ধোদৰ বাকৰিত বিহুঃ এক বক্ৰৰৈখিক গতিধাৰা-(ৰক্তিম শৰ্মা)

ধোদৰ বাকৰিত বিহু বুলি কোনোবাই যদি কয় আমি আৱেগিক অসমীয়াই কিজানি জকজকাই উঠিম। তাৰ অৰ্থ হ’ল অসমীয়াই নিজকে ধোদ বুলিব নোখোজে৷ আচলতে কোনো আত্মসন্মানবোধ থকা জাতিয়েই তেনে এক অভিধা সহজভাবে ল’ব নোৱাৰাটো স্বাভাৱিক। কিন্তু ইতিহাসক জানো উলাই কৰিব পাৰি! আমি জাতিটো দৈহিক আৰু মানসিকভাবে ধোদৰ শাৰীলৈ কিয় অধঃনমিত হ’ব লগা হ’ল তাৰ কাৰণ ইতিহাসৰ পাততেই আছে। অসমীয়া এটি এলেহুৱা জাতি বুলি ইতিমধ্যে প্ৰতীয়মান হৈছে বিগত ডেৰশটা বছৰৰো অধিক কালৰ ইতিহাসত৷ অথচ অসমীয়াই কাৰণবোৰ পৰ্যালোচনা নকৰিলে। আত্মসমালোচনাও নকৰিলে। মাথো আৱেগসৃষ্ট এক ৰঙচঙীয়া চাদৰেৰে জাতিটোৰ ধ্বংসস্তুপবোৰক ঢাকি ৰখাৰ বৃথা প্ৰয়াস চলিল। এইবোৰৰ বাবেই এদিন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে জাতিটো গ’ল গ’ল বুলি গুৱাহাটীৰ ৰাজপথত বুকু ঢাকুৰি ফুৰিছিল৷ তেতিয়াও কেলেহুৱা অসমীয়াই অম্বিকাগিৰিৰ মূৰৰ বিকৃতি হোৱা বুলিয়েই ধৰিছিল৷ আজিও এইবোৰ কথা কোনোবাই ক’লে মূৰৰ বিকৃতি হোৱা বুলিয়েই কয় বহুতে। পিছে আজি প্ৰমাণিত হৈছে যে অম্বিকাগিৰিৰ মূৰৰ বিকৃতি হোৱা নাছিল৷ হৈছিল অসমীয়াৰহে৷ অম্বিকাগিৰিয়ে সোঁৱৰাই যোৱা সেই কথাবোৰ অসমীয়াই কেতিয়াও নুবুজিলে৷ কেলেহুৱা অসমীয়াই নিজৰ ইতিহাসক ভেঙুচালি কৰি বহিৰাগতৰ সৈতে হাত উজান দিলে৷ অসমৰ প্ৰতিটো স্বাভিমান গছকি যোৱাৰ পিছতো, হেজাৰ হেজাৰ পাহুৱাল ডেকাই জাতিৰ বাবে নিজকে অকালতে শেষ কৰি দিয়াৰ পিছতো আজি অসমীয়াই একো মনত নাৰাখিলে৷ আনকি তেওঁলোকৰ স্মৃতি জীয়াই ৰাখিবলৈকো আজিৰ অসমীয়া নাৰাজ। বৃটিছৰ গোলামী কৰি কৰি অসমীয়া হৈ পৰিল মধ্যভোগী দালাল৷ স্তৰে স্তৰে দালালি চৰিত্ৰ অৰ্জন কৰি গৈ থাকিল অসমীয়াই। কি আন্দোলন, কি সংগ্ৰাম সকলোতে ৰাইজক ৰাম-ঠগন দি নিজৰ ক্ষমতা আৰু পকেট গৰম কৰিবলৈ শিকিলে অসমীয়াই৷ শিকি ল’লে ভাষণ, আয়ত্ব কৰিলে সময়ত মূৰ পোলোকা মৰা স্বভাৱ৷ ধৰ্মক লৈ ৰাজনীতি,  জাতিক লৈ বিভেদৰ ৰাজনীতিৰ ঠিকা ল’লে অসমীয়াই৷

স্বাধীনতা আন্দোলনৰ সময়ত অসমীয়া সমাজত ভাৰতীয় উদাৰ হিন্দুত্ববাদী চেতনাৰ প্ৰবেশ ঘটিছিল। অৱশ্যে উগ্ৰ হিন্দুত্ববাদ তেতিয়াও অসমীয়া সমাজত এক আচহুৱা বিষয় আছিল। তথাপি যি আহোম প্ৰশাসনে এক বিশেষ গণতান্ত্ৰিকধৰণৰ উপৰিসৌধৰ মাজেৰে এক ধৰ্মনিৰপেক্ষ সমাজ গঠন কৰিছিল, সেই সমাজত পিছলৈ ঘূণে ধৰিলে। ছশবছৰীয়া আহোম ৰাজত্বত প্ৰতিজন অসমীয়া পাইক আছিল একো একোজন শক্তিশালী ৰণুৱা আৰু উত্পাদন ক্ষেত্ৰৰ সৰ্বক্ষণ কৰ্মী। আনকি কোঁচ ৰাজত্বতো তেনে এক প্ৰশাসন চলিছিল। যাৰ বাবেই অসমীয়াই বাৰম্বাৰ বিদেশী আক্ৰমণ প্ৰতিহত কৰি নিজকে ৰক্ষা কৰিব পাৰিছিল। এক শক্তিশালী সমাজ-সংগঠন আৰু উত্পাদন ক্ষেত্ৰত প্ৰজাৰ শক্তিশালী প্ৰত্যক্ষ সংযোগে অসমক এক শক্তিশালী স্বাধীন দেশ হিচাপে জীয়াই ৰাখিছিল। আছিল এক শক্তিশালী শাসন। দেশৰ দায়িত্বক অৱহেলা কৰি দিনটো হাত চাপৰি বজাই সময় কটোৱা ভকতৰূপী এলেহুৱা পাইকসকলক আহোম স্বৰ্গদেউ গদাধৰ সিংহই ধৰি নি ধোদৰ আলি বন্ধাইছিল৷ পিছে আজি আহোম প্ৰশাসনো নাই, গদাধৰ সিংহও নাই! আজি দেশৰ কোণে কোণে ধোদৰ উপদ্ৰপ। চাওঁতা নাই। ৰক্ষকেই ভক্ষকহৈ অসমীয়াক যেন শেষ কৰিবলৈ অঘোষিত যুদ্ধ আৰম্ভ কৰিছে। যিদিনাই ৰাজধৰ্ম এৰি আহোম স্বৰ্গদেৱে হিন্দু শাক্ত ধৰ্মত শৰণ লৈ সেই ধৰ্মীয় পন্থা সৰ্বসাধাৰণৰ ওপৰত জাপি দিবলৈ ওলাইছিল, তেতিয়াৰ পৰাই অসমীয়াৰ সামাজিক জীৱনত কেণা লাগিল। ৰাজধৰ্মক প্ৰজাৰ ওপৰত জাপি দিয়াৰ বাবেই অসমৰ স্বাধীনতাৰ বেলি মাৰ গৈছিল ৷

অসমীয়াৰ স্বাধীনতা কূট কৌশলেৰে কাঢ়ি নি বৃটিছে নিজৰ শাসন-শোষণৰ স্বাৰ্থত সলাই পেলোৱা অসমৰ সামাজিক গাঁথনিৰ ফলশ্ৰুতিত দেশত ধোদৰ উত্থান হ’বলৈ ধৰিলে৷ বৃটিছকালীন কলিকতাৰ পৰা শিক্ষা লাভ কৰি অহা অসমীয়া মধ্যবিত্ত শিক্ষিতই উচ্চবৰ্ণৰ এক হিন্দুত্ববাদী জাতীয়তাবোধ সৃষ্টি কৰিলে। স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতীয় ভাবধাৰাৰ উত্থানে এচাম প্ৰগতিশীল জাতীয়তাবাদীৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ এচাম সংকীৰ্ণ ভাৰতীয় হিন্দুবাদী সংকীৰ্ণ জাতীয়তাবাদী শ্ৰেণীৰো উত্থান কৰিলে। এই পিছৰ শ্ৰেণীটো হয়তো বৃটিছৰ অনুগত বা সৰ্বভাৰতীয় জাতীয়তাবোধত নিমজ্জিত আছিল। ভাৰতৰ স্বাধীনতা হস্তান্তৰৰ পিছত এই শ্ৰেণীটোৱে প্ৰাধান্য বিস্তাৰ কৰিলে। এই শ্ৰেণীটোৱে উচ্চবৰ্ণৰ ভাবধাৰাৰে আনকি নিজৰ নিকট সম্পৰ্কীয় জনজাতিসকলক উপলুঙা কৰিবলৈ ল’লে৷ অসমীয়া জাতীয়-সমাজৰ পৰা এচপৰা এচপৰাকৈ স্বকীয়তা খহি পৰিবলৈ ধৰিলে। বিহুগীততো এইবোৰৰ প্ৰবেশ ঘটিল৷ প্ৰগতিশীল জাতীয়তাবাদী শ্ৰেণীটোৱে যিমানেই অসমীয়াৰ ৰাজহাড় পোনাই ৰাখিবলৈ চেষ্টা কৰিলে সিমানেই আঘাত কৰি গ’ল পিছৰ বৃটিছ প্ৰভুভক্ত শ্ৰেণীটোৱে।

কেলেহুৱা, নিজক নিচিনা, মেৰুদণ্ডহীন অসমীয়াই যেতিয়া নগাক উপলুঙা কৰি বিহুগীত গায়, সেইবোৰ শুনিলে নিজৰেই লাজ লাগে৷ অঁকৰা বুলি উপলুঙা কৰা নগাই আজি জাতীয় প্ৰশ্নত দল-মত নিৰ্বিশেষে এক হ’ব চেষ্টা কৰিছে৷ আনহাতে তথাকথিত ‘চালাক’ অসমীয়াই নিজৰ জাতীয় সত্তা, নিজৰ পৰিচয় বহিৰাগতৰ হাতত তুলি দিছে৷ সাতবিহুত থলুৱা কৃষ্টি-সংস্কৃতিৰে একগোট হ’ব নোৱাৰা, ‘বিহুত হিন্দী ৰাষ্ট্ৰভাষা কিয় নাগাম’ বুলি ফেপেৰি পতা অসমীয়াৰ বৰ্তমানৰ চৰিত্ৰ অতি হাস্যকৰ আৰু পুতৌজনক! আচলতে এক হীনমন্যতা আৰু হতাশাই খুলি খুলি খাব ধৰিছে অসমীয়াক৷ অসমীয়াত্ব পাহৰা অসমীয়াই বিহুকো বহিৰাগত কৰ্পোৰেটৰ হাতত গটালে৷ বিহুৰ মঞ্চ বিজতৰীয়া কৰিলে৷ সাতামপুৰুষীয়া ঐতিহ্য আৰু চেতনাক ত্যাগ কৰি উত্তৰভাৰতীয় হ’লগৈ৷ চৌদিশে মন্দিৰ-মছজিদ পতাৰ ধুম উঠিল। নামঘৰৰ লাইখুটাত ঘূণে ধৰিল, শৰাগুৰি চাপৰিত আজান পীৰ অতীত হ’ল। ইমানেই হতাশাই ক্ৰিয়া কৰিলে যে এতিয়া যেন একমাত্ৰ ধৰ্মইহে অসমীয়াৰ সমাজ-সংস্কৃতি ৰক্ষা কৰিব পাৰিব বোলা চক্ৰান্তকাৰী চিন্তাৰ মায়াজালত বান্ধ খাই পৰিল ৷ অসমীয়া গুচি মানুহবোৰ হিন্দু-মুছলমান হ’ল৷ অপশক্তিবোৰে এই চেগতে হাত উজান দিলে৷ অম্বিকাগিৰিয়ে কোৱা সেই উক্তি অসমীয়াই মনত নাৰাখিলে। অম্বিকাগিৰিয়ে কৈছিল-
"বাহিৰৰ হিন্দুৱানী বা মুছলমানী উন্মাদনা অসমত সুমুৱাই অসমলৈ বেছি সংখ্যক হিন্দু বাহিৰৰ পৰা নানিলে অসম পাকিস্থানলৈ যাবলৈ বুলি অসমীয়া হিন্দুকেইটাক ভয় দেখুৱাই আৰু বাহিৰ পৰা অসমলৈ বেছি সংখ্যক মুছলমান আমদানি নকৰিলে অসমীয়া মুছলমানকেইটাৰ ওপৰত অসমীয়া হিন্দুই উপদ্ৰপ কৰিব বুলি ফুচুলাই, অসমীয়াৰ ভিতৰত বিভেদ, অশান্তিৰ সৃষ্টি কৰি, বাহিৰৰ হিন্দুৱানী আৰু মুছলমানী ষড়যন্ত্রই অসমীয়াৰ ওপৰত আধিপত্য কৰাৰ পথ মুকলি কৰিব ; আৰ্থিক, সামাজিক, ভাষিক, সাংস্কৃতিক জীৱন লুন্ঠন কৰি অসমীয়াক দাসত্বত বান্ধি ল’ব, তেনে অৱস্থা, অসমীয়াই এজন জী থকালৈকে কেতিয়াও ঘটিব নিদিব। এই অভিসন্ধি লৈ…যিয়েই অসমত সোমাব তাকেই অসমীয়াই অসমৰ বাহিৰ কৰি দিব। সি মুছলমান হওঁক, হিন্দু হওঁক, বৌদ্ধ, খ্ৰীষ্টান যিয়েই নহওঁক” (অম্বিকাগিৰি ৰায়চৌধুৰী, সভাপতিৰ অভিভাষণ, অসম সাহিত্য সভা, ১৯৫০) ।

অসমীয়াইনো কাৰ কথা শুনিল? জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা নে ভূপেন হাজৰিকাৰ কথাই শুনিলে? অসমীয়াই কাৰো কথা নুশুনে৷ জাতীয় পুঁজিহীন জাতি এটাৰ প্ৰজন্মই সহজে পোৱা, কম আয়াসতে ঢুকি পোৱা, সহজতে ধনী হোৱা আদি চৰিত্ৰ গাত লম্ভিবলৈ লয়। অসমীয়াৰো সেই একেই অৱস্থা হ’ল। অসমীয়াই ইতিহাস নপঢ়ে, ভূগোল নাজানে, নিজৰ চোতালখনকেই পৃথিৱী বুলি ভবা নাদৰ ভেকুলীসদৃশ উভচৰলৈ উৎপৰিৱৰ্তন ঘটিছে অসমীয়াৰ। এসময়ত শক্তিশালী পাইকৰ উত্তৰসুৰী এতিয়া একো একোটি শুকান কলাফুল, শুকান বাহু, বুকু-তপিনা ভিতৰ সোমাই যোৱা পিটমৰা জীৱলৈ পৰিৱৰ্তন হৈছে৷ অসমীয়াৰ বৰ্তমানৰ অৱস্থানৰ বিষয়ে আলোচনা কৰিবলৈ গ’লে হতাশাৰ বাহিৰে আন একো নেদেখি। অসমীয়াই না যুক্তিৰে চিন্তা কৰিব জানে না সাহসেৰে পৰিস্থিতি মোকাবিলা কৰিব পাৰে৷ গছৰ গুৰিত পানী নিদি ডাল-পাতত পানী দিয়া বৰ্তমান অসমীয়াৰ অন্যতম চৰিত্ৰৰ অংশ৷ অসমৰ ৰাজনৈতিক-অৰ্থনৈতিক ক্ষেত্ৰখনৰ পৰা যিমানেই সৰ্বসাধাৰণৰ স্বাৰ্থক নিলগাই ৰাখি  দালাল-মধ্যভোগী আৰু বহিৰাগক অগ্ৰাধিকাৰ দিছে, সিমানেই অসমীয়া সমাজখনে তিলতিলকৈ শুকাই আহিছে৷ সৰ্বসাধাৰণক টুপী আৰু ৰঙীন বিতচকু পিন্ধাই বহিৰাগতক শুহিবলৈ দিছে অসমৰ সম্পদ৷ স্বাভাৱিকতে ৰাজনীতিও এইবোৰৰ দ্বাৰাই নিয়ন্ত্ৰিত৷ সমাজত ৰাজনৈতিক ভিন্নতা থকা স্বাভাৱিক৷ কিন্তু উমৈহতীয়া জাতীয় বিষয়ত মত নিৰ্বিশেষে একগোট হ’ব নোৱাৰাটো জাতিটোৰ সোপাঢিলা চৰিত্ৰকেই সূচায়৷ জাতিটোৱে আজি সাংঘাতিকভাবে নেতৃত্বহীনতাত ভুগিছে৷ মানৰ আক্ৰমণৰ পিছত মান সেনাপতিয়ে কৈ গৈছিল, "তোমালোকৰ শক্তিশালী পাইক থকাৰ পিছতো হাৰিলা কাৰণ তোমালোকৰ উপযুক্ত সেনাপতি নাই"। অসমত সেনাপতিৰ অভাৱ আজিও৷ বৌদ্ধিক-সাংস্কৃতিক-সামাজিক আনকি ৰাজনৈতিক ক্ষেত্ৰতো নেতৃত্বহীনতাই বিৰাজ কৰিছে৷ কেলেহুৱা অসমীয়াই সেয়ে ভাবিছে বহিৰাগতই ৰক্ষা কৰিব অসমীয়াক৷

কিন্তু অসমীয়াৰ এই অবস্থা হ’ল কেনেকৈ? কেনেকৈ ঘূণে ধৰিল ৰাজহাড়ত? বৃটিছ শাসনে অসমৰ তাহানিৰ সেই সমাজবিন্যাস ধ্বংস কৰি গ’ল৷ অসমৰ জাতীয় শিল্পক ধ্বংস কৰি সামাজিক অৰ্থনৈতিকভাবে পৰমুখাপেক্ষি কৰি থৈ গ’ল অসমীয়াক৷ অসমীয়াৰ হাতৰ পৰা শিল্প-কৃষি-ভূমি-অৰ্থনীতি সকলো গ’ল। সৃষ্টি হ’ল এচাম মধ্যবিত্ত, যাৰ সাধাৰণ জনতাৰ শ্ৰম-চেতনা আৰু কৃষ্টিৰ সৈতে কোনো সম্পৰ্কই নাই৷  অসমৰ সমাজখন  স্বাধীনোত্তৰ কালতো বৃটিছৰ কায়দাতে চলি থাকিল৷ জাতীয় পুঁজিহীন জাতি এটাৰ সৰহসংখ্যক জনতা  পৰমুখাপেক্ষি, চাকৰিসন্ধানী আৰু সহজ ধনৰ লালায়িত হৈ পৰিল৷ বৃটিছ কালতেই বহিৰাগতই দখল কৰা বৃহৎ ব্যৱসায়িকক্ষেত্ৰ আদিত অসমীয়াই প্ৰবেশৰ সুযোগো নাপালে৷ চালত কোমোৰা-লাও-জিকা-ভোল,  ভড়ালত জহাধান দেখি দেখি অসমীয়াই ক্ষুদ্ৰ ব্যৱসায়তো মন নিদিলে ৷ পিছে পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাত  গাঁওৰ  বহল চোতাল, পান-তামোলৰ বাৰীখন লৈ দীৰ্ঘদিন থাকিব নোৱাৰিলে অসমীয়াই ৷ অসমীয়াই জীৱিকাৰ সন্ধানত নগৰমুখী হোৱাৰ আগতেই পূৰ্ববংগীয় শৰণাৰ্থীপ্ৰেমী মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ সময়ৰে পৰাই ক্ষুদ্ৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ সুযোগ ল’লে উদ্বাস্তু বাঙালীসকলে৷ সেয়ে আজিও সৰু সুৰা নগৰ-চহৰবোৰত বাঙালীসকলেই ক্ষুদ্ৰ ব্যবসায়ত সংখ্যাধিক৷ এওঁলোকৰ কিছুসংখ্যক অসমীয়া জাতীয়-জীৱনত জীন গ’ল যদিও বেছিভাগেই বঙালী জাত্যাভিমানী চেতনা লৈ থাকিল। কেলেহুৱা ধোদ অসমীয়াই সহজ ধনৰ হাবিয়াসত পৰি থকা মাটি দখল কৰি পূৰ্ববংগীয় মুছলমানক সৰহ দামত বিক্ৰী কৰিলে। বৃটিছে দি যোৱা কানিৰ নিচাত নিজকে পাহৰিলে অসমীয়াই৷ অনা অসমীয়া মহাজন কানিৰ মহলদাৰৰ হাতত নিজৰ কৃষিভূমি তুলি দিলে অসমীয়াই। তাৰ মাজতে ২য় বিশ্বযুদ্ধৰ সময়ত এচাম দালাল-ঠিকাদাৰ শ্ৰেণীৰ আৱিৰ্ভাবো হ’ল৷ এইচামে আকৌ ৰাজভক্তহৈ স্বাধীনতা আন্দোলনত জড়িত হোৱাসকলৰ চোৰাংচোৱাগিৰি কৰিবলৈ লৈ নতুন এক অসমীয়া চৰিত্ৰৰো জন্ম দিলে৷ সেইসময়ত শিক্ষিত অসমীয়াৰ মাজত সততা, নিষ্ঠা, জাতীয় চেতনা আৰু প্ৰগতিশীল মতাদৰ্শ আছিল৷ অসমীয়া ভাষা-সংস্কৃতিক প্ৰতিষ্ঠা কৰাত আহোপুৰুষাৰ্থ কৰিছিল সেইসকলে৷ পিছে অতি সদ্যহতে বেছিভাগ অসমীয়া শিক্ষিতই অতীজৰ সেই চেতনা ত্যাগ কৰি ঠিকাদাৰ-দালাল শ্ৰেণীলৈ নিজকে অধঃনমিত কৰিলে৷ চাকৰি-বাকৰি নোহোৱা কৃষি-পথাৰ এৰি অহা অসমীয়াৰ সৰহ সংখ্যকে আয়ত্ব কৰিলে দালালি চৰিত্ৰ৷ দালালিকেই জীৱিকা হিচাপে ল’বলৈ ধৰিলে৷ এইসকলে সহজ ধনৰ উৎসৰ সন্ধানত উঠিপৰি লাগিল৷ নিজৰ স্বাৰ্থৰ বাবে এই শ্ৰেণীটোৱে কেতিয়াবা জাতীয়তাবাদী, কেতিয়াবা ৰাষ্ট্ৰবাদী বা কেতিয়াবা প্ৰগতিবাদীৰ মুখা পিন্ধি থাকিল৷ অতি শেহতীয়াকৈ এই শ্ৰেণীটোৰ সাংঘাতিক উত্থান হৈছে৷ যিকোনো ক্ষেত্ৰতেই নিঃস্বাৰ্থভাবে জাতিটোৰ বাবে  যিকোনো ভাল কাম কৰিবলৈ গ’লেই এই শ্ৰেণীটোৱে বিধি পথালি দিয়ে৷ এই শ্ৰেণীটোৱেই এতিয়া অসমীয়া জাতীয় সংস্কৃতিক বেপাৰ বনাই দিলে৷ বহুজাতিক কোম্পানী আৰু বণিকৰ হাতত তুলি দিলে অসমীয়াৰ স্বাভিমানক৷ যাৰ কাৰণেই চ’তৰ পৰা আহাৰ মাহলৈকে বিহুৰ নামত মিউজিকেল নাইট চলোৱা হয়৷ বিহু হৈ পৰে কমিছন-সংস্কৃতি৷

কেলেহুৱা অসমীয়াই গোটেই বছৰটো নিজৰ ভাষা-সংস্কৃতিৰ শৰাধ পাতি, নিজৰ সমস্ত জাতীয় সত্তাক বিসৰ্জন দি বছৰটোৰ শেষত অসমৰ জাতীয় উত্সৱ বিহু পাতিবলৈ সাৰ পায়। অসমত যিমানবোৰ বিহু কমিটি আছে প্ৰত্যেকেই যদি নিজৰ সংস্কৃতি আৰু স্বকীয়তাৰ প্ৰতি সচেষ্ট হ’লহেতেন, যদি নিজস্ব দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী কৰ্মসূচী আগত ৰাখি এক সাংস্কৃতিক কৰ্মীদল প্ৰস্তুত কৰিব পাৰিলহেতেন, আজি কিছু পৰিমাণে হলেও অসমীয়া জাতিৰ এনে এক সাংস্কৃতিক সংকট আহি নপৰিলহেতেন। বছৰটোৰ শেষত জাতীয় উত্সৱ মানে মিউজিকেল নাইট নহয়। দুই-এক বিহু কমিটিৰ বাহিৰে অসমৰ সৰহভাগ বিহু সন্মিলনীৰ অৱস্থা আজি পুতৌজনক। ভাবিলে নিজৰ ওপৰতেই ধিক্কাৰ জন্মে যে, হেপাহ কৰি বিহু চাবলৈ গৈ হয়তো আপুনি সস্তীয়া বলীউডী গীত-নৃত্য শুনিব লগা-দেখিব লগা হ’ব পাৰে। হয়তো বিহু মঞ্চৰ পৰা ভাঁহি আহিব পাৰে, লুংগী ডাঞ্চ....লুংগী ডাঞ্চ জাতীয় হাস্যকৰ সুৰ।

পৰ্বতসমান হতাশাৰ পিছতো কিছু অসমীয়াই এতিয়াও অসমীয়া জাতীয় সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে আত্মোত্সৰ্গ কৰিছে। প্ৰত্যেক গাঁৱে গাঁৱে আমাক তেনে সাংস্কৃতিক কৰ্মীদল লাগে। অকল গান-বাজানাই নহয়, অসমীয়া ধৰণেৰে চিন্তা কৰা, অসমীয়া ধৰণেৰে জীয়াই থকাৰ হেঁপাহ জন্ম দিয়াৰ বাবেও, যি আজি তিলতিলকৈ শুকাই আহিছে। বিহু যিহেতু কৃষি-সংস্কৃতি, কৃষি আৰু খেতিয়কক বাদ দি বিহু ৰক্ষা এক হাস্যকৰ চিন্তা। অসমীয়াই থলুৱা শিল্প-কৃষি আদিৰ সৈতে জড়িতসকলৰ সমস্যা, তেওঁলোকৰ জীৱনবোধৰ সৈতে সংপৃক্ত হ’ব নোৱাৰিলে, কেবল মধ্যবিত্ত চহৰীয়া ঢঙেৰে সংস্কৃতি-কমিছনৰাজ আৰু ৰাজনৈতিক তৈলমৰ্দন একাকাৰ কৰি জাতীয় সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে। যিসকলে কৰিব খুজিছে জানি থোৱা ভাল যে, অসমত কেবল মধ্যভোগী ধোদেই নাই, পথৰুঘাটৰ ৰণত কৃষক-সমাজে জাতি-ধৰ্ম নিৰ্বিশেষে “এফালে ঈশ্বৰৰ সেৱা, সিফালে আল্লাৰ দোৱা...প্ৰজা জৰৌৰৌৱা” বুলি একত্ৰিত হৈ সাহসেৰে গণবিৰোধী ইংৰাজ শাসনৰ বিৰূদ্ধে ৰণ কৰি ছহিদ হৈছিল। বিহু হিন্দুৰো নহয়, মুছলমানৰো নহয়, খ্ৰীষ্টান-বৌদ্ধৰো নহয়। বিহু অসমৰ কেঁচা মাটিৰ পৰা সৃষ্ট। যিসকলে বিহুক ধৰ্মীয় পোছাক পিন্ধাব খোজে মনত ৰখা ভাল যে, যেতিয়া এচাম শিক্ষিত হিন্দু-অসমীয়াই বিহুক যৌনগন্ধী বুলি নিষিদ্ধ কৰিবলৈ বৃটিছক আপত্তি কৰিছিল, তেতিয়া নগাঁও পুৰণিগুডামৰ মুছলমান ভাই-ভনী মৈমত আৰু চেনীয়ে বৃটিছ চৰকাৰৰ আগত বিহু নাচি বিহু অসমীয়াৰ উচ্চস্তৰৰ সংস্কৃতি বুলি প্ৰতীয়মান কৰি বিহুক ৰক্ষা কৰিছিল। বিহু ৰক্ষা হৈছিল খাটি খোৱা অসমীয়াৰ ঘৰে ঘৰে কৃষ্টি-সংস্কৃতি বুটলিবলৈ যোৱা মঘাই ওজাৰ বাবে, হেমাংগ বিশ্বাস-জ্যোতি-বিষ্ণু-ভূপেন হাজৰিকাৰ বাবে। অসমীয়াৰ ঐতিহ্য ৰক্ষাৰ বাবে বিহুৰ লগতে থলুৱা সকলো লোকসংস্কৃতিক সমমৰ্যাদা আৰু সমগুৰুত্বৰে অসমীয়াই আঁকোৱালী ল’ব লাগিব। থলুৱা অসমীয়াৰ হাতলৈ শিল্প-উত্পাদন আৰু সম্পদৰ ওপৰত অধিকাৰ নিশ্চিত হ’ব লাগিব। অসমৰ ঐতিহাসিক স্বকীয়তা ৰক্ষাৰ বাবে প্ৰতিজন সচেতন অসমীয়া ওলাই আহিব নোৱাৰিলে বিহু মাত্ৰ ‘ধোদৰ বাকৰিত ৰোৱা পচলা খেতি’হে হ’বগৈ ।

হোৱা যদি থলগিৰি, ওলাই আহা হাতে ধৰি ।

জয় আই অসম ।

Share Button
Print Friendly, PDF & Email

No Comments : "ধোদৰ বাকৰিত বিহুঃ এক বক্ৰৰৈখিক গতিধাৰা-(ৰক্তিম শৰ্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *