ধোঁৱা আৰু কোৱা-(অচ্যুৎ মাধৱ দাস)

মেলি ৰোৱা চকুহাল মোৰ হাতত তুলি দি
মানুহজনে শেষ ইচ্ছাটোৰ কথা ক’লে-
চকুহাল জপাই নিদিবা
আৰু এটা প্ৰশ্নবোধক হৈ তেওঁ শুই থাকিল মাটিত।
.
উদং পথাৰ এখনৰ হুমুনিয়াহটো আছিল তেওঁ
যাৰ ওপৰেৰে কাউৰী এজনী উৰি গ’ল
ছাইবোৰক এৰি যোৱা ধোঁৱাবোৰ আছিল তেওঁ
যিদিনাৰ পৰা মানুহ এজন নোহোৱা হ’ল।
.
ইমান ধোঁৱাতকৈ এন্ধাৰেই ভাল,
এন্ধাৰেই ভাল
শগুনৰ সভাত কাণ নপতাই ভাল,
কাণ নকটোৱাই ভাল
উৰি যোৱা কাউৰী এজনীয়ে কা কা কৰি কথাষাৰ কৈ গ’ল।
.
ইয়াৰ পাছত
কাউৰী এজনী আপোনাৰ প্ৰিয় চৰাই হ’ব নোৱাৰে নে
ৰজাৰ মূৰ্তিবোৰত নিৰ্ভয়ে টিৰিকা দিয়া
কাউৰী এজনী আপোনাৰ প্ৰিয় চৰাই হ’ব নোৱাৰে নে
পুৱা নহওঁতেই মানুহবোৰক জগাই দিয়া।
.
আচলতে ধোঁৱা আৰু কোৱা
এটা সাধু কথা নাছিল, ঠিক এটা বিলাসী কবিতাও নহয়
হেৰাই যোৱা মানুহবোৰৰ কথা আছিল
শামুক-শংখৰ পৃথিৱীত জানোৱাৰ-জীৱনৰ কথা আছিল
আৰু
নোহোৱা হোৱা মানুহবোৰৰ নোহোৱা হোৱাৰ
এটা কাতৰ প্ৰশ্নবোধক আছিল।

Share Button
Print Friendly, PDF & Email

No Comments : "ধোঁৱা আৰু কোৱা-(অচ্যুৎ মাধৱ দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *