সম্পাদকীয়

সম্পাদকৰ টোকা : বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্রসংগত (‍কৌশিক দাস)

“সাম্প্রদায়িক সংঘৰ্ষৰ সময়ত আক্রমণকাৰীকেইটাৰ আচৰণত আদিম যুগৰ বৰ্বৰতা পৰিলক্ষিত হৈছিল।” “সাম্প্রদায়িক দলটোৱে মধ্যযুগীয় সংকীৰ্ণ মানসিকতাৰে বিধৰ্মীৰ উপাসনাস্থলটো ধ্বংস কৰিলে।” এই দুয়োটা প্রকাশভংগীৰ বাক্য সাধাৰণতেই চকুত পৰে। এইকেইটা প্রকাশভংগীক আলম কৰিয়েই আমাৰ এই সম্পাদকীয় টোকাটি আৰম্ভ কৰিছোঁ।

বাক্য দুটিত বৰ্ণিত কথাক শুদ্ধ-সত্য বুলি ধৰি ল’লে, দুটা বৰ সহজ সিদ্ধান্তত উপনীত হোৱা যায়। প্রথম, আমি এতিয়া বাস কৰি থকা যুগটো প্রাচীন নাইবা মধ্যযুগ নহয়। অৰ্থাৎ, প্রকাৰান্তৰে কোৱা হৈছে যে আমি এতিয়া বাস কৰি আছোঁ আধুনিক যুগত। দ্বিতীয়, “আদিম যুগৰ বৰ্বৰতা” কিম্বা “মধ্যযুগীয় সংকীৰ্ণ মানসিকতা” এই আধুনিক যুগত বিসদৃশ। কেনেকৈ বাৰু তেনে সিদ্ধান্তলৈ অহা হ’ল? তেনেই সহজ কাৰণ, আধুনিক যুগত তেনে বৰ্বৰতা কিম্বা সংকীৰ্ণতা নাই, থকা অনুচিত বুলি ধৰি লোৱাৰ কাৰণেহে আদিম আৰু মধ্যযুগৰ প্রসংগ আহি পৰিল। নহ’লে কথাদুটা এনেকৈ কোৱা হ’লহেঁতেন, “সাম্প্রদায়িক সংঘৰ্ষৰ সময়ত আক্রমণকাৰীকেইটাৰ আচৰণত বৰ্বৰতা পৰিলক্ষিত হৈছিল” আৰু, “সাম্প্রদায়িক দলটোৱে সংকীৰ্ণ মানসিকতাৰে বিধৰ্মীৰ উপাসনাস্থলটো ধ্বংস কৰিলে”। অৰ্থাৎ, স্বতঃসিদ্ধভাৱে ধৰি লোৱা হৈছে, “বৰ্বৰতা” কিম্বা “সংকীৰ্ণ মানসিকতা” – এইসমূহ আধুনিক যুগৰ উপাদান নহয়।

মানৱ-ইতিহাসৰ আদিম আৰু মধ্যযুগ প্রকৃততেই তেনে নেতিবাচক কৰ্মকাণ্ডৰে সম্পূৰ্ণভাৱে পৰিপূৰ্ণ হৈ আছিল নেকি? এই কথাটোক অগ্রাহ্য কৰিলেও কিন্তু উপৰিউক্ত সিদ্ধান্তদুটাৰ লগৰীয়া হিচাপে অন্য এটা গুৰুত্বপূৰ্ণ প্রশ্নৰ উদ্ভৱ হয়। আধুনিক যুগটো সঁচাই বাৰু “আদিম যুগৰ বৰ্বৰতা” আৰু “মধ্যযুগীয় মানসিকতা”-ৰপৰা মুক্ত নে? আমি বাৰু সঁচাই, প্রকৃত অৰ্থত আধুনিক হ’বলৈ সক্ষম হৈছোঁ নে?

আমাৰ চৌপাশে অহৰহ সংঘটিত হৈ থকা নানান ঘটনাবোৰ (যেনে, ডাইনী বুলি অভিহিত কৰি মানুহে মানুহক কৰা নিগ্রহ/হত্যা, ধৰ্মৰ নামত কটাকটি ইত্যাদি ইত্যাদি) দেখি কিন্তু কেতিয়াও ক’ব পৰা নাযাব যে আমি “আদিম যুগৰ বৰ্বৰতা” কিম্বা “মধ্যযুগীয় মানসিকতা” সম্পূৰ্ণভাৱে পৰিত্যাগ কৰি প্রকৃত অৰ্থত আধুনিক মানৱ হ’বলৈ সক্ষম হৈছোঁ। অথচ, আমি দেখোন তুলনামূলক বিচাৰত জীৱন যাপন কৰিছোঁ অতি উন্নতভাৱে, যাৰ অন্যতম প্রধান ভিত্তি হৈছে বিজ্ঞান আৰু বিজ্ঞানপ্রদত্ত প্রযুক্তি। “বৰ্বৰতা” কিম্বা “সংকীৰ্ণ মানসিকতা”, এইসমূহ আধুনিক যুগৰ উপাদান নহয় বুলি অৱগত হোৱাৰ পাছতো, সেইসমূহ দেখোন আমাৰ মাজৰপৰা আঁতৰি যোৱা নাই। অথচ, আধুনিক যুগৰ প্রধান উপাদান বিজ্ঞান আৰু তৎজনিত প্রযুক্তিৰ ব্যাপক ব্যৱহাৰ বৰ্তমান যুগত অতি ব্যাপক বুলি নিৰ্দ্বিধাই ক’ব পাৰি। এই পৰস্পৰবিৰোধী কথাদুটা আমি ফঁহিয়াই চোৱা উচিত।

উক্ত কথাটো আমি এনেকৈও বিচাৰ কৰি চাব পাৰোঁ। বিজ্ঞান আৰু প্রযুক্তিয়ে প্রদান কৰা নানান বস্তুগত অৱদান আধুনিক যুগৰ যে অবিচ্ছেদ্য অংগ, তাত কোনো দ্বিমত নাই। কিন্তু লগে লগে আমি মনত ৰাখিব লাগিব যে বিজ্ঞান-প্রযুক্তিয়ে ক‌ঢ়িয়াই অনা বস্তুগত বৈভৱেই আধুনিকতাৰ একক আৰু অনন্য উপাদান নহয়। আধুনিকতাৰ মূল শিপা প্রকৃততে মননগত সমৃদ্ধিৰ গভীৰতাতহে প্রোথিত হৈ থাকে। সেইফালৰপৰা ক’ব পাৰি, আধুনিকতাৰ মৰ্মবস্তু হ’ল বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী মানসিকতা, যিকেইটি আকৌ মানুহৰ আৰু সমাজৰ মননগত সমৃদ্ধিৰো প্রধান অংগ। প্রযুক্তিপ্রদত্ত বস্তুগত বৈভৱৰ মহাপয়োভৰ ঘটা সমাজ এখনৰ মানুহৰ মাজত যদি বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী মানসিকতা অনুপস্থিত, তেন্তে সেইখন সমাজক জানো প্রকৃত অৰ্থত আধুনিকতাৰ ঊৰ্মিয়ে স্পন্দিত কৰা বুলি ক’ব পৰা যাব?

এই কথাটো আমি অন্য এটি দিশৰপৰাও নিৰীক্ষণ কৰিব পাৰোঁ। প্রকৃততে আধুনিকতাৰ শাহ বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী মানসিকতাৰ সৈতে কিছুমান পৰিত্যাজ্য প্রপঞ্চৰ (যেনে, অন্ধবিশ্বাস, ধৰ্ম, সাম্প্রদায়বাদ, মৌলবাদ) মাজত সংঘাত পৰিলক্ষিত হয়। কথাটো মুঠেও আচৰিত নহয়। কাৰণ, আমাৰ উদাহৰণটোত সাধাৰণভাৱে কোৱা সেই “আদিম যুগৰ বৰ্বৰতা” আৰু “মধ্যযুগীয় মানসিকতা”ৰ সৈতে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী চিন্তা-চৰ্চাৰ সম্বন্ধটো বৈৰীমূলক। বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী চিন্তা-চৰ্চাই যুগে যুগে স্থিতাৱস্থাৰ পৃষ্ঠপোষক শক্তিৰপৰা প্রতিৰোধ আৰু আক্রমণৰ সন্মুখীন হৈ আহিছে। কিন্তু বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী মননৰ সৈতে তেনে শক্তিৰ বিৰোধ সদায়েই যে জংগী ৰূপত সংঘটিত হৈছিল বা হ’ব, তেনে নহয়। আনহাতে, উক্ত বৈৰিতা ইতিহাসৰ কোনো কোনো পৰ্বত অতি প্রকট ৰূপত আত্মপ্রকাশ কৰিছিল, এই আধুনিক যুগতো তেনে হোৱা দেখা যায়। একোটাকৈ পুৰণি আৰু নতুন উদাহৰণ হৈছে ক্রমে জিউৰডানো ব্রুনো আৰু অভিজিৎ ৰায়ৰ হত্যাকাণ্ড। এই দুয়োগৰাকীৰেই ভবিষ্যৎমুখী কৰ্মকাণ্ডৰ চালিকা শক্তি আছিল পৰিবৰ্তন-আকাংক্ষী যুক্তিবাদী মনন। অন্যহাতেদি, তেওঁলোকৰ হত্যাকাণ্ডৰ নেপথ্যৰ নিৰ্ণায়ক শক্তি আছিল স্থিতাৱস্থাৰ পৃষ্ঠপোষক জংগী ধৰ্মীয় ধ্যান-ধাৰণা। আগতেই কোৱা হৈছে, উক্ত সংঘাত দেখদেখকৈ সদায় জংগী ৰূপত সংঘটিত হোৱা চকুত নপৰিবও পাৰে। তাৰপৰা কিন্তু এনে সিদ্ধান্তলৈ পোনছাটেই আহিব নোৱাৰি যে উক্ত দুয়োটা বিপৰীতমুখী প্রপঞ্চৰ মাজত এক বিৰোধহীন সমিলমিল সম্ভৱ। প্রকৃততে মানৱ-মননৰ উক্ত দুয়োটা দিশ সুদূৰ অতীততো অভিসাৰী আছিল, এতিয়াতো একেবাৰেই বিপৰীতমুখী। সেইবাবেই, অতি গভীৰ সদ্দিচ্ছা থাকিলেও, সেইদুটি বিপৰীতমুখী প্রপঞ্চক একেলগ কৰাৰ প্রচেষ্টা বিফল হোৱাটো অৱধাৰিত হৈ পৰে। কিন্তু তেনে প্রচেষ্টা এচাম বিদ্বানে এতিয়াও সম্ভৱ বুলি বিবেচনা কৰে। গতিকে, এই দুই বিপৰীতমুখী প্রপঞ্চৰ মিলনক যে বাস্তৱায়িত কৰাটো সম্ভৱ নহয়, সেই সম্বন্ধে বিস্তাৰিত আলোচনা আৰু বিশ্লেষণৰ প্রয়োজন।

কিন্তু বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ ওপৰত পুৰণি ধ্যান-ধাৰণাই কৰা আক্রমণৰ প্রতিমুখে এটা পৰিঘটনা সাধাৰণতেই চকুত পৰে। সেইটো হ’ল, বিজ্ঞানমনস্ক-যুক্তিবাদী শিবিৰৰ কোনো কোনোৱে একেবাৰেই অন্ধভাৱে সকলোধৰণৰ ঐতিহ্যৰ বিৰোধিতা কৰা দেখা যায়। এইটো একধৰণৰ খণ্ডিত আৰু হঠকাৰী দৃষ্টিভংগী। আমি মনত ৰখা উচিত যে মানৱজাতিয়ে সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু মানসিক বিবৰ্তনৰ বন্ধুৰ বাটত কেতবোৰ কাল-নিৰপেক্ষ শুভংকৰ প্রমূল্য আহৰণ কৰি আহিছে। তেনে ইতিবাচক প্রমূল্যসমূহক কেৱল পুৰণি-প্রাচীন বুলিয়েই অগ্রাহ্য কৰাটো কেতিয়াও যুক্তিসংগত কথা নহয়। কিন্তু এই ক্ষেত্রত এটি বিশেষ দিশলৈ চকু দিয়াটো বৰ প্রয়োজন।

স্থিতাৱস্থাৰ পৃষ্ঠপোষক শক্তিসমূহৰ উপস্থিতিৰ মাজতো বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ আজি এক প্রভূত শক্তি বুলি পৰিগণিত হৈছে। সেইবাবে বৰ্তমান যুগত বিপৰীতমুখী প্রপঞ্চ দুটাৰ সমিলমিল বা আপোচৰ প্রস্তাৱ সাধাৰণতেই আহে স্থিতাৱস্থাৰ পৃষ্ঠপোষকতা কৰা শিবিৰৰপৰা। এই ক্ষেত্রত আইনষ্টাইনৰ এটি কথা (“Science without religion is lame, religion without science is blind) ভুলকৈ অথচ বহুলভাৱে ব্যৱহাৰ কৰাৰ কথাটো সকলেৱেই জানে। এনে এক পটভূমিত, ভিতৰি ভিতৰি প্রতিক্রিয়াশীল, স্থিতাৱস্থাৰ সমৰ্থক ব্যক্তি বা গোটেও বিজ্ঞানমনস্ক-যুক্তিবাদী শিবিৰৰ পক্ষে ছদ্ম-অৱস্থান গ্রহণ কৰে। প্রাচীন ইতিবাচক প্রমূল্যসমূহক আদৰণি জনোৱাৰ অজুহাতত তেওঁলোকে পৰিত্যাজ্য কেতবোৰ প্রপঞ্চক, যেনে ধৰ্মীয় ধ্যান-ধাৰণাক আওপকীয়াকৈ আদৰণি জনোৱা দেখা যায়। অৱশ্যে, প্রত্যেক ক্ষেত্রতেই যে তেওঁলোকে সচেতনভাৱে, জানি-বুজি তেনে কৰে, সেইটো নহয়। তেওঁলোকৰ মাজৰ একাংশৰ সদ্দিচ্ছা তৰ্কাতীত, কিন্তু মনৰ গভীৰত সোমাই থকা ধৰ্মীয় পৰম্পৰাদিৰ প্রভাৱৰ কাৰণে তেওঁলোকৰ বিচাৰ-বিশ্লেষণ-সিদ্ধান্তসমূহ শেষত পশ্চাৎমুখিতাৰে ভাৰাক্রান্ত হৈ পৰে।

সংগত কাৰণতেই প্রশ্ন উঠিব, এই ক্ষেত্রত আমাৰ বিচাৰ-বিশ্লেষণ-সিদ্ধান্ত কেনেকুৱা হোৱা যুগুত?

ইতিহাসৰ এটা সময়ত প্রাতিষ্ঠানিক ধৰ্মসমূহে সামগ্রিকভাৱে মানুহৰ কাম-কাজত প্রগা‌ঢ় প্রভাৱ বিস্তাৰ কৰি আহিছিল। স্বাভাৱিকতেই, মানৱ-সভ্যতাৰ একাবেঁকা পথত, এক দীৰ্ঘ কালত, বিভিন্ন মানৱীয় তৎপৰতা সংঘটিত হৈছিল ধৰ্মৰ আৱৰ্তত। মন কৰিবলগীয়া কথা, সেইসমূহৰ কিছুমান আকৌ আছিল একেবাৰেই ধৰ্মমুক্ত বিষয়। এটা সহজ উদাহৰণ, জ্যামিতি। যজ্ঞৰ বেদী নিখুঁতভাৱে নিৰ্মাণ কৰাৰ ধৰ্মীয় তাগিদাত ধৰ্মমুক্ত জ্যামিতিৰ কিছুমান দিশৰ বিকাশ হৈছিল। তেনেদৰেই, কিছুমান ধৰ্মমুক্ত মূল্যবোধো ধৰ্মৰ আচ্ছাদনত বিকশিত হোৱাটো একো আচৰিত কথা নাছিল। ইতিহাসৰ এটা সময়ত ধৰ্মৰ আচ্ছাদনত সম্পাদন কৰা ধৰ্মমুক্ত কথাসমূহক আমি ধৰ্মমুক্ত প্রপঞ্চ হিচাপেই গণ্য কৰা যুগুত। অৰ্থাৎ, সেইসমূহক আমি এটা ধৰ্মমুক্ত ৰূপ দিয়া উচিত। ওপৰৰ উদাহৰণটোক এটি ৰূপক হিচাপে লৈ এনেকৈ ক’লে কথাটো বুজিবলৈ সহজ হ’ব, ধৰ্মমুক্ত জ্যামিতিৰ শিক্ষণত যজ্ঞৰ মন্ত্রপাঠ কৰাটো এতিয়া অপ্রাসংগিক।

এক দীৰ্ঘ কাল ধৰি ঔপনিবেশিক শাসনৰ কবলত পৰা ভাৰতত (অসমতো) আৰু এটি প্রাসংগিক দিশ চকুত পৰে। ঔপনিবেশিক শাসনৰ এক অন্যতম পাৰ্শ্ব-পৰিণতি হিচাপে এই উপমহাদেশত পাশ্চাত্য বিজ্ঞানৰ শিক্ষা আৰু অৱদানে বিস্তাৰ লাভ কৰিছিল। স্থিতাৱস্থাৰ সমৰ্থক শিবিৰৰ এটা অংশই ঐতিহাসিক-সামাজিক কাৰক কিছুমানৰ বাবে পাশ্চাত্য বিজ্ঞান আৰু যুক্তিবাদৰ বিৰোধিতা কৰি প্রাচীন ঐতিহ্যক নিৰ্বিচাৰে আদৰণীয় বুলি বিবেচনা কৰিছিল। এই মাৰ্গৰ চিন্তাৰ ধাৰাবাহিকতা এতিয়াও একাংশ পুনৰুত্থানবাদীয়ে বহন কৰি আহিছে। এই চিন্তাৰ প্রতিমুখে একাংশ লোকে অন্ধভাৱে দেশীয় ঐতিহ্যক নাকচ কৰি পাশ্চাত্যৰ সকলো দিশকেই উত্তম আৰু আদৰণীয় বুলি গণ্য কৰে। এইক্ষেত্রত সতৰ্কতাৰ প্রয়োজন। স্থিতাৱস্থাৰ সমৰ্থক শিবিৰৰ নিৰ্বিচাৰ অতীত-ঐতিহ্য-প্রীতি আৰু যুক্তিহীন পাশ্চাত্য-বিদ্বেষ যিদৰে ঠিক নহয়, তেনেদৰেই বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ নামত অন্ধ পাশ্চাত্য-প্রেম আৰু বাছ-বিচাৰহীন ঐতিহ্য-বিদ্বেষ খণ্ডিত চিন্তাৰ সাক্ষৰ।

এই কথাটোৱে কিন্তু যুক্তিবাদৰ ভিতৰুৱা পৰিমণ্ডলত এটা বিশেষ প্রশ্ন আৰু সমস্যাৰ উদ্ভৱ ঘটায়। এটা মাৰ্গৰ চিন্তাই বিজ্ঞানমনস্কতাৰ প্রসাৰৰ বাবে ধৰ্মাশ্রয়ী ঐতিহ্যক ব্যৱহাৰ কৰাটো উচিত বুলি বিবেচনা কৰে। এইজাতীয় চিন্তাৰে মানুহৰ মাজত সোমাবলৈ অধিক সুচল বুলি ধৰি ল’লেও, তেনে চিন্তাত এক বিৰাট স্ববিৰোধ বিদ্যমান। ধৰ্মাশ্রয়ী ঐতিহ্যক ব্যৱহাৰ কৰি প্রকৃততে এই মাৰ্গৰ চিন্তাই অযুক্তিকৰ ধৰ্মীয় কৰ্মকাণ্ডকো প্রকাৰান্তৰে নায্যতা প্রদান কৰে। সেয়ে, শেষ বিচাৰত তেনে কাৰ্যৰ জৰিয়তে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্রসাৰত সফলকাম হ’ব পৰা যাব বুলি ধাৰণা নহয়। অন্যহাতেদি, আকৌ সমাজত ধৰ্ম বৰ্তি থকাৰ সমাজবৈজ্ঞানিক কাৰণ, শ্রেণীগত বিচাৰ-বিশ্লেষণ, শোষক আৰু শোষিত শ্রেণীৰ মাজত ধৰ্মৰ তাৎপৰ্যৰ ভিন্নতা ইত্যাদি প্রশ্নক একেবাৰেই অগ্রাহ্য কৰি এচামে ধৰ্মৰ ওপৰত বিশুদ্ধ যুক্তিৰে প্রচণ্ড আক্রমণ কৰে। এই মাৰ্গৰ চিন্তাই এটা গুৰুত্বপূৰ্ণ কথা বিবেচনালৈ আনে যেন বোধ নহয়। কথাটো হ’ল, কোনো এটা ধৰ্ম মানুহে গ্রহণ কৰাৰ অন্তৰালত যুক্তিৰ ভূমিকা তেনেকৈ নাই। ধৰ্ম এটা যুক্তিনিৰ্ভৰ প্রপঞ্চ নহয়, নিৰ্ভেজাল বিশ্বাসহে তাৰ নিৰ্ণায়ক শক্তি। গতিকে সমাজ-বাস্তৱৰ অন্যান্য দিশসমূহক আওকাণ কৰি, মাত্র বিশুদ্ধ যুক্তিৰে ধৰ্মক প্রচণ্ড আক্রমণ কৰিলে তাৰ স্থায়ী ফল কিমান হ’ব, সেইটো কথা সংশয়াচ্ছন্ন।

এনে পটভূমিত আমি অনুধাৱন কৰা উচিত যে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ সুষম প্রচাৰ আৰু প্রসাৰৰ সৈতে সামাজিক শক্তি আৰু আৰ্থ-ৰাজনৈতিক ক্ষেত্রখনো অংগাংগীভাৱে সম্পৰ্কিত হৈ আছে। এনে দিশসমূহক পৰিবৰ্তনকামী বিজ্ঞানমনস্ক যুক্তিবাদীসকলে কেতিয়াও অগ্রাহ্য কৰা উচিত নহ’ব। কাৰণ, সমাজ-পৰিবৰ্তনৰ মূল সংগ্রামৰপৰা প্রকৃততে যুক্তিবাদী আন্দোলনক পৃথক কৰিব নোৱাৰি। আমি অনুধাৱন কৰিব লাগিব, বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ প্রকৃততে কোনো নিৰালম্ব বৌদ্ধিক কচৰৎ নহয়, ইয়াৰ প্রায়োগিক দিশটো শোষিত শ্রেণীৰ মুক্তি-সংগ্রামৰ সৈতে সম্পৰ্কিত।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *