এক নতুন সেউজ বিপ্লৱৰ স্বপ্ন (টুনুজ্যোতি গগৈ)

অসমৰ গ্ৰাম্যাঞ্চলৰ প্ৰায় ৯৫ শতাংশ লোকেই কৃষিৰ সৈতে জড়িত হৈ থাকিলেও সফল আৰু আৰ্থিকভাৱে স্বচ্ছল কৃষকৰ সংখ্যা তেনেই নগণ্য৷ বেছিভাগ কৃষকেই কৃষিক এক সন্মানজনক আৰু লাভজনক বৃত্তি হিচাবে গ্ৰহণ কৰিব পৰা নাই৷ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা মাটি কেইবিঘাতে বছৰৰ পাছত বছৰ প্ৰাচীন পদ্ধতিৰে খেতি কৰি পেটে-ভাতে খাই জীয়াই থকা কৃষকসকলক বান, খৰাং, উন্নত বীজ আৰু উপযুক্ত কৃষিজ্ঞানৰ অভাৱ, উৎপাদনী ব্যয়ৰ পৰিৱৰ্তে কম আয় আদি বিভিন্ন সমস্যাই জ্বলা-কলা খুৱাই আহিছে৷

কৃষিখণ্ডৰ উন্নীতকৰণৰ বাবে প্ৰতিখন চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰে আৰু আঁচনিসমূহৰ ৰূপায়ণৰ বাবে শকত পৰিমাণৰ ধন ধাৰ্য কৰে৷ কিন্তু, চৰকাৰে জনসংখ্যা বৃদ্ধিৰ অনুপাতে কোনোধৰণৰ উপযুক্ত কৃষি আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ চৰকাৰে গ্ৰহণ কৰা আসোঁৱাহপূৰ্ণ আঁচনিসমূহৰ পৰা অসমৰ কৃষকসকল উপকৃত হোৱাৰ উদাহৰণো তেনেকৈ নাই৷ বাস্তৱ সত্য এয়াই যে চৰকাৰৰ আঁচনিসমূহে অধিকাংশ দৰিদ্ৰ কৃষককেই স্পৰ্শ কৰিব নোৱাৰে৷ আঁচনিৰ সিংহভাগ ধন পুঁজিপতি, চৰকাৰী আমোলা-বিষয়া, ৰাজনৈতিক কৰ্মীৰূপী মধ্যভোগীৰ পকেটতেই সোমায়৷ ইপিনে, চৰকাৰে বিতৰণ কৰা ‘উন্নত সঁচ'ৰ বীজ নগজা, কৃষকে ধানৰ সলনি পতান পোৱাৰ দৰে ঘটনাও এইখন অসমত ঘটিছে৷

সৰ্বভাৰতীয় পটভূমিত চালে দেখা যায় যে অন্য ৰাজ্যৰ তুলনাত অসম কৃষি উৎপাদনৰ ক্ষেত্ৰত বহুখিনি পিছ পৰি আছে৷ অসমৰ কৃষিভূমি ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অধিক উৰ্বৰ হোৱা সত্ত্বেও ৰাজ্যবাসীৰ বাবে প্ৰয়োজন হোৱা চাউল-দাইল-পিঁয়াজ আদি সকলো খাদ্য সামগ্ৰী বহিঃৰাজ্যৰ পৰাই আমদানি কৰিব লগা হয়৷ মূলতঃ প্ৰাকৃতিক সমস্যা, পুৰণিকলীয়া কৃষিপদ্ধতি, কৃষিকৰ্মৰ প্ৰতি যুৱক-যুৱতীৰ অনীহা আদি কাৰণৰ বাবেই অসমৰ উৰ্বৰ কৃষিভূমি অধিক উৎপাদনশীল হৈ উঠা নাই৷

