ধৰ্ম, ঈশ্বৰ আৰু নৈতিকতা-(ভাৰ্গৱ বৰঠাকুৰ )

ধৰ্ম আৰু ঈশ্বৰ বিশ্বাস মানুহৰ এটা ব্যক্তিগত বিষয়৷ কোনোবাই ধৰ্ম আৰু ঈশ্বৰত বিশ্বাস ৰাখিবও পাৰে অথবা নাৰাখিবও পাৰে, সেইটো তেওঁলোকৰ ব্যক্তিগত কথা৷ কিন্তু ধৰ্ম আৰু ঈশ্বৰ বিশ্বাস মানুহৰ সহজাত প্ৰবৃত্তি নহয়!  সহজাত মানে জন্মগতভাৱে লাভ কৰা মানুহৰ বৈশিষ্ট্য৷ যেনে: ভোক, খং, যৌন অভিলাষ আদি প্ৰবৃত্তিবোৰ সকলোৰে থাকে ৷ প্ৰাবল্য অথবা  নিয়ন্ত্ৰণ কম বেছি হ'লেও এই সহজাত প্ৰবৃত্তিবোৰ সকলো  সুস্থ মানুহৰ মাজত দেখা যায়৷ কিন্তু  ঈশ্বৰ বিশ্বাস নকৰা অথবা ঈশ্বৰ চেতনাৰ মাজেৰে উপাসনা, ধৰ্মৰ ওপৰত বিশ্বাস ৰখাটো মানুহৰ সহজাত প্ৰবৃত্তি নহয়৷ মনোবিজ্ঞানৰ ফালৰ পৰাও ঈশ্বৰ বিশ্বাস মানুহৰ সহজাত প্ৰবৃত্তি ৰূপে গণ্য কৰা  নহয়৷ পৃথিৱীৰ বিভিন্ন দেশত ঈশ্বৰ বিশ্বাসীৰ সংখ্যা কমি গৈছে, তাৰ মানে এইটো নহয় যে মানুহৰ সহজাত প্ৰবৃত্তিয়ো কমি গৈছে৷ ঈশ্বৰ নথকা ধৰ্মৰ কথাতো আছেই৷ যদি ঈশ্বৰ বিশ্বাস মানুহৰ সহজাত প্ৰবৃত্তি নহয়ে তেন্তে এই ধাৰণা আহে ক'ৰ পৰা?

শিশু এটি  জন্ম হয় নাস্তিক হিচাপে৷ শিশু এটিয়ে বুজি নাপায় তেওঁৰ ধৰ্ম কি আৰু ঈশ্বৰ কি বস্তু ? ঘৰুৱা পৰিবেশ আৰু সমাজ ব্যৱস্থাইহে  শিশু এজনক ধৰ্মীয়কৰণ কৰাত বা ঈশ্বৰ বিশ্বাসী বনোৱাত সহায় কৰে৷ অৰ্থাৎ বাধ্য কৰোৱা হয়৷ মানুহৰ মাজত ঈশ্বৰৰ বিশ্বাসকলৈ সৰুৰে পৰা এনে এটা পৰিবেশৰ সৃষ্টি কৰা হয় যে সৰু অৱস্থাৰ পৰাই মনত ঈশ্বৰৰ অস্তিত্বৰ প্ৰতি এনে এটা দৃঢ় ধাৰণা সোমাই যায় যে পিছৰ জীৱনত বহু কম সংখ্যকহে এই বিশ্বাসৰ পৰা মুক্ত হ'ব পাৰে৷ প্ৰতিজন শিশুৱেই জন্মতে অনুসন্ধিৎসু হৈয়ে জন্ম হয়, কিন্তু  তেওঁলোকৰ অনুসন্ধিৎসু মনটোক ধ্বংস কৰা হয় এনেদৰে-
সৰু ল'ৰা এজনে দেউতাকক যদি প্ৰশ্ন কৰে ‘দেউতা, আমাৰ পৃথিৱীখন, মানুহবোৰক নো কোনে সৃষ্টি কৰিছিল'?

দেউতাকৰ সহজ উত্তৰ : “ ইশ্বৰে  আকৌ",

সৰু ল’ৰা জনে  আকৌ সুধিলে “দেউতা, ঈশ্বৰকনো কোনে সৃষ্টি কৰিলে?"

দেউতাকৰ  বিৰক্তিৰ উত্তৰ: “কিনো একেটাকে লাগি আছ' ? নাপায় নহয় এইবোৰ কথা সুধিব, ইশ্বৰে দোষ ধৰিব৷”

মন্দিৰত প্ৰণাম, প্ৰাৰ্থনা নকৰিলে, সৰস্বতী পূজা নকৰিলে পঢ়িব নোৱাৰা , ঈশ্বৰ-আল্লা-গডৰ গুণানুকীৰ্তনৰ যোগেদি সৰুৰ পৰাই  ঈশ্বৰ নামৰ কাল্পনিক ধাৰণা এটাৰ নাম বিভিন্ন প্ৰকাৰে মানুহৰ মনত এনেদৰে সুমুৱাই দিয়া হয় যে পিছৰ জীৱনত ইয়াৰ পৰা মুক্ত হোৱাৰ প্ৰৱণতা ক্ষীণ হৈ পৰে৷ এনেদৰেই মানুহৰ মনত ঈশ্বৰৰ ধাৰণা দৃঢ়ভাৱে  সুমুৱাই দি ঈশ্বৰ আৰু ধৰ্মৰ ভয় দেখুৱাই ভাল হোৱাৰ শিক্ষা দিয়া হয়৷
ধৰ্ম আৰু ঈশ্বৰ বিশ্বাসৰ ভয়ে মানুহক সৎ কৰিব বিচৰা যি হাজাৰ বছৰীয়া বৌদ্ধিক প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ ব্যৰ্থতা বহু সময়ত আমি উপলব্ধি কৰিছোঁ৷ এনে প্ৰক্ৰিয়াৰ বিফলতাই সৃষ্টি কৰিছিল ‘ৰাম মন্দিৰ-বাবৰি মজিদ‘ৰ নামত  হত্যা-হিংসাৰ৷ এনে প্ৰক্ৰিয়াৰ বিফলতাৰ বাবেই ধৰ্মীয় ধাৰণাৰ বিপৰীতে কথা কোৱা জিওৰ্দানো ব্ৰুনোক জ্বলাই হত্যা কৰা হৈছিল৷ এনে প্ৰক্ৰিয়াৰ  বিফলতাই সৃষ্টি কৰিছে ইছলামিক মৌলবাদীৰ ৷ এনে সকলোবোৰ ঐতিহাসিক বিফলতাৰ পাছতো ধৰ্ম আৰু ঈশ্বৰৰ ভয়ে নৈতিক শিক্ষা দিয়াসকলে পাৰিবনে সন্ত্ৰাসবাদীৰ ঈশ্বৰ আৰু ধাৰ্মিকসকলৰ ঈশ্বৰৰ মাজৰ পাৰ্থক্য দেখুৱাব?

ধৰ্ম আৰু ঈশ্বৰৰ নামতেই চাৰিওফালে হত্যা-হিংসা, সন্ত্ৰাস৷ এটা ধৰ্মৰ ওপৰত অন্য এটা ধৰ্মৰ আক্ৰমণ, হুংকাৰ৷ এই ধাৰ্মিক আচাৰ-অনুষ্ঠানক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছে আধুনিক চান্দা সংস্কৃতিৰ৷ ধৰ্মৰ বোকোচাত উঠিয়ে বিয়পিছে ৰাজনীতিৰ  বিষবাস্প!  ধৰ্ম ৰক্ষাৰ নামত অলিয়ে-গলিয়ে  মন্দিৰ-মজিদ৷ তথাপিও জানো হত্যা-হিংসাৰ খবৰবোৰ কমিছে? ধাৰ্মিক হোৱাৰ প্ৰতিযোগিতাখনত  কোনোবা ধাৰ্মিকে ঘোচ খোৱা বা অসৎ উপায়ৰে পোৱা টকাৰে সমাজত প্ৰতিপত্তিশীল দেখুৱাবলৈ মন্দিৰ, মজিদলৈ দিছে দান৷ কোনোবাই আকৌ  আল্লাৰ নামলৈয়ে আত্মঘাতী বোমাৰু হ'বলৈ আগবাঢ়িছে৷ ধৰ্ম, ঈশ্বৰ আৰু আধ্যাত্মিকতাই এইসকল মানুহক কিয় নৈতিকতাৰ শিক্ষা দিব নোৱাৰিলে?  সন্ত্ৰাসবাদী আৰু বিভিন্ন কেলেংকাৰিত কোটি কোটি টকা আত্মসাৎ কৰা ব্যক্তিসকলে ঈশ্বৰ বিশ্বাস নকৰে বুলি কোনোবাই প্ৰমাণ কৰি দিব পাৰিব জানো? কোনো ধাৰ্মিক বা ধৰ্ম প্ৰচাৰকে হয়তো ক'ব পাৰে ঈশ্বৰৰ প্ৰতি আস্থা নোহোৱা হৈ এচামে এনে অপকৰ্মত লিপ্ত হ'ব পাৰে৷ কিন্তু তাৰ প্ৰমাণ কৰিব পাৰিবনে? এইখিনিতে কিছু বছৰৰ আগৰতে 'দ্য টেলিগ্ৰাফ'পেপাৰত প্ৰকাশ পোৱা বাতৰি এটালৈ মনত পৰিছে৷ ইংলেণ্ডৰপৰা প্ৰকাশিত বিখ্যাত 'দ্য টেলিগ্ৰাফ‌' (২২ মাৰ্চ, ২০১৬)কাকতত প্ৰকাশ পোৱা এটা বাতৰি  অনুসৰি নেডাৰলেণ্ডত অপৰাধৰ মাত্ৰা ইমানেই হ্ৰাস পাইছিল যে তাৰ পাঁচটা কাৰাগাৰৰ ১৩,০০০টা কোঠা শূন্য হৈ পৰি আছিল। গতিকে সেই পাঁচোটাকৈ কাৰাগাৰ বন্ধ হৈ পৰাটো নিশ্চিত হৈ পৰিছিল। যাৰ ফলত কাৰাগাৰকেইটাৰ কৰ্মচাৰীৰ চাকৰিৰ স্থায়িত্বৰ সংক্ৰান্ততো প্ৰশ্নবোধক চিহ্ন আহি পৰিছিল৷ আকৰ্ষণীয় কথাটো হ'ল দেশখনৰ মুঠ জনসংখ্যাৰ ৮৩% লোকেই নাস্তিক, অজ্ঞেয়বাদী৷ কেৱল মাত্ৰ ১৭% লোকহে ধৰ্ম কিম্বা ঈশ্বৰ-বিশ্বাসী।আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ ৯০% লোকেই আস্তিক; ধৰ্ম আৰু ঈশ্বৰত তেওঁলোকৰ অটল আস্থা। কিন্তু বি.বি.চি.-এ দিয়া তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ কাৰাবন্দীৰ সংখ্যা প্ৰায় বিশ লাখৰো অধিক৷ এফালে নেডাৰলেণ্ডত অপৰাধীৰ অভাৱত কাৰাগাৰ বন্ধ হৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল৷ আনফালে আকৌ আমেৰিকাৰ কাৰাগাৰৰ প্ৰায় এশ শতাংশ কোঠাই বন্দীৰে পূৰ্ণ হৈ আছে। গতিকে নাস্তিকৰ সংখ্যাধিক্য থকা দেশতকৈ, ধৰ্ম আৰু ঈশ্বৰত আস্থাশীল লোকেৰে গিজগিজাই থকা আমেৰিকাত দেখোন অপৰাধৰ মাত্ৰা বেছি!

বিজ্ঞানৰ বলত আমি বিশ্বব্ৰহ্মাণ্ডখন নতুন দৃষ্টিভংগীৰে চাবলৈ সক্ষম হৈছোঁ৷ কিন্তু বিজ্ঞানে কেতিয়াও সোধা নাই যে ঈশ্বৰ আছে নে নাই! বিজ্ঞানৰ বাবে এই প্ৰশ্ন গুৰুত্বহীন৷ আদিম কালৰ পৰাই মানৱ সভ্যতাই দুটা ডাঙৰ প্ৰশ্নৰ মুখামুখি হৈ আহিছে৷ এটা হ'ল 'কেনেকৈ'আৰু আনটো'কিয়'৷ যিয়ে'কেনেকৈ'প্ৰশ্নটোৰ উত্তৰ সন্ধানত থাকিল তেওঁলোক বিজ্ঞানৰ জগতত সোমাল আৰু যিয়ে'কিয়'প্ৰশ্নটোৰে আগবাঢ়িল, তেওঁলোক এটা সময়ত স্তব্ধ হ'ব লগা হ'ল৷ য'ত তথ্যৰ অভাৱ আছিল অৰ্থাৎ মানুহৰ সীমাবদ্ধতা বা বিজ্ঞানৰ সীমাবদ্ধতা আছিল৷ য'ৰ পৰাই  ঈশ্বৰ নামৰ অলৌকিক শক্তিৰ ধাৰণাটো আহিল৷ সেইসকলৰ বাবে  ঈশ্বৰৰ পাছত আৰু  কোনো প্ৰশ্নৰ স্থান নাই৷ গতিকে জিজ্ঞাসাৰো তাতে অন্ত পৰিল৷

ঈশ্বৰ হৈছে মানুহৰ মনৰ সৃষ্টি৷ প্ৰাকৃতিক পৰ্যবেক্ষণৰ পাছত কল্পনাৰে কিছুমান কথা সংযোজন কৰিলেই ‘ঈশ্বৰ'ৰ দৰে ধাৰণাৰ সৃষ্টি হয়৷ ভাৰতৰ অৰ্থাৎ সিন্ধু উপত্যকাৰ ঈশ্বৰসমূহৰ কাল্পনিক ৰূপসমূহ যদি চোৱা হয় দেখা যাব সেইসকলৰ সাদৃশ্য  ভাৰতীয় মানুহৰ লগত একে৷ অৰ্থাৎ দুৰ্গাৰ কাল্পনিক ৰুপটোত যিদৰে  আলংকাৰিক সৌন্দৰ্যৰে আৰ্যৰ দেৱী হিচাপে অংকন কৰা হৈছে ঠিক সেইদৰে  বাঘৰ ছাল, অৰ্ধ উলংগ দেহাৰে এজন অনাৰ্য দেৱতা হিচাপে  শিৱৰ চিত্ৰৰূপ দিয়া হৈছে৷ ঠিক সেইদৰে আফ্ৰিকা বা গ্ৰীচ দেশৰ দেৱতাবোৰ যদি চোৱা হয় সেই কাল্পনিক ৰূপসমূহো আফ্ৰিকা বা গ্ৰীচৰ মানুহৰ লগত মিল দেখা যাব৷ গতিকে গাধক যদি সোধা হয় গাধৰ দেৱতা কেনেকুৱা ? গাধৰ উত্তৰটোও হ'ব- গাধৰ দৰেই ! এই কাল্পনিক ঈশ্বৰক কেন্দ্ৰ কৰিয়ে পৃথিৱীৰ সৰ্বাধিক ধৰ্মৰ সৃষ্টি কৰা হৈছে৷ যিবোৰ ধৰ্ম বেছি প্ৰাচীন সেইবোৰত বহুতো ঈশ্বৰৰ কথা কোৱাৰ বিপৰীতে তুলনামূলকভাৱে নতুন ধৰ্ম(খ্ৰীষ্টান, মুছলিম,আদি) আৰু পুৰণি ধৰ্মৰ শুধৰণি হিচাপে এজন ঈশ্বৰৰ ধাৰণা দিয়া হৈছে।

দেখা যায় কোনোবা বিজ্ঞানী এজন আস্তিক হ'লে,বিজ্ঞানীজন বহু আস্তিকৰ উদাহৰণ হৈ পৰে৷ ঈশ্বৰ, ধৰ্ম বিশ্বাসৰ কথা আহিলে বহুতেই উচ্চ শিক্ষাগত অৰ্হতা থকা বা প্ৰফেছনেল ডিগ্ৰীধাৰী মানুহৰ বিশ্বাসকলৈ নিজৰ বিশ্বাসক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা দেখা যায়৷ কিন্তু  প্ৰফেছনেল ডিগ্ৰীৰ লগত মানুহ এজনৰ চিন্তাধাৰাৰ মানসিকতা সদায় সমানুপাতিক  নহ'বও পাৰে৷ অৰ্থাৎ  এজন ভাল শিক্ষিত মানুহতকৈ এজন অশিক্ষিত মানুহেও কেতিয়াবা ভাল চিন্তা, ভাল আদৰ্শ দেখুৱাব পাৰে৷ তদুপৰি বহুতৰে প্ৰশ্ন বা যুক্তি, যদি ঈশ্বৰ নায়েই বিশ্বৰ ইমানবোৰ মানুহ কিয় ঈশ্বৰ বিশ্বাসী?  এই প্ৰশ্নটোৰ উত্তৰ এটা ঐতিহাসিক উদাহৰণৰে কিছু উপলব্ধি কৰিব পাৰি৷ আজিৰ পৰা বহু হাজাৰ বছৰৰ আগতে অধিকাংশ মানুহেই বিশ্বাস কৰিছিল যে পৃথিৱীখন স্থিৰ অৰ্থাৎ সূৰ্যইহে পৃথিৱী চাৰিওফালে  প্ৰদক্ষিণ কৰে৷ সেইমতে আনুষ্ঠানিক শিক্ষাও দিয়া হৈছিল৷ হাজাৰ হাজাৰ বছৰ ধৰি সেই ধাৰণাটোৱেই মানুহৰ মাজত প্ৰচলিত আছিল৷ কিন্তু সেইসময়ত জিওনাৰ্ড ব্ৰুনো, কপাৰ্নিকাছ, গেলিলিওকে মুখ্য কৰি যুক্তিবাদী আৰু অনুসন্ধিৎসু মনৰ অধিকাৰী মুষ্টিমেয় কেইজনমানেহে সংখ্যাগৰিষ্ঠতাৰ সোঁতৰ বিপৰীতে গৈ এই ধাৰণাটোৰ বিৰোধিতা কৰিছিল৷ যাৰ বাবে তেওঁলোকক বিভিন্ন প্ৰকাৰে শাস্তি প্ৰদান কৰা হৈছিল৷ কিন্তু  বৰ্তমান আমি পূৰ্বৰ ধৰণাটোৰ বিপৰীতে সূৰ্যকেন্দ্ৰিক ধাৰণাটোহে বৈজ্ঞানিক সত্য ৰূপে  মানি লৈছোঁ! গতিকে সংখ্যাগৰিষ্ঠতাৰ বিশ্বাস মানেই বৈজ্ঞানিক প্ৰমাণ নহ’বও পাৰে৷ আস্তিকৰ সংখ্যাতকৈও নাস্তিক, নিৰীশ্বৰবাদী বা অজ্ঞেয়বাদীৰ সংখ্যা পৃথিৱীত বহু পৰিমাণে কম যদিও বিগত দশকত বহু দেশত নাস্তিকৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি হোৱাৰ প্ৰতিবেদনো দেখা গৈছে৷ 
এচাম মানুহৰ ধাৰণা যে ঈশ্বৰ বা ধৰ্ম নমনা মানুহ মানেই “উচ্ছৃংখল,  অহংকাৰী, নৈতিকতা বিহীন অমানৱ নেকি? নৈতিকতা আৰু ধৰ্ম-ঈশ্বৰৰ বিশ্বাসক সানমিহলি কৰা বহুতৰে মনত উদয় হোৱা এটা স্বাভাৱিক প্ৰশ্ন৷ কিন্তু ঈশ্বৰ বা ধৰ্মৰ ভয় দেখুৱাই নৈতিকতাৰ শিক্ষা দিয়াটো এটা অবৈজ্ঞানিক ধাৰণা৷ নৈতিকতা মানে ঈশ্বৰ  বিশ্বাস নহয় অথবা ঈশ্বৰক কেন্দ্ৰ কৰি তৈয়াৰ কৰা কোনো ধৰ্মাচৰণো নহয়৷ নৈতিকতা মানে পুৱা-গধূলি ঈশ্বৰৰ গুণানুকীৰ্তন কৰাটো নহয়৷ নৈতিকতা মানে কোনো ধৰ্মৰ ধাৰ্মিক আচাৰ-অনুষ্ঠানত আস্থা ৰখা গদগদ ভক্তিয়ো নহয়৷ নৈতিকতা মানে কাৰো অপকাৰ নকৰাকৈ নিজৰ লগতে সমাজৰ সুবিধা হোৱাকৈ তৈয়াৰ কৰি লোৱা কিছুমান সাধাৰণ নীতি নিয়ম৷ উচ্চ-নীচ, শৰ্মা-হুছেইন সকলো জাতি-ধৰ্মৰ মানুহক সমান মানৱীয় দৃষ্টিভংগীৰে চাব পৰা মানসিকতাই হৈছে নৈতিকতা৷ ঘোচ নোখোৱাকৈ কাম এটা কৰি দিয়া সঠিক বুলি ভবা ধাৰণাটোৱেই নৈতিকতা৷ নিজৰ স্বাৰ্থৰ খাতিৰত সমাজত আনৰ অপকাৰ নকৰো বুলি হৃদয়ত হোৱা উপলব্ধি এটাৰ নামেই নৈতিকতা৷ কাৰো অপকাৰ নকৰাকৈ থকা, চুৰি নকৰা, সকলোৰে লগত প্ৰেম-ভাতৃত্ববোধক বজাই ৰাখিবলৈ কোনো ধৰ্মৰ প্ৰয়োজন নাই৷ এই ন্যূনতম নৈতিকতা পশুৰ মাজতো দেখা যায়৷  নৈতিকতা আৰু  ঈশ্বৰ বিশ্বাস এটা সম্পূৰ্ণ পৃথক বিষয়৷
নৈতিকতা আহিছে মানুহৰ সমাজৰ বাবে নিজে তৈয়াৰ কৰি লোৱা কিছুমান  সমাজনীতিৰ পৰাহে৷ গতিকে নৈতিকতা সমাজৰ নীতিৰ লগত জড়িত শব্দ৷ সমাজ নথকা আন প্ৰাণীৰ মাজত কোনো প্ৰকাৰৰ কৃত্ৰিম নৈতিকতা নাথাকে৷ নৈতিকতা যিহেতু সমাজৰ নীতিৰ লগত জড়িত শব্দ, বহুতে ঈশ্বৰ বিশ্বাস, ধৰ্ম আৰু আধ্যাত্মিকতাক সমাজনীতি বুলি ধৰি নৈতিকতাৰ অধীনত আনিব বিচাৰে৷ কিন্তু ধৰ্ম, ঈশ্বৰ আৰু আধ্যাত্মিকতাক সমাজনীতিৰ অধীনলৈ আনি নৈতিকতাৰ মৰ্যাদা দিলে কেতিয়াবা পৰিণাম হয় ভয়ংকৰ৷ এনেধৰণৰ নীতিৰ পৰা ওপজা নৈতিকতাই মচজিদ ভাঙি মন্দিৰ বনোৱাৰ পোষকতা কৰে অথবা মন্দিৰ ভাঙি মচজিদ বনোৱাৰ  পোষকতা কৰে ৷ এনে নীতিৰ পৰাই সৃষ্টি হোৱা নৈতিকতাই আকৌ ওপজাব পাৰে ৰাম ৰহিমৰ দৰে ধৰ্মগুৰুৰ।

ধৰ্ম-ঈশ্বৰ বিশ্বাসৰ লগত যে নৈতিকতাৰ সম্পৰ্ক নাই সেই কথা ৰাষ্ট্ৰসংঘৰ  বাৰ্ষিক সমীক্ষা World Happiness Reportৰ পৰাও কিছু উপলব্ধি  কৰিব পৰা যায়৷ দেশসমূহৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, মানৱ অধিকাৰ, ধৰ্মীয় বিশ্বাসকে ধৰি বহুকেইটা বিষয় সামৰি এই জৰীপ চলোৱা হয়৷ বিশ্বৰ ১৫৬ খন দেশৰ ভিতৰত চলোৱা  সমীক্ষা মতে, এই বৰ্ষৰ বিশ্বৰ সুখী দেশৰ তালিকাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ফিনলেণ্ড, ডেনমাৰ্ক আৰু ন'ৰৱে৷ দুখ লগাকৈ ভাৰতৰ স্থান আছে ১৪০ নম্বৰত৷ মধ্য প্ৰাচ্যৰ প্ৰায়বোৰ ধাৰ্মিক দেশৰ স্থান  ৫০ৰ তলত৷ ঠিক সেইদৰে  Institute for Economics and Peace (IEP)ৰ তত্ত্বাৱধানত সমীক্ষা চলোৱা ২০১৮ চনৰ Global Peace Indexৰ প্ৰতিবেদনখনতো ভাৰতৰ সুখৰ সূচ্যাংক পুতৌলগা স্থানত! আকৰ্ষণীয় কথাটো হ'ল ধৰ্ম বিশ্বাসত গুৰুত্ব দিয়া মানুহৰে ভৰ্তি দেশ আৰু সংশ্লিষ্ট দেশখনৰ সুখৰ সম্পৰ্ক কিন্তু বিপৰীতমুখী৷ অৰ্থাৎ যিবোৰ দেশত ধৰ্ম আৰু  ঈশ্বৰত বিশ্বাসী লোকৰ সংখ্যা বেছি, তেনেবোৰ দেশত সমীক্ষা অনুসৰি সুখৰ মাত্ৰা কম আনহাতে যিবোৰ দেশত ঈশ্বৰ আৰু ধৰ্মবিশ্বাসীৰ সংখ্যা কম তাত সুখৰ মাত্ৰা অধিক৷ প্ৰতিবেদনখনৰ শীৰ্ষ পাঁচখন দেশতেই স্ব-ঘোষিত নাস্তিকৰ সংখ্যা অধিক৷ প্ৰচলিত এচামৰ ধাৰণা মতে নাস্তিক, ধৰ্মহীন  মানুহৰে ভৰা দেশবোৰত মানুহৰ মাজত হত্যা-হিংসা অধিক হ'ব লাগিছিল! কিন্তু তেনে লোকৰ সংখ্যা য'ত বেছি সেই দেশবোৰ কিয় সুখী?  যদিও সমীক্ষা-পৰিসংখ্যাবোৰৰপৰা এটা সম্পূৰ্ণ সিদ্ধান্ত ল’ব নোৱাৰি যে ঈশ্বৰ কিম্বা ধৰ্ম বিশ্বাসে মানুহক অপৰাধ কৰিবলৈ প্রৰোচিত কৰে তথাপিও কিন্তু  এনে পৰিসংখ্যাৰপৰা আমি এটা যৌক্তিক সিদ্ধান্তলৈ আহিব পাৰোঁ যে সমাজৰ সিংহভাগ মানুহকেই ধৰ্ম আৰু ঈশ্বৰ বিশ্বাসে অপৰাধমূলক কাৰ্যৰ পৰা আঁতৰাই ৰাখিবলৈ বিফল হৈছে!

Share Button
Print Friendly, PDF & Email

No Comments : "ধৰ্ম, ঈশ্বৰ আৰু নৈতিকতা-(ভাৰ্গৱ বৰঠাকুৰ )"

Leave a Comment

Your email address will not be published. Required fields are marked *