সম্পাদকৰ টোকা : পাপ আৰু প্রায়শ্চিত্ত, অপৰাধ আৰু শাস্তি (কৌশিক দাস)

(১)

এটি সত্য ঘটনা আৰু এটা চুটি সাধুকথাৰে আলোচনা আৰম্ভ কৰিছোঁ।

প্রথমতেই সত্য ঘটনাটোৰ কথা কৈ লোৱা যাওক। জন এডোৱাৰ্ড আছিল এমেৰিকাৰ এগৰাকী ৰাজনৈতিক নেতা। সৰু-সুৰা নেতা নহয় ; নৰ্থ কেৰ’লিনাৰ নিৰ্বাচিত ছিনেটৰ আছিল জন এডোৱাৰ্ড। সিমানেই নহয়, ২০০৪ চনৰ নিৰ্বাচনত ডেম’ক্রটিক দলৰ উপ-ৰাষ্ট্রপতি পদৰ প্রাৰ্থী আছিল তেওঁ। ২০০৮ চনত তেওঁ আছিল ৰাষ্ট্রপতি পদৰ প্রত্যাশী।

সেই সময়তেই এডোৱাৰ্ডৰ বিৰুদ্ধে এগৰাকী মহিলাৰ সৈতে বিবাহবহিৰ্ভূত যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপিত হ’ল। লগতে অভিযোগ উঠিল যে এডোৱাৰ্ডে সেই সম্পৰ্কৰ কথাটো গাপ দি ৰাখিবলৈ মোটা অংকৰ ধন ব্যয় কৰিছিল। বিচাৰৰ শুনানীৰ সময়ত আদালতত তেওঁৰ অধিবক্তাই এটা বৰ আমোদজনক অথচ চিত্তাকৰ্ষক “যুক্তি” দিলে। “যুক্তি”-টো আছিল এনেধৰণৰ, “জন এডোৱাৰ্ডে সত্যলৈ ভয় নকৰে। তেওঁ সত্যক আদৰণি জনায়। সেই সত্য পাপ হ’ব পাৰে, কিন্তু সি অপৰাধ নহয়......”।

এইবাৰ সাধুকথাটো।

বাটৰ কাষৰ সৰু মন্দিৰটোত সেৱা এটা কৰি চহকী ব্যৱসায়ীজন তেওঁৰ নতুন বিলাসী গাড়ীখনত উঠিবলৈ লৈছিল। তেনেতে ফটা-ছিটা পোছাক পিন্ধা, তেনেই নিছলা বৃদ্ধ এজন থৰক-বৰককৈ আহি তেওঁকো অলপ দূৰলৈ লৈ যাবলৈ অনুৰোধ কৰিলে। বাটতে তেওঁৰ ঘৰ ; তাতেই নামি যাব। ব্যৱসায়ীজনে বিৰক্তিৰে “নহ’ব” বুলি কৈ তীব্র বেগেৰে গাড়ী চলাই দিলে। শুনো-নুশুনোকৈ তেওঁৰ কাণত পৰিল বৃদ্ধৰ কঁপা কঁপা মাত, “তোৰ পাপ লাগিব, চাই থাক”।

অলপ সময়ৰ পাছতেই নিৰ্জন ৰাজপথত এগৰাকী অকলশৰীয়া চাইকেল আৰোহীক তেওঁৰ গাড়ীখনে প্রচণ্ড খুন্দা এটা মাৰি ছিটিকাই পেলালে। ঘটনাটোত চাইকেল আৰোহীজন থিতাতে নিহত হ’ল। কোনেও ঘটনাটো দেখা নাই বুলি নিশ্চিত হৈ ব্যৱসায়ীজন তাৰপৰা পলাল। গাড়ীৰ ভিতৰতে খুন্দা এটা খাই সোঁ-হাতত তেওঁ সামান্য আঘাত পাইছিল।

কথাটো তাতেই শেষ নহ’ল। পুলিচে কথাটো কেনেবাকৈ গম পাব পাৰে বুলি ব্যৱসায়ীজন মানসিকভাৱে বিধ্বস্ত হৈ পৰিল। এক গভীৰ পাপবোধেও তেওঁৰ মনটো আচ্ছন্ন কৰি পেলালে। পৰলোকত পাপৰ ভয়ংকৰ শাস্তিৰ আশংকা কৰি তেওঁৰ অন্তৰাত্মা কঁপি উঠিল। ইফালে তেওঁৰ সোঁ-হাতৰ বিষটো দিনে দিনে বা‌ঢ়িবলৈ ধৰিলে। অৱশেষত ধৰা পৰিল, তেওঁৰ হাড়ত এটা বেয়া বেমাৰ হৈছে। মৃত্যুৰ আগে আগে তেওঁ কোনেও আগতে নজনা, মলিয়ন পোছাকৰ সেই নিছলা বৃদ্ধজনৰ কথা আৰু দুৰ্ঘটনাটোৰ সবিশেষ সকলোকে কৈ গ’ল। বহুতেই ক’বলৈ ধৰিলে, দুখীয়া বৃদ্ধজনক সহায় নকৰা আৰু চাইকেল আৰোহীজনক নিহত কৰাৰ পাপৰ বাবেই ব্যৱসায়ীজনে তেনে শাস্তি ভোগ কৰিলে।

এই সাধুটো আমাৰ আলোচনাৰ সুবিধাৰ্থে নিৰ্মিত। সাধুটোৰ প্রসংগ পৰৱৰ্তী আলোচনাত ঘূৰি ঘূৰি আহি থাকিব। আৰু জন এডোৱাৰ্ডৰ সত্য ঘটনাটোৰ কথা আলোচনাৰ একেবাৰেই শেষত আকৌ উভতি আহিব।

(২)

সাধুটোৰ প্রসংগৰেই আলোচনাৰ দ্বিতীয় দফাটো আৰম্ভ কৰোঁ। সাধুকথাৰ ব্যৱসায়ীজনৰ মনটো অতল পাপবোধত নিমজ্জিত হৈ দিনে দিনে ভাঙি পৰিছিল। অন্য মানুহেও ভাবিবলৈ লৈছিল যে ব্যৱসায়ীজনে দু্খ-কষ্ট পাইছিল তেওঁ কৰা পাপৰ বাবেই। চুটি সাধুটোৰ এটা মুখ্য দিশ হৈছে পাপৰ কথা। আমাৰ এই আলোচনাৰো অন্যতম কেন্দ্রীয় বিষয় হ’ব সেইটোৱেই, পাপৰ ধাৰণা। এতিয়া প্রশ্ন হ’ল, সাধুটোত যে “পাপ” কৰাৰ কথা কোৱা হৈছে, সেই পাপনো কি?

অলপ গমি চালেই আমি দেখিম, পাপৰ ধাৰণা মূলতঃ গ‌ঢ় লৈ উঠে ধৰ্মবিশ্বাসক নিৰ্ভৰ কৰি। সকলোবোৰ বৃহৎ প্রাতিষ্ঠানিক ধৰ্মতেই পাপৰ ধাৰণা বিদ্যমান। ধৰ্মই অনুচিত বুলি নিৰ্দেশ কৰা কাম-কাজসমূহত লিপ্ত হ’লে “পাপ লগা” বুলি সাধাৰণভাৱে কোৱা হয়। মন কৰিবলগীয়া কথা, “পাপ”ৰ এটা আভিধানিক অৰ্থই হৈছে অধৰ্ম (দ্রষ্ট্রব্য: আধুনিক অসমীয়া শব্দকোষ)। কেম্ব্রিজ অভিধানতো Sin শব্দটোৰ অৰ্থ প্রায় সমসুৰীয়া: the offence of breaking, or the breaking of, a religious or moral law (দ্রষ্ট্রব্য: Cambridge Dictionaries Online)। মন কৰিবলগীয়া কথা, ইয়াত ধৰ্মীয় দিশৰ উপৰিও নৈতিক নীতিৰ কথাও উল্লেখ কৰা হৈছে। আধুনিক অসমীয়া শব্দকোষতো শব্দটোৰ অন্য এটা অৰ্থ দিয়া হৈছে “দুষ্কাৰ্য” বুলি ।

এই আভিধানিক অৰ্থই শব্দটোৰ তাৎপৰ্যৰ সংক্রান্তত কিছু ইংগিত দিলেও, সি পাপৰ সামগ্রিক ধাৰণা এটা দিবলৈ অপ্রশস্ত। অন্যহাতেদি ধৰ্মীয় প্রমেয়সমূহক সাৰথি কৰি আগ বা‌ঢ়িলেও পাপৰ যৌক্তিক আলোচনা সম্ভৱ নহয়। কিয়, সেইটোৰ উত্তৰ অলপ পাছতেই এই আলোচনালৈ আহিব।

সাধাৰণ যুক্তিৰে ভাবি চালেই ওলাই পৰে, আক্ষৰিক অৰ্থত পাপ বুলি কিবা এটা কাৰোৱে গাত নালাগে। ই কোনো বস্তুগত বাস্তৱ নহয়; ই হ’ল এবিধ মনোগত উপলব্ধি। “পাপ লগা” এটি ধাৰণা, মাত্র এটি ধাৰণা মাথোন। চমুকৈ কোৱা যায়, পাপৰ ধাৰণা হৈছে এবিধ মনোগত বিভ্রান্তি। কিন্তু পাপৰ এই অলীক ধাৰণাটোক বহুতেই সত্য বুলি গভীৰভাৱে বিশ্বাস কৰে। অন্যহাতেদি, পাপৰ বাস্তৱ অস্তিত্ব-অনস্তিত্বৰ প্রশ্নটোক একাংশ লোকে অগ্রাহ্য কৰে, কিন্তু তেওঁলোকে পাপৰ ধাৰণাটোৰ কিছুমান সামাজিক উপযোগিতা থকা বুলি কয়। গতিকে পাপৰ ধাৰণা আৰু তাৰ সৈতে সম্পৰ্কিত দুটিমান দিশত আলোচনা-বিলোচনা হোৱাটো প্রয়োজনীয় যেন বোধ হয়।

(৩)

ওপৰত উনুকিয়াই আহিছিলোঁ যে ধৰ্মই অনুচিত বুলি কোৱা কাম-কাজ কৰিলে মানুহৰ পাপ লাগে বুলি বিশ্বাস কৰা হয়। কথাটো আপাতঃ দৃষ্টিত তেনেই সৰল, কোনো আউল নলগা কথা। কিন্তু অলপ চিন্তা কৰিলেই এই প্রসংগৰ কিছুমান জটিল প্রশ্নৰ সন্মুখীন হ’বলগীয়া হয়। প্রথমতেই এটা প্রশ্নই আমাক থমকি ৰৈ ভাবিবলৈ বাধ্য কৰে। কথাটো হ’ল, উচিত-অনুচিতৰ কথাটো, অৰ্থাৎ ঔচিত্যবোধৰ কথাটো প্রকৃততে কিহে নিৰ্ধাৰণ কৰে? ধৰ্মই? নহয়। কিয়নো উচিত-অনুচিতৰ কিছুমান ক্ষেত্রত ধৰ্মৰ কট্‌কটীয়া নিৰ্দেশাৱলী আছে সঁচা, কিন্তু ঔচিত্যবোধৰ বস্তুগত ভিত্তিৰ যৌক্তিক ব্যাখ্যাৰ প্রসংগত ধৰ্মগ্রন্থসমূহ একেবাৰেই নীৰৱ।

গতিকে প্রথম প্রশ্নটো হ’ল, উচিত-অনুচিত ধাৰণাৰ আদি-উৎস কি? যুক্তিযুক্তভাৱে অনুমান কৰিব পাৰি যে সুদূৰ অতীতত, আদিতে উচিত-অনুচিতৰ পৰিৱৰ্তে আদিম মানুহৰ কাম-কাজত উপকাৰী-অপকাৰী ধাৰণাইহে প্রভাৱ পেলাইছিল। যুক্তিবাদী পণ্ডিতসকলে (যেনে, জয়ন্তানুজ বন্দোপাধ্যায়) অনুমান কৰিছে যে আদিতে জীৱন আৰু জগত সংক্রান্তত মানুহৰ সকলো ধ্যান-ধাৰণা একধৰণৰ অখণ্ড আৰু অবিভাজ্য আদিম বিশ্ববোধৰ মাজত সোমাই আছিল। তেতিয়াৰ দিনত – পৰৱৰ্তী কালৰ বিপৰীতে – বিজ্ঞান, ধৰ্ম, দৰ্শন, সৌন্দৰ্যবোধ আদি মানৱীয় চেতনাই সুকীয়াকৈ একো একোটা স্বতন্ত্র অৱয়ব লাভ কৰা নাছিল। বিদ্বানসকলে তাকেই অবিভাজ্য অখণ্ড বিশ্বচেতনা বুলি অভিহিত কৰিছে। ঔচিত্যবোধৰ ক্ষেত্রতো একেই কথা প্রযোজ্য আছিল বুলি আমি অনুমান কৰিব পাৰোঁ। “উচিত-অনুচিত”-ৰ ওপৰত নিৰ্ভৰ কৰি গ‌ঢ় লোৱা পৰৱৰ্তী কালৰ ঔচিত্যবোধৰ আদি-উৎস উপকাৰী-অপকাৰী ধাৰণাৰ ৰূপত সেই আদিম অখণ্ড বিশ্বচেতনাৰ মাজতেই স্থান লাভ কৰিছিল।

অতীজৰ সেই উপকাৰী-অপকাৰী ধাৰণাটোৰ বস্তুগত ভিত্তি বাৰু কি আছিল? ধৰ্মাশ্রয়ী ব্যাখ্যা কিম্বা ভাববাদী দৰ্শনে ইয়াৰ সঠিক উত্তৰ প্রদান কৰিব নোৱাৰে; কিয়নো ঔচিত্যবোধৰ উদ্ভৱৰ ক্ষেত্রত ঐশ্বৰিক হস্তক্ষেপৰ ধাৰণাৰে প্রদান কৰা ধৰ্মীয় ব্যাখ্যা বিজ্ঞানসন্মত নহয়। বস্তুবাদী বিশ্লেষণে দেখুৱায় যে তেতিয়াৰ সেই আদিম উপকাৰী-অপকাৰী ধাৰণা প্রত্যক্ষভাৱে সম্পৰ্কিত হৈ আছিল মানুহৰ জীৱন-সংগ্রামৰ সৈতে; অৰ্থাৎ, পৃথিৱীত মানুহ নামৰ প্রজাতিটো বৰ্তি থকাৰ সৈতে কথাটো সম্পৃক্ত হৈ আছিল। জীৱন-সংগ্রামৰ বাবে কোনো এটা কথা অনুকূল নে প্রতিকূল, সেই প্রশ্নটোৰ উত্তৰেই আছিল “উপকাৰী-অপকাৰী” – এই শ্রেণীবিভাজনৰ মৰ্মবস্তু।

কিন্তু ক্রমাৎ সমাজৰ বস্তুগত পৰিৱৰ্তনৰ অভিঘাতে মানুহৰ চিন্তাজগতলৈও জটিলতা ক‌ঢ়িয়াই আনিছিল। অখণ্ড বিশ্বচেতনা লাহে লাহে খণ্ডিত হৈ স্বতন্ত্র চৰিত্রবিশিষ্ট অজস্র শাখা-প্রশাখাৰ উদ্ভৱ ঘটিল। তেনে প্রক্রিয়াৰ মাজেদিয়েই পৰিশ্রুত হৈ উপকাৰী-অপকাৰীৰ সেই আদিম ধাৰণাটো লাহে লাহে উচিত-অনুচিতৰ বোধচিন্তালৈ পৰিৱৰ্তিত হৈ পৰিছিল। অন্য এটা দিশৰপৰাও এই কথাটো আছিল নিতান্তই স্বাভাৱিক। কাৰণ, ক্রমাৎ জটিল হৈ অহা সমাজখনৰ সামাজিক নিয়ন্ত্রণ পূৰ্বৰ উপকাৰী-অপকাৰী ধাৰণাটোৰে কৰাটো সম্ভৱ নাছিল।

পৰৱৰ্তী কালত সামাজিক নিয়ন্ত্রণৰ অংকুশ কাৰ্যকৰী হৈ উঠিছিল দুটা ভিন্ন পন্থাৰ যোগেদি। প্রথমটো হ’ল, ধৰ্মবিশ্বাস ; আৰু দ্বিতীয়টো হ’ল, আইন প্রণয়ন। প্রথমটোৰ চোৱাচিতা কৰিছিল পুৰোহিত শ্রেণীটোৱে, দ্বিতীয়টোৰ ভাৰ ন্যস্ত হৈছিল শাসক শ্রেণীৰ কান্ধত। দুয়োটাৰে মাজত মৌলিক প্রভেদ থাকিলেও, সেইকেইটাই ইতিহাসৰ বাটত বহুদূৰ আগ বা‌ঢ়িছিল হাতত হাত ধৰি। কৌটিল্যৰ অৰ্থশাস্ত্রৰ দৰে প্রাচীন গ্রন্থতেই তাৰ সুস্পষ্ট প্রমাণ পোৱা যায়। আইনৰ কথাটো সম্প্রতি বাদ দি, উচিত-অনুচিতৰ নিয়ন্ত্রক হিচাপে ধৰ্মৰ কথাটো অলপ যুকিয়াই চোৱা যাওক। কাৰণ, এই দিশটো আমাৰ আলোচ্য বিষয়, অৰ্থাৎ পাপৰ ধাৰণাৰ সৈতে সম্পৰ্কিত। আইনৰ কথাটো পাছলৈ আহিব।

(৪)

ধৰ্মত বহুবিধ কাৰ্যক অনুচিত বুলি ঘোষণা কৰা হৈছে। তেনে কাৰ্যত লিপ্ত হ’লে মানুহৰ পাপ লাগে বুলি কোৱা হয়। কিন্তু এই ধৰ্মপ্রদত্ত ঔচিত্যবোধৰ জাগতিক ভিত্তি কি? আমি পাই আহিছিলোঁ যে আদিতে উপকাৰী-অপকাৰী ধাৰণাটো প্রত্যক্ষভাৱে সম্পৰ্কিত হৈ আছিল জাগতিক প্রয়োজনৰ সৈতে। পৰৱৰ্তী কালত, উক্ত ধাৰণাৰ পৰিৱৰ্ধিত ৰূপ, অৰ্থাৎ মানুহৰ ঔচিত্যবোধৰ দ্রুততৰ বিকাশ ঘটিছিল শ্রেণীবিভক্ত সমাজ এখনৰ মাজত। এই কথাটোৰ তাৎপৰ্য অতি বেছি। শ্রেণীবিভক্ত সমাজ এখনত সদায়েই শক্তিশালী শ্রেণীটোৰ ধ্যান-ধাৰণাসমূহে আধিপত্য বিস্তাৰ কৰে। সেয়েহে তেনে সমাজ এখনত উদ্ভৱ আৰু বিকাশ হোৱা ঔচিত্যবোধৰ ধাৰণাই সাধাৰণতেই শক্তিশালী শ্রেণীটোৰ শ্রেণী-স্বাৰ্থকহে প্রতিনিধিত্ব কৰিছিল। সেই স্বাৰ্থৰ প্রতিকূল কাম-কাজৰ ওপৰত “পাপ” বুলি ধৰ্মীয় ছীল-মোহৰ এটা মাৰি দিয়া হ’ল। এই কথাটোৰ এটা অতি চমৎকাৰ উদাহৰণ আমি পাওঁ ‘ঈশোপনিষদ’ৰ একেবাৰেই প্রথম শ্লোকটোত (১/১)। তাত প্রথমতে কোৱা হৈছে, “এই ব্রহ্মাণ্ডৰ সকলো জীৱন্ত আৰু নিৰ্জীৱ বস্তুৰ গৰাকী আৰু নিয়ন্ত্রক হ’ল ঈশ্বৰ”। সহজ কথা, তাত একো বিশেষ জটিলতা নাই। কিন্তু পৰৱৰ্তী শাৰীটোত কোৱা হৈছে, “সেইবাবেই মানুহ এজনে নিজক যিমান লাগে, সিমানহে গ্রহণ কৰিব লাগে, নিজৰ ভাগৰ বাহিৰে অন্যলৈ হাত মেলা উচিত নহয়”। লক্ষণীয়, প্রথম বাক্যটিৰ সৈতে পাছৰ কথাখিনি অৰ্থপ্রৱাহৰ দিশৰপৰা সংগতিহীন। এই সংগতিহীনতাৰ ব্যাখ্যা আমি জাগতিক পটভূমিতেই বিচাৰিব লাগিব। ঈশ্বৰৰ শক্তিৰ কথা সোঁৱৰাই দি আনৰ বস্তুৰ প্রতি ধাউতি নিদিবলৈ কোৱাৰ তেনে ব্যাখ্যা কি বাৰু? গমি চালেই ওলাই পৰিব, তাত ঈশ্বৰৰ ধাৰণাৰ সহায়েৰে ব্যক্তিগত সম্পত্তিৰ অধিকাৰ আৰু তেনে সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ কথাটোক একধৰণৰ ন্যায্যতা প্রদান কৰাৰ চেষ্টা চলোৱা হৈছে। নিঃসন্দেহে তেনে ঔচিত্যবোধত প্রতিফলিত হৈছে সমাজৰ ঊৰ্ধস্তন শ্রেণীটোৰ শ্রেণীস্বাৰ্থ। সেই শ্রেণীস্বাৰ্থই “ঈশ্বৰৰ শক্তি”ৰ সৈতে “পৰৰ বস্তুৰ প্রতি অনাসক্তি” – এই দুটা আপাতঃ বিচ্ছিন্ন কথাক সংগতিপূৰ্ণ কৰি তুলিছে। গতিকে আমি মনত ৰখা যুগুত, পাপ কোনো নিৰালম্ব আৰু শ্রেণীনিৰপেক্ষ ধাৰণা নহয়।

দেখা যায় যে পাপবোধৰ সৈতে দুটা মানসিক স্থিতি প্রাথমিকভাৱে সম্পৰ্কিত হৈ থাকে। প্রথমটো হৈছে মানসিক ভয়-ভীতি। বিভিন্ন ধৰ্মত পাপৰ পৰিণামত ভয়ংকৰ শাস্তি অনিবাৰ্য বুলি ঘোষণা কৰা হৈছে; তেনে শাস্তি ইহলৌকিক অথবা পাৰলৌকিক, কিম্বা দুয়োটাই হ’ব পাৰে। পাপৰ তেনে শাস্তিৰ ভীতি বহুতো ধৰ্মবিশ্বাসী মানুহৰ মনৰ গভীৰলৈ শিপাই আছে। পাপবোধৰ সৈতে সম্পৰ্কিত হৈ থকা আনটো মানসিক স্থিতি হৈছে অনুশোচনা। এইখিনিতে আমাৰ সেই সাধুকথাটোলৈ মনত পেলাই লওঁ। অসহায় বৃদ্ধগৰাকীক এটি অতি সৰু সহায় নকৰা আৰু দুৰ্ঘটনাত চাইকেল আৰোহীজনক নিহত কৰাৰ কথাটোৱে ব্যৱসায়ীজনক পাপবোধত নিমজ্জিত কৰিছিল। তাৰ লগতে ধৰ্মই কোৱা পাপৰ পাৰলৌকিক শাস্তিৰ ভীতিয়েও তেওঁক খুলি খুলি খাইছিল। অন্য মানুহেও বিশ্বাস কৰিছিল, ব্যৱসায়ীজনৰ পাপকাৰ্য তেওঁ “ইহলোকত” ভোগ কৰা দুৰাৰোগ্য ব্যাধিৰ কাৰণ।

(৫)

পাপবোধৰ সৈতে সম্পৃক্ত হৈ থকা তেনে ভীতি আৰু অনুশোচনাৰ কিছুমান সামাজিক উপযোগিতা আছে বুলি একাংশ লোকে মত প্রকাশ কৰে। তেনে মাৰ্গৰ চিন্তাই কয়, পাপৰ সৈতে সম্পৰ্কিত ভয়-ভীতি-অনুশোচনাই মানুহক বেয়া কাম কৰাৰপৰা বিৰত ৰাখে। অৰ্থাৎ, পাপৰ ধাৰণাই সমাজত সামাজিক শৃংখলা বৰ্তাই ৰখাত সহায় কৰে।

কথাটোৰ যৌক্তিক বিচাৰ-বিশ্লেষণে কিন্তু দেখুৱায়, সামাজিক শৃংখলা বৰ্তাই ৰখাত পাপৰ ধাৰণা তেনেই অপ্রতুল। তাৰ কাৰণ মুখ্যতঃ তিনিটা।

প্রথম কথা হ’ল, ধৰ্মৰ আৱৰ্তত পাপৰ কোনো সৰ্বজনগ্রাহ্য সাৰ্বজনীন সংজ্ঞাৰ সন্ধান পোৱা নাযায়। পৃথিৱীত বহুতো প্রাতিষ্ঠানিক ধৰ্ম আছে, আৰু ধৰ্মভেদে পাপকৰ্মৰ ধাৰণাও বিভিন্ন। এটা সৰু উদাহৰণ লোৱা যাওক। কোনো এটা ধৰ্মত কোনো এবিধ মাংস ভক্ষণ কৰাটোক মহাপাপ বুলিলেও, অন্য এটা ধৰ্মত সেই একেই মাংস ভক্ষণ কৰাত কোনো বাধা-নিষেধ নাই। পাপৰ প্রসংগত আৰু বহুতো গুৰুতৰ প্রভেদ বিভিন্ন ধৰ্মৰ মাজত বিদ্যমান। ধৰ্মভেদে পাপৰ সংজ্ঞা বেলেগ বেলেগ হ’লে সামাজিক শৃংখলাৰ বিপৰীতে সি বিশৃংখলতাৰহে জন্ম দিয়াৰ সম্ভাৱনা। সামাজিক শৃংখলা বৰ্তাই ৰখাত পাপৰ ধাৰণাৰ সীমাবদ্ধতাৰ এইটো প্রথম কাৰণ।

দ্বিতীয় কথা, পাপকাৰ্য বুলি ধৰ্মই দিয়া নিৰ্দেশ কিছুমান বৰ অযৌক্তিক আৰু বালখিল্য। উদাহৰণস্বৰূপে, কোনো কোনো ধৰ্মই নৌ যাত্রা, বিলাত গমন আদিকো পাপ বুলি গণ্য কৰি সেইবোৰৰ পৰাচিতৰ ব্যৱস্থা কৰে। বাতিলযোগ্য এইসমূহ বিশ্বাসত পাপৰ মোহৰ মাৰিলেই সি জানো সামাজিক শৃংখলা বৰ্তাই ৰখাত অৰিহণা যোগাব?

তৃতীয় কথাটো প্রথম দুটাতকৈ বহু বেছি গুৰুতৰ। কোনো কোনো পাপৰ ধাৰণা সমাজৰ বাবে অতি অপকাৰী। এটা উদাহৰণ লওঁ। কুমাৰী কালততেই কন্যাক বিবাহ দিব নোৱৰা পিতৃ ভয়ংকৰ পাপত নিমজ্জিত হয় বুলি কোৱা হৈছে। এনে পাপৰ ধাৰণাই সমাজলৈ শৃংখলা ক‌ঢ়িয়াই আনিব নে অধঃপতনলৈ লৈ যাব, সেয়া সহজেই অনুমেয়।

উপৰিউক্ত তিনিটা কাৰণৰ বাবেই পাপৰ ধাৰণাটো সামাজিক শৃংখলা বৰ্তাই ৰাখিবলৈ মুঠেও উপযোগী নহয়। কিন্তু এটা প্রশ্ন, যিটো আচলতে প্রথমতেই আহিব লাগিছিল, আমি এৰি আহিছোঁ। কথাটো হৈছে, সামাজিক শৃংখলা বুলি যে কোৱা হয়, সেইটোৰ স্বৰূপ কি? আমি উনুকিয়াই আহিছিলোঁ, পাপৰ ধাৰণাত প্রকৃততে বহুদূৰলৈ প্রতিফলিত হয় সমাজৰ ঊৰ্ধস্তন শ্রেণীটোৰ শ্রেণীস্বাৰ্থ। লগতে আমি মনত ৰখা যুগুত, সামাজিক শৃংখলাও কোনো শ্রেণী-নিৰপেক্ষ ধাৰণা নহয়। পাপৰ ধাৰণাৰ জৰিয়তে যি সামাজিক শৃংখলা বজাই ৰখাৰ কথা কোৱা হয়, সেই শৃংখলা প্রকৃততে শোষক-শাসক শ্রেণীটোৰ স্বাৰ্থৰ সৈতে দ্বন্দ্বহীন, তেওঁলোকৰ শ্রেণীস্বাৰ্থ পূৰণৰ বাবে অনুকূল। তেনে আকাংক্ষিত শৃংখলা প্রকৃততে হৈছে স্থিতাৱস্থা বৰ্তাই ৰখা, শোষণৰ সহায়ক এক শান্ত-সমাহিত পৰিৱেশ। অলপতে উনুকিয়াই অহা উদাহৰণটোলৈও মনত পেলাই ল’ব পাৰোঁ। কোনো এটা ধৰ্মৰ মতে, কুমাৰী কালত কন্যাক বিবাহ দিয়াত অসফল পিতৃ পাপত নিমজ্জিত হয়। এইটো বাৰু নিৰ্ভেজাল পুৰুষতন্ত্রই আধিপত্যধৰ্মী আগ্রাসনেৰে আৰোপিত কৰা কথা নহয় নে?

এইখিনিতেই এটা কথা চুই নগ’লে ভুল হ’ব। উপৰিউক্ত আলোচনাত আমি পাই আহিছিলোঁ যে ধৰ্মই মানুহৰ ঔচিত্যবোধৰ ক্ষেত্রত এটা বিশেষ ভূমিকা লৈ আহিছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ঔচিত্যবোধৰ নিৰ্ধাৰণত ধৰ্মৰ ভূমিকাই একক আৰু অনন্য। মানৱজাতিয়ে সামাজিক বিৱৰ্তনৰ দীৰ্ঘ বাটছোৱাত এনে কিছুমান মানৱীয় প্রমূল্য আহৰণ কৰি আহিছে, যিবোৰ কাল-নিৰপেক্ষ বুলি প্রতীয়মান হৈছে। মন কৰিবলগীয়া কথা, তেনে শুভংকৰ প্রমূল্যসমূহৰ বিকাশ যেতিয়া সংঘটিত হৈছিল, তেতিয়া – সুদীৰ্ঘ কাল ধৰি – প্রাতিষ্ঠানিক ধৰ্মসমূহে মানুহৰ চিন্তাজগৎ আচ্ছন্ন কৰি ৰাখিছিল। স্বাভাৱিকতেই নানান ধৰ্মমুক্ত বিষয়ো সোমাই পৰিছিল ধৰ্মৰ আচ্ছাদনত। কিছুমান চিৰন্তন, কাল-নিৰপেক্ষ মানৱীয় প্রমূল্যবোধো ধৰ্মীয় পোছাক পৰিধান কৰিহে পোহৰলৈ আহিছিল। মানুহৰ ঔচিত্যবোধৰ ক্ষেত্রতো এই কথাটো প্রযোজ্য। অৰ্থাৎ, ধৰ্মমুক্ত কোনো কোনো চিৰায়ত ঔচিত্যবোধ ধৰ্মবোধৰ সৈতে সম্পৃক্ত হৈ পৰিছিল। তেনে ধৰ্মমুক্ত ঔচিত্য লংঘন কৰিলেও ধৰ্মই কোৱা পাপত নিমজ্জিত হ’ব লাগিব বুলি কোৱা হয়।

সেইসমূহ শুভংকৰ চিৰায়ত ঔচিত্যবোধ লংঘন কৰিলে সিংহভাগ মানুহেই মানসিক বেদনা অনুভৱ কৰে। তেনে মানসিক বেদনাক সাধাৰণতেই আখ্যা দিয়া হয় বিবেক-দংশন বুলি। তেনে বেদনাহত ব্যক্তি একান্ত ধাৰ্মিক কিম্বা ধৰ্মত একেবাৰেই আস্থাহীনো হ’ব পাৰে। আমাৰ সেই প্রথমৰ সাধুটোলৈ মনত পেলাওঁ। সাধুটোৰ ধনী ব্যৱসায়ীগৰাকীৰ আছিল ধৰ্মত বিশ্বাস। সেয়েহে, তেওঁৰ বিবেক-দংশনে ধৰ্মীয় পাপবোধৰ ৰূপত আত্মপ্রকাশ কৰিছিল। কিন্তু তেনে একেই ঘটনাৰ সন্মুখীন হোৱা কোনো ধৰ্মত আস্থাহীন লোকেও, অসহায় বৃদ্ধক সৰু সহায় এটা নকৰাৰ বাবে, চাইকেল চালকজনক নিহত কৰাৰ বাবে, গভীৰ অনুশোচনাত ভুগিব পাৰে। কিন্তু দুয়োৰে মাজত, ধাৰ্মিক আৰু ধৰ্মহীন লোক দুজনৰ মানসিক বেদনাৰ মাজত, এটা তাৎপৰ্যপূৰ্ণ পাৰ্থক্য এটা থাকিব। সেইটো হ’ল, ধাৰ্মিক ব্যক্তিগৰাকীৰ বিপৰীতে অন্যগৰাকীৰ বিবেক-দংশন হ’ব ধৰ্মমুক্ত।

ধৰ্মত বিশ্বাসৰপৰা সম্পূৰ্ণ ধৰ্মহীন মানসিক স্থিতিলৈ উত্তৰণৰ বাটত বহুতেই ধৰ্ম আৰু ধৰ্মহীনতাৰ মধ্যৱৰ্তী স্তৰ এটি অতিক্রম কৰিবলগীয়া হয়। ধৰ্ম আৰু ধৰ্মহীনতাৰ মধ্যভূমিত বিচৰণ কৰাসকলৰ বাবে বিবেক-দংশন এটা হয়তো অতি জটিল পৰিস্থিতি। তেনে পৰিস্থিতিত ধৰ্মীয় পাপবোধ আৰু ধৰ্মমুক্ত বিবেক-দংশনৰ মাজৰ সীমাৰেখা নিৰ্দিষ্টকৈ নিৰ্ণয় কৰাটো নিঃসন্দহে অতি দুৰূহ হৈ পৰে।

(৬)

আমি পাই আহিছিলোঁ যে মানৱ-সমাজখনক সামাজিকভাৱে নিয়ন্ত্রিত কৰা হৈছিল দুটা উপায়েৰে। প্রথমটো ধৰ্মীয় অনুশাসনৰ জৰিয়তে, দ্বিতীয়টো আইন প্রণয়নৰ যোগেদি। তাৰে প্রথমটোৰ সৈতে দ্বিতীয়টোৰ, অৰ্থাৎ ধৰ্মীয় অনুশাসন আৰু আইন-কানুনৰ ধাৰাটোৰ মাজত কিছুমান মৌলিক প্রভেদ পৰিলক্ষিত হয়। আধুনিক কালৰ আইনব্যৱস্থাত, ধৰ্মীয় মৌলতান্ত্রিক ৰাষ্ট্রৰ কথা বাদ দিলে, প্রাচীন ধৰ্মীয় প্রমেয়সমূহ নিৰ্ণায়ক শক্তি নহয়। গীতাৰ কথাৰে উদাহৰণ এটা চাওঁ। নৰহত্যা কৰিবলৈ নাৰাজ অৰ্জুনক কৃষ্ণই কৈছে, তুমি যুদ্ধ কৰা, মই সকলোকে আগতেই মাৰি থৈছোঁ, তুমি নিমিত্ত মাত্র – “...এই যোদ্ধাসকলক মই ইতিমধ্যে নিহত কৰিয়েই থৈছোঁ। আৰু এতিয়া, হে সব্যসাচী, তুমি কেৱল কাৰণ মাত্র হোৱা (শ্রীমদ্ভগৱদ্‌গীতা, ১১/৩৩)”। ধৰা হ’ল, এতিয়াৰ যুগত কোনোবা নৰহ্যাকাৰীয়ে যদি উক্ত শ্লোকৰ আলম লৈ আদালতত যুক্তি দিয়ে, “মই যাক হত্যা কৰিছিলোঁ, তাক আচলতে ভগৱানে আগতেই মাৰি থৈছিল। মই নিমিত্তহে মাত্র” – এই কথাটো বাৰু আইনব্যৱস্থাটোৱে গ্রাহ্য কৰিবনে? নকৰে, কিয়নো আধুনিক ৰাষ্ট্র পৰিচালনাত ধৰ্মীয় অনুশাসনতকৈ আইনগত দিশটোৱেহে প্রাধান্য লাভ কৰিছে। অৱশ্যে, আকৌ কৈছোঁ, ধৰ্মীয় মৌলতান্ত্রিক ৰাষ্ট্রৰ কথাটো কিছু পৃথক।

আধুনিক ৰাষ্ট্রৰ আইনগত দিশটোৱে পাপক কোনো আনুষ্ঠানিক স্বীকৃতি নিদিয়ে। ৰাষ্ট্র পৰিচালনাত সহায়ক হোৱাকৈ বিবিধ আইন প্রণয়ন কৰা হয়, সেইসমূহৰ ব্যাখ্যা-বিৱৰণৰ বাবে প্রশিক্ষিত আইনবিদ থাকে; আইনে দিয়া ৰায় কাৰ্যকৰী কৰিবলৈ পুলিচ বাহিনী আদি গঠন কৰা হয়। সহজ কথাত, সমাজ-নিয়ন্ত্রণৰ এই আইন-কানুনৰ ব্যৱস্থাটো হৈছে সমগ্র ৰাষ্ট্র ব্যৱস্থাটোৱে স্বীকৃতি দিয়া অবিসম্বাদী আৰু প্রভূত শক্তিৰ এটা কৰ্তৃত্বশীল অনুষ্ঠান। এইটো ব্যৱস্থাত পাপৰ ধাৰণাটোক, সমাজ-নিয়ন্ত্রণৰ ক্ষেত্রত, অন্য এটা কথাই অপসাৰিত কৰে। সেইটো হৈছে অপৰাধৰ ধাৰণা।

ফিওডৰ ডষ্টয়েভস্কিৰ যুগজয়ী উপন্যাস এখন হৈছে ক্রাইম এণ্ড পানিশ্বমেন্ট। তাৰ মূল চৰিত্র ৰাস্কলনিকভ নামৰ লোকজনে দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰে। তাৰ পাছত ডষ্টয়েভস্কিয়ে অতি অনুপম সাহিত্য প্রতিভাৰে ৰাস্কলনিকভৰ মানসিক অন্তৰ্দ্বন্দ্ব ফুটাই তুলিছে উপন্যাসখনত। ৰাস্কলনিকভৰ মনত এফালে গভীৰ পাপবোধ, অন্যফালেদি প্রতি মুহূৰ্ততে পুলিচৰ প্রতি সীমাহীন ভয়। আমাৰ সাধুটোলৈও আকৌ উভতি চাওঁ। চহকী মানুহজনৰ মনটো পাপবোধেৰে, বিবেক-দংশনৰ বেদনাৰে ভৰি পৰিছিল। তাৰ কাৰণ আছিল দুটা। প্রথম, অসহায় বৃদ্ধগৰাকীক সহায় নকৰাৰ বাবে ; দ্বিতীয়, চাইকেল আৰোহীজনক নিহত কৰাৰ বাবে। কিন্তু তাৰ লগতে তেওঁৰ মনটো ভীতিগ্রস্তও হৈ পৰিছিল। তেনে ভীতিগ্রস্ততাৰ আঁৰত আছিল দুইধৰণৰ শাস্তি লভাৰ আশংকা। প্রথমটো, পাপজনিত শাস্তিৰ ভয়, দ্বিতীয়টো আইনপ্রদত্ত দণ্ডৰ আতংক। অৰ্থাৎ, পাপ আৰু অপৰাধ—এই দুয়োটাৰেই সৈতে শাস্তি বা দণ্ডৰ কথাটো সাঙোৰ খাই আছে।

কিন্তু এই দুয়োবিধ শাস্তিৰ স্বৰূপ বাৰু একেই নে?

অপৰাধৰ বেলিকা প্রথমতে সম্পূৰ্ণ কৰা হয় এটা বিচাৰ প্রক্রিয়া। আইনত অপৰাধৰ অৰ্থ নিটোলভাৱে সংজ্ঞায়িত কৰা থাকে। বিচাৰৰ অন্তত অপৰাধ প্রমাণিত হ’লে শাস্তি প্রদানৰ ব্যৱস্থা কৰা হয়। এই শাস্তি এটা পৰ্যবেক্ষণীয় বাস্তৱ। কিন্তু বিপৰীতপক্ষে, পাপৰ সংজ্ঞা যেনেকৈ ধূসৰ, তেনেকৈয়ে পাপৰ ফলত লভা শাস্তিৰ কথাটোও অপৰ্যবেক্ষণীয়, অপ্রমাণিত আৰু অবাস্তৱ। পৰলোকৰ অস্তিত্বৰ কথাটোৱেই যেতিয়া পৰ্যবেক্ষণলব্ধ বাস্তৱ নহয়, তেনে ক্ষেত্রত পাৰলৌকিক শাস্তিৰ কথাটো এটা অবৈজ্ঞানিক ধাৰণা।

পাপৰ ফলত অৱশ্যে ইহলোকতেই শাস্তি লভাৰ কথাও বিশ্বাস কৰা হয়। আকৌ সেই সাধুটোলৈ ঘূৰি যাওঁ। ব্যৱসায়ীজনৰ হাড়ৰ দুৰাৰোগ্য ৰোগৰ কাৰণ তেওঁ কৰা পাপ বুলি কিছুমানে বিশ্বাস কৰিছিল। তেওঁলোকৰ মতে, সেইটো হ’ল পাপৰ ইহলৌকিক শাস্তিৰ উদাহৰণ। এই “পৰ্যবেক্ষণীয় ইহলৌকিক শাস্তি”-ৰ ধাৰণাটোও অতি প্রমাদযুক্ত ধাৰণা। কিয়নো, অলপ ভাবিলেই ওলাই পৰে, ব্যৱসায়ীগৰাকীয়ে কৰা “পাপ”-ৰ সৈতে তেওঁৰ ব্যাধিৰ কথাটোৰ সমন্ধটো অলীক আৰু ভ্রান্ত কাৰ্য-কাৰণ সমন্ধৰ ওপৰত প্রতিষ্ঠিত। ব্যৱসায়ীজনৰ চিকিৎসকৰ কাৰ্য-কলাপ সাধাৰণভাৱে লক্ষ্য কৰিলেই আমি কথাটো সহজকৈ বুজিবলৈ সক্ষম হ’ম। চিকিৎসকে পৰীক্ষা কৰি চাইছিল, আঘাতৰ কাৰণ কি, আঘাতৰ প্রাবল্যই বা কিমান? কিবা বীজাণুৰদ্বাৰা আঘাত সংক্রমিত হৈছিল নেকি? সেইসমূহ পৰীক্ষাৰ পাছতহে প্রকৃত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল। গোটেই প্রক্রিয়াটোত, চিকিৎসাবিজ্ঞানৰ বাবে, ৰোগবিধ কোনো পাপৰ ফলত হৈছে নে, এই প্রশ্নটো একেবাৰেই অপ্রসংগিক আৰু অবান্তৰ।

(৭)

আগতে বহু ঠাইত কৈ অহা হৈছে যে মানৱ-সমাজখনৰ শৃংখলা ধৰ্ম আৰু আইন-কানুনৰ যোগেদি বৰ্তাই ৰাখিবলৈ চেষ্টা কৰা হৈ আহিছে। তাৰে প্রথমটোৰ সৈতে সম্পৰ্কিত পাপবোধৰ কথাটো যে সামাজিক শৃংখলা বৰ্তাই ৰখাত প্রশস্ত নহয়, সেইটোও আমি পাই আহিলোঁ। তাৰ উপৰিও কিন্তু আৰু এটা দিশত পাপবোধৰ ধাৰণাটোৰ এটি গুৰুতৰ সীমাবদ্ধতা আছে।

কথাটো হ’ল, পাপৰ ধাৰণাৰ সৈতে শাস্তিৰ কথা কোৱা হৈছে ঠিকেই, কিন্তু তাৰ লগে লগে পাপৰ প্রায়শ্চিত্তৰ বিধানো দিয়া হৈছে। এই কথাটো বৰ বিসংগতিপূৰ্ণ। বহুজনপঠিত “অজামিল উপাখ্যান”-লৈ চাওঁ আহক। অজামিল নামৰ ব্রাহ্মণজন আছিল অতি “পাপী” (“অজামিল নামে আছিল ব্রাহ্মণ বেশ্যাত ভৈলা পতিত”)। পাপৰ ফলত অজামিল নৰকলৈ যোৱাটো আছিল খাটাং। মৰণ কালত যেতিয়া যমদূত আহি উপস্থিত, তেতিয়া আতংকিত অজামিলে কনিষ্ঠ পুত্রক নাম ধৰি মাতিবলৈ ধৰিলে। আমোদজনকভাৱে, সৰু পুত্রৰ নাম ঘটনাক্রমে আছিল নাৰায়ণ। “নাৰায়ণ” শব্দটো উচ্চাৰিত হোৱাৰ লগে লগেই বৈকুণ্ঠৰ দূতে যমদূতক খেদি অজামিলক স্বৰ্গলৈ লৈ গ’ল। এইটো বাৰু কেনেকুৱা বিচাৰ হ’ল? সমগ্র জীৱনৰ “পাপ” যে নিমিষতে অপ্রাসংগিক হৈ পৰিল! গীতাতো (৮/৫) কোৱা হৈছে, “জীৱনৰ শেষত যিজনে মোৰ চিন্তা কৰি কৰিয়েই দেহ ত্যাগ কৰে তেৱেঁই মোৰ স্বভাৱটো লাভ কৰে”। সমগ্র জীৱনত কৰা সমস্ত দুষ্কাৰ্যৰপৰা ৰেহাই পোৱাৰ ধৰ্ম-প্রদৰ্শিত এনে চমু আৰু সহজ উপায় সঁচাই চমকপ্রদ !

(৮)

পাপজনিত কাল্পনিক শাস্তিৰপৰা ৰেহাই পোৱাৰ কাল্পনিক বাট বৰ সুচল। অপৰাধ কৰি কিন্তু ইমান সহজতে বাস্তৱ আইনৰ শাস্তিৰপৰা হাত সৰা টান। এই কথাটোৱে কিন্তু পাপৰ ধাৰণাৰ সামাজিক উপযোগিতাৰ তত্ত্বটোৰ অন্য এটা সীমাবদ্ধতাৰ কথাও প্রতীয়মান কৰে। পাপৰ শাস্তিৰপৰা ৰেহাই পাবলৈ যি প্রায়শ্চিত্ত কৰা হয়, তাৰ আঁৰত এবিধ নগ্ন স্বাৰ্থইহে নিৰ্ণায়ক ভূমিকা লয়। সেয়া হৈছে, শাস্তিৰপৰা হাত সাৰি থকাৰ স্বাৰ্থ। সৰহ ক্ষেত্রতে দেখা যায় যে দুষ্কাৰ্য কৰা বহুসংখ্যক তস্কৰ লোক অতি ধৰ্মপৰায়ণ। তেনে লোকে পাপৰ শাস্তিৰপৰা হাত সাৰিবলৈ বিবিধ ধৰ্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰি থাকে। তাত আত্মশুদ্ধিৰ প্রচেষ্টাতকৈ নিজৰ স্বাৰ্থচিন্তাইহে প্রথম স্থান দখল কৰে। বিপৰীতপক্ষে, ধৰ্মমুক্ত লোক এজনে দুষ্কাৰ্য কৰাৰ পাছত বিবেক-দংশনত বিদ্ধ হৈ সাধাৰণতে আত্মশুদ্ধিৰ চেষ্টা চলোৱাৰ সম্ভাৱনা অধিক।

(৯)

পুনৰায় আমাৰ সাধুটোৰ কথালৈ যাওঁ। চিকিৎসাবিজ্ঞানৰ দৃষ্টিত, ব্যৱসায়ীগৰাকীৰ ব্যাধি কোনো পাপৰ ফলত হৈছে নে, এই প্রশ্নটো অপ্রাসংগিক। লগতে মন কৰিবলগীয়া কথা, সংক্রমণৰ বাবে দায়ী বীজাণুটো পৃথিৱীৰ যিকোনো দেশৰ যিকোনো অনুবীক্ষণ যন্ত্রত একেধৰণেই, একেই বুলি নিৰ্ধাৰিত হ’ব। অৰ্থাৎ, আধুনিক চিকিৎসাপদ্ধতিটো সামগ্রিকভাৱে সাৰ্বজনীন। এই সাৰ্বজনীনতা বিজ্ঞানৰেই এটা মৌলিক চৰিত্র। পাপবোধৰ যে তেনে সাৰ্বজনীন চৰিত্র নাই, সেইটো আমি আগতেই পাই আহিছোঁ। এইখিনিতেই প্রশ্ন উঠিব, পাপৰ বিপৰীতে আইনব্যৱস্থাটোও সাৰ্বজনীন চৰিত্রসম্পন্ন হয় নে? নহয়। কথাটো বুজিবলৈ আমাৰ সাধুটোৰেই সহায় লোৱা যাওক।

চাইকেল আৰোহীজনক নিহত কৰাৰ পাছত ব্যৱসায়ীজনক পুলিচে কৰায়ত্ত কৰিলে তেওঁ যি বিচাৰ প্রক্রিয়াৰ মুখামুখি হ’ব, তাৰ কোনো সাৰ্বজনীন ৰূপ নাই। তেওঁৰ দেশ যদি এমেৰিকা যুক্তৰাষ্ট্র, তেন্তে তাত যিধৰণৰ কানুনী কাৰবাৰ চলিব, তেওঁৰ দেশ ইৰান হ’লে তাত ভিন্ন প্রকাৰৰ বিচাৰ প্রক্রিয়াৰ মাজেৰে শাস্তিপ্রদানৰ কথা আহিব। তেনেদৰেই, কোনো এখন দেশৰ বাবে পৰমবীৰ যোদ্ধা এগৰাকী, অন্য এখন দেশৰ আইনৰ চকুত হয়তো এটা দাগী যুদ্ধাপৰাধী। সহজ কথাত, আইনব্যৱস্থাটো স্থান-নিৰপেক্ষ নহয়। দেশভেদে আইনব্যৱস্থাটো ভিন্ন ভিন্ন হোৱাৰ বাবে তাৰ সাৰ্বজনীন চৰিত্র নাই। তাৰ উপৰিও, ই কাল-নিৰপেক্ষও নহয়। ৰামায়ণৰ অন্তৰ্ভুক্ত এটি সৰু কল্পকাহিনী লক্ষ্য কৰোঁ। ৰামচন্দ্রই তথাকথিত ৰামৰাজ্য প্রতিষ্ঠা কৰাৰ পাছৰ ঘটনা। শম্বুক নামৰ এগৰাকী শূদ্র তপস্যাত নিমগ্ন হৈ আছিল। ৰামচন্দ্রই শম্বুকৰ ডিঙি কাটি হত্যা কৰিলে। কিয়নো, প্রচলিত নীতি অনুসৰি শূদ্র লোকৰ তপস্যাৰ অধিকাৰ নাছিল। ঘটনাটো এতিয়াৰ সময়ত, এই আধুনিক যুগত সংঘটিত হ’লে কি হ’লহেঁতেন বাৰু? কোনো সন্দেহ নাই, আজিৰ যুগত তেনে হত্যাকাণ্ড এটা কঠোৰতম শাস্তিযোগ্য গুৰুতৰ অপৰাধ বুলি পৰিগণিত হ’লহেঁতেন।

(১০)

সামাজিক শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্রত পাপৰ ধাৰণাৰ কেতবোৰ দুৰ্লংঘ্য সীমাবদ্ধতাৰ কথা পাই আহিছিলোঁ। তেনেবোৰ সীমাবদ্ধতাৰ বাবেই সামাজিক শৃংখলাৰ প্রসংগত পাপৰ ধাৰণাতকৈ আইনব্যৱস্থা বহুত বেছি কাৰ্যকৰী বুলি পৰিগণিত হৈছে। সুদূৰ অতীততো খোদ শাস্ত্রগ্রন্থতেই জাগতিক দণ্ডভীতিৰ উপযোগিতাৰ কথা পাওঁ, “কেৱল দণ্ডৰ ভয়তেই মানুহে ন্যায়ৰ পথত অৱস্থান কৰে” (মনু সংহিতা, ৭/২১)। কিন্তু প্রশ্ন হয়, আইনব্যৱস্থাটোও সকলো সীমাবদ্ধতাৰ ঊৰ্ধত নে?

আমি পাই আহিছিলোঁ যে আইনব্যৱস্থাটো দেশ-কালৰ ঊৰ্ধৰ কোনো পৰম নিশ্চল ধ্রুৱক নহয়। মানৱ-সমাজখনৰ অহৰহ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি আইনব্যৱস্থাটোৰো ৰেহৰূপ সলনি হৈ গৈ থাকে। ৰামায়ণৰ শম্বুকৰ কাহিনীটোলৈ মনত পেলালেই কথাটো স্পষ্ট হ’ব। তেনে পৰিৱৰ্তনশীল স্বৰূপটোক পোনে পোনে আইনব্যৱস্থাৰ সীমাবদ্ধতা বুলি ক’ব নোৱাৰি, সেইটো সঁচা। কিন্তু তেনে পৰিৱৰ্তনশীল চৰিত্রটোৰ নেপথ্যৰ কাৰণানুসন্ধানে আইনব্যৱস্থাৰ এটা গুৰুতৰ সীমাবদ্ধতা উন্মোচনত সহায় কৰিব।

সামাজিক শৃংখলাৰ কথাটো আইনব্যৱস্থাৰ মৰ্মবস্তু। কিন্তু আমি উনুকিয়াই আহিছিলোঁ যে সামাজিক শৃংখলা কোনো শ্রেণী-নিৰপেক্ষ ধাৰণা নহয়। সামাজিক শৃংখলা বুলি যিটো ধাৰণা বহুলাংশে আৰোপিত কৰা হয়, সেই শৃংখলা প্রকৃততে শোষক-শাসক শ্রেণীটোৰ স্বাৰ্থৰ সৈতে সংগতিপূৰ্ণ। সেইটো ফালৰপৰা দেখা যায় যে আইনব্যৱস্থাটো শেষ বিচাৰত শাসকশ্রেণীটোৰেই আনুষ্ঠানিক ৰক্ষাকবচ। পুঁজি আৰু ব্যক্তিগত সম্পত্তিয়েই হৈছে বৰ্তমানে শক্তিশালী ৰূপত বিৰাজ কৰা পুঁজিবাদী ব্যৱস্থাৰ মৰ্মবস্তু। গতিকে বৰ্তমানৰ আইনব্যৱস্থাটোৱে স্বাভাৱিকতেই পুঁজি আৰু ব্যক্তিগত সম্পত্তিক ৰক্ষণাবেক্ষণ দিয়ে। পুঁজি আৰু ব্যক্তিগত সম্পত্তিক আক্রান্ত কৰিব পৰা মত বা কাৰ্য বেআইনী বুলি সেই ব্যৱস্থাটোৱে ৰায় দিয়ে। অৰ্থাৎ, শেষ বিচাৰত আইনব্যৱস্থাটোও শ্রেণীনিৰপেক্ষ নহয়। সেইটো কাৰণৰ বাবেই সময়ে সময়ে আইনব্যৱস্থাটো শোষিত শ্রেণীটোক কৰা নিষ্পেষণৰ অন্যতম সজুঁলিৰূপে প্রতীয়মান হয়। মাথোঁ সেইটোৱেই নহয়। আইনব্যৱস্থাটো যিহেতু সমাজৰ শক্তিশালী শ্রেণীটোৰ স্বাৰ্থৰ সৈতে সম্পৃক্ত হৈ থাকে, সেইবাবেই তাত তেনে শ্রেণীৰ অন্যান্য আধিপত্যধৰ্মী দৰ্শনো (যেনে, পুৰুষতান্ত্রিকতা) মূৰ্ত হৈ থাকে।

অৱশ্যে, পুঁজিবাদী আইনব্যৱস্থাটো এশ শতাংশই বাতিলযোগ্য আৰু সাৰমৰ্মহীন নহয়। মানৱ-জাতিয়ে দীৰ্ঘ কাল ধৰি আহৰণ কৰা কেতবোৰ সময়-পৰীক্ষিত প্রমূল্যকো আইনব্যৱস্থাটোৰ কোনো কোনো অংশই ধৰি ৰাখিছে। তদুপৰি, সমাজবাস্তৱৰ নানান দ্বন্দ্ব, নানান পৰিৱৰ্তনৰ প্রতিচ্ছবিও আইনব্যৱস্থাৰ পৰিৱৰ্তনৰ মাজত ফুটি উঠে। যেনে, নাৰীবাদী আন্দোলনে জন্ম দিয়া সংঘাত আৰু দ্বন্দ্বই লাহে লাহে পুৰুষতান্ত্রিকতাৰে দুষ্ট আইনব্যৱস্থাটোৰ কিছু পৰিমাৰ্জন সাধিবলৈ ধৰিছে। এইটো এটা হাততে পোৱা উদাহৰণ।

(১১)

জন এডোৱাৰ্ডৰ আমোদজনক কথাটোৰেই এই আলোচনাৰ শেষৰ ফালে আগ ব‌ঢ়া যাওক। তেওঁৰ অধিবক্তাই “যুক্তি” দিছিল যে এডোৱাৰ্ডে পাপ কৰিব পাৰে, কিন্তু সি অপৰাধ নহয়। কথাটো বৰ চিত্তকৰ্ষকো। দেখা যায় যে সকলো “পাপ”-এই অপৰাধ নহয়। প্রথমৰ সেই সাধুটোৰ প্রেক্ষাপটত চালেই কথাটো বৰ সুন্দৰভাৱে ওলাই পৰিব। ধনী ব্যৱসায়ীজনে নিছলা বৃদ্ধগৰাকীক গাড়ীত উঠাবলৈ অসন্মত হোৱাটো যিমানেই অমানৱীয় নহওক, সেইটো প্রচলিত আইনৰ দৃষ্টিত কোনো শাস্তিযোগ্য অপৰাধ নহয়। সেই অমানৱীয় কামৰ বাবে তেওঁক আইনৰ গণ্ডীত অভিযুক্ত কৰিব নোৱাৰি।

হয়, এইটো আইনব্যৱস্থাটোৰ এটা সীমাবদ্ধতা। কিন্তু সেই সীমাবদ্ধতা অতিক্রম কৰিবলৈ আমি বহুগুণে অধিক সীমাবদ্ধ “পাপ”-ৰ ধাৰণাৰ সহায় লোৱাৰো সকাম নাই। সকলো “পাপ” যিদৰে অপৰাধ নহয়, তেনেদৰে সকলো অপৰাধেই আকৌ “পাপ” নহয়। ধৰ্মত নিষিদ্ধ মাংস ভক্ষণ কৰাটো কোনো কোনো লোকৰ চকুত সাংঘাতিক মহাপাপ; কিন্তু  তেনে মাংস ভক্ষণ কৰাৰ "দোষ"-ত অভিযুক্ত লোকক ধৰ্মৰ নাম লৈয়েই কোনো কোনো লোকে নানান হাৰাশাস্তি কৰাটো, আনকি হত্যা কৰাটোও, পৰম পবিত্র কাৰ্য বুলিহে বিবেচনা কৰে।

গতিকে সামাজিক শৃংখলাৰ বাবে আইনব্যৱস্থাটোৱেই একক আধাৰ হ’বগৈ নোৱাৰে। এই ক্ষেত্রত প্রমূল্যবোধৰো এটা ডাঙৰ ভূমিকা থাকিব। কিন্তু তেনে প্রমূল্যবোধ যদি ধৰ্মীয় পাপৰ ধাৰণাৰ সৈতে সম্পৰ্কিত হয়, তেন্তে সি যে গুৰুতৰ সীমাবদ্ধতাৰ মাজত সোমাই পৰে, সেইটোও আমি পাই আহিলোঁ। গতিকে কেনেকুৱা প্রমূল্যবোধক বাৰু আমি ভিত্তি হিচাপে লম? সন্দেহ নাই, এইটো এটা অন্য প্রবন্ধৰ বিষয়। সেইবাবেই ইয়াত দুটামান কথা উনুকিয়াই আলোচনা শেষ কৰা যাওক।

মন কৰক, ধৰ্মীয় পাপৰ ধাৰণা আৰু আইনব্যৱস্থাত পৰাচিত, শাস্তি আদিৰ বিস্তাৰিত আলোচনা থাকিলেও, মানুহে “পাপ” কিয় কৰে, অপৰাধ কিয় সংঘটিত হয়, এই প্রশ্নটোৰ কোনো সন্ধান পোৱা নাযায়। কথাটো হ’ল, “পাপ” কিম্বা অপৰাধ সমাজৰপৰা আঁতৰি যাব, যেতিয়া মানুহে সেইবোৰ কৰাৰ কোনো কাৰণেই নাথাকিব। যিহেতু ধৰ্ম আৰু আইন তেনে কাৰণৰ প্রতিয়েই নিৰ্লিপ্ত, সেয়েহে সেইবোৰৰ অৱলুপ্তিৰ ক্ষেত্রতো সিহঁতৰ কোনো নিৰ্ণায়ক ভূমিকা থাকিব বুলি ভাবিব নোৱাৰি। “পাপ” কিম্বা অপৰাধ আঁতৰি যাবলৈ যিদৰে প্রমূল্যবোধৰ পৰিৱৰ্তন লাগিব, তেনেদৰেই লাগিব এটা বস্তুগত সামাজিক উত্তৰণ। কাৰণ আমি পাই আহিছিলোঁ যে দুয়োটা দিশেই অতি নিবিড়ভাবে সম্পৰ্কিত।

বস্তুগত সামাজিক উত্তৰণৰ পাছত মানুহৰ ঔচিত্যবোধ কেনেকুৱা হ’ব? সেইটো এতিয়াই কোৱাটো দুৰূহ। তাৰ সলনি, ভৱিষ্যতে আমাৰ সেই প্রথমৰ সাধুটো তলত দিয়াৰ দৰে পুনৰ্নিমিত হ’ব নেকি, সেইটো ভাবি চাব পাৰি।

বাটৰ কাষৰ সৰু কিতাপৰ দোকানখনৰপৰা গ্রন্থ এখন সংগ্রহ কৰি ডেকাজন তেওঁৰ গাড়ীখনত উঠিবলৈ লৈছিল। তেনেতে বৃদ্ধ এজন থৰক-বৰককৈ আহি তেওঁকো অলপ দূৰলৈ লৈ যাবলৈ অনুৰোধ কৰিলে। তেওঁ আজি নিজৰ গা‌ড়ী অনা নাই। দুয়োজনেই গাড়ীত গৈ থাকোতেই এগৰাকী চাইকেল আৰোহীক গাড়ীখনে প্রচণ্ড খুন্দা এটা মাৰি ছিটিকাই পেলালে। লৰালৰিকৈ দুয়োজনে চাইকেল আৰোহীজনক গাড়ীৰ ছিটত শুৱাই তীব্রবেগেৰে চিকিৎসালয় পালেগৈ। চাইকেল আৰোহীজন প্রকৃততে ঘটনাস্থলতেই নিহত হৈছিল।

ঘটনাটোৰ বাবে দুয়োজনৰ মন বিষাদেৰে ভৰি পৰিল। তেওঁলোকে কৰ্তৃপক্ষক ঘটনাটোৰ কথা অৱগত কৰিলে। কৰ্তৃপক্ষই তৎক্ষণাৎ সকলো দিশৰপৰা নিহতজনৰ নিকট-সমন্ধীয়সকলক সহায়ৰ হাত আগ ব‌ঢ়ালে।

গাড়ীৰ ভিতৰতে খুন্দা এটা খাই সোঁ-হাতত ডেকাজনে আঘাত পাইছিল। ক্রমাৎ তেওঁৰ হাতৰ বিষটো বা‌ঢ়িবলৈ ধৰিলে। চিকিৎসকে পৰীক্ষা কৰি গম পালে, ডেকাজনৰ হাড় বহু দিনৰপৰাই দুৰাৰোগ্য ৰোগত আক্রান্ত। মৃত্যুৰ আগে আগে তেওঁ, সকলোৱে কৰাৰ দৰে, চকুৰ কৰ্নিয়াকে আদি কৰি দেহৰ অংগসমূহ দান কৰি গ’ল।

Share Button
Print Friendly, PDF & Email

1 Comment : "সম্পাদকৰ টোকা : পাপ আৰু প্রায়শ্চিত্ত, অপৰাধ আৰু শাস্তি (কৌশিক দাস)"

  1. Nabajyoti borgohain

    Kaushik da , apunar dighal lekha2 prohi bhal palu, prohi uthie kiba karonot korobat logically Aru kisu concrete huar Jan proyujan asil tanakua lagil. Mane overall realisation2 koisu. Subject presentation Aru structure Dhunia hoise.

Leave a Comment

Your email address will not be published. Required fields are marked *