বিবিধ চিন্তা

এবেলাৰ এটি আড্ডা- (জুমি বসুমতাৰী শৰ্মা)

২০০৩ চনত অসমত যুক্তিবাদ আৰু মুক্ত চিন্তাৰ প্ৰসাৰৰ বাবে “যুক্তি-বিকাশ সমিতি, অসম”ৰ গঠন কৰা হৈছিল। পৰৱৰ্তী কালত সমিতিয়ে জনপ্ৰিয় সামাজিক গণমাধ্যম ফে’চবুকত  ‘মুক্ত চিন্তা’ নামৰ এটি গোট খুলি যুক্তিবাদী লোকসকলৰ এখনি মুকলি মঞ্চ গঠন কৰিবলৈ প্রয়াস কৰে। এই ফে’চবুকৰ গোট ‘মুক্ত চিন্তা’ৰ উদ্যোগতেই যোৱা জুলাই মাহৰ ২৪ তাৰিখে গুৱাহাটীৰ দিছপুৰৰ মথুৰা নগৰস্থিত সমন্বয় কক্ষত আবেলি ২.৩০ বজাৰপৰা সন্ধিয়া ৮.৩০ বজালৈ ‘এবেলাৰ এটি আড্ডা’ নামৰ এক মনোজ্ঞ অনুষ্ঠান সম্পন্ন হৈ যায়৷ ‘সমসাময়িক পৰিস্থিতিত আমাৰ কৰ্তব্য আৰু দায়িত্ব’ শীৰ্ষক বিষয়ত অনানুষ্ঠানিক আড্ডাত অসমৰ বিভিন্ন প্ৰান্তৰপৰা অহা ন-পুৰণি সাহিত্যিক, সাংবাদিক, শিক্ষক-অধ্যাপক, ছাত্ৰ-ছাত্ৰী আদিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে৷

ADDA2
      আড্ডাত সক্রিয় অংশগ্রহণকাৰীসকলৰ একাংশ
ADDA1
      আড্ডাৰ এটি দৃশ্য

আড্ডাত যুক্তি-বিকাশ সমিতি, অসমৰ সৈতে প্রথমৰে পৰা জড়িত ব্যক্তি কৌশিক দাসে ‘যুক্তি-বিকাশ সমিতি, অসম’ আৰু ফে’চবুকৰ গোট ‘মুক্ত চিন্তা’ৰ জন্মৰ আঁৰৰ কথা ব্যক্ত কৰি উপস্থিত ৰাইজৰ দিহা-পৰামৰ্শ প্রাৰ্থনা কৰে। তেখেতে সমিতিৰ কাৰ্যপন্থাৰো এটি বিৱৰণী সকলোৰে আগত ডাঙি ধৰে। তাৰ পাছত নন্দিতা তালুকদাৰ আৰু চুলতান চালেহ আহমেদৰ আন্তৰিক সহযোগৰ ফলত আড্ডাৰ সকলোৱে মুখ্য অতিথিৰূপে বৰপেটা জিলাৰ বহৰীৰ আব্দুল ৰহিমৰ সান্নিধ্য লাভ কৰে৷ তেওঁৰ বক্তৃতাই অসমত চৰ-চাপৰি অঞ্চলত চলি থকা শিক্ষা আৰু স্বাস্থ্য বিভাগৰ দুৰ্নীতি, অৰ্থনৈতিক সমস্যা আৰু শোচনীয় জীৱন ধাৰণ প্ৰণালীৰ এখন মৰ্মস্পৰ্শী ছবি প্ৰতিফলিত কৰে৷ ইয়াৰ সমস্যাৰ সমাধানৰ বাবে ‘মুক্ত চিন্তা’ গোটৰ ফালৰপৰা ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি তেওঁ জনায়৷
বৰ্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি আশংকা প্ৰকাশ কৰি বিশিষ্ট লিখক দীনেশ বৈশ্যই উল্লেখ কৰে যে ‘বিশ্ব ৰাজনীতি’ মুক্ত চিন্তাৰ প্ৰাংগণত এটা অতি জৰুৰী আলোচ্য বিষয়৷ অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে আশীৰ দশকৰপৰাই জড়িত হোৱাৰ ফলতো বিশেষ কিছুমান ধৰ্মীয় অনুষ্ঠানৰ প্ৰাচুৰ্য বাঢ়ি অহাক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰি ইয়াৰ বাবে গণমাধ্যম যে কিছু পৰিমাণে জগৰীয়া সেই কথা উল্লেখ কৰে৷ কৌশলগতভাৱে এই অনুষ্ঠানবোৰক আঘাত নকৰিলে এইবোৰে সমাজখনলৈ ভাবুকি কঢ়িয়াই আনিব বুলি তেওঁ দাবী কৰে৷ প্ৰসংগক্ৰমে ‘মুক্ত চিন্তা’ৰ মজিয়াত ধৰ্মীয় উগ্ৰবাদ আৰু ৰাজনৈতিক শোষণৰ বিৰুদ্ধে এটা বলিষ্ঠ যুক্তিবাদী আন্দোলন গঢ় লৈ উঠাৰ বাবে অত্যন্ত সুখী বুলি ভাব প্ৰকাশ কৰে৷
পূজা নিৰলা, জুনু বৰা প্ৰমুখ্যে বক্তাসকলে নাৰীৰ ওপৰত চলি থকা ধৰ্মীয় দমনৰ কথা উল্লেখ কৰি বৈজ্ঞানিক চিন্তা-চৰ্চাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়৷ প্ৰচলিত নিয়ম-নীতি উলংঘন কৰি সমাজৰ বিপৰীতে যোৱাৰ ফলত সৃষ্টি হোৱা বাধা-বিঘিনিক অতিক্ৰম কৰি নিজৰ সংসাৰ সুচাৰুৰূপে চলাই নিয়াত কিদৰে সক্ষম হৈছে সেই কথা দীপংকৰ বায়নৰ বক্তব্যত প্ৰকাশ পায়৷
আন এগৰাকী সদস্য আব্দুল আজিজ চৌধুৰীৰ বক্তব্যত সুস্থ যুক্তি-তৰ্ক-সম্বলিত ধৰ্মনিৰপেক্ষতাৰ পৰিচয় পোৱা যায়৷ চৰ অঞ্চলৰ নাৰীসকলৰ দুৰ্দশাৰ বিষয়ে বৰ্ণনা কৰি প্ৰতীক্ষা দাসে ‘মুক্ত চিন্তা’ৰ সদস্যসকলক আন চৰ অঞ্চলবোৰৰ বুজ ল’বলৈ অনুৰোধ কৰে৷ উঠি অহা প্ৰজন্মৰ মাজত অসমৰ প্ৰাকৃতিক সম্পদবোৰৰ প্ৰতি শ্ৰদ্ধাৰ ভাব জগাই তুলি সেইবোৰৰ প্ৰয়োজনীয়তা আৰু প্ৰসাৰৰ কথা উল্লেখ কৰি বিশিষ্ট সাংবাদিক মনোৰম গগৈয়ে সাম্প্ৰতিক অসমৰ অস্থিৰ পৰিস্থিতি, দুৰ্বল অৰ্থনৈতিক ব্যৱস্থা, কৰ্মসংস্কৃতি, শোচনীয় শিক্ষা ব্যৱস্থা, থলুৱা সম্পদৰ উচিত ব্যৱহাৰৰ বিষয়ে অতিশয় গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে৷ জমছেৰ আলীয়ে মুছলমানৰ সামাজিক ব্যৱস্থা আৰু দুখীয়া শ্ৰেণীৰ মাজত শিক্ষিত মানুহৰ অভাৱে সমাজখনৰ সৰ্বাংগীণ উন্নতি কেনেকৈ বাধাৰ সৃষ্টি কৰিছে সেই কথা তেখেতৰ বক্তব্যৰ মাজেৰে দাঙি ধৰে৷
উচ্চতম ন্যালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কণ্ডেয় কাটজুৰ বিষয়ে প্ৰসংগক্ৰমে উত্থাপন কৰি দেৱব্ৰত দাসে ছত্তীশগড়, কাশ্মীৰ আদিৰ জনসাধাৰণে ধৰ্মীয় সংঘৰ্ষ, ৰাজনীতিৰ পাকচক্ৰ আৰু ভাৰতীয় সৈন্যৰ উৎপীড়নৰ বলি হৈ কেতিয়াও মুক্ত চিন্তাৰ অধিকাৰী হ’ব নোৱাৰে বুলি ব্যক্ত কৰে৷ আড্ডাত উপস্থিত থাকি ড০ যোগেন্দ্ৰ নাথ, অজিত তালুকদাৰ, ৰিপুঞ্জয় গগৈ  আদিয়ে শেহতীয়াভাৱে সমাজজীৱনলৈ আহি পৰা বিভিন্ন সংকটৰ সম্পৰ্কত মত প্ৰকাশ কৰে তথা অসহিষ্ণুতা, অৰ্থনৈতিক অনগ্ৰসৰতা আদিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পোষকতা কৰে৷ সুজাতা হাতীবৰুৱা, টুনুজ্যোতি গগৈ, নিতুল চাংমাই, গৌৰী শংকৰ ভূঞা,  গৌতম কাশ্যপ, আশ্ৰাফুল হুছেইন, ধ্ৰুৱজ্যোতি ধন্বন্তৰি, ৰেহনা চুলতানা আদি কেইবাজনো নতুন প্ৰজন্মৰ চিন্তাশীল লেখক-সাংবাদিক উপস্থিত থকা আড্ডাত জেকী আহমেদ, আবিদ আজাদ, মাধুৰ্য বৰুৱা, অংশুমান শৰ্মা, নীলোৎপল বৰুৱা আদিয়েও সাৰগৰ্ভ মতামত আগ বঢ়ায়৷
এনেদৰে ‘মুক্ত চিন্তা’ৰ অড্ডাৰ প্ৰাংগণত প্ৰায় পাঁচ ঘন্টা সময় বিভিন্নজনে বিভিন্নধৰণৰ মূল্যৱান মতামতবোৰ উপস্থাপন কৰি সময়খিনি সজীৱ কৰি ৰাখে৷ আড্ডা সুকলমে হৈ যোৱাৰ বাবে উপস্থিত থাকিব নোৱাৰিলেও অহৰ্নিশে দিহা-পৰামৰ্শ দিয়া বৰ্ণালী বৰুৱাক  দাসক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰা হয়৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *