ধৰ্মগ্ৰন্থৰ স্বৰূপ - ২য় খণ্ড

খ্ৰীষ্টধৰ্মৰ ধৰ্মগ্ৰন্থ বাইবেল সম্বন্ধে বহুকাল জুৰি যিমানবোৰ গৱেষণা তথা সমালোচনা হৈছে, সম্ভৱতঃ পৃথিৱীৰ আন কোনো গ্ৰন্থক লৈয়েই সেইখিনি হোৱা নাই‌। গতিকে সংক্ষিপ্ত আলোচনাত ধৰ্মগ্ৰন্থ হিচাপে বাইবেলৰ স্বৰূপ বিশ্লেষণ কৰা কঠিন‌। সেইবাবে ইয়াত অন্যান্য ধৰ্মগ্ৰন্থসমূহৰ দৰেই বাইবেলৰ স্বৰূপ সম্বন্ধে অতি সংক্ষিপ্ত আলোচনাহে কৰা হ’ব‌। এই প্ৰসংগতে মনত ৰখা প্ৰয়োজন যে খ্ৰীষ্ট ধৰ্মাৱলম্বীসকলৰ বাবে বাইবেলৰ ‘ওল্ড টেষ্টামেন্ট’ অংশৰ (যিখিনি ইহুদি ধৰ্মৰ স’তে কমন ) গুৰুত্ব বহুখিনি হিন্দু ধৰ্মৰ স্মৃতিশাস্ত্ৰৰ দৰে পবিত্ৰ কিন্তু শ্ৰুতি বা প্ৰত্যাদেশ (revelation) নহয়‌। ‘নিউ টেষ্টামেন্ট’ খ্ৰীষ্ট ধৰ্মৰ শ্ৰুতিৰ পৰ্যায়ত পৰে, তাৰ ভিতৰত মূল অংশ হ’ল—মাৰ্ক, জন, মেথিও আৰু লুকৰ পৃথক পৃথক বিৱৰণ অনুযায়ী যীশুৰ জীৱন আৰু বাণী সম্বলিত চাৰি পবিত্ৰ ধৰ্মকাহিনী (four gospel)‌। মোৰ সংক্ষিপ্ত আলোচনা প্ৰধানতঃ এই চাৰি কাহিনীৰ ভিতৰতে সীমাবদ্ধ থাকিব‌।

মধ্যযুগত খ্ৰীষ্ট ধৰ্মৰ পুৰোহিত শ্ৰেণীৰ পাণ্ডিত্য সীমাবদ্ধ আছিল বাইবেলৰ প্ৰত্যাদেশ ৰূপকত প্ৰশ্নাতীত বিশ্বাসত আপোন কৰি লৈ তাৰ অভ্যন্তৰত বিভিন্ন শব্দৰ প্ৰকৃত অৰ্থ, নাইবা কোনো অলৌকিক ঘটনাৰ তাৎপৰ্য ইত্যাদি বিষয়ত বিতণ্ডাত‌। বিশ্বাসী পণ্ডিতসকলৰ এই তুমুল বিতৰ্কক কোৱা হৈছিল, স্কলাষ্টিজিম বা পণ্ডিতগিৰি‌। কিন্তু ইউৰূপত ৰেনেচা তথা ৰিফৰ্মেচনৰ পাছত যি যুক্তিবাদী বা ৰেচনেলিষ্ট চিন্তাধাৰা গঢ়ি উঠে, তাৰ প্ৰভাৱত যীশুখ্ৰীষ্টৰ জীৱন আৰু বাণী সম্বলিত চাৰি ধৰ্মকাহিনীৰ “উচ্চতৰ সমালোচনা” (Higher criticism) আৰম্ভ হয়‌। ফৰাচী দাৰ্শনিক ডেকাৰ্টে (১৫৯৬-১৬৫০) বাইবেলৰ ঈশ্বৰক অস্বীকাৰ কৰি ঈশ্বৰতত্ত্বক এটা যুক্তিবাদী দৰ্শনৰ সমস্যাৰূপে চিহ্নিত কৰে‌। যীশুৰ সমস্ত মিৰাকল বা অলৌকিক কাৰ্য-কলাপ তেওঁ যুক্তিবিৰুদ্ধ বুলি উৰুৱাই দিয়ে‌। তেওঁ কয় যে ঈশ্বৰক বাইবেলৰ মাজত বিচাৰি পোৱা নাযায়‌। একমাত্ৰ যুক্তিপূৰ্ণ দাৰ্শনিক মননৰ মাজতেই তেওঁৰ সন্ধান কৰিব লাগিব‌। এইদৰে মানুহে যেতিয়া মননৰ মাজেৰেই ঈশ্বৰ সম্বন্ধে সত্য উপলব্ধি কৰিব পাৰিব, তেতিয়া তেওঁলোকে বাইবেলক বৰ্জন কৰিব‌। ডাচ্চ দাৰ্শনিক স্পিনোজাই (১৬৩২-১৬৭৭) কয় যে বাইবেলৰ স’তে যুক্তি আৰু দৰ্শনৰ মিল নাই‌। সেইবোৰ এক পৃথক জগতৰ বস্তু‌। তদুপৰি বাইবেল কোনে লিখিছিল, কেতিয়া লিখিছিল, কিয় লিখিছিল, কোনে সকলোবোৰ কাহিনী একেলগে সংকলিত কৰিছিল, ইত্যাদি প্ৰশ্ন তুলি তেওঁ বিশ্বাসীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল‌। বহুখিনি প্ৰকৃতিবাদী দৃষ্টিভংগীসহ স্পিনোজাই কয় যে সমস্ত বিশ্ব প্ৰকৃতিয়েই ঈশ্বৰ‌। জীৱজগতসহ মহাবিশ্বৰ সৰ্বত্ৰতে কেৱল প্ৰকৃতি নামৰ একেটা বস্তুৱেই বিভিন্ন ৰূপত বৰ্তমান‌, এই প্ৰকৃতিয়েই ঈশ্বৰ। তেওঁৰ এইধৰণৰ বক্তব্যৰ বাবে এবাৰ ১৬৫৬ চনত আৰু এবাৰ মৃত্যুৰ পাছত ১৬৭৮ চনত তেওঁক ইহুদি ধৰ্মৰপৰা বহিষ্কাৰ কৰা হয়‌। সপ্তদশ শতাব্দীত আৰু যিসকলৰ ৰচনাই প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে বাইবেল-বিশ্বাসৰ ওপৰত আঘাত হানিছিল, তেওঁলোকৰ মাজত আছে টমাচ হবছ (১৫৮৮-১৬৭৯), জন লক (১৬৩২-১৭০৪), তথা জন মিলটন (১৬০৮-১৬৭৪)‌। ওঠৰ শতিকাত ইউৰোপত, বিশেষকৈ ফ্ৰান্সত, যি জ্ঞানবাদী আন্দোলন (Enlightenment) গঢ়ি উঠিছিল, ডিডেৰো (১৭১৩-১৭৮৪), হেলভিচিয়াচ (১৭১৫-১৭৭১), ভলটেয়াৰ (১৬৯৪-১৭৭৮) প্ৰমুখ্যে সেই আন্দোলনৰ তাত্ত্বিক নেতাসকলে বাইবেল তথা খ্ৰীষ্ট ধৰ্মক যুক্তি আৰু ঐতিহাসিক বিশ্লেষণৰ সহায়ত নস্যাৎ কৰাৰ চেষ্ট কৰে‌। তদুপৰি ইংলেণ্ডত ডেভিড হিউমে (১৭৭১-১৭৭৬) তেওেঁৰ যুক্তিবাদ আৰু প্ৰয়োগবাদৰ (positivism) যোগেদি শাস্ত্ৰীয় খ্ৰীষ্টধৰ্মৰ ভেঁটি কঁপাই তোলে‌। জাৰ্মানিত ইমানুৱেল কান্ট (১৭২৪-১৮০৪) তেওঁৰ Critique of Pure Reason গ্ৰন্থত দেখুৱায় যে ঈশ্বৰৰ অস্তিত্বৰ কোনো যুক্তিগ্ৰাহ্য প্ৰমাণ নাই, যদিও তেওঁ তেওঁৰ Critique of Practical Reason গ্ৰন্থত ঈশ্বৰ বিশ্বাসৰ ব্যৱহাৰিক গুৰুত্ব স্বীকাৰ কৰে‌।

এই যুক্তিবাদী প্ৰবাহৰ ফলস্বৰূপে ঊনৈশ শতিকাত যীশুৰ জীৱন কাহিনীক “নিউ টেষ্টামেন্ট”ত বৰ্ণিত সমস্ত অলৌকিকতাৰপৰা মুক্ত কৰি এজন আদৰ্শ লৌকিক মানুহৰ জীৱন হিচাপে দেখুওৱাৰ চেষ্টা কৰা হয়‌। পলাছে (Paulus) ১৮২৮ চনত এখন যীশুচৰিত ৰচনা কৰে‌, য’ত তেওঁ যীশুৰ অলৌকিক জন্ম, জীৱনৰ সমস্ত অলৌকিক কাৰ্যকলাপ তথা পুনৰ্জীৱিত হৈ কবৰৰপৰা উঠি অহাৰ কাহিনীক অসত্য আৰু অবিশ্বাস্য বুলি ঘোষণা কৰে‌। আৰু এটা বিখ্যাত উদাহৰণ ৰেনান বা ৰঁনেৰ (১৮২৩-১৮৯২) Life of Jesus (১৮৬৩), য’ত তেওঁ একেই পদ্ধতিত সমস্ত অলৌকিকতা বৰ্জন কৰি যীশুক এজন সাধাৰণ কিন্তু আদৰ্শ মানুহৰূপে দেখুৱাবৰ চেষ্ট কৰিছে‌। জাৰ্মানিৰ টুৰিংগেন বিশ্ববিদ্যালয়ৰ ধৰ্মশিক্ষকসকলেও (Turingen School) অলৌকিকতা বৰ্জিত যীশুকাহিনী প্ৰচাৰ কৰে‌। কিন্তু এইদৰে যীশুক ঈশ্বৰৰৰ পুত্ৰৰূপে গণ্য কৰিবলৈ অস্বীকাৰ কৰা আৰু “নিউ টেষ্টামেন্ট”ৰ কাহিনীসমূহক অসত্য বুলি ঘোষণা কৰা আছিল ধৰ্মগ্ৰন্থ হিচাপে বাইবেলৰ মূলত কুঠাৰাঘাত কৰাৰেই সমান‌। আকৌ আনফালে ডেভিড ষ্ট্ৰাউছ (১৮০৮-১৮৪৭) আৰু ব্ৰুনো বয়াৰ (১৮০৯-১৮৮২) প্ৰমুখ্যে ‘ইয়ং হেগেলিয়ান’সকলে ‘নিউ টেষ্টামেন্ট’ক সম্পূৰ্ণ নকল কৰা, সাজি কোৱা ধৰ্মগ্ৰন্থ হিচাপে দেখুওৱাৰ চেষ্টা কৰে‌। বিশেষকৈ ব্ৰুনো বয়াৰে দেখুৱাবলৈ চেষ্টা কৰে যে ‘নিউ টেষ্টামেন্ট’ৰ প্ৰায় সকলোৱেই আলেকজেণ্ড্ৰিয়াৰ ইহুদি দাৰ্শনিক ফাইলো আৰু ৰোমান দাৰ্শনিক ছেনেকাৰপৰা লোৱা‌। তেওঁ ফাইলোক খ্ৰীষ্ট ধৰ্মৰ পিতা আৰু চেনাকাক ককাক ৰূপে চিহ্নিত কৰে‌। কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডৰিখ এংগেলছে খ্ৰীষ্টধৰ্মৰ উৎপত্তিৰ বস্তুবাদী বিশ্লেষণ কৰি বাইবেলৰ জাগতিক উৎস উন্মোচিত কৰে‌। বিংশ শতাব্দীতো বাইবেলৰ সমালোচনা থমকি ৰোৱা নাই‌। এলবাৰ্ট শ্বোৱাইটজাৰে ১৯০৬ চনত প্ৰথম প্ৰকাশিত তেওঁৰ Quest of the Historical Jesus গ্ৰন্থত যীশুৰ ঐতিহাসিকতা সম্বন্ধে গভীৰ সন্দেহ কৰে‌। প্ৰথম মহাযুদ্ধৰ পাছত জাৰ্মানিত কাৰ্ল লুডউইগ স্নিডে দেখুৱাবলৈ চেষ্টা কৰে যে মাৰ্কৰ যীশু কাহিনীটোৱেই প্ৰথমে ৰচিত আৰু এইটো আছিল বহুলাংশে কল্পিত‌। ইয়াৰ অনুকৰণতে পৰৱৰ্তী কালত লুক, মেথিউ আৰু জনে অন্য তিনিটা কাহিনী ৰচনা কৰে‌, আনহাতে ইয়াৰ কোনোটোৱেই বাস্তৱ ঐতিহাসিক ঘটনাৰ বিৱৰণ নহয়‌। এই গৱেষণা আৰু সমালোচনাৰ ধাৰা এতিয়াও অব্যাহত আছে‌। বিশেষকৈ ১৯৪৭ চনত ডেড চি হ্ৰদৰ পাৰত কামৰান অঞ্চলত প্ৰাচীন ইচিন সম্প্ৰদায়ৰ ধৰ্মীয় পুথিবোৰ আৱিষ্কাৰৰ পাছৰপৰা বাইবেল গৱেষণা আৰু জোৰদাৰ হৈছে‌। এই সকলোৰে গভীৰলৈ যোৱা এতিয়া সম্ভৱ নহয়‌। আমি ইয়াত কেৱল যীশু-কাহিনীবোৰৰ সম্বন্ধে বিশেষজ্ঞসকলৰ কেইটিমান যুক্তিপূৰ্ণ সিদ্ধান্ত সংক্ষেপে উল্লেখ কৰিম‌।

প্ৰথম কথা, ঈশ্বৰৰ পুত্ৰৰূপে যীশুৰ অলৌকিক জন্ম, অসংখ্য অলৌকিক কাৰ্যকলাপ, ক্ৰুছত মৃত্যুৰ যোগেৰে মানৱ জাতিৰ উদ্ধাৰ, কবৰৰপৰা পুনৰুত্থান আদিৰ কাহিনী বৈজ্ঞানিক গৱেষণাৰ সন্মুখত টিকি নাথাকিল‌। এই কথা নিঃসন্দেহে প্ৰমাণিত হৈছে যে প্ৰাচীন মিছৰ, বেবিলন, ছিৰিয়া আৰু গ্ৰীচৰ ওছিৰিছ, তাম্বুজ, এডোনিছ, এটিছ, ডাইওনিছাছ প্ৰভৃতি কল্পিত উদ্ধাৰকৰ্তা দেৱতাৰ অতিকথাৰ মাজতেই যীশুকাহিনীৰ উৎস নিহিত আছিল‌। যীশুৰ ক্ৰুছত মৃত্যু আৰু পুনৰুত্থান সেইবোৰ প্ৰাচীন মিছৰীয়, গ্ৰীক (এলিউছিনীয় ৰহস্যমালা বা Eleusinian Mysteries) আৰু অন্যান্য প্ৰাচীন “ৰহস্য”ৰপৰাই গঢ়ি উঠিছে য’ত সূৰ্য, শস্য, মানুহ প্ৰভৃতিৰ মৃত্যূ আৰু পুনৰ্জন্মৰ নাটকীয় কল্পনা তথা অতিকথা নিৰ্মাণ হৈছিল‌। মেৰী চৰিত্ৰৰ উৎস মিছৰীয় আইছিছৰ মাজত বিচাৰি পোৱা গৈছে‌। ইষ্টাৰ, খ্ৰীছমাছ প্ৰভৃতি উৎসৱসহ প্ৰায়বোৰ খ্ৰীষ্ট ধৰ্মৰ আচাৰ-অনুষ্ঠানেই প্ৰাচীনতৰ অখ্ৰীষ্টিয়ান (Pagan) ধৰ্মবোৰৰ মাজত পোৱা গৈছে‌। আদি পাপৰ তত্ত্ব আৰু একেশ্বৰবাদ ইহুদিসকলৰপৰা লোৱা‌। কোনো কোনো পণ্ডিতে এই মত পোষণ কৰে যে যীশু চৰিত্ৰ প্ৰকৃততে প্ৰাচীনতৰ সূৰ্য দেৱতাৰ ৰূপক মাত্ৰ‌, বাস্তৱ ঐতিহাসিক চৰিত্ৰ নহয়‌। দ্বিতীয়তে, কেতবোৰ অকাট্য ঐতিহাসিক তথ্যৰপৰা প্ৰমাণ হৈছে যে চাৰিওটা যীশু কাহিনীয়েই সম্ভাব্য জীৱন কালৰ বহু পাছত ৰচিত‌। যীশু যদি সঁচাকৈয়ে ঐতিহাসিক মানুহ হয়, তেনেহ’লে তেওঁৰ সমসাময়িকভাৱে যিসকল বিখ্যাত ঐতিহাসিক আছিল, তেওঁলোকৰ মাজত এজনেও তেওঁৰ কথা ক’তো উল্লেখ নকৰিলে‌। খ্ৰীষ্টীয় দ্বিতীয় শতাব্দীৰ শেষৰ ফালে ছেইন্ট আইৰেনিয়াছৰ লেখাতেই সৰ্বপ্ৰথম যীশুৰ সামান্য উল্লেখ পোৱা যায়‌। যিবোৰ গ্ৰীক পেপিৰাছৰ ভিত্তিত যীশুৰ চাৰি কাহিনী সংকলিত হৈছিল, সেইবোৰ একেলগে একে ঠাইতে পোৱা নাছিল‌। নানা ঠাইৰপৰা বহুবোৰ টুকুৰা জোগাৰ কৰি প্ৰায় ইচ্ছানুযায়ীয়েই সংকলিত কৰা হৈছিল‌। তদুপৰি অষ্টম শতাব্দীৰ আগলৈকে খ্ৰীষ্টীয় শিল্পকলাত ক’তো ক্ৰুছবিদ্ধ যীশুৰ প্ৰতিমূৰ্তি পোৱা যোৱা নাই‌। বহু গৱেষকে সিদ্ধান্ত লৈছে যে প্ৰাচীনতৰ অতিকথাবোৰৰপৰা ক্ৰমশঃ যীশুৰ চৰিত্ৰ গঢ়ি তোলা হৈছে‌, আৰু প্ৰধানকৈ খ্ৰীষ্টীয় তৃতীয় শতাব্দীৰ পাছৰপৰা যীশুকাহিনী লিখা হৈছে‌। যিসকলে এইবোৰ কাহিনী ৰচনা কৰিছিল তেওঁলোকৰ সংশ্লিষ্ট এলেকাৰ ইতিহাস আৰু ভূগোল সম্বন্ধে সঠিক জ্ঞান নাছিল‌। বাৰে বাৰে কৰা সংশোধন আৰু পৰিমাৰ্জনৰ পাছতো বিভিন্ন যীশুকাহিনীৰ মাজত বহু পাৰ্থক্য তথা স্ববিৰোধ ৰৈ গৈছে‌ (১)‌। তৃতীয়তে, যীশুকাহিনীবোৰৰ মাজত উচ্চ নীতিবোধ সমৃদ্ধ বহু বক্তব্য থকা সত্ত্বেও সমাজৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক কাঠামোৰ পৰিবৰ্তনৰ সপক্ষে কোনো বক্তব্য নাই‌। ছিজাৰৰ পাৰ্থিৱ ৰাজ্যৰ প্ৰদেয় তেওঁক দি তাৰ পাছত ঈশ্বৰৰ ৰাজ্যৰ প্ৰদেয় ঈশ্বৰক দিবলৈ জনগণৰ প্ৰতি যীশুৰ নিৰ্দেশ সৰ্বজন বিদিত‌। তদুপৰি যীশুৰ প্ৰবচনত দৰিদ্ৰৰ প্ৰতি সহমৰ্মিতা থাকিলেও অন্ততঃ তিনিটা কাহিনীত ধনী-দৰিদ্ৰৰ অসাম্যক সমৰ্থন জনোৱা হৈছে‌ (মেথিউ ১৩‌।১২, ২৫‌।২৯; মাৰ্ক ৪‌।২৫; লুক ৮‌।১৮, ১৯‌।২৬)‌। ক্ৰীতদাসৰ মুক্তিৰ কোনো উল্লেখ নাই‌। প্ৰকৃততে আদি খ্ৰীষ্ট ধৰ্মত ক্ৰীতদাসৰ মুক্তিৰ কোনো কথাই নাই‌, যদিও সেই অমানৱিক প্ৰথা সেই সময়ত ৰোমান সাম্ৰাজ্যত বহুলভাৱে প্ৰচলিত আছিল‌। এই ভিত্তিতেই ছেইণ্ট পলে মালিকৰ ঘৰৰপৰা তেওঁৰ ওচৰলৈ গুচি অহা ক্ৰীতদাসক মালিকৰ ওচৰলৈ ঘূৰি গৈ আত্মসমৰ্পণ কৰিবলৈ কৈছিল‌ আৰু পৰৱৰ্তী কালত ছেইণ্ট আগস্টাইনে কৈছিল যে দৰিদ্ৰ আৰু দাসত্ব আদি পাপ তথা পুঞ্জীভূত পাপৰ ফল‌। গতিকে বাইবেল আৰু খ্ৰীষ্টধৰ্মই প্ৰথমে ৰোমান সাম্ৰাজ্যৰ ক্ৰীতদাস আৰু নিপীড়িতসকলৰ মাজত কিছু পৰিমাণে প্ৰভাৱ পেলালেও পৰৱৰ্তী কালত ৰাষ্ট্ৰশক্তিৰ প্ৰয়োগত তথা পুৰোহিত শ্ৰেণীৰ সহায়তাত ৰক্ষিত, পৰিবৰ্তিত আৰু প্ৰচাৰিত হৈছিল, এই সিদ্ধান্তই যুক্তিসন্মত (২)‌।

কোৰান শৰীফত লেখা আছে যে এই ধৰ্মগ্ৰন্থ আল্লাহৰ ওচৰত এখন ফলকত ৰক্ষিত বৃহত্তৰ ধৰ্মগ্ৰন্থৰপৰা প্ৰত্যাদেশৰ ৰূপত হজৰত মহম্মদৰ ওচৰলৈ নামি আহিছিল‌। এই ধৰ্মগ্ৰন্থৰ চুৰা আৰু আয়াতবোৰো নামি আহিছিল দেৱদূত জেব্ৰাইলৰ যোগেৰে, আৰু সেইবোৰ লগে লগেই হজৰত মহম্মদৰ অনুগামীসকলে মুখস্থ কৰি পেলায় আৰু পাছত চামৰা, হাড় বা শিলৰ ওপৰত লিখি ৰাখে‌। এইদৰেই তেইশ বছৰ ধৰি মক্কা আৰু মদিনাত নামি অহা চুৰাবোৰৰ সংকলনেই কোৰান শৰীফ‌। কোৰান অন্যান্য কিছু ধৰ্মগ্ৰন্থৰ দৰে কল্পিত নহয়‌। কিন্তু তথাপিও অলৌকিকভাৱে অৱতৰণৰ মূল সমস্যাৰ উপৰিও ধৰ্মগ্ৰন্থ হিচাপে কোৰানত কিছু মৌলিক সমস্যা নিহিত আছে‌। প্ৰথম কথা, হাদীচ শৰীফতো (যি সম্ভৱতঃ হিন্দু ধৰ্মৰ স্মৃতিৰ পৰম্পৰাৰ স’তে তুলনীয়) হজৰত মহম্মদৰ বহু প্ৰবচন আছে, যিবোৰক প্ৰত্যাদেশ ৰূপে গণ্য কৰা নহয় বুলি কোৰানত অন্তৰ্ভুক্ত কৰা হোৱা নাই‌। দ্বিতীয়তে, কোৰানত কেইবাঠাইতো লিখা আছে যে প্ৰত্যাদেশ পাহৰি যোৱা সম্ভৱ‌। গতিকে সকলোবোৰ প্ৰত্যাদেশ কোৰানত নাথাকিবও পাৰে‌। তৃতীয়তে, বহু কোৰান বিশেষজ্ঞৰ মতে অন্ততঃ এটা ক্ষেত্ৰত হজৰত মহম্মদে প্ৰথমে যাক প্ৰত্যাদেশ বুলি ঘোষণা কৰিছিল, কিছুকাল পাছত সেয়া প্ৰত্যাহাৰ কৰি লৈছিল‌। কাহিনীটো হ’ল এনেকুৱা যে মক্কাৰ ডাঙৰ ব্যৱসায়ীসকলে যেতিয়া হজৰত মহম্মদৰ বিৰোধিতা কৰিছিল আৰু তেওঁ চিন্তা কৰিছিল কিদৰে এওঁলোকক ইছলাম ধৰ্ম গ্ৰহণ কৰোৱা যায়, তেতিয়া তেওঁ এই প্ৰত্যাদেশ পায় যে এই ব্যৱসায়ীসকলৰদ্বাৰা পূজিত তিনিগৰাকী দেৱীয়ে (যাৰ মন্দিৰ মক্কাৰ কাষতেই আছিল) বিশ্বাসীসকলৰ মৃত্যুৰ পাছত তেওঁলোকৰ হৈ আল্লাৰ ওচৰত চুপাৰিচ কৰিব পাৰে‌। এই প্ৰত্যাদেশ শুনোৱাৰ পাছত সেই ব্যৱসায়ীসকলে তেওঁৰ অনুগামী হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে‌। কিন্তু পৰৱৰ্তী কালত দেৱদূত জেব্ৰাইলে মহম্মদক কয় যে এই প্ৰত্যাদেশ আল্লাহৰ পৰিবৰ্তে শয়তানেহে তেওঁৰ মুখেৰে কোৱাইছিল। তেতিয়া এই প্ৰত্যাদেশ চুৰা ৫৩ৰপৰা প্ৰত্যাহাৰ কৰি নিয়া হয়‌ (৩)‌। এইদৰে পাছত বাদ দিয়া আয়াতবোৰকেই “শয়তানৰ পদ্য” বা Satanic Verses বুলি কোৱা হয়‌। চলমান ৰুছদিয়ে এই উৎসৰপৰাই অত্যন্ত বিকৃত কল্পনাৰ ভিত্তিত তেওঁৰ এই নামৰ কাব্যগ্ৰন্থ ৰচনা কৰিছিল‌। পৰিশেষত উল্লেখ্য, হজৰত মহম্মদৰ মৃত্যুৰ বেছ কিছুদিন পাছত তেওঁৰ প্ৰথম শহুৰ আৰু প্ৰথম খলিফা আবু বকৰে কোৰান সংকলন কৰাৰ প্ৰথম উদ্যোগ গ্ৰহণ কৰে‌। পৰৱৰ্তী খলিফা ওমৰৰ সময়ত এই কাম চলি থাকে‌। তৃতীয় খলিফা উথমানৰ সময়তো হেনো কোৰানৰ বহুকেইটা বেলেগ বেলেগ ভাষ্য প্ৰচলিত আছিল‌। কোনো কোনো পাশ্চাত্য বিশেষজ্ঞই এই মত প্ৰকাশ কৰিছে যে বৰ্তমান প্ৰচলিত কোৰান প্ৰকৃত পক্ষে আগৰ বহু বিভিন্ন ভাষ্যৰপৰা নৱম শতাব্দীতে সংকলিত হৈছিল, আৰু তাৰ পাছতো কিছু পৰিমাণে সংশোধিত হৈছিল‌।

   কোৰানৰ দ্বিতীয় চুৰাৰপৰা আৰম্ভ কৰি প্ৰায় প্ৰতিটো চুৰাতেই বহুসংখ্যক আৰু নানাধৰণৰ অবিশ্বাসীসকলৰ উল্লেখ, তেওঁলোকৰ বিভিন্ন যুক্তি আৰু তেওঁলোকৰ ভয়াৱহ পৰিণতিৰ সাৱধানবাণী উচ্চাৰিত হয়‌। ইয়াৰপৰা ভাব হয় হজৰত মহম্মদৰ জীৱিত কালত বহু মানুহে ৰচুল হিচাপে তেওঁক, তথা আল্লাৰ বাণী হিচাপে কোৰানৰ আয়াতবোৰ গ্ৰহণ কৰা নাছিল‌। দ্বিতীয়তে ষষ্ঠ চুৰাৰ প্ৰথম আয়াতত স্পষ্টকৈ কোৱা হৈছে যে কোৰানৰ আয়াতবোৰ আল্লাৰ বাণী ৰূপে অৱতীৰ্ণ হৈছে, এই কথা অধিকাংশ মানুহে বিশ্বাস নকৰে‌ (কোৰান শৰীফ ৬‌।১)‌। অন্যত্ৰ আৰু এটা আয়াত অনুযায়ী বহু মানুহে হজৰত মহম্মদক কয়, তুমি আল্লাৰ প্ৰেৰিত নহয় (কোৰান শৰীফ, ৬‌।৪৯)‌। আকৌ আন এটি আয়াতত আছে, অবিশ্বাসীসকলৰ এক অংশই কয় যে কোৰানৰ আয়াতবোৰ পৌৰাণিক উপকথা মাত্ৰ (কোৰান শৰীফ, ৬৭‌।১৫)‌। এই প্ৰসংগত উল্লেখযোগ্য যে হজৰত মহম্মদে বাইবেলৰ ইহুদি ধৰ্মৰ অতিকথাবোৰ মানি লৈছিল আৰু কোৰানত বাৰে বাৰে আদম, নোৱাহ, মুচা, ইচৰাইল, ইব্ৰাহিম প্ৰভৃতিৰ বিভিন্ন কাহিনীৰ উল্লেখ কৰিছিল‌। এইদৰেই কোৰানৰ আভ্যন্তৰীণ সাক্ষ্যৰপৰাই দেখা যায় যে আল্লাৰ বাণীসম্বলিত ধৰ্মগ্ৰন্থ ৰূপে কোৰানে হজৰত মহম্মদৰ জীৱনকালতেই আৰব দেশৰ অধিকাংশ মানুহৰ ওচৰতেই স্বীকৃতি পোৱা নাছিল‌। আকৌ হজৰত মহম্মদৰ সাফল্য দেখি তেওঁৰ জীৱিত কালতেই আৰু তিনিজন প্ৰভাৱশালী লোকে পৃথকে পৃথকে নিজকে আল্লাৰ ৰচুল বুলি ঘোষণা কৰে আৰু “আল্লাৰ বাণী” প্ৰচাৰ কৰি বহুসংখ্যক অনুগামী সংগ্ৰহ কৰিবলৈও সমৰ্থ হয়‌। হজৰত মহম্মদৰ মৃত্যৰ পাছত আবু বকৰে যুদ্ধ কৰি এজনৰ পাছত এজনকৈ এওঁলোকক পৰাস্ত কৰাৰ পাছতেই হজৰত মহম্মদ আল্লাৰ একমাত্ৰ ৰচুল বুলি স্বীকৃতি পাবলৈ ধৰে‌ (৫)‌।

গ্ৰীক বিজ্ঞান-দৰ্শনৰ গ্ৰন্থবোৰ আৰবী ভাষালৈ অনূদিত আৰু প্ৰচাৰিত হোৱাৰ পাছত অষ্টম-নৱম শতাব্দীত মুক্ত চিন্তাত উদ্বুদ্ধ হৈ মুতাজিলা সম্প্ৰদায়ৰ মুছলমানসকলে কোৰানৰ অলৌকিকতাক অস্বীকাৰ কৰে‌। তেওঁলোকে কয় যে কোৰান মানুহৰ ৰচনা, আল্লাৰ প্ৰত্যাদেশ নহয়‌। আৰু হজৰত মহম্মদৰ দৰে স্থূল দেহবিশিষ্ট ৰক্তমাংসৰ মানুহৰ পক্ষে আকাশ ভেদ কৰি আল্লাৰ স’তে কোৰানত বৰ্ণিত সাক্ষাৎকাৰ অসম্ভৱ বুলি ঘোষণা কৰে‌। তদুপৰি কোৰানৰ আল্লাৰ বিভিন্ন বৰ্ণনা অস্বীকাৰ কৰি কয় যে আল্লা নিৰাকাৰ, নিৰ্গুণ, আৰু অনন্তকালেই তেওঁৰ একমাত্ৰ লক্ষণ‌। পাপীসকলক ঈশ্বৰৰদ্বাৰা বিপথে চালনা আৰু নৰকত শাস্তি দিয়াৰ তত্ত্বকো তেওঁলোকে অযৌক্তিক বুলি ঘোষণা কৰে‌। বহুকেইজন খলিফাই মুতাজিলাসকলক এই ক্ষেত্ৰত সমৰ্থন কৰে‌ আৰু কিছুকাল চিয়া-চুন্নী নিৰ্বিশেষে মুতাজিলাসকলেই ধৰ্মৰ ব্যাখ্যাত নিজৰ প্ৰাধান্য প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল‌ (৬)‌। তাৰ পাছত অৱশ্যে মুতাজিলাসকলেই মৌলবাদীৰ প্ৰতি আক্ৰমণত পৰ্যুদস্ত হয়‌। কিন্তু পৰৱৰ্তী কালত ইছলাম ধৰ্মৰ চুফী সম্প্ৰদায়ে আকৌ কোৰানৰ চুৰা আৰু আয়াতবোৰক আক্ষৰিক অৰ্থত নলৈ ৰূপক হিচাপে গ্ৰহণ কৰে‌ আৰু আল্লা আৰু মানুহৰ সম্পৰ্ক সম্পৰ্কৰ বিষয়ে এক মৰমীয়া চিন্তাধাৰা আৰু প্ৰক্ৰিয়া গঢ়ি তোলে‌। মধ্যযুগৰ ইছলামত এওঁলোকৰ গভীৰ প্ৰভাৱ আছিল‌। আকৌ ঊনবিংশ শতাব্দীৰ দ্বিতীয়াৰ্ধত গঢ়ি উঠা আহমদীয় সম্প্ৰদায়ৰ মুছলিমসকলে নিজকে প্ৰকৃত মুছলিম বুলি ঘোষণা কৰিলেও কোৰানৰ এই উক্তি নামানে যে হজৰত মহম্মদেই আল্লাহৰ প্ৰেৰিত শেষ নবী‌। তেওঁলোকে হজৰত মিৰ্জা গুলাম আহমদক (১৮৩৫-১৯০৮) আল্লাহৰ পৰৱৰ্তী ৰচুল বুলি গণ্য কৰে‌।

কোৰান মূলতঃ হাম্বুৰাবিৰ অনুশাসন নাইবা মনুস্মৃতিৰ দৰে মানৱ জীৱনৰ তথা সমাজৰ সকলো ক্ষেত্ৰতে ব্যৱহাৰিক অনুশাসনৰ সংহিতাৰূপে ৰচিত‌। কিন্তু নিষ্ঠাসহকাৰে কোৰান পাঠ কৰিলে এই সত্য স্পষ্ট হৈ উঠে যে একমাত্ৰ পৌত্তলিক, অংশীবাদী আৰু নাস্তিকসকলৰ বাদে অন্য সকলো ধৰ্ম বিশ্বাস তথা ধৰ্মীয় ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা, নিৰ্ভেজাল একেশ্বৰবাদ, ধৰ্মৰ কুজ্ঝটিকাহীন সৰলতা, আৰু সৰ্বোপৰি সামাজিক সাম্যৰ ফালৰপৰা কোৰান পৃথিৱীৰ অন্য যিকোনো ধৰ্মগ্ৰন্থতকৈ শ্ৰেষ্ঠ‌। বিশেষকৈ মনুস্মৃতি আৰু ভগৱদ্গীতাই যি গভীৰ আৰ্থ সামাজিক অসাম্যৰ ঐশ্বৰীয় সমৰ্থনত কলুষিত, তাৰ বিপৰীত মেৰুত ধৰ্মগ্ৰন্থৰূপে কোৰানৰ অৱস্থান‌। আৰু বেদৰ নিৰ্ভেজাল ব্যক্তিস্বাৰ্থৰদ্বাৰা অনুপ্ৰাণিত প্ৰাৰ্থনাৰ পৰিবৰ্তে কোৰানত বাৰম্বাৰ পোৱা যায় সমাজৰ বাবে ব্যক্তি-স্বাৰ্থ ত্যাগৰ সুস্পষ্ট নিৰ্দেশ‌। এই কাৰণেই ইছলাম ধৰ্মই সমকালীন আৰবৰ অনুন্নত আৰু বহুধাবিভক্ত উপজাতিবোৰক সহজে এক কৰি শক্তিশালী ৰাষ্ট্ৰ স্থাপনৰ সহায়ক হ’ব পাৰিছিল‌ তথা বিপুল শক্তিত পৃথিৱীৰ অন্য ঠাইত বিয়পি পৰিবলৈ সমৰ্থ হৈছিল‌।

কিন্তু আমি বৰ্তমান যথাক্ৰমে মহাবিশ্বৰ বিবৰ্তন আৰু মানৱ আৰু ইয়াৰ সভ্যতাৰ বিবৰ্তনৰ চিত্ৰ পাইছো, অন্যান্য ধৰ্মগ্ৰন্থৰ কল্পিত অলৌকিকতাৰ দৰেই কোৰানৰ অলৌকিকতা তাৰ স’তে সংগতিহীন‌। কোৰানৰ প্ৰত্যাদেশিত ৰূপ, স্বৰ্গৰ সিংহাসনত বহি আল্লাৰদ্বাৰা মৃত মানুহৰ বিচাৰ, স্বৰ্গ-নৰকৰ বৰ্ণনা, দেৱদূত-ফেৰেষ্টা-হুৰীৰ বিশ্বাস, আসন্ন কেয়ামতৰ দিনৰ তথা নৰক যন্ত্ৰণাৰ ভয়াৱহ বৰ্ণনা, পৃথিবীৰ সকলো মৃত মানুহ কেয়ামতৰ দিনা উঠি অহাৰ ভৱিষ্যৎবাণী, অবিশ্বাসীসকলৰ প্ৰতি বাৰম্বাৰ সতৰ্কবাণী প্ৰভৃতি কোৰানৰ বহু মূল বক্তব্যই মহাবিশ্ব, পৃথিৱী আৰু মানৱ সমাজৰ বিবৰ্তন সম্বন্ধে বৈজ্ঞানিক আৰু যুক্তিবাদী দৃষ্টিভংগীৰ পৰিপন্থী‌। গতিকে অন্যান্য ধৰ্মগ্ৰন্থৰ দৰেই কোৰানক আমি এখন দেশৰ ইতিহাসৰ এক বিশেষ পৰ্যায়ত, জাগতিক প্ৰয়োজনত ৰচিত ধৰ্মগ্ৰন্থ হিচাপেই বিবেচনা কৰিম‌।

পৃথিৱীৰ কেইখনমান প্ৰধান প্ৰধান ধৰ্মগ্ৰন্থ সম্বন্ধে ওপৰৰ আলোচনাৰপৰা আশা কৰোঁ এই কথা স্পষ্ট হৈছে যে সকলো ধৰ্মগ্ৰন্থই দেশকালৰ ৰাজনৈতিক-অৰ্থনৈতিক-সামাজিক প্ৰয়োজনৰপৰা উদ্ভূত হৈছিল, অলৌকিক উৎসৰপৰা নহয়‌। বিশেষকৈ জনজাতিপ্ৰধান সমাজত যেতিয়া বৃহত্তৰ ঐক্য আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ঐতিহাসিক প্ৰয়োজনে দেখা দিছিল, তেতিয়াই এই ঐতিহাসিক-জাগতিক প্ৰয়োজন পূৰোৱাৰ অন্যতম উপায় হিচাপেই বৃহত্তৰ জনগোষ্ঠীৰ গ্ৰহণযোগ্য সমন্বয়ধৰ্মী ধৰ্মগ্ৰন্থ আৰু ধৰ্ম ৰচিত হৈছিল‌। আৰু এই ঐতিহাসিক-জাগতিক কাৰণতেই এসময়ত বৰ্তমান প্ৰচলিত ধৰ্ম তথা ধৰ্মগ্ৰন্থবোৰ গঢ়ি উঠিছিল‌। ধৰ্মগ্ৰন্থবোৰেই আছিল বিভিন্ন ধৰ্মৰ ভিত্তি তথা মূল পৰিচয়‌। মানুহৰ বিবৰ্তনৰ কষটি শিলত বিচাৰ কৰি সহজেই ক’ব পৰা যায় যে জ্ঞান-বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানৱ সমাজে ভবিষ্যতে আৰু বৃহত্তৰ ঐক্যৰ পথত আগুৱাব‌, আৰু তেতিয়া এইবোৰ ধৰ্মগ্ৰন্থ আৰু তাৰ ওপৰত বৰ্তি থকা সংগঠিত ধৰ্মবোৰো ক্ৰমশঃ ব্যক্তিজীৱন আৰু সমাজজীৱনৰ বিকাশৰ বাবে অপ্ৰয়োজনীয়, অবান্তৰ, আনকি প্ৰতিবন্ধক হৈ উঠিব‌।

কিন্তু প্ৰশ্ন উঠে, সকলো ধৰ্মগ্ৰন্থৰ স্বৰূপেই যেতিয়া জাগতিক-ঐতিহাসিক পটভূমিত ব্যখ্যা কৰা সম্ভৱ, তেন্তে পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে কিয় ইমান দিন ধৰি এইবোৰক অলৌকিক জ্ঞান কৰি আহিছে আৰু নিজৰ আত্মপৰিচয়ৰ অন্যতম নিদৰ্শন হিচাপে গ্ৰহণ কৰি চলিছে‌। ব্যক্তি এজনে এই ধৰ্মগ্ৰন্থবোৰ আৰু তাৰ মাজত নিহিত ধৰ্মবোৰ জন্মসূত্ৰে পায়‌। আৰু বাল্যকালৰপৰা পাৰিবাৰিক শিক্ষা তথা সামাজিক আৰু পাৰিপাৰ্শ্বিক চাপত পৰি সেইবোৰ আত্মস্থ কৰি পেলায়‌। ক্ৰমে এটা বিশেষ ধৰ্মবিশ্বাস আৰু সংশ্লিষ্ট ব্যৱহাৰ বিধি নিশ্বাস-প্ৰশ্বাসৰ দৰেই অচেতন অভ্যাস হৈ উঠে‌। আৰু তাৰপৰাই মানৱ জাতি বহু কৃত্ৰিম বিভাজনত বিভক্ত হৈ পৰস্পৰ সংঘাত আৰু হানাহানিতো লিপ্ত হয়‌। ধৰ্মগ্ৰন্থ আৰু ধৰ্ম দীৰ্ঘজীৱী হোৱাৰ আৰু বহু কাৰণ মানুহৰ ব্যক্তিজীৱন, তথা ৰাষ্ট্ৰীয় জীৱনৰ মাজত নিহিত হৈ আছে‌।

পাদটীকা :

১) বাইবেল সংক্ৰান্তীয় গৱেষণা আৰু পৰ্যালোচনাৰ বাবে চাওক, The Cambridge History of the Bible, Vol.1: From the Beginnings to Jerom, ed. P.R. Ackroyd and C.E. Evans, Cambridge University Press, Cambridge, 1970; vol.2: The West from the Fathers to the Reformation to the Present Day, ed. SC. Greenslade, Cambridge University Press, Cambridge, 1963.

বাইবেলৰ ওপৰত মিছৰীয়, ছুমেৰীয়-বেবিলনীয় আৰু গ্ৰীক প্ৰভাৱ, বাইবেল ৰচনা আৰু যীশুৰ ঐতিহাসিকতা আদিৰ সমালোচনামূলক গৱেষণাৰ বাবে চাওক, James George Frazer, The Golden Bough: A Study in Magic and Religion, Macmillan, London, 1957; Albert Schwetzer, The Quest of Historical Jesus, Peter Smith, London, 1911 (first published 1907); Alvin Boyd Kuhn, Who is this King of Glory?, Academy Press, Elizabeth, N.J., 1944; Shadow of the Third Century: A Revaluation of Christanity, Academy Press, Elizabeth, N.J., 1949; A Robertson, The Origin of Christianity, Lawrence and Winshart, London, 1962; Frederick Engels, “Bruno Bauer and Early Christianity”, “The Book of Revelation”, and “On the History of Early Christanity” in Marx and Engels On Religion, Progress Publishers, Moscow, 1981.

২) বিস্তাৰিত আলোচনাৰ বাবে চাওক, Edward Gibbson, The Decline and Fall of the Roman Empire, Chatto and Windus, London, 1960, chs. 20-21; Fredrick Engels, “On the Early History of Christianity”, op.cit.

৩) Encyclopedia of Religion, ed. Mircea Eliade, Macmillan, New York, 1987. Vol. 10, p. 139.

৪) Alfred Guillume, Islam, Penguin, Harmondsworth, 1954, pp. 57-58; Encyclopedia of Religion, op. cit., Vol. 12, pp. 156-176.

৫) Edward Atiyah, The Arabs, Penguin, Harmondsworth, 1955, p. 31.

৬) Alfred Gillaum, op. cit., ch. 7.

 

মূল: জয়ন্তানুজ বন্দোপাধ্যায়

অনুবাদ: বৰ্ণালী বৰুৱা দাস

Share Button
Print Friendly, PDF & Email

No Comments : "ধৰ্মগ্ৰন্থৰ স্বৰূপ - ২য় খণ্ড"

Leave a Comment

Your email address will not be published. Required fields are marked *