'দণ্ডবিধি' এক সকিয়নী - (অৰূপা পটঙ্গীয়া কলিতা) 

জেহৰুল হুছেইন এজন দায়বদ্ব লেখক আছিল৷ তেওঁ বিশ্বাস কৰিছিল সাহিত্য খেলা নহয়৷ তেওঁৰ গল্প সম্পৰ্কে নিজেই কোৱা কথা এষাৰ মনত পেলোৱা প্ৰাসংগিক হ'ব৷ 'মোৰ এটা মাত্ৰ গল্পই যদি শোষিত, নিষ্পেষিত শ্ৰমকাৰী জনগণৰ সংগ্ৰাম প্ৰস্ফুটিত কৰিব পাৰিছে নাইবা সিয়নীত শোৱা মধ্যবিত্তৰ ভণ্ডামি আৰু কৃত্ৰিমতাৰ স্বৰূপ পাঠক সমাজৰ আগত উদঙাই দিব পাৰিছে তেন্তে জানিম মই কিঞ্চিত হ'লেও সফল হৈছোঁ ৷ (পাতনিঃ দুবৰি বনৰ জুই)‌।

তেওঁ পক্ষ লোৱা লেখক৷ সঁচাকৈ তেখেতৰ কলম শোষিত জনৰ পক্ষ লৈছিল৷ শ্ৰেণী দৃষ্টিভংগীৰে তেখেতে মানুহৰ জাত-পাত, ধৰ্ম বিচাৰ কৰাৰ প্ৰয়াস কৰিছিল৷ তেওঁ বিভাজিত কৰিব খোজা মানুহক চকুত আঙুলি দি ক'ব খুজিছিল, শোষিতক জাত অথবা ধৰ্মৰ দোহাই দি ভাগ কৰিব পৰা নাযায়৷ যন্ত্ৰনা আৰু দুখ ভাগ-বতৰা কৰি তেওঁলোক একেলগেই থাকিব৷ ক্ষমতা আৰু শ্ৰেণীস্বাৰ্থৰ বাবে শোষক গোষ্ঠীয়ে মাজে মাজে কৃত্ৰিমভাৱে এই বিভাজন আনিব পাৰিব ৷ কিন্তু এই বিভাজন স্থায়ী নহয় ৷ জেহিৰুল হুছেইনে এয়া মনে-প্ৰাণে বিশ্বাস কৰিছিল ৷

'দণ্ডবিধি' গল্পত জেহিৰুল হুছেইনৰ এই বিশ্বাস সাৰ্থকভাৱে চিত্ৰিত হৈছে ৷

ৰছিদ আলী এটা দাগী চোৰ ৷ পুলিচৰ ভাষাত সি এটা 'চিয়ানা বস্তু', থানাত তাক এইদৰে সম্ভাষণ জনায়,  'কি হ'ল অ’ ৰছিদ? চুচুক-চামাক কৰিছ যে? এ জোৱাইটি যেন প্ৰথম চচুচৰ ঘৰলৈ আহিছে ৷'  হেড কনিষ্টবলে সোধে, 'পিছে আজি ভালেমান দিন তোক দেখোন থানাত লগ নোপোৱা হ'লো ? কিবা বেয়া-চেয়া পালি নেকি? এইটোৱে হ'ল ৰচিদ আলি ৷ তাক মাজনিশা বঙালীৰ কালী মন্দিৰ জ্বলোৱাৰ অপৰাধত ধৰি নিছে ৷ তাৰ বিৰুদ্ধে ১৫৩ (এ) ধাৰা, এই ধাৰাৰ মানে হ'ল জাতিয়ে জাতিয়ে কাজিয়া লগোৱাৰ বাবে মানুহ উচতোৱা ৷ ৰচিদ আলিক থানাত সোধা প্ৰশ্নতে গম পায় সি অলপ দিন ধৰি এইবোৰ 'ক'লা ধান্দা' বাদ দিছে, আৰু কালী মন্দিৰ জ্বলাবলে সি কেতিয়াও যোৱা নাছিল ৷ ৰচিদে কিন্তু লাখন প্ৰসাদক মাৰিবলৈ দল বান্ধি গৈছিল ৷ অ'চিক সি স্পষ্টকৈ এই কথা কৈ/সৈ কাঢ়িছে‌।

'লাখন কৰ সেৱক আছিল ৷ অযোধ্যাত মচজিদ ভঙা-পাৰ্টিত কৰ সেৱক হৈ সি আমাৰ ইয়াৰ পৰা গৈছিল ৷...ইমতিয়াজ ঠিকাদাৰে জন্মাৰ দিনা মচজিদত কৈছিল...মইতো চাৰ প্ৰথমে বিশ্বাস কৰিব পৰা নাছিলোঁ ৷ লাখন মোৰ একৰকম দোচেই আছিল, যি বৰ ঠাণ্ডা মানুহ ৷ লাখন আমাৰ মচজিদ ভাঙিবলৈ যাব বুলি বিশ্বাস নহয় ৷ ঠিকাদাৰ চাহাবেও ক'লে যিমানেই ভাল মানুহ নহওঁক বেদিনক বিশ্বাস নকৰিবি ৷ বেদিনৰ ৰগদাল সদায়ে টেঁৰা ৷

লক-আপত সোমাই ৰচিদে লগ পালে এই লাখন প্ৰসাদক ৷ লাখন প্ৰসাদো একেই ১৫৩ (এ) ধাৰাত আহি লক-আপত সোমাইছেহি ৷ চুন্নীলাল ঠিকাদাৰে তাক ক'লে মন্দিৰ জ্বলাবলৈ কৈছিল না কৰাৰ বাবেই তাক আনি লক-আপ পোৱালেহি ৷ ৰচিদ আলি অবাক হ'ল, ই দেখোন মহজিদ ভাঙিবলৈ অযোধ্যালৈ গৈছিল ৷ মন্দিৰ ভাঙিবলৈ কিয় যাব? ৰচিদে লাখনক সুধিয়ে পেলালে ৷ “তই মন্দিৰ কিয় ভাঙিবি? তই মছজিদ ভাঙিবলৈহে অযোধ্যালৈ গৈছিলি।” ইমতিয়াজ ঠিকাদাৰে ৰচিদ আলিক লাখনক মাৰিবলৈ কৈছিল, চুন্নীলাল বাবুয়ে লাখনক কালী মন্দিৰ ভাঙিবলৈ কৈছিল। সৰল মগজুৰ মানুহটোৰ চব কথা তালগোল পকাই গৈছিল। পুলিচে ইমতিয়াজ ঠিকাদাৰক চুন্নীলাল বাবুৰ নাম মুখলৈকে আনিবলৈ নিদিয়ে, থাৰ্ড ডিগ্ৰীৰ ভয় দেখুৱাই লক-আপলৈ ঠেলে। তাৰ গৰম হৈ পৰা মাথাৰে একো চিন্তা কৰিব পৰা নাই। ৰচিদৰ এটাই কথা লাখনে অযোধ্যালৈ মছজিদ ভাঙিবলৈ গৈছিল, তাৰ ‘ৰঙা টেঁৰা’, তাৰ কি বিশ্বাস আছে। আকৌ সেইটো মানুহক কালী মন্দিৰ জ্বলাবলৈ যোৱাৰ বাবে ১৫৩ (এ) ধাৰাত লক-আপত ভৰাইছে। ৰচিদ আলীয়ে সেয়েহে লাখন প্ৰসাদক পোনকৈ প্ৰশ্ন কৰিবলৈ ধৰিলে, উত্তৰো পোন।

“হা জই হাম আযোধ্যা গিয়া থা। পাঁচশ ৰূপায়া মিলনেসে তুমভী জৰুৰ যাওঁগে ‌। তুম হাম যৈছে গৰীৱকে লিয়ে এক চাথ ৫০০ ৰূপায়া বহুত জাদা হেয়। লেকিন দোষ্ট হাম ইউ.পি যাকৰ কুচ নহী কিয়া। না মছজিদ তোৰা না মন্দিৰ। সিৰ্ফ গয়া ঔৰ চলা আয়া। মেৰী বেটিকি কচম, তেৰি ডাওজীকি কচম। মুঝে তুম বিশ্বাস কৰ।”

ৰচিদ আলিৰ চিন্তাৰ জঁট এই সৰল-সহজ স্বীকাৰোক্তিত খুলি গ’ল।
“বুইছ লাখন, এইবাৰ লক-আপত সোমাই ময়ো আজি কিবা এটা বুজিলো।”
“কি বুজিলি” লাখনে ভঙা অসমীয়াত সুধিলে। “ৰগডাল কাৰ টেঁৰা, বেদিনৰ টেঁৰা নে ইমতিয়াজ ঠিকাদাৰ, চুন্নীলালহঁতৰ টেঁৰা।”

তাৰ পাছত ৰচিদ আলি আৰু লাখন প্ৰসাদে একেলগে লুকাই লুকাই লক-আপত মহা আৰামেৰে চিগাৰেট হুপিবলৈ লাগিল। ১৫৩ (এ) ধাৰাত বন্দী ৰচিদ আলি আৰু লাখান প্ৰসাদ সম্পৰ্কে পুলিচৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ পৰা প্ৰশ্ন আহিল তালুকদাৰ অ’চিলৈ।
“দুয়োটা পাৰ্টিৰ মানুহক একেলগে লক-আপত থৈছে নেকি?”
“হয় চাৰ”

“আপোনালোকে কলিজা খাব।” এচ.পিয়ে সিটো মূৰৰ পৰা ধমকি এটা মাৰি নিৰ্দেশ দিলে-“ইমিদিয়েট এটা পাৰ্টিত কমাৰবন্ধা বা অন্যলৈ চেগ্ৰিগ্ৰেট কৰক। ইমিডিয়েটলি। ইট ইজ এন ইমাৰজেন্সি।”
ফোন কলটো আহি থকাৰ সময়তে ৰচিদ আলিৰ ঘৈণীয়েক ৰাণীয়ে লৈ অহা ৰুটি-ভাজি ভাগ কৰি পৰম তৃপ্তিত খাবলৈ আৰম্ভ কৰিছিল ৰচিদ আলি আৰু লাখন প্ৰসাদে।
ৰুটি-ভাজি খোৱাৰ তৃপ্তিতে শেষ হৈছে জেহিৰুল হুছেইনৰ গল্প ‘দণ্ডবিধি’। গল্পটো প্ৰকাশ হৈছিল ‘ৰাং কুকুৰৰ টুপী’ গল্প সংকলনত। প্ৰকাশ হৈছিল ২০০০ চনত। ৰচনা কাল আছিল ০১/০৫/০৯৪।

লেখকসকল স্বপ্নদ্ৰষ্টা। মানুহৰ বাবে এখন মানৱীয় পৃথিৱীৰ সন্ধান কৰি থকা লেখক একোজনৰ কলমে কেতিয়াবা এন্ধাৰ হাবিৰ মাজত একুৰা জুই হৈ পৰে।

জেহিৰুল হুছেইনৰ কলমে সকলো সময়তে সন্ধান কৰিছিল এখন মানৱীয় পৃথিৱীৰ। এইখন পৃথিৱীৰ সপোনটোকে বুকুত বান্ধি তেওঁ গ’লগৈ। তেওঁ বহু কথাই চাব লগা ন’হল। তেওঁ থৈ যোৱা সৃষ্টিৰাজীয়ে আজি এই দুঃসহ সময়ত এন্ধাৰ ৰাতিৰ এটা জোঁৰ। তেওঁ কৈ যোৱা ৰচিদ আলি আৰু লাখন প্ৰসাদৰ একেলগে বহি খোৱা ৰুটি-ভাজিখিনিৰ তৃপ্তিতে আছে আমাৰ জীয়াই থকাৰ সাহস।

Share Button
Print Friendly, PDF & Email

No Comments : "'দণ্ডবিধি' এক সকিয়নী - (অৰূপা পটঙ্গীয়া কলিতা) "

Leave a Comment

Your email address will not be published. Required fields are marked *