এগৰাকী জাৰ্মান শিক্ষয়িত্ৰীৰ দুঃচিন্তা আৰু কিছু ব্যক্তিগত অনুভৱ- (দীপজ্যোতি বৰা)

যোৱা কিছুদিনৰ আগৰ ঘটনা। ঠিক ভুৰ্টজ্ বুৰ্গ (Würzburg) আৰু মিউনিখৰ হত্যাকাণ্ডৰ পাছৰ সময়ৰ। (link: https://goo.gl/rI5eHO, https://goo.gl/ZfbgGQ )। আমি আছিলোঁ আমাৰ জাৰ্মান ভাষাৰ শ্ৰেণীত। সেইদিনা শ্ৰেণীত আমাৰ বিষয় শিক্ষয়িত্ৰীগৰাকী যেন যথেষ্ট গোমা হৈ আছিল। সদায় সোধাৰ দৰে কেনে খবৰ বুলি প্ৰশ্ন কৰাত তেখেতে মিউনিখৰ হত্যাকাণ্ড আৰু সাম্প্ৰতিক ঘটনাৱলীৰ কাৰণে মন বেয়া বুলি ক’লে। অলপ পাছত নিয়মিত পাঠদান আৰম্ভ হ'ল। ডেৰ ঘণ্টাৰ পাছত আহিল বিৰতি। আমি আনদিনাৰ দৰে বিভিন্ন বিষয়ৰ আলোচনা কৰা আৰম্ভ কৰিলোঁ। অৱধাৰিতভাৱেই সাম্প্ৰতিক ঘটনাৱলী আমাৰ মুখ্য বিষয় হৈ পৰিল। তেখেতে আমাৰ আগত নিজৰ দুঃচিন্তা ব্যক্ত কৰিলে। তেখেতৰ মতে সাম্প্ৰতিক জাৰ্মানিত নব্য নাজিবাদে প্ৰাধান্য লাভ কৰিবলৈ আৰম্ভ কৰিছে। তাকে লৈ তেখেত যথেষ্ট পৰিমাণে উদ্বিগ্ন। Alternative für Deutschland বা AfD নামৰ সোঁ-পন্থী ৰাজনৈতিক দলটোৰ ক্ৰমাগত উত্থানেও বহুতকে শংকিত কৰিছে (link: http://goo.gl/yVoeHK, http://goo.gl/f3NBJW )। বিশেষকৈ ২০১৫ চনৰ ৩১ ডিচেম্বৰৰ নিশা ক'ল্যন আৰু আন কেতবোৰ চহৰত হোৱা অপ্ৰীতিকৰ ঘটনা (link: https://goo.gl/v1F0kk ) তথা তাৰো আগে-পাছে হোৱা কিছু ঘটনাই বহুতকে শৰণাৰ্থী- বা বহিৰাগত-বিৰোধী কৰি তুলিছে।

এইখিনিতে উল্লেখ কৰা ভাল হ'ব যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমগ্ৰ জাৰ্মানিতে শিক্ষা তথা সমাজব্যৱস্থাৰ আমূল পৰিবৰ্তন ঘটোৱা হয়। তেওঁলোক যুদ্ধৰ অমানৱীয় ইতিহাসক লৈ অতিশয় লজ্জিত আৰু তেনে ঘটনাৰ যাতে ভৱিষ্যতে পুনৰাবৃত্তি হ'ব নোৱাৰে তাক লৈ অত্যধিক সচেতন। এতিয়াও বহু লোকে আন দেশৰ নাগৰিকৰ দৰে নিজ দেশ জাৰ্মানিক লৈ গৰ্বিত হোৱাত দ্বিধাগ্ৰস্ততাত ভোগে। আনকি ফুটবল বা আন যিকোনো ক্ৰীড়াংগনতো বহুদিনলৈ জাৰ্মানসকলে মুকলিকৈ পতাকা জোকাৰি বা আন ধৰণেৰে জাতীয় আৱেগ প্ৰকাশ কৰাৰপৰা বিৰত হৈ ৰৈছিল। সেয়েহে ৰাজহুৱাভাৱে বহিৰাগত বা আনৰ প্ৰতি বৈষম্যমূলক আচৰণ ইয়াত গ্ৰহণযোগ্য নহয় আৰু তেওঁলোকৰ মাজত এনে সচেতনতা সদায় বিৰাজ কৰা পৰিলক্ষিত হয়। সততে আনৰ প্ৰতি এক সহানুভূতিসূলভ মনোভাব পোষণ কৰে। আমেৰিকা বা আন দেশৰ ক্ষেত্ৰত দেখাৰ দৰে আক্ৰমণাত্মক বা 'এগ্ৰেছিভ' মনোভাব দৃষ্টিগোচৰ নহয়। জাৰ্মান নাগৰিকসকলে ৰিফিউজিসকলৰ প্ৰতি দেখুওৱা সহানুভূতি ইয়াৰ এক সুন্দৰ উদাহৰণ। এই ক্ষেত্ৰত মই বৰ্তমান প্ৰায় দুবছৰ ধৰি একেৰাহে জাৰ্মানিত থকা সূত্ৰে কিছু ব্যক্তিগত অনুভৱো ইয়াত উল্লেখ কৰিব বিছাৰিছোঁ। জাৰ্মানসকলে যিদৰে দ্বিতীয় বিশ্বযুদ্ধৰ ক্ষতিপূৰণ দিলে আৰু সমগ্ৰ ব্যৱস্থাটোৰে সংশোধন ঘটালে সি সঁচাই প্ৰশংসাৰ যোগ্য। নতুন প্ৰজন্মৰ লোকসকলেও যি সচেতনতা প্ৰদৰ্শন কৰে সিও প্ৰশংসনীয়। কিন্তু তাৰ পিছতো মাজে মাজে এনেকুৱা অনুভৱ হয় যে তেওঁলোকৰ মনত সচেতনতাৰ লগতে এক প্ৰকাৰৰ অপৰাধবোধেও ক্ৰিয়া কৰি থাকে। মোৰ দৃষ্টিত পূৰ্বপুৰুষৰ দুষ্কৰ্মৰ বাবে তেওঁলোকে অপৰাধবোধত ভুগিবলগীয়া হোৱাটো যুক্তিহীন। বহু সময়ত যেতিয়া আনে তেওঁলোকৰ লগত যুক্তিৰ বিপৰীতে 'নাৎছি' কাৰ্ডখন ব্যৱহাৰ কৰে তেতিয়া ভাব হয় এনে অন্যায় আচৰণে ভৱিষ্যতে দুঃসংবাদ কঢ়িয়াই আনিব পাৰে। আনহাতে, বহু সময়ত জাৰ্মানসকলে নিজেও কেতবোৰ দিশ আওকাণ কৰি মাত্ৰাধিক 'ৰাজনৈতিক শুদ্ধতা' বা 'political correctness' প্ৰদৰ্শন কৰে তাক ব্যক্তিগতভাৱে অযুক্তিকৰ আৰু 'Impractical' যেন অনুভৱ হয়। উদাহৰণস্বৰূপে, ২০১৫ চনৰ ৩১ ডিচেম্বৰৰ নিশা ক'ল্যন তথা আনবোৰ চহৰত মহিলাৰ ওপৰত হোৱা আক্ৰমণৰ কথা ক'ব পাৰি। মোৰ এজন অসমীয়া বন্ধুও সেই নিশা নিজৰ বন্ধু-বান্ধৱীৰ লগত ওলাই গৈছিল। তেওঁ মোক জনোৱা মতে অতিশয় খেলিমেলি আৰু আতংকপূৰ্ণ পৰিবেশৰ সৃষ্টি হৈছিল। ঘটনাৰ আকস্মিকতাত মানুহবোৰে কেনি যাব, কি কৰিব ভাবি নোপোৱা হেন হৈছিল আৰু বহুতে কন্দা-কতা কৰিছিল। ছোৱালী বা মহিলাসকল অতি নিৰুপায় অৱস্থাত জব্দ হৈ পৰিছিল। কিন্তু জাৰ্মান সংবাদ মাধ্যমে এই ঘটনা তিনি দিনলৈকে গাপ দি ৰাখিছিল। বহুতে আকৌ ভুক্তভোগীসকলকহে দোষাৰোপ কৰিব বিচাৰিছিল। এজন জাৰ্মান বন্ধুৱে সেই ঘটনাৰ আলোচনা কালত এবাৰ প্ৰকাশ কৰা মনোভাব এনে আছিল – "পৰিস্থিতি ইমান বেয়া যদি তেওঁলোক (মহিলাবোৰ) ওলাই কিয় গৈছিল? অথবা বেয়া পৰিস্থিতি দেখি ঘৰলৈ ঘূৰি কিয় যোৱা নাছিল?" মোৰ দৃষ্টিতে এনেধৰণৰ মানসিকতা উটপক্ষীয়ে বালিত মূৰ গুঁজি বিপদ আওকাণ কৰাৰ নিচিনা।
এতিয়া পুনৰ শ্ৰণীকোঠালৈ উভতি যাওঁ। আমাৰ শিক্ষয়িত্ৰীগৰাকীয়ে ক'লে যে শৰণাৰ্থী সম্পৰ্কে 'আঙেলা মেৰ্কেল (Angela Merkel)'ৰ সিদ্ধান্তটো শুদ্ধ, কিন্তু সমগ্ৰ প্ৰক্ৰিয়াটো দেশবাসীক পৰিষ্কাৰকৈ বুজাই দিব নোৱৰাটো এটা ডাঙৰ ভুল। তেখেতৰ মতে কেতবোৰ ৰাজনৈতিক সিদ্ধান্ত বা অতিমাত্ৰা ৰাজনৈতিক শুদ্ধতাই জাৰ্মানিৰ ক্ষতি (backfire) কৰিছে। জাৰ্মানিৰ আইন বা সমাজব্যৱস্থা অনুসৰি কোনেও মুকলিকৈ নাজিবাদ বা চৰম সোঁ-পন্থী ধাৰণাৰ প্ৰকাশ কৰিব নোৱাৰে। বাহ্যিক দৃষ্টিত সকলোৱে এক ৰাজনৈতিক শুদ্ধতা বজাই চলে। কিন্তু মানুহৰ ভিতৰৰ ভাববোৰ বুজিব পৰাটো টান। আন বহু দেশৰ দৰে জাৰ্মানিত জনসাধাৰণৰ মনোভাব 'ছ'চিয়েল মিডিয়া' বা আন মাধ্যমৰপৰা অনুধাৱন কৰাটো সম্ভৱ নহয়। ইয়ো দেশখনৰ একধৰণৰ সমস্যা। সাধাৰণতে সৰহসংখ্যক মানুহেই 'ম'ডাৰেট' বা মধ্যমপন্থী হয়। কিন্তু এক আশংকাই দেখা দিছে যে হয়তো বহুতে মুকলিমূৰীয়াকৈ স্বীকাৰ নকৰিলেও অন্তিম সময়ত সোঁ-পন্থীসকলক সমৰ্থন কৰিব। সাম্প্ৰতিক ইউৰোপৰ ৰাজনীতি, ব্ৰেক্সিট আদি ঘটনাই এনে ইংগিতেই বহন কৰে। জাৰ্মানিৰ আগন্তুক নিৰ্বাচনক লৈ সেয়ে তেওঁ বহু চিন্তিত। লগতে নিজৰ সৰু চহৰখনত চকুত পৰা কিছু নাজিবাদী কাৰ্যকলাপ (দেৱাল লিখন আদি) লৈও তেখেতৰ দুঃচিন্তা। ইছলামিক সন্ত্ৰাসবাদেও বিষয়টো দিনে দিনে জটিল কৰি তুলিছে। তেখেতে নিজকে প্ৰশ্নও কৰিলে – "আমি কৰ'বাত ভুল কৰিলোঁ নেকি?" তেখেতে উল্লেখ কৰা আন দুটামান কথায়ো মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। কথা প্ৰসংগত তেখেতে ক'লে যে কিছুসংখ্যক মুছলমান লোকে জাৰ্মানিৰ বিদ্যালয়সমূহত থকা খ্ৰীষ্টান ধৰ্মীয় চিহ্নবোৰক লৈও আপত্তি কৰা আৰম্ভ কৰিছে। তেওঁলোকৰ মতে এনে চিহ্নবোৰে তেওঁলোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰে (offensive)। আনহাতে, কেণ্টিনসমূহত আহাৰৰ তালিকাত থকা 'স্নিৎচেল (schnitzel) নামৰ খাদ্যবিধক লৈয়ো কিছু লোকৰ অশান্তি (link: http://goo.gl/1Aixll )। উল্লেখযোগ্য যে সাধাৰণতে গাহৰিৰ মাংসৰপৰা প্ৰস্তুত কৰা এই খাদ্যবিধ জাৰ্মানসকলৰ অত্যন্ত প্ৰিয় খাদ্য আৰু এক প্ৰকাৰৰ জাতীয় খাদ্য বুলিয়ে ক'ব পাৰি। আমাৰ শিক্ষয়িত্ৰীগৰাকীয়ে জীৱনৰ আদবয়সত আহি আমাৰ আগত এই কথাবোৰ উল্লেখ কৰি "আমি কিবা ভুল কৰিলোঁ নেকি" বুলি কৰা প্ৰশ্নই আমাকো ভবাই তুলিলে।

কথা প্ৰসংগতে আৰু দুটা বিপৰীতধৰ্মী উদাহৰণৰ কথাও উল্লেখ কৰোঁ। মোৰ লগত একেটা আবাসতে বাস কৰা দুজন চিকিৎসক বন্ধুৱে দক্ষিণ ফ্ৰান্সৰ ফালে কাম কৰিছিল। তেওঁলোকে কৈছিল যে যদিও ফ্ৰান্সত সাংবিধানিকভাৱে সকলো সমান বুলি গণ্য কৰা হয়, সামাজিক বৈষম্য (ফৰাচী আৰু উত্তৰ আফ্ৰিকীয় লোকসকলৰ মাজত) বেছ চকুত পৰাকৈ আছিল। আনহাতে, সামাজিক সমন্বয় (integration) প্ৰায় নোহোৱাৰ দৰে আছিল। তেনে এক মন্তব্য এবাৰ জাৰ্মান সহকৰ্মী এগৰাকীয়ে দিছিল যে বহুতৰ মতে "Refugees welcome, but not in my backyard"। দ্বিতীয়টো উদাহৰণ মোৰ এগৰাকী বান্ধৱীৰ একেটা আবাসতে বাস কৰা এগৰাকী ছিৰিয়ান বন্ধুৰ। তেওঁ কিছু বছৰৰ আগতেই জাৰ্মানিলৈ আহি বৰ্তমান স্থায়ীভাৱে বসবাস কৰি আছেহি। শৰণাৰ্থীসকল আহি পোৱাৰ পিছত তেওঁ এজন স্বয়ংসেৱক হিচাপে তেওঁলোকক সহায় কৰিবলৈ আগ বাঢ়ি যায়। পিছে কিছু দিনৰ পিছতে তেওঁৰ এক তিক্ত অভিজ্ঞতা হ'ল। শৰণাৰ্থীসকলে তেওঁক ভাল নাপায়। তেওঁ 'ভাল মুছলমান' নহয় বাবে তেওঁৰ কথা শুনিব নালাগে বুলি আলোচনা কৰে। কাৰণ বন্ধুজন মুকলিমূৰীয়া আৰু ভগৱান বা ধৰ্মক লৈ সচেতন নহয়। লগতে তেওঁ সুৰাপান কৰে। এনে অভিজ্ঞতা হোৱাৰ পিছত তেওঁ সহায় কৰা বন্ধ কৰি দিলে। বিপদৰ সময়তো যেতিয়া মানুহৰ দৃষ্টিত সহায়কাৰীৰ মানৱীয়তাতকৈ ধাৰ্মিক স্থিতিয়েহে প্ৰাধান্য লাভ কৰে তেন্তে বুজিব লাগিব যে ক'ৰবাত কিবা কেৰোণ আছে।

ওপৰৰ কথাখিনি চালিজাৰি চালে দেশখনৰ কেইটামান দিশ চকুত পৰে - ৰাজনৈতিক শুদ্ধতা, অস্তিত্বৰ সংকট আৰু বাচি থকাৰ প্ৰৱণতা বা survival instinct। সাধাৰণতে সংকটবিহীন আৰু সমৃদ্ধিশালী অৱস্থাত সৰহসংখ্যক মানুহেই ৰাজনৈতিক শুদ্ধতা বজাই চলে আৰু পৰস্পৰৰ প্ৰতি এক সহায়কসুলভ আচৰণ কৰে। কিন্তু সংকটৰ সময়ত ইয়াৰ এক বিপৰীত ছবি দৃশ্যমান হয়। অস্তিত্বৰ সংকটত ভুগিলে মানুহে এনে ভাল লগা ধাৰণাবোৰ পাহৰি যায়। সেই সময়ত এক প্ৰকাৰৰ ভীতিগ্ৰস্ততা বা উদ্বিগ্নতাৰ চিকাৰ হৈ বাচি থকাটোৱেই একমাত্ৰ লক্ষ্য হৈ পৰে। এনে অস্তিত্ব সংকট 'সঁচা' বা 'অনুভূত’ (perceived) দুয়োটাই হ'ব পাৰে। শৰণাৰ্থী সমস্যা, অৰ্থনৈতিক সমস্যা আৰু লগতে ক্ৰমবৰ্ধমান ইছলামিক সন্ত্ৰাসবাদৰ পৰিপ্ৰেক্ষিতত ইউৰোপত এই কথা পূৰামাত্ৰাই অনুভৱ কৰিব পাৰি। এনে ঘটনাৰ এক সদৃশ চিত্ৰ আমি অসমৰ ক্ষেত্ৰতো দেখা পাওঁ। অসমৰ বিগত নিৰ্বাচনত বিজেপিয়ে লাভ কৰা সফলতা আমি এই দৃষ্টিকোণেৰে চাব পাৰোঁ। থলুৱাসকলৰ অস্তিত্বৰ প্ৰতি অহা ভাবুকি (সঁচা বা অনুভূত)ৰ কাৰণেই ৰাইজে আচলতে তেওঁলোকক বিজয়ী কৰালে। বহু মধ্যমপন্থী বা 'ম'ডাৰেট' লোকে বাধ্য হৈ সোঁ-পন্থী ধাৰণাক সমৰ্থন কৰিলে। আনহাতে, বাঁওপন্থী বা লিবাৰেল একাংশৰ অহমিকায়ো বহুজনক বিপৰীত মেৰুত অৱস্থান কৰিবলৈ উৎসাহিত কৰিলে।
যদিও এটা-দুটা ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত কৰা এন চিন্তনত বহু কথা তন্ন-তন্নকৈ ফঁহিয়াই চোৱা সম্ভৱ নহয়, তথাপিতো আশা কৰিলোঁ আমাৰ শিক্ষয়ত্ৰী গৰাকীৰ দুঃচিন্তা সঁচা প্ৰমাণিত নহওক।

টোকা :

১) ভুৰ্টজ্ বুৰ্গ (Würzburg) আৰু মিউনিখৰ হত্যাকাণ্ড :
অতি শেহতীয়াকৈ ২০১৬ চনৰ ১৮ জুলাই তাৰিখে জাৰ্মানিৰ ভুৰ্টজ বুৰ্গ নামৰ ঠাইখনৰ সমীপত চলন্ত ট্ৰেইনত এক চুৰিকাঘাত-কাণ্ড সংঘটিত হয়। ১৭ বছৰীয়া কিশোৰ এজনে সংঘটিত কৰা এই লোমহৰ্ষক কাণ্ডত চাৰিজন যাত্ৰী সংকটজনকভাৱে আহত হৈছিল। তদুপৰি কিশোৰজনৰ হাতত ট্ৰেইনৰ বাহিৰৰ আন এগৰাকী মহিলা আক্ৰান্ত হয়। ২০১৫ চনত জাৰ্মানিলৈ শৰণাৰ্থী হিচাপে প্ৰব্ৰজন কৰা ৰিয়াজ খান আহমেদজাই নামৰ কিশোৰজন পুলিচৰ গুলীত মৃত্যুবৰণ কৰে। অনুসন্ধানত কিশোৰজন আই এছ সন্ত্ৰাসবাদীৰ লগত জড়িত বুলি প্ৰকাশ।

এই ঘটনাৰ পিছৰ সপ্তাহত অৰ্থাৎ এই বৰ্ষৰ যোৱা ২২ জুলাই তাৰিখে এটা ১৮ বছৰীয়া তুৰ্কী বংশোদ্ভৱ জাৰ্মান কিশোৰে দেশখনৰ মিউনিখ চহৰৰ মেকড'নাল্ড ৰেষ্টুৰেন্টত জধেমধে গুলীচালনা কৰি ৯জন লোকক হত্যা কৰি আত্মঘাতী হয়। গুলীচালনাৰ সময়ত কিশোৰজনে "মই জাৰ্মান হয়" বুলি চিঞৰি আছিল আৰু তাৰ লক্ষ্য আছিল বিশেষকৈ প্ৰব্ৰজিত লোক। মন কৰিবলগীয়া, কিশোৰজন হিটলাৰৰ প্ৰতি আকৰ্ষিত আছিল।

২) Alternative für Deutschland:
"Alternative for Germany” (AfD) জাৰ্মানিৰ এক উগ্ৰ জাতীয়তাবাদী দল। শেহতীয়া আঞ্চলিক নিৰ্বাচনত দলটোৰ উত্থান চকুত লগা। আনকি জাৰ্মানিৰ বহুতে AfDক মুকলিকৈ নাজি বাহিনীৰ লগত তুলনা কৰে।

৩) ক'ল্যন আৰু আন কেতবোৰ চহৰত হোৱা অপ্ৰীতিকৰ ঘটনা:
২০১৬ৰ নৱবৰ্ষৰ আদৰণী অনুষ্ঠানৰ সময়ত ক'ল্যনকে (Cologne) মুখ্য কৰি জাৰ্মানিৰ আন কেইখনমান চহৰ Hamburg, Frankfurt, Dortmund, Düsseldorf, Stuttgart আৰু Bielefeldঅত একে সময়তে এশটামান যৌন নিৰ্যাতন, পাঁচটা ধৰ্ষণ আৰু অগণন জুৱাচুৰিৰ ঘটনাৰ বিষয়ে আৰক্ষীৰ ওচৰত গোচৰ লিপিবদ্ধ হয়। আৰক্ষীৰ মতে প্ৰায় ২০০০টা অপৰাধীয়ে পদপথত ১৯০০ লোকক আতিশয্য চলায় য'ত ১২০০ মহিলা ভুক্তভোগী আছিল। এই অপৰাধীবোৰ প্ৰায়বোৰেই 'নন-জাৰ্মান' আছিল আৰু সিহঁত আৰব তথা উত্তৰ আফ্ৰিকাৰপৰা শৰণাৰ্থী ৰূপত অহা ইছলামপন্থী আছিল। উদাহৰণস্বৰূপে, ক'ল্যনত আটক কৰা ১৫৩টা অপৰাধীৰ ভিতৰত ১৪৯টাই আছিল আৰব মহাদেশৰ অবৈধ বিদেশী তথা ইছলামপন্থী।

Share Button
Print Friendly, PDF & Email

No Comments : "এগৰাকী জাৰ্মান শিক্ষয়িত্ৰীৰ দুঃচিন্তা আৰু কিছু ব্যক্তিগত অনুভৱ- (দীপজ্যোতি বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *