাশ : আহি আছো বুলিছে! বাৰে বাৰে সুধি থাকিলে ভাল নালাগে অ’ ।
উদ্দীপ্ত : ধৈর্য বন্ধু, ধৈর্য!
সমীৰ : চব বস্তুতে ধৈর্য ধৰি ধৰি ফ্রাষ্ট্রেটেড হৈ গৈছো মই!… এঃ লাইফটো ব’ৰ হৈ গৈছে আৰু!
আকাশ : তই এই ঘণ্টা-টাইপ লেকচাৰবোৰ বন্ধ কৰচোন।
উদ্দীপ্ত : অঁ … অকমান বিন্দাছ থাকিব লাগে বে! … ই মাজে মাজে এনেকুৱা কথা কৈ মোকো টেনছন দি দিয়ে । এফালৰপৰা চাবলৈ গ’লে তোমালোক দুইটাতকৈ বেকাৰ মই! বয়সতো বুঢ়া!
আকাশ : ওঁ… বিয়া পতাৰ বয়স গ’ল তোমাৰ!
উদ্দীপ্ত : এঃ ফটুৱামি নকৰিবা ৰ’বা!
আকাশ : ফটুৱামি তুমি কৰিছা। এনেই ই মুডটো ছিৰিয়াছ কৰি দিছে, তুমি আকৌ বুজাবলৈ গৈ আৰু ছিৰিয়াছ কথা ক’ব খুজিছা! … ৰাকেশ আহি পাবহি এতিয়া। কথাখিনি কি পাতিম সেইটো ভাবা!
সমীৰ : এইটো প্রডিউচাৰ আমাক লাগিবই। চিন্তাবোৰ মিলিলেই হ’ল!
উদ্দীপ্ত : সি খাই দিব চাবা! ষ্ট’ৰিটো গোলাই হৈছেতো!
আকাশ : কৰিলে কিন্তু কামটো ভালকৈ কৰিব লাগিব। এনেই কেনাই চিনেমা এখন বনাব লাগে বুলিয়ে বনালে নহ’ব আৰু!
সমীৰ : এই ‘কেনাই’টো ৰাখি দিম বে! হিৰ’ই গালি দিলে ‘কেনাই’ বুলি কয়!
উদ্দীপ্ত : কেনাই, বৰ ভাল কথা ভাবিছা দেই! … তোক কেনাই মই মাৰৰ কোবত হাড় ভাঙি দিম! … প্রেম প্রেম বুলি ঠগন দি দিলে, কেনাই!
আকাশ : হিঃহিঃ … জমিব বে! এনেকুৱা হুকবিলাক অ’ডিয়েন্সে ভাল পায়!
উদ্দীপ্ত : আৰু গোটেই চিনেমাখনত আমাক দছটামান ছলিড পান্সলাইন লাগিব! … মানে এই হেৰি টাইপ…
আকাশ : মুঝ পৰ এহচান কৰনা, কী মুঝ পৰ কোই এহচান না কৰনা!
উদ্দীপ্ত : ডন কো পকড়না মুচ্‌কিল হী নেহী নামুমকিন হে!
সমীৰ : কেনাই! … আমাৰ ষ্ট’ৰিটোত এনেকুৱা ডাইলগ মই ক’ত লিখিম বে?
আকাশ : শুনিলা উদ্দীপ্ত দা? ই সমীৰে কে… বুলি নকৈ কেনাই বুলি কৈছে! … মাল হিট! মই কৈছো নহয়, এতিয়া কাম কৰাৰহে কথা!
উদ্দীপ্ত : মইতো ৰেডি! … বুজিছা দীঘল চুলিকোছা কেৰেক্টাৰটোৰ লগত নিমিলিব! চুলি কাটি দিম মই!
আকাশ : সঁচাকৈ?
উদ্দীপ্ত : অঁ সঁচাকে কাটিম। চিনেমা কৰিম ভাই। গেট-আপ পূৰা ৰিয়েল দেখিব লাগিব।
সমীৰ : অকল গেট-আপ হ’লেই নহ’ব। আপুনি খোজটোও ঠিক কৰিব লাগিব! আৰু কথা কোৱা ষ্টাইলটো অকমান প্রেক্টিচ কৰি থাকিব।
উদ্দীপ্ত : মই ‘ৰ’টো ডাইলগত একদম উচ্চাৰণ নকৰো বুলি ভাবিছো।
সমীৰ : এঃ সেইটোও এটা ঢং হৈ গৈছে! ষ্টেৰিঅ’টাইপ!
আকাশ : অ’ই ৰহ … ৰাকেশে ফোন কৰিছে! পালেহি ছাগৈ! … হেল্ল’, অঁ অঁ সেইফালেই … ওপৰলে আহি যোৱা… ৰ’বা মই নামি আহিছো!
উদ্দীপ্ত : মই চিগাৰেট এটা টানি লওঁ ৰ’বা …
সমীৰ : বাহিৰত খাওক। … মোৰ মাথা বিষাইছে!
উদ্দীপ্ত : তোমাৰনো কোনদিনা মাথা নিবিষায়? … আহি আছো ৰ’বা।
আকাশ : ঐ, সমীৰ … ৰাকেশ আহিছে!
সমীৰ : অ’ … হাই ৰাকেশ!
ৰাকেশ : হেল্ল’!
আকাশ : উদ্দীপ্ত দা ক’ত?
সমীৰ : বাহিৰত … ফোন আহিছে!
আকাশ : অ’কে! …ত’ ৰাকেশ … ই সমীৰ! মই কৈছিলো যে আমাৰ ৰাইটাৰ।
ৰাকেশ : গুড গুড! … মই বৰ এক্সাইটেড বুজিছা! চিনেমা এখন কৰিম বুলি দুবছৰৰপৰা ভাবি আছো! ভাল ষ্ট’ৰি পোৱাই নাই ।
আকাশ : এইতো ভাল পাব লাগে তুমি। ই বৰ ধুনীয়া ভাবিছে!
সমীৰ : উদ্দীপ্ত দা আৰু মই মিলি ডেভেলপ কৰিছো।
ৰাকেশ : বঢ়িয়া! … শুনো তেন্তে। নে কি?
সমীৰ : অঁ অঁ …
আকাশ : উদ্দীপ্ত দা, আহা আকৌ…
উদ্দীপ্ত : তোমালোকে আৰম্ভ কৰাচোন । মই কফি বাকিছো!
সমীৰ : ঠিক আছে। … ছ’ … ষ্ট’ৰিটো এনেই ছিম্প’ল! হিউমেন ইম’চন। এই ভাল-বেয়া, ৰাইট-ৰং কেতিয়াবা ডিচাইড কৰিব নোৱৰা হয় যে? … টু বি অ’ৰ নট টু বি কাইণ্ড অফ!
ৰাকেশ : বেছি আর্ট ফিল্ম টাইপ নেকি?
সমীৰ : আর্ট ফিল্ম মানে?
ৰাকেশ : এই অকল এৱার্ডৰ কাৰণে কিছুমানে বনাই যে! একদম ছেড, ট্রেজেডি… শ্ল’ …
সমীৰ : আচ্ছা বুজিছো… নাই, নাই তেনেকুৱা টাইপৰ নহয়! বাই দা ৱে শ্ল’ চিনেমাও ইণ্টাৰেষ্টিং আৰু এন্টাৰটেইনিং হ’ব পাৰে। সেইটো বেলেগ এটা কথা বাৰু …
আকাশ : তই ষ্ট’ৰিক…
সমীৰ : অঁ … হিৰ’ মানে এটা প্রায় ২৩/২৪ বছৰীয়া ল’ৰা। নাম ধৰি লোৱা … ‘বিতু’! বিতু এটা আর্টিষ্ট!
ৰাকেশ : আর্টিষ্ট! ভাল লাগিব … পেইণ্টিং-চেইণ্টিং থাকিলে কালাৰত খেলিব পৰা যাব
সমীৰ : ও… আচলতে সি পেইণ্টিং নকৰে!
উদ্দীপ্ত : লোৱা, কফি লোৱা! … সমীৰ, তুমি কাহিনীটো এফালৰপৰা কোৱা না। তেতিয়াহে বুজি পাব!
আকাশ : ৰাকেশ, এয়া উদ্দীপ্ত দা দেই! নাটক কৰে, গানো লিখে! অসমৰপৰা অহা এসপ্তাহমান হ’ল।
ৰাকেশ : হেল্ল’! কফি ভাল হৈছে দেই!
উদ্দীপ্ত : থেংক য়ু!
সমীৰ : আমাৰ বিতু অসমৰ একদম ভিতৰুৱা গাঁও এখনৰ ল’ৰা! দেউতাক ঢুকাইছে। মাক আৰু সি অকলে। বিতু খুব সহজ-সৰল ল’ৰা। মানে একেবাৰে হোজা বুলিব পাৰা। কিন্তু বুর্বক নহয়। মানে আমাৰ চিডি আৰু ছিৰিয়েলবোৰত গাঁৱৰ হোজা বুলি ক’লেই যে কার্টুন টাইপ কেৰেক্টাৰ একোটা বনাই দিয়ে, তেনেকুৱা নহয়।
উদ্দীপ্ত : ষ্ট’ৰিটো কিন্তু গাঁৱৰ নহয় দেই। এইখিনি জাষ্ট কেৰেক্টাৰটোৰ বেকড্রপ!
সমীৰ : অ’পেনিঙত জাষ্ট হিণ্ট এটা দিব পাৰো। আৰু বাকী কথাবোৰ পাছত আমি ডাইলগবোৰত সুমুৱাই থাকিম ।
ৰাকেশ : মানে ফ্লেছবেক – প্রেজেণ্ট, ফ্লেছবেক – প্রেজেণ্ট?
সমীৰ : ফ্লেছবেক বেছি নাৰাখো। ক’ৰবাত ক’ৰবাত তাৰ গাঁৱৰ কথা, মাকৰ কথা এইবিলাক সি কৈ থাকিব !
ৰাকেশ : বেছি ডাইলগ ডাইলগ হৈ থাকিলে আকৌ অ’ডিয়েন্স ব’ৰ হৈ যায়! আজিকালি ইমান কথা কোৱাৰ প্রয়োজন নাই বুজিছা! ডাইৰেক্ট ভিজুৱেলছ – কাট টু কাট!
সমীৰ : আমিও তেনেকৈয়ে ভাবিছো! এতিয়া মানে কওঁতে অকমান এক্সপ্লেইন কৰি গৈছো! … বিতু পঢ়াত ইমান ভাল নাছিল। হায়াৰ ছেকেণ্ডেৰি দুবাৰ পৰীক্ষা দি পাছ কৰিব নোৱাৰিলে! তাৰ পাছত বাদ দিলে আৰু! দুবছৰমান গাঁৱতে ইটো-সিটো কৰি আছিল । তাৰ পাছত সি বন্ধু কেইটামানৰ লগত মিলি গাঁৱতে আত্মসহায়ক গোট এটা খুলিলে।
ৰাকেশ : সেইটো কি?
সমীৰ : ছেলফ্‌ হেল্প গ্রুপ! কেইবাজন মানুহ লগ হৈ মান্থলি পইচা জমা কৰি কৰি কিবাকিবি কাম কৰিব পাৰে। চৰকাৰে ল’ন-চ’ন দিয়ে! … এইবোৰ আমি নেদেখুৱাওঁ।
উদ্দীপ্ত : পাছত সি মেনচন্‌ কৰিব।
সমীৰ : আত্মসহায়ক গোট খুলি সিহঁতে এখন ব্রইলাৰ ফার্ম খুলিছিল। কিন্তু দুবছৰৰ পাছত যেতিয়া সিহঁতে বেংকৰপৰা কিবা এটা পইচা পাইছিল, তেতিয়া সিহঁতৰ মাজৰে এটাই গোটেই পইচাখিনি মাৰি দিলে আৰু গাঁৱৰপৰা পলাই দিলে। ইহঁতে উপায় নাপাই নিজৰ খেতি-মাটি বন্ধকত দি বেংকৰ ধাৰ মাৰি ব্রইলাৰ ফার্ম বন্ধ কৰি দিলে। … তাৰ পাছত সি চিনাকি মানুহ এজনৰ লগত গুৱাহাটীলৈ আহিলে।
উদ্দীপ্ত : কথা এটা কৈ থওঁ। বিতু ল’ৰাটো অকণমান আর্টিষ্টিক! গাঁৱত সি কাঠ মিষ্ট্রীৰ লগত যোগালিও আছিল। দুৱাৰ-খিৰিকি, বিছনাৰ ডিজাইন অঁকা, ফুল কটা সি এইবিলাক কাম ভালকৈ কৰিব পাৰে। কিন্তু তাৰ এইবিলাক কামত একেবাৰেই মন নাই। আচলতে সি তাৰ টেলেণ্টটো নাজানে। তাৰ মতে এইবিলাক ফাল্টু কাম! টাইম বৰবাদ! তাৰ মন বিজনেছ কৰাৰ। লাগিলে ব্রইলাৰ কাটিয়ে হওক বা চাহপাত বেচিয়ে হওক।
সমীৰ : গুৱাহাটীলৈ সি যিজন মানুহৰ লগত আহিছিল সেই মানুহজনে ফার্নিচাৰৰ কাম কৰে। মাজে মাজে নাটক, চিনেমাৰ ছেট বনোৱাৰ কামো কৰে। বিতুক আনি তেওঁ সেইবিলাক কামত লগাই দিলে।
উদ্দীপ্ত : এবাৰ কি হ’ল… তাক মালিকে চিনেমা এখনৰ ছেটৰ কাম কৰিবলৈ পঠিয়াইছিল। তাত গৈ সি যি যি বস্তু লাগিব বুলি ক’লে প্রডিউচাৰে দিয়া নাছিল। সি ক’লে যে এনেকৈ হ’লে কাম বেয়া হ’ব। তেনেকুৱা কিবা এটা কথাত লাগি সি কাম এৰি গুচি আহিল। মালিকে গম পাই তাক দিলে গালি! খঙৰ ভমকত সিও কাম নকৰো বুলি গুচি আহিল!
ৰাকেশ : ক’লৈ আহিল?
সমীৰ : দিল্লী!
ৰাকেশ : লোকেচন বহুত হ’ব নেকি?
সমীৰ : নাই নাই! মেইন লোকেচন দিল্লীয়েই! গুৱাহাটীত জাষ্ট সেই অকমান থাকিলে। চাৰি-পাঁচ মিনিট ধৰা… মণ্টাজ এটাৰ নিচিনাকৈ থাকিব! চিনেমা আৰম্ভ হ’ব সি দিল্লীলৈ অহাৰপৰাহে!
ৰাকেশ : অ’কে … গ’ এহেড!
সমীৰ : দিল্লীত বিতুৰ গাঁৱৰ মানুহ এজন থাকে। তেখেতে মানে বহুত বছৰৰ আগতেই গাঁও এৰিছে। বিয়া-বাৰু নকৰালে। দিল্লীতে থাকে, কোনোবা কলেজত কেণ্টিন নে ৰেষ্টুৰেণ্ট এখন চলাই আছে বুলি বিতুৱে জানে। বিতুৰ লগত তেওঁৰ ফোন নাম্বাৰটো আছে। গুৱাহাটীত কাম এৰি সি তেওঁলৈ ফোন কৰি ক’লে যে মই দিল্লীলৈ আহি আছো – তই সহায় কৰিব লাগিব। সি মানুহজনক তই বুলি কয় – লক্ষী দাই বুলি মাতে!
উদ্দীপ্ত : কিন্তু ট্রেইনত বিতুৰ ফোনটো চুৰ হ’ল। অৱশ্যে তাৰ লগত ফোন নম্বৰ লিখা সেই সৰু ডায়েৰি টাইপৰ এখন পায় যে, তেনেকুৱা এখনত ফোন নাম্বাৰ কেইটামান আছে। লক্ষী দাইৰ নম্বৰো আছে। সি দিল্লী আহি পালে। পি চি অ’ এটাৰপৰা লক্ষী দাইক ফোন কৰিছে, ফোন অফ! কেইবাবাৰো কৰিলে – নাই, ফোন লগা নাই। তাৰ মাথা বেয়া হৈ গ’ল। দিল্লী ইমান ডাঙৰ চিটি। তাতে সি ভালকৈ হিন্দী ক’ব নাজানে।
সমীৰ : মুঠতে তাৰ হাহাকাৰ লাগি যায়! কিন্তু এতিয়া কৰিব কি? সি এনেই ইফালৰপৰা সিফালে ঘূৰি ফুৰে। ৰিক্সাত উঠে। বাছত উঠি দিয়ে। ক’ৰবাত নামে। ইণ্ডিয়া গেট, লালকিল্লা এইবিলাক দেখে। মাজে মাজে লক্ষী দাইলৈ পি চি অ’ৰপৰা ফোন লগায় – নালাগে। এই গোটেই বস্তুবিলাক মিলাই আমি গান এটা কৰিম!
ৰাকেশ : মই ক’ম বুলি ভাবিছিলোয়েই! গানটোত দিল্লীখন এষ্টাব্লিছড কৰিব পৰা যাব!
আকাশ : হঠাত অসমৰ গাঁৱৰ হোজা ল’ৰা এটাক আনি দিল্লীত এৰি দিলে সি কি কি ফেচ কৰিব সেইবোৰ দেখুৱাব লাগিব। ‘ন’ ৱান কিল্ড জেছিকা’ত দিল্লী বুলি আৰম্ভণিতে গান এটা আছে! ৰেফাৰেন্সটো অকমান তেনেকুৱা হ’ব।
সমীৰ : এক্সেক্টলি! কিছুমান বস্তু দেখি বিতুৰ ভাল লাগে। এই যে ইণ্ডিয়া গেটৰ ওচৰত যে পোৱালিবোৰে খেলে, চিলা উৰুৱায়। সি দুটামান পোৱালিৰ লগত খেলেও। কিন্তু এইবিলাক কৰি থাকোতেই তাৰ বেগটো কোনোবাই চুৰ কৰি দিয়ে। দিল্লীতো জানাই আৰু।
উদ্দীপ্ত : তাৰ পকেটত মাত্র কেইটকামান আছে আৰু ফোনৰ ডায়েৰিখন! তাৰ নিজৰ ওপৰতে খং উঠে, দুখো লাগে। সি ভোকে-লঘোনে ফুটপাথতে শুই থাকে। তেনেকৈ সি দুৰাতিমান থাকে। … তাৰ পিছত সি তিনি নম্বৰ দিনা লক্ষী দাইক ফোনত পাই যায়! একদম উশাহ পোৱাৰ নিচিনা হয়!
সমীৰ : লক্ষী দাইৰ ফোনটো কিবা বেয়া হৈছিল দুদিনমান। ই আৰু ফোনতে বুঢ়াক ‘মোক দিল্লীলৈ মাতি এইখন কৰিছ’, হেন তেন ঢেৰ কিবা কিবি বকে! তাৰ পাছত লক্ষীদাই তাক নিজৰ তালৈ লৈ আনে। তেওঁ দিল্লী ইউনিভাৰ্ছিটিৰ ওচৰতে সৰু ঢাবা এখন চলায়। … লোকেচনৰ সুবিধা আৰু শ্বুটিং কৰিবলৈ পার্মিছন ক’ত পাওঁ সেইমতে অকমান মিলাই ল’ব লাগিব।
আকাশ : এই যে সি লক্ষী দাইৰ লগত দিল্লীত থাকিবলৈ আহিলে তেতিয়া সি তেওঁক গাঁৱৰ কথাবিলাক কয়।
ৰাকেশ : প্রথমতে কোৱা সেই ব্রইলাৰ বেচা কিবাকিবি সেইবিলাক এতিয়া ক’ব মানে?
সমীৰ : অঁ অঁ… কিন্তু বৰ বেছিকৈ নকয়। বিতু আৰু লক্ষী দাই মাজে মাজে এই ধৰা ৰাতি ভাত খাওঁতে, শুবৰ টাইমত গাঁৱৰ কথা পাতে। তেতিয়া এটা-দুটাকৈ বস্তুবিলাক ডাইলগত ওলাই গৈ থাকিব। মাকে তাৰ কাৰণে কিমান চিন্তা কৰে, তাৰ লগৰটোৱে কেনেকৈ ঠগি দিলে এইবিলাক আৰু!
উদ্দীপ্ত : আমি মাকজনীক নেদেখুৱাওঁ কিন্তু!
সমীৰ : মাকৰ অকল মাতটো থাকিব! মানে সি মাজে মাজে মাকলৈ ফোন কৰে। দিল্লীখন কেনেকুৱা, কি কাম কৰিছে, গা-চা ভালে আছে নে এইবিলাক কথা পাতে!
উদ্দীপ্ত : সি মাকৰ লগত কেনেকুৱা কথা পাতে জানা – এই ধৰা সি কৈছে – মোৰ আজি পেটটো ভাল নহয়। মাকে কৈছে – নেমু অকমান খাবি। সি কয় – এঃ দিল্লীৰ নেমু আৰু কি খাবি! গোন্ধ-চোন্ধ নাই। কুকুৰা কণীটোতকৈ সৰু! – সেই এনেকুৱা অকমানি অকমানি কথা কিছুমান পাতি থাকে। মাক-পুতেকৰ কথা পতাৰ ষ্টাইলটো দেখি তাৰ মানে অ’ডিয়েন্সে হাঁহিব লাগিব।
ৰাকেশ : কমেডিতো লাগিবই। কমেডিটো মানুহে পতকৈ খাই দিয়ে!
সমীৰ : আমাৰ গোটেই বস্তুটোৱে কমেডি! বিতুৱে দিল্লীখনৰ বিষয়ে কি ভাবে, ইয়াত কি কি কৰিব পাৰি এইবিলাক ভাবি ভাবি তাৰ যি কাণ্ড-কাৰখানা হৈ থাকিব… কমেডিবোৰ তাত থাকিব!
ৰাকেশ : আচ্ছা বিতুৱে দিল্লীত কৰিব কি?
সমীৰ : প্রথমতে সি বেলেগ বেলেগ কিবাকিবি ট্রাই কৰিব। আৰু চব ফ্লপ হ’ব। দুদিন বা এদিন কৰি বাদ দিব। মানে কেছটো কি, লক্ষী দাইৰ যিখন ধাবা, সেইখন ইমান ডাঙৰ নহয়। তাত অলৰেডি দুটা ল’ৰাই কাম কৰে। গতিকে তাত কাম এটা দিবলৈ লক্ষী দাইৰো অকমান দিগদাৰি। আৰু বিতুৰ নিজৰো আইডিয়া ঢেৰ। দিল্লীত বোলে বিজনেছেই বিজনেছ। সি প্রথমে মন্দিৰ এটাৰ সন্মুখত ফুল বেচিবলৈ লয়। কিন্তু দুদিনৰ পিছতে বাদ দিলে। মানুহ হেনো মন্দিৰলৈ কম আহে আৰু বিক্রী নহ’লে ফুলবোৰ মৰহি যায়। বহুত লোকচান! তাৰ পিছত সি নিউজ পেপাৰ হকাৰ এটাৰ লগতো দুদিনমান ঘূৰিলে। কেইবাটাও কাম কৰিলে। কিন্তু চব এৰিলে। … কাম কিছুমান আমি চিন্তা কৰি উলিয়াই ল’ব লাগিব।
আকাশ : এই শ্বপিং মলবোৰত ডাঙৰ কষ্টিউম পিন্ধি নাচি থাকে যে – মিকি মাউচ বা ছাণ্টা ক্ল’জ! তেনেকুৱা কিবাও কৰিব পাৰে। অলপ জমনি লাগিব!
উদ্দীপ্ত : হিঃহিঃ মজা লাগিব! আচলতে সি সেইবিলাক উপায় নাপাই কৰে। কিন্তু মনে মনে বেয়া খং উঠি থাকে। ৰাতি আহি লক্ষী দাইকে গালি পাৰে।
সমীৰ : লক্ষী দাই মানুহটো কিন্তু একদম কুল থাকে। বিতুক লৈ অলপ টেনছন নোহোৱা নহয়। কিন্তু তাক ইমান গালি-চালি নাপাৰে। উল্টা বিতুৱেহে তেওঁক কামুৰি থাকে। … ফাইনেলি তাৰ একো কামেই ঠিক নোহোৱা দেখি লক্ষী দাই নিজৰ ধাবাতে যেনে তেনে লাগি থাক বুলি কামত ৰাখিলে। ধাবালৈ অহা মানুহবোৰৰ লগত তাৰ কথা-বতৰাবোৰ বৈদ্য জমনি হ’ব। আৰু তাৰ হিন্দীটো মানে একদম সাঙ্ঘাতিক। মানুহে হাঁহি হাঁহি বাগৰি যাব লাগিব।
ৰাকেশ : চিনেমাখন বাই-লিংগুৱেল হ’ব নেকি? দিল্লীত হ’লেতো হিন্দী বহুত থাকিব।
সমীৰ : বাই-লিংগুৱেল ঠিক নহয়। অসমীয়াই হ’ব। কিন্তু মাজে মাজে অকমান অকমান হিন্দী থাকিব। ষ্ট’ৰিটো দিল্লীৰ যেতিয়া চব অসমীয়া হ’লে আর্টিফিচিয়েল লাগিব। আৰু এনেইও চিনেমাত লেংগুৱেজ বেৰিয়াৰটো আমি অলপ ইগন’ৰ কৰিব লাগে!
উদ্দীপ্ত : হিন্দী চিনেমাত দেখোন গোটেইখন পাঞ্জাবী ভৰি থাকে। ইংলিছ কিমান ইউজ কৰে।
ৰাকেশ : নহয়, অন্য কথা একো নাই। আর্টিষ্ট তুমি তেনেকুৱা ল’ব লাগিব। আমাৰ অসমীয়া আর্টিষ্টক হিন্দী কোৱালে বেয়া লাগিব। দুখনমানত দেখিছো নহয় – হিন্দী, ইংলিছ ক’বলৈ গৈ যিহে প্রনা’নচিয়েচন! ইফালে বাহিৰৰ আর্টিষ্ট ল’লে খৰছটো অকমান বেছি হৈ যায়। কি লেভেলৰ আর্টিষ্ট লাগিব, কিমান ছিন থাকিব সেইটোও এটা কথা!
আকাশ : ও ঠিকেই কৈছা! কিন্তু এইটো ষ্ট’ৰিত ইমান হিন্দী স্পিকিং আর্টিষ্ট নালাগে।
সমীৰ : মেইন কেৰেক্টাৰ গোটেইকেইটা অসমীয়া। মাত্র সেই ৰাস্তাত লগ পোৱা, ধাবাত লগ পোৱা তেনেকুৱা সৰু সৰু কেৰেক্টাৰ কিছুমান হিন্দী স্পিকিং হ’ব। আই থিংক, সেইটো মেনেজ হ’ব। কোনোবা চিনাকি লগৰ ল’ৰা-ছোৱালীও হ’ব পাৰে।
ৰাকেশ : অ’কে! নেক্সট কোৱা। মই বৰ বেছি টাইম দিব নোৱাৰিম! মানে মোৰ ৰিলেটিভ এজনক নিজামুদ্দিন ষ্টেচনৰপৰা পিক কৰিব লাগিব!
সমীৰ : নাই, ফটা-ফট ব্রিফলি ক’ম! বাকী মই ছিন’পছিছ, মানে ড্রাফট ষ্ট’ৰিলাইন এটা বনাই থৈছো। তোমাক মেইল কৰি দিম।
ৰাকেশ : ডেটছ গ্রেট! তেতিয়া হ’লে এটা কাম কৰো! তোমালোক ফ্রি আছা যদি ব’লা – মই ষ্টেচনলৈ যাম – তোমালোকে মোক গাড়ীত ষ্ট’ৰিটো কৈ যাবা। অঁ কিন্তু ঘূৰি আহোতে নিজে আহিব লাগিব!
আকাশ : একো নাই। বিন্দাছ! … দিনটো আজি ৰুমতে সোমাই আছো!
ৰাকেশ : ডেন লেটছ গ’…
উদ্দীপ্ত : ব’লা। আমিতো এনেকৈয়ে যাম।
আকাশ : ব’ল ব’ল। দেৰি কৰি লাভ নাই। সমীৰ, দুৱাৰ বন্ধ কৰি চাবিটো লৈ আহ।
ৰাকেশ : ছিৰিবোৰ বৰ ঠেক দেই।
আকাশ : এই দিল্লীৰ মানুহবোৰে ঘৰবোৰ অকল ভাড়া দিবৰ কাৰণে বনায়। বাকচৰ নিচিনা ঘৰবিলাক বনাইছে!
উদ্দীপ্ত : কেতিয়াবা অকমান ডাঙৰ ভূমিকম্প আহিলে, কি হ’ব ভগৱানে জানে!
সমীৰ : আমাৰ চিনেমাত বিতুৱে এইবিলাক কথা কৈ থাকে। দিল্লীখনক লৈ সি যি-তি কমেণ্ট কৰি থাকে। … কোনখন গাড়ী?
ৰাকেশ : এইফালে … বহি লোৱা…
আকাশ : নাইচ কাৰ মেন!
ৰাকেশ : থেঙ্কছ ব্র’! … হ’ল? … লেটছ মুভ!
উদ্দীপ্ত : ব’লা ব’লা!
ৰাকেশ : থেংক গড্‌! ৰাষ্টাত জাম দেখা নাই!
সমীৰ : তাৰ মানে আমাৰ হাতত সময় কম আছে!
ৰাকেশ : হাঃ হাঃ … একো নাই কোৱা। মোৰ শুনি ভাল লাগিছিল।
সমীৰ : অ’কে। বিতুৱে মানে দিল্লীৰ বিষয়ে যি-তি কথা কৈ থাকে। মানে এইবোৰত আমি চিটিখনৰ ভিছুৱেলছবিলাক দেখুৱাম। এই তোমাৰ ঘৰবিলাকৰ কনষ্ট্রাকচন, ইটোৰ লগত সিটো লাগি থকা ষ্ট্রাকচাৰবিলাক। … সৰোজিনী, কমলা নগৰ, দিল্লী হাট। … পুৰাণী দিল্লী … এইচব সি মাজে মাজে লক্ষী দাইৰ লগত বা পিছত অকলে অকলে এক্সপ্ল’ৰ কৰি ফুৰে। অসমৰ অ’ডিয়েন্সে চাই ভাল পাব। অকমান নতুন জেগা দেখিবতো!
উদ্দীপ্ত : সি সেই পুৰণি কিল্লাত গৈ চিঞৰে বুজিছা! মাতটো ইক’ হ’লে সি বৰ ফূর্তি পায়!
ৰাকেশ : ও… ছাউণ্ড! ভেৰি ইম্প’ৰটেণ্ট! ছাৰাউণ্ড ছাউণ্ড – ড’লবি! বহুত খৰছ কিন্তু! পিছে আজিকালি গোটেই গেমটো প’ষ্ট প্র’ডাকচনত না! ইফালে ভাল হাই লেভেল ভি এফেক্সে গোটেই প্র’ডাকচন ভেল্যুটো বঢ়াই দিয়ে! আৰু আল্টিমেটলি যো দিখতা হেই ৱহী বিকতা হেই!
সমীৰ : আমাৰ ষ্ট’ৰিটোত ইমান ভি এফেক্সৰ ৰিকুৱাইৰমেণ্ট নাই। আমি লিমিটেচনবিলাক ভাবিয়েই ষ্ট’ৰিটো ডেভেলপ কৰিছো।
আকাশ : হ’ব, নেক্সটখিনি ক। নিজামুদ্দিন পাবলৈ বেছি টাইম নাই।
সমীৰ : অঁ… এদিন লক্ষী দাইৰ ধাবাখনলৈ মানুহ এজন আহিল। দিল্লী পুলিচৰ ইন্সপেক্টৰ বা মজলীয়া ৰেংকৰ অফিচাৰ। অসমীয়া মানুহ। দিল্লী ইউনিভার্ছিটিৰ এক্স ষ্টুডেণ্ট। লক্ষী দাইক আগৰেপৰাই চিনি পায়। কেতিয়াবা সেইফালে আহিলে তাতে বহি আড্ডা মাৰে।… এইবাৰ আহোতে তেওঁ বিতুক দেখা পালে আৰু লক্ষী দাইৰপৰা গম পালে যে সিও অসমৰ। লক্ষী দাইৰ লগত কথা পাতি পুলিচজন, মানে ছাপ’জ মিঃ প্রদীপ আগৰৱালা …
ৰাকেশ : এক ছেকেণ্ড! মিঃ আগৰৱালা হ’লে কেনেকৈ অসমীয়া?
সমীৰ : জ্যোতিপ্রসাদ আগৰৱালা … প্রথম অসমীয়া ফিল্মমেকাৰ! অসমীয়া গান-নাটক বহুত লিখিলে! এতিয়া অসমীয়া বুলি ক’বা নে অসমীয়া নহয় বুলি ক’বা?
আকাশ : সেইটোও এটা ডিবেট!
ৰাকেশ : অ’কে গট ইট! … কেৰি অ’ন…
সমীৰ : এই প্রদীপ আগৰৱালাই বিতুক নিজৰ লগত লৈ যায়। তেওঁৰ ঘৰতে ৰাখে। বিতুৱে ফার্নিচাৰৰ কাম কৰিছিল বুলি জানি তেওঁ নতুনকৈ বনাই থকা তেওঁলোকৰ থানাৰ ঘৰ এটাৰ কামতো তাক লগাই দিয়ে। বিতুৰ কাম ভাল পাই ঠিকাদাৰে বিতুক আৰু কাম দিবলৈ ধৰে। আৰু খুব কম দিনতে সি ভালকৈ… মানে ৰেগুলাৰ পইচা ইনকাম কৰিবলৈ ধৰিলে। সি পুলিচজন মানে প্রদীপৰ ঘৰৰ কামো দুই-এটা কৰি দিয়ে। আনকি তাৰ প্রদীপৰ থানাৰ চিপাহীবোৰৰ লগতো দোস্তি হয়। মাজে মাজে সি লক্ষী দাইৰ তালৈও যায়। তাৰ লাইফটো দিল্লীত স্মুথ হ’বলৈ ধৰে।
উদ্দীপ্ত : ৰ’বা এটা কথা থাকি গৈছে। পুলিচজন মানে প্রদীপৰ ঘৈণীয়েকো অসমৰ। তেওঁ দিল্লী ইউনিভার্ছিটিৰে কলেজ এখনৰ লেকচাৰাৰ! আৰু বিতুৰ মতে প্রদীপৰ ঘৈণীয়েক তাৰ কোনোবা দূৰ সম্পর্কৰ বায়েকেই হয়। যদিও কথাটো সিহঁতে বৰ বিশ্বাস নকৰে, তথাপি তাৰ ছিমপ্লিচিটিৰ কাৰণে প্রদীপ আৰু তেওঁৰ ৱাইফ ৰশ্মিয়ে বিতুক খুব মৰম কৰে। বিতুৱে তেওঁলোকক বাইদেউ আৰু ভিনিহি বুলি মাতিবলৈ ধৰে।
সমীৰ : প্রদীপ আৰু ৰশ্মিৰ কোনো ল’ৰা-ছোৱালী নাই। দুয়োৰে লাভ মেৰিজ! প্রদীপে ৰশ্মিক বহুত ভাল পায়। কিন্তু সি মানুহটো ইমান এক্সপ্রেছিভ নহয়। তাতে পুলিচত চাকৰি কৰে। খুব কম কথা কয়। মানুহটো কেতিয়াবা ভাল মুডত আছে নে বেয়া মুডত আছে দেখিলে ধৰিব নোৱাৰি। ৰশ্মি কথাই-বতৰাই খুব ফ্রেংক। বিতুৰ লগত খুব হাঁহি-ধেমালি কৰি কথা পাতে। তাক গাঁৱৰ কথা সোধে। সি খুব উৎসাহেৰে কয়।
উদ্দীপ্ত : আৰু এইবোৰৰ লগে লগে বিতুৰ কিন্তু বিজনেছ প্লেনবিলাক চলি থাকে। … তাৰ মাথাত এনি টাইম কিবাকিবি আইডিয়া আহি থাকে আৰু সেইবিলাক সি লক্ষী দাই, প্রদীপ বা ৰশ্মিৰ আগত মাজে মাজে কৈ থাকে ।
সমীৰ : যেনে ধৰা – সৰোজিনীৰপৰা কাপোৰ কিনি নি অসমত বেচিলে কিমান লাভ হ’ব। বিয়াৰ জোৰোণ, মান ধৰা এইবিলাক কামৰ কাৰণে লগা কাপোৰ গাঁৱত ছাপ্লাই দিব পাৰিলে কিমান লাভ হ’ব, সেইটো অংক কৰে। ইণ্ডিয়া গেটৰ ওচৰৰ ফিল্ডখনত ভ্রাম্যমাণ থিয়েটাৰ পাতিলে কিমান মানুহ গোট খাব, ছিজন টিকেট কিমান টকাৰ ৰাখিলে লাভ হ’ব – এনেকুৱা কথাবিলাক সি চিন্তা কৰি থাকে।
উদ্দীপ্ত : ফিলাৰ আৰু এইবিলাক!
ৰাকেশ : অ’কে গায়জ! ষ্টেচন পালোহি। … কিন্তু ট্রেইন অকমান লেট আছে। ছ’ ফটাফট কোৱা ক্লাইমেক্স কি হ’ব? বাকী মই বুজি পাইছো!
সমীৰ : বাহিৰত নামি লওঁ!
আকাশ : ইয়াতে ৰখোৱা। ভিৰ কম। … বচ বচ। … সমীৰ নাম!
ৰাকেশ : অ’কে! সমীৰ, ক্লাইমেক্স?
সমীৰ : বিতুৰ লাইফ চলি আছে। প্রদীপ আৰু ৰশ্মিৰ ফেমিলিৰ লগত তাৰ বৰ ধুনীয়া ৰিলেচন এটা হ’ল। প্রদীপক সি ভগৱান দেখা দি দেখে। তাৰ মতে ভিনিহি আৰু লক্ষী দাই যেতিয়ালৈকে পৃথিৱীত আছে তাৰ একো চিন্তা নাই। তেনেকুৱাতে ঘটনাটো ঘটে।… এই যে কৈছিলো, প্রদীপ আৰু ৰশ্মিৰ ল’ৰা-ছোৱালী নাই, … এইটোক লৈ ৰশ্মিয়ে একো নক’লেও প্রদীপৰ নিজৰ এটা কমপ্লেক্স আছে। আৰু মানুহটোৱে বেছি কথা-বতৰা নকয়। কিন্তু মানুহটো ৰশ্মিক লৈ বহুত পছেছিভ। অৱশ্যে ঘৈণীয়েকক যে খুব ভাল পায় তাত কোনো সন্দেহ নাই। আৰু এদিন হঠাতে ৰশ্মিৰ মার্ডাৰ হয়!
ৰাকেশ : অ’হ!
সমীৰ : পুলিচে ইনকুৱাৰি আৰম্ভ কৰিছে। কিন্তু একো ক্লু পোৱা নাই।
ৰাকেশ : কোনে কৰিলে?
সমীৰ : হাজবেণ্ড প্রদীপে।
ৰাকেশ : হোৱাট! কিন্তু কিয়?
সমীৰ : ৰশ্মিৰ কোনোবা বেলেগৰ লগত এফেয়াৰ আছিল। প্রদীপে আগতে জনা নাছিল। আৰু এদিন হঠাৎ যেতিয়া কথাটো আৱিষ্কাৰ কৰিলে খঙৰ ভমকত তেওঁ ৰশ্মিক মাৰি পেলালে। এইখিনিৰপৰা ফিল্মৰ একটিভিটিজখিনি পূৰা ফাষ্ট হ’ব!
ৰাকেশ : ইনভেষ্টিগেচন কি হ’ব? … অ’ডিয়েন্সে গম পাব নে নাই?
উদ্দীপ্ত : অ’ডিয়েন্সে গম পাব। কিন্তু বেলেগ কেৰেক্টাৰবিলাকে নাজানিব – এক্সচেপ্ট বিতু!
সমীৰ : প্রদীপে ৰশ্মিক হত্যা কৰাৰ সাক্ষী আছিল বিতু। প্রদীপে অৱশ্যে তাক দেখা নাছিল। কিন্তু ইনভেষ্টিগেচন আৰম্ভ হোৱাৰ পাচত ছিটুৱেচনবিলাক মেটচ্‌ কৰি চাই প্রদীপে ৰিয়েলাইজ কৰে যে বিতু নিশ্চিতভাৱে সেই সময়ত ঘৰত আছিল আৰু সি আচল ঘটনাটো গম পাইছে। এতিয়া প্রদীপে কি কৰিব? আৰু বিতুৱে কি কৰিব?
ৰাকেশ : আচ্ছা… নেক্সট?
সমীৰ : বিতুৱে সি কি কৰা উচিত ভাবি নাপায়! সি পুলিচক গৈ সঁচা কথা ক’ব আৰু তাক ইমান সহায় কৰা, ভগৱান জ্ঞান কৰা প্রদীপক শাস্তি দিয়াব নে সি মনে মনে থাকিব! কিন্তু প্রদীপে যদি গম পায় যে বিতু হত্যাকাণ্ডটোৰ সাক্ষী, তেতিয়া তাক জানো শুদাই এৰিব? বিতু ধর্ম-সংকটত পৰে!
ৰাকেশ : ইণ্টাৰেষ্টিং! … আই এম ইন! ভাল লাগিব!
আকাশ : ছিউৰ নে? … থেংকছ ভাই!
উদ্দীপ্ত : এঃ পার্টি তেতিয়া হ’লে!
ৰাকেশ : পার্টি কৰিমেই। পিছে লাষ্টত কি হ’ল সেইটো কোৱা…
সমীৰ : আল্টিমেটলি বিতুৱে দিল্লী এৰি পলাই যোৱাৰ সিদ্ধান্ত লয়! ইফালে প্রদীপে বিতুক বিচাৰি চলাথ কৰে। তেওঁ ভাবে যে বিতুৱে নিশ্চয় কথাটো কাৰোবাক কৈছে বা ক’ব। বিতু দিল্লীৰপৰা অন্তর্ধান আৰু বিতুৰ সন্ধানত প্রদীপৰ খেদাখেদি। ইফালে বিতুৰ খবৰ নাপাই লক্ষী দাই চিন্তিত! বাকী পুলিচৰ হাতত একো ক্লু নাই। … শেষত দিল্লীৰ আশে-পাশে এখন সৰু চহৰত প্রদীপে বিতুক বিচাৰি পায়। বিতুৱে পলাবলৈ যত্ন কৰে । চেজিং… শেষত অন্ধকাৰ গলি এটাত বিতু আৰু প্রদীপ মুখামুখি। প্রদীপে বিতুলৈ পিষ্টল টোঁৱাই আছে …
ৰাকেশ : গ্রেট! তাৰ পিছত?
সমীৰ : তাৰ পিছতে মইও লাগি ধৰি আছো! … ভাবিছো তাতে শেষ কৰি দিওঁ! অ’পেন-এণ্ডেড… বিতুৰ হাততো ৰড এডাল দি দিওঁ নেকি? কোনে কাক মাৰিব? মাৰিব নে নামাৰিব তেনেকুৱা প্রশ্ন এটাত শেষ কৰি দিওঁ!
আকাশ : ধেৎ! তেনেকৈ নহ’ব! তই কালি মোক এটা এণ্ডিং কৈছিলি দেখোন?
সমীৰ : সেইটো এণ্ডিঙত ময়ে কনভিন্সড হোৱা নাই। অ’ডিয়েন্সক কেনেকৈ কনভিন্স কৰিম?
ৰাকেশ : এই অডিয়েন্স এনেও মূর্খ! কেতিয়া কি ভাল পায় একো ভৰসা নাই!
উদ্দীপ্ত : তেনেকৈ নক’বা বে! আমি তেনেকৈ ভাবো কাৰণে আচলতে আমিহে মূর্খ!
ৰাকেশ : যি নহওক এণ্ডিং এটাতো লাগিব! … তোমালোকে ভাবা। আই এম ছিউৰ, এইখিনি কথা ধুনীয়াকৈ ভাবিছা যেতিয়া বঢ়িয়া এণ্ডিং এটাও উলিয়াব পাৰিবা!… কিন্তু মোৰ ক’বলগীয়া দুটা মেইন কথা আছে।
সমীৰ : কোৱা!
ৰাকেশ : ষ্ট’ৰিটোত প্রথম গানটো বাদ দি ক’তো গান নাই আৰু … ক’ৰবাত অলপ প্রেমতো লাগে!
সমীৰ : শ্বিট মেন! পাহৰি গ’লো! … গান আৰু প্রেম দুইটাই আছে।
আকাশ : চা, তই মেইন বস্তু এৰি থৈয়ে গ’লি।
ৰাকেশ : কোৱা কোৱা… ট্রেইন আহি পাবৰ হ’ল!
সমীৰ : বিতু যেতিয়া, দিল্লীলৈ বুলি গুৱাহাটীত ট্রেইনত উঠিছিল তেতিয়াই সি উঠা কম্পার্টমেণ্টটোত ছোৱালী এজনী উঠিছিল। আৰু সি ৰাস্তাত মাজে মাজে লুকাই-চুৰকৈ ছোৱালীজনী চাই আহিছিল। সি তাইৰ লগত একো কথা পতা নাছিল যদিও, মনে মনে, ছোৱালীজনীয়ে বাহিৰলৈ চাই বহি থকাৰ স্কেচ্ছ এটা সি ট্রেইনত চিঙৰা খোৱা কাগজ এখনত আঁকি পেলাইছিল। একদম পাৰফেক্ট নহ’লেও সি ছোৱালীজনীৰ মোটামুটি স্কেচ্ছ এটা আঁকিছিল। পিছে দিল্লীত নমাৰ পাছত ছোৱালীজনী কেনি গ’ল সি একো ধৰিবই নোৱাৰিলে। পাছত দিল্লীত থাকোতে সি অকলশৰীয়া সময়ত মাজে মাজে সেই স্কেচ্ছ অঁকা কাগজখন উলিয়াই চায়। আৰু এইটোত আমি ধুনীয়াকৈ তাৰ মাইল্ড গান এটা মাজে মাজে ইউজ কৰিব পাৰিম।
ৰাকেশ : বঢ়িয়া লাগিব।
উদ্দীপ্ত : আৰু এটা বস্তু আছে। সি যিখিনি ঠাইত থাকে, তাৰপৰা ওলাই যোৱা গলিটোৰ ওপৰৰ মহলাৰ ঘৰ এটাৰ বাৰাণ্ডাত সি প্রায়ে অসমীয়া গামোচা এখন মেলি থোৱা দেখে। সি সদায় সেইফালে চায় কিন্তু কেতিয়াও মানুহ নেদেখে! কিন্তু ক্লাইমেক্সৰ টাইমত সি যেতিয়া দিল্লী এৰি পলাবলৈ বুলি একেবাৰে ওলাই যায় সেইদিনা সি সেই বাৰাণ্ডাখনত ট্রেইনত দেখা ছোৱালীজনী থিয় হৈ থাকে।
সমীৰ : ছোৱালীজনীয়ে তাক নেদেখে। কিন্তু বিতুৱে তাইক দেখি এক মুহূর্ত ৰৈ যায়। তাৰ পিছত সি গুচি যায়… পিছলৈ ঘূৰি ঘূৰি চাই যায়! … অ’ডিয়েন্সক অকমান মিহি মিহি বিষ এটা দিব নে?
ৰাকেশ : এঃ বঢ়িয়া! ফালি দিছা! … কিন্তু তুমি এণ্ডিংটো কিবা এটা ঠিক কৰা। … পাৰিলে বিতুক মৰাই নিদিবা! ট্রেজিক এণ্ডিং ৰিস্কি হৈ যায়! … আৰু প্রথমখন চিনেমাতে মোৰ মৰিবলৈ মন নাই।
সমীৰ : মানে?
ৰাকেশ : বিতুৰ ৰ’লটো মই কৰিম যেতিয়া বিতু মৰিলে মই মৰা দিয়াচোন। তাতে মোৰ ঘৰত মতা নামো ‘বিতু’!
উদ্দীপ্ত : তুমি? … এক্টিং?
ৰাকেশ : অঁতো! নিজে এক্টিং কৰিম কাৰণেইতো ইমানদিনে ভাল ষ্ট’ৰি বিচাৰি আছো! নহ’লেতো মই ইমানদিনে তিনিখনমান চিনেমা প্রডিউচ কৰি দিলোহেঁতেন!
আকাশ : কিন্তু…
সমীৰ : আমি মানে…
ৰাকেশ : অ’ই ট্রেইন আহিলে। … তোমালোকে এণ্ডিং ফাইনেল কৰা। বাকী মই চব চম্ভালি ল’ম। চিন্তা নাই… অ’কে। বাকী ফোনত কথা পাতিম দিয়া… বাই…
আকাশ : বাই…
উদ্দীপ্ত : কেনাই!
সমীৰ : আকাশ, তই গম পাইছিলি নে ই এক্টিং কৰিব বুলি?
আকাশ : নাজানো বে মই!
উদ্দীপ্ত : … কৰি দিয়া নহ’লে! প্রডিউচাৰ পোৱাটো বৰ টান!
সমীৰ : ধুৰ! আপুনি ক’লেই হ’ল নেকি! কেৰেক্টাৰটোৰ কাৰণে আপুনি ফিট! ই মক্কেলৰ পইচাকেইটা বাদ দি কি আছে বে? ছাল্লা সি মোক আর্ট ফিল্ম বুজাবলৈ আহে! প্রডাকচ’ন ভেল্যুৰ কথা কয়! কেনাই সি জ্যোতিপ্রসাদৰ নাম নাজানে! অ’ডিয়েন্সক মূর্খ বুলি কয়… অকল প্রডিউচাৰ হ’ব বুলিহে ধৈর্য ধৰি আছিলো। নহ’লে তাক মই মাজতে পিটিলোহেতেঁন!
আকাশ : এঃ হ’ব ৰহ!… কি ডিচিছন ল’ম এতিয়া?
সমীৰ : ডিচিছন হৈ গ’ল! নকৰো চিনেমা এই মূর্খৰ লগত! আব্বে কয় কি সি? তাৰ ঘৰত মতা নাম বিতু! কেনাই, যেতিয়াই যাৰে লগত নকৰো কিন্তু মই হিৰ’ৰ নাম বিতু নাৰাখো!
উদ্দীপ্ত : হিঃ হিঃ… তেতিয়াহ’লে কি নাম ৰাখিবা?
সমীৰ : এঃ যি-তি দি দিম! … টংক দি দিম চাল্লা! টংক নেওগ!
আকাশ : টংক বে! নাম শুন!
সমীৰ : তই মাতি অনা এই মক্কেলটোতকৈ ভাল! য়েছ! টংক – মোৰ হিৰ’! উদ্দীপ্ত দা, আপুনি আজিৰপৰা টংক!
উদ্দীপ্ত : হাঃ হাঃ ভাল ভাল…
আকাশ : তবে এতিয়া কি কৰ? … এটা কাম কৰো… নিজামুদ্দিন দৰগাহ যাওঁ ব’ল! কাৱালী শুনিম!
সমীৰ : ব’ল ব’ল! … আৰু বাই দা ৱে, মই তাক ষ্ট’ৰিৰ আচল হুক পইণ্টটো নক’লো!
আকাশ : কি?
সমীৰ : অঁ বে, কাইলৈ চিনেমা নকৰিলে, সি যে ষ্ট’ৰিটো মাৰি নিদিব তাৰ কি গেৰাণ্টি আছে? ব’ল ৰাস্তাত কৈ আছো!
আকাশ : আমাকো কোৱা নাই বে! … ধুৎ কেনাই!

*************

(শান্তনু ৰৌমূৰীয়াৰ গল্পৰ লগত- লেখক হিচাপে সমাদৃত তেজপুৰ কেন্দ্রীয় মহাবিদ্যালয়ৰ পৰা গণসংযোগ আৰু সাংবাদিকতা-ৰ স্নাতকোত্তৰ শান্তনু ৰৌমূৰীয়া পেচাত Indian Information Service ৰ এজন বিষয়া। তেঁওৰ বিভিন্ন গল্প, নিবন্ধ অসমৰ আগশাৰীৰ কাকত- আলোচনী সাদিন, প্রতিদিন, আমাৰ অসম, সাতসৰী, মায়া ইত্যাদিত প্রকাশ হৈছে। ‘দূৰদর্শন এটি যন্ত্র‘ চলচ্চিত্র আৰু ‘1:every1’, ‘আবেলি’ ভিচিডি আৰু ‘Final Jump’ – চুটি চলচ্চিত্রৰ চিত্রনাট্য ৰচনা কৰাৰ উপৰি অসমীয়া গীতৰ এলবাম ‘টোপ টোপ’, ‘কাঞ্চন জঙ্ঘা’, ‘চিফুং’ ইত্যাদিত গীতিকাৰ ৰূপে আত্মপ্রকাশ কৰিছে।)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *