আইনষ্টাইনৰ দৃষ্টিত ধৰ্ম আৰু ঈশ্বৰ-(ভার্গৱ বৰঠাকুৰ‌)

সাধাৰণতেই ধৰ্ম-বিজ্ঞান, আস্তিক-নাস্তিক আদিৰ প্ৰসংগসমূহ ওলালেই সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ তাত্ত্বিক পদাৰ্থবিজ্ঞানী আইনষ্টাইনৰ নামটো আলোচনালৈ টানি অনা দেখা যায়৷ আইনষ্টাইনক এনেবোৰ  আলোচনাত টানি অনাৰ আঁৰতে আছে তেওঁৰ কেইটামান বিশেষ মন্তব্য৷ তাৰ ভিতৰত অন্যতম তথা বহুলপ্ৰচাৰিত দুটা মন্তব্য হ’ল – “ধৰ্ম অবিহনে বিজ্ঞান পঙ্গু আৰু বিজ্ঞান অবিহনে ধৰ্ম অন্ধ” (Science without religion is lame, religion without science is blind) আৰু “ঈশ্বৰে মহাজগতৰ সৈতে পাশা নেখেলে” (God does not play dice with the universe)৷ এনে কিছুমান মন্তব্যৰ আশ্ৰয় লৈ এচামে আইনষ্টাইনক দৃঢ় ঈশ্বৰ বিশ্বাসী তথা ধৰ্মনিষ্ঠ বিজ্ঞানীৰূপে প্ৰচাৰ কৰি আহিছে৷ যাৰ বাবে তেওঁ বহু সময়ত  বিমুগ্ধ গুণগ্ৰাহীৰপৰা মুনাফাকাংক্ষী বাণিজ্যিক মহললৈ সকলোৰেপৰাই অস্বস্তি-অশান্তিত ভুগিবলগীয়া হৈছিল বুলি জনা যায়৷ প্ৰকৃতাৰ্থত আইনষ্টাইনৰ ধৰ্ম আৰু ঈশ্বৰ সম্পৰ্কীয় দৰ্শনৰ প্ৰচলিত মানৱ-ৰচিত ধৰ্মৰ লগত সাদৃশ্য আছিল নে? বিখ্যাত পদাৰ্থবিদ তথা দাৰ্শনিক Max Jammer-এ আইনষ্টাইন সম্পৰ্কত কৈছে – “Although Einstein was deeply religious, he never attended a religious service and called himself religious nonbeliever.” (Ajoy Ghatak, Einstein and The special theory of relativity, p.48)

 কেৱল বিজ্ঞানৰ ক্ষেত্ৰতেই নহয়, ধৰ্মৰ ক্ষেত্ৰতো আইনষ্টাইন আছিল এজন সংস্কাৰমুক্ত মনৰ ব্যক্তি৷ উল্লেখযোগ্য যে ধৰ্মৰ বিষয়ত আইষ্টাইনৰ পৰিবাৰিক পৰিবেশ আছিল খুব উদাৰ আৰু উন্মুক্ত৷ কুমলীয়া বয়সতেই এজন আত্মীয়ৰপৰা ইহুদি ধৰ্মৰ নীতি-নিয়মসমূহৰ সম্ভেদ পাই সেইবোৰৰ প্ৰতি আকৰ্ষিত হৈছিল যদিও তেওঁৰ এই ধৰ্মমোহ কিন্তু বেছি দিন টিকা নাছিল৷ ধৰ্মীয় অতিকথাবোৰ পঢ়াৰ পাছত তেওঁৰ মনোভাব সম্পূৰ্ণ সলনি হৈছিল আৰু প্ৰচলিত ধৰ্মৰ ওপৰত তেওঁৰ অনুসন্ধিৎসু মনটোত অলেখ-অযুত প্ৰশ্নৰ জন্ম হৈছিল৷ যাৰ বাবেই তেওঁ নিজে স্বীকাৰ কৰিছে - “খুব সোনকালেই মই এই সিদ্ধান্তলৈ আহো যে বাইবেলৰ বহু কাহিনী সচাঁ হ’ব নোৱাৰে… ...৷” আনহাতে মৃত্যুৰ পাছত তেওঁৰ সমাধি পীঠস্হান হৈ পৰিব বুলি ভয় কৰি আইনষ্টাইনে এই নিৰ্দেশ দি গৈছিল যে তেওঁৰ মৃতদেহ ইহুদি ধৰ্মৰ মতে সমাধিস্থ নকৰি যাতে দাহ কৰা হয়৷ হয়তো বৰ্তমান সময়ত তেওঁ জীৱন্ত থকা হ’লে মৃত্যুৰ পাছত কৰা অংগ দানৰ দৰে মহৎ কামক তেওঁৰ সংস্কাৰমুক্ত মনটোৱেও পূৰ্ণ সমৰ্থন কৰিলহেঁতেন!

“ধৰ্ম অবিহনে বিজ্ঞান পঙ্গু আৰু বিজ্ঞান অবিহনে ধৰ্ম অন্ধ” - প্ৰচলিত ধৰ্ম আৰু বিজ্ঞানৰ মাজত সেতুবন্ধনৰ বাবে আইনষ্টাইনে এই বাক্যশাৰী কৈছিল বুলি প্ৰচাৰ চলোৱা দেখা যায়৷ বাক্যশাৰী দেখি বহুতৰে এনে ভাব অহাটো স্বাভাৱিক৷ কিন্তু আইনষ্টাইন সম্পৰ্কীয় বিভিন্ন গ্ৰন্থসমূহ অধ্যয়ন কৰিলে আইনষ্টাইনে প্ৰকৃতাৰ্থত কি উদেশ্যৰে এই বাক্যশাৰী কৈছিল তাক ভালদৰে বুজিব পাৰি৷ আইনষ্টাইনৰ উক্ত বাক্যশাৰীক পাছলৈ ধৰ্মপন্থীসকলে নিজৰ ধৰ্মক প্ৰভাৱশালী কৰিব অথবা বিজ্ঞানক ধৰ্মৰ মাজত সামৰিবলৈ চেষ্টা কৰা কাৰ্যই আইনষ্টাইনক বাৰুকৈয়ে বিতুষ্ট কৰিছিল ৷ সেইহে তেওঁৰ স্বভাৱসুলভ প্ৰাঞ্জল ভংগীৰে এই বিৰক্তি ব্যক্ত কৰি কৈছিল – ”It was of course, a lie what you read about my religious convictions, lie which is being systematically repeated.” (Helen Dukas, Banesh Hoffmann, Albert Einstein the human side)

আইনষ্টাইনে ‘ধৰ্ম’ শব্দটো এক সুকীয়া আৰু সুগভীৰ অৰ্থত ব্যৱহাৰ কৰিছিল৷ আইনষ্টাইনে যি ধৰ্মীয় পৰিমণ্ডলৰ কথা ক’ব বিচাৰিছিল তাত মানৱসৃষ্ট ধৰ্মৰ আচাৰ-অনুষ্ঠান, অলৌকিক কথাবোৰে কিন্তু তিলমানেও স্হান পোৱা নাছিল ৷ মহাবিশ্বৰ শৃংখলিত নিয়মাৱলীৰ প্ৰতি আইনষ্টাইনৰ যি আকৰ্ষণ তথা বিস্ময়ানুভূতি তাৰ ওপৰত ভিত্তি কৰিয়ে তেওঁ ‘ধৰ্ম‘ শব্দটো ব্যৱহাৰ কৰিছিল ৷ সেইহে তেওঁ কৈছে - ” মোৰ মাজত ধৰ্মীয় বুলি যদি কিবা থাকে তেন্তে সি হ’ল বিজ্ঞানে আৱিষ্কাৰ কৰা মহাবিশ্বৰ নিয়মতান্ত্ৰিক গঠন সম্পৰ্কে অপৰিসীম শ্ৰদ্ধা৷… … প্ৰকৃতিৰ পিনে চাই মই দেখা পাওঁ এক বিস্ময়কৰ শৃংখলা৷ এই উপলব্ধিয়ে যিকোনো চিন্তাশীল মানুহক বিনয়াৱনত কৰি তুলিবলৈ বাধ্য৷ ই সঁচাকৈ একধৰণৰ ধৰ্মীয় অনুভূতি৷ ইয়াৰ লগত অলৌকিক বিশ্বাসৰ কোনো সম্বন্ধ নাই৷” (প্ৰসেনজিৎ চৌধুৰী, ধৰ্ম আৰু বিজ্ঞান, পৃ: 86)

এফালে আপেক্ষিকতাৰ বাবে , আনফালে আকৌ আইনষ্টাইনৰ সেই বিশেষ দুটা বাক্যৰ বাবে ধৰ্মপন্থীসকলৰ মাজত আইনষ্টাইনৰ জনপ্ৰিয়তাও তুংগত উঠিছিল ৷ এবাৰ ব্ৰিটিছ বুদ্ধিজীৱী এজনে তেওঁক আপেক্ষিকতাবাদ সূত্ৰটোৱে কিদৰে ধৰ্মৰ ওপৰত পেলাব পাৰে বুলি সোধাত  আইনষ্টাইনে স্পষ্ট ভাষাত কৈছিল – ”None, Relalitivity is a  purely scientific matter and has nothing to do with religion.”

প্ৰকৃতিয়েই আছিল আইনষ্টাইনৰ আৰাধ্য দেৱতা আৰু প্ৰকৃতিৰ নিয়মাৱলীৰ অদ্ভুত শৃংখলাৰ মাজত সৃষ্টি হোৱা বিস্ময়বোধেই আছিল আইনষ্টাইনৰ বাবে ধৰ্মানুভূতি ৷ ছেক্সপীয়েৰৰ নাটকৰ নায়কৰ দৰে হয়তো তেৱোঁ ভাবিছিল –

“Thou nature, art my goddess;

To thy laws my services are bound.”

আইনষ্টাইনে কৈছিল, সৰ্বসাধাৰণৰ মনত ইশ্বৰ হ’ল এক অলৌকিক সত্তা যাৰ কৃপা দৃষ্টিত মানুহৰ উপকাৰ হয় আৰু যাৰ ৰোষৰ বলি হ’লে মানুহ আতংকিত হয়,  অৰ্থাৎ সৰ্বসাধাৰণে ভাবে, ইশ্বৰ কেৱল তেওঁলোকক লৈয়ে ব্যস্ত,  কিন্তু বিজ্ঞানীৰ দৃষ্টিত ইশ্বৰ সাকাৰ নহয়, সেইহে ধৰ্মীয় অনুভূতিও সুকীয়া ৷ অৰ্থাৎ এই ধৰ্মীয় অনুভূতি কোনো ইশ্বৰ বা ধৰ্মগুৰুকেন্দ্ৰিক নহয়৷  প্ৰকৃতিৰ নিয়মাৱলীৰ অদ্ভুত বিন্যাস দেখি তাৰপৰা উদ্ভৱ হোৱা যি বিস্ময়ানুভূতি তাক আইনষ্টাইনে নামাকৰণ কৰিছিল মহাজাগতিক ধৰ্মীয় অনুভূতি (cosmic religious feeling)৷ আইনষ্টাইনৰ দৰ্শনত কথাটো এনেধৰণৰ –”মই নিজে বিশ্বাস কৰোঁ যে মহাজাগতিক ধৰ্মীয় ভাবনাই হ’ল বৈজ্ঞানিক গৱেষণাৰ আইটাইতকৈ শক্তিশালী আৰু মহৎ প্ৰেৰণা৷”

যিহেতু প্ৰচলিত মানৱ-ৰচিত ধৰ্ম আৰু আইনষ্টাইনৰ মহাজাগতিক ধৰ্মীয় অনুভূতি এটা সম্পূৰ্ণ পৃথক ধাৰণা গতিকে আইনষ্টাইনৰ এই মহাজাগতিক ধৰ্মীয় অনুভূতিত স্বৰ্গ,নৰক,আত্মাৰ অমৰত্ব, পূজা-পাতল আদিৰ দৰে বাহ্যিক আনুষ্ঠানিকতাৰ স্থান নথকাটোও স্বাভাৱিক৷ আইনষ্টাইনে মানৱ-ৰচিত ধৰ্মক এটা ঐতিহাসিক প্ৰপঞ্চৰূপে উপস্হাপন কৰিছে৷ আদিম অৱস্হাত প্ৰকৃতিৰ পৰিঘটনাসমূহৰ ওপৰত মানুহৰ ধাৰণা আছিল অনুন্নত আৰু সেইকাৰণে সেই সময়ত তেওঁলোকে নানা অলীক (illusory being) জন্ম দি বিভিন্ন আচাৰ-অনুষ্ঠানেৰে ধৰ্মাচৰণত লিপ্ত হৈছিল৷ উল্লেখযোগ্য কথাটো হ’ল যে ধৰ্মৰ উন্মেষ পৰ্বৰ সংক্ষিপ্ত বিৱৰণ দাঙি ধৰাৰ পিছত তেওঁ কিদৰে ৰাজনৈতিক শাসক, যাজক সম্প্ৰদায় আৰু সুবিধাভোগী শ্ৰেণীবোৰে নিজৰ স্বাৰ্থত ধৰ্মক ব্যৱহাৰ কৰে সেই বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে৷ ১৯৪০ চনত ‘নেচাৰ’ আলোচনীত প্ৰকাশ পোৱা ‘Science and Religion’ নিবন্ধটোত আইনষ্টাইনে কৈছিল - “Accordingly a religious person is devout in the sense that he has no doubt of the significance of those super-personal objects and goals which neither require nor are capable of rational foundation… In this sense religion is the age-old endeavour of mankind to become clearly and completely conscious of these values and goals, and constantly to strengthen their effects. ”

আইনষ্টাইনে বহু ঠাইতে নিজকে বিশ্বম্ভৰবাদী (pantheist) বুলি কৈছে ৷ দাৰ্শনিক স্পিনোজাৰ ধৰ্মীয় ভাবনাক তেওঁ সমৰ্থন কৰিছিল৷ স্পিনোজাৰ দৰে তেৱোঁ কৈছিল যে প্ৰকৃতিয়েই হ’ল তেওঁৰ ইশ্বৰৰ প্ৰতিভূ, প্ৰকৃতিৰ অন্তৰ্নিহিত লয় আৰু ঐক্যৰ মাজতে ইশ্বৰ লুকাই আছে ৷ সৰ্বসাধাৰণৰ মাজত প্ৰচলিত ,মানুহৰ তথাকথিত নৈতিকতাক ৰক্ষণাবেক্ষণ দিয়াৰ নামত ব্যস্ত থকা ইশ্বৰৰ ওপৰত কিন্তু তেওঁৰ বিশ্বাস নাছিল ৷

আইনষ্টাইনৰ দৰে বিশ্ববিশ্ৰুত বিজ্ঞানীৰ বক্তব্যত ধৰ্ম আৰু ইশ্বৰৰ উপস্থিতিয়ে ধৰ্মপন্থীসকলক উৎফুল্লিত বা উৎসাহিত কৰাটো স্বাভাৱিক, কিন্তু অলপ বিশ্লেষণ কৰিলেই বুজিব পাৰি যে ‘ঈশ্বৰ’ শব্দটো তেওঁ ৰূপকাৰ্থতহে ব্যৱহাৰ কৰিছিল৷ বিজ্ঞানী ৰিচাৰ্ড ডকিন্সে তেওঁৰ The God delusion নামৰ গ্ৰন্থখনৰ এঠাইত লিখিছে – “Einstein was using God in a purely metaphorical, poetic sense.” “ঈশ্বৰে মহাজগতৰ সৈতে পাশা নেখেলে” - প্ৰসংগক্ৰমে উল্লেখ কৰা বাক্যশাৰীত আইনষ্টাইনে ‘ঈশ্বৰ’ আৰু ‘পাশা’ শব্দ দুটা প্ৰতীকী ৰূপতহে ব্যৱহাৰ কৰিছিল৷ ‘ঈশ্বৰ’ অৰ্থাৎ মহাবিশ্বৰ সু-শৃংখলিত নিয়মাৱলীয়ে মহাজগতৰ সৈতে পাশা নেখেলে অৰ্থাৎ মহাবিশ্বৰ শৃংখলিত নিয়মসমূহে নিজকে দুৰ্বিপাকত লিপ্ত নকৰে৷ উক্ত বাক্যটোৰ পাছত তেওঁ এটা তাৎপৰ্যপূৰ্ণ বাক্যও যোগ দিছিল এনেদৰে - ”ইশ্বৰৰ হাতত থকা তাচপাতবিলাক চোৰাংকৈ চোৱা কঠিন বুলি মোৰ ভাব হয়৷” অৰ্থাৎ মহাবিশ্বৰ সু-শৃংখল নিয়মাৱলীক চোৰাংকৈ বুজি পোৱাটো আইনষ্টাইনে কঠিন বুলি ভাবিছিল৷

গতিকে প্ৰচলিত অৰ্থত ‘ঈশ্বৰ’ বুলিলে মানুহৰ মনত যি ভাব আহে তাৰ সৈতে আইনষ্টাইনৰ ‘ইশ্বৰ’ দৰ্শনৰ কোনো সাদশ্য বা সম্পৰ্ক নাই৷ আনহাতে, তেওঁৰ ব্যক্তিভাবাপন্ন ঈশ্বৰৰ (Personal God) ওপৰত থকা অনাস্থা-অবিশ্বাসৰ কথা বহু ঠাইত স্পষ্ট ৰূপত ঘোষণা কৰিছে৷ মৃত্যুৰ কিছু দিনৰ আগত হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছে - “About God, I can’t accept any concept based on the authority of the church… I don’t believe in the God of theology who rewards good and punishes evil …”(Ajoy Ghatak, Einstein and The special theory of relativity, p. 49)।

তদুপৰি “মই বিশ্বাস কৰো” বুলি কোৱা এটা নিবন্ধত তেওঁ লিখিছিল - ”যি ভগৱানে সৃষ্ট জীৱৰ অপকাৰ কৰে বা তাক শাস্তি দিয়ে, তেনে ভগৱান মোৰ কল্পনাৰ অতীত ৷ মানুহে ভবা উদেশ্যৰে সৃষ্ট ভগৱান, যি ভগৱান মানৱীয় দুৰ্বলতাৰ এটা প্ৰতিফলন মাথোঁ - তেনে ভগৱানৰ ওপৰত মোৰ বিশ্বাস নাই ৷… ...আমি মাথোঁ ছয়া-ময়াকৈ দেখা পোৱা মহাবিশ্বৰ আশ্চৰ্যপূৰ্ণ গঠনৰ বিষয়ে চিন্তা কৰাই আৰু এইদৰে প্ৰকৃতিত পোৱা বুদ্ধিমত্তাৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ অংশ এটাৰ বিষয়ে কিছু হ’লেও জ্ঞান আহৰণ কৰাই মোৰ বাবে যথেষ্ট ৷” (শিৱনাথ বৰ্মন, আইনষ্টাইন আৰু পদাৰ্থবিজ্ঞান, ১৯৭৬)

আইনষ্টাইনে কেতিয়াও নিজকে নিৰীশ্বৰবাদী বুলি কোৱা নাছিল যদিও বিজ্ঞানী ৰিচাৰ্ড ডকিন্সে বহু তথ্যভিত্তিক বিশ্লেষণৰদ্বাৰা তেওঁক “Atheist scientist” বুলি অভিহিত কৰিছে৷ ডকিন্সৰ মূল্যায়নত একেবাৰে যুক্তি নথকাও নহয়, হয়তো সেই সময়ৰ কঠোৰ ধৰ্মীয় পৰিমণ্ডল অথবা বহুখিনি এৰা-ধৰাৰ মাজত আইনষ্টাইনে জাৰ্মেনিৰপৰা আমেৰিকাত স্থায়ীভাৱে বাস কৰিবলগীয়া হোৱাত স্বঘোষিত নাস্তিকৰূপে নিজৰ পৰিচয় দাঙি ধৰি পুনৰ বিতৰ্কত সোমাব বিচৰা নাছিল৷ যাৰ বাবেই তেওঁ কৌশলপূৰ্ণভাৱে ‘ধৰ্ম’ আৰু ‘ইশ্বৰ’ শব্দ দুটাক প্ৰতীকী ৰূপত ব্যৱহাৰ কৰি প্ৰচলিত ধৰ্ম আৰু ইশ্বৰৰ সম্পৰ্কীয় বিষয়টোত অনাস্হা প্ৰকাশ কৰিছে ৷

যি কি নহওক, ধৰ্ম আৰু ঈশ্বৰ সম্পৰ্কীয় আইনষ্টাইনৰ যি ব্যক্তিক্ৰমী দৰ্শন তাক প্ৰচলিত মানৱ-ৰচিত ধৰ্মৰ লগত সাঙুৰি লোৱাটো ঠিক নহ’ব৷ কোৱা বাহুল্য যে মানৱ-ৰচিত ধৰ্মৰ নামত চলা সন্ত্ৰাসবাদ, হত্যা-হিংসা, শ্ৰেণী-বিভাজন, বৰ্ণ-বৈৰ্ষম্য ইত্যাদি কথাবোৰে আজি সকলোৰে মনস্তাত্ত্বিক দিশত অসহিষ্ণুতাৰ সৃষ্টি কৰিছে৷ প্ৰকৃতিৰ পূজাৰী আইনষ্টাইনৰ ঈশ্বৰ বা ধৰ্ম/ধৰ্মানুভূতিয়ে কিন্তু এনে এখন অসহিষ্ণু সমাজক প্ৰতিনিধিত্ব কৰা নাছিল৷ গতিকে এনে ধৰ্মৰ লগত উদ্দেশ্যপ্ৰণোদিতভাৱে মহান বিজ্ঞানীজনৰ নাম সাঙুৰিবলৈ যোৱাৰ বিপৰীতে নিৰপেক্ষ বিশ্লেষণ তথা যুক্তিবাদী চিন্তা-চৰ্চাৰে সমাজখনক মানৱীয় কৰি তুলিব নোৱাৰোঁ নে?

Share Button
Print Friendly, PDF & Email

No Comments : "আইনষ্টাইনৰ দৃষ্টিত ধৰ্ম আৰু ঈশ্বৰ-(ভার্গৱ বৰঠাকুৰ‌)"

Leave a Comment

Your email address will not be published. Required fields are marked *