বহুতেই ক'ব খোজে যে অসমৰ কৃষক ৰাইজ অকৰ্মণ্য আৰু আৰামপ্ৰিয় হোৱা বাবেই অন্য ৰাজ্যৰ তুলনাত অসম কৃষিক্ষেত্ৰত পিছ পৰি আছে৷ কিন্তু, তেওঁলোকে কৃষক ৰাইজৰ প্ৰতি তোলা এনে অভিযোগ সম্পূৰ্ণ শুদ্ধ নহয়৷ তেওঁলোকে কৃষক ৰাইজৰ অকৰ্মণ্যতা বা কৃষিৰ প্ৰতি যুৱক-যুৱতীৰ অনীহাৰ সম্পৰ্কত গভীৰভাৱে বিচাৰ-বিবেচনা নকৰে৷ কৃষিক্ষেত্ৰত দেখা দিয়া প্ৰায়োগিক সমস্যাসমূহ উপলব্ধিও কৰিব নোৱাৰে৷ সাধাৰণতে দেখা যায় যে কৃষকসকলৰ সমস্যাৰ কোনোদিন অন্ত নপৰে – বানৰ সমস্যা সমাধান হ'লে খৰাঙৰ সমস্যা সৃষ্টি হয়, পানীৰ সমস্যা সমাধান হ'লে বীজৰ সমস্যাই দেখা দিয়ে, বীজৰ সমস্যা সমাধান হ'লে বজাৰৰ সমস্যাই দেখা দিয়ে৷ বীজ যোগান সম্পৰ্কত পৰিলক্ষিত হোৱা গুৰুত্বপূৰ্ণ সমস্যাটো হ'ল, অসৎ বীজ ব্যৱসায়ীসকলে উন্নত জাতৰ বীজ বুলি নিম্ন জাতৰ বীজ বিক্ৰী কৰি কৃষক ৰাইজক ঠগি আহিছে৷ প্ৰচলিত সমাজ ব্যৱস্থাৰ গইনা লৈ বীজৰ অবৈধ ব্যৱসায় কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে উপযুক্ত তথ্য-প্ৰমাণ নথকাৰ বাবে কৃষকসকলে আইনী প্ৰক্ৰিয়াৰে ব্যৱস্থা গ্ৰহণ কৰিবও নোৱাৰে৷ ব্যৱস্থা গ্ৰহণ কৰিলেও তেওঁলোক আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ সম্ভাৱনা থাকে৷

এসময়ত নিমখ আৰু কেৰাচিন তেলকণৰ বাদে প্ৰয়োজনীয় সকলো সামগ্ৰী ঘৰুৱাভাৱে উৎপাদন কৰা মোমাই তামুলী বৰবৰুৱাৰ কৰ্মসংস্কৃতিৰ আদৰ্শৰে পৰিচালিত অসমৰ কৃষকসমাজ বৰ্তমান কিয় পৰমুখাপেক্ষী হ'বলগীয়া হ'ল, সেই সম্পৰ্কে নিৰ্মোহ আলোচনা হোৱা উচিত৷ নক'লেও হয় যে সংখ্যালঘু সম্প্ৰদায়ৰ কাজুৱা কৃষকসকলে হাড়ভঙা পৰিশ্ৰম কৰি বছৰৰ বাৰমাহেই বিভিন্ন তৰহৰ শাক-পাচলি উৎপাদন কৰি আহিছে, কিন্তু তেওঁলোকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিছেনে? মধ্যভোগীৰ সহায় নোলোৱাকৈ উৎপাদিত সামগ্ৰী বজাৰত মেলি দিব পাৰিছেনে? সেইদৰে, উজনি অসমৰ গ্ৰাম্যাঞ্চলৰ বহু যুৱকেই একালৰ বাঁহনি-মাহনি-খেৰণি ভাঙি ক্ষুদ্ৰ চাহ বাগিচা পাতিলে যদিও তেওঁলোকে কেঁচা চাহপাতৰ উচিত মূল্য আজিও লাভ কৰা নাই৷ উচিত মূল্য নোপোৱাৰ বাবেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে শ শ কেজি কেঁচা চাহপাত নষ্ট কৰি পেলোৱাৰ খবৰ মাজে-সময়ে কাকতে-পত্ৰই প্ৰকাশ পাই থাকে৷ সংক্ষেপে ক'বলৈ গ'লে, প্ৰচলিত সমাজ ব্যৱস্থাত পুঁজিপতি শ্ৰেণীয়ে উৎপাদনৰ উপকৰণ, বজাৰ আদি কুক্ষিগত কৰি ৰাখিছে বাবেই কৃষক ৰাইজে শ্ৰম আৰু উৎপাদনী ব্যয়ৰ অনুপাতে অৰ্থোপাৰ্জন কৰিব পৰা নাই৷

সি যি নহওক, প্ৰাকৃতিক সমস্যাসমূহ দূৰীকৰণ আৰু বিজ্ঞানসন্মত কৃষিপদ্ধতিৰ ব্যাপক প্ৰচলনৰ ক্ষেত্ৰত চৰকাৰেই আগ-ভাগ ল'ব লাগিব৷ চৰকাৰে কৃষিক্ষেত্ৰত থকা আসোঁৱাহসমূহ পুংখানুপুংখভাৱে চালি-জাৰি চাই সেইবোৰ দূৰীকৰণৰ বাবে উপায় উদ্ভাৱন কৰা উচিত৷ সেইদৰে, কৃষি সম্পৰ্কীয় চৰকাৰী নীতি-নিদেৰ্শনাবোৰৰ আমূল পৰিৱৰ্তন ঘটাই কৃষকসকলৰ সাৰ্বিক বিকাশৰ বিষয়ে চিন্তা-চৰ্চা কৰিব লাগিব৷ বিগত দিনবোৰত বিফল হৈ পৰা আঁচনিসমূহ বাতিল কৰি নতুন কাৰ্যকৰী আঁচনি গ্ৰহণ কৰিলে কৃষকসকল উপকৃত হোৱাৰ সম্ভাৱনা আছে৷ সাধাৰণতে চৰকাৰে গ্ৰহণ কৰা কৃষি আঁচনিসমূহ বাস্তৱধৰ্মী আৰু কৃষকসকলে সহজতে গ্ৰহণ কৰিব পৰা হ'ব লাগে৷
চৰকাৰে বিভিন্ন উৎসৰ জৰিয়তে কৃষক ৰাইজক প্ৰদান কৰা কৃষি ঋণসমূহ কৃষকসকলে যাতে সঠিকভাবে ব্যৱহাৰ কৰে, তাৰ প্ৰতি বিভাগীয় কৰ্মচাৰীসকলে সজাগ দৃষ্টি ৰাখিব লাগে৷ বহু সময়ত দেখা যায় যে গাঁৱৰ বহু অশিক্ষিত-অনভিজ্ঞ কৃষকে কৃষি ঋণৰ সদ্ব্যৱহাৰ নকৰাৰ বাবেই চৰকাৰী আঁচনিসমূহ ব্যৰ্থ হৈ পৰে আৰু ৰাজহুৱা ধনৰো বিস্তৰ অপচয় ঘটে৷ কৃষি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ সৈতে জড়িত কৃষিবিজ্ঞানী, অধ্যাপক, গৱেষক আদিয়েও নিত্য-নতুন গৱেষণাৰে উন্নত প্ৰজাতিৰ বীজ, কৃষি সঁজুলি আদি উদ্ভাৱন কৰি চৰকাৰ আৰু কৃষক ৰাইজক সহায় কৰা উচিত৷

চৰকাৰে প্ৰয়োজনীয় আৰু পানী নসৰকা পদক্ষেপ গ্ৰহণ কৰিলে কৃষিকৰ্ম নিঃসন্দেহে এক সন্মানজনক আৰু লাভজনক বৃত্তিত নিশ্চয় পৰিণত হ'ব৷ তাৰ লগে লগে শিক্ষিত যুৱক-যুৱতীয়েও কৃষিকৰ্মক বৃত্তি হিচাপে ল'বলৈ উৎসাহিত হ'ব৷ লক্ষণীয় যে সময়ে সময়ে এচাম যুৱক কৰ্মসংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ কৃষিক বৃত্তি হিচাপে ল'বলৈ ওলাই আহে৷ চৰকাৰী সংস্থাপনলৈ আশা নকৰি বা উজু বাটেৰে ধন ঘটিব নিবিচাৰি তেওঁলোক সৎ পথেৰে স্বনিৰ্ভৰশীল হ'ব বিচাৰে৷ কিন্তু, এই যুৱক-যুৱতীসকলে অতি উৎসাহেৰে কৃষিপাম গঢ়ি তুলি বা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হোৱা খুজিলেও এবছৰ কি দুবছৰৰ পাছতেই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ হতাশ হৈ পৰে আৰু স্বাৱলম্বী হোৱাৰ আশা বাদ দি চৰকাৰী চাকৰি বা অন্য উপাৰ্জনৰ পথ সন্ধান কৰে৷

এই উৎসাহী যুৱক-যুৱতীসকলক অসম আন্দোলনৰ সময়ত ৰোমান্টিক আৱেগৰ বশৱৰ্তী হৈ স্বনিৰ্ভৰশীল হ'ব বিচৰা অতি জাতীয়তাবাদী যুৱক-যুৱতীসকলৰ শাৰীতো থ'ব নোৱাৰি৷ হয়, আন্দোলনৰ সময়ত ‘বাংলাদেশী'সকলক ‘ভাতে মৰা'ৰ লক্ষ্যৰে এচাম যুৱক-যুৱতীয়ে শাক-পাচলি বিক্ৰী কৰা, ৰিক্সা চলোৱা, জোতা পালিচ কৰা, চুলি কটা আদি কাম কৰিছিল৷ কিন্তু, আন্দোলন শেষ হোৱাৰ পাছত সংগ্ৰামী ডেকা শক্তিয়ে নতুন চৰকাৰ গঠন কৰাৰ লগে লগে স্বনিৰ্ভৰশীল হ'ব বিচৰা বা স্বনিৰ্ভৰশীলতাৰ সপক্ষে সুন্দৰ বক্তৃতা দিয়াসকলেই মন্ত্ৰী-বিধায়কৰ পিছে পিছে ঠিকা-চাকৰি বিচাৰি দৌৰি ফুৰিছিল৷

স্মৰণীয় যে যোৱা শতিকাৰ শেষৰ ফালে উজনি অসমৰ বহু শিক্ষিত যুৱকেই সমবায় ভিত্তিত খেতি কৰিবলৈ ওলাই আহিছিল৷ অসম আন্দোলনৰ কৰুণ পৰিণতি প্ৰত্যক্ষ কৰা এই যুৱকসকলে আলফাৰ তথাকথিত সশস্ত্ৰ সংগ্ৰামৰ ওপৰতো আস্থা ৰখা নাছিল৷ তেতিয়ালৈ ইটোৰ পাছত সিটো সামৰিক অভিযানৰ ফলত আলফাৰ কঁকাল প্ৰায় ভাগি গৈছিল আৰু জিংঘাসা তথা প্ৰতি-জিংঘাসাৰ এক হিংসাত্মক ভ্ৰাতৃঘাতী প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ তেওঁলোকে এটা কথা উপলব্ধি কৰিছিল যে ৰাজনৈতিক অপৰিপক্বতা, সশস্ত্ৰ সংগ্ৰামৰ নামত কেতবোৰ যান্ত্ৰিক হিংসাশ্ৰয়ী কাম-কাজে ‘জাতীয় মুক্তি' আনিব নোৱাৰে৷ জাতীয় মুক্তিৰ সপোন দেখি ঘৰৰপৰা এক কাঁইটীয়া বাটেৰে ওলাই যোৱা যুৱকসকলৰ প্ৰতি অন্তৰৰ একোণত গোপন প্ৰশয় পুহি ৰাখিলেও তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছিল যে জাতীয় অথবা শ্ৰমজীৱী জনতাৰ মুক্তিৰ প্ৰথম চৰ্ত হ'ব লাগিব থলুৱা অৰ্থনীতিক শক্তিশালী কৰি তোলা৷

কৃষিকৰ্মৰে স্বাৱলম্বী হ'ব বিচৰা যুৱকসকলক তদানীন্তন সামাজিক পৰিৱেশত উত্যক্ত হৈয়ে হওক বা ‘ল'ৰাবোৰে অবাট নলওক' বুলি ভাবিয়েই হওক কিছুমান চৰকাৰী বিষয়া আৰু স্থানীয় চাহ বাগিচাৰ কৰ্তৃপক্ষই সাধ্যানুযায়ী সা-সুবিধা আগ বঢ়াইছিল৷ উৎসাহ যোগাইছিল সমাজৰ সচেতন মহলেও৷ সমবায় ভিত্তিত গঢ়ি উঠা পামবোৰৰ সৈতে বহু প্ৰগতিশীল মনৰ শিক্ষিত যুৱক জড়িত আছিল বাবে অসমৰ বৌদ্ধিক মহলে ভাবিছিল যে কৃষিপামবোৰ সংশ্লিষ্ট অঞ্চলবোৰৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপেও গঢ় লৈ উঠিব৷

উল্লিখিত পামবোৰৰ কিছুমানে সীমিত সা-সুবিধাৰ মাজতে কৃষি সামগ্ৰী উৎপাদন কৰি আৰ্থিক লাভৰো মুখ দেখিছিল৷ কিন্তু, অসমৰ কৃষিক্ষেত্ৰত দেখা দিয়া এৰাব নোৱৰা সমস্যাবোৰৰ বাবেই বেছিভাগ কৃষিপামৰ যুৱকসকলে দেহে-কেহে খাটিও স্বনিৰ্ভৰশীল হৈ উঠিব নোৱাৰিলে৷ ফলত সেই সম্ভাৱনাময় সেউজ বিপ্লৱটো অসফল হৈ পৰিল৷ অৱশ্যে, শিক্ষা জীৱন সামৰি ৰ'দে-বৰষুণে হাড়ভঙা পৰিশ্ৰম কৰি কৃষিকৰ্মত দীৰ্ঘদিনলৈ জড়িত হৈ থকাৰ মানসিক দৃঢ়তা কিছুমান যুৱকৰ নাছিল৷

কৃষিক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহৰ স্থায়ী সমাধানৰ অবিহনে নতুন যুৱক-যুৱতীসকলে সমবায় ভিত্তিত কৃষিকৰ্ম কৰি স্বনিৰ্ভৰশীল হোৱাৰ কথা ভাবিবই নোৱৰা হৈছে৷ স্থানান্তৰত উল্লেখ কৰি অহা সমস্যাসমূহ আঁতৰ হ'লেহে কৃষক ৰাইজে শ্ৰম আৰু উৎপাদনী ব্যয়ৰ অনুপাতে অৰ্থোপাৰ্জন কৰিবলৈ সক্ষম হ'ব৷ এইটোও সঁচা যে এক সফল সেউজ বিপ্লৱ গঢ়ি তুলিবলৈ হ'লে কেৱল উৎপাদনৰ উপকৰণ, বজাৰ আদিয়েই নহয়; ৰাজনৈতিক অধিকাৰো কৃষক ৰাইজৰ দখলত থাকিব লাগিব৷
এনে কাৰণতেই কৃষকসকল ৰাজনৈতিকভাৱে সচেতন হোৱাটো নিতান্তই প্ৰয়োজন৷ কৃষক-শ্ৰমিক শ্ৰেণী ৰাজনৈতিকভাৱে অসচেতন আৰু অসংগঠিত হৈ থকাৰ সুযোগ লৈয়ে ইমানদিনে শাসক-শোষক শ্ৰেণীয়ে তেওঁলোকৰ ওপৰত শোষণ প্ৰক্ৰিয়া সুকলমে চলাই যাবলৈ সক্ষম হৈছে৷ শাসক-শোষক শ্ৰেণীয়ে কৃষক-শ্ৰমিক শ্ৰেণী সচেতন আৰু সংগঠিত হোৱাটো কেতিয়াও নিবিচাৰে বাবেই তেওঁলোকক নানাধৰণে বিভ্ৰান্ত আৰু বিভক্ত কৰি ৰাখিব বিচাৰে৷ কৃষক-শ্ৰমিক শ্ৰেণীক ৰাজনৈতিকভাৱে সচেতন আৰু সংগঠিত কৰি দুৰ্নীতি-ভ্ৰষ্টাচাৰত পোত খাই থকা প্ৰচলিত শাসন ব্যৱস্থাটোৰ বিৰুদ্ধে সবল প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ মহৎ আৰু ঐতিহাসিক দায়িত্ব গ্ৰহণ কৰিব লাগিব সঠিক ৰণকৌশলেৰে আৰু নিষ্ঠাসহকাৰে কাম কৰিবলৈ বিচৰা প্ৰগতিশীল কৃষক-শ্ৰমিক সংগঠনসমূহেই৷ মনত ৰখা উচিত যে সমাজ পৰিৱৰ্তনৰ বাবে চলোৱা সংগ্ৰামৰ নেতৃত্ব শ্ৰমিক-কৃষকসকলে নিজেই নল'লে বা আপোচকামী আৰু সুবিধাবাদী মধ্যবিত্তৰ হাতত সংগ্ৰামৰ নেতৃত্ব এৰি দিলে সেই সংগ্ৰাম ব্যৰ্থ হৈ পৰাটোৱেই নিশ্চিত৷

Share Button
Print Friendly, PDF & Email

No Comments : "এক নতুন সেউজ বিপ্লৱৰ স্বপ্ন (টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *