সম্পাদকৰ টোকা : বিজ্ঞানীৰ আস্তিকতা, বিজ্ঞানীৰ নাস্তিকতা (কৌশিক দাস)

১.

এটা মজাৰ অথচ চিন্তাৰ খোৰাক দিয়া কথাৰে আলোচনা আৰম্ভ কৰোঁ। ১৯৭৯ চনৰ কথা। সেই বছৰ পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল তিনিগৰাকী কৃতবিদ্য বিজ্ঞানীয়ে। এগৰাকী আছিল শ্বেলডন গ্লাছঅ’; তেখেতৰ কথা এই আলোচনাত প্রাসংগিক নহয়। আন এগৰাকী আছিল পাকিস্তানৰ, আব্দুছ ছালাম; তৃতীয়জনা আছিল এমেৰিকা যুক্তৰাষ্ট্রৰ ষ্টিফেন উইনবাৰ্গ। এই পাছৰ দুগৰাকীৰ কথাৰেই আমাৰ আলোচনাৰ আৰম্ভণি কৰিছোঁ।

মজাৰ কথাটো প্রথমতেই কৈ লওঁ। আব্দুছ ছালাম আছিল এগৰাকী নিৰ্ভেজাল আস্তিক; ইছলাম ধৰ্ম আৰু সৃষ্টিকৰ্তা ঈশ্বৰত বিশ্বাসী। তেখেতে আনকি নোবেল-বক্তৃতাত কোৰানৰ উদ্ধৃতি দিছিল। এবাৰ তেখেতে কৈছিল, "The Holy Qur'an enjoins us to reflect on the verities of Allah's created laws of nature; however, that our generation has been privileged to glimpse a part of His design is a bounty and a grace for which I render thanks with a humble heart.” উদ্ধৃত কথখিনিৰপৰা ধৰ্মাশ্রয়ী দৰ্শনৰ প্রতি থকা তেখেতৰ দ্বিধাহীন আনুগত্যৰ কথাটো তৰ্কাতীতভাৱে প্রতীয়মান হয়।

কিন্তু ষ্টিফেন উইনবাৰ্গৰ ধৰ্মচিন্তা বাৰু কেনেকুৱা আছিল? তেখেতে এবাৰ কৈছিল এনেদৰে, "'Religion is an insult to human dignity. With or without it you would have good people doing good things and evil people doing evil things. But for good people to do evil things, that takes religion.” স্পষ্টতঃ তেখেতৰ ধৰ্মচিন্তা আছিল আব্দুছ ছালামৰ ধৰ্মভাবনাৰ সম্পূৰ্ণ বিপৰীত চৰিত্রৰ। ধৰ্ম আৰু ঈশ্বৰ ওপৰত উইনবাৰ্গৰ অকণো বিশ্বাস কিম্বা আস্থা নাছিল। অথচ মজাৰ কথাটো হ’ল, ধৰ্ম-ঈশ্বৰৰ ক্ষেত্রত একেবাৰেই বিপৰীত বিন্দুত দণ্ডায়মান এই দুই প্রতিভাশালী বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছিল একেই বিভাগত, পদাৰ্থবিজ্ঞানত। তাকো আকৌ একেই বিষয়ত, কণিকা পদাৰ্থবিদ্যাৰ মহাজটিল তাত্ত্বিক গৱেষণাৰ বাবে। তাকো আকৌ একেই বছৰত, একেলগে ! সঁচাই, কথাটো আমোদজনক।

কিন্তু উক্ত কথাটোৱে আমাক চিন্তাৰ খোৰাকো দি যায়। কথাটো ভাবি চালে এলানি প্রশ্ন আমাৰ মনলৈ এটাৰ পাছত এটাকৈ আহি থাকে। বিজ্ঞানী এগৰাকীৰ বৈজ্ঞানিক কৰ্মকাণ্ডৰ সৈতে তেখেতৰ অন্যান্য দৰ্শনৰ, যেনে, ধৰ্ম-চিন্তাৰ কিবা সম্পৰ্ক আছে নে? যদি আছে, সেই সম্পৰ্কৰ আঁতিগুৰি কি? তাৰ চৰিত্রই বা কেনেকুৱা? নতুবা, তেনে সম্পৰ্ক থকাটো প্রত্যেক ক্ষেত্রতেই অনিবাৰ্য নেকি?

২.

১৯৯১ চনত পাৰভেছ হুডভয় নামৰ এগৰাকী বিদ্বানৰ এখন চমৎকাৰ গ্রন্থ প্রকাশ হৈছিল। নাম, Islam and Science:: Religious Orthodoxy and The Battle for Rationality. গ্রন্থখনৰ আগকথাটি লিখিছিল সেই তীক্ষধী বিজ্ঞানী আব্দুছ ছালামে। উক্ত “আগকথা”ৰ ৰচনাৰ কাল ১৯৯০ চন। তাত বিজ্ঞানীজনাই আমাৰ এই আলোচনাৰ বাবে বৰ প্রাসংগিক আৰু তাৎপৰ্যপূৰ্ণ কথা এটা লিখি গৈছে। তেখেতেৰ বাক্যটি হুবহু এনে ধৰণৰ, “He (পাৰভেছ হুডভয়ে) also quotes Steven Weinberg's and my research and says that it made no basic difference to our work whether I was an 'avowed believer and Weinberg an avowed atheist'. I can confirm that he (পাৰভেছ হুডভয়) is right. We were both 'geographically and ideologically remote from each other' when we conceived the same theory of physics for unifying the weak and electromagnetic forces.” এই কথাখিনিৰ পাছত অৱশ্য বেলেগধৰণৰ বাক্য এটিও আছে; সেইটোৰ কথা অলপ পাছলৈ থৈছোঁ।

যি কি নহওক, বিজ্ঞানীগৰাকীৰ উপৰিউক্ত কথাখিনিয়ে এটা অতি তাৎপৰ্যপূৰ্ণ দিশ উন্মোচন কৰিছে। তেখেতৰ মতেই, তেখেত আৰু ষ্টিফেন উইনবাৰ্গৰ মাজত আদৰ্শগত দিশ আৰু দেশ-বেশৰ ক্ষেত্রত বিস্তৰ ব্যৱধান থাকিলেও, সেই ব্যৱধানে তেওঁলোক দুজনক বিজ্ঞানৰ একেই সত্যৰ দিশলৈ আগ ব‌ঢ়াত কোনো বাধাৰ সৃষ্টি কৰা নাই। অৱশ্য, এইটো কোনো উজুটি খাবলগীয়া কথা নহয়। এগৰাকী নিষ্ঠাৱান আস্তিক আৰু এগৰাকী স্পষ্টবাদী নাস্তিকৰ আদৰ্শগত স্থিতি সম্পূৰ্ণ বিপৰীত মেৰুত যদিও, বিশুদ্ধ বিজ্ঞানৰ বেলিকা সেই বিৰোধ অতিক্রমি দুয়ো উপনীত হৈছিল একেই বৈজ্ঞানিক সিদ্ধান্তত। কিন্তু এই কথাটোৰ পৰিপূৰক হিচাপে দুটা প্রশ্ন উত্থাপিত হ’ব পাৰে।

ক. জীৱন-দৰ্শনৰ ক্ষেত্রত থকা বিজ্ঞানীৰ বৈৰীমূলক আদৰ্শগত স্থিতি বিশুদ্ধ বিজ্ঞানৰ ক্ষেত্রত কিয় প্রতিফলিত নহয়?

খ. বিশুদ্ধ বিজ্ঞান যদি মানুহৰ আদৰ্শ-নিৰপেক্ষ, তেনেহ’লে মানুহৰ বিজ্ঞান-চেতনাৰ বিকাশৰ প্রসংগতো আদৰ্শগত স্থিতি মূল্যহীন নেকি?

প্রথম প্রশ্নটোৰ উত্তৰ তুলনামূলক হিচাপত অলপ সহজ। কথাটোৰ প্রসংগত আকৌ আব্দুছ ছালামৰ উক্ত “আগকথা”ৰপৰা এটি বৰ তাৎপৰ্যপূৰ্ণ বাক্য উদ্ধৃত কৰা যাওক, “There is only one universal science. Its problems and modalities are international and there is no such thing as Islamic science just as there is no Hindu science, no Jewish science, no Confucian science, nor Christian science.” অৰ্থাৎ, বিশ্বজনীন বিজ্ঞান মাথোন এটাই। বিজ্ঞানৰ ৰেহৰূপ সমগ্র বিশ্বতেই অভিন্ন। সেয়েহে ইছলাম বিজ্ঞান, হিন্দু বিজ্ঞান, ইহুদি বিজ্ঞান, খ্ৰীষ্টান বিজ্ঞান, কনফুচিয়ান বিজ্ঞান বুলি কোনো বস্তু থাকিব নোৱাৰে।

উক্ত কথাটো বহুজনচৰ্চিত। তদুপৰি, কথাটো বিজ্ঞান আৰু যুক্তিবাদ সন্দৰ্ভত প্রাৰম্ভিক চিন্তা-চৰ্চা কৰা লোকসকলৰ বাবে অতিকৈ পৰিচিত। সঠিকভাৱেই কোৱা হয়, বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্রখন মানুহৰ প্রমূল্য-নিৰপেক্ষ। বিশুদ্ধ বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্রত, বৈজ্ঞানিক সিদ্ধান্ত-উদ্ভাৱন-আৱিষ্কাৰ আদিৰ প্রসংগত বিজ্ঞানীৰ আদৰ্শগত অৱস্থান কি, সেইটো প্রশ্ন তেনেই অবান্তৰ। সহজকৈ বুজিবলৈ এটা হাততে পোৱা উদাহৰণ লোৱা যাওক। পৰমাণুৰ অভ্যন্তৰত থকা প্র’টন কণাই ধনাত্মক আধানৰ ধৰ্ম প্রদৰ্শন কৰে। এই কথাটোৰ আৱিষ্কাৰক, কিম্বা কথাটোৰ কোনো পৰ্যবেক্ষকৰ আদৰ্শগত স্থিতিয়ে—যিটো আস্তিক-নাস্তিক-পুঁজিবাদী-মাৰ্ক্সবাদী-নৈৰাজ্যবাদী যিয়েই নহওক—, সি প্র’টন কণাৰ ধনাত্মক ধৰ্মৰ ওপৰত বিন্দুমাত্র প্রভাৱ পেলাবলৈ কেতিয়াও সক্ষম নহয়। অৰ্থাৎ, মানুহৰ আদৰ্শগত অৱস্থান বিশুদ্ধ বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্রত তেনেই অপ্রাসংগিক। সেইবাবেই, জীৱন-দৰ্শনৰ ক্ষেত্রত থকা মানুহৰ বৈৰীমূলক আদৰ্শগত স্থিতি বিশুদ্ধ বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্রখনত প্রতিফলিত নহয়। এইটোৱেই হ’ল ওপৰৰ প্রথমটো প্রশ্নৰ উত্তৰ।

দ্বিতীয় প্রশ্নটোৰ আলোচনালৈ আগ ব‌ঢ়াৰ আগতে, এইখিনিতেই, এটা কথা কৈ থোৱা যুগুত হ’ব। কাৰণ, কথাটো আমাৰ প্রথম প্রশ্নটোৰ সৈতে আওপকীয়াকৈ সম্পৰ্কিত। সঁচা কথা, বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্রখনিত বিজ্ঞানীৰ আদৰ্শগত অৱস্থানৰ কথাটো মূল্যহীন। সেইবুলি কিন্তু বিজ্ঞানী এগৰাকীৰ নিজৰ আদৰ্শগত অৱস্থানে, বিজ্ঞানীগৰাকীৰ বৈজ্ঞানিক কৰ্মকাণ্ডত কোনো প্রভাৱ নেপেলায় বুলি ভাবিলে ভুল হ’ব। কথাটো প্রথমতে পৰস্পৰবিৰোধী যেন লাগিব পাৰে। কিন্তু অলপ গমি চালেই এটা বৰ চিত্তাকৰ্ষক দিশ আমাৰ চকুত পৰিব।

সহজকৈ বুজিবলৈ আব্দুছ ছালামৰ উদাহৰণেই পুনৰ লোৱা যাওক। ওপৰত কৈ আহিছিলোঁ যে আব্দুছ ছালামৰ নিজৰ বিচাৰতেই, তেখেত আৰু ষ্টিফেন উইনবাৰ্গৰ মাজত আদৰ্শগত দিশত বহুতো ব্যৱধান থাকিলেও, সেই ব্যৱধানে তেওঁলোকৰ বিশুদ্ধ বিজ্ঞান চৰ্চাত কোনা বাধা প্রদান কৰা নাই। কাৰণ, বিশ্বজনীন বিজ্ঞান মাথোন এবিধেই। কিন্তু এইখিনিৰ পাছতেই তেখেতে লিখা কথা এটিয়ে আমাক অলপ থমকি ৰ’বলৈ বাধ্য কৰে, “If there was any bias towards the unification paradigm in my thinking, it was unconsciously motivated by my background as a Muslim.” অৰ্থাৎ, ধৰ্মীয় চেতনাই, আওপকীয়াকৈ, তেখেতৰ বিজ্ঞান কৰ্মক উজ্জীৱিত কৰাৰ সম্ভাৱনা তেখেতে অস্বীকাৰ কৰা নাই। সঁচাই, কথাটো অলপ থমকি ৰৈ বিচাৰ কৰিবলগীয়া বিষয়।

বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ হ’ল আধুনিকতাৰ অবিচ্ছেদ্য অংগ। গতিকে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্রচাৰ আৰু প্রসাৰ সকলো প্রগতিকামী লোকৰেই কাম্য। কিন্তু বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ ব্যাপক প্রচাৰ আৰু প্রসাৰৰ বাটৰ অন্যতম প্রধান প্রতিবন্ধক হ’ল মানুহৰ ধৰ্মচিন্তা। সেয়েহে, ধৰ্মীয় চেতনাই আওপকীয়াকৈ হ’লেও, মানুহৰ বৈজ্ঞানিক তৎপৰতাক সঞ্জীৱিত কৰাৰ কথাটো যুক্তিবাদী দৃষ্টিকোণৰপৰা প্রথমে কিছু আচহুৱা যেন লাগিব। কিন্তু আমি গুৰুত্বসহকাৰে কওঁ, আব্দুছ ছালামে অকপতে কৈ যোৱা উক্ত কথাটি, আচহুৱা যেন লাগিলেও, সেইটো তুচ্ছ-তাচ্ছিল্য কৰি অগ্রাহ্য কৰাৰ বিযয় নহয়। কথাটো ক’বলগীয়া হ’ল, কাৰণ যুক্তিবাদৰ কোনো কোনো অত্যুৎসাহী অথচ হঠকাৰী সমৰ্থকে বিজ্ঞানীৰ তেনে ধাৰ্মিক-মনোভাবক মাত্র তাচ্ছিল্য কৰাতেই আলোচনা সীমিত কৰি থয়। ফলত তেনে বিচাৰ স্বাভাৱিকতেই খণ্ডিত আৰু কিছু একদেশদৰ্শী হৈ পৰে। তেনে আংশিক বিচাৰ-বিশ্লেষণে প্রকৃততে যুক্তিবাদী দৰ্শনৰ বিকাশত বাধা প্রদান কৰাৰ সম্ভাৱনাৰহে উদ্ভৱ ঘটায়।

৩.

যি কি নহওক, আমি পাই আহিলোঁ যে বিশুদ্ধ বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্রখনত বিজ্ঞানী এগৰাকীৰ ব্যক্তিগত দৰ্শনৰ কথা অপ্রাসংগিক। লগে লগে আমি ইয়াকো দেখিলোঁ যে বিজ্ঞানী এগৰাকীৰ ব্যক্তিগত দৰ্শনে আওপকীয়াকৈ হ’লেও তেখেতৰ বিজ্ঞান কৰ্মক প্রভাৱান্বিত কৰাৰ সম্ভাৱনা আছে। কথাটো পৰিষ্কাৰ হোৱা নাই নিশ্চয়। এটা অতি স্থূল উদাহৰণে এই ক্ষেত্রত আমাক কিবা সহায় কৰিব পাৰিব নেকি চাওঁ আহক। মন কৰিব, উদাহৰণটি তেনেই কাল্পনিক।

ধৰা হ’ল, এগৰাকী চিকিৎসাবিজ্ঞানীয়ে তেখেতৰ একান্ত ব্যক্তিগত দৰ্শনৰ বাবে জীৱহত্যা কৰা কাৰ্যক “পাপ” বুলি গণ্য কৰে। স্বাভাৱিকতেই তেখেত নিৰামিষভোজী আৰু লগতে আমিষ খাদ্যৰ প্রচলনৰ বিৰোধী। প্রাৰম্ভিক গৱেষণা এটি কৰি তেখেতে দেখিলে যে আমিষ খাদ্যত মানুহৰ পৰিপুষ্টিৰ বাবে কিছুমান অপকাৰী উপাদান আছে। এই কথাটো তেখেতৰ ব্যক্তিগত দৰ্শনৰ সৈতে সংগতিপূৰ্ণ হোৱাৰ বাবে তেখেত সেই বাটেদি আগ বা‌ঢ়ি যাবলৈ তৎপৰ হৈ পৰিল। তেনে তৎপৰতাৰ ফলস্বৰূপে উজ্জীৱিত হৈ পৰিল তেখেতৰ বৈজ্ঞানিক চেষ্টা-প্রচেষ্টা। তেখেতৰ তেনে উদ্যমী বৈজ্ঞানিক প্রচেষ্টাৰ ফলত বহুকেইটি অপকাৰী উপাদান আমিষ আহাৰত আৱিষ্কৃত হ’ল।

উক্ত কাল্পনিক উদাহৰণটিয়ে বিজ্ঞানী এগৰাকীৰ বৈজ্ঞানিক তৎপৰতাক তেখেতৰ ব্যক্তিগত ধ্যান-ধাৰণাই কেনেদৰে ইতিবাচক দিশত চালনা কৰিব পাৰে, সেইটো বোধহয় দেখুৱাই দিছে। আনকি, পূৰ্বৰ কোনো প্রাৰম্ভিক গৱেষণাৰ পৰ্যবেক্ষণৰ আঁত নধৰাকৈয়ো, নিৰামিষ খাদ্যৰ প্রতি থকা তেখেতৰ পূৰ্বধাৰণাৰ বশৱৰ্তী হৈ চিকিৎসাবিজ্ঞানীগৰাকীয়ে কাম-কাজ আৰম্ভ কৰি দিব পাৰে। অন্তৰ্নিহিত উদ্দেশ্য, নিৰামিষ খাদ্যৰ শ্রেষ্ঠতা বৈজ্ঞানিকভাৱে প্রতিষ্ঠা কৰা। গতিকে, এতিয়া বোধহয় অলপ স্পষ্ট হৈছে যে বিজ্ঞানী এগৰাকীৰ ব্যক্তিগত দৰ্শনে পৰোক্ষভাৱে হলেও তেখেতৰ বিজ্ঞান-কৰ্মক প্রভাৱান্বিত কৰাটো সম্ভৱ। আব্দুছ ছালামৰ উপৰিউক্ত স্বীকাৰোক্তিৰ কথাটো এইখিনিতে আমি আকৌ মনত পেলাই ল’ব পাৰোঁ। অৱশ্যে, বৈজ্ঞানিক কৰ্মকাণ্ডৰ ওপৰত বিজ্ঞানবহিৰ্ভূত ধ্যান-ধাৰণাৰ প্রভাৱ সদায় যে ইতিবাচক হব, তেনে নহয়। ইয়াৰ এটা তৰ্কাতীত উদাহৰণ হৈছে লাইছেংকোৰ বহুজননিন্দিত কৰ্মকাণ্ড; বিজ্ঞানবহিৰ্ভূত কিছুমান ধাৰণা যান্ত্রিকভাৱে আৰু ভ্রান্তকৈ বিজ্ঞানত প্রয়োগ কৰাৰ ফলত, তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ জীৱ-বিজ্ঞানৰ ওপৰত মাধমাৰ পৰিছিল। বৈজ্ঞানিক কৰ্মৰ ওপৰত বিজ্ঞানবহিৰ্ভূত ধাৰণাৰ নেতিবাচক প্রভাৱৰ এইটো এটা চমৎকাৰ উদাহৰণ। তেনেদৰেই, ইউজেনিক্স সংক্রান্তীয় নেতিবাচক ঘটনাসমূহো আমি এই প্রসংগত উদাহৰণ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ।

মানুহৰ ব্যক্তিগত দৰ্শনে ‌বৈজ্ঞানিক কৰ্মকাণ্ডক কিছুদূৰলৈ প্রভাৱান্বিত কৰিব পাৰে, সেইটো সঁচা। তেনে প্রভাৱ যে কেতিয়াবা ইতিবাচক, কেতিয়াবা নেতিবাচক - সেইটোও আমি পাই আহিলোঁ। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, বিজ্ঞানবহিৰ্ভূত তেনে ধ্যান-ধাৰণাৰ প্রভাৱ বিজ্ঞান-কৰ্মৰ ওপৰত ইতিবাচকেই হওক বা নেতিবাচকেই হওক, সি কোনোপধ্যেই তেনে ধ্যান-ধাৰণাৰ শুদ্ধতা-অশুদ্ধতাৰ বিচাৰৰ মাপকাঠি হ’ব নোৱাৰে। কথাটো একেবাৰেই সহজকৈ বুজিবলৈ আমি আকৌ আব্দুছ ছালামৰ কথাটোলৈ উভতি যাওঁ। তেখেতৰ ধৰ্মীয় বিশ্বাসে তেখেতৰ বিজ্ঞান-কৰ্মত পৰোক্ষভাৱে প্রেৰণা যোগাইছিল। এই কথাটোৱে কিন্তু তেখেতৰ ধৰ্মীয় বিশ্বাসক কোনো যৌক্তিক ভিত্তি প্রদান নকৰে। তদুপৰি, এজনৰ বা কেইজনমানৰ তেনে উদাহৰণ দি বিজ্ঞান-কৰ্মৰ ওপৰত তেনে বিশ্বাসৰ প্রভাৱ থাকিবই বুলি কোনো সাধাৰণ সিদ্ধান্ত এটালৈও আহিব নোৱাৰি। কাৰণ? ষ্টিফেন উইনবাৰ্গৰ কথালৈ মনত পেলালেই কথাটো পৰিষ্কাৰ হৈ পৰিব। ধৰ্মীয় বিশ্বাসত আস্থাহীন উইনবাৰ্গৰ বিজ্ঞান-কৰ্মৰ উদ্দীপক নিশ্চিতভাৱে কোনো ধৰ্মবিশ্বাস নাছিল।

উপৰিউক্ত দিশটোৰ সৈতে সম্পৰ্কিত আৰু এটি কথা আছে। ধৰা হ’ল, আমাৰ সেই কল্পিত উদাহৰণটিৰ নিৰামিষ ভোজনৰ প্রৱক্তা চিকিৎসাবিজ্ঞানীগৰাকীয়ে আৰু গভীৰ, বিশদ আৰু উন্নত গৱেষণা সম্পাদন কৰি গম পালে যে প্রকৃততে আমিষ আহাৰত যিবোৰ উপাদান তেখেতৰ পূৰ্বৰ গৱেষণাই অপকাৰী বুলি দেখুৱাইছিল, সেইবোৰ আচলতে মানুহৰ পৰিপুষ্টিৰ বাবে বৰ দৰকাৰী, অতি লাগতিয়াল। এইটো হৈ পৰিল তেখেতৰ শেহতীয়া গৱেষণালব্ধ সিদ্ধান্ত। এই সিদ্ধান্ত, কোৱা বাহুল্য, নিৰামিষ গৱেষকগৰাকীৰ ব্যক্তিগত অভিৰুচিৰ ওপৰত অকণো নিৰ্ভৰ কৰি নাথাকিল। কথাটো স্বাভাৱিক কিয়নো, আমি আগতেই উনুকিয়াই আহিছিলোঁ কথাটো, - মানুহৰ আদৰ্শগত স্থিতি বিশুদ্ধ বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্রখনত তেনেই অপ্রাসংগিক। আমিষ আহাৰত থকা উপাদান ভাল যদি ভাল, বেয়া যদি বেয়া। সেইটোৱেই হ’ল খাৰাংখাচ বৈজ্ঞানিক সিদ্ধান্ত। সেই সিদ্ধান্তটো নিৰামিষভোজীয়ে দিছে নে আমিষভোজীয়ে দিছে, সেইটো বিজ্ঞানৰ বিচাৰ্য বিষয় নহয়। গতিকে, আমি ক’ব পাৰোঁ, বিজ্ঞানবহিৰ্ভূত কোনো চিন্তাই বৈজ্ঞানিক কৰ্মকাণ্ডত ইতিবাচক-নেতিবাচক প্রভাৱ পেলাবলৈ সক্ষম হ’লেও, বিজ্ঞানৰ নিজস্ব আভ্যন্তৰীণ ক্ষেত্রখনত তেনে চিন্তাই কোনো প্রভাৱেই পেলাব নোৱাৰে।

৪.

উপৰিউক্ত কথাটোৰ সৈতে কিন্তু অৱধাৰিতভাৱে উত্থাপিত হ’ব এটা জটিল প্রশ্ন। বিশুদ্ধ বিজ্ঞান যদি মানুহৰ আদৰ্শ-নিৰপেক্ষ, তেনেহ’লে মানুহৰ বিজ্ঞান-চেতনা আৰু বিজ্ঞানমনস্কতাৰ বিকাশতো আদৰ্শগত স্থিতি মূল্যহীন নেকি?

এই প্রসংগত এটা প্রয়োজনীয় অথচ স্বল্পালোচিত কথা উনুকিয়াই থোৱাটো যুগুত হ’ব। বিশুদ্ধ বিজ্ঞানপ্রদত্ত উদ্ভাৱন-আৱিষ্কাৰ আদিয়ে বিজ্ঞানমনস্কতাৰ বিকাশত অৰিহণা যোগায়, সেই কথাটো সহজেই বুজা যায়। এটা সৰু উদাহৰণ, বিজ্ঞানৰ অগ্রগতিয়ে জ্যোতিষশাস্ত্রৰ অযৌক্তিতা সুন্দৰভাৱে উন্মোচন কৰি পেলাইছে। নিঃসন্দেহে এই কথাটোৱে বিজ্ঞানমনস্কতাৰ বিকাশ ত্বৰান্বিত কৰিছে। বিশুদ্ধ বিজ্ঞান আৰু বিজ্ঞানমনস্কতাৰ মাজৰ সম্পৰ্ক অতি নিবিড় হ’লেও, দুয়োটাৰে মাজত বহুতো সাদৃশ্য থাকিলেও (নিৰ্মোহ-নিৰপেক্ষতা, পূৰ্বধাৰণা বৰ্জন আদি), উক্ত প্রপঞ্চ দুটাৰ মাজত এটা মৌলিক পাৰ্থক্য আছে। বিশুদ্ধ বিজ্ঞান প্রমূল্যৰহিত; বিপৰীতপক্ষে, বিজ্ঞানমনস্কতা নিজেই এক মননগত মানৱীয় প্রমূল্য। সেইবাবেই, বিশুদ্ধ বিজ্ঞান মানুহৰ আদৰ্শ-নিৰপেক্ষ হ’লেও, বিজ্ঞানমনস্কতাৰ প্রসংগত মানুহৰ আদৰ্শগত স্থিতিটো অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰে।

এইটো কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে বহুতো দিকপাল বিজ্ঞানী ধৰ্মত আস্থাশীল আছিল। তাৰ এটা প্রকৃষ্ট উদাহৰণ, নিকোলাছ ক’পাৰ্নিকাছ। বহুতো যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰৰ পথিকৃৎ বহুগৰাকী বিজ্ঞানী আছিল ঈশ্বৰ তথা ধৰ্মত বিশ্বাসী। কিন্তু তেনে অসংখ্য উদাহৰণৰ ভিৰৰ মাজৰপৰা আমি ক’পাৰ্নিকাছৰ কথাটো এটা বিশেষ কাৰণে আলোচনাৰ মাজলৈ আনিছোঁ। ক’পাৰ্নিকাছৰ তত্ত্বই হেজাৰ বছৰ ধৰি বৰ্তি থকা অখণ্ড প্রতাপী কেথলিক ধৰ্মতত্ত্বৰ ওপৰত মাধমাৰ শোধাইছিল। অথচ, ব্যক্তিগতভাৱে ক’পাৰ্নিকাছ আছিল এগৰাকী নিষ্ঠাৱান ধাৰ্মিক, কেথলিক ধৰ্মযাজক!

এই কথাটোৰ ব্যাখ্যা কি? অলপ গমি চালেই ওলাই পৰে, কথাটো বিশুদ্ধ বিজ্ঞানৰ স্বকীয় আভ্যন্তৰীণ স্বাধীন চৰিত্রটোৰ মাজতেই নিহিত হৈ আছে। কথাটো হ’ল, বিজ্ঞানীৰ আদৰ্শগত প্রমূল্যকেন্দ্রী ধ্যান-ধাৰণাই বিশুদ্ধ বিজ্ঞানৰ গৱেষণাৰ ফলাফল আৰু তৎজনিত সিদ্ধান্তত কোনো প্রভাৱ পেলাব নোৱাৰে। এই কথাটো আমি আগতেই বহলাই আলোচনা কৰি আহিছোঁ। কিন্তু কথাটো ওলোটা দিশৰপৰা অতিশয় জটিল। বিজ্ঞানী এগৰাকীৰ নিজস্ব আদৰ্শ, প্রমূল্য, ধ্যান-ধাৰণা আদি বিশুদ্ধ বিজ্ঞানৰ অভ্যন্তৰত প্রৱেশ কৰিব নোৱাৰে ঠিকেই, কিন্তু বিশুদ্ধ বিজ্ঞানৰ উদ্ভাৱন-আৱিষ্কাৰজনিত কথাবোৰ নিৰন্তৰভাৱে মানুহৰ প্রমূল্যবোধত প্রৱেশ কৰে। মানৱজাতিৰ সমগ্র ইতিহাসেই এই কথাটোৰ সাক্ষ্য দিয়ে।

সুধিব পাৰি, এই কথাটোতনো কি জটিলতা আছে? কথাটো হ’ল, বিশুদ্ধ বিজ্ঞানৰ যি নৈৰ্ব্যক্তিক স্বাধীন চৰিত্র, সেইটো মানুহৰ প্রমূল্যবোধৰ ক্ষেত্রত পৰিলক্ষিত নহয়। যিহেতু মানৱ-সমাজখন শ্রেণীৰ ভিত্তিত বিভক্ত, সেয়েহে মানুহৰ প্রমূল্যবোধো বহুধাবিভক্ত হৈ পৰে। তেনে প্রেক্ষাপটত পৰম নিৰপেক্ষ বুলি কোনো অনড় অৱস্থান সম্ভৱেই নহয়। সেইবাবেই, বিজ্ঞানপ্রদত্ত সিদ্ধান্তসমূহক মানুহে নিজৰ শ্রেণীস্বাৰ্থৰ সৈতে সংগতি ৰাখি, সেইসমূহক নিৰ্বাচিত, পৰিশ্রুত আৰু পৰিৱৰ্তিত কৰিহে নিজ নিজ মূল্যবোধৰ সৈতে সম্পৃক্ত কৰি পেলায়। বিজ্ঞানমনস্কতাও যিহেতু এবিধ সামাজিক চেতনাই - এক প্রকাৰৰ মানৱীয় মূল্যবোধ -, সেইবাবেই বিজ্ঞানমনস্কতাৰ বিকাশৰ প্রশ্নত মানুহৰ আদৰ্শগত স্থিতিটো এটা এৰাব নোৱৰা বিযয়। কিন্তু এই দিশটো আওকাণ কৰিলে গুৰুতৰ বিভ্রান্তিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকে। ভাববাদী, ধৰ্মাশ্রয়ী মাৰ্গৰ কথা বাদেই, যুক্তিবাদী আলোচনাও কেতিয়াবা তেনে বিভ্রান্তিত নিমজ্জিত হোৱা পৰিলক্ষিত হয়। এটা উদাহৰণ লোৱা যাওক।

কেতিয়াবা কেতিয়াবা নিজৰ মতৰ সপক্ষে যুক্তি প্রদান কৰিবলৈ যুক্তিবাদী শিবিৰে কোনো নিৰীশ্বৰবাদী-নাস্তিক বিজ্ঞানীৰ ধৰ্ম-ঈশ্বৰবিৰোধী কথাৰ উদ্ধৃতি দিয়া চকুত পৰে। চিন্তাশীল ব্যক্তি হিচাপে বিজ্ঞানীসকলে প্রদান কৰা তেনে মত নিশ্চয়কৈ অতি মূল্যৱান। তেনে মূল্যৰ কথা স্বীকাৰ কৰিও সহজেই ধৰিব পাৰি, সেইটো যুক্তি-প্রতিষ্ঠাৰ এটা সঠিক পন্থা নহয়। স্পষ্টতঃ, কথাটোৰ বিপৰীত “যুক্তি” দিবলৈ বহুতো ঈশ্বৰবাদী-আস্তিক বিজ্ঞানীৰ কথাৰ উদ্ধৃতি দিয়াটো সম্ভৱ। কিন্তু এইটো পদ্ধতিগত বিভ্রান্তিৰ মূল কথা নহয়; কথাটোৰ আচল কেৰোণ তাত লুকাই থকা নাই।

কথাটো হ’ল, বিজ্ঞানী এগৰাকী যিমানেই প্রতিভাৱান আৰু তীক্ষ্মধী নহওক, তেখেতে যেতিয়া আস্তিকতা-নাস্তিকতা আদিৰ প্রসংগত নিজৰ মত প্রকাশ কৰে, তেতিয়া কিন্তু তেওঁ বিশুদ্ধ বিজ্ঞানৰ নৈৰ্ব্যক্তিক ক্ষেত্রখনৰপৰা বাহিৰলৈ ওলাই আহে। বিশুদ্ধ বিজ্ঞানৰ পৰিসীমাৰ বাহিৰৰ এই ক্ষেত্রখন যিহেতু বহুমাত্রিক আৰু দ্বন্দ্বমুখৰ, সেয়েহে আস্তিকতা-নাস্তিকতা আদিৰ প্রসংগত বিজ্ঞানীগৰাকীৰ মতামতেও পৰম নিৰপেক্ষ চৰিত্র বহন কৰিবলৈ ব্যৰ্থ হয়। বিজ্ঞানবহিৰ্ভূত তেনে মতামতৰ চৰিত্রৰ ক্ষেত্রত বিজ্ঞানীগৰাকীৰ প্রমূল্যবোধে এটা নিৰ্ণায়ক ভূমিকা লয়। বিজ্ঞানীগৰাকীৰ মূল্যবোধে যদি সমাজৰ প্রগতিশীল শক্তিক প্রতিনিধিত্ব কৰে, তেন্তে তেখেতৰ তেনে মতামত প্রগতিশীল যুক্তিবাদী আন্দোলনৰ সহায়ক হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। কথাটো বিপৰীত হ’লে, তেখেতৰ মত-মন্তব্য প্রতিক্রিয়াশীল হৈ পৰাৰ আশংকা থাকে। লক্ষণীয়, উভয় ক্ষেত্রতেই বিজ্ঞানীগৰাকীৰ বিজ্ঞানকৰ্ম, তেখেতৰ তেনে বিজ্ঞানবহিৰ্ভূত কথা-বতৰাৰ সত্যাসত্য নিৰূপণৰ সূচক নহয়। প্রাসংগিক উদাহৰণ এটিৰে সামৰিছোঁ। পৰমাণুবিজ্ঞানী ৰবাৰ্ট ওপেনহেইমাৰে পাৰমাণৱিক বিস্ফোৰণ দেখি হেনো গীতাৰ শ্লোক আওৰাইছিল। তেনে কৰোঁতে তেখেতে ভৰি দিছিল বিশুদ্ধ বিজ্ঞানৰ নৈৰ্ব্যক্তিক-নিৰ্মোহ প্রাংগণৰ বাহিৰত। সেইবাবেই গীতাৰ শ্লোকৰ শুদ্ধতা-অশুদ্ধতা নিৰূপণত ওপেনহেইমাৰৰ চমৎকাৰ বৈজ্ঞানিক অৱদানে কোনো সহায় নকৰে। বিজ্ঞানীৰ আস্তিকতা কিম্বা নাস্তিকতাৰ প্রসংগত আমি সেয়েহে বিশুদ্ধ বিজ্ঞানৰ পৰিসীমা আৰু মানৱীয় মূল্যবোধৰ পক্ষপাতী চৰিত্রৰ কথা মনত ৰখা যুগুত।

Share Button
Print Friendly, PDF & Email

No Comments : "সম্পাদকৰ টোকা : বিজ্ঞানীৰ আস্তিকতা, বিজ্ঞানীৰ নাস্তিকতা (কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *