ডাক্টৰ এছ. আৰ. বৰুৱাৰ চেম্বাৰ - (কৌশিক দাস)

এই সৰু নগৰখনলৈ বদলি হৈ অহা দুমাহো হোৱা নাই। দুটা কোঠাৰ সৰু ভাড়াঘৰ এটাত কোনোমতে মূৰ সুমুৱাইছোঁ। ৰিকিৰ বছৰেকীয়া পৰীক্ষাৰ পাছতহে পৰিয়াল ইয়ালৈ অনাৰ কথাটো ঠিক কৰিম। অকলে থাকোঁ, পুৱা পলমকৈ শুই উঠোঁ, কিবা এটা মুখত দিয়েই অফিচলৈ যাওঁ।

দুপৰীয়াৰ ভাত শংকৰৰ হোটেলত।

গধুলি তিনিআলিৰ ৰিংকুৰ দোকানৰ আগত এঘন্টা-ডেৰঘন্টামানৰ আড্ডা। আমাৰ অফিচৰেই একাউন্টেন্ট মজুমদাৰ, ফিল্ড ছুপাৰভাইজাৰ গোহাঁই আৰু এল.আই.চি-ৰ ৰহমান মোৰ দৰেই আড্ডালৈ সদায় আহে। মাজে মাজে আহে সঞ্জীৱনী নাৰ্ছিং হ'মৰ টেকনিচিয়ান সঞ্জীৱ। আটাইকেইজনৰ মাজত এটা কথা মিলে। আমি কোনো এই নগৰৰ লোকেল মানুহ নহয়। আমাৰ ভিতৰত মজুমদাৰেই হৈছে এই নগৰত আটাইতকৈ পুৰণা মানুহ। অহা এপ্ৰিলত তেওঁৰ দুবছৰ হ'ব ইয়াত। আমাৰ আড্ডাৰ সময়তখিনিত এগিলাছ চাহ, লগত কেতিয়াবা খুৰমা, কেতিয়াবা গজা। ৰাতি পলমকৈ ডাইল-কণী-আলুৰে অকলে অকলে ভাত।

খোৱা-বোৱাত অলপ অনিয়ম হৈছিল নিশ্চয়। আজি সাতদিনমানৰপৰা পেটৰ বিষ। প্ৰচণ্ড বিষ।

ইয়াত তেনেকৈ কাকো চিনি নেপাওঁ। অফিচৰ টেবুলত বহি কি কৰোঁ, কোন ডাক্টৰক দেখুৱাওঁ সেইবোৰ ভাবি-গুণি থাকোঁতেই একাউন্টেন্ট মজুমদাৰে ক'লে, “কলিতা। কাইলৈ মোৰ লগত এঠাইলৈ যাব লাগিব দেই। বাঁও চকুটো ৰঙা পৰি আছে এসপ্তাহৰপৰা। অলপ বিষো আছে। ডাক্টৰৰ ওচৰলৈ যাম। সময় হ'ব নে?”

মজুমদাৰৰপৰা মই গম পালোঁ যে ডাক্টৰজন হ'ল সাক্ষাৎ ধন্বন্তৰি। কিমান কি ডিগ্ৰী আছে, সেইটো ডাঙৰ কথা নহয়। আচল কথা, পৰিসংখ্যা......ষ্টেটিছটিক্স.......কৈ গ'ল মজুমদাৰে। ১০০% ৰোগী ১০০% ভাল হৈ যায় এইজন ডাক্টৰৰ হাতত। আৰে.....স্পেচিয়েলিষ্ট বুলি কি কথা? চব বেমাৰ চায়.......ডায়েৰিয়া, লিউক'মিয়া, মায়পিয়া, হাইপাৰমেট্ৰপিয়া, এনকেফেলাইটিছ, খৰ-খজুৱতি, ব্ৰেইন-টিউমাৰ......এভৰিথিং.....। আপোনাৰ পেটৰ বিষটো? হে হে হে....বাঁওহাতৰ খেল, বুজিলে.....এইজনা ডাক্টৰৰ কাৰণে পেটৰ বিষ হ'ল বাঁওহাতৰ খেল।

মজুমদাৰৰ কথাই মোক মুহি পেলালে। পিছদিনা দেওবাৰ। যাব লাগিল ডাক্টৰ এছ. আৰ. বৰুৱাৰ চেম্বাৰলৈ। মাহৰ শেষ। হাতত টকা তেনেকৈ নাই। কিমান ফিজ ডাক্টৰৰ? নাই, সেইটো মজুমদাৰেও নেজানে। তেখেতো এই নগৰত নতুন যে। ডাক্টৰ বৰুৱাৰ কথাবোৰ তেওঁ হৰগোবিন্দ মাষ্টৰৰপৰা শুনিছে। মই অৱশ্যে হৰগোবিন্দ মাষ্টৰৰ নাম আগতে শুনা নাছিলোঁ। হৰগোবিন্দ মাষ্টৰে বোলে আকৌ ডাক্টৰৰ খবৰটো হোৱাটছেপত পাইছিল কাৰোবাৰপৰা।

**********

দেওবাৰৰ পুৱা সাত বজাতেই মজুমদাৰৰ ছেকেণ্ডহেণ্ড ঘেগেলা বাইকখনত দুয়ো পালোঁগৈ ডাক্টৰ এছ. আৰ. বৰুৱাৰ চেম্বাৰ। চেম্বাৰত ভিৰ সাংঘাতিক। বিভিন্ন স্বৰৰ, বিভিন্ন তীব্ৰতাৰ কোলাহলে ইতিমধ্যেই বিৰক্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰি পেলাইছে। কোঠাটোৰ চুক এটাত চকী এখনত ডেকা এজন অতি নিৰ্লিপ্ত হৈ বহি আছে। হাতত খাৰু, মূৰত দীঘল চুলি। ডাক্টৰ এছ. আৰ. বৰুৱাৰ সহায়ক। মজুমদাৰ আগ বাঢ়ি গৈ তেওঁক দুটা টিকেট বিচাৰিলে।

“পঞ্চাশটা হৈ গ'ল আজি। আৰু পেচেন্ট নাচায় ছাৰে। কাইলৈ ট্ৰাই কৰক”। চিলিং ফেনখনলৈ চাই চাই, খৰিকা এডালেৰে দাঁতৰ আলু খুঁচি খুঁচি ডেকাজনে আমাক জানিবলৈ দিলে।

মজুমদাৰ ইমান সহজতে এৰি দিয়া ভকত নহয়। টেবুলখনৰ আগত কুজাঁ হৈ তেওঁ ডেকাজনৰ লগত কিবা কথা পাতিবলৈ আৰম্ভ কৰিলে। প্ৰায় ফুচফুচাই। শেষত মাথোন ডেকাজনে বৰ লাহেকৈ কোৱা শুনিলোঁ, “ঠিক আছে ছাৰ, মাজতে চাঞ্চত সুমুৱাই দিম। কিন্তু অকলে নহ'ব ছাৰ, পাব্লিকে ঝামেলা পকাই দিয়ে, দুজন একেলগে সোমাই যাব। বত্ৰিশ নম্বৰে ফোন কৰিছিল। আজি নাহে। সেইটোৰ জাগাত সোমাই যাব”।

এতিয়া কিমান নম্বৰ সোমাইছে? গম পালোঁ, তিনি নম্বৰ ৰোগী ভিতৰলৈ গৈছে এইমাত্ৰ। আমি কি দেখুৱাম, কি বেমাৰ সেইটো সুধি ডেকাজনে বহী এখনত কিবা লিখি থ'লে। মজুমদাৰৰপৰা গম পালোঁ, ত্ৰিশ টকাত ডেকাজন মেনেজ হৈ গ'ল।

কোঠাটোৰ সকলো চকীত বিভিন্ন বয়সৰ মানুহ। প্ৰায় পোন্ধৰজন থিয় হৈয়েই আছে। বহিবলৈ কোনো সুযোগ নাই। অলপ পৰ আমিও থিয় হৈ থাকি গম পালোঁ, আৰু কমেও দুই-আঢ়ৈ ঘন্টা ৰৈ থাকিব লাগিব। মোৰ পেটটোত খোঁচ মাৰি ধৰা বিষটো আৰম্ভ হৈছে। কিবা এটা পেটত পৰিলে ভাল আছিল, কাৰণ পুৱা খালী পেটেৰেই ওলাই আহিছিলোঁ। কি কৰোঁ সেইটো ভাবি থাকোঁতেই ক্ষীণ, ওখ ডেকা এজন সোমাই আহি ডাঙৰ ডাঙৰকৈ ক'লে,“চাহ-চিংৰা খাই ল'ব.....চাহ-চিংৰা খাই ল'ব…….বাহিৰত......সোঁ-ফালে.......চাহ-চিংৰা”।

**********

মজুমদাৰ আৰু মই বাহিৰলৈ ওলালোঁ। সোঁ-ফালে এখন সৰু চাহৰ দোকান। দুয়ো চাহৰ অৰ্ডাৰ দিলোঁ। মই লগত ৰসগোল্লা খাম। মজুমদাৰে পৰঠা। মোৰ তেল থকা বস্তু খাবলৈ সাহস নহ'ল।

তেনেতে আমাৰ কাষতেই আহি বহিল ডাক্টৰৰ সহায়ক ডেকাজন। তেওঁ চাহ খাব। তেওঁৰ টেবুলত ভায়েকক বহুৱাই থৈ আহিছে।

সহায়ক ডেকাজনে গল্প আৰম্ভ কৰিলে। গল্প মানে ডাক্টৰ এছ. আৰ. বৰুৱাৰ অতুলনীয় প্ৰতিভাৰ কথা। এজনে ভেলোৰ-দিল্লী-হায়দৰাবাদত বহুত টকা খৰছ কৰি আশা এৰি দিছিল। এইজন ডাক্টৰৰ মাত্ৰ এপালি দৰব.........ৰোগী এতিয়া লাডাখ বৰ্ডাৰত। ইণ্ডিয়ান আৰ্মিত। মহিলা এগৰাকীক মেডিকেলৰপৰা ঘৰলৈ লৈ যাবলৈ কৈছিল.......কোনো চান্স নাই বুলি কৈ দিছিল। বাহিৰে বাহিৰে ডাক্টৰ এছ. আৰ. বৰুৱাৰ এইটো চেম্বাৰলৈ লৈ আনিছিল। মাত্ৰ এপালি.......মাত্ৰ এপালি দৰব। সেই মহিলা এতিয়া জোনাকী নগৰ মহিলা সমিতিৰ প্ৰেছিডেন্ট।

মোৰ ৰসগোল্লা শেষ হৈছিল। বিষটো বাঢ়িবলৈ আৰম্ভ কৰিছে। মজুমদাৰে লগতে লৈ অনা “প্ৰহেলিকা” নামৰ আলোচনীখন মেলি ল'লে। সহায়ক ডেকাজন উঠি গৈ অন্য এখন টেবুল পালেগৈ। তাতো দুজন ডাক্টৰ বৰুৱাৰ পেচেন্ট। তেওঁলোকে কিবা খাবলৈ আহিছে।

**********

প্ৰায় তিনি ঘন্টাৰ পাছত দুয়ো সোমাই গ’লোঁ ডাক্টৰৰ কোঠালৈ। সুন্দৰ সুদৰ্শন চেহেৰাৰ ডাক্টৰ এছ. আৰ. বৰুৱাক দেখিয়েই মনটো ভাল লাগি গ'ল। বৰ চাফ-চিকুণকৈ ৰখা চেম্বাৰ। এয়াৰ-কণ্ডিছনে পৰিৱেশটো বৰ আৰামদায়ক কৰি তুলিছে।

প্ৰথমতেই ডাক্টৰে মজুমদাৰৰ চকুটোত টৰ্চ মাৰি চিঞৰি উঠিল, “সাধাৰণ বস্তু এটা হৈছে। চকুক লাগে কমপ্লিট ৰেষ্ট। কিন্তু আপুনি কৰিছে কি! ‘প্ৰহেলিকা’ মেগাজিন পঢ়িছে! সেইখনৰ লেটাৰ ফন্টটো কিমান সৰু, জানেনে? তেনেকৈ নহ'ব। চকুক ৰেষ্ট দিয়ক। এটা আই ড্ৰপ দিছোঁ। দিনে চাৰিবাৰ। দুদিনত ঠিক হৈ যাব।”

ডাক্টৰে চকু চায়েই কৈ দিলে কি মেগাজিন পঢ়ি আহিছে ! মনৰ চমক দূৰ নহওঁতেই ডাক্টৰে বৰ মৰম লগাকৈ মোক সুধিলে, “কি হৈছে আপোনাৰ? এইফালে আহকচোন”।

ক’লোঁ মোৰ কি হৈছে। বিছনা এখনত শুৱাই ডাক্টৰে মোৰ পেটটো আঙুলিৰে পৰীক্ষা কৰাত লাগিল। গম্ভীৰ মুখ। মাজে মাজে কৈ থাকিল, “হুমম হুমম...”। মাজতে পেটৰ বাঁওফালে বৰ জোৰে হেঁচা এটা মাৰি ক'লে, “ঠিক হৈ যাব দুদিনতে। পেটৰ এই অৱস্থা, তাতে আকৌ”.....হেঁচাটো আকৌ মাৰি ক'লে, “……তাতে আকৌ পেটত এই ৰসগোল্লাটো ! এইবোৰ বাহিৰত খোৱা এৰক.....”।

দৰব দিলে মোক। দিনে দুবাৰ। খোৱাৰ পাছত দুচামুচকৈ।

**********

অভিভূত হৈ ওলাই আহিলোঁ ডাক্টৰ এছ. আৰ. বৰুৱাৰ কোঠাৰপৰা। কাষতে অন্য এটা কোঠা। তাৰপৰাই দৰব ল'ব লাগিব। এইবোৰ দৰব বজাৰত পোৱা নাযায়। ডাক্টৰৰ নিজে বনোৱা দৰব। তাতেই ফিজো লয়। গম পালোঁ, ডাক্টৰৰ ফিজ গাইপতি তিনিশ টকা।

দৰব লৈ, ফিজ দি ওলাই আহোতে মজুমদাৰৰ মুখত হাঁহি ওলাল। “দেখিছে কলিতা, মোৰ খবৰ একদম পাক্কা আছিল। কি ডাক্টৰ ৰে বাব্বা ! চকু চায়েই কৈ দিলে কি পঢ়িছিলোঁ.......পেট টিপিয়েই কৈ দিলে কি খাইছিলে ! বাপ ৰে বাপ” !

মোৰ বৰ পেচাপ লাগি আছিল। ডাক্টৰৰ চেম্বাৰৰ কাষেদি এটা সৰু বাট। ইটা পাৰি থোৱা। সেইফালেদি এটা ভঙা টয়লেট। মই আগ বাঢ়ি গ'লোঁ। পেচাপৰ টেণ্ডেন্সিটো অতি সংক্ৰামক। মজুমদাৰেও মোৰ পাছে পাছে বাট ল’লে টয়লেটলৈ। কাৰেন্ট গৈছিল। এয়াৰ-কণ্ডিছনটো চলা নাই কাৰণে বোধকৰো ডাক্তৰৰ কোঠাৰ খিৰিকিখন খোলা। কোঠাত ডাক্টৰৰ সন্মুখত সেই সহায়ক ডেকাজন। তেওঁৰ মাত বৰ সুস্পষ্টকৈ আমাৰ দুয়োৰে কাণত পৰিল, “ছাৰ....পঁইত্ৰিশ নম্বৰৰ বমি হৈ আছে.....এইমাত্ৰ হজমুলা দুটা খাইছে। ছয়ত্ৰিশ নম্বৰৰ পেটৰ গণ্ডগোল। এইমাত্ৰ চাহ আৰু কালাকান খাইছে”।

হাতত থকা নিজৰ নিজৰ দৰবকেইটা মই আৰু মজুমদাৰ দুজনেই জোৰেৰে খামুচি ধৰিলোঁ।

**************

Share Button
Print Friendly, PDF & Email

No Comments : "ডাক্টৰ এছ. আৰ. বৰুৱাৰ চেম্বাৰ - (কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *