বিশ্বাস-অবিশ্বাস

ধৰ্মীয় পুনৰুত্থানবাদীৰ চক্ৰবেহুত বিজ্ঞানী হকিং (কমল নয়ন মিশ্র)

বিশ্ববন্দিত তাত্ত্বিক পদাৰ্থবিদ, অধ্যাপক ষ্টিফেন হকিং কেৱল এগৰাকী নিৰলস, ধ্যানমগ্ন বিজ্ঞানীয়েই নাছিল। তেওঁৰ বৈজ্ঞানিক প্ৰজ্ঞাৰ ভিত্তি এক গভীৰ, প্ৰশস্ত দাৰ্শনিক উপলব্ধি, যাৰ কেন্দ্ৰবিন্দুত জাতি, ধৰ্ম আৰু ৰাষ্ট্ৰৰ ঊৰ্ধত থকা মানৱসত্তাৰ প্ৰতি প্ৰগলভ আস্থা আৰু  বিশ্বাস। কেৱল বেদ, কোৰান অথবা বাইবেলৰ মাজত সৃষ্টি ৰহস্যৰ অন্বেষণ কৰাসকলে হকিঙৰ বিজ্ঞান দৰ্শনৰ এনে বিশ্বজনীন তাৎপৰ্যক উপলব্ধি কৰিব নোৱৰাটোৱেই স্বাভাৱিক। হকিঙৰ বিজ্ঞান সাধনাৰ এই দিশটোৰ বিষয়ে অনুধাৱন কৰিবলৈ আমি নিশ্চয় তাত্ত্বিক পদাৰ্থবিজ্ঞানলৈ তেওঁৰ অৱদানৰ বিষয়ে যৎকিঞ্চিত অৱগত হ’ব লাগিব। তেওঁ মহাবিশ্বৰ বিশালাকায় বস্তুসমূহ, যেনে উপগ্ৰহ, গ্ৰহ, নক্ষত্ৰ, তাৰকাৰাজ্য আদিৰ গতি-প্ৰকৃতিক মাধ্যাকৰ্ষণ বলৰ আধাৰত ব্যাখ্যা কৰা আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ আৰু ইলেকট্ৰন, প্ৰট’ন আদিৰ ক্ষুদ্ৰতম কণিকা-জগতৰ ধৰ্মক ব্যাখ্যা কৰা কোৱান্টাম বিদ্যাৰ মাজত ঐক্য সাধনেৰে কৃষ্ণ গহ্বৰৰ বিষয়ে গৱেষণা আৰম্ভ কৰিলে। সূৰ্যতকৈ বহু বিশাল ভৰৰ তৰা একোটা ইয়াৰ জীৱনৰ অন্তিম পৰ্যায়ত হয় নিউট্ৰন তৰাত পৰিণত হয় অথবা ভয়াৱহভাৱে বিস্ফোৰিত হৈ অসীম ঘনত্ব আৰু মাধ্যাকৰ্ষণ শক্তিযুক্ত একোটা কৃষ্ণ গহ্বৰলৈ ৰূপান্তৰিত হয়। মাধ্যাকৰ্ষণ শক্তিৰ প্ৰাবল্য ইমানেই বেছি যে কৃষ্ণ গহবৰৰপৰা আনকি পোহৰো ওলাই আহিব নোৱাৰে, সেয়েহে কৃষ্ণ গহ্বৰৰ ভিতৰত থকা পদাৰ্থৰ কোৱান্টাম অৱস্থাৰ বিষয়ে জনাটো অসম্ভৱ হৈ পৰে। কিন্তু ষ্টিফেন হকিঙে তাপগতি বিজ্ঞানৰ আধাৰত দেখুৱালে যে কৃষ্ণ গহবৰৰ বৰ্ধিত এনট্ৰ’পিৰ কাৰণেই ই তাপশক্তিৰ বিকিৰণ কৰিবলৈ বাধ্য, এনে বিকিৰণৰ ফলতেই ক্ষুদ্ৰ একোটা কৃষ্ণ গহ্বৰ বাষ্পীভূত হৈ মহাবিশ্বত বিলীন হৈ পৰাটোও সম্ভৱ। এই বিকিৰণৰ তত্ত্বই Hawking Radiation নামেৰে প্ৰখ্যাত হৈ পৰে। হকিঙৰ গৱেষণাই এয়াও প্ৰমাণ কৰিলে যে কৃষ্ণ গহ্বৰৰ singularity বা একলীয়তাৰ তাত্ত্বিক ব্যাখ্যা দিয়াটো যিদৰে সম্ভৱ, একেদৰে সৃষ্টিৰ আদিতেই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড একেটা বিন্দুতে থূপ খাই অসীম ঘনত্বৰ singularity সৃষ্টি কৰাটোও সম্ভৱ। অৰ্থাৎ হকিঙৰ গৱেষণাই মহাবিশ্ব সৃষ্টিৰ বিগ বেং বা মহানাদৰ তত্ত্বকো এক নতুন মাত্ৰা প্ৰদান কৰিলে। সৃষ্টি-ৰহস্য উন্মোচনৰ তাড়নাই অসাধাৰণ জীৱনী শক্তি প্ৰদান কৰা বিজ্ঞানীজনক আজীৱন পংগুত্ব তথা মৃত্যুমুখী জীৱনযুদ্ধইও টলাব নোৱাৰিলে। কাৰণ, মৃত্যুৰ পিছত স্বৰ্গ কিম্বা নৰকলৈ যাত্ৰাৰ চিন্তাৰে ভাৰাক্ৰান্ত নাছিল হকিঙৰ মন। তেওঁ বুজি উঠিছিল প্ৰকৃতিয়ে মানৱ জাতিক প্ৰদান কৰা সেই অমোঘ শক্তি, যাৰ বলত মানুহেই উন্মোচন কৰিবলৈ সক্ষম মহাবিশ্বৰ অলেখ অজানা ৰহস্যক।

ষ্টিফেন হকিঙৰ দেহাৱসানৰ লগে লগে তেওঁৰ জীৱন সংগ্ৰাম, সাধনা, দৰ্শন তথা তেওঁ গঢ় দি যোৱা তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ ভেটিক সুঁৱৰি অনেকেই তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰিছে, শোকত ম্ৰিয়মাণ হৈছে। সুখৰ কথা যে তেওঁৰ জীৱনকালত নহ’লেও মৃত্যুৰ পিছতেই যেনিবা তেওঁৰ অৱদানৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে সাধাৰণ লোকৰ মাজত। কিন্তু এচাম সাধু, মহাপুৰুষৰ আৱিৰ্ভাৱ ঘটিছে হঠাৎ, যিসকলে বেদ-উপনিষদত থকা প্ৰাচীন ভাৰতীয় বিজ্ঞানৰ উদ্ধৃতিৰে হকিঙক নাকচ বা হকিং বিনিৰ্মাণৰ মহাযজ্ঞ আৰম্ভ কৰিছে। তেৰাসৱৰ মনোভাব এনেকুৱা যে হকিংনো কোন, মহানাদ কৃষ্ণ গহ্বৰৰ তত্ত্ব বহুযুগ আগতেই ভাৰতীয় ঋষিমুনিয়ে জানিছিল, গতিকে বোপাহঁত তোমালোকে হকিং বন্দনা ত্যাগ কৰা আৰু ভাৰতীয় ঐতিহ্য-পৰম্পৰাৰ বন্দনা আৰম্ভ কৰা। এই শিবিৰটোৱে অতীতলৈকে উভতি গৈ কেৱল অতীতৰ মণি-মুকুতাৰে ভৱিষ্যত গঢ়িব খোজে। মূল বেদ তথা বেদৰ ওপৰত ৰচিত বিখ্যাত গ্ৰন্থৰ অথবা প্ৰাকৃতিক বিজ্ঞানৰ পৰিচয়মূলক জ্ঞানাৰ্জনৰ প্ৰতি বিশেষ ধাউতি নাই যদিও ইন্টাৰনেটত উপলব্ধ কেতবোৰ তথ্য আৰু ইয়াৰ বিশ্লেষণৰ প্ৰতি এইসকলৰ গভীৰ আগ্ৰহ। অতীতৰ প্ৰতি মোহ আৰু অন্ধ আনুগত্য প্ৰকাশেৰে এইসকলে কিছুমান ‘জনপ্ৰিয়’ ধাৰণাক উপৰ্যুপৰি প্ৰচাৰ কৰে। যেনে, আধুনিক বিজ্ঞান বুলিবলৈ কি আছে, বেদ-উপনিষদতেই দেখোন সকলোখিনি পোৱা যায়! এনে জনপ্ৰিয় মতৰ প্ৰচাৰে এক শক্তিশালী মৌলবাদী ৰাজনীতিক সহায় কৰে, যি ৰাজনীতিয়ে ধৰ্ম, জাতি, সংস্কৃতি, ঐতিহ্য চেতনা আদি যিবোৰ প্ৰপঞ্চ একেটা সূত্ৰতে সংজ্ঞায়িত কৰাটো দুৰূহ বুলি বিবেচিত, তেনে প্ৰপঞ্চবোৰক নিজস্বভাৱে সংজ্ঞায়িত কৰি তাক বহল সমাজৰ ওপৰত জাপি দিয়ে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী এজনে বেদত আইনষ্টাইনৰ সমীকৰণতকৈ ওপৰৰ খাপৰ সমীকৰণ থকা কথাটোক হকিঙৰ দৰে বিজ্ঞানীয়ে স্বীকাৰ কৰি যোৱা বুলি দম্ভালি মাৰিছে, অথচ নিজৰ বক্তব্যৰ সমৰ্থনত তেওঁ কোনো নিৰ্ভৰযোগ্য তথ্য দাঙি ধৰিবলৈ সক্ষম নহ’ল। আনহাতে, একাংশ ইছলামিক ভাষ্যকাৰে কোৰানতেই সৃষ্টি ৰহস্য, কোৱান্টাম বলবিজ্ঞান আদি সকলো পোৱা যায় বুলি আস্ফালন কৰি আহিছে। ফলস্বৰূপে, বৈজ্ঞানিক তত্ত্ব আদি যেন পৰীক্ষাত নম্বৰ লাভ কৰিবলৈ মুখস্থ কৰিবলগীয়া ক্লাছনোটৰ শাৰীলৈ অধঃপতিত হৈ পৰিছে। বৈজ্ঞানিক জ্ঞানৰ দৰে মানৱ জাতিৰ এক উমৈহতীয়া সম্পদক ভাৰতীয় বিজ্ঞান, চীনা বিজ্ঞান, বিদেশী, স্বদেশী আদি অদ্ভুত বিভাজন কৰি বিজ্ঞানৰেই সৰ্বনাশ মাতি অনা হৈছে। হকিঙৰ অৱদানক নস্যাৎ কৰিব খোজা এচাম পুনৰুত্থানবাদীৰ মতে কৃষ্ণ গহ্বৰৰ দৰে সকলো বস্তুকে আকৰ্ষণ কৰি হজম কৰিব পৰা বস্তুৰ উল্লেখ হেনো উপনিষদৰ বিশ্বৰুচিৰ অৰ্থত নিহিত হৈ আছে, গতিকে হকিঙৰ তত্ত্বত কোনো নতুনত্ব নাই ।

কিন্তু ষ্টিফেন হকিং কৃষ্ণ গহ্বৰৰপৰা ওলোৱা কোৱান্টাম বিকিৰণৰ তত্ত্ব আৱিষ্কাৰৰদ্বাৰাহে বিখ্যাত হৈ পৰিছিল। কৃষ্ণ গহ্বৰৰ ধাৰণা আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। আপেক্ষিকতাবাদ নুবুজাকৈ উপনিষদৰ বিশ্বৰুচিৰ সহায়ত কৃষ্ণ গহ্বৰৰ আধুনিক ধাৰণাৰ বিষয়ে বুজিব পৰা যাব নে? কৃষ্ণ গহ্বৰ যে এটা বিশালাকায় তৰাৰ বিস্ফোৰণৰ পিছৰ পৰিণতি, কৃষ্ণ গহ্বৰৰপৰা যে শক্তিৰ বিকিৰণ সম্ভৱ, এই কথাটো আমি হকিং বা সমকালীন বিজ্ঞান নুবুজাকৈ কেৱল বেদ-উপনিষদ পঢ়ি কেনেকৈ গম পাম? হকিঙৰ উদযাপন মানে প্ৰাচীন ভাৰতীয় বিজ্ঞানক অৱজ্ঞা কৰা বুজাব নেকি? অকল ভাৰততেই নহয় প্ৰাচীন গ্ৰীচ, ইজিপ্ট, আৰবৰ দৰে ঠাইতো বৈজ্ঞানিক জ্ঞানৰ প্ৰভূত বিকাশ হৈছিল। সেই ইতিহাসক সাৰথি কৰি লৈ বহি থকাহেঁতেন আজিৰ মহাকাশ বিজ্ঞানৰ এই জয়যাত্ৰা সম্ভৱপৰ হ’লহেঁতেন নে? বিতৰ্কিত ধৰ্মীয় নেতা জাকিৰ নাইকৰ মতে ইংৰাজী কোৰান আৰু কোৱান্টাম শব্দ দুটিৰ মাজত হেনো কোনো প্ৰভেদ নাই। কিন্তু কোৰান বা যিকোনো ধৰ্মশাস্ত্ৰৰপৰা লাভ কৰা তাত্ত্বিক দিব্য জ্ঞানেৰে প্ৰট’ন কণিকাতকৈ দহ হেজাৰ গুণ ক্ষুদ্ৰ কোৱাৰ্ক অথবা একোটা ৰহস্যময় নিউট্ৰিন’ৰ দৰে কোৱান্টাম কণিকাৰ সম্ভেদ উলিয়াব পৰা যাবনে? বছৰ বছৰজোৰা পৰিশ্ৰম, অবিৰাম পৰীক্ষা-নিৰীক্ষাৰদ্বাৰা প্ৰতিষ্ঠিত বৈজ্ঞানিক সত্য এটি শাস্ত্ৰত বহু পূৰ্বতেই উপলব্ধ বুলি কোৱাসকল দৰাচলতে পৰীক্ষালব্ধ জ্ঞান অৰ্জনৰ প্ৰতি ব্যাকুল চিৰন্তন অভিযাত্ৰী মানৱসত্তাৰেই বিপৰীত মেৰুত, যিসকলৰ লক্ষ্য কেৱল আধিপত্য বিস্তাৰ আৰু মৌলবাদী ধৰ্মীয় ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা। আজিৰ বিজ্ঞানে আমাক মহানাদ তত্ত্বৰ কথা কৈছে বাবেই আমি প্ৰাচীন শাস্ত্ৰত মহানাদ শব্দৰ উল্লেখৰ কথা বুজিব বা জানিব পাৰিলোঁ। কিন্তু প্ৰাচীন শাস্ত্ৰৰ উল্লেখক লৈ লম্ফ-জম্ফ কৰি থকাসকলে মহানাদ যে সংঘটিত হৈছিল তাৰ প্ৰমাণ আজিৰ বৈজ্ঞানিক তথ্যৰ সহায় নোলোৱাকৈ কেনেকৈ দিব? সকলো ধৰ্মশাস্ত্ৰ আৰু জ্ঞানতত্ত্বত পৰমাত্মাৰূপী সৰ্বশক্তিমান ঈশ্বৰৰ অৱস্থিতিক স্বীকাৰ কৰি লোৱা হৈছে। অথচ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বৈজ্ঞানিক ব্যাখ্যা তথা বিৱৰ্তনৰ জৈৱৰাসায়নিক সাক্ষ্যসমূহে সৃষ্টিৰ আঁৰত এজন সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰিছে। এই বৈপৰীত্যক ইচ্ছা কৰিয়েই লুকুৱাই ৰখা হয়। অধ্যাপক হকিঙে তেওঁৰ শেষ জীৱনত এগৰাকী সৃষ্টিকৰ্তাৰ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰিছিল। ভাৰতৰ প্ৰাচীন শাস্ত্ৰৰ ওপৰত গৱেষণা কৰি তাত বিজ্ঞান বিচাৰি উলিওৱাৰ নামত আধুনিক পদাৰ্থবিজ্ঞান, জীৱবিজ্ঞানৰ গৱেষণাক পশ্চিমীয়া বিদেশী পৰম্পৰাৰ বিজ্ঞান বুলি উপহাস কৰাৰ এটা অশুভ পৰম্পৰা আৰম্ভ হৈছে। এনে উচ্চাত্মিকাবোধ আৰু তথাকথিত স্বাভিমান প্ৰকাশৰ ৰাজনীতিয়ে ব্যাধিৰ দৰে বিয়পি দেশৰ বিজ্ঞানৰ ভৱিষ্যতক সংকুচিত কৰি তুলিছে। ফলত, মৌলিক গৱেষণাৰ প্ৰতি সমৰ্পিত বিজ্ঞানীৰ পৰিৱৰ্তে বহুজাতিক নিগমৰ উচ্চ বেতনভোগী চাকৰিয়ালৰ সৃষ্টি হৈছে। বিৱৰ্তনবাদ আৰু ডাৰউইনৰ বিৰুদ্ধে থিয় দিয়া নানা বৰণৰ মৌলবাদীসকলেই হকিঙৰ অৱদানকো নস্যাৎ কৰিবলৈ আগ বাঢ়ি আহিল।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *