অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰষষ্ঠ সংখ্যা (দ্বিতীয় বছৰ)

ধৰ্ম আৰু নাৰী- (আৰহান ইনামূল)

মানৱীয় সভ্যতাৰ ইতিহাস অধ্যয়ণ কৰিলে আমি অনুভৱ কৰো যে সঁচাকৈয়ে সভ্যতাৰ বিকাশমুখী পথেৰে আমি বহুদূৰ আগুৱাই আহিলো । কিন্তু যেতিয়া চৌপাশে অদ্যপি বৰ্তি থকা শ্ৰেণী- বৈষম্য, শ্ৰেণী- শোষণ তথা লিংগ কেন্দ্ৰিক বৈষম্য চকুত পৰে তেতিয়া আমাৰ অনুভৱ হয় যে প্ৰকৃততেই আমি নিজকে সু-সভ্য আৰু আধুনিক বুলি দাবী কৰিব পৰাকৈ যোগ্য হৈছোঁনে ? প্ৰায় প্ৰত্যেকটো ধৰ্মৰ অনুগামীয়ে নিজৰ ধৰ্মটোক অন্য ধৰ্মতকৈ শ্ৰেষ্ঠ আৰু একমাত্ৰ সত্য ধৰ্ম বুলি জাহিৰ কৰে, কিন্তু তথ্য আৰু যুক্তিসহকাৰে উপস্থাপন কৰিলে তেঁওলোকেও হয়তো নুই কৰিব নোৱাৰে যে বৰ্তমানেও বৰ্তি থকা মানৱীয় শ্ৰেণী বিভাজন, শ্ৰেণী- বৈষম্য, শ্ৰেণী- শোষণ তথা নাৰীৰ ওপৰত চলি থকা দমন আৰু প্ৰত্যেকটো কু-সংস্কাৰ আদিৰ সৃষ্টি, স্থায়িত্ব আৰু সাৰ্বিক প্ৰভাৱৰ বাবে ধৰ্ম আৰু ধৰ্মৰ আলমত গঢ় লৈ উঠা পৰম্পৰাই নিশ্চিতভাবে দায়ী। কাৰণ, সুবিধাবাদী শোষক শ্ৰেণীয়ে ধৰ্ম আৰু ধৰ্মীয় নীতি-নিয়ম অথবা ধৰ্মগ্ৰন্থকৃত আৰু প্ৰচাৰিত চিন্তাধাৰাৰ সাহচৰ্যতেই প্ৰতি-মানৱতাবাদী এটা সমান্তৰাল ধাৰা বৰ্তাই ৰাখিবলৈ সুবিধা পায়। এই আলোচনাটোত ধৰ্মই কিদৰে যুগ যুগ ধৰি নাৰীক বৈষম্যৰ বলি, বঞ্চিত আৰু অৱদমিত কৰি আহিছে তাৰ ওপৰতে এক চমু আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে ।

যোৱা কিছু দশক ধৰি বিশ্বৰ বিভিন্ন দেশৰ ৰাজনীতিত এক অভাৱনীয় পৰিৱৰ্তন দেখা গৈছে । মধ্য প্ৰাচ্যৰ কেইবাখনো দেশ, বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদি দেশত বলপূৰ্বক ভাৱেই হওঁক অথবা কৌশলপূৰ্ণ ভাৱেই হওঁক জনসাধাৰণৰ ওপৰত ইছলামিক শাসন ব্যৱস্থা জাপি দিয়া হৈছে । তাৰ ফলস্বৰূপ সেই দেশসমূহৰ জনজীৱনে মধ্যযুগীয় শাসন ব্যৱস্থাৰ অধীনত ন্যূনতম স্বাধীনতাৰ সৈতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে । সবাতোকৈ অধিক ভুক্তভোগী হৈছে সেই দেশ সমূহৰ নাৰী সকল যাৰ পৰা সকলো স্বাধীনতা কাঢ়ি নিয়া হৈছে আৰু পৰাধীনতাৰ শিকলিৰ বান্ধোনত ন্যূনতম  মানৱীয় অধিকাৰৰ পৰা বঞ্চিত হৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিক ৰূপে খোজে খোজে নিৰ্যাতনৰ বলি হৈ জীবন কটাবলৈ বাধ্য হৈছে । অৱশ্যে ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষতাৰ শ্লোগান গোৱা দেশ সমূহতো নাৰী সম্পূৰ্ণৰূপে স্বাধীন আৰু নিৰাপদ নহয় । যদিও সংবিধানত নাৰীক সম-মৰ্যদা আৰু সম-অধিকাৰ দিয়াৰ কথা উল্লেখ আছে তথাপিতো ধৰ্মীয় কু-সংস্কাৰে আৱৰি ৰখা সমাজ ব্যৱস্থাবোৰত কিন্তু ইয়াৰ প্ৰতিফলন হোৱা দেখা নাযায় । যেতিয়াই কোনো ধৰ্মৰ ঋণাত্মক দিশ সমূহৰ কথা কোৱা হয় তেতিয়া প্ৰায়েই একেটা প্ৰতিক্ৰিয়া পোৱা হয় যে সেই ধৰ্মটোৰ প্ৰকৃত আদৰ্শ যথেষ্ট উদাৰ আৰু প্ৰগতিশীল মানুহেহে ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ ৰূপ সলনি কৰে । সেইদৰে নাৰীৰ স্বাধীনতাৰ ক্ষেত্ৰটো সচৰাচৰতে দাবী কৰে যে তেওঁলোকৰ ধৰ্মইহে নাৰীক প্ৰকৃত স্বাধীনতা প্ৰদান কৰে। কিন্তু প্ৰায় প্ৰত্যেকটো ধৰ্মৰ ধৰ্মগ্ৰন্থসমূহ নাৰী-স্বাধীনতা বিৰোধী আৰু প্ৰতি-নাৰীবাদী নীতি-নিৰ্দেশনাৰে ভৰি আছে। তাৰেই এক আলোকপাত তলত কৰা হ’ল‌।

পৃথিবীৰ প্ৰায় গোটেইকেইটা মূখ্য ধৰ্মত নাৰীক পুৰুষৰ তুলনাত নিম্নস্থানত আৰু পুৰুষৰ অধীন হিচাপে স্থান দিয়া হৈছে। সেই ধৰ্মকেইটাৰ ধৰ্মগ্ৰন্থসমূহ মতে নাৰীৰ ওপৰত পুৰুষৰ সৰ্বাংগীন অধিকাৰ থাকে কিন্তু পুৰুষৰ ওপৰত নাৰীৰ কোনো অধিকাৰ নাথাকে।

বাইবেলত উল্লেখ আছে-

“Men are superior to women, Jesus is superior to men and God is above all. Women should worship all of them”. (Corinthians 14: 34, 35).

অৰ্থাৎ , পুৰুষ নাৰীৰ ওপৰত , যীশু পুৰুষৰ ওপৰত আৰু ভগৱান সকলোৰে ওপৰত, সেয়ে নাৰীয়ে পুৰুষ, যীশু আৰু ভগাবান সকলোকে পূজা কৰা উচিত ।
কোৰাণত উল্লেখ আছে:-

“Men have authority over women, for that God has preferred in bounty one of them over another, and for that they have expended of their property. Righteous women are therefore obedient … and those you fear may be rebellious, admonish them to their couches, and beat them”. (The Koran, Women, verse 38)
অৰ্থাৎ , পুৰুষৰ নাৰীৰ ওপৰত অধিকাৰ থাকে, আল্লাহে এগৰাকীক আনগৰাকীৰ উৰ্ধত নিবৃষ্ট কৰিছে আৰু সেই নিমিত্তে ভাল নাৰী সদায়েই পুৰুষৰ বাধ্য‌ আৰু কোনো নাৰীয়ে যদি বিদ্ৰোহ/প্ৰতিবাদ কৰে তেন্তে তেওঁক শাৰিৰীক শাস্তি দি হলেওঁ দমন কৰা উচিত ।

অ’ল্ড টেষ্টামেন্টত উল্লেখ থকা মতে পুৰুষ সদায়েই ভগৱানৰ ওচৰত কৃতজ্ঞ হোৱা উচিত নাৰী হিচাপে জন্ম নিদিয়াৰ বাবে।

অ’ল্ড টেষ্টামেন্টত উল্লেখ আছে – ““Women are for taking care of our children and protecting us from sin”.

অৰ্থাৎ, নাৰীক তেওঁলোকৰ(পুৰুষ) সন্তানক( সন্তানৰ ওপৰত থকা অধিকাৰৰ পৰাও নাৰীক বঞ্চিত কৰা হৈছে) চোৱা-চিতা কৰিবলৈ আৰু পাপৰ পৰা বচাবলৈ সৃষ্টি কৰা হৈছে ।

কোৰাণত স্পষ্টকৈ উল্লেখ আছে যে ন্যায়িক, অৰ্থনৈতিক আদি সকলো ক্ষেত্ৰতেই নাৰী পুৰুষৰ আধা ।

কোৰাণত উল্লেখ আছে:

“And call into witness two men; or if two be not men, then one man and two women” (Koran, The Cow. Verse 282) and “ God charges you concerning your children: to the male the like of the portion of two female” (Koran, Women, verse 11)

হিন্দু, বৌদ্ধ,খ্ৰীষ্টান,ইছলাম সকলো ধৰ্ম মতে নাৰীৰ আত্মাত চয়তানে বাস কৰে, নাৰী বিপদজনক ,সেয়ে পুৰুষে নাৰীক নিয়ন্ত্ৰণ কৰা উচিত। খ্ৰীষ্টান ধৰ্মত যৌনতাক দানৱীয় ৰূপত স্বীকৃতি দিয়া হয়। সেই ধৰ্মমতে নাৰীয়ে নিজকে কুমাৰী ৰূপত ৰাখি ভগৱানক সন্তুষ্ট কৰা উচিত। চেইন্ট থমাচ্ একুইনাচ’ৰ(St. Thomas Aquinas) মতে যৌনতা এক অক্ষমণীয় পাপ, মাৰ্টিন লুথাৰে যদিও আজীৱন কুমাৰীত্ব বাধ্যতামুলক নহয় বুলি কৈছিল তথাপিতো যৌনতাক স্বীকৃতি দিয়া নাছিল। নাৰীসকল জীৱনজুৰি কুমাৰী হৈ ৰোৱা উচিত যাতে নিজকে ভগৱানৰ ওচৰত সমৰ্পন কৰিব পাৰে। ইছলাম ধৰ্মমতে নাৰীয়ে পুৰুষৰ অধীনত বাধ্য হৈ জীৱন কটাই আল্লাহৰ পৰা পুণ্য অৰ্জন কৰিব পাৰে। অৰ্থাত সকলো ধৰ্মৰে এটাই বাৰ্তা যে পুৰুষে নাৰীক নিয়ন্ত্ৰণ আৰু দমন কৰিব আৰু নাৰীয়ে বাধ্য হৈ মানি যাব লাগিব।

প্ৰায় সকলো ধৰ্মৰ দৃষ্টিকোণৰ পৰা নাৰী পুৰুষৰ বাবে বংশবৃদ্ধি আৰু যৌন উপভোগৰ এক আহিলা । কোনো ধৰ্মতেই নাৰীৰ নিজৰ যৌনতাক গ্ৰাহ্য কৰা হোৱা নাই। ইছলাম ধৰ্ম এই বিষয়ত এখোপ চৰা। ইছলাম ধৰ্ম মতে নাৰীসকল পুৰুষ আৰু সমাজৰ বাবে এক ভয়াৱহ বিপদ, নাৰীয়ে নিজৰ যৌনতাৰ যোগেদি পুৰুষক বিপথে পৰিচালিত কৰিব পাৰে। সেয়েহে এই ধৰ্মত নাৰীৰ নিজস্ব যৌনতাক দমন কৰাৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু আনহাতেদি পুৰুষে নিজৰ ইচ্ছা মতে চাৰিগৰাকীলৈকে বিয়া কৰোৱাব পাৰে আৰু অস্থায়ীভাৱে যিমান মন যায় সিমান বাৰ বিবাহ পাশত সোমাব পাৰে। যদিহে কোনো নাৰীয়ে কোৰান-নিৰ্ধাৰিত নিয়মৰ বাহিৰত যৌনতাক গ্ৰহণ কৰে তেন্তে সেই নাৰী ‘ঝেনা'(ZENA) নামৰ এক অক্ষমণীয় পাপৰ ভাগী হয়, আৰু এই পাপৰ শাস্তি হ’ল – জীৱনজোৰা কাৰাবাস, অথবা মাটিত আধালৈকে পুতি তেঁওৰ ওপৰত শিলেৰে আক্ৰমণ কৰা। যিহেতু ইছলাম ধৰ্মত নাৰীক যৌনভাৱে বা অন্য দিশৰ পৰা বিপদজনক বুলি গন্য কৰা হয় সেই বাবে এই ধৰ্মত নাৰীক সকলোধৰনৰ ব্যক্তি-অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। একমাত্ৰ পত্নী অথবা মাতৃৰ ভূমিকাৰ বাহিৰে অন্য সকলো ধৰনৰ সামাজিক অধিকাৰৰ পৰা নাৰীক আতৰত ৰখা হৈছে। হজৰত মহম্মদৰ মতে ” যি পুৰুষ অথবা দেশক কোনো নাৰীয়ে শাসন কৰে সেই পুৰুষ বা দেশৰ কোনো বিকাশ নহয়”, অৰ্থাৎ নাৰীৰ স্বাধীনতাক সীমাবদ্ধতাৰ মাজত ৰখা উচিত, ইয়াৰ এটা উপায় হিচাপে ইছলাম ধৰ্মত “হিজাব” বা “বোৰ্খা”ৰ প্ৰচলন কৰা হয়। “হিজাব” বা “বোৰ্খা”ৰ বাধ্যবাধকতাক লৈ ইছলাম ধৰ্ম মতে দিয়া এটা যুক্তি হল যে “যদিহে কোনো নাৰীয়ে নিজৰ শৰীৰৰ অংগ উন্মুক্ত কৰি ৰাখে তেন্তে তাৰ দ্বাৰা (নিজৰ অজ্ঞাতেই হওঁক লাগিলে) কোনো পুৰুষৰ দেহ-মনত যৌন বাসনা জাগ্ৰত হব পাৰে, যাৰ ফলত ব্যভিচাৰৰ সূত্ৰপাত ঘটিব পাৰে, সেয়ে নাৰীয়ে সদায়েই নিজকে “হিজাব” বা “বোৰ্খা”ৰ দ্বাৰা আবৃত কৰি ৰাখিব লাগে। বহুত কম লোকেহে জানে যে ইছলামত “হিজাব” বা “বোৰ্খা” পৰিধান নকৰা মহিলাক নগ্ন বুলিয়েই গন্য কৰা হয়। ইছলামিক শাসনৰ অধীনৰ ৰাষ্ট্ৰকেইখনৰ উপৰিও ইউৰোপতো কন-কন ইছলাম ধৰ্মীয় অভিভাৱক সকলে নিজৰ শিশু-কন্যা সকলকো হিজাব পিন্ধিবলৈ বাধ্য কৰে। ইছলাম ধৰ্মৰ অন্য এক ভয়ানক দিশ হল যে এই ধৰ্মত শিশু-কন্যাকো( ঋতুমতী হোৱাৰ আগতেই) বিয়া কৰোৱাৰ অনুমতি দিয়া হয়। কোৰানত চুৰা ৬৫:১, ৪ ত কোৱা হৈছে :- 65:1 O Prophet, when you [and the believers] divorce women, divorce them for their prescribed waiting—period and count the waiting—period accurately . . . 4 And if you are in doubt about those of your women who have despaired of menstruation, (you should know that) their waiting period is three months, and the same applies to those who have not menstruated as yet. As for pregnant women, their period ends when they have delivered their burden.
কোৰানত আনকি অলপো সংকোচ নোহোৱাকৈ পুৰুষক নিজৰ পত্নীৰ ওপৰত শাৰিৰীক অত্যাচাৰ চলাবলৈ অনুমতি দিয়া হৈছে। চুৰা ৪:৩৪ ত উল্লেখ আছে :-4:34 . . . If you fear highhandedness from your wives, remind them [of the teaching of God], then ignore them when you go to bed, then hit them. If they obey you, you have no right to act against them. God is most high and great. আনকি হাদিছতেই উল্লেখ কৰা আছে যে হজৰত মহম্মদৰ সময়ত নতুনকৈ প্ৰৱৰ্ত্তন কৰা বিবাহ আইন ভালদৰে বুজি নোপোৱাৰ বাবেই বহু মহিলাই নিজৰ পতিৰ হাতত শাৰিৰীক ভাবে নিৰ্যাতিত হৈছিল। যিহেতু ইছলাম ধৰ্মত নাৰীক যৌনভাৱে বা অন্য দিশৰ পৰা বিপদজনক বুলি গন্য কৰা হয় সেই বাবে এই ধৰ্মত নাৰীক সকলোধৰনৰ ব্যক্তি-অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। একমাত্ৰ পত্নী অথবা মাতৃৰ ভূমিকাৰ বাহিৰে অন্য সকলো ধৰনৰ সামাজিক অধিকাৰৰ পৰা নাৰীক আতৰত ৰখা হৈছে। হজৰত মহম্মদৰ মতে ” যি পুৰুষ অথবা দেশক কোনো নাৰীয়ে শাসন কৰে সেই পুৰুষ বা দেশৰ কোনো বিকাশ নহয়”, অৰ্থাৎ নাৰীৰ স্বাধীনতাক সীমাবদ্ধতাৰ মাজত ৰখা উচিত, ইয়াৰ এটা উপায় হিচাপে ইছলাম ধৰ্মত “হিজাব” বা “বোৰ্খা”ৰ প্ৰচলন কৰা হয়। “হিজাব” বা “বোৰ্খা”ৰ বাধ্যবাধকতাক লৈ ইছলাম ধৰ্ম মতে দিয়া এটা যুক্তি হল যে “যদিহে কোনো নাৰীয়ে নিজৰ শৰীৰৰ অংগ উন্মুক্ত কৰি ৰাখে তেন্তে তাৰ দ্বাৰা (নিজৰ অজ্ঞাতেই হওঁক লাগিলে) কোনো পুৰুষৰ দেহ-মনত যৌন বাসনা জাগ্ৰত হব পাৰে, যাৰ ফলত ব্যভিচাৰৰ সূত্ৰপাত ঘটিব পাৰে, সেয়ে নাৰীয়ে সদায়েই নিজকে “হিজাব” বা “বোৰ্খা”ৰ দ্বাৰা আবৃত কৰি ৰাখিব লাগে। বহুত কম লোকেহে জানে যে ইছলামত “হিজাব” বা “বোৰ্খা” পৰিধান নকৰা মহিলাক নগ্ন বুলিয়েই গন্য কৰা হয়। ইছলামিক শাসনৰ অধীনৰ ৰাষ্ট্ৰকেইখনৰ উপৰিও ইউৰোপতো কন-কন ইছলাম ধৰ্মীয় অভিভাৱক সকলে নিজৰ শিশু-কন্যা সকলকো হিজাব পিন্ধিবলৈ বাধ্য কৰে। ইছলাম ধৰ্মৰ অন্য এক ভয়ানক দিশ হল যে এই ধৰ্মত শিশু-কন্যাকো( ঋতুমতী হোৱাৰ আগতেই) বিয়া কৰোৱাৰ অনুমতি দিয়া হয়। কোৰানত চুৰা ৬৫:১, ৪ ত কোৱা হৈছে :- 65:1 O Prophet, when you [and the believers] divorce women, divorce them for their prescribed waiting—period and count the waiting—period accurately . . . 4 And if you are in doubt about those of your women who have despaired of menstruation, (you should know that) their waiting period is three months, and the same applies to those who have not menstruated as yet. As for pregnant women, their period ends when they have delivered their burden.

আজি কিছুদিন পূৰ্বে “সত্যমেৱ জয়তে” নামৰ অনুস্থানটোত বহুল ভাৱে আলোচিত অথবা অনুস্কা শৰ্মা অভিনীত “NH-10” নামৰ বোলছবি খনৰ বিষয়বস্তু “সন্মান-হত্যা”( HONOUR KILLING) সন্দৰ্ভত যিকোনো সু-সভ্য ব্যক্তিৰ মনত প্ৰথমতে অহা স্বাভাবিক ধাৰণাটো হল যে ই এক বৰ্বৰ প্ৰথা, কিন্তু এইটোৱেই সত্য যে বিভিন্ন ধৰ্মৰ ধৰ্মগ্ৰন্থই এই প্ৰথাক নায্যতা প্ৰদান কৰি থৈছে। কোনো নাৰী যদি ধৰ্ষণ অথবা অন্য ধৰনৰ নিৰ্যাতনৰ বলি হব লগা হয় আৰু তাৰ বাবে সেই নাৰীগৰাকীৰ পৰিয়ালৰ যদি সন্মান হানি হয় তেন্তে কোনোধৰনৰ যুক্তি অবিহনে সেই নাৰীগৰাকী তাৰ বাবে দায়ী আৰু শাস্তিৰ যোগ্য বুলি কোৰানকে আদি কৰি কেইবাখনো অন্য ধৰ্মগ্ৰন্থত উল্লেখ আছে।

কোনো ধৰ্মই কন্যা সন্তানক পুত্ৰ সন্তানৰ সমানে পৈত্ৰক সম্পত্তিৰ অংশিদাৰ হোৱাৰ অনুমতি নিদিয়ে। ইছলাম ধৰ্মমতে পুত্ৰ সন্তানে কন্যা সন্তানৰ দুগুনে পৈত্ৰিক সম্পত্তিৰ অংশিদাৰিত্ব পায়। কোৰানৰ চুৰা ৪:১১ ত উল্লেখ আছে The share of the male shall be twice that of a female
ইছলাম ধৰ্মৰ লগতে অন্য কেইবাটাও ধৰ্মৰ ধৰ্মগ্ৰন্থত নাৰীক যৌন দাসৰ অৱস্থিতিতহে ৰখা হৈছে। কোৰানৰ চুৰা (অধ্যায়) ২:২২৩ত কোৱা হৈছে :-Your women are your fields, so go into your fields whichever way you like .

ওপৰত আলোচনা কৰা বিভিন্ন ধৰ্মীয় দৃষ্টিকোণত নাৰীৰ অৱস্থানৰ পৰা এটা কথা স্পষ্ট হয় যে নাৰীজাতিক সকলো ধৰনৰ বৈষম্য অথবা বঞ্চনাৰ পৰা মুক্ত কৰিবলৈ যুঁজ দিবলৈ হ’লে প্ৰথমে যুঁজিব লাগিব বৰ্তমানেও প্ৰচলিত মধ্যযুগীয় ধৰ্মীয় চিন্তাধাৰাৰ বিৰুদ্ধে, আশা কৰো অন্তত নিজকে সভ্য আৰু আধুনিক বুলি দাবী কৰা সকলৰ এই বিষয়ত চকু মেল খাব।

সমল উৎস – Women, Gender, and Religion – C A Clarck
A History of God by Karen Armstrong.

 

Print Friendly, PDF & Email

One thought on “ধৰ্ম আৰু নাৰী- (আৰহান ইনামূল)

  • মানিক ৰাভা

    অতি সুন্দৰ প্ৰবন্ধ । আজিও সেই স্বাধীনতা আৰু মৰ্যদা নাৰিক আমি দিব পৰা নাই ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *