পৰিবেশ-প্ৰকৃতি

খহনীয়া ৰোধৰ বাবে সূচনা হওক সুগন্ধি বিৰিণা ৰোপণৰ গণ অভিযান

‘বাইচ্যা মাস আহাৰ আগে আগে আমৰা শন খেত কৰি। শন পানীতে ডুবেনা। দীঘল অয়; বাইচ্যাৰ পৰে আমৰা শন খেত কাটি। শনেৰ দাম ধানেৰ সমানেই অয়। শন খেতেৰ মাটিতে ধান আবাৰ ভালই আয়। বাইচ্যাৰ পৰে খেত বৰ ভালই আয়। বাইচ্যা আইলে ভালই পাই না আইলে খাৰাব লাগে। বাইচ্যা আইলে খেতও অয়, মাছ-তাছও অয়। বাইচ্যা নাই লে ভালো লাগেনা।’

প্রকৃতিৰ বুকুত মাটি-পানীৰ সৈতে অন্তৰংগ হৈ পৰা, প্রকৃতিৰ বিমল ৰং-ৰূপৰ সৈতে সহবাসত অভ্যস্ত মুকালমুৱাৰ ব্ৰহ্মপুত্রৰ চৰ অঞ্চল নিৱাসী মফিজুদ্দিনৰ অনুভূতিত বান সমস্যা নহয়, বান তেওঁলোকৰ বাবে আশীৰ্বাদ। কাপলাবৰী চৰ নিৱাসী এইজন মিঞা কৃষকে বর্ণনা কৰিছিল বান আৰু কৃষিৰ সৈতে তেওঁলোকৰ কর্মকুশল দিনৰ জীৱনগাঁথা। বান তেওঁলোকৰ বাবে সমস্যা নহয়, কৃষিজীৱী মানুহৰ বাবে এক অনুপম আশীৰ্বাদ। বানে পলস পেলাই উৰ্বৰা কৰা মাটিৰ গোন্ধ বুজি পায় কৃষকে, মাছ-পুঠিৰে উভৈনদী হৈ পৰে খাল-ডোং, পথাৰ। দুর্যোগ সাময়িক, কিন্তু সুযোগৰ পথ যুগমীয়া। ১৯৮৯ চনৰ বোধ হয় ছেপ্টেম্বৰ মাহ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট ভূগোলবিজ্ঞানী ড° অৱনী কুমাৰ ভাগৱতীদেৱৰ সৈতে অসমৰ ক্ষুদ্র কৃষি সম্পৰ্কীয় এক গৱেষণাৰ বাবে ক্ষেত্রভিত্তিক অধ্যয়নৰ বাবে গৈ উপস্থিত হৈছিলো কাপলাবৰী চৰত। ওখ ওখ শন গছবোৰ দেখি সুধিছিলো — এইবোৰ কিহৰ খেতি ? কি কামত ব্যৱহাৰ হয় ? মূল্য কিমান? কিয় কৰে? ইত্যাদি। শন খেতি কৰা মাটিত তেওঁলোকে ধান ছটিয়ায়। শন নকৰা মাটিতকৈ শন খেতি কৰা মাটিত ধানৰ উৎপাদন বেছি হয়। পাঠ্যপুথি নহয়, অভিজ্ঞতাৰপৰা শিকিছে এইবোৰ। অভিজ্ঞতাইতো জীৱনৰ ডাঙৰ শিক্ষক।

প্রতি বছৰে অসমৰ বুকুত বানৰ মেলা বহে, কেতিয়াবা বেছি, কেতিয়াবা কম। ঠাই বিশেষে বানৰ প্রাবল্য আৰু বিস্তৃতিও পৃথক‌। বানে অপকাৰ, আকৌ নীৰৱে উপকাৰো কৰি থৈ যায়। প্ৰাগৈতিহাসিক সময়ৰেপৰা বানে অসমক ধুৱাই আহিছে যদিও বানত যিমান মানুহ সর্বস্বান্ত হৈছে অথবা ভিন্ন মাত্ৰাৰ ক্ষতিৰ সন্মুখীন হৈছে তাতোকৈ বোধহয় হাজাৰ গুণে বেছি ক্ষতিৰ সন্মুখীন হৈছে নদী খহনীয়াৰ কবলত। ১৯৫০ চনৰ বৰভূঁইকঁপৰ পিছৰেপৰা খহনীয়াৰ তাণ্ডৱ ক্ৰমাৎ বৃদ্ধি পাই অহাটো তথ্যগতভাৱে সত্য‌। পৰিমাপ মতে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰতকৈ দক্ষিণ পাৰৰ পিনে খহনীয়াৰ ৰূপ আৰু চৰিত্র অধিক মাৰমুখী। অসম ভ্রমণ কালত ইংৰাজ বিষয়া জন বাটলাৰে Travels in Assamঅত উল্লেখ কৰিছে যে জুন মাহৰ সময়ত ব্ৰহ্মপুত্ৰৰ উজনিত প্রতিদিনে ৩০ৰপৰা ৪০ খোজ অর্থাৎ ৪০ ফুটতকৈ অধিক নৈ পাৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। অন্য এক তথ্য মতে, গড় হিচাপত প্রায় ৩০০ কিলমিটাৰ ঠাই খহনীয়াগ্রস্ত। ডিব্ৰুগড়, ৰহমৰীয়া, দিখৌমুখ, মাজুলী, পলাশবাৰী, বহৰি, দক্ষিণ শালমৰা আদিবোৰ ঠাই প্রভূত পৰিমাণে আক্রান্ত নদী খহনীয়াৰ তমোময় উন্মাদ আচৰণত| দক্ষিণ শালমৰা, পলাশবাৰী অথবা ৰহমৰীয়াৰ কথা নক’লোৱেই যেনিবা; মাজুলী অসমৰ গৌৰৱ, অসমৰ ঐতিহ্য, বিশ্বৰ বৃহত্তম নদীদ্বীপে আজি পথ পাৰি দিছে উছন হোৱাৰ পথত। বেদনাবিধুৰ ভয়াৱহ দুঃস্বপ্নবোৰেই আজিৰ চিৰ সহচৰ। মাজুলী অস্তিত্বৰ মহাসংকটৰ গহ্বৰত সোমাই পৰিছে। ধ্বংসৰ কৰাল গ্রাসে মাজুলীক ৰুষ্ট-ৰুদ্ৰ কৰি তুলিছে। বান আৰু নদী খহনীয়াৰ প্রলয়-তাণ্ডৱত মাজুলী আজি জৰাজীর্ণ, শতচ্ছিন্ন। ভোগালী মাজুলী, শান্তি-সম্প্রীতিৰ নিলয় মাজুলী, উভৈনদী প্রাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ আধাৰ মাজুলী আজি মাথোঁ ৰৈ আছে অলেখ বিড়ম্বনা আৰু বিধ্বংসনাৰ দুৰ্বাৰ আগ্রাসনে মাতি অনা মহাদুর্যোগৰ ক্ষণ গণি। অৱস্থাটো ঠিক কলৈ যাওঁ গোপাল, কত লুকাওঁ কৃপালৰ দৰে। থাকিলেও বিপদ, নাথাকিলেও বিপদ । চৰকাৰী তথ্য মতে, ১৯৩১ চনৰপৰা ১৯৮৯ চনপর্যন্ত বিগত ৬০টা বছৰত মাজুলীৰ তিনিটা মৌজা ক্রমে আঁহতগুৰি, কমলাবাৰী আৰু শালমৰাই নদী খহনীয়াত হেৰুওৱা মাটিৰ পৰিমাণ আছিল যথাক্রমে ১১২, ৩১ আৰু ১১৭ বর্গকিল’মিটাৰ। ১৯৮৯ চনৰ পাছৰ সময়ছোৱাত প্রবল নদী খহনীয়াৰ ধুন্ধমাৰ গতিয়ে আঁহতগুৰি মৌজাক প্রায় নিশ্চিহ্ন কৰি পেলালে। আন এক তথ্য মতে, ১৯০১ চনত মাজুলীৰ মুঠ মাটিকালি আছিল ১২৫৫ বর্গ কিল’মিটাৰ, এই হিচাপত ই বিশ্বৰ বৃহত্তম নদীদ্বীপ। কিন্তু ১৯৯০ চনৰ পৰিমাপ মতে, মাজুলীত সম্প্রতি মুঠ মাটিকালি আছেগৈ ৫১৪ বর্গ কিল’মিটাৰ। এই হিচাপত যোৱা ৯০টা বছৰত খহনীয়াত জাহ যোৱা মাজুলীৰ মাটিকালি হ’ব ৭৪১ বর্গ কিল’মিটাৰ‌। এখন ঠাইৰ ইমানবোৰ মাটি বিশ্বৰ কোনো নদীতে জাহ জোৱাৰ নজিৰ বিৰল‌। ইমানৰ পাছতো আমাৰ প্ৰশাসনিক বৰমূৰীয়াসকলৰ গাৰ নোম এডালো নলৰিল‌।

ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী আছে, খহনীয়াৰ ব্যাপকতাই কেৱল মাজুলীকেই নহয়, দক্ষিণপাৰৰ কম-বেছি প্ৰায়বোৰ তীৰৱৰ্তী অঞ্চলকেই অস্থিৰ কৰি তুলিছে‌। ব্ৰহ্মপুত্ৰৰ দক্ষিণমুখী সঞ্চালন, ১৯৫০ চনৰ ভূমিকম্পত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ উচ্চতা বৃদ্ধি, উপত্যকা অংশৰ মাটিৰ গঠন আৰু ক্ৰমশঃ হ্ৰাস পাই অহা বনাঞ্চলে ব্ৰহ্মপুত্ৰৰ খহনীয়াক অধিক মাত্ৰা প্ৰদান কৰিছে‌। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ মাটিও খহনীয়া-প্ৰৱণ। বোকা-মাটিৰ পৰিমাণ কম, বালিৰ পৰিমাণ বেছি বাবেই নৈৰ সোঁতে সহজেই খহাব পাৰে‌। নৈপৰীয়া জলজ উদ্ভিদ নল, খাগৰি, বিৰিণা, ঝাও আদিবোৰ চুটি শিপাযুক্ত, খহনীয়া ৰোধৰ বাবে এইবোৰ কাৰ্যক্ষম নহয়‌। খহনীয়া নদীৰ উচ্চ প্ৰবাহৰ সময়তকৈ নিম্ন প্ৰবাহৰ সময়ত বেছি অৰ্থাৎ জলসিক্ত বালি-মাটিবোৰ নদীৰ তলি অংশৰপৰা নৈৰ সোঁতে ক্ৰমশঃ খহাই আঁতৰাই লৈ যোৱাৰ ফলত ওপৰৰ মাটিখিনি তললৈ খহি পৰে মাধ্যাকৰ্ষণিক ত্বৰণ আৰু পানীৰ কিশক প্ৰক্ৰিয়াৰ ফলত ওপৰৰ অংশৰ ক্ৰমবৰ্ধিত ওজনৰ বাবে‌। এনে প্ৰক্ৰিয়াৰ খহনীয়াত চুটি শিপাযুক্ত উদ্ভিদে কোনোপ্ৰকাৰে নৈৰ গৰাৰ মাটি ধৰি ৰাখিব নোৱাৰে‌। এনেধৰণৰ খহনীয়া প্ৰতিৰোধৰ বাবে টান আৰু গভীৰ শিপাযুক্ত উদ্ভিদহে উপযোগী‌।

নৈৰ সোঁত আছে‌। খননো থাকিব, খহনীয়াও অৱধাৰিতভাৱে থাকিবই‌। কিন্তু নৈৰ খহনীয়াক নিয়ন্ত্ৰণৰ বহুবোৰ দৃষ্টান্ত আছে বাবেই ব্ৰহ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ মানে নাই‌। জিয়াংজিন, ইয়াংচি, নীল, আমাজান আদিবোৰতো খহনীয়াৰ উপস্থিতি বৰ্তমান‌। আমাৰ সৈতে এটাই মাথোন পার্থক্য যে সেইবোৰ খহনীয়া আক্রান্ত নৈপৰীয়া মানুহে উদ্বাস্তু জীৱনৰ দুৰ্বিষহ যাতনা ভোগ কৰিবলগীয়া নহয়। কানাডা, চীন, ফিজি, জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিবোৰ দেশত খহনীয়া একেবাৰে প্রতিৰোধ নহ’লেও কিন্তু নিয়ন্ত্ৰণ কৰিব পাৰিছে‌। এটা সৰু উদাহৰণ উল্লেখ কৰিলো, কাৰ্টুম চহৰৰপৰা প্ৰায় ৫০ কিল’মিটাৰ দূৰত্বত থকা ইথিউপিয়াৰ সীমান্তত নীল নদীৰ খহনীয়াই সৃষ্টি কৰিছিল মহাপ্ৰলয়ৰ‌। চৰকাৰৰ পৃষ্ঠপোষকতাত সেই অংশত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গঢ়ি তুলিছিল‌। আৰু মাথোঁ তিনিটা বছৰতে সেই খহনীয়াৰ প্ৰাবল্য প্ৰতি বছৰত ১৩.৪ বৰ্গ কিল’মিটাৰৰপৰা ৯.৮ বৰ্গ কিল’মিটাৰলৈ কমাই আনিবলৈ সমৰ্থ হৈছিল‌।

ইউনেস্ক’ৰ তত্ত্বাৱধানত প্রফেছৰ আব্দুছ আব্দুলাই পৰিচালনা কৰা প্রকল্পটোৰ সকলো দিশ চালি-জাৰি চাই দুটা গুৰুত্বপূর্ণ দিশ আঙুলিয়াই দিছিল—(১) তীৰৱৰ্তী অংশত হোৱা ব্যাপক বনাঞ্চল ধ্বংস আৰু (২) শিপা গভীৰলৈ যোৱা উদ্ভিদৰ অভাৱে খহনীয়াৰ মাত্রা ব্যাপক কৰি তুলিছিল। ফিজি দ্বীপত পানী সংৰক্ষণ আৰু খহনীয়া প্রতিৰোধৰ কামত অতীজৰেপৰা অতি ব্যৱহৃত হৈ আহিছে এবিধ ঘাঁহ—নাম ভেটিভেৰ গ্ৰাছ। ভেটিভেৰৰ ব্যৱহাৰ কেৱল ফিজিতে সীমাবদ্ধ নহয়‌। সম্প্ৰতি বিশ্বৰ প্ৰায় এশখনৰো অধিক দেশে নদী খহনীয়া, বান নিয়ন্ত্রণ, ভূমি সংৰক্ষণ আদিবোৰ কাৰ্যত ভেটিভেৰক পূর্ণ দক্ষতাৰে ব্যৱহাৰ কৰি আহিছে। ভেটিভেৰ সম্পর্কত কিছু কথা জনা নিতান্তই জৰুৰী অসমৰ প্রায় প্রতিৰোধহীন নদী খহনীয়াই চলাই অহা বিধ্বংসী ক্রিয়াকলাপৰ খাতিৰতে।

ভেটিভেৰৰ অসমীয়া নাম সুগন্ধি বিৰিণা। আজিৰপৰা প্রায় এশ বছৰ পূর্বে ফিজিত এই সুগন্ধি বিৰিণাক ব্যৱহাৰ কৰিছিল মাটি আৰু পানী সংৰক্ষণৰ বাবে। এক ক্রিয়াত্মক আৰু ফলপ্রসূ ব্যৱস্থা হিচাপে বিশ্ব বেংকেও পানী সংৰক্ষণ আৰু খহনীয়া ৰোধৰ বাবে ভেটিভেৰ অৰ্থাৎ সুগন্ধি বিৰিণা ৰোপণৰ পৰামৰ্শ আগ বঢ়াইছিল‌। কুইনছলেণ্ডত এইবিধ ঘাঁহে এক ফলপ্রসূ কৃষি ব্যৱস্থা গঢ়ি তুলিছে‌।

১৯৯৯ চনত চীনৰ নামচাঙত জৈৱ-প্ৰযুক্তিবিদ পল ট্ৰুৱঙৰ গৱেষণাপত্ৰ Vetiver Grass Technology for Flood and Stream Bank Erosion Controlএ ভূয়সী প্ৰশংসা লাভ কৰিছিল। এই ভেটিভেৰ বা সুগন্ধি বিৰিণা হ’ল গভীৰ শিপাযুক্ত ঘন আৰু প্ৰতিৰোধী সবল কাণ্ডযুক্ত ক্রান্তীয় আৰু উপক্রান্তীয় জলবায়ুত বর্তি থকা এবিধ ঘাঁহ৷ কঠিন আৰু পোন কাণ্ডবোৰ পানীৰ তলতো কেইবাদিনলৈও সজীৱ হৈ থাকিবলৈ সমর্থ‌। ঘনকৈ ৰোপণ কৰা এই বিৰিণাই নদীৰ সোঁতৰ গতিবেগ কমাব পাৰে, সোঁতৰ দিশ সলনি কৰিব পাৰে আৰু নৈয়ে কঢ়িয়াই অনা গেদবোৰো ধৰি ৰাখিব পাৰে। নৈৰ গেদ বা পলসে ইয়াক পুতি পেলালেও ই পুনৰ বহু গভীৰৰপৰা গজি উঠিবলৈ সমর্থ। অর্থাৎ এইবিধ সুগন্ধি বিৰিণা -১৪ ছেণ্টিগ্রেডৰপৰা ৫৫ ছেণ্টিগ্ৰেডলৈ যিকোনো উত্তাপৰ পৰিৱেশতো মসৃণভাৱে গজিব পাৰে। দীর্ঘকাল পানীত ডুব গৈ থাকিলেও ই বিনষ্ট নহয়, আনকি একেবাৰে অনুৰ্বৰ মাটি আৰু ভীষণ প্ৰদূষিত অৱস্থাতো ইয়াৰ বৰ্তি থকাৰ সামর্থ আছে। এলুমিনিয়াম, আৰ্ছেনিক, মেংগানিজ, দস্তা, সীহ, ক্রমিয়াম, নিকেল আদিৰ দৰেই সুষমভাৱে বৃদ্ধিপ্রাপ্ত হয়। গুৰুত্বপূর্ণ কথাটো হ’ল যে ই অপতৃণ নহয়, গৰু, ঘোঁৰা, ছাগলী, ভেড়া আদি তৃণভোজী প্রাণীৰ বাবে এক উপাদেয় খাদ্যহে।

চীনৰ নদী উপত্যকাৰ উচ্চ ঢালতো এইবিধ বিৰিণাই গেদ নিয়ন্ত্ৰণৰ লগতে উপত্যকাৰ তালকো স্থিৰ অৱস্থাত ৰাখিব পাৰিছে দীর্ঘকালৰ বাবে। মালয়েছিয়া, ফিলিপাইনছ, অষ্ট্ৰেলিয়া আদি দেশৰ খহনীয়া নিয়ন্ত্ৰণত এই সুগন্ধি বিৰিণাৰে এক ফলপ্ৰসূ ব্যৱস্থা গঢ়ি তুলিছে‌। এই বিৰিণাৰ শিপা কঠিন আৰু ই মাটিৰপৰা প্রায় ১৪-১৫ ফুট গভীৰলৈকে সোমাই যায়। ৰোপণৰ মাত্র এটা বছৰতে ইয়াৰ শিপা ৮ ফুট গভীৰতালৈ ব্যাপ্ত হৈ পৰে। ৰচ নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মিত শৈলস্পাৰ, ৰড-চিমেন্টেৰে নিৰ্মিত বান্ধবোৰ অকামিলা আৰু বিধ্বস্ত হৈ যোৱাত তাৰ বিকল্প হিচাপে সুগন্ধি বিৰিণাৰ ৰোপণ আছিল সাংঘাতিকধৰণে কাৰ্যকৰী। সুগন্ধি বিৰিণাৰ ৰোপণে খহনীয়া প্রতিৰোধৰ লগতে নদী ঢালৰ সমতা আৰু স্থিৰতাও নিশ্চিত কৰিছিল।

মাজুলী অসমৰ গৌৰৱ, মাজুলীক খহনীয়াৰ কৰাল গ্রাসৰপৰা উদ্ধাৰ কৰি নিশ্চিত ধ্বংসৰপৰা ৰক্ষা কৰাটো অসমক ভাল পোৱা প্রতিজনৰে আশু কর্তব্য। অন্যথা সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান, অসম গৌৰৱ মাজুলী অসমৰ ভূগোল আৰু ইতিহাসৰপৰা চিৰতৰে হেৰাই যাব। সেয়ে শুভবুদ্ধিসম্পন্ন, জনগণৰ প্রতি সদিচ্ছাযুক্ত সকলো অংশৰ মানুহ, দল-সংগঠন নির্বিশেষে মাজুলীৰ খহনীয়া-প্রৱণ নদী ঢালত সুগন্ধি বিৰিণা ৰোপণ কৰিবলৈ আগ বাঢ়ি আহক। মাজুলীয়েই নহয়, তাৰাবাৰী, ডিব্ৰুগড় সর্বত্ৰতে আৰম্ভ হওক সুগন্ধি বিৰিণা ৰোপণৰ মহা গণ অভিযান। খহনীয়া-প্রৱণ নদী ঢালত ৰোপণ কৰক সুগন্ধি বিৰিণা – বিধ্বংসনাৰ বিভীষিকাই বিপর্যস্ত কৰা লক্ষ লক্ষ কৃষিজীৱী-শ্রমজীৱী মানুহৰ দুচকুত আঁকি দিয়ক সম্ভাৱনাৰ এক নতুন আলোকোজ্জ্বল ছবি।

ড০ ভূপেন্দ্ৰ নাথ গোস্বামী

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *