সম্পাদকৰ টোকা : বিজ্ঞান-শিক্ষা আৰু অন্ধবিশ্বাস (কৌশিক দাস)

(১)

তিনিগৰাকী কৃতী মানুহৰ কথাৰে আৰম্ভ কৰিছোঁ। প্ৰথম দুগৰাকী ইংলেণ্ডৰ, আনগৰাকী অসমৰ।

১. এটা সময়ত মহান বিজ্ঞানী চাৰ্লছ ডাৰউইনৰ এখন চিঠি বৰ বিতৰ্কিত হৈ পৰিছিল। প্ৰথমতে ভবা হৈছিল যে উক্ত চিঠিখন ডাৰউইনে প্ৰেৰণ কৰিছিল কাৰ্ল মাৰ্ক্সলৈ। গতিকে সেইখনৰ ওপৰত ভিত্তি কৰি ডাৰউইন আৰু মাৰ্ক্সৰ মাজৰ যোগাযোগ, সমন্ধ আদিৰ প্ৰসংগত কিছুমান ধাৰণাও গঢ় লৈ উঠিছিল। কিন্তু পাছলৈ গম পোৱা গ'ল যে প্ৰকৃততে চিঠিখন লিখা হৈছিল মাৰ্ক্সৰ এগৰাকী জোঁৱায়েক এডৱাৰ্ড আভিলিঙলৈহে। এই আলোচনাত অৱশ্যে চিঠিখনৰ প্ৰসংগটো উক্ত বিতৰ্কৰ কাৰণে নহয়, চিঠিখনৰ বিষয়টোৰ বাবেহে উত্থাপন কৰিছোঁ।

কি লিখিছিল ডাৰউইনে সেই পত্ৰখনত? চিঠিখনৰ একাংশৰ ভাবাৰ্থ আছিল এনেধৰণৰ : বিজ্ঞানৰ অগ্ৰগতিয়ে মানুহৰ মনন ক্ৰমাৎ আলোকিত কৰি তুলিব। তাৰ ফলত উন্মুক্ত হৈ পৰিব মুক্তভাৱে চিন্তা কৰাৰ বাট। জনতাৰ ওপৰত ধৰ্মবিৰুদ্ধ যুক্তিৰ প্ৰভাৱ নাই, সেয়েহে ধৰ্মৰ বিষয়ে একো নিলিখি তেখেতে নিজৰ কাম-কাজ বিজ্ঞানৰ পৰিসীমাতেই আবদ্ধ কৰি ৰাখিছে .... [মূল বাক্যকেইটি হ'ল : Moreover though I am a strong advocate for free thought on all subjects, yet it appears to me (whether rightly or wrongly) that direct arguments against Christianity & theism produce hardly any effect on the public; & freedom of thought is best promoted by the gradual illumination of men's minds, which follows from the advance of science….]।

২. বাৰ্ট্ৰাণ্ড ৰাছেল আছিল এগৰাকী অকুতোভয় নিৰীশ্বৰবাদী আৰু ধৰ্মহীনতাৰ প্ৰবক্তা। তেখেতে লিখিছিল, বুদ্ধিয়ে আমাৰ সমস্যাৰ উদ্ভৱ ঘটায় বুলি ক'ব পৰা যায় যদিও বুদ্ধিহীনতাই তেনে সমস্যাৰ সমাধান নকৰিব। অধিক জ্ঞানগৰ্ভ বুদ্ধিয়েহে মাত্ৰ এখন সুখৰ পৃথিৱী গঢ় দিবলৈ সক্ষম (মূল বাক্যকেইটি হ'ল :- Intelligence, it might be said, has caused our troubles; but it has not unintelligence that will cure them. Only more and wiser intelligence can make a happier world)।

৩. সুসাহিত্যক কৰ্মযোগী প্ৰয়াত ভবেন্দ্ৰনাথ শইকীয়াৰ কাম-কাজৰ সৈতে পৰিচিতসকলে জানে যে তেখেতে সকলো কথা যুক্তিৰে বিচাৰ কৰি চাইছিল। কুসংস্কাৰ-অন্ধবিশ্বাসক তেখেতে কেতিয়াও জানি-বুজি প্ৰশ্ৰয় দিয়া নাছিল। তেখেতে এবাৰ অন্ধবিশ্বাসৰ সন্দৰ্ভত এনেদৰে কৈছিল, “… বৈজ্ঞানিক চিন্তা-চৰ্চাৰ ব্যাপ্তিৰ ফলত এদিন অবৈজ্ঞানিক অসত্যৰ স্বাভাৱিক মৃত্যু ঘটিবই; - ইয়াক প্ৰকৃত শিক্ষিত, সমাজৰ কল্যাণকামী লোকে বিশ্বাস কৰে”।

তিনিওগৰাকী কৃতবিদ্য বিদ্বানৰ উক্ত মতকেইটি বৰ চিত্তাকৰ্ষক। তেখেতসকলে মানুহৰ জ্ঞান আৰু প্ৰজ্ঞাৰ বিপুল বিস্তাৰণৰ ফলত সমাজৰপৰা এদিন নিজে নিজেই কুসংস্কাৰ-অন্ধবিশ্বাসবোৰ আঁতৰি যোৱাটো সম্ভৱ বুলি ধাৰণা কৰিছিল। তেখেতসকলৰ উপৰিউক্ত মতকেইটিয়ে চিন্তাৰ এটি মাৰ্গক প্ৰতিনিধিত্ব কৰিছে। সেই মাৰ্গৰ প্ৰবক্তাসকলে ধাৰণা কৰে যে সমাজৰপৰা কুসংস্কাৰ-অন্ধবিশ্বাস আদি দূৰ কৰিবলৈ মানুহৰ মাজত বিজ্ঞান-শিক্ষাৰ ব্যাপক প্ৰসাৰেই যথেষ্ট। এই কথাটো অলপ যুকিয়াই চালে কিন্তু অন্য কিছুমান দিশো পোহৰলৈ আহিব।

(২)

উক্ত প্ৰসংগত প্ৰথমতেই এটি প্ৰশ্ন অৱধাৰিতভাৱে উত্থাপিত হ'ব। সেইটো হ'ল, সমাজৰপৰা কুসংস্কাৰ-অন্ধবিশ্বাস অৱলুপ্ত হোৱা কথাটোৰ সৈতে মানুহে আধুনিক শিক্ষাৰে আয়ত্ত কৰা জ্ঞান আৰু প্ৰজ্ঞাৰ ভূমিকা কি? আপাত-দৃষ্টিত প্ৰশ্নটো তেনেই সহজ, আৰু উত্তৰো সৰল। কোৱা হয়, কুসংস্কাৰ-অন্ধবিশ্বাসবোৰৰ যিহেতু কোনো যৌক্তিক আৰু বৈজ্ঞানিক ভিত্তি নাই, সেয়েহে আধুনিক বিজ্ঞান-শিক্ষাৰ প্ৰসাৰ ঘটিলেই মানুহে তেনে প্ৰপঞ্চসমূহৰ ভিত্তিহীনতাৰ কথাটো হৃদয়ংগম কৰিব পাৰিব। সেইবোৰ যে অপকাৰী-অদৰকাৰী, সেই কথাটো সকলোৱে বুজি পাব আৰু সেইবোৰক লাহে লাহে মানুহে পৰিত্যাগ কৰিব। এনেদৰেই এটা সময়ত সমাজৰপৰা নিজে নিজেই নিৰ্মূল হ'ব কুসংস্কাৰ-অন্ধবিশ্বাসসমূহ।

1_EDITORIALসঁচা কথা, কুসংস্কাৰ-অন্ধবিশ্বাসৰপৰা মুক্ত হোৱাৰ ক্ষেত্ৰত আধুনিক বিজ্ঞান-শিক্ষাৰ শুভংকৰ ভূমিকা আৰু ইতিবাচক প্ৰভাৱৰ কথা তৰ্কাতীত। এই কথাটো কিছুমান বিশেষ (Specific) আৰু নিৰ্দিষ্ট (Definite) কুসংস্কাৰ-অন্ধবিশ্বাসৰ ক্ষেত্ৰত অধিক স্পষ্টভাৱে চকুত পৰে। দুটা হাততে পোৱা উদাহৰণ লওঁ। জীৱন আৰু জগতৰ ওপৰত সূৰ্যৰ পোহৰ-তাপৰ গুৰুত্বৰ বাবেই সুদূৰ অতীতত মানুহে, সেই তেতিয়াৰ সীমিত জ্ঞানেৰে, নক্ষত্ৰটোৰ ওপৰত দেৱত্ব আৰোপ কৰি আৰাধনা কৰিছিল। কিন্তু ক্ৰমবৰ্ধমান জ্ঞানৰ আলোকত মানুহে গম পালে, সূৰ্যৰ পোহৰ আৰু তাপৰ আঁৰৰ কথাবোৰনো কি। যদিও সূৰ্য আৰাধনাৰ ৰীতি-নীতিৰ কিছুমান অৱশিষ্ট এতিয়াও সমাজত থাকি গৈছে, তথাপিও সাধাৰণভাৱে কোৱা যায়, সূৰ্যৰ ওপৰত আৰোপিত দেৱত্বৰ ধাৰণা এতিয়া আৰু অতীতৰ দৰে অন্ধ আৰু প্ৰবল নহয়। দ্বিতীয় উদাহৰণটোও মহাজাগতিক প্ৰপঞ্চ এটাৰেই। অতীতত চন্দ্ৰ কিম্বা সূৰ্য গ্ৰহণে মানুহৰ মনত বিস্ময়, ত্ৰাস আৰু অনুসন্ধিৎসাৰ জন্ম দিছিল বুলি আমি যুক্তিসংগতভাৱে অনুমান কৰিব পাৰোঁ। কিন্তু তেতিয়াৰ মানুহৰ সীমিত জ্ঞানে উক্ত পৰিঘটনা দুটাৰ ব্যাখ্যা কৰিবলৈ ৰাহু-কেতু ধাৰণাৰ সহায় লৈছিল। আধুনিক বিজ্ঞান শিক্ষাৰে শিক্ষিত মানুহে ৰাহু-কেতুৰ দৰে কিহবাই চন্দ্ৰ-সূৰ্যক আক্ষৰিকভাৱে গ্ৰাস কৰে বুলি এতিয়া আৰু বিশ্বাস নকৰে। এনে উদাহৰণ আৰু বহুত ওলাব। তেনে উদাহৰণসমূহৰপৰা ক'ব পাৰি, কুসংস্কাৰ-অন্ধবিশ্বাসমুক্ত সমাজ এখন গঢ়ি তোলাত আধুনিক বিজ্ঞান শিক্ষাৰ এটা ভূমিকা নিশ্চয় আছে।

কিন্তু এইখিনিতেই অলপ থমকি দুটামান কথা ফঁহিয়াই চাব পাৰি। কুসংস্কাৰ-অন্ধবিশ্বাসবোৰ দূৰ কৰাত আধুনিক বিজ্ঞান শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজন আছে সঁচা; কিন্তু অন্ধবিশ্বাস-কুসংস্কাৰৰ বিলোপন আৰু জ্ঞানদীপ্ত প্ৰজ্ঞাৰ বিস্তাৰণৰ সম্পৰ্কটো বৰ এটা সহজ-সৰল নহয়। কথাটো বুজিবলৈ আমি আকৌ এটি উদাহৰণৰ সহায় লৈছোঁ।

