ক্ৰীড়াংগননিবন্ধ

সত্ৰনগৰীৰ কৃষ্ণ আৰু এক সপোন

বৰপেটাৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰোতে সপোনবোৰ চাগে গঢ় লোৱা আছিল৷ খেলত ভাল অন্য বহুজনৰ দৰে কৃষ্ণই খেলিছিল নিজৰ বাবে,অৱসৰৰ ধেমালিৰ বাবে৷ কৃষ্ণ আৰু অৰূপে নাজানিছিল যে খেলৰ প্ৰতি আগ্ৰহ, ভালপোৱাৰ বাদেও দুয়োৰে মাজত আৰু কিবা এটা আছিল৷ প্ৰতিভা!!

লাহে লাহে প্ৰতিভাবোৰ লোকৰ দৃষ্টিৰপৰা সাৰি নগ’ল৷ অতি কম বয়সতেই দেওকণ ট্ৰফি ফুটবল প্ৰতিযোগিতাত কৃষ্ণই বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক প্ৰতিনিধিত্ব কৰিলে৷ সেই একে বছৰতেই অমৰজ্যোতি শৰ্মা অনূৰ্ধ্ব-১৫ ক্ৰিকেট প্ৰতিযোগিতাত কৃষ্ণই বৰপেটা জিলাক প্ৰতিনিধিত্ব কৰিলে৷ ইতিমধ্যে প্ৰশিক্ষক জাভেদ আখটাৰ খানৰ তত্ত্বাৱধানত কৃষ্ণৰ বলিং টেকনিক উন্নত হৈ আহিছিল৷

২০০৫ চনত ১৬ বছৰীয়া কৃষ্ণই ৰঞ্জী ট্ৰফিৰ প্ৰশিক্ষণ শিবিৰত প্ৰক্সি বলাৰ হিচাপে অসম দলৰ বেটছমেনসকলক বলিং কৰাৰ সুযোগ পালে৷ কৃষ্ণই সুবিধা পাই প্ৰাণ ঢালি বলিং কৰিলে৷ প্ৰশিক্ষক সনথ কুমাৰে এই তৰুণৰ খেলত দেখা পালে প্ৰতিভা৷ ৰঞ্জী তেতিয়াও কৃষ্ণৰ বাবে এক সপোন৷ সপোন পূৰণ হ’বলৈ সপোন দেখিবও লাগিব৷ ৰঞ্জী ট্ৰায়েলত হঠাৎ অসমৰ মুখ্য পেচাৰ জাভেদ জামান আঘাতপ্ৰাপ্ত হৈ পৰিল৷ সনথ কুমাৰে সকলোৰে বিৰুদ্ধে গৈ ল’লে এক ব্যতিক্ৰমী সিদ্ধান্ত৷ ফলত কৃষ্ণক দেখা গ’ল এক সুন্দৰ ৰান আপ লৈ দৌৰি অহা৷ বিপক্ষ কেৰেলা, স্থান ডিব্ৰুগড়৷

অনভিজ্ঞ কৃষ্ণক দলত স্থান দিয়া বাবে সনথ কুমাৰ সমালোচিত হ’ল৷ বিপক্ষৰ প্ৰতিষ্ঠিত খেলুৱৈবোৰক সৰু ল’ৰা কৃষ্ণই কেনেকৈ চম্ভালিব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ উঠিল৷ পিছে সমালোচকৰ মুখ সোনকালেই বন্ধ কৰিবলৈ কৃষ্ণৰ এক ইনিংছত চাৰিটা উইকেট যথেষ্ট আছিল৷ লাহে লাহে কৃষ্ণ লাইমলাইটলৈ আহিল আৰু ঘৰুৱা ক্ৰিকেটৰ খবৰ ৰখাসকলে কৃষ্ণক চিনি পোৱা হ’ল৷ ছিজনৰ সমাপ্তিত কৃষ্ণ হৈ পৰিল অসম দলৰ সৰ্বোচ্চ উইকেট দখলকাৰী৷

কিন্তু ভবা মতেই সকলো নহয়৷ এটা দুৰ্ঘটনাই কৃষ্ণৰ সপোনত আউল লগালে৷ দুৰ্ঘটনাত পতিত হৈ প্ৰায় দুবছৰ ক্ৰিকেট ফিল্ডৰপৰা আঁতৰি থাকিল কৃষ্ণ৷ কিন্তু কৃষ্ণই হাৰ নামানিলে৷ আকৌ ঘূৰি আহিল বলিং ক্ৰিজলৈ, হয়তো আগতকৈ বেছি সাধনাৰ সৈতে৷

ক্ৰিকেট বিশেষজ্ঞৰ কথা বিশ্বাস কৰিলে এইবাৰৰ ঘৰুৱা ক্ৰিকেটত আটাইতকৈ ভয়ঙ্কৰ পেচ বলিঙৰ যুটি হৈছে অসমৰ৷ আগৰ দৰে বাহিৰা খেলুৱৈ মাতি আনি তৈয়াৰ কৰা যুটি নহয়, একেবাৰে ঘৰুৱা যুটি – কৃষ্ণ আৰু অৰূপ৷ বৰপেটাৰ বিখ্যাত থলুৱা আতচবাজি শিল্পক যেন ঘৰুৱা ক্ৰিকেটলৈ কঢ়িয়াই লৈ গৈছে দুয়ো৷ ক্ৰমাগত বেটিং বিপৰ্যয়ৰ পিছতো দুয়ো বাৰে বাৰে দলক আগুৱাই লৈ গৈ আছে৷

এইবছৰ ৰঞ্জী ট্ৰফিত সৰ্বোচ্চ উইকেট লোৱা বলাৰৰ তালিকাত কৃষ্ণ আছে তিনি নম্বৰত, অৰূপৰ স্থান ষোল্ল৷ শেহতীয়াকৈ দিল্লীৰ বিৰুদ্ধে হোৱা খেলখনত কৃষ্ণই ১০০টা প্ৰথম শ্ৰেণীৰ উইকেটত মাইলষ্ট’ন স্পৰ্শ কৰে৷ শূন্য ৰানত নিজৰ উইকেট বিসৰ্জন দি নিৰাশ চাৱনিৰে কৃষ্ণলৈ চাই থকা গৌতম গম্ভীৰৰ সেই চাৱনি অসমবাসীৰ বাবে এক মধুৰ তৃপ্তি৷

সপোন কৃষ্ণই দেখিছে৷ লগতে অসমবাসীয়েও আকৌ দেখিছে অনুপ ঘটক, গৌতম দত্তই তাহানিতেই দেখাই যোৱা সেই সপোন৷ সপোন ভাঙিছে…… আকৌ জাভেদ জামান, মাৰ্ক ইংতি, আবু নেছিমহঁতে সপোন দেখুৱাইছে৷ অনূৰ্ধ্ব-১৯ বিশ্বকাপ, আই পি এলৰে আবুৱে আমাক সপোনৰ একেবাৰে ওচৰলৈ লৈ গৈছে৷ কিন্তু এই সপোনৰ দৌৰৰ শেষ সীমাডাল আমি চুব পৰা নাই৷ বৰপেটাত একেলগে, একে ক্লাবত ক্ৰিকেটৰ আদিপাঠ শিকা কৃষ্ণ আৰু অৰূপে এদিন ‘ডি ভিলিয়াৰ্ছ’ৰ ষ্টাম্প ওফৰাই দিয়াৰ আশাত বন্দী সমগ্ৰ বৰপেটা…… সমগ্ৰ অসম৷

সৰুৰেপৰা সপোন দেখিছো অসমৰ কোনোবাৰ গাত সেই নীলা জাৰ্ছি দেখাৰ৷ সপোন সদায়েই ভাঙিছে৷ কিন্তু এই সপোনৰ অন্ত নহয়৷ বিশেষকৈ যেতিয়ালৈ আমাক সপোন দেখুৱাবলৈ কৃষ্ণহঁতৰ দৰে কোনোবাই পিট্‌চত দপ্‌দপাই থাকিব৷

লেখক : অমিতাভ মহন্ত

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *