এখন বিলৰ কথাৰে ... (অৰ্ণৱ জ্যোতি মহন্ত)

মৰিগাঁও জিলা এখন সৰু আৰু মনোমোহা ঠাই। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জিলাখনৰ অধিকতৰ লোকৰে জীৱিকা হ’ল কৃষি । সাধাৰণ মানুহৰ খেতি-বাতি, হাঁহ-কুকুৰা, গৰু-ম’হ, গাহৰি আদি পালন আদিয়েই হ’ল ঘৰ চলোৱাৰ উপায় । মূলতঃ তিৱা জনগোষ্ঠী, অজনজাতীয় আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলেই অঞ্চলটোৰ স্থায়ী বাসিন্দা। মৰিগাঁও জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশে আৰু কাৰ্বি আংলং পাহাৰৰ উত্তৰত অৱস্থিত । পৃথিৱীৰ আটাইতকৈ বেছি জলাশয়েৰে ভৰপূৰ মৰিগাঁও হ’ল অসমৰ ভিতৰতে অন্যতম মৎস্য উৎপাদনশীল জিলা । ইয়াৰ জলাশয়সমূহ হ’ল বিভিন্ন মাছ-কাছ আৰু অন্যান্য জলচৰ জীৱৰে পৰিপূৰ্ণ, যিয়ে বহুতো দুখীয়া তথা নিবনুৱা যুৱক-যুৱতীক অৰ্থনৈতিকভাৱে সকাহ প্ৰদান কৰি আহিছে । এইবোৰৰ ভিতৰত মৰাকলং, গৰঙা বিল, কাছধৰা বিল, মনহা বিল, চাৰণ বিল আদিয়েই প্ৰধান । ইয়াৰে চাৰণ বিলৰ নাম নুশুনা মানুহৰ সংখ্যা হয়তো আঙুলিৰ মূৰত গণিব পাৰি।

মৰিগঞা লোকৰ জীৱন আৰু জীৱিকাৰ এক এৰাব নোৱৰা চিৰ সত্য হ’ল চাৰণ বিল। মৰিগঞা ৰাইজৰ সন্মান, আৱেগ তথা গৌৰৱোজ্জ্বল ইতিহাসৰ একমাত্ৰ সাক্ষী এই বিলখন । কলঙৰ নুমলীয়া জী চাৰণে দেখি আহিছে পাৰৰ সমাজ, সময় তথা সভ্যতাৰ পৰিৱৰ্তনবোৰক। মৰিগাঁও মূল চহৰৰপৰা প্ৰায় ৫.৭ কি.মি. দূৰত্বত অৱস্থিত বিলখনৰ জন্মৰ সঠিক লগ্ন দিয়াটোও বৰ সহজ কাম নহয়, কিয়নো গোভা ৰজাৰ দিনৰপৰাই এই বিলৰ ঐতিহাসিক গাথা জনমানসত জিলিকি আছে। কিংবদন্তি অনুসৰি তিৱা ৰজা আৰিমত্ত চামাদিত থাকোতে এই বিলতে মাছ মাৰে আৰু গা ধোৱে। লগতে এই বিলৰ পাৰত থকা ওখ ঘাঁহৰ বননিত তাহানিৰ তিৱা লোকসকলে পহু চিকাৰ কৰে । দিন বাগৰিল, আমাৰ চাৰণে দেখিলে যুগ আৰু সভ্যতাৰ পৰিৱৰ্তনৰ বৰ্ণিল দৃশ্যবোৰ । ভূমিপুত্ৰ তিৱাসকলৰ পিছতেই চাৰণৰ পাৰত ভৰি থ’লেহি এজাক ফিৰিঙী চাহাবে । সেই সময়ত মৰিগাঁও অবিভক্ত নগাঁও জিলাৰ অংগ আছিল । ব্ৰিটিছ শাসনকৰ্তাসকলে নগাঁৱৰপৰা ঘোঁৰাৰে আহিছিল চাৰণৰ পাৰত মৎস্য তথা বনৰীয়া হাঁহ চিকাৰৰ বাবে । কালক্ৰমত চাৰণৰ পাৰত হাবি ভাঙি মানুহে বসতি কৰিবলৈ লয় আৰু সত্তৰ দশকৰ মাজৰ ভাগত পাৰৰ কিছু অংশ বাংলাদেশৰপৰা ভাঙি অহা বঙালী হিন্দু সম্প্ৰদায়ৰ মাছমৰীয়া লোকে দখল কৰে আৰু বাকী ঠাই স্থানীয় লোকৰ হাততে থাকে। চাৰণৰ অঁকোৱা-পকোৱা উত্তৰ পাৰটোত সজা হয় মৰিগাঁও জিলাক নগাঁও তথা জাগীৰোডৰ সৈতে সংযোগ কৰা পথটি, যিটো পথ অসমৰ আটাইতকৈ আটাইতকৈ শোচনীয় পথ হিচাপে সৰ্বত্ৰ জনাজাত । মৰিগাঁও চহৰৰ পশ্চিম দিশত **বাসনা ঘাট নামেৰে ঠাইত এই বিলখন অৱস্থিত ৷ প্ৰায় ১৫০০ মিটাৰ দৈৰ্ঘ্যৰ আৰু প্ৰায় ৯০ মিটাৰ বহল চাৰণ বিলৰ গভীৰতা ৩ৰপৰা ৫ মিটাৰৰ ভিতৰত ৷ এই বি খন জৈৱ বৈচিত্ৰ্যৰ ভঁৰালস্বৰূপ ৷ বিলখনৰ প্ৰাকৃতিক সৌন্দৰ্যই মানুহক যুগ যুগান্তৰ ধৰি আকৃষ্ট কৰি আহিছে ৷ খৰালি কালতো বিলৰ পানীৰ গভীৰতা বৰ বেছি হ্ৰাস নহয়৷ সেই ফালৰপৰা বিলখনে জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল হিচাপে আৰু পৰিস্থিতিতন্ত্ৰৰ এক নিদৰ্শন হিচাপে প্ৰাকৃতিক ভাৰসাম্যও ৰক্ষা কৰি আহিছে ৷ বিলখনৰ পাৰতে থকা এশ বছৰৰো পুৰণি বহু গছে অঞ্চলটোৰ বায়ু, পানী আৰু মাটিক সজীৱ কৰি ৰাখিছে ৷ মৰিগাঁও নগৰ অঞ্চলৰ লগতে কাষৰীয়া বৃহৎ এলেকাৰ ভূগৰ্ভৰ পানী নিচেই অগভীৰ স্তৰত ধৰি ৰখাত চাৰণ বিলৰ জলাশয়টোৰ অৱদান গুৰুত্বপূৰ্ণ৷ কাৰণ ঘাইকৈ বালিচহীয়া মাটিৰ এই এলেকাসমূহত এতিয়াও ভূপৃষ্ঠৰ মাত্ৰ বিছ ফুট তলত পৰিষ্কাৰ পানী গোটেই বছৰেই উপলব্ধ ৷ যুগ যুগ ধৰি এক আদৰ্শ জলাশয়ৰ ৰূপত প্ৰকৃতিৰ অৱদান চাৰণ বিলে এই অঞ্চলক সমৃদ্ধ কৰি আহিছে৷ আনহাতে, বিলখনৰপৰা নাতিদূৰত থকা বঘৰা পাহাৰটিয়ে (তাহানিৰ গোভা ৰাজ্যৰ একালৰ ৰাজধানী ) বিলখনৰ স'তে প্ৰতিবিম্বৰে সৃষ্টি কৰা আলিংগনৰ মুহূৰ্তখিনিত এক দুৰ্লভ সৰগীয় নৈসৰ্গিকতাই সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে৷
একবিংশ শতিকাৰ আৰম্ভণিতেই অসম চৰকাৰে চাৰণ বিলক নাও খেলৰ বাবে সকলোতকৈ উপযুক্ত স্থান (more suitable place) হিচাপে চিনাক্ত কৰে আৰু সেইমৰ্মে ২০০৭ চনত ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত কেনয়িং আৰু কায়াকিং খেলৰ ক্ৰীড়াঙ্গণ হিচাপে ইতিহাস ৰচে আৰু ইয়াৰ লগত সংগতি ৰাখিয়েই বিলৰ পাৰত এখন সুন্দৰ উদ্যান প্ৰতিষ্ঠা কৰে । লগতে নৌকা বিহাৰৰ বাবে পেডেল নাও আৰু নাওখেল তথা শৰীৰ চৰ্চাৰ বাবে প্ৰয়োজনীয় সকলোখিনি ব্যৱস্থা কৰি দিয়ে, কিন্তু নিৰ্মাণৰ দুবছৰ নৌহওঁতেই উদ্যানখন জহি-খহি যাবলৈ ধৰে। প্ৰথমে MGNREGA আৰু পিছত ৰাজ্যিক ক্ৰীড়া বিভাগলৈ উদ্যানখনৰ পৰিচৰ্যাৰ দ্বায়িত্বভাৰ যায় । কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে ক্ৰীড়া বিভাগৰ হাতলৈ যোৱাৰ পিছৰপৰাই এই পাৰ্কখনৰ অৱস্থা আৰুহে শোচনীয় হ’বলৈ ধৰে । পাৰ্কৰ পেডেল নাওবোৰ বতৰৰ বিভিন্ন অবস্থাৰ বাবে পচি যোৱাৰ উপক্ৰম হৈছে আৰু উদ্যানৰ খালী ঘৰবোৰত ৰাতিৰ এন্ধাৰৰ গইনা লৈ লিপ্ত হয়হি অসামাজিক কাৰ্যকলাপত ।
চাৰণ বিল ইয়াৰ ইতিহাসৰ বাবেই যে তাৎপৰ্যপূৰ্ণ তেনে নহয় । চাৰণ বিল হ’ল বহুটো স্থানীয়, পৰিভ্ৰমী বা স্থানীয় পৰিভ্ৰমী (local migratory) চৰাইৰ চৰণীয়া ঠাই । শৰালি, সাৰেং, ঘিলা হাঁহ, প’চাৰ্ড (poachard), কণামুচৰি, মণিয়ৰি, মাছৰোকা, কামচৰাই আদিয়েই বিলখনত বৃহৎ পৰিমাণে পোৱা চৰাই । ইহঁতে বিভিন্ন সময়ত প্ৰকৃতিপ্ৰেমীসকলক আকৰ্ষণ কৰি আহিছে । আনহাতে, বিলখনত প্ৰায় তিনি প্ৰজাতিৰ কাছ আৰু সত্তৰৰ অধিক মাছৰ প্ৰজাতি পোৱা যায় । কিন্তু অত্যধিক মৎস্যচিকাৰ, বনৰীয়া চৰাই-চিৰিকতিৰ অবৈধ হত্যা তথা ব্যাপক হাৰত হোৱা জলপ্ৰদূষণৰ ফলস্বৰূপে বিলখনৰ জৈৱ বৈচিত্ৰ্যৰ ভয়াৱহ পৰিৱৰ্তন ঘটিছে ।
চাৰণ বিল এক জীৱন্ত কিংবদন্তি । ই অকল মৰিগাঁৱৰে নহয়, সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ প্ৰতীক। বিলখন তথা তাৰ পাৰৰ উদ্যানৰ সাম্প্ৰতিক অৱস্থাই সকলোকে চিন্তাত পেলাইছে । ইতিহাসপ্ৰসিদ্ধ বিলখনৰ সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে বহুজনে মাত মাতি আহিছে যদিও কৰ্তৃপক্ষই এতিয়ালৈকে কাণ দিয়া নাই । এই বিলখন তথা তাৰ পাৰৰ উদ্যানখনৰ সঠিক সংৰক্ষণ আৰু সংবৰ্ধনে কিছু নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ ব্যৱস্থা কৰি দিব । ৰাতিৰ এন্ধাৰত যেতিয়া কাষৰ পথৰ গাড়ীৰ পোহৰ বিলৰ জলপৃষ্ঠত পৰে তেতিয়া এক নৈসৰ্গিক দৃশ্যৰ সৃষ্টি হয় আৰু এই দৃশ্যৰ আৰ্হিতেই যদি বিলৰ পাৰৰ উদ্যানখনত বিজুলীবাতিৰ ব্যৱস্থা কৰি দিয়া হয় তেন্তে সোণত সুৱগা চৰিব ।
আশা কৰো, অনাগত সময়ত বিলখনৰ নৈসৰ্গিক সৌন্দৰ্য তথা ইয়াৰ গৌৰৱময় ইতিহাসৰ আবেদনে মৰিগঞা ৰাইজৰ লগতে সমূহ অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব আৰু আমাৰ জনজীৱনৰ প্ৰতীক চাৰণে নিজৰ জয়গীত গাই যাব ।

**বাসনা ঘাট : বৰ্তমান বাসনা ঘাট নামটো কালক্ৰমত উচ্চাৰণ বিভ্ৰাট হৈ "বাচনা ঘাট" বা বাস্না ঘাটৰ ৰূপ পাইছেহি৷ অতীজৰেপৰা এই ঠাইখনত স্থায়ীভাৱে বসবাস কৰা বাংলাভাষী লোকসকলৰ মুখেৰে "বাচনা ঘাট" বুলি উচ্চাৰিত হৈ আজিৰ বাস্না ঘাট নাম লৈছেহি যদিও ঠাইখনৰ জন্মগত নাম বাসনা ঘাটহে ৷ জানিব পৰা মতে, কোনো এজন তিৱা ৰজাই ৰাণীৰ সৈতে এই ঠাইত বাসনা ভোগ কৰাত লিপ্ত হৈছিল ৷ সেইমৰ্মেই এই ঠাইৰ নাম বাসনা ঘাট (Basana Ghat) হয় ৷
সহায়ক গ্ৰন্থপঞ্জী :
১. Glorious Tiwa Dynasty
২. গোভা ৰাজ্যৰ ইতিবৃত্ত

Share Button
Print Friendly, PDF & Email

1 Comment : "এখন বিলৰ কথাৰে ... (অৰ্ণৱ জ্যোতি মহন্ত)"

  1. ভাস্কৰজ্যোতি দাস, শিৱসাগৰ

    সুন্দৰ লেখা৷ চাৰণ বিলৰ বিষয়ে বহু নজনা কথা জানিবলৈ পালোঁ৷ এনেধৰণৰ লেখা চপা মাধ্যমতো প্ৰকাশ কৰিলে ভাল হয় বুলি ভাবো৷

Leave a Comment

Your email address will not be published. Required fields are marked *