সৌৰজগতৰ গ্ৰহসমূহৰ মোটামুটি বিৱৰণ আজি স্কুলীয়া পাঠ্যপুথিতেই সোমাই গৈছে। সেই সন্দৰ্ভত বিপুল জ্ঞানৰ বিস্তাৰণো ঘটিছে। মানুহে প্ৰেৰণ কৰা মহাকাশযান আজি সৌৰজগতৰ সীমা পাৰ হৈ গভীৰ মহাকাশৰ বুকুলৈ ধাৱমান হৈছে। কিন্তু বিজ্ঞানৰ এই অগ্ৰগতিৰ সময়ত আমি বিপৰীতধৰ্মী কথা কিছুমানো দেখিবলৈ পাওঁ। আমাৰ মূৰৰ ওপৰৰ আকাশত অত্যাধুনিক বিজ্ঞান-প্ৰযুক্তিয়ে প্ৰদান কৰা অসংখ্য উপগ্ৰহ ঘূৰ্ণীয়মান, কিন্ত সন্মুখত বহি থকা কোনো ব্যক্তিৰ হাততেই হয়তো দেখিম এনে এটা আঙঠি, যিটো তেওঁ পৰিধান কৰিছে সৌৰজগতৰ কোনো এটা গ্ৰহৰ “অশুভ প্ৰভাৱ”ৰপৰা ৰক্ষা পাবলৈ ! ক্ৰমবিকাশৰ কথা, জীৱৰ বিৱৰ্তনৰ কথা চমৎকাৰভাৱে পাঠদান কৰা কোনো অধ্যাপকে শ্ৰেণীকোঠাৰ বাহিৰত হয়তো নিৰ্দ্বিধায় কৈ দিয়ে জীৱৰ উদ্ভৱৰ আঁৰত কোনোবা কাল্পনিক সৃষ্টিকৰ্তাৰ ভূমিকাৰ কথা। তেনেক্ষেত্ৰত বাৰু ক'ত হেৰাই যায় বিজ্ঞান-শিক্ষাৰ সেই শুভংকৰ প্ৰভাৱ ! অলপতে প্ৰযুক্তি-বিজ্ঞানৰ উচ্চ-শিক্ষাৰ আনুষ্ঠানিক ডিগ্ৰিধাৰী এগৰাকী লোকে কৈছে যে সকলো ঠিক-ঠাক থকা যন্ত্ৰ এটা কোনো কাৰণ নোহোৱাকৈ হঠাৎ বিকল হৈ পৰিব পাৰে। কথাটো অৱশ্য ইমান সহজকৈ কোৱা হোৱা নাছিল, দুই-এটা বিজ্ঞানৰ পৰিভাষা ব্যৱহাৰ কৰি তাত বিজ্ঞানৰ গোন্ধ এটা সন্নিবিষ্ট কৰা হৈছিল। কথাটো শুনি বিজ্ঞানৰ অন্য শাখাৰ উচ্চ শিক্ষা থকা লোকেও তভক মাৰিলে। হ'বও পাৰে, প্ৰযুক্তিৰ ইমান উচ্চ শিক্ষা থকা লোকে বিজ্ঞানৰ ভাষাৰে কোৱা কথা; সকলো ঠিক থকা মেচিন এটা কোনো কাৰণহীন কাৰণত বিকল হৈ পৰিব পাৰে! কিন্তু সাধাৰণ যুক্তিজ্ঞান প্ৰয়োগ কৰিয়েই অতি সহজে উমান পোৱা যাব, সকলো ঠিক থকা বুলি ধৰি লোৱা মেচিনটো প্ৰকৃততে ঠিক নাছিল। ক'ৰবাত কিবা এটা বিজুতি আছিল, যিটো বিজুতি চকুতহে পৰা নাছিল। অৰ্থাৎ, সেই বিজুতিটোৰ সন্দৰ্ভত ব্যৱহাৰকৰ্তা আছিল অজ্ঞ। কিন্তু পৰিহাস আৰু কিছু আমোদৰো কথা, সেই অজ্ঞাতাক নতুন জ্ঞানৰ উৎস হিচাপেহে প্ৰক্ষেপ কৰি কোৱা হ'ল, ১০০% বিজুতিমুক্ত যন্ত্ৰ এটা কোনো কাৰণ নোহোৱাকৈ হঠাৎ বিকল হৈ পৰিব পাৰে! কথাটো অধিক কৌতুকপূৰ্ণ হৈ পৰিল, যেতিয়া সেই ধাৰণাৰ নেপথ্যৰ আচল কাৰণটো জোলোঙাৰপৰা ওলাল। দেখা গৈছিল যে বিজ্ঞানৰ পৰিভাষা ব্যৱহাৰ কৰাৰ পাছত কাৰণহীন-কাৰণৰ উক্ত প্ৰৱক্তাগৰাকীয়ে পাকে-প্ৰকাৰে বিশ্বকৰ্মা পূজাৰ “বৈজ্ঞানিক ভিত্তি”ৰ কথা ক'বলৈ আৰম্ভ কৰিছে !

গতিকে স্বাভাৱিকতেই এইটো প্ৰশ্ন উত্থাপিত হ'ব, মাত্ৰ জ্ঞানদীপ্ত প্ৰজ্ঞাৰে অন্ধবিশ্বাস-কুসংস্কাৰ দূৰ কৰা যাব নে? কথাটো আমি ভালদৰে গমি চোৱা উচিত। কাৰণ এই প্ৰশ্নটোৰ উত্তৰ যুক্তিবাদী আন্দোলন এটাৰ কৌশল আৰু অগ্ৰগতিৰ সৈতে পোনপটীয়াকৈ জড়িত।

(৩)

উক্ত কথাটোৰ বিশদ আলোচনালৈ আগ বঢ়াৰ আগতে এটা কথাত আমাৰ দৃষ্টিকোণ স্পষ্ট কৰি লোৱা উচিত। কথাটো হ'ল, বহুতেই বিজ্ঞান আৰু প্ৰযুক্তি - এই দুটা ওচৰ-সমন্ধীয় মানৱীয় তৎপৰতাক প্ৰায়েই একাকাৰ কৰি পেলায়। নিঃসন্দেহে বিজ্ঞান আৰু প্ৰযুক্তি একেডাল সূতাৰে গঁথা। কিন্তু সামাজিক তাৎপৰ্যৰ ক্ষেত্ৰত এই দুটা প্ৰপঞ্চৰ মাজত পৰিলক্ষিত হোৱা পাৰ্থক্যৰ দিশটো আওকাণ কৰা উচিত নহ'ব।

বিজ্ঞানৰ অন্তৰ্নিহিত দৰ্শনৰ অন্যতম মৰ্মবস্তু হৈছে একান্ত বস্তুনিষ্ঠতা। এই দৰ্শনে মানুহৰ মনত যুক্তিবাদী বিশ্ববীক্ষাৰ জন্ম দিয়ে, কিম্বা জন্ম দিয়াৰ সম্ভাৱনাৰ উন্মেষ ঘটায়। তেনে দৰ্শনে মানুহক চৌপাশৰ প্ৰাকৃতিক ঘটনাসমূহৰ লগতে, সামাজিক-অৰ্থনৈতিক-মনস্তাত্ত্বিক-ৰাজনৈতিক আদি বিষয়ৰ সন্দৰ্ভতো প্ৰশ্ন কৰিবলৈ উদ্ধুদ্ধ কৰে, পৰ্যবেক্ষণ কৰিবলৈ শিকায়। তেনে অনুশীলনে মানুহক আৰ্থ-সামাজিক সমস্যাৰাজিৰ যৌক্তিক কাৰণানুসন্ধান কৰিবলৈকো উৎসাহিত কৰে।

কিন্ত প্ৰযুক্তিৰ কথাটো কিছু বেলেগ। মানুহৰ মননগত উত্তৰণত প্ৰযুক্তিৰ নিজৰ কোনো প্ৰত্যক্ষ ভূমিকা নাই। প্ৰযুক্তিয়ে মূলত: মানুহক একধৰণৰ শাৰীৰিক-মানসিক আৰাম প্ৰদান কৰে। কেতিয়াবা তেনে আৰাম শাৰীৰিক-মানসিক আলস্যলৈ অৱনমিত হোৱাৰো সম্ভাৱনা থাকে। তাতোকৈও ডাঙৰ কথা, প্ৰযুক্তিক মানুহৰ মননগত অগ্ৰগতিৰ বাটত মন্থৰক হিচাপেও ব্যৱহাৰ কৰা যায়। ৰাশিফলৰ দৰে অবিজ্ঞানসন্মত কাণ্ডত আধুনিক প্ৰযুক্তিপ্ৰদত্ত কম্পিউটাৰৰ বহুল প্ৰয়োগ তাৰেই এটা উদাহৰণ। কিন্তু লক্ষণীয়, প্ৰযুক্তিক মানুহৰ মননগত অগ্ৰগতিৰ সহায়ক হোৱাকৈও ব্যৱহাৰ কৰা যায়।

প্ৰযুক্তিৰ ব্যৱহাৰ ইতিবাচক নে নেতিবাচক হ'ব, সেইটো স্থিৰ কৰি দিয়ে মানুহৰ সামগ্ৰিক দৰ্শন এটাই। কোৱা বাহুল্য হ'ব, চৌপাশৰ সমাজ-বাস্তৱতাই হ'ল তেনে দৰ্শনৰ উদ্ভৱ আৰু বিকাশৰ নেপথ্যত থকা প্ৰধান নিৰ্ণায়ক শক্তি। যিহেতু চৌপাশৰ সমাজ-বাস্তৱতা বহুমাত্ৰিক দ্বন্দ্বৰে পৰিপূৰ্ণ হৈ থাকে, সেয়েহে প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰতো উক্ত দ্বন্দ্ব পৰিষ্কাৰকৈ প্ৰতিফলিত হয়। তেনে দ্বন্দ্বৰে সম্পৃক্ত সমাজ-বাস্তৱতাৰ মাজত মানুহৰ সামগ্ৰিক দৰ্শনটোক এটা ইতিবাচক ৰূপ দিবলৈকে প্ৰয়োজন হয় বিজ্ঞানৰ অন্তৰ্নিহিত দৰ্শনে গঢ় দিয়া সেই যুক্তিবাদী বিশ্ববীক্ষাৰ। ইয়াতেই নিহিত হৈ আছে বিজ্ঞান আৰু প্ৰযুক্তিৰ সামাজিক তাৎপৰ্যৰ পাৰ্থক্য আৰু নিবিড় আন্তঃসম্পৰ্কৰ যোগসূত্ৰৰ কথাটো।

(৪)

গতিকে সহজেই ধৰিব পাৰি, প্ৰযুক্তিৰ প্ৰভূত উন্নতি হ’লেই যে সমাজৰপৰা অন্ধবিশ্বাস-কুসংস্কাৰ আঁতৰি যাব, সেইটো নহয়। কিন্তু বিজ্ঞানৰ বেলিকা? আমাৰ সেই আগৰ প্ৰসংগলৈ উভতি প্ৰশ্নটো আকৌ উনুকিয়াইছোঁ, অন্ধবিশ্বাস-কুসংস্কাৰৰ অৱলুপ্তি মাত্ৰ বিজ্ঞান-শিক্ষাৰপৰা উদ্ভূত জ্ঞানদীপ্ত প্ৰজ্ঞাৰ বিপুল বিস্তাৰণৰ মাজে দিয়েই সম্ভৱ হ'বগৈ নে?

প্ৰথমতেই আমি উনুকিয়াই আহিছিলোঁ, মানুহক ভালপোৱা, সমাজৰ মংগল আন্তৰিকতাৰে কামনা কৰা একাংশ বিদ্বান মনীষীয়ে ভাবিছিল যে বিজ্ঞান-শিক্ষাৰ ব্যাপক প্ৰসাৰৰ ফলত নিজে নিজেই এটা সময়ত সমাজৰপৰা অপকাৰী-অনিষ্টকৰ অন্ধবিশ্বাস-কুসংস্কাৰবোৰ আঁতৰ হ'ব; মানুহৰ মাজত জ্ঞান-প্ৰজ্ঞাৰ প্ৰসাৰে অন্ধবিশ্বাসৰ “স্বাভাৱিক মৃত্যু” ঘটাব। কথাটো বহুতে এতিয়াও সেইদৰেই ভাবে। কিন্তু সাধাৰণ পৰ্যবেক্ষণলব্ধ অভিজ্ঞতাই কথাটো আমাক বেলেগধৰণেহে ভাবিবলৈ বাধ্য কৰে। পৰিসংখ্যাৰ সহায় নোলোৱাকৈও কোনো দ্বিধা নোহোৱাকৈ কোৱা যায় যে পূৰ্বৰ তুলনাত বৰ্তমান সময়ত বিজ্ঞান-শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ বহুত বেছি। কিন্তু তাৰ লগে লগে দেখিবলৈ পাওঁ আমাৰ মাজত নানান পুৰণিকলীয়া অন্ধবিশ্বাসৰ (যেনে, জৰা-ফুকা) সৈতে কেতবোৰ আধুনিক অন্ধবিশ্বাসৰো (যেনে, ৰেইকী) মহাপয়োভৰ ঘটিছে। বিজ্ঞানৰ সাম্প্ৰতিক জয়যাত্ৰাৰ সময়তেই ধৰ্মীয় মৌলবাদ আৰু সাম্প্ৰদায়িকতাই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অত্যাধুনিক মহাকাশযান প্ৰেৰণ কৰাৰ পূৰ্বে, অভিযান সফল হ'বলৈ পূজা-অৰ্চনা কৰা হৈছে। এই কথাবোৰৰপৰা মাত্ৰ বিজ্ঞানৰ প্ৰসাৰ ঘটায়েই সমাজৰপৰা অন্ধবিশ্বাসৰ অৱলুপ্তি সম্ভৱ হ'ব বুলি ধাৰণা কৰিব নোৱাৰি।

এই কথাটোৰ নেপথ্যৰ কাৰণো কিন্তু আমি সমাজ-বাস্তৱতাৰ জাগতিক পটভূমিতেই সন্ধান কৰিব লাগিব। দেখা যায় যে কিছুমান আৰ্থ-সামাজিক কাৰণৰ বাবেই সমাজত বিজ্ঞানমনস্ক যুক্তিবাদী বিশ্ববীক্ষাৰ আগমন আৰু অন্ধবিশ্বাসৰ নিৰ্গমনৰ হাৰ একেই নহয়। সকলোৱে জনা কথা, শ্ৰেণীবিভক্ত সমাজ এখনত বস্তুগত সম্বৃদ্ধি কেতিয়াও সমভাৱে বিতৰিত নহয়। কিন্তু তাৰ সৈতে সম্পৰ্কিত এটি স্বল্পালোচিত দিশো সাঙোৰ খাই আছে। কথাটো হ'ল, শ্ৰেণীবিভক্ত সমাজ এখনত, বস্তুগত উপাদানসমূহৰ উপৰিও, মননগত সমৃদ্ধিও সমাজৰ সকলো স্তৰৰ মাজত সমভাৱে বিতৰিত নহয়। তেনে সমাজ এখনত গৰিষ্ঠসংখ্যক লোকৰেই অৱস্থান শোষিত আৰু বঞ্চিত শ্ৰেণীত। সেয়েহে অন্যান্য বস্তুগত-মননগত উপাদানৰ দৰেই তেওঁলোক বিজ্ঞানপ্ৰদত্ত যুক্তিবাদী বীক্ষাৰপৰা আঁতৰত ৰৈ যায়। এই কথাটোৰ বাবে মাত্ৰ বিজ্ঞান-শিক্ষাৰ আলোকেৰে সহজতে সমাজৰ সৰ্বস্তৰৰ মানুহৰ মন তৰংগিত কৰা যাব বুলি ক'ব নোৱাৰি।

কথাটো কিন্তু তাতেই শেষ হোৱা নাই। আগতেই কোৱা হৈছে যে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী দৰ্শনে মানুহক সামাজিক-অৰ্থনৈতিক-মনস্তাত্ত্বিক-ৰাজনৈতিক আদিৰ প্ৰসংগতো প্ৰশ্ন কৰিবলৈ উদ্ধুদ্ধ কৰে, পৰ্যবেক্ষণ কৰিবলৈ শিকায়। তেনে অনুশীলনৰ ফলত শোষিত মানুহে জাগতিক দুখ-কষ্ট যে কোনো অলৌকিক কাৰণৰ (যেনে, পূৰ্বজন্মৰ কৰ্মফল, ঈশ্বৰৰ ইচ্ছা, কপালৰ লিখন আদি) ফল নহয়, সেইটো বুজিবলৈ সক্ষম হ'ব পাৰে। লগে লগে তেনে দুৰ্দশাৰ নেপথ্যত যে শোষণভিত্তিক শ্ৰেণীবিভক্ত সমাজব্যৱস্থাটোৱেই মূল, সেই কথাটোও তেওঁলোকৰ চকুত পৰিষ্কাৰ হৈ ধৰা দিবলৈ পাৰে। স্পষ্টতঃ, এই কথাটো শোষকশ্ৰেণীৰ বাবে অনভিপ্ৰেত আৰু ভয়ংকৰ। সেইবাবেই, শোষকশ্ৰেণীটোৱে সচেতনভাৱে সৰ্বসাধাৰণৰ মাজত বিজ্ঞানমনস্ক যুক্তিবাদী দৰ্শনৰ আগমনত বাধা প্ৰদান কৰে।

কিন্তু লগে লগে এটা প্ৰশ্নৰ উত্থাপিত হ'ব। সমাজৰ উচ্চস্তৰত অৱস্থান লাভ কৰা মানুহচামৰ, যিটো চামে সিংহভাগ সম্পদ কুক্ষিগত কৰি ৰাখিছে, সেইখিনি মানুহৰ মন বাৰু অন্ধবিশ্বাসৰপৰা মুক্ত নেকি? কাৰণ, তেওঁলোকতো আপেক্ষিকভাৱে জ্ঞানৰ আলোকপ্ৰাপ্ত ! এইখিনিতেই আমি মেচিন এটা বিকল হোৱাৰ কাৰণহীন-কাৰণৰ সেই উচ্চ শিক্ষিত প্ৰবক্তাগৰাকীলৈ মনত পেলাব পাৰোঁ। দেখা যায় যে সমাজৰ উচ্চস্তৰৰ মানুহখিনিও অন্ধবিশ্বাসৰপৰা মুক্ত নহয়। দেখ দেখ কথা, শোষিত শ্রেণীটোৰ দৰেই, এই শ্ৰেণীটোৰ মাজতো নানানবিধৰ মানৱীয় দুৰ্বলতা বিৰাজমান। তদুপৰি শ্ৰেণীসমাজে জন্ম দিয়া তীব্ৰ স্বাৰ্থান্বেষী প্ৰতিদ্বন্দ্বিতা, বৃত্তিগত উদ্বেগ-অনিশ্চয়তা, অসেতুবন্ধ্য বিচ্ছিন্নতা ইত্যাদিয়ে এইটো শ্ৰেণীৰ মাজতো একধৰণৰ অনিৰাপত্তাৰ মনস্তত্ত্বৰ উদ্ভৱ ঘটায়। সেইটোৱেও এই উচ্চস্তৰৰ মানুহখিনিৰ মাজত অন্ধবিশ্বাস জীয়াই ৰখাত নিৰ্ণায়ক ভূমিকা এটা লয়। তেনে কাৰকসমূহৰ বাবেই, বিজ্ঞানৰ উচ্চশিক্ষা থকা মানুহৰ মনতো অন্ধবিশ্বাসৰ শিপা অতি গভীৰলৈ প্ৰোথিত হৈ থাকে।

সামৰণিত সেয়েহে ক'ব পাৰি, মানুহৰ মানসিক উত্তৰণৰ ক্ষেত্ৰত আধুনিক বিজ্ঞান-শিক্ষাৰ সুগভীৰ প্ৰভাৱ থাকিলেও, সমাজৰপৰা কুসংস্কাৰ-অন্ধবিশ্বাস আঁতৰ কৰিবলৈ মাত্ৰ বিজ্ঞান-শিক্ষাৰ প্ৰসাৰেই পৰ্যাপ্ত নহয়। প্ৰাসংগিক এটা উদাহৰণেৰে সামৰিছোঁ। গোলকীয় অৰ্থনীতিৰ আগমনৰ সংগী হিচাপে ভাৰতত পাশ্চাত্য-সমাজৰ কিছুমান উপাদানৰ অনুপ্ৰৱেশ ঘটিছে। এই কথাটোৰ বাবে একাংশ মানুহৰ মনত নিজৰ সাংস্কৃতিক অস্তিত্বৰ সংকটৰ শংকাই দেখা দিছে। তেনে শংকাৰ যুক্তিযুক্ততাৰ কথাটো ইয়াত অগ্ৰাহ্য কৰি অন্য এটা কথা আমি লক্ষ্য কৰিব পাৰোঁ। সাংস্কৃতিক সংকটৰ শংকাত নিমজ্জিত এচাম মানুহে প্ৰাচীন ধৰ্ম-পৰম্পৰাক নিজৰ অস্তিত্বৰ অৱলম্বন বুলি গণ্য কৰিবলৈ ধৰিছে। বাঢ়ি আহিছে ধৰ্ম-পৰম্পৰাজনিত কাৰ্যকলাপ। এইটো কথা শোষক-শাসকশ্ৰেণীৰ বাবে যে বৰ উৎসাহজনক, এইটো নক’লেও হ'ব। এনেবোৰ কথাক আওকাণ কৰি, মাত্ৰ বিজ্ঞান-শিক্ষাৰ প্ৰসাৰ ঘটাই জানো তেনে পশ্চাৎগমনক ৰোধ কৰা যাব? সেয়েহে, বিজ্ঞান শিক্ষাৰ লগে লগেই যুক্তিবাদী কৰ্মীয়ে সমাজবাস্তৱতাত অন্তৰ্নিহিত হৈ থকা অন্ধবিশ্বাসৰ জীৱনীশক্তিৰ সন্দৰ্ভতো সচেতন হৈ থকা যুগুত। অন্যথা যুক্তিবাদীমহলৰ বিচাৰ-বিশ্লেষণ-সংগ্ৰাম ইত্যাদি বিসংগতিপূৰ্ণ হৈ পৰিব।

Share Button
Print Friendly, PDF & Email

No Comments : "সম্পাদকৰ টোকা : বিজ্ঞান-শিক্ষা আৰু অন্ধবিশ্বাস (কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *