দলং- (পংকজ ঠাকুৰীয়া)

দুহতীয়া ৰঙা-নীলা পাৰিৰ গামোচা কঁকালত মেৰিয়াই পেন্দুকণাকেইটা নৈৰ পানীৰপৰা উঠি আহি হাত জোকাৰি সৈনিকসকলক টাটা-বাই বাই কৰিব ধৰিলে, ৰ'দত কজলা পৰা ছালৰ বৰণত বগা দাঁতকেইটা জিলিকি উঠিছিল। দলঙৰ সিপাৰে ঘনকায়ে হিচাপ কৰিব ধৰিলে - 'এক দুই তিনি …..বাপ্ৰে বিছখন শক্তিমান গাড়ী। '
এজন সৈনিকে লোহাৰ ডাং এডাল লৈ গাড়ীৰ চকাবোৰত কোবাই গৈ আছে, কোবত উফৰি আহিছে ডাংডাল আৰু আগুৱাই গৈ পিছৰ চকাটোত কিমান বতাহ আছে পুনৰ পৰীক্ষা কৰিছে। চকাটোৱে যেন ক'ব বিচাৰিছে, তোমাৰ সমস্ত শক্তিৰে মাৰিলেও মই একেই থাকিম।

“ঐ এক্সেল ভাঙিব, ইমানো বোজাই দিয়েনে?” ফৰিঙৰ ছয়টা দুমোনীয়া বস্তাৰ বোজাই দিয়া ঠেলাখনৰ এটা চকা গাঁতত পৰাত ঘনকায়ে চিঞৰি ক'লে।

“নক’বি ককাই, আমাৰ সিমূৰৰ ৰাস্তাটো পালো কি নাই, এনেকৈয়ে আহি আছো! কিবাকৈ ভূঞা মহাজনৰ কললৈ পালৈগৈ হ'ল।” ফৰিঙে ঠেলাখন ঘনকাইৰ পাণদোকানৰ সন্মুখত ৰখাই ক'লে।

“দে, বিৰি এটাকে দে। শুকুৰ আলীৰ ধান, কললৈ নিব দিছে, ৫০ টকা দিব। পিছে ইমানবোৰ গাড়ী কিয় আহিছে ইয়ালৈ?”

ঘনকায়ে বিড়িৰ মুঠাটো আগ বঢ়াই দি ক'লে, “নাজানো ঐ মোমাইহঁত কিয় আলহী হৈছে, আজি ৰাতি চাগৈ গাঁৱত পৰুৱা পৰিব! বিষ্টু প্ৰভুৱে আজি বচালেহে আৰু, তহঁতৰ সিপাৰে কিবা গণ্ডগোল হৈছে নেকি?”

ফৰিঙে ক'লে, “নক’বি আৰু, আজিকালি কোনে কাক মাৰে ঠিকনা নাই, আগৰ মৌজাদাৰৰ দুনলীয়াটো এৰি এতিয়া পৰুৱা বাঁহৰপৰা পৰুৱা ওলোৱাৰ দৰে গুলী ওলোৱা বন্দুক লৈ ল'ৰাহঁত আহে, শুনিছো ৰঙা টুপীয়াসকলকো কেৰেপ নকৰে।”

“আমাৰ দিনেই ভালে আছিল, আজিকালিনো নতুনকৈ কি ওলাইছে ধৰিব পৰাই নাই।” ঘনকায়েও বিড়িটো জ্বলাই ক'লে।
আজি ৫০ বছৰে ঘনকাই দলঙৰ পাৰত চাংঘৰৰ লেখীয়া দোকানখন চলাই আছে। ইপাৰ কি সিপাৰ দলঙৰ দুয়োপাৰৰ লোকৰ সৰুসুৰা ঘৰুৱা দৰকাৰবোৰ - দাইল, আলু, হালধি, নিমখ, বিড়ি আদি বেচি কেতিয়ানো ৭০ বছৰীয়া হ'ল ক'বই নোৱাৰিলে। দলঙৰ দুয়োপাৰে পেন্দুকণাহঁতৰপৰা বৃদ্ধলৈ সকলোৰে ঘনকাই পৃথিৱী বিখ্যাত। আন্দোলনৰ সময়ত দলং জ্বলাবলৈ অহা ছাত্ৰহঁতক অকলেই বাধা দিছিল। ৰাজআলিৰপৰা পাঁচ মাইল দূৰৈৰ দোকানখনত আজিকালি ঔষধ দুটামানো পোৱা যায়। কোনোবাই ঔষধ কিনিব আহিলেই নাতিয়েকক মাতিব লাগে। ঔষধ মানে কি আৰু, জ্বৰৰ, কাহৰ, পেটৰ বেমাৰৰ। ৰাজআলিৰপৰা সোমাই অহাৰ পিছত গাঁৱৰ এইছোৱা পথত খোজ কাঢ়িব লাগিলেও পানীৰ ডোঙাৰপৰা বাচিবলৈ সাঁজপানীৰ নিচাত হালি-জালি অহাৰ দৰে আহিব লাগে। গধূলি সময়ত চাহৰো বন্দোৱস্ত কৰিছে। পিছে চাহটোপা নামতহে। সকলোৱে আহে আড্ডালৈ। ল'ৰাহতে ফিল্টাৰ চিগাৰেটৰ লগত দুটা দিয়াচলাই কাঠি আৰু দিয়াচলাই বাকচ লৈ যায়। অলপ পিছতে ঘূৰাই দিয়ে।

কাঠৰ দলংখনেই গাঁওখনৰ সম্বল। আজি ভাঙো কালি ভাঙোকৈ কঁকালটো ধৰি কিবাকৈ থিয় হৈ আছে। সিপাৰৰ হাইস্কুলত পঢ়ি কত ল'ৰা ডাক্টৰ-ইঞ্জিনিয়াৰ হ'ল, কিন্তু দলংখন নলৰিল। বানেও ধুব নোৱাৰিলে। নৈখনৰ পানীত প্লাষ্টিকৰ বটল ওপৰত বান্ধি পেন্দুকণাহঁতে সোঁতত জাল পাতি মাছ ধৰে। দলঙৰ খুঁটাত ধৰি উঠি আহে, আকৌ দলঙৰপৰা জাঁপ মাৰে। খৰালি পানীক লৈ কাজিয়া কি চাবা! ৫ মিটাৰ বহল নৈখনত বান্ধ মাৰি যদি সোমেশ্বৰৰ পথাৰত পানী দিয়া হয় তেন্তে নামনিৰ ফজলকায়ে ৰাতি বান্ধ কাটি দিয়ে। সোমেশ্বৰে ৰাতি চাং পাতি পহৰা দিয়ে। যোৱাবেলি দলঙৰ মূৰত ঘনকাইৰ দোকানতে সকলোৱে মিলি আলোচনাৰে পানীৰ ভাগ-বাটোৱাৰা কৰাৰ পিছতহে এইবেলি অলপ শান্তি। মথাউৰিটো পিছে প্ৰতি বছৰে বান্ধে আৰু প্ৰতি বছৰে ভাঙে। আজিকালি কিবা মেচিনেৰে কাম কৰে। গাঁৱৰ মানুহে হাজিৰা কামো নাপায়। বাহিৰৰপৰা বনুৱা আনে। মণি মাষ্টৰে তাহানিতে মেচিন আনোতেই কৈছিল, এইবেলি বাৰিষা মথাউৰি নাভাগে। মেচিনেৰে বান্ধিছে। পিছে সকলো ফুটুকাৰ ফেন। সকলোৱে মানি লোৱা মণি মাষ্টৰৰ কথা এইবেলি বালিত মূতাৰ দৰে হ'ল।
দলঙৰ দুয়োপাৰৰ পথছোৱাত গাড়ী চলাৰ কথা বাদেই, চাইকেলখনো চলাই নিব নোৱাৰি। কিন্তু বন্দুক লোৱাসকলে দুচকীয়াবোৰ একা-বেঁকা কৰি চলাই যায়। পাহাৰত বোলে সিঁহতৰ চোং আছে।

সন্ধিয়া হাতত ৰেডিঅ’ লৈ মণি মাষ্টৰ আহিল। “বোলো শুনিছনে, কৰিমহঁতৰ গাঁৱত বোলে শাৰী পাতি কোনোবাই গুলীয়ালে। পৰুৱাবোৰ সেয়েহে আহিছে চাগৈ।” বন্দুকধাৰীসকলক গাঁৱত সকলোৱে পৰুৱা বুলি কয়। চকাকেইটাৰ লগত যুদ্ধ সমাপ্ত কৰি সৈনিকৰ গাড়ীকেইখন যাবলৈ ওলাল। মাষ্টৰে ৰেডিঅ'টো পকাবলৈ ধৰিলে।

টেপুধৰে কমলাবাইৰ গাইজনী লৈ আহি দীঘল হুমুনিয়াহ এটা কাঢ়ি ক'লে –
“পাত চাধা দুটকাৰ দে। লগতে টেমাটোত চূণ। ”
ঘনকাই গৰজি উঠিল –
“সন্ধিয়া লগাৰ পিছত বগা বুলি ক’বি, নৰাধম। "
চূণেৰে টেমাটো ভৰাই টেপুকাই তাৰ চিৰপৰিচিত টোটোলা মাতৰে ক'বলৈ ধৰিলে –
“বোলো এইহেন পাঁচ পিয়ন দিয়া গাইজনী বোলে সাত হাজাৰ টকাহে দিয়ে। কোনোবা ৰজাঘৰীয়া আদেশত বোলে মাংস খোৱা বন্ধ কৰিছে। সেয়েহে বোলে দাম নাই। "

মণি মাষ্টৰে ক'লে, “আমাৰ ইয়াত কথাহে ওলাইছে, বন্ধ কৰা নাই নহয়, বেপাৰীবিলাকে সদায় চেলু বিচাৰিয়েই থাকে।"
টেপুকায়ে বৰ্ণনা কৰিলে কমলাবাইৰ গিৰীয়েক হলধৰৰ টান নৰিয়াৰ কথা। ল'ৰা-ছোৱালী দুটাকো স্কুললৈ যোৱা বন্ধ কৰিলে। গাইজনী বেচি চহৰত বেমাৰ দেখুৱাবলৈ যোৱাৰ পৰিকল্পনাৰ কথা। টেপুকাইৰ কথাবোৰ বুজাই টান। ল, ন-বোৰ উচ্চাৰণেই নহয়। ৰজাঘৰীয়া ফৰ্মাইচৰ দৰে কিবা ক'ব বিচাৰে কিবা কৰে। পিছে টেপুকাই ভোদা নহয়। সাতঘাটত বেচিব পৰা টেঙৰ।

ল'ৰাহঁত লাহে লাহে আহিবলৈ লৈছে। আজি চহৰৰপৰা ৰক্তিম আহিছে। ডাঙৰ অভিযন্তা। বিদেশত বহুত ডাঙৰ মেচিনৰ কাম কৰে। আজি বিদেশী চুৰট আৰু ৰঙাপানীৰ লোভত বহুত ডেকা আহিব দলঙৰ পাৰলৈ। দোকানৰ কাষতে অত বছৰে পৰি থকা বিজুলীৰ পকী খুঁটাকেইটা সকলোৰে বাবে বহা ঠাই। বিজুলী খুঁটাকেইটা অত বছৰে থিয় হ'ব নোৱাৰিলে। আড্ডাৰ মানুহকেইজনৰ বাবেহে শেলুৱৈ নলগাকৈ অত বছৰে আছে। ৰক্তিমে আৰম্ভ কৰিলে – আমাৰ উন্নতিৰ বাবে বিজুলীৰ দৰকাৰ। বিজুলী নহ'লে উদ্যোগ নাই আৰু উদ্যোগ নহ’লে সংস্থাপন নাই। গতিকে নদীবান্ধ দি বিজুলী গঢ়িব লাগে। মণি মাষ্টৰে কৈ উঠিল –
“নদীত বৃহৎ বান্ধ দিলে যদি ভাঙি যায় আমি ক'ত পলাম?”
ৰক্তিমে ক'ব ধৰিলে – বিজ্ঞানে আজিকালি বহুত উন্নতি কৰিছে। সকলো কথা আগতেই কম্পিউটাৰত ছিমুলেশ্যন কৰি লোৱা হয়। কিমান বল দিলে ভাঙিব সকলো ঠিক কৰে। চীন দেশে বহুত বান্ধ বান্ধিছে। ৰক্তিমৰ কথাবোৰে ডেকাহঁতক উৎসাহিত কৰিলে। মণি মাষ্টৰে কেৱল ভয় কৰি থাকিল বান্ধ ভাঙিব বুলি।
এনেতে ঘণকায়ে কৈ উঠিল –
“তহঁতৰ বিজ্ঞানটো আমাৰ এই ৰাষ্টাটোত, দলংখনত, মথাউৰিটোত লগাই দিব নোৱাৰিনে??”

ৰক্তিমে অলপ সময় মনে মনে ৰৈ নতুনকৈ মুক্তি পোৱা এশ কোটি বাজেটৰ হিন্দী চিনেমাখনৰ কথা ক'বলৈ আৰম্ভ কৰিলে।a

Share Button
Print Friendly, PDF & Email

No Comments : "দলং- (পংকজ ঠাকুৰীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *