দূৰণিৰ নিৰলা পঁজা-(নিখিলেশ্বৰ বৰুৱা)

এটা সহজ-সৰল কাহিনীক লৈ এক সহজ-সৰল শৈলীৰে এখন বোলছবি বনাবলৈ,আজিৰ সময়ত এক দৃঢ় আত্মবিশ্বাসৰ প্ৰয়োজন। তেনে আত্মবিশ্বাস এজন নবীন পৰিচালকৰ মাজত দেখিবলৈ পোৱাটো আমাৰ বাবে এক সুখবৰ। এটা সাধাৰণ পৰিয়ালৰ সাধাৰণ আশা-আকাংক্ষা আৰু দুৰ্নীতিগ্ৰস্ত সমাজ এখনত এজন সৎ ব্যক্তিৰ সংগ্ৰাম, এয়াই 'দূৰণিৰ নিৰলা পঁজা'ৰ মূল বিষয়। কাহিনী, সম্পাদনা, আৰু পৰিচালনা, তিনিওটা মূল বিভাগৰ দায়িত্বৰে ধ্ৰুৱ জে বৰদলৈয়ে তাক দৰ্শকৰ মন চুই যোৱাকৈ প্ৰকাশ কৰাত সফল হৈছে। বৰুৱাৰ পৰিয়ালটো চাৰিটা চৰিত্ৰৰ সমষ্টি নহয়, যেন এটা সঁচা পৰিয়াল তেনে ভাব এটা সৃষ্টি কৰিব পৰাটো পৰিচালকৰ কৃতিত্ব। নতুনকৈ যৌৱনত ভৰি দিয়া ল'ৰা-ছোৱালীখিনিৰ ৰূপায়ণো সুন্দৰ। অৱশ্যে নতুন ঠাই এখনলৈ অহা পৰিয়ালটো ক্ৰমে ওচৰ-চুবুৰীয়াৰ লগত আপোন হৈ পৰাৰ প্ৰক্ৰিয়াটো সিমান সাৱলীল নহ'ল।

দক্ষ পৰিচালনাৰ লগতে আন তিনিটা দিশে চিনেমাখনক বিশেষভাৱে সবল কৰি তুলিছে - অভিনয়, সম্পাদনা, আৰু আৱহ সংগীত।

মুখ্য চৰিত্ৰটোৰ সৈতে মিণ্টু বৰুৱা সম্পূৰ্ণ একাত্ম হৈ যাব পাৰিছে। পৰিস্থিতি অনুযায়ী ভাবাবেগৰ সালসলনিৰ ৰূপায়ণ যথেষ্ট সংবেদনশীল (উদাহৰণস্বৰূপে, মানসিকভাৱে ভাঙি পৰা সত্ত্বেও হাঁহিমুখে পুতেকক পৰীক্ষাৰ বাবে কলম উপহাৰ দিবলৈ যোৱা দৃশ্যটো)। পাৰ্থ হাজৰিকাৰ অভিনয় সুন্দৰ আৰু সাৱলীল। মধ্যবিত্ত পৰিয়ালৰ ঘৰুৱা মহিলা এগৰাকীৰ চিন্তা, হেঁপাহ, ব্যতিব্যস্ততা, হতাশা জয়শ্ৰী গোস্বামীয়ে ফুটাই তুলিব পাৰিছে। বিভূতিভূষণ হাজৰিকা আৰু চোনিয়া শৰ্মা নিজ নিজ চৰিত্ৰ ৰূপায়ণত সফল। জীয়েকৰ চৰিত্ৰটোত অভিনয়ৰ বিশেষ সুযোগ নাছিল যদিও পৰিয়ালটোৰ এটা অংগ হিচাপে সুন্দৰকৈ মিলি যাব পৰাটো ৰাঘৱী দত্তৰ অভিনয়ৰ গুণ বুলিলে ভুল নহ'ব। অভিষেক নামৰ তুলনামূলকভাৱে সৰু চৰিত্ৰটোৰ অভিনয় সবল। কম বাজেটৰ চিনেমাত অভিনেতা বিচৰাৰ কামটো পৰিচালকেই কৰে বুলি ধৰি ল’লে ইয়াৰো প্ৰশংসাৰ পাত্ৰ ধ্ৰুৱ জে বৰদলৈ।

দৰ্শকৰ আগ্ৰহ অব্যাহত ৰখাৰ বাবে চিনেমা এখনৰ - বিশেষকে সৰল শৈলীৰ চিনেমাৰ - সামগ্ৰিক লয় এটা অতি প্ৰয়োজনীয়। সম্পাদনাই সেই লয় সৃষ্টি কৰাত সফল হৈছে, প্ৰায় যেন সংগীতৰ বিলম্বিত আৰু দ্ৰুত তালৰ সঠিক অনুপাতৰ সংমিশ্ৰণ। অৱশ্যে সম্পাদনা আৰু আটিল হোৱাৰ থল আছিল,কিছুমান আনুষংগিক দৃশ্যলানিৰ বিশেষ প্ৰয়োজন নাছিল।

অসমীয়া চিনেমাতেই নহয়, হিন্দী বা আন ভাষাৰ চিনেমাতো (অতি উচ্চ স্তৰৰ নিৰ্মাতাসকলৰ চিনেমা বাদ দি) আৱহ সংগীতৰ সংযত ব্যৱহাৰ বিৰল। বহু ক্ষেত্ৰত আৱহ সংগীতে চিনেমা এখন উপভোগ কৰাত সহায় কৰাৰ সলনি বাধাৰহে সৃষ্টি কৰে। ‘দূৰণিৰ নিৰলা পঁজা’ত চিনেমাখনৰ মুডৰ সৈতে সংগীত সমান্তৰাল, অথচ মুড সৃষ্টি কৰাৰ কোনো নাটকীয় অতি-প্ৰয়াস নাই। গোটেই চিনেমাখন প্ৰায় এবিধ বাদ্যযন্ত্ৰৰে চলাই নিয়াৰ মাজতে এটা বিশেষ মুহূৰ্তত সম্পূৰ্ণ বেলেগ সংগীতৰ ব্যৱহাৰ অপূৰ্ব।

বাস্তৱ জীৱনক ফুটাই তোলা চিনেমাখনৰ সৌৰভ কিছুমান গধুৰ সংলাপে ম্লান কৰা যেন লাগিল। ‘মই যুঁজি যাম’, ‘প্ৰিন্সিপল্ মতে কাম কৰিব লাগে’ ইত্যাদি কথা বাৰে বাৰে কৈ থকাৰ প্ৰয়োজন নাছিল, সেইখিনি কথা বুজাবলৈ বছৰ সমুখতে 'নাই, মই নোৱাৰিম' বুলি কোৱাটোৱেই যথেষ্ট আছিল। শেষৰ দৃশ্যৰ একক সংলাপখিনিৰো প্ৰয়োজন আছিল যেন নালাগে, বেছি বাখ্যামূলক হৈ গ'লে চিনেমাৰ ভাষাটোৰ হানি হয়।

চৰিত্ৰ অংকনৰ ক্ষেত্ৰতো কিছু সীমাবদ্ধতা দেখা গ'ল। সকলো চৰিত্ৰই হয় সম্পূৰ্ণ ভাল, নহয় সম্পূৰ্ণ বেয়া। তেনে ক'লা/বগা সৰলীকৰণে সঁচা জীবনৰ বহুতো তৰপ নুই কৰি এক অস্বাভাৱিক দ্বিমাত্ৰিকতাৰ সৃষ্টি কৰে, সেয়া লিখক/পৰিচালকৰ উদ্দেশ্য আছিল যেন নালাগে। মুখ্য চৰিত্ৰটোৰ আকস্মিক অসুস্থতাৰ পিছত দেখুৱা বছজনৰ ক্লোজ আপখিনিয়ে অৱশ্যে দ্বন্দ্বৰ এক খীণ ইংগিত দিয়ে। চিনেমা এখনত সৰু সৰু চৰিত্ৰবোৰকো একোটা বিশিষ্ট মাত্ৰা দিব পাৰিলে কাহিনীৰ গাঁথনি সবল হয়। অভিষেক, আৰু ঘৰুৱা সমস্যাৰ বাবে ক্লাছ ক্ষতি কৰিব লগা হোৱা ল'ৰাটোৰ চৰিত্ৰকেইটাত তেনে আভাস আছে। আপাত দৃষ্টিত মূল কাহিনীত বিশেষ ভূমিকা নাই যেন লাগিলেও ছবিৰ শিক্ষকৰ চৰিত্ৰটোত কিছু গভীৰতা দেখা যায়।

"শুভ বাৰ্তা" বা "সুখী সমাপ্তি" ৰে নিজকে নিচুকাব বিচৰা দৰ্শকে চিনেমাখনৰ সমাপ্তিত হয়তো হতাশ হ'ব পাৰে। সেই ফান্দত ভৰি নিদিয়াটো পৰিচালকৰ এক বলিষ্ঠ স্থিতি। শেষ দৃশ্যৰ সৈতে দেখুওৱা দুটি দৃশ্য  - আৰ্থিকভাৱে জুৰুলা আৰু শিল্প-সংগীতৰ চৰ্চা কৰা ডেকা এজন নতুন আশাৰে চাকৰিত যোগদান কৰিবলৈ ওলাই যোৱা, আৰু হিৰণ্য বৰুৱাৰ সততাৰে প্ৰভাৱিত ডেকা কৰ্মচাৰী এজনৰ নতুন উদ্যম – বলিউডধৰ্মী  "সুখী সমাপ্তি"ৰ বহুত ঊৰ্ধত।

Share Button
Print Friendly, PDF & Email

No Comments : "দূৰণিৰ নিৰলা পঁজা-(নিখিলেশ্বৰ বